Skip to content

Skip to table of contents

জ্ঞানত ইন্দ্ৰিয়-দমন যোগোৱা

জ্ঞানত ইন্দ্ৰিয়-দমন যোগোৱা

জ্ঞানত ইন্দ্ৰিয়-দমন যোগোৱা

“জ্ঞানত ইন্দ্ৰিয়-দমন . . . যোগোৱা।”—২ পিতৰ ১:৫-৮.

১. মানৱে সম্মুখীন হোৱা সমস্যাবোৰৰ ফলস্বৰূপে কেনে পৰিণাম দেখিবলৈ পোৱা গৈছে?

 সংযুক্ত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলে ড্ৰাগছ সেৱন কৰাৰ বিপক্ষে প্ৰতিবাদ কৰি চলোৱা এটা অভিযানত এইদৰে কোৱা হৈছিল: “ড্ৰাগছ বৰ্জন কৰক।” যদি সকলোৱে ড্ৰাগছৰ উপৰিও অত্যাধিক মদ্যপান, অনৈতিকভাৱে জীৱন-যাপন, প্ৰবঞ্চকৰূপে ব্যৱসায় চলোৱা আৰু ‘মাংসৰ অভিলাষ’ পৰিত্যাগ কৰে তেন্তে এক অতি সুবিবেচক বিষয় নহʼবনে বাৰু! (ৰোমীয়া ১৩:১৪) কিন্তু তেনে অভ্যাসবোৰক ত্যাগ কৰাটো একেবাৰে সহজ বুলি কোনোবাই দাবী কৰিব পাৰেনে?

২. (ক) বাইবেলৰ কেনে উদাহৰণসমূহে দেখুৱাইছে যে ভুল কাৰ্য্যক প্ৰত্যাখ্যান কৰাটো সহজ নহয়? (খ) এই উদাহৰণসমূহে আমাক কি কৰিবলৈ উৎসাহিত কৰে?

যিহেতু অসিদ্ধ মানৱৰ বাবে ইন্দ্ৰিয়-দমন কৰাটো ইমান সহজ নহয় সেয়েহে আমি আমাৰ গুণগত ব্যক্তিগত অভৱাক কেনেকৈ পূৰণ কৰিব পাৰি সেই বিষয়ে শিকিবলৈ আগ্ৰহী হোৱা উচিত। বাইবেলত এনে ব্যক্তিসকলৰ বিষয়ে উল্লেখ কৰিছে যিসকলে ঈশ্বৰৰ সেৱা কৰিবলৈ প্ৰচেষ্টা কৰিবলগীয়া হৈছিল, কিন্তু তেওঁলোকৰ বাবে কেতিয়াবা ভুল কাৰ্য্যক প্ৰত্যাখ্যান কৰাটো কঠিন হৈ পৰিছিল। উদাহৰণস্বৰূপে, বৎচেবাৰ সৈতে ব্যাভিচাৰ কৰা ৰজা দায়ূদৰ বিষয়ে বিবেচনা কৰক। এই পাপৰ বাবে বৎচেবাৰ প্ৰথম স্বামী আৰু পিছলৈ তাইৰ পৰা জন্ম হোৱা দায়ূদৰ সন্তানটিয়ে মৃত্যুক সাৱটি লʼবলগীয়া হৈছিল যি নিৰ্দ্দোষী আছিল। (২ চমূৱেল ১১:১-২৭; ১২:১৫-১৮) অথবা পাঁচনি পৌলৰ বিষয়ে বিবেচনা কৰক যিজনে এইদৰে কৈছিল: “যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ, কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকে আচৰোঁ।” (ৰোমীয়া ৭:১৯) আপুনিও কেতিয়াবা এইদৰে ব্যৰ্থতা অনুভৱ কৰিছেনে? আগলৈ তেওঁ এইদৰে কৈছিল: “মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ। কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা, আৰু মোৰ অঙ্গ-প্ৰতেঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনে মোক বন্দী কৰা, এনে আন এটা নিয়ম মোৰ অঙ্গ-প্ৰতেঙ্গবোৰত দেখোঁ। হায়, হায়, মই কেনে দুৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব?” (ৰোমীয়া ৭:২২-২৪) আঁহক আমি ইন্দ্ৰিয়-দমন বিকাশিত কৰা প্ৰচেষ্টাক কেতিয়াও যেন ত্যাগ নিদিওঁ, তাৰ বাবে বাইবেলৰ উদাহৰণসমূহৰ পৰা আমাৰ মনোবল দৃঢ় কৰোঁহঁক।

ইন্দ্ৰিয়-দমন হৈছে বাস্তৱতে এটা শিকিবলগীয়া বিষয়ে

৩. ইন্দ্ৰিয়-দমন কৰাটো কিয় সহজ বিষয় নহয় তাক বৰ্ণনা কৰক।

ইন্দ্ৰিয়-দমন কৰাত যি কোনো ভুল কাৰ্য্যক প্ৰত্যাখ্যান কৰাটো সন্মিলিত আছে, বাইবেলৰ ২ পিতৰ ১:৫-৭ পদত এইদৰে বৰ্ণনা কৰিছে যে ইয়াৰ সৈতে বিশ্বাস, জ্ঞান, ধৈৰ্য্য, ভক্তি, ভাতৃস্নেহ আৰু প্ৰেমো অন্তৰ্ভুক্ত আছে। ইয়াৰ কোনো এটা গুণ আপোনা-আপুনিকৈ আমাত উৎপন্ন নহয়। এইবোৰক অৱশ্যেই বিকাশিত কৰা আৱশ্যক। এই গুণবোৰক প্ৰতিফলিত কৰিবলৈ দৃঢ়সঙ্কল্পবদ্ধ আৰু প্ৰচেষ্টাৰ আৱশ্যক। গতিকে আমি ইন্দ্ৰিয়-দমন কৰাটো একেবাৰে সহজ বুলি ভবাটো উচিত হʼবনে?

৪. বহুতে কিয় অনুভৱ কৰে যে ইন্দ্ৰিয়-দমন মনোবৃত্তি দেখুৱাটো অতি সহজ আৰু ইয়ে কিহৰ ইঙ্গিত দিয়ে?

এইটো সঁচা যে আজি লাখ লাখ লোকে ইন্দ্ৰিয়-দমন কৰাটো তেওঁলোকৰ বাবে কোনো কঠিন কাৰ্য্য নহয় বুলি অনুভৱ কৰিব পাৰে। তেওঁলোকে নিজ ইচ্ছাৰে জীৱন-যাপন কৰে আৰু আনৰ বা নিজৰ ক্ষেত্ৰত ইয়াৰ কেনে প্ৰভাৱ পৰিব তাৰ বিষয়ে ইমান গুৰুত্ব নিদিয়ে। (যিহূদা ১০) সেইবাবে বৰ্তমান সময়ত দেখিবলৈ পোৱা অক্ষমতা আৰু আগ্ৰহহীন মনোবৃত্তিৰ বাবে বেয়া কাৰ্য্যক প্ৰত্যাখ্যান কৰাটো আগতকৈও অধিক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। পাঁচনি পৌলে কোৱাৰ অনুসাৰে আমি যে “শেষ-কালত” জীয়াই আছোঁ তাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, দৰ্পী, অহঙ্কাৰী, নিন্দক, পিতৃ-মাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, . . . ইন্দ্ৰিয় দমন নকৰা।”—২ তীমথিয় ৩:১-৩.

৫. ইন্দ্ৰিয়-দমন বিষয়টোক জানিবলৈ যিহোৱাৰ সাক্ষীসকলে কিয় ইচ্ছুক আৰু কেনে পৰামৰ্শবোৰ আজিও কাৰ্য্যকাৰীৰূপে প্ৰমাণিত হৈছে?

ইন্দ্ৰিয়-দমন মনোবৃত্তি দেখুৱাটো যে ইমান সহজ কথা নহয় তাক যিহোৱাৰ সাক্ষীসকলে ভালদৰে জানে। পাঁচনি পৌলৰ দৰে তেওঁলোকে ঈশ্বৰৰ স্তৰৰ অনুসাৰে চলিবলৈ মাংসৰ অভিলাষৰ সৈতে যুঁজ কৰিবলগীয়া হয়। এইবাবে তেওঁলোকে এই যুঁজত কেনেকৈ জয়ী হʼব পাৰে সেই বিষয়ে জানিবলৈ আগ্ৰহী হৈ আহিছে। ১৯১৬ চনৰ আৰম্ভণীতে প্ৰকাশ পোৱা এখন আলোচনীৰ লেখত এনেদৰে কোৱা হৈছিল যে, “নিজকে নিয়ন্ত্ৰিত কৰিবলৈ হʼলে আমি নিজৰ বিচাৰ, কাৰ্য্য আৰু আচৰ-ব্যৱহাৰৰ প্ৰতি মনোযোগ দিয়া উচিত।” তদুপৰি ফিলিপীয়া ৪:৮ পদত উল্লেখ কৰা পৰামৰ্শবোৰকো মনত ৰাখিবলৈ আগ্ৰহ কৰা হৈছিল। প্ৰায় ২০০০ বছৰৰ পূৰ্বেই দিয়া সেই ঈশ্বৰীয় পৰামৰ্শবোৰ প্ৰাচীন সময়ত অথবা ১৯১৬ চনতকৈ বৰ্তমান সময়ত সেইবোৰক অনুকৰণ কৰাটো সম্ভৱতঃ অধিক কঠিন বুলি প্ৰমাণিত হৈছে। যদিও প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে জগতৰ অভিলাষ পৰিত্যাগ কৰাটো ইমান সহজ নহয় তথাপিও তেওঁলোকে বেয়াক প্ৰত্যাখ্যান কৰি সৃষ্টিকৰ্তাজনৰ নিৰ্দ্দেশনাক আন্তৰিকতাৰে পালন কৰিছে।

৬. যদিও আমি ইন্দ্ৰিয়-দমন বিকাশিত কৰাত বিফল হওঁ তথাপিও কিয় নিৰুৎসাহী হোৱা উচিত নহয়?

গালাতীয়া ৫:২২, ২৩ পদত উল্লেখ কৰা ইন্দ্ৰিয়-দমন হৈছে “[পবিত্ৰ] আত্মাৰ ফল।” যদি আমি এই গুণটোৰ সৈতে “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব” উৎপন্ন কৰোঁ তেন্তে অধিককৈ লাভৱান হʼব পাৰিম। এইদৰে কৰাৰ দ্বাৰা পাঁচনি পিতৰে বৰ্ণনা কৰাৰ দৰে যিহোৱাৰ সেৱাত আমাক “এলেহুৱা আৰু ফলহীন হৈ থাকিবলৈ নিদিব।” (২ পিতৰ ১:৮) কিন্তু যদি আমি শীঘ্ৰেই আৰু সম্পূৰ্ণকৈ এই গুণবোৰ বিকাশিত কৰিব নোৱাৰোঁ তেন্তে নিৰুৎসাহী হোৱা উচিত নহয়। আপুনি হয়তো এনে এজন বিদ্যাৰ্থীক লক্ষ্য কৰিছে যিজনে আনতকৈ সোনকালে শিকিব পাৰিছে। অথবা কৰ্ম্মস্থলত কোনো এজন সহকৰ্ম্মীয়ে সোনকালে কামটো শিকিছে। ঠিক সেইদৰে কিছুমানে আনসকলৰ তুলনাত সোনকালে খ্ৰীষ্টান গুণবোৰ বিকাশিত কৰিবলৈ শিকে। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে নিৰন্তৰে ঈশ্বৰীয় গুণবোৰ বিকাশিত কৰাত লাগি থাকা। ইয়াৰ বাবে যিহোৱাই প্ৰদান কৰা তেওঁৰ বাক্য আৰু মণ্ডলীৰ দ্বাৰা আমি সেই গুণবোৰ বিকাশিত কৰাত সহায় লাভ কৰিব পাৰিম। লৰা-ঢপৰাকৈ লক্ষ্যত উপনীত হʼবলৈ চেষ্টা কৰাতকৈ নিৰন্তৰে উন্নতি কৰিবলৈ লোৱা প্ৰচেষ্টাহে অধিক গুৰুত্বপূৰ্ণ।

৭. কিহে প্ৰকাশ কৰিছে যে ইন্দ্ৰিয়-দমন গুণটো বিকাশিত কৰা অতি গুৰুত্বপূৰ্ণ?

যদিও এই আত্মাৰ ফলটো উল্লেখ কৰা গুণবোৰৰ শেষত দেখিবলৈ পোৱা গৈছে তথাপিও ই হৈছে অধিক গুৰুত্বপূৰ্ণ। সেয়েহে মনত ৰাখা উচিত যে যদি আমি সঠিকভাৱে ইন্দ্ৰিয়-দমন কৰিব পাৰোঁ তেন্তে সকলো প্ৰকাৰৰ “মাংসৰ কাৰ্য্যবোৰ” পৰিত্যাগ কৰিব পাৰিম। অসিদ্ধ মানৱ হোৱাৰ বাবে “মাংসৰ কাৰ্য্যবোৰ  . . ব্যভিচাৰ, অশুচি কাৰ্য্য, লম্পট-আচৰণ, দেৱপূজা, মায়াকৰ্ম্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, বিভেদ, নানা মত, অসুয়া, মত্ততা, ৰঙ্গৰস” প্ৰতি স্বাভাৱিকভাৱে আকৰ্ষিত হʼব পাৰোঁ। (গালাতীয়া ৫:১৯, ২০) সেইবাবে তেনে ধৰণৰ বেয়া মনোবৃত্তিক আমাৰ মন আৰু হৃদয়ৰ পৰা আঁতৰাবলৈ দৃঢ়সঙ্কল্পবদ্ধ হৈ নিৰন্তৰে যুঁজি থকা উচিত।

কিছুমানৰ বাবে ইন্দ্ৰিয়-দমন বিকাশিত কৰাটো অতি কঠিন

৮. কিহৰ বাবে কিছুমানে ইন্দ্ৰিয়-দমন গুণটো বিকাশিত কৰাত কঠিন অনুভৱ কৰে?

কিছুমান প্ৰকৃত খ্ৰীষ্টানে ইন্দ্ৰিয়-দমন গুণটো বিকাশিত কৰিবলৈ অধিককৈ কষ্ট কৰিবলগীয়া হয়। কিয় তেনে কৰিবলগীয়া হয়? কিয়নো তেওঁলোকে হয়তো সৰুতে মাক-দেউতাকৰ পৰা উচিত প্ৰশিক্ষণ নোপোৱা বা অতীতত কোনো তিক্ত ঘটনাৰ অভিজ্ঞতা হোৱাৰ বাবে সেই গুণটোক বিকাশিত কৰাত কঠিন অনুভৱ কৰে। যদি আমি কোনো কঠিন বোধ নকৰাকৈ এই গুণটো বিকাশিত কৰি পাৰিছোঁ তেন্তে ই হৈছে এটা আনন্দৰ বিষয়। কিন্তু আমি তেনে ব্যক্তিসকলৰ সৈতে আচৰণ কৰোঁতে দয়ালু আৰু সহানুভূতিশীল হোৱা উচিত, যিসকলৰ বাবে সাধাৰণতে ইন্দ্ৰিয়-দমন কৰাটো সহজ নহয় আৰু তেওঁলোকৰ কোনো আচৰণে ব্যক্তিগতভাৱে আমাক অসুবিধাত পেলাব পাৰে। অসিদ্ধতা হোৱাৰ বাবে আমাৰ কোনো এজনে নিজকে ধাৰ্ম্মিক বুলি কʼব পাৰেনে?—ৰোমীয়া ৩:২৩; ইফিচীয়া ৪:২.

৯. কিছুমান ব্যক্তিৰ কেনে দুৰ্ব্বলতা দেখিবলৈ পোৱা যায় আৰু এইবোৰ কেতিয়া সম্পূৰ্ণকৈ আঁতৰ হʼব?

উদাহৰণস্বৰূপে, আমি হয়তো এনে সঙ্গী খ্ৰীষ্টান ভাই-ভনীক জানোঁ যিসকলে এসময়ত ধুম্ৰপান বা “উত্তেজনামূলক” ড্ৰাগছ সেৱন কৰিছিল আৰু হয়তো তেনে অভ্যাসৰ পৰা মুক্ত হʼবলৈ এতিয়াও যুঁজিবলগীয়া হৈছে। অথবা কিছুমানৰ বাবে মদ্যপানৰ অভ্যাসক সীমিত কৰাটো প্ৰত্যাহ্বানজনক হʼব পাৰে। আন কিছুমানে হয়তো কথা কওঁতে খোনা লগা অৱস্থাৰ পৰা জয়ী হʼবলৈ চেষ্টা কৰিছে। তেনে অৱস্থাবোৰত ইন্দ্ৰিয়-দমন কৰিবলৈ অৱশ্যেই কঠিন পৰিশ্ৰম কৰা আৱশ্যক। কিয় কৰা আৱশ্যক? কিয়নো যাকোব ৩:২ পদত এইদৰে কৈছে: “কোনোৱে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, গোটেই শৰীৰকো দমন কৰিবলৈ সমৰ্থ।” ইয়াৰ উপৰিও কিছুমানে জোৱাখেলা অভ্যাসক ত্যাগ কৰিবলৈ নেৰানেপেৰা চেষ্টা কৰিছে। অথবা আনবিলাকে নিজৰ ক্ৰোধ দমন কৰিবলৈ কঠিন যেন অনুভৱ কৰিছে। এই দুৰ্ব্বলতাবোৰৰ ওপৰত জয়ী হʼবলৈ সময় লাগিব পাৰে। তেনে কৰি যদিও আমি কিছু পৰিমাণে সফলতা লাভ কৰিব পাৰোঁ, কিন্তু সম্পূৰ্ণৰূপে দুৰ্ব্বলতাবোৰত সফলতা পাবলৈ আমি একেবাৰে সিদ্ধতাত উপনীত হোৱাতহে সম্ভৱ হʼব। যিহেতু তেতিয়ালৈকে ইন্দ্ৰিয়-দমন গুণটোৱে আমাক পুনৰাই পাপময় জীৱনধাৰালৈ উভটি নাযাবলৈ সহায় কৰিব। গতিকে আঁহক আমি নিৰন্তৰে যুঁজি পৰস্পৰে ইজনে সিজনক সহায় কৰিবলৈ ত্যাগ নিদিওঁহঁক।—পাঁচনিৰ কৰ্ম্ম ১৪:২১, ২২.

১০. (ক) যৌন সম্বন্ধীয় বিষয়ৰ ক্ষেত্ৰত ইন্দ্ৰিয়-দমন দেখুৱাটো কিছুমানৰ বাবে কিয় এক প্ৰত্যাহ্বানজনক বিষয়? (খ) এজন ভায়ে কেনে এক গুৰুত্বপূৰ্ণ সাল-সলনি কৰিলে? (১৬ পৃষ্ঠাৰ বক্সটো চাওক।)

১০ আন এটা ক্ষেত্ৰ হৈছে যৌন সম্বন্ধীয় বিষয় যʼত ইন্দ্ৰিয়-দমন প্ৰকাশ কৰাটো ইমান সহজ নহয়। কিয়নো ই হৈছে যিহোৱাৰ পৰা পোৱা এক উপহাৰ। তথাপিও কিছুমানে ইয়াক ঈশ্বৰৰ স্তৰৰ অনুসাৰে বজাই ৰখাত কঠিন অনুভৱ কৰে। কিন্তু এজন ব্যক্তিৰ প্ৰেচেষ্টা তেতিয়া হয়তো অধিক বেয়ালৈ ধাল খাব পাৰে যেতিয়া তেওঁৰ যৌন হাবিয়াস অসাধাৰণৰূপে অধিক প্ৰবল হয়। তদুপৰি আমি এনে এখন জগতত বাস কৰিছোঁ যʼত অনেক প্ৰকাৰে যৌন সম্বন্ধীয় বিষয়ক প্ৰথম স্থান দিয়া হয়। সেইবাবে যিসকলে অবিবাহিত হৈ থাকি বা অলপ সময়ৰ বাবে বিবাহ নকৰাকৈ ঈশ্বৰৰ সেৱা কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে ই সঁচাকৈ এক প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে। (১ কৰিন্থীয়া ৭:৩২, ৩৩, ৩৭, ৩৮) গতিকে যিসকলে শাস্ত্ৰীয় পদত, “কামাগ্নিয়ে দহাতকৈ বিয়া কৰোৱাই ভাল” বুলি কোৱা উপদেশৰ অনুসাৰে বিবাহ কৰিবলৈ সিদ্ধান্ত লয় সেইটো বাস্তৱতে এটা সন্মানীয় বিষয়। কিন্তু কেৱল “প্ৰভুত বিশ্বাস কৰা” জনাৰ সৈতেহে বিবাহ কৰা উচিত। (১ কৰিন্থীয়া ৭:৯, ৩৯) আমি নিশ্চিত হʼব পাৰোঁ যে যিসকলে তেনে ধাৰ্ম্মিক সিদ্ধান্তসমূহ বজাই ৰাখিবলৈ আগ্ৰহী তেওঁলোকত যিহোৱাই অৱশ্যেই আনন্দিত হয়। তদুপৰি সঙ্গী উপাসকবিলাকেও এনে উচ্চ নৈতিক স্তৰ বজাই ৰাখোঁতাসকলৰ সৈতে সঙ্গতি কৰিবলৈ পাই আনন্দিত হয়।

১১. অবিবাহিত হৈ থকা ভাই-ভনীসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

১১ যদি এজন উপযুক্ত সঙ্গী পোৱা নাই, তেন্তে কি কৰা আৱশ্যক? কল্পনা কৰক, বিবাহ কৰিবলৈ আগ্ৰহ থকা ব্যক্তিজনে উপযুক্ত সঙ্গী নোপোৱাৰ বাবে কিমান যে নৈৰাশ্য বোধ কৰিছে! তেওঁ হয়তো নিজৰ বন্ধুবিলাকে বিয়া কৰোৱাৰ পিছত সুখেৰে জীৱন-যাপন কৰাটো দেখিবলৈ পাইছে। এনে পৰিস্থিতিত কিছুমানে হয়তো হস্তমৈথুনৰ দৰে বেয়া অভ্যাসত পৰিব পাৰে। গতিকে কোনো এজন খ্ৰীষ্টান ব্যক্তিয়ে অবিবাহিত হৈ নিজকে বিশুদ্ধতা বজাই ৰাখা আনজনক নিৰুৎসাহী কৰাটো উচিত নহয়। যদি আমি কাৰোবাক সোধো যে “আপুনি কেতিয়া বিয়া পাতিব,” তেন্তে হয়তো নজনাকৈ তেওঁৰ মনত আঘাত হানিব পাৰোঁ। তেনে ধৰণৰ অভিপ্ৰায় অনুচিত নহয় যদিও আমি নিজৰ জীভাক নিয়ন্ত্ৰণ কৰি ইন্দ্ৰীয়-দমন কৰাটো কিমান যে সুবিবেচক হʼব! (গীতমালা ৩৯:১) আমাৰ মাজত অবিবাহিত হৈ থাকি ঈশ্বৰৰ সেৱা কৰা লোকসকল সঁচাকৈ প্ৰশংসাৰ পাত্ৰ। আমি তেনে ব্যক্তিক নিৰুৎসাহী কৰাৰ পৰিৱৰ্তে উৎসাহী কৰিবলৈহে চেষ্টা কৰা উচিত। উদাহৰণস্বৰূপে, আমি অবিবাহিত ব্যক্তিজনক আমাৰ সৈতে এসাজ খাবলৈ বা হিতজনক খ্ৰীষ্টান সঙ্গতিত ভাগ লʼবলৈ আমন্ত্ৰণ কৰিব পাৰোঁ।

বিবাহৰ ক্ষেত্ৰত ইন্দ্ৰিয়-দমন কৰা

১২. বৈবাহিক দম্পতীয়ে কিয় কিছুমাত্ৰাত ইন্দ্ৰিয়-দমন কৰা প্ৰয়োজন?

১২ বৈবাহিক দম্পতীক যৌন সম্বন্ধীয় বিষয়ত ইন্দ্ৰিয়-দমন কৰাৰ কোনো আৱশ্যক নাই বুলি কোৱাটো ভুল হʼব। উদাহৰণস্বৰূপে, যৌন সম্বন্ধে স্বামী আৰু স্ত্ৰী উভয়ৰে ভিন্ন মনোবৃত্তি থাকিব পাৰে। নতুবা শাৰীৰিক দুৰ্ব্বলতাৰ বাবে কোনো কোনো সময়ত স্বাভাৱিক যৌন সঙ্গম কৰা কষ্টকৰ বা অসম্ভৱ হʼব পাৰে। সম্ভৱতঃ যৌন সম্বন্ধে অভিজ্ঞতা নথকাৰ বাবে এটা সময়ত বৈবাহিক সঙ্গীৰ বাবে এই পৰামৰ্শ পালন কৰাটো প্ৰত্যাহ্বানজনক হʼব পাৰে, যʼত এইদৰে কৈছে: “স্বামীয়ে ভাৰ্য্যাক, আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাব লগা দিয়ক।” এনে অৱস্থাত আনজন সঙ্গীক অতিৰিক্ত ইন্দ্ৰিয়-দমন কৰা আৱশ্যক হʼব পাৰে। কিন্তু বৈবাহিক খ্ৰীষ্টান দম্পতীয়ে পাঁচনি পৌলে দিয়া এই প্ৰেমময় পৰামৰ্শক মনত ৰাখা উচিত: “তোমালোকে ইজনে সিজনক বঞ্চিত নকৰিবা; কেৱল প্ৰাৰ্থনাত মন দিবলৈ, দুয়ো এক-পৰামৰ্শ হৈ কিছুকাল পৃথকে থাকিব পাৰা; পাছে ইন্দ্ৰিয়ৰ অধৈৰ্য্যৰ কাৰণে চয়তানে যেন তোমালোকক পৰীক্ষাত নেপেলায়, এই নিমিত্তে পুনৰায় আহি একে লগ হবা।”—১ কৰিন্থীয়া ৭:৩, ৫.

১৩. যিসকলে ইন্দ্ৰিয়-দমন কৰিবলৈ অনেক চেষ্টা কৰিছে তেওঁলোকৰ বাবে আমি কি কৰিব পাৰোঁ?

১৩ যদি এই ক্ষেত্ৰত বৈবাহিক দম্পতীয়ে উপযুক্তভাৱে ইন্দ্ৰিয়-দমন কৰিব পাৰে তেন্তে পৰস্পৰ মাজত অধিক নিবিড় সম্বন্ধ গঢ়ি উঠিব। সেই একেই সময়ত এই ক্ষেত্ৰত সংঘৰ্ষ কৰিবলগীয়া সঙ্গী উপাসকবিলাকৰ প্ৰতি সহানুভূতিশীল হোৱা প্ৰয়োজন। আমাৰ এই আধ্যাত্মিক ভাই-ভনীসকলে ইন্দ্ৰিয়-দমন বিকাশিত কৰাত আৰু অনুচিত ইচ্ছাবোৰৰ পৰা আঁতৰি থাকিবলৈ যেন সাহস, অন্তৰ্দৃষ্টি আৰু দৃঢ়তা লাভ কৰিব পাৰে তাৰবাবে যিহোৱাৰ ওচৰত তেওঁলোকক স্মৰণ কৰি আমি প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও পাহৰি যোৱাটো উচিত নহয়।—ফিলিপীয়া ৪:৬, ৭.

নিৰন্তৰে ইজনে সিজনক সহায় কৰক

১৪. আমি কিয় সঙ্গী উপাসকবিলাকৰ প্ৰতি সহানুভূতিশীল আৰু দয়ালু হোৱা উচিত?

১৪ কেতিয়াবা আমাৰ তেনে আধ্যাত্মিক ভাই-ভনীসকলক বুজি পোৱাটো কঠিন হৈ পৰে যিসকলে কোনো এনে ক্ষেত্ৰত ইন্দ্ৰিয়-দমন দেখুৱালৈ অনেক চেষ্টা কৰিছে যিটোত আমি ব্যক্তিগতভাৱে সংগ্ৰাম কৰিবলগীয়া হোৱা নাই। যিহেতু সকলোৰে প্ৰাকৃতিক স্বভাৱ ইজনৰ সিজনৰ পৰা ভিন্ন। কিছুমানে হয়তো সোনকালে আৱেগিক হৈ পৰে; আনসকলে তেনে নহʼবও পাৰে। কিছুমানে হয়তো সহজে ইন্দ্ৰিয়-দমন কৰিব পাৰে। আন কিছুমানৰ বাবে তেনে কৰাটো অলপহে সহজ আৰু আন কিছুমানৰ বাবে ইন্দ্ৰিয়-দমন কৰাটো অত্যন্ত কঠিন হʼব পাৰে।। তথাপিও আমি এই ক্ষেত্ৰত যুঁজি থকা ব্যক্তিজনক চৰিত্ৰহীন ব্যক্তি বুলি কোৱাটো উচিত নহয়। সঙ্গী উপাসকবিলাকক আমাৰ সহানুভূতি আৰু কৰুণাৰ আৱশ্যক। তদুপৰি ইন্দ্ৰিয়-দমন কৰিবলৈ চেষ্টা কৰা তেনে ব্যক্তিসকলৰ প্ৰতি নিৰন্তৰে দয়া দেখুৱাই আমি নিজেও আনন্দিত হʼব পাৰোঁ। এই বিষয়ে আমি মথি ৫:৭ পদত উল্লেখ কৰা যীচুৰ বাক্যবোৰত দেখিবলৈ পাওঁ।

১৫. ইন্দ্ৰিয়-দমন কৰাৰ সম্বন্ধে গীতমালা ১৩০:৩ পদত উল্লেখ কৰা বাক্যশাৰী কিয় শান্ত্বনাদায়ক?

১৫ কোনো কোনো সময়ত নতুন মনুষ্যত্ব প্ৰকাশ কৰাত বিফল হোৱা খ্ৰীষ্টান ভাই-ভনীসকলক আমি কেতিয়াও ভুলধাৰণা কৰিব নালাগে। কিয়নো এটা সময়ত কেতিয়াবা আমি সকলোৱে ইন্দ্ৰিয়-দমন কৰাত বিফল হʼব পাৰোঁ। কিন্তু আমি বিফল নোহোৱা সময়বোৰ যদিও সঙ্গী উপাসকবিলাকৰ দৃষ্টিত পৰা নাই তথাপিও যিহোৱাই যে সেইবোৰৰ প্ৰতি দৃষ্টি কৰে বুলি জানি আমি অধিক উৎসাহিত হʼব পাৰোঁ। এই বিষয়ে গীতমালা ১৩০:৩ পদত উল্লেখ কৰা বাক্যশাৰীৰ পৰা শান্ত্বনা লাভ কৰিব পাৰি, যʼত এইদৰে কৈছে: “হে যিহোৱা, তুমি অপৰাধ ধৰিলে, কোনে তিষ্ঠিব পাৰে?”

১৬, ১৭. (ক) আমি ইন্দ্ৰিয়-দমন কৰাৰ সম্বন্ধে গালাতীয়া ৬:২, পদটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ? (খ) কিহৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব?

১৬ যিহোৱাক সন্তুষ্ট কৰিবলৈ হʼলে আমি প্ৰত্যেকজনে ইন্দ্ৰিয়-দমন গুণটো বিকাশিত কৰা উচিত, তেহে আমি সঙ্গী উপাসকবিলাকৰ পৰা সহায় পোৱাটো নিশ্চিত হʼব পাৰোঁ। যদিও আমাৰ সকলোৱে নিজ নিজ ভাৰ বোৱা উচিত তথাপিও আনক সহায় কৰিবলৈ উৎসাহিত কৰা হৈছে। (গালাতীয়া ৬:২, ৫) আমি পিতৃ-মাতৃ, বৈবাহিক সঙ্গী বা বন্ধুবিলাকে বিশেষ কোনো ঠাইলৈ যাবলৈ বা কোনো বস্তুক চাবলৈ হাক দিয়া আজ্ঞাৰ প্ৰতি মূল্যাঙ্কন দেখুৱাব পাৰোঁ। তেনে কৰাৰ দ্বাৰা তেওঁলোকে আমাক ইন্দ্ৰিয়-দমন কৰা আৰু বেয়াক প্ৰত্যাখ্যান কৰাত আৰু ইয়াৰ বাস্তৱ অৰ্থ কি তাক বুজিবলৈ সহায় নকৰেনে বাৰু!

১৭ এতিয়ালৈকে আমি ইন্দ্ৰিয়-দমনৰ সম্বন্ধে যি আলোচনা কৰিলোঁ সেই বিষয়ে বহুতো খ্ৰীষ্টান ভাই-ভনীয়ে সন্মত হৈ ব্যক্তিগতভাৱে তেওঁলোকে কাৰ্য্য কৰিবলগীয়া ক্ষেত্ৰবোৰক জানিব পাৰে। তেওঁলোকে হয়তো আন অসিদ্ধ মানৱৰ দৃষ্টিত যুক্তিসংগত হোৱা বুলি অপেক্ষা কৰা পৰ্য্যন্তলৈকে সম্পূৰ্ণকৈ ইন্দ্ৰিয়-দমন কৰিবলৈ বিচাৰিব পাৰে। আপুনিও তেনেদৰে ভাবেনে? এনেদৰে আপুনি এই ক্ষেত্ৰত ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ফল উৎপন্ন কৰিব পাৰিবনে? এইদৰে কৰাৰ দ্বাৰা আপুনি এজন খ্ৰীষ্টান হিচাবে স্থায়ী লক্ষ্যবোৰত উপনীত হʼবলৈ কেনে সহায় লাভ কৰিব পাৰে? এইবোৰৰ বিষয়ে জানিবলৈ আঁহক আমি পৰৱৰ্তী লেখটো আলোচনা কৰোঁহঁক। (w03 10/15)

আপোনাৰ মনত আছেনে?

ইন্দ্ৰিয়-দমন গুণটো  . . .

• খ্ৰীষ্টানসকলে বিকাশিত কৰা কিয় আৱশ্যক?

• কিছুমানৰ বাবে বিকাশিত কৰাটো কিয় প্ৰত্যাহ্বানজনক?

• বিবাহৰ বাবে কিয় আৱশ্যক?

• বিকাশিত কৰিবলৈ পৰস্পৰে ইজনে সিজনক কিয় সহায় কৰা আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৪ পৃষ্ঠাৰ বক্স/ছবি]

তেওঁ বেয়াক প্ৰত্যাখ্যান কৰিবলৈ শিকিলে

জাৰ্মানীৰ এজন যিহোৱাৰ সাক্ষী ভায়ে কাৰিকৰী যোগাযোগ বিভাগত কেৰাণী হিচাবে চাকৰি কৰিছিল। লগতে তেওঁ ৩০ টা ভিন্ন টিভি আৰু ৰেডিঅ কাৰ্য্যক্ৰমৰ নিৰীক্ষকো আছিল। যেতিয়া প্ৰগ্ৰামত ব্যাঘাত জন্মে তেতিয়া কাৰ্য্যক্ৰমৰ মুখ্য সমস্যাটোক বিচাৰি উলিয়াবলৈ অধিক মনোযোগ দিবলগীয়া হৈছিল। তেওঁ এইদৰে কয়: “যেতিয়া কোনো হিংসা বা অশ্লীল দৃশ্য দেখুৱা হয় তেতিয়াই প্ৰায়ে বা কেতিয়াবা ব্যাঘাত জন্মে। সেই বেয়া দৃশ্যবোৰ মোৰ মনত দিন বা সপ্তাহ ধৰি থাকে।” আগলৈ তেওঁ এইদৰে স্বীকাৰ কৰে যে এইবোৰে তেওঁৰ আধ্যাত্মিকতাত ক্ষতি সাধন কৰিছিল। তদুপৰি তেওঁ এইদৰে কৈছে: “হিংসাত্মক দৃশ্যবোৰ চোৱাৰ ফলত মই ইমানেই উগ্ৰ হৈ পৰিছিলোঁ যে মোৰ বাবে ইন্দ্ৰিয়-দমন কৰাতো কঠিন হৈ পৰিছিল। অশ্লীল দৃশ্যবোৰ চোৱাৰ বাবে মোৰ পত্নী আৰু মোৰ মাজতো অশান্তিৰ সৃষ্টি হৈছিল। মই তেনেধৰণৰ সমস্যাৰ সৈতে সদায়ে সংগ্ৰাম কৰিবলগীয়া হৈছিল। মই সেই যুঁজত জয়ী হʼবলৈ সেই চাকৰি এৰি কম বেতনৰ চাকৰি কৰিবলৈ নিৰ্ণয় ললোঁ আৰু নতুন চাকৰিৰ বাবে মই অধিক সময় অপেক্ষা কৰিবলগীয়া নহʼল। অৱশেষত মোৰ আশা পূৰ্ণ হʼল।”

[২৩ পৃষ্ঠাৰ ছবিসমূহ]

বাইবেলৰ পৰা পোৱা জ্ঞানে আমাক ইন্দ্ৰিয়-দমন কৰাত সহায় কৰে