Skip to content

Skip to table of contents

প্ৰশ্ন অনেক কিন্তু কিছুমানহে সন্তুষ্টিদায়ক উত্তৰ

প্ৰশ্ন অনেক কিন্তু কিছুমানহে সন্তুষ্টিদায়ক উত্তৰ

প্ৰশ্ন অনেক কিন্তু কিছুমানহে সন্তুষ্টিদায়ক উত্তৰ

নবেম্বৰ ১ তাৰিখ ১৭৫৫ চনৰ ৰাতিপুৱা লিছবন নামৰ ঠাইত এটা বৰ ভূমিকম্প হয়, সেই সময়ছোৱাত তাৰ অধিক সংখ্যক লোক গীৰ্জাত উপস্থিত আছিল। হাজাৰ হাজাৰ অট্টালিকা খহি পৰে আৰু দহ হাজাৰৰো অধিক লোকে মৃত্যুক সাৱটি লবলগীয়া হʼল।

সেই ভয়াবহ ঘটনাৰ অলপ পিছতেই ফ্ৰান্স দেশৰ ভলটেয়াৰ নামৰ এজন লিখকে প্ৰকাশ কৰা পয়েম ছুৰ্‌ লে ডেচেছট্ৰা দে লিছবনে (লিছবন ধ্বংসৰ সম্পৰ্কে লিখা কবিতা), সেই ধ্বংস বাস্তৱতে পাপী মানুহক প্ৰতিফল দিবলৈহে ঈশ্বৰে আনিছিল। তদুপৰি এনেধৰণৰ ভয়ানক ঘটনাবোৰ হৈছে মানুহৰ বুজশক্তি বা বৰ্ণনাৰ বাহিৰত বুলি কৰা দাবীকো তেওঁ প্ৰত্যাখ্যান কৰে। সেয়েহে ভলটেয়াৰে এইদৰে কৈছিল:

কেৱল ভলটেয়াৰেই ঈশ্বৰৰ সম্পৰ্কে প্ৰশ্ন কৰা প্ৰথম ব্যক্তি আছিল, এনে নহয়। মানৱৰ গোটেই ইতিহাসত ঘটিত হোৱা দুৰ্ঘটনা আৰু ধ্বংসৰ সম্পৰ্কে মানুহৰ মনত বিভিন্ন প্ৰশ্ন উদয় হৈ আহিছে। হাজাৰ হাজাৰ বছৰৰ আগতে পূৰ্বপুৰুষ ইয়োবে নিজৰ সকলো লʼৰা-ছোৱালীক হেৰুৱাই আৰু নিজেও গম্ভীৰ ৰোগত আক্ৰান্ত হৈ ঈশ্বৰক উদ্দেশ্য কৰি এইদৰে সুধিছিল: “দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাবিলাকক কিয় জীয়াই থাকিবলৈ দিয়া হয়?” (ইয়োব ৩:২০) এজন উত্তম আৰু প্ৰেমময় ঈশ্বৰে কেনেকৈ পৃথিৱীত হোৱা অত্যন্ত অন্যায় আৰু ক্লেশবোৰত নিষ্ক্ৰিয় হৈ থকা বুলি ভাবি বৰ্তমান সময়ত বহুতে আচৰিত হয়।

বাস্তৱতে দুৰ্ভিক্ষ, যুদ্ধ, বেমাৰ আৰু মৃত্যুৰ সম্মুখীন হোৱাৰ বাবে এজন সৃষ্টিকৰ্ত্তাই যে মানৱজাতিৰ প্ৰতি চিন্তা কৰে সেই বিষয়ে বহুতে বিশ্বাস কৰিবলৈ ত্যাগ দিছে। এজন নাস্তিকবাদী দাৰ্শনিকে এইদৰে কয়: “যদিহে ঈশ্বৰ অস্তিত্বত নাই . . . কেৱল তেতিয়া কʼব পাৰি যে বৰ্তমানে কণ-কণ লʼৰা-ছোৱালীয়ে ভুগী থকা ক্লেশৰ বাবে তেওঁ দায়ী নহয়।” দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হোৱা ব্যাপক হত্যাকাণ্ডৰ ঘটনাৰ বাবেও লোকবিলাকে একেই সিদ্ধান্তত উপনীত হৈছে। এই বিষয়ে এজন ইহুদী লিখকে লিখা সংবাদপত্ৰত কি লিখিছিল তাক লক্ষ্য কৰক, তেওঁ এইদৰে লিখিছিল: “অউস্খ্‌উইট্‌জ যাতনা শিবিৰত লোকবিলাকৰ উৎপীড়নৰ বিষয়ে কৰা বৰ্ণনাত এইটো দেখা গʼল যে মানুহৰ বিষয়বোৰত হস্তক্ষেপ কৰিবলৈ কোনো ঈশ্বৰ নাই।” ১৯৯৭ চনত কৰা এটা জৰীপৰ অনুসাৰে কেথলীক ধৰ্ম্ম থকা ফ্ৰান্স দেশত প্ৰায় ৪০ শতাংশ লোকে ১৯৯৪ চনত ৰোৱাণ্ডাৰ গণহত্যাৰ বাবে ঈশ্বৰৰ অস্তিত্বক বিশ্বাস কৰিবলৈ কঠিন অনুভৱ কৰে।

বিশ্বাসত প্ৰতিবন্ধক জন্মোৱাৰ এটা কাৰণনে?

বৰ্তমান সময়ত যি ঘটি আছে তাত ঈশ্বৰে হস্তক্ষেপ নকৰে কিয়? এজন কেথলীক ইতিহাসকাৰে এইদৰে কয় যে এই প্ৰশ্নটো বহুতৰ বাবে “বিশ্বাসত প্ৰতিবন্ধক জন্মোৱাৰ এটা কাৰণ” হৈ পৰিছে। তেওঁ এইদৰে সুধিছিল: “জগতত বহুতো নিৰ্দোষী ব্যক্তিয়ে অকালতে মৃত্যুক সাৱটি লবলগীয়া আৰু গণহত্যাৰ দৰে আন আন ঘটনাক প্ৰতিৰোধ কৰিব নোৱাৰা তেনে এজন ঈশ্বৰক বিশ্বাস কৰাটো সম্ভৱ হʼবনে?”

লা ক্ৰইক্স নামৰ কেথলীক বাতৰিকাকতৰ এজন সম্পাদকেও একেইদৰে মন্তব্য দি এইদৰে কয়: “অতীতত হোৱা কোনো শোকজনক ঘটনা, উদ্যোগীক উন্নতিৰ পৰা হোৱা দুৰ্ঘটনা, প্ৰাকৃতিক দুৰ্য্যোগ, সংগঠনমূলক অপৰাধ বা প্ৰিয়জনৰ মৃত্যুয়ে নহওঁক কিয়, এনে ঘটনাত সম্মুখীন হৈ সকলোৱে অৱশ্যেই আতঙ্কিত চকুৰে আকাশলৈ দৃষ্টি কৰি এই বুলি সুধিব: হে ঈশ্বৰ তুমি কʼত আছা? তেওঁ এজন পক্ষপাতিত্বহীন আৰু অন্যমনস্ক ঈশ্বৰ নহয়নে? অৱশ্যেই এই প্ৰশ্নসমূহৰ উত্তৰ পোৱা আৱশ্যক।

১৯৮৪ চনত দ্বিতীয় পোপ জন পৌলে লিখা চেলভিফেক্‌ ডলাৰিছ্‌ নামৰ নিজৰ প্ৰেৰকবাদী পত্ৰখনত সেই বিষয়টোৰ সম্পৰ্কে কিছুমান মন্তব্য দাঙি ধৰি এইদৰে লিখিছিল: “জগতখনৰ সৃষ্টিয়ে মানৱজাতিৰ সম্মুখত ঈশ্বৰৰ অস্তিত্ব, তেওঁৰ জ্ঞান, শক্তি আৰু তেওঁৰ শ্ৰেষ্ঠতাৰ বিষয়ে প্ৰকাশ কৰিলে। কিন্তু বৰ্তমান সময়ত ভুগী থকা দুষ্টতা, বিশেষকৈ দৈনন্দিনভাৱে হোৱা নিৰ্দ্দয়মূলক বহুতো অপৰাধ আৰু দোষী লোকৰ কোনো শাস্তি নোহোৱাৰ বাবে ঈশ্বৰৰ গুণসমূহক প্ৰবলভাৱে ম্লান কৰি তুলিছে।”

বাইবেলত এনে এজন প্ৰেমী আৰু শক্তিশালী ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে উল্লেখ কৰিছেনে যে যিজনে মানুহে ভুগী থকা সকলো দুখ-কষ্টক দেখিও অটল হৈ আছে? তেওঁ প্ৰত্যেকজন ব্যক্তি বা সকলোৱে সম্মুখীন হোৱা দুৰ্দশাত অন্তৰ্ৱৰ্তী হৈ সেইবোৰক প্ৰতিৰোধ কৰিবনে? বৰ্তমান সময়ত তেওঁ আমাৰ বাবে কোনো কাৰ্য্য কৰিবনে? এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ ভলটেয়াৰে নিজৰ বাক্যত এইদৰে উল্লেখ কৰিছিলনে, যʼত কোৱা হৈছে যে তেওঁ এনে “এজন ঈশ্বৰ যিজনে মানৱজাতিৰ সৈতে কথোপকথন কৰে”? এই প্ৰশ্নৰ উত্তৰ পাবলৈ অনুগ্ৰহ কৰি পিছৰ লেখটো পঢ়ক। (w03 10/1)

আমি কৰা কোনো প্ৰশ্নৰ উত্তৰ প্ৰকৃতিয়ে দিব নোৱাৰে;

আমাক এনে এজন ঈশ্বৰৰ আৱশ্যক যিজনে মানৱজাতিৰ সৈতে কথা কʼব পাৰে।

[৩ পৃষ্ঠাৰ ছবিসমূহ]

[৩ পৃষ্ঠাৰ ছবি]

১৭৫৫ চনত হোৱা লিছবনৰ ধ্বংসৰ বাবে ভলটেয়াৰে এইদৰে কবলৈ পৰিচালিত হʼল যে সেই দুৰ্ঘটনাক মানুহে বুজিব নোৱাৰে

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

ভলটেয়াৰ: From the book Great Men and Famous Women; Lisbon: J.P. Le Bas, Praça da Patriarcal depois do terramoto de 1755. Foto: Museu da Cidade/Lisboa

[৪ পৃষ্ঠাৰ ছবি]

ৰোৱাণ্ডাত হোৱা গণ্যহত্যাৰ দৰে আন আন ঘটনাবোৰক দেখি বহুতে ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে সন্দেহ কৰে

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

AFP PHOTO