Skip to content

Skip to table of contents

তাড়নাত সহন কৰাই যিহোৱালৈ মহিমা কঢ়িয়াই আনে

তাড়নাত সহন কৰাই যিহোৱালৈ মহিমা কঢ়িয়াই আনে

তাড়নাত সহন কৰাই যিহোৱালৈ মহিমা কঢ়িয়াই আনে

“যদি সহন কৰা, তেন্তে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।”—১ পিতৰ ২:২০.

১. প্ৰকৃত খ্ৰীষ্টানসকলে সমৰ্পণৰ অনুসাৰে জীৱন-নিৰ্বাহ কৰাৰ সম্বন্ধে কেনে প্ৰশ্ন বিবেচনা কৰা উচিত?

 প্ৰকৃত খ্ৰীষ্টানসকলে নিজকে যিহোৱালৈ সমৰ্পিত কৰি তেওঁৰ ইচ্ছাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ বিচাৰে। সমৰ্পণৰ অনুসাৰে জীৱন-নিৰ্বাহ কৰিবলৈ তেওঁলোকে প্ৰাণপণে যীচুৰ আৰ্হিক অনুকৰণ কৰে আৰু সত্যতাৰ পক্ষে সাক্ষী দিয়ে। (মথি ১৬:২৪; যোহন ১৮:৩৭; ১ পিতৰ ২:২১) যীচু আৰু অন্য বিশ্বাসী ব্যক্তিসকলে তেওঁলোকৰ বিশ্বাসৰ বাবে মৃত্যুকো সাৱটি লʼবলৈ পিছহুঁহকা নাছিল। তেন্তে ইয়াৰ অৰ্থ এইটোনে যে সকলো প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে নিজৰ বিশ্বাসৰ বাবে মৃত্যুক আঁকোৱালি লʼব লাগিব?

২. তাড়না আৰু পৰীক্ষাৰ সম্বন্ধে খ্ৰীষ্টানসকলে কেনে দৃষ্টিভঙ্গী ৰাখে?

ইয়াত আমাক খ্ৰীষ্টান হোৱাৰ বাবে আমাৰ মৃত্যু যে অনিবাৰ্য্য সেই বিষয়ে কোৱা নাই, কিন্তু মৃত্যু পৰ্য্যন্তলৈকে বিশ্বাসী হৈ থাকিবলৈহে উৎসাহিত কৰিছে। (২ তীমথিয় ৪:৭; প্ৰকাশিত বাক্য ২:১০) যদিও আমি মৃত্যুবৰণ আৰু যাতনাৰ সম্মুখীন হʼবলৈ নিবিচাৰোঁ তথাপিও যেতিয়া আৱশ্যকতা আহি পৰে তেতিয়া নিজৰ বিশ্বাসৰ বাবে সেইবোৰৰ সম্মুখীন হʼবলৈ পিছ নুহুহঁকো। আমি যন্ত্ৰণাৰ সম্মুখীন বা ক্লেশত পৰি অথবা লজ্জিত হৈ আনন্দিত নহওঁ। যিহেতু ভৱিষ্যতে আমি তাড়না আৰু পৰীক্ষাৰ সম্মুখীন হʼব পাৰোঁ, সেয়েহে আমি তেনে পৰিস্থিতিত কেনে আচৰণ কৰা আৱশ্যক এই বিষয়ে সাৱধানে বিবেচনা কৰা উচিত।

তাড়নাৰ সময়ত বিশ্বাসী হৈ থাকা

৩. তাড়নাৰ সম্মুখীন হোৱাৰ সম্পৰ্কে বাইবেলত উল্লেখ কৰা কেনে উদাহৰণসমূহৰ বিষয়ে আপুনি কʼব পাৰে? (পিছৰ পৃষ্ঠাত দিয়া “তেওঁলোকে কেনেকৈ তাড়নাৰ সম্মুখীন হৈছিল” নামৰ বক্সটো চাওক।)

বাইবেলত আমি এনে বহুতো বিশ্বাসী ব্যক্তিসকলৰ বিষয়ে পঢ়িবলৈ পাওঁ যিসকলে অত্যন্ত তাড়নাৰ সময়তো বিশ্বাসী হৈ থাকিল। আমিও যদি তেনেধৰণৰ পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হয় তেন্তে তেওঁলোকে ৰখা আৰ্হিৰ পৰা বহু কিছু শিকিব পাৰোঁ। “তেওঁলোকে কেনেকৈ তাড়নাৰ সম্মুখীন হৈছিল” নামৰ বক্সটোত থকা বৃত্তান্তসমূহ বিবেচনা কৰক আৰু আপুনি তেওঁলোকৰ পৰা কি শিকিব পাৰে সেই বিষয়ে মনোযোগ দিয়ক।

৪. তাড়নাৰ সম্মুখীন হোৱা যীচু আৰু অন্য বিশ্বাসী খ্ৰীষ্টানসকলে দেখুউৱা প্ৰতিক্ৰিয়াৰ বিষয়ে কি কʼব পাৰি?

বিভিন্ন পৰিস্থিতিৰ অনুসাৰে তাড়নাৰ সম্মুখীন হৈ যদিও যীচু আৰু অন্য বিশ্বাসীসকলে ভিন্ন আচৰণ কৰিছিল, তথাপিও ইয়াৰ পৰা স্পষ্টকৈ এইটো জানিব পাৰি যে তেওঁলোকে অনৰ্থকৰূপে নিজৰ জীৱনটোক বিপদত পেলোৱা নাছিল। তেওঁলোকে বিপদৰ সময়ত সাহসী আৰু সতৰ্ক হোৱা প্ৰমাণ দিছিল। (মথি ১০:১৬, ২৩) তেওঁলোকৰ প্ৰধান লক্ষ্য আছিল প্ৰচাৰ কাৰ্য্যক বিস্তাৰিত কৰা আৰু যিহোৱাৰ প্ৰতি সত্যনিষ্ঠা বজাই ৰাখা। বিভিন্ন পৰিস্থিতিত তেওঁলোকে ৰাখা মনোবৃত্তিয়ে বৰ্তমান সময়ত তাড়নাৰ সম্মুখীন হোৱা প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে এক উত্তম আৰ্হি দাঙি ধৰিছে।

৫. মালাৱিত থকা যিহোৱাৰ সাক্ষীসকলে ১৯৬০ দশকত কেনে ধৰণৰ তাড়নাৰ সম্মুখীন হৈছিল আৰু তাৰ প্ৰতি তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

বৰ্তমান সময়ত যিহোৱাৰ লোকসকলে যুদ্ধ, প্ৰতিবন্ধ আৰু তাড়নাৰ ফলত হোৱা দুখ-কষ্ট আৰু নিৰুৎসাহৰ সম্মুখীন হʼবলগীয়া হৈছে। উদাহৰণস্বৰূপে, ১৯৬০ দশকৰ সময়ছোৱাত মালাৱিত থকা যিহোৱা সাক্ষীসকলে অমানুষিক যাতনাৰ সম্মুখীন হʼবলগীয়া হৈছিল। তেওঁলোকৰ নিজস্ব ব্যৱসায়, খাদ্য-সামগ্ৰী, ঘৰ-দুৱাৰ আৰু ৰাজ্যগৃহ এই সকলোবোৰ ধ্বংস কৰা হʼল। তদুপৰি তেওঁলোকক প্ৰহাৰ কৰা আৰু আন আন যন্ত্ৰণাদায়ক অত্যাচাৰ কৰা হৈছিল। এনে পৰিস্থিতিত সেই ভাই-ভনীসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? তেওঁলোকৰ হাজাৰ হাজাৰ লোকে ঘৰ-দুৱাৰ এৰি পলাই গৈছিল। বহুতে অৰণ্যত আশ্ৰয় লৈছিল আৰু আন কিছুমানে মোজাম্বিক চহৰলৈ অস্থায়ীভাৱে দেশান্তৰ হৈছিল। বহুতো বিশ্বাসীলোকে যদিও নিজৰ প্ৰাণ হেৰুৱাইছিল আৰু আন কিছুমানে বিপদজনক অঞ্চলৰ পৰা আঁতৰি যাবলগীয়া হৈছিল তথাপিও এইটো স্পষ্টকৈ প্ৰকাশ পাইছে যে তেওঁলোকে তেনে পদক্ষেপ লোৱাটো যুক্তিসঙ্গত আছিল। এনে কৰাৰ দ্বাৰা তেওঁলোকে যীচু আৰু পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰিলে।

৬. অত্যন্ত তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্বেও মালাৱিত থকা যিহোৱাৰ সাক্ষীসকলে কি কৰিবলৈ ত্যাগ দিয়া নাছিল?

যদিও তেওঁলোকে ঘৰ-দুৱাৰ এৰি অন্য ঠাইলৈ যাবলগা বা লুকাই থাকিবলগীয়া হৈছিল তথাপিও তেওঁলোকে গোপনে প্ৰচাৰ কাৰ্য্য কৰি থাকিল। তাৰ কেনে পৰিণাম দেখা গʼল? ১৯৬৭ চনত প্ৰচাৰকৰ সংখ্যা ১৮,৫১৯ জনলৈ বৃদ্ধি পালে। প্ৰতিবন্ধ লগোৱা আৰু বহুতে মোজাম্বিক চহৰলৈ পলাই যোৱাৰ স্বত্ত্বেও ১৯৭২ চনত ২৩,৩৯৮ জন প্ৰচাৰকে ৰিপৰ্ট দিলে। প্ৰত্যেক মাহে তেওঁলোকে গড় হিচাপে ১৬ ঘন্টাতকৈ অধিক সময় প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰিছিল। নিসন্দেহ, তেওঁলোকৰ এনে পদক্ষেপৰ দ্বাৰা যিহোৱাৰ নাম মহিমান্বিত হʼল আৰু যিহোৱা ঈশ্বৰেও সেই বিশ্বাসী ভাই-ভনীসকলক কঠিন পৰিস্থিতিত আশীৰ্ব্বাদ প্ৰদান কৰিলে। *

৭, ৮, সমস্যাৰ সম্মুখীন হোৱাৰ স্বত্বেও বহুতে কিহৰ বাবে নিজৰ দেশ এৰি নাযাবলৈ নিৰ্ণয় লয়?

আনহাতে যিবোৰ দেশত তাড়নাৰ বাবে সমস্যাই দেখা দিয়ে সেই ঠাইৰ কিছুমান ভাই-ভনীয়ে কʼলৈকো নাযাবলৈ নিৰ্ণয় লʼব পাৰে। আন ঠাইলৈ স্থানান্তৰিত হৈ অৱশ্যেই কিছুমান সমস্যাৰ সমাধান পাব পাৰে, কিন্তু সেই ঠাইবোৰত আন আন নতুন সমস্যাই দেখা দিব পাৰে। উদাহৰণস্বৰূপে, তেওঁলোকে আধ্যাত্মিকৰূপে অকলশৰীয়াকৈ থাকি ভাতৃত্বসমাজৰ সৈতে সম্পৰ্ক বনাই ৰাখিব পাৰিবনে? অধিক ধন আৰ্জন কৰিব পৰা বা বহুতো সা-সুবিধা থকা দেশবোৰলৈ গৈ তেওঁলোকে আধ্যাত্মিক তালিকা বজাই ৰাখিব পাৰিবনে?—১ তীমথিয় ৬:৯.

আন সকলে তেওঁলোকৰ আধ্যাত্মিক ভাই-ভনীৰ হিতৰ বিষয়ে চিন্তিত হৈ কʼলৈকো নাযাবলৈ নিৰ্ণয় লʼলে। তেওঁলোকে প্ৰচাৰ কাৰ্য্যক বজাই ৰাখি সঙ্গী উপাসকসকলক উৎসাহিত কৰিবলৈ নিজৰ দেশতে থাকিবলৈ নিৰ্ণয় লʼলে। (ফিলিপীয়া ১:১৪) তেনে নিৰ্ণয় লোৱাৰ দ্বাৰা তেওঁলোকে নিজৰ দেশত আইনগতভাৱে প্ৰচাৰ কাৰ্য্য স্থাপনা কৰিবলৈ প্ৰমুখ ভূমিকা আদায় কৰিলে। *

৯. তাড়নাৰ সময়ত নিজ দেশ এৰি যোৱা বা নোযোৱাৰ নিৰ্ণয় লওঁতে এজন ব্যক্তিয়ে কেনে কাৰণসমূহৰ বিষয়ে বিবেচনা কৰা উচিত?

নিজৰ দেশ এৰি যোৱা বা নোযোৱাটো হৈছে সম্পূৰ্ণকৈ ব্যক্তিগত সিদ্ধান্ত। তেনেধৰণৰ নিৰ্ণয় কেৱল প্ৰাৰ্থনাপূৰ্বকভাৱে যিহোৱাৰ নিৰ্দ্দেশনা বিচৰাৰ পিছতহে লোৱা উচিত। আমি যিয়েই নিৰ্ণয় নলওঁ কিয় পাঁচনি পৌলে কোৱা এই কথাষাৰ মনত ৰাখা উচিত: “আমাৰ প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব।” (ৰোমীয়া ১৪:১২) আৰম্ভণিতে লক্ষ্য কৰিব পাৰিলোঁ যে আমি যেনেকুৱাই পৰিস্থিতিৰ সম্মুখীন নহওঁ কিয় যিহোৱাই তেওঁৰ সেৱকসকলে বিশ্বাসী হৈ থকাটো অপেক্ষা কৰে। বৰ্তমান সময়তো তেওঁৰ কিছুমান সেৱকে পৰীক্ষা আৰু তাড়নাৰ সম্মুখীন হৈছে; আনবিলাকে হয়তো ভৱিষ্যতে হʼব পাৰে। সকলোৱে পৰীক্ষিত হʼব আৰু কোনেও তাৰ পৰা হাত হাৰিব নোৱাৰে বুলি জনাটো অতি আৱশ্যক। (যোহন ১৫:১৯, ২০) আমি যিহোৱাৰ সমৰ্পিত সেৱক হোৱা হেতুকে যিহোৱাৰ নাম পবিত্ৰকৰণ আৰু তেওঁৰ সাৰ্ব্বভৌমত্বৰ দোষ নিবাৰণ কৰাৰ সৈতে জড়িত থকা বাদ-বিষয়টোৰ পৰা কেতিয়াও বিৰত থাকিব নোৱাৰো।—যিহিষ্কেল ৩৮:২৩; মথি ৬:৯, ১০.

“অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা”

১০. পৰীক্ষা আৰু তাড়নাৰ সম্মুখীন হোৱাৰ সময়ত ৰাখা মনোবৃত্তিৰ দ্বাৰা যীচু আৰু তেওঁৰ পাঁচনিবিলাকে আমালৈ কেনে উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

১০ যীচু আৰু তেওঁৰ পাঁচনিবিলাকে তাড়না কৰোঁতাসকলৰ প্ৰতি কোনো প্ৰতিশোধ নোলোৱা মনোবৃত্তি ৰাখাৰ আৰ্হিৰ পৰা আমি আন এটা সিদ্ধান্ত শিকিব পাৰোঁ। আমি বাইবেলত কʼতো এনেদৰে পঢ়িবলৈ নাপাওঁ যে পাঁচনিবিলাকে একত্ৰিত হৈ তাড়না কৰোঁতাসকলৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। তাৰ বিপৰীতে পাঁচনি পৌলে “অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা” বুলিহে খ্ৰীষ্টানসকলক নিৰ্দ্দেশ দিছিল। কিয়নো যিহোৱাই এইদৰে কৈছে: “প্ৰতিকাৰ কৰা মোৰ কৰ্ম্ম, মইহে প্ৰতিফল দিম।” তদুপৰি “কুকৰ্ম্মৰ দ্বাৰাই পৰাজিত নহৈ, সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয় কৰা।”—ৰোমীয়া ১২:১৭-২১; গীতমালা ৩৭:১-৪; হিতোপদেশ ২০:২২.

১১. প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলে তেওঁলোকৰ সময়ছোৱাত থকা চৰকাৰৰ প্ৰতি ৰাখা দৃষ্টিভঙ্গীৰ বিষয়ে এজন বুৰঞ্জীবিদে কি কৈছে?

১১ প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলে বাইবেলত কোৱা সেই পৰামৰ্শ মানি চলিছিল। সা.যু. ৩০-৭০ চনৰ সময়ছোৱাত থকা চৰকাৰৰ প্ৰতি খ্ৰীষ্টানসকলে বজাই ৰাখা মনোবৃত্তিৰ সম্পৰ্কে বুৰঞ্জীবিদ চেচিল জে. কাডোৱে লিখা তেওঁৰ দি আৰলি চাৰ্চ এন্ড ডা ৱৰ্ল্ড কিতাপখনত বৰ্ণনা কৰিছিল। তেওঁ এইদৰে লিখিছিল: “তাড়নাৰ সময়ত খ্ৰীষ্টানসকলে প্ৰবল প্ৰতিবাদ কৰিছিল বুলি কোনো সঠিক প্ৰমাণ পোৱা নাযায়। কিয়নো তেওঁলোকৰ বাবে শাসকসকলক বিৰোধ কৰা বা তাৰ পৰা পলাই গৈ শাসকসকলক নিৰুদ্যম কৰাটো এটা ভাবিব নোৱাৰা কথা আছিল। প্ৰকৃত খ্ৰীষ্টানসকলে কেৱল তেতিয়াহে তাড়না আৰু অত্যাচাৰৰ সম্মুখীন হৈছিল যেতিয়া তেওঁলোকে চৰকাৰৰ আজ্ঞাৰ পৰিৱৰ্তে যীচুৰ আজ্ঞা পালন কৰিবলৈ দৃঢ় হৈ থাকিল।”

১২. তাড়নাত প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে সহন কৰাটো কিয় উত্তম?

১২ তেওঁলোকে লোৱা তেনে সঠিক পদক্ষেপ ব্যৱহাৰিক আছিলনে? তেনে কৰাৰ দ্বাৰা তেওঁলোকে নিজলৈ অত্যাধিক অত্যাচাৰ চপাই লোৱা নাছিলনে? নিজকে প্ৰতিৰক্ষা কৰাটো সুবিবেচক নহয়নে? মানৱীয় দৃষ্টিভঙ্গীৰে চালে তেনে কৰাটো সুবিবেচক নহʼবও পাৰে। কিন্তু ঈশ্বৰীয় দৃষ্টিভঙ্গীৰে আমি লোৱা পদক্ষেপটো একেবাৰে উত্তম। আমি পাঁচনি পিতৰে কোৱা এই কথাষাৰ মনত ৰাখা উচিত: “সৎকৰ্ম্ম কৰি দুখভোগ কৰিলে, যদি সহন কৰা, তেন্তে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।” (১ পিতৰ ২:২০) আমি জানো যে যিহোৱাই অতি সোনকালে পৰিস্থিতিবোৰ সলনি কৰিব। এই বিষয়ে আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ? বাবিলত বন্দী হৈ থকা তেওঁৰ লোকসকলক যিহোৱাই এইদৰে কৈছিল: “যি জনে তোমালোকক স্পৰ্শ কৰে, সেই জনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।” (জখৰিয়া ২:৮) এজন ব্যক্তিয়ে কিমানবাৰ নিজৰ চকুৰ মণি আনক স্পৰ্শ কৰিবলৈ দিব? ইয়াত কোনো সন্দেহ নাই যে যিহোৱাই উচিত সময়ত উপশম প্ৰদান কৰিব।—২ থিচলনীকীয়া ১:৫-৮.

১৩. শত্ৰুবিলাকে ধৰিবলৈ অহাত যীচুৱে কিয় বাধা দিয়া নাছিল?

১৩ এই ক্ষেত্ৰত আমি যীচুৰ আৰ্হিক নিবিড়ভাৱে অনুকৰণ কৰিব পাৰোঁ। গেৎচিমানী বাগিছাত যীচুৱে নিজকে শত্ৰুৰ হাতত শোধাই দিয়াৰ অৰ্থ এইটো নাছিল যে তেওঁ নিজকে ৰক্ষা কৰিব নোৱাৰিলে। দৰাচলতে তেওঁ শিষ্যসকলক এইদৰে কৈছিল: “মোৰ পিতৃয়ে যিহতে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গদূত পঠাই দিব, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে? কিন্তু তাক কৰিলে, এইদৰে ঘটিব লাগে বুলি কোৱা শাস্ত্ৰীয় বচন কেনেকৈ সিদ্ধ হব?” (মথি ২৬:৫৩, ৫৪) যীচুৰ বাবে দুখভোগ কৰাতকৈ যিহোৱাৰ ইচ্ছাক পালন কৰাটো সকলোতকৈ গুৰুত্বপূৰ্ণ আছিল। গীতমালা ৰচোঁতা ৰজা দায়ূদে লিখা এই বাক্যবোৰৰ ওপৰত তেওঁৰ সম্পূৰ্ণ ভাৰসা আছিল: “তুমি মোৰ প্ৰাণ চিয়োলত পৰিত্যাগ নকৰিবা, তোমাৰ পবিত্ৰ জনক ক্ষয়স্থান দেখিবলৈ নিদিবা।” (গীতমালা ১৬:১০) যীচুৰ বিষয়ে বহু বছৰৰ পিছত পাঁচনি পৌলেও এইদৰে কৈছিল: “তেওঁ তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয়জ্ঞান কৰি, [যাতনা স্তম্ভত, NW] যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।”—ইব্ৰী ১২:২.

যিহোৱাৰ নাম পবিত্ৰ কৰাৰ আনন্দ

১৪. কেনে আনন্দই যীচুক তাড়নাৰ সম্মুখীন হোৱাত সহায় কৰিলে?

১৪ অমানুষিক তাড়নাৰ সম্মুখীন হোৱা স্বত্বেও যীচুৱে কেনে ধৰণৰ আনন্দ অনুভৱ কৰিছিল? যিহেতু ঈশ্বৰৰ প্ৰিয় পুত্ৰ অৰ্থাৎ যীচু চয়তানৰ সকলোতকৈ প্ৰমুখ শত্ৰু আছিল। সেইবাবে তেওঁ চয়তানক মিছলীয়া কৰিবলৈ তাড়নাৰ সময়ত সম্পূৰ্ণকৈ অখণ্ডতা বজাই ৰাখিলে। (হিতোপদেশ ২৭:১১) আপুনি কল্পনা কৰিব পাৰিবনে যে যীচুৱে পুনৰুত্থান হৈ কিমান সন্তুষ্টি পাইছিল? তেওঁ এজন সিদ্ধ মানৱৰূপে যিহোৱাৰ সাৰ্ব্বভৌমত্বক দোষ নিবাৰণ আৰু তেওঁৰ নাম পবিত্ৰকৰণ কৰাত আদায় কৰা তেওঁৰ ভূমিকাৰ বিষয়ে জানি তেওঁ নিশ্চয়ে অধিক আনন্দিত হৈছিল! ইয়াৰ উপৰিও তেওঁ ‘ঈশ্বৰৰ সোঁহাতে বহিবলৈ’ পোৱা সেই মহান অধিকাৰ লাভ কৰি অতিশয় আনন্দিত হৈছিল।—গীতমালা ১১০:১, ২; ১ তীমথিয় ৬:১৫, ১৬.

১৫, ১৬. চাক্‌চেনহাউছেন নামৰ যাতনা শিবিৰত বন্দী হৈ থকা যিহোৱাৰ সাক্ষীসকলে কেনে অমানুষিক যাতনাৰ সম্মুখীন হৈছিল আৰু কিহে তেওঁলোকক দৃঢ় হৈ থাকিবলৈ শক্তি প্ৰদান কৰিলে?

১৫ যীচুৰ আৰ্হিক অনুকৰণ কৰি খ্ৰীষ্টানসকলেও যিহোৱাৰ নাম পবিত্ৰ কৰাত সহভাগী হৈ একেইদৰে আনন্দিত হʼব পাৰে। উদাহৰণস্বৰূপে, চাক্‌চেনহাউছেন নামৰ যাতনা শিবিৰত বন্দী হৈ থকা আৰু পিছলৈ দ্বিতীয় বিশ্ব যুদ্ধৰ সমাপ্তিত অতি কষ্টদায়ক মৃত্যু-পদযাত্ৰাত ৰক্ষা পোৱা এজন যিহোৱাৰ সাক্ষীৰ বিষয়ে বিবেচনা কৰক। সেই পদযাত্ৰাত হাজাৰ হাজাৰ লোকে ৰোগ, ভোকাতুৰ অৱস্থা আৰু এচ এচ গাৰ্ডবিলাকে কৰা নিৰ্মম অত্যাচাৰত নিজৰ প্ৰাণ হেৰুৱাব লগীয়া হৈছিল। কিন্তু তেওঁলোকৰ ভিতৰত ২৩০ জন যিহোৱাৰ সাক্ষীয়ে নিজৰ জীৱন বিপদপন্ন কৰিও ইজনে সিজনক চোৱা-চিতা কৰি ৰক্ষা পাইছিল।

১৬ তেনে ভয়ানক তাড়নাৰ সম্মুখীন হʼবলৈ কিহে সেই যিহোৱাৰ সাক্ষীৰ ভাইবিলাকক সহায় কৰিছিল? তেওঁলোকে যেতিয়া সুৰক্ষিতভাৱে গন্তব্যস্থানত উপস্থিত হৈ আনন্দিত আৰু যিহোৱালৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ বিষয়ে “ছখন বিভিন্ন দেশৰ পৰা অহা ২৩০ জন যিহোৱাৰ সাক্ষীয়ে মেকলেনৱাৰ্গৰ চেকৱৰিন অৰণ্যত একত্ৰিত হোৱা” নামৰ দলিলখনত প্ৰকাশ পাইছিল। সেই দলিলখনত এনেদৰে উল্লেখ কৰা হৈছিল: “আমি এক ভয়ানক পৰীক্ষাৰ মাজেৰে পাৰ হৈ আহিলোঁ আৰু যিসকলে ৰক্ষা পালে তেওঁলোকক যেন জলন্তময় অগ্নিকুণ্ডৰ পৰা উলিয়াই অনা হʼল যʼত জুয়ে পোৰাৰ কোনো গোন্ধ তেওঁলোকত পোৱা নগʼল। (দানিয়েল ৩:২৭ পদটো চাওক) সেই ভয়ানক পৰীক্ষাৰ বিপৰীতে তেওঁলোকে যিহোৱাৰ পৰা সম্পূৰ্ণকৈ শক্তি লাভ কৰিলে আৰু ঈশ্বৰশাসিত কাৰ্য্যক আগবঢ়াবলৈ ঈশ্বৰৰ ৰাজ্যত নিযুক্তি হোৱা ৰজাজনৰ পৰা নিৰ্দ্দেশনা পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰিব ধৰিলে।” *

১৭. বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলে কেনে ধৰণৰ পৰীক্ষাবোৰৰ সম্মুখীন হৈছে?

১৭ বৰ্তমান সময়ত আমি যদিও “তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই” তথাপিও সেই ২৩০ জনৰ দৰে আমাৰ বিশ্বাসো পৰীক্ষিত হʼব পাৰে। (ইব্ৰী ১২:৪) কিন্তু তেনে পৰীক্ষা বহুতো প্ৰকাৰে আহিব পাৰে। যেনে, সহপাঠী বা সমকক্ষ ব্যক্তিসকলে অনৈতিক বা দুষ্কাৰ্য্য কৰ্ম্ম কৰিবলৈ হেঁচা দিব পাৰে। তদুপৰি সেই পৰীক্ষাত তেজ লোৱা বা খোৱাৰ পৰা বিৰত থকা, কেৱল প্ৰভুত বিশ্বাস কৰা জনলৈ বিয়া হোৱা বা বিভক্ত পৰিয়ালত থাকি নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰীয় নিৰ্দ্দেশনা দিয়াৰ বাবে তাড়নাৰ সম্মুখীন হোৱাও সন্মিলিত আছে।—পাঁচনিৰ কৰ্ম্ম ১৫:২৯; ১ কৰিন্থীয়া ৭:৩৯; ইফিচীয়া ৬:৪; ১ পিতৰ ৩:১, ২.

১৮. আমি কঠিন পৰীক্ষাত সহন কৰিব পাৰিম বুলি আমাৰ ওচৰত কেনেধৰণৰ আশ্বাস আছে?

১৮ যিহোৱা আৰু তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিয়া আৰু তেনে কৰাটো আমাৰ বাবে এক বিশেষাধিকাৰ বুলি গণ্য কৰাৰ হেতুকে আমি ক্লেশৰ সম্মুখীন হʼবলগীয়া হʼব পাৰে। এই বিষয়ে আমি পাঁচনি পিতৰৰ পৰা এইদৰে আশ্বাস পাওঁ: “যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা, তেন্তে তোমালোক ধন্য; কিয়নো গৌৰৱৰ আত্মা, অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে।” (১ পিতৰ ৪:১৪) যিহোৱাৰ আত্মাৰ দ্বাৰা সামৰ্থ্য পাই আমি যিকোনো পৰিস্থিতিতে তেওঁক মহিমা কৰিবলৈ সক্ষম হওঁ।—২ কৰিন্থীয়া ৪:৭; ইফিচীয়া ৩:১৬; ফিলিপীয়া ৪:১৩. (w03 10/1)

[ফুটনোটবোৰ]

^ ১৯৬০ দশকত হোৱা তাড়নাৰ আৰম্ভণিত মালাৱিত থকা যিহোৱাৰ সাক্ষীসকলে ক্ৰমানুসাৰে তিনি বছৰলৈকে অমানৱীয় আৰু পাশাৱিক দুখ-কষ্টত ভুগীবলগীয়া হৈছিল। উদাহৰণস্বৰূপে, তেওঁলোকৰ সম্পূৰ্ণ বিৱৰণীৰ বিষয়ে জানিবলৈ হʼলে ১৯৯৯ চনৰ যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক পুস্তক ১৭১-২১২ পৃষ্ঠাত চাওক।

^ এপ্ৰিল ১, ২০০১ চনৰ প্ৰহৰীবুৰুজ, ১১-১৪ পৃষ্ঠাত দিয়া “মুখ্য ন্যায়ালয়ে ‘অৰাৰট দেশত’ সত্য উপাসনাৰ স্বীকৃতি দিয়া” নামৰ লেখটো চাওক।

^ সেই দলিলখনৰ বিষয়ে বিস্তাৰিতভাৱে জানিবলৈ ১৯৭৪ চনৰ যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক পুস্তক, ২০৮-৯ পৃষ্ঠাত চাওক। সেই মৃত্যু-পদযাত্ৰাৰ বিষয়ে নিজেই বৰ্ণনা কৰা বিৱৰণীৰ বিষয়ে জানিবলৈ জানুৱাৰী ১, ১৯৯৮ চনৰ প্ৰহৰীবুৰুজ, ২৫-৯ পৃষ্ঠাত চাওক।

আপুনি উত্তৰ দিব পাৰিবনে?

• তাড়নাৰ প্ৰতি প্ৰকৃত খ্ৰীষ্টানসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱায়?

• যীচু আৰু অন্য বিশ্বাসীসকলে পৰীক্ষাৰ সময়ত দেখুৱা প্ৰতিক্ৰিয়াৰ পৰা আমি কি শিকিব পাৰোঁ?

• তাড়নাৰ সময়ত প্ৰবল প্ৰতিবাদ নকৰাটো কিয় বুদ্ধিমানৰ কাৰ্য্য?

• কেনে ধৰণৰ আনন্দই যীচুক পৰীক্ষাৰ সম্মুখীন হʼবলৈ সহায় কৰিছিল আৰু আমি তাৰ পৰা কি শিকিবলৈ পাওঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৭ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

তেওঁলোকে কেনেকৈ তাড়নাৰ সম্মুখীন হৈছিল

• দুই বছৰতকৈ কম বয়সীয়া আটাই লʼৰাক হত্যা কৰিবলৈ হেৰোদৰ সৈন্যবাহিনীয়ে যিৰূচালেম আহি পোৱাৰ পূৰ্বেই স্বৰ্গদূতৰ নিৰ্দ্দেশনাত যোচেফ আৰু মৰিয়মে নিজৰ সন্তানটিক লৈ মিচৰ দেশলৈ পলাই গৈছিল।—মথি ২:১৩-১৬.

• যীচুৱে দিয়া প্ৰভাৱকাৰী সাক্ষীৰ বাবে তেওঁৰ শত্ৰুবিলাকে বহুবাৰ তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। প্ৰত্যেকবাৰ যীচুৱে কৌশলেৰে আঁতৰি গৈছিল।—মথি ২১:৪৫, ৪৬; লূক ৪:২৮-৩০; যোহন ৮:৫৭-৫৯.

• যেতিয়া গেৎচিমানী বাগিছাত সৈন্য আৰু অধিকাৰীসকলে তেওঁক ধৰিবলৈ আহিছিল তেতিয়া যীচুৱে তেওঁলোকক দুবাৰকৈ এইদৰে কৈছিল: “ময়েই সেই জন।” আনকি যীচুৱে তেওঁক আটক কৰাৰ সময়ত শিষ্যবিলাককো প্ৰতিৰোধ কৰিবলৈ হাক দিছিল।—যোহন ১৮:৩-১২.

• যিৰূচালেমত পিতৰৰ সৈতে অন্য পাঁচনিবিলাককো আটক আৰু বেত্ৰাঘাত কৰি যীচুৰ নামেৰে প্ৰচাৰ নকৰিবলৈ আজ্ঞা দিছিল। তেওঁলোকে মুক্তি পাই “নিতৌ নিতৌ ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ, আৰু যীচুৱেই সেই খ্ৰীষ্ট বুলি প্ৰচাৰ কৰিবলৈ নেৰিলে।”—পাঁচনিৰ কৰ্ম্ম ৫:৪০-৪২.

• যেতিয়া দম্মেচকত থকা ইহুদীসকলে পাঁচনি পৌলক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচিছিল তেতিয়া তাৰ ভাইসকলে তেওঁক এটা পাচিত ভৰাই ৰাতিৰ ভিতৰতে গড়েদি নমাই পলাই যাবলৈ সহায় কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ৯:২২-২৫.

• বহু বছৰৰ পিছত কৈচৰৰ ওচৰত পাঁচনি পৌলে আপীল কৰে যদিও ফীষ্ট আৰু আগ্ৰিপ্পই “তেওঁত প্ৰাণদণ্ডৰ যোগ্য” কোনো কাৰণ বিচাৰি পোৱা নাছিল।—পাঁচনিৰ কৰ্ম্ম ২৫:১০-১২, ২৪-২৭; ২৬:৩০-৩২.

[১৮ পৃষ্ঠাৰ ছবিসমূহ]

যদিও অত্যাধিক উৎপীড়নৰ বাবে মালাৱিত যিহোৱাৰ সাক্ষীসকলে পলাই গৈছিল তথাপিও তেওঁলোকে আনন্দেৰে প্ৰচাৰ কাৰ্য্য কৰিছিল

[১৯ পৃষ্ঠাৰ ছবিসমূহ]

যিহোৱাৰ নাম পবিত্ৰ কৰা আনন্দই বিশ্বাসীসকলক নাজীৰ যাতনা শিবিৰ আৰু মৃত্যু-পদযাত্ৰাত সহনশীল হʼবলৈ সহায় কৰিছিল

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

মৃত্যু-পদযাত্ৰা: KZ-Gedenkstätte Dachau, courtesy of the USHMM Photo Archives

[২০ পৃষ্ঠাৰ ছবিসমূহ]

বহু প্ৰকাৰে পৰীক্ষা আৰু হেঁচা আহিব পাৰে