Skip to content

Skip to table of contents

বিজয়ী হৈ পুৰস্কাৰ পাবলৈ ইন্দ্ৰিয়-দমন কৰক!

বিজয়ী হৈ পুৰস্কাৰ পাবলৈ ইন্দ্ৰিয়-দমন কৰক!

বিজয়ী হৈ পুৰস্কাৰ পাবলৈ ইন্দ্ৰিয়-দমন কৰক!

“যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁবিলাকে সকলো ভাৱে ইন্দ্ৰিয় দমন কৰে।”—১ কৰিন্থীয়া ৯:২৫.

১. ইফিচীয়া ৪:২২-২৪ পদৰ সামঞ্জস্যত কেনেকৈ লাখ লাখ লোকে যিহোৱাৰ ইচ্ছাক পালন কৰিবলৈ সন্মতি জনাইছে?

 যদি আপুনি এজন বাপ্তিষ্মাপ্ৰাপ্ত যিহোৱাৰ সাক্ষী তেন্তে অনন্ত জীৱনৰ পুৰস্কাৰ পাবলৈ স্বইচ্ছাৰে প্ৰতিযোগিতাত ভাগ লোৱাটো অৱশ্যেই সকলোৰে আগত প্ৰকাশ কৰিলে। আপুনি যিহোৱাৰ ইচ্ছাক পালন কৰিবলৈ সন্মতি জনালে। আমাৰ বহুতে নিজকে যিহোৱালৈ সমৰ্পণ কৰাৰ পূৰ্ব্বেই এনে কিছুমান সাল-সলনি কৰিবলগীয়া হৈছিল যি তেওঁৰ দৃষ্টিত গ্ৰহণযোগ্য। পাঁচনি পৌলে খ্ৰীষ্টানসকললৈ দিয়া এই পৰামৰ্শক আমি পালন কৰিলোঁ: “প্ৰবঞ্চনাৰ কু-অভিলাষৰ দৰে নষ্ট হৈ যোৱা পুৰাতন পুৰুষক পূৰ্ব্বকালৰ আচাৰৰ কথাত সলাই থৈ, . . . সত্যতাৰ ধাৰ্ম্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা।” (ইফিচীয়া ৪:২২-২৪) আন শব্দত কʼবলৈ গʼলে আমি নিজকে যিহোৱালৈ সমৰ্পণ কৰিলোঁ বুলি কোৱাৰ পূৰ্বেই আমি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য নোহোৱা পুৰাতন আচাৰ-ব্যৱহাৰক প্ৰত্যাখ্যান কৰিলোঁ।

২, ৩. ঈশ্বৰৰ অনুমোদনপ্ৰাপ্ত হʼবলৈ কেনে দুই প্ৰকাৰে সাল-সলনি কৰাৰ বিষয়ে ১ কৰিন্থীয়া ৬:৯-১২ পদত উল্লেখ কৰিছে?

যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰৰ বাক্যৰ সামঞ্জস্যত নথকা পুৰাতন আচাৰ-ব্যৱহাৰবোৰ ত্যাগ কৰা উচিত। কৰিন্থীয়া মণ্ডলীলৈ লিখা পত্ৰখনত পাঁচনি পৌলে এনে আচাৰ-ব্যৱহাৰবোৰৰ বিষয়ে উল্লেখ কৰিছিল, যʼত এইদৰে কৈছে: “নতুবা, অধৰ্ম্মীবিলাকে যে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব, ইয়াক তোমালোকে নাজানা নে কি? তোমালোকে ভ্ৰান্ত নহবা; ব্যভিচাৰী, দেৱপূজক, পৰস্ত্ৰীগামী, সুখাভিলাষী, পুংমৈথুনী, চোৰ, লুভীয়া, মতলীয়া, নিন্দক, বা অপহাৰক, এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।” আগলৈ তেওঁ প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে কৰা আৱশ্যকীয় সাল-সলনিৰ বিষয়ে এইদৰে কৈছিল: “তোমালোক কোনো কোনো তেনেকুৱা লোক আছিলা।” মন কৰিবলগীয়া এই যে ইয়াত পৌলে হোৱা বুলি নহয় আছিলা বুলি উল্লেখ কৰিছে।—১ কৰিন্থীয়া ৬:৯-১১.

এনে সাল-সলনি কৰাৰ উপৰিও অন্য সাল-সলনিৰ আৱশ্যক আছে বুলি পাঁচনি পৌলে উল্লেখ কৰি এনেদৰে কৈছিল: “মোলৈ সকলো অবাধ, কিন্তু সকলোৱেই হিতজনক নহয়।” (১ কৰিন্থীয়া ৬:১২) সেইবাবে বৰ্তমান সময়ত যিহোৱাৰ সাক্ষী হʼবলৈ ইচ্ছা কৰাসকলে এনেবোৰ বিষয়ৰ পৰা আঁতৰি থাকা আৱশ্যক যিবোৰ হিতজনক নহয়। কিয়নো এনে বিষয়বোৰে হয়তো গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা আমাৰ মন বিচলিত বা সময়ৰ অপব্যয় কৰাব পাৰে।

৪. যিহোৱাৰ সম্পৰ্পিত খ্ৰীষ্টানসকলে কি ক্ষেত্ৰত পাঁচনি পৌলৰ বাক্যশাৰীৰ সৈতে সন্মত হয়?

ঈশ্বৰলৈ বলপূৰ্বক নহয় কিন্তু ইচ্ছাকৃতভাৱে সমৰ্পণ কৰা হয়। যীচুৰ শিষ্য হোৱাৰ পিছত পাঁচনি পৌলে যি কৈছিল, তাৰ সৈতে সমৰ্পিত খ্ৰীষ্টানসকলে সন্মত হয়, যʼত এইদৰে কৈছে: “মই সকলোকে হানি যেন মানিলোঁ; . . . যেন খ্ৰীষ্টক লাভ কৰোঁ।” (ফিলিপীয়া ৩:৮, ৯) পাঁচনি পৌলে আনন্দৰে অল্পকলীয়া সুখ প্ৰদান কৰা বিষয়বোৰক প্ৰত্যাখ্যান কৰি একেৰাহে ঈশ্বৰৰ কাৰ্য্য কৰিবলৈ নিজকে সমৰ্পণ কৰিলে।

৫. পাঁচনি পৌলে কেনে ধৰণৰ দৌৰ প্ৰতিযোগিতাত সফলতাৰে ভাগ লৈছিল আৰু আমিও কেনেকৈ তেনেদৰে কৰিব পাৰোঁ?

অনন্ত জীৱনৰ প্ৰতিযোগিতাত ইন্দ্ৰিয়-দমন কৰি দৌৰি থকা পাঁচনি পৌলে অৱশেষত এইদৰে কৈছিল: “মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ; এতিয়াৰ পৰাই মোৰ নিমিত্তে ধাৰ্ম্মিকতাৰূপ কিৰীটি ৰাখি থোৱা হৈছে; ধাৰ্ম্মিক বিচাৰ-কৰ্ত্তা প্ৰভুৱে সেই দিনা তাক মোক দিবা; কেৱল মোকে নহয়, কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব।” (২ তীমথিয় ৪:৭, ৮) আমিও কেতিয়াবা তেওঁৰ দৰে কʼব পাৰিমনে? যদি আমি সেই দৌৰ শেষ নোহোৱা পৰ্য্যন্ত ইন্দ্ৰিয়-দমন কৰি একেৰাহে দৌৰি থাকোঁ তেন্তে নিশ্চয়ে পৌলৰ দৰে কʼব পাৰিম।

ইন্দ্ৰিয়-দমন কৰাত সুৎকৰ্ম্ম কৰাটোও সন্মিলিত আছে

৬. ইন্দ্ৰিয়-দমন শব্দটোৰ অৰ্থ কি আৰু কেনে দুই প্ৰকাৰে আমি ইয়াক দেখুৱাব পাৰোঁ?

বাইবেলত উল্লেখ কৰা “ইন্দ্ৰিয়-দমন” শব্দটো হীব্ৰু আৰু গ্ৰীক ভাষাত এজন ব্যক্তিয়ে নিজৰ শক্তি বা তেওঁ নিজকে নিয়ন্ত্ৰণ কৰাটো বুজাইছে। তদুপৰি হীব্ৰু আৰু গ্ৰীক ভাষাত প্ৰায়ে ইন্দ্ৰিয়-দমন শব্দটোৱে এজনে বেয়া কাৰ্য্য কৰাৰ পৰা নিজকে বিৰত ৰাখাটো বুজাই। আনহাতে সুৎকৰ্ম্ম কৰিবলৈও ইন্দ্ৰিয়-দমন কৰা আৱশ্যক। স্বাভাৱিকতে অসিদ্ধ মানৱে বেয়া কৰ্ম্ম কৰিবলৈ ইচ্ছা কৰে। সেইবাবে আমি দুই প্ৰকাৰে যুঁজিব লগীয়া হয়। (উপদেশক ৭:২৯; ৮:১১) বেয়া কৰ্ম্মৰ পৰা আঁতৰি থাকি আমি সৎকৰ্ম্ম কৰিবলৈ চেষ্টা কৰা উচিত। কিয়নো নিজৰ শৰীৰক সৎকৰ্ম্মলৈ পৰিচালিত কৰাৰ অৰ্থ হৈছে বেয়া কৰ্ম্মৰ পৰা নিজকে বিৰত ৰাখা।

৭. (ক) আমি কিহৰ বাবে ৰজা দায়ূদৰ দৰে প্ৰাৰ্থনা কৰা উচিত? (খ) কেনে বিষয়ৰ ওপৰত ধ্যান কৰাৰ দ্বাৰা আমি ইন্দ্ৰিয়-দমন কৰিবলৈ সহায় লাভ কৰিব পাৰিম?

যদি আমি ঈশ্বৰলৈ সমৰ্পিত কৰা অনুসাৰে জীবন-যাপন কৰিবলৈ বিচাৰো তেন্তে ইন্দ্ৰিয়-দমন কৰাটো অতি আৱশ্যক। এই ক্ষেত্ৰত আমি ৰজা দায়ূদৰ দৰে এইদৰে প্ৰাৰ্থনা কৰা উচিত: “হে ঈশ্বৰ, মোত শুদ্ধ মন সৃষ্টি কৰা; মোৰ অন্তৰত সুস্থিৰ আত্মা পুনৰায় জন্মোৱা।” (গীতমালা ৫১:১০) নৈতিকৰূপে ভুল বা শাৰীৰিক দুষ্কাৰ্য্যৰ পৰা আঁতৰি থাকি পোৱা লাভসমূহৰ ওপৰত আমি ধ্যান কেন্দ্ৰিত কৰিব পাৰোঁ। এনেধৰণৰ কাৰ্য্যত লিপ্ত থকা ক্ষতিৰ বিষয়ে বিবেচনা কৰক: যেনে, গম্ভীৰ শাৰীৰিক সমস্যাত পৰা, পৰিয়ালৰ সম্পৰ্কত বিঘিনি জন্মা আৰু অকালতে মৃত্যুক সাৱটি লোৱা। আনহাতে যিহোৱাৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰি পোৱা লাভসমূহৰ বিষয়ে বিবেচনা কৰক। তথাপিও এইটো মনত ৰাখা উচিত যে আমাৰ মন সকলোতকৈ কপটময়। (যিৰিমিয়া ১৭:৯) যিহোৱাৰ স্তৰসমূহৰ গুৰুত্বতাক বুজিবলৈ আমি নিজৰ মনটোক নিয়ন্ত্ৰণ কৰা উচিত।

৮. অভিজ্ঞতাৰ পৰা আমি কি শিকিব পাৰোঁ? বৰ্ণনা কৰক।

জীৱনৰ বহুতো অভিজ্ঞতাৰ পৰা আমি এইটো জানিব পাৰিছোঁ যে মাংসৰ অভিলাষে আমাৰ ইচ্ছাকৃত মনোভাৱক লুপ্ত কৰিব বিচাৰে। উদাহৰণস্বৰূপে, ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰৰ বিষয়ে বিবেচনা কৰক। এই জীৱন-ৰক্ষক বাৰ্ত্তাত ভাগ লবলৈ আগ্ৰহী হোৱা লোকসকলক দেখি যিহোৱাই আনন্দিত হয়। (গীতমালা ১১০:৩; মথি ২৪:১৪) আমাৰ বেছি সংখ্যক ভাই-ভনীৰ বাবে ৰাইজৰ আগত প্ৰচাৰ কৰাটো ইমান সহজ নাছিল। কিয়নো ইয়াৰ বাবে নিজৰ শৰীৰক “ঘুচিয়াই বশ কৰি” ৰাইজৰ আগত প্ৰচাৰ কৰিবলৈ নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছিল।—১ কৰিন্থীয়া ৯:১৬,  ২৭; ১ থিচলনীকীয়া ২:২.

“সকলো ভাৱে”

৯, ১০. “সকলো ভাৱে ইন্দ্ৰিয় দমন” কৰাৰ সৈতে কি সন্মিলিত আছে?

বাইবেলৰ অনুসাৰে “সকলো ভাৱে ইন্দ্ৰিয় দমন” কৰাৰ অৰ্থ কেৱল আমাৰ ক্ৰোধক দমন বা অনৈতিক আচৰণৰ পৰা আঁতৰি থকাটোৱে নুবুজায়। আমি হয়তো এই ক্ষেত্ৰবোৰত ইন্দ্ৰিয়-দমন গুণটোক বিকাশিত কৰাৰ বিষয়ে ভাবিব পাৰোঁ, তাৰ বাবে অৱশ্যেই প্ৰশংসাৰ পাত্ৰ হʼম। তথাপিও জীৱনৰ আন ক্ষেত্ৰবোৰৰ বিষয়ে কি কʼব পৰা যায়? উদাহৰণস্বৰূপে, আমি বিলাসিতাপূৰ্ণ উন্নয়নশীল দেশত বাস কৰিছোঁ। তেনে দেশত থাকি অনাৱশ্যকীয় বস্তুবোৰক প্ৰত্যাখ্যান কৰাটো আমাৰ বাবে সুবিবেচক নহʼবনে? পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক শিক্ষা দিয়া উচিত যে তেওঁলোকে যেন কেৱল চকুত লগা বস্তুবোৰ কিনা বা অবিবেচকভাৱে ধন ব্যয় নকৰে। তেওঁলোকে দিয়া তেনে পৰামৰ্শবোৰ কাৰ্য্যকাৰী হʼবলৈ স্বয়ং নিজেই আৰ্হি ৰাখা উচিত।—লূক ১০:৩৮-৪২.

১০ কেৱল প্ৰয়োজনীয় হোৱা বস্তুবোৰতে সন্তুষ্টি হৈ জীৱন-নিৰ্বাহ কৰি আমি নিজৰ ইচ্ছা শক্তিক দৃঢ় কৰিব পাৰোঁ। তদুপৰি ইয়ে আমাক নিজৰ ওচৰত থকা প্ৰয়োজনীয় ভৌতিক বস্তুত সন্তুষ্টি থাকি প্ৰয়োজনীয় অভাৱ পূৰণ নোহোৱাকৈ জীৱন-যাপন কৰা লোকসকলৰ প্ৰতি সমবেদনাশীল হʼবলৈ সহায় কৰিব। বাস্তৱতে সৰলতাৰে জীৱন-যাপন কৰাটো হৈছে “নিজৰ হকে চিন্তা কৰা” বা “আপুনিয়ে ইয়াৰ বাবে যোগ্য” নামৰ এই জনপ্ৰিয় উক্তিটোৰ একেবাৰে বিপৰীত। কিয়নো এই জগতে ব্যৱসায়ৰ লাভৰ অৰ্থে বিজ্ঞাপনসমূহৰ দ্বাৰা লোকসকলৰ মনত কেৱল নিজৰ বাবে জীয়াই থকা ভাৱনাক জগাই তুলিছে। এনে ভাৱনাই ইন্দ্ৰিয়-দমন কৰা প্ৰচেষ্টাত বাধা জন্মাব পাৰে। অলপতে ইউৰোপৰ এখন সমৃদ্ধিশীল চহৰত প্ৰকাশ পোৱা এখন আলোচনীত এইদৰে কৈছিল: “যিসকলে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত জীৱন-নিৰ্বাহ কৰিছে, তেওঁলোকে নিজৰ অদৰকাৰী বস্তুবোৰৰ প্ৰতি থকা মনোবৃত্তিক দমন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। কিন্তু ইয়াৰ বিপৰীতে কোনো অভাৱ নোহোৱা বৰ্তমান সময়ৰ চহকী সমাজত বাস কৰা সকলে অদৰকাৰী বস্তুবোৰৰ প্ৰতি থকা নিজৰ ইচ্ছাক দমন কৰিবলৈ কিমান যে প্ৰচেষ্টা কৰিবলগীয়া হʼব পাৰে!”

১১. কিয় সৰলভাৱে জীৱন-যাপন কৰিবলৈ শিকিব লাগে, কিন্তু কিহে তেনে কৰাত কঠিন কৰি তুলে?

১১ যদি প্ৰয়োজনীয় বা অপ্ৰয়োজনীয় কি বুলি নিৰ্ণয় লোৱাটো আমাৰ বাবে কঠিন হৈছে তেন্তে দায়িত্বহীন নোহোৱাকৈ কোনো কাৰ্য্য কৰাৰ পূৰ্বেই কিছুমান সঠিক পদক্ষেপ লোৱাটো উত্তম হʼব। উদাহৰণস্বৰূপে, যদি আমাৰ জধে-মধে টকা খৰচ কৰাৰ অভ্যাস আছে তেন্তে ধাৰত বস্তু নলবলৈ বা বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সঙ্কল্প কৰা উচিত। এই বিষয়ে পাঁচনি পৌলে কোৱা কথাশাৰীলৈ মন দিয়ক, “সন্তোষৰ সহিত ভক্তি মহা-লাভৰ উপায় হয়” আৰু আগলৈ তেওঁ যুক্তি দাঙি এইদৰে কৈছিল: “এই জগতলৈ আমি একোকে অনা নাই, আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ কিন্তু আমাৰ অন্ন-বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম।” (১ তীমথিয় ৬:৬-৮) আমিও তেওঁৰ দৰে ভাবোঁনে? সৰলভাৱে জীৱন-যাপন কৰাৰ অৰ্থ হৈছে যিকোনো প্ৰকাৰৰ আত্মপ্ৰশ্ৰয়শীলতা মনোবৃত্তিৰ পৰা বিৰত থাকিবলৈ আমাৰ ইচ্ছা শক্তি আৰু ইন্দ্ৰিয়-দমন কৰাক দৃঢ় কৰিবলৈ শিকা আৱশ্যক। কিয়নো ই হৈছে এক বহুমূলীয়া শিক্ষা।

১২, ১৩. (ক) খ্ৰীষ্টান সভাবোৰত কেনে প্ৰকাৰে ইন্দ্ৰিয়-দমন কৰা সন্মিলিত আছে? (খ) আমি আন কেনেবোৰ ক্ষেত্ৰত ইন্দ্ৰিয়-দমন কৰা আৱশ্যক?

১২ বিশেষকৈ খ্ৰীষ্টান সভা, সন্মিলন আৰু অধিৱেশনসমূহত উপস্থিত হোৱাৰ সময়ত ইন্দ্ৰিয়-দমন কৰাটো সন্মিলিত আছে। উদাহৰণস্বৰূপে, একাগ্ৰহতাৰে কাৰ্য্যক্ৰমৰ সকলো ভাগৰ প্ৰতি মনোযোগ দিবলৈ এই গুণটোৰ আৱশ্যক। (হিতোপদেশ ১:৫) ওচৰত বহি থকা জনৰ সৈতে ফুচ্‌ফুচাই কথা পাতি নাথাকি বক্তাজনৰ প্ৰতি সম্পূৰ্ণ ধ্যান কেন্দ্ৰিত কৰিবলৈ ইন্দ্ৰিয়-দমন কৰা আৱশ্যক হʼব পাৰে। সময়ৰ আগেয়ে সভাত উপস্থিত হʼবলৈ নিজৰ দৈনন্দিন কাৰ্য্যবোৰত সাল-সলনি কৰিবলৈ ইন্দ্ৰিয়-দমন কৰাৰ প্ৰয়োজন হʼব পাৰে। তদুপৰি সভাত ভাগ লʼবলৈ আৰু তাৰ বাবে নিজকে প্ৰস্তুত কৰাত আছুতীয়াকৈ সময় উলিয়াবলৈ ইন্দ্ৰিয়-দমন কৰা আৱশ্যক হʼব পাৰে।

১৩ সাধাৰণ বিষয়বোৰত প্ৰকাশ কৰা ইন্দ্ৰিয়-দমন গুণটোৱে ডাঙৰ বিষয়বোৰতো এই গুণটোক প্ৰকাশ কৰিবলৈ আমাৰ মনোবল দৃঢ় কৰি তুলিব। (লূক ১৬:১০) সেইবাবে আমি নিতৌ বাইবেল পাঠ, বাইবেল আধাৰিত আলোচনীবোৰ অধ্যয়ন আৰু ধ্যান কৰাৰ বিষয়ে শিকিবলৈ নিজকে অনুশাসন কৰাটো কিমানে যে উত্তম হʼব! তদুপৰি আমি অনুপযুক্ত চাকৰি, বন্ধুত্ব, আচাৰ-ব্যৱহাৰ, অভ্যাস আৰু এনে কাৰ্য্যবোৰ যিয়ে ঈশ্বৰৰ সেৱাত বাধা জন্মাই, তেনেবোৰৰ পৰা আঁতৰি থকাটো কিমান যে সুবিবেচক হʼব! যিহোৱাৰ সেৱাত নিজকে ব্যস্ত ৰাখাৰ অৰ্থ হৈছে এনেবোৰ বিষয়ৰ পৰা আঁতৰি থকা যিবোৰে আমাক যিহোৱাৰ বিশ্বব্যাপী মণ্ডলীৰ আধ্যাত্মিক পৰমদেশৰ পৰা আঁতৰাই নিব পাৰে।

ইন্দ্ৰিয়-দমন কৰাত পৰিপক্ক হোৱা

১৪. (ক) শিশুবোৰে ইন্দ্ৰিয়-দমন গুণটো বিকাশিত কৰিবলৈ কেনেকৈ শিকিব পাৰে? (খ) যেতিয়া তেওঁলোকে সৰুকালৰ পৰাই এই গুণটো বিকাশিত কৰিবলৈ শিকে তেতিয়া কেনে লাভসমূহ পাব পাৰে?

১৪ নতুনকৈ জন্ম হোৱা শিশুটিয়ে ইন্দ্ৰিয়-দমন কৰা দেখা নাযায়। শিশুৰ আচাৰ-ব্যৱহাৰৰ ওপৰত অধ্যয়ন কৰা বিশেষজ্ঞসকলে লিখা এখন কিতাপত এইদৰে প্ৰকাশ কৰিছিল: “ইন্দ্ৰিয়-দমন কৰা গুণটো আপোনা-আপুনিকৈ উৎপন্ন নহয়। এটা কনমাণি কেচুৱা আৰু খোজ কাঢ়িবলৈ লোৱা শিশুটিক পিতৃ-মাতৃৰ নিৰ্দ্দেশনা আৰু তেওঁলোকৰ পৰা ইন্দ্ৰিয়-দমন কৰিবলৈ শিকা আৱশ্যক। . . . পিতৃ-মাতৃৰ নিৰ্দ্দেশনা আৰু ইন্দ্ৰিয়-দমন কৰাৰ বিষয়ে শিকাটো স্কুল অৱস্থাত থকাৰ সময়ত বৃদ্ধি পায়।” চাৰি বছৰীয়া বয়সৰ লʼৰা-ছোৱালীৰ ওপৰত কৰা এটা জৰীপৰ অনুসাৰে এইটো জানিব পৰা গʼল যে যিসকলে কিছু পৰিমাণে ইন্দ্ৰিয়-দমনৰ গুণটো বিকাশিত কৰিবলৈ শিকিলে তেওঁলোকে “সাধাৰণতে নিজকে উত্তমৰূপে সাল-সলনি, জনপ্ৰিয়, দুঃসাহসী আৰু ভাৰসাযুক্ত কিশোৰ-কিশোৰী হিচাবে পৰিচয় দিয়ে।” আনহাতে যিসকলে এই বিষয়ে শিকা নাই তেওঁলোকে “নিজকে অকলশৰীয়া, সহজে নিৰুদ্যম আৰু জেদী হৈ পৰে। তেওঁলোকে বিভিন্ন হেঁচাৰ বশীভূত হয় আৰু প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ পৰা পলাই ফুৰিবলৈ চেষ্টা কৰে।” গতিকে সকলো পৰিস্থিতিতে উত্তমৰূপে খাপ খাই পৰিবলৈ এটি শিশুক ইন্দ্ৰিয়-দমন গুণটো বিকাশিত কৰা অতি আৱশ্যক।

১৫. ইন্দ্ৰিয়-দমন গুণটোৰ অভাৱ হোৱাৰ অৰ্থ কি আৰু ইয়াৰ বিপৰীতে বাইবেলত কেনে লক্ষ্যসমূহ ৰাখিবলৈ নিৰ্দ্ধাৰিত কৰিছে?

১৫ যদি আমি পৰিপক্ক খ্ৰীষ্টান হʼব বিচাৰো তেন্তে একেইদৰে ইন্দ্ৰিয়-দমন গুণটো বিকাশিত কৰা অতি আৱশ্যক। কিয়নো এই গুণটোৰ অভাৱ হোৱাৰ অৰ্থ হৈছে আমি এতিয়াও আধ্যাত্মিকভাৱে শিশু হৈ আছোঁ। তদুপৰি বাইবেলে আমাক “বিবেচনাত বয়সস্থ হোৱা” বুলি আগ্ৰহ কৰিছে। (১ কৰিন্থীয়া ১৪:২০) আমাৰ লক্ষ্য হৈছে “আমি সকলোৱে ঈশ্বৰৰ পুত্ৰবিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যত মিলি, সিদ্ধ পুৰুষৰ অৱস্থা, অৰ্থাৎ খ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ বয়সৰ পৰিমাণ” পোৱা। কিয় তেনে লক্ষ্য হোৱা উচিত? কিয়নো “দিয়াতে যেন আমি আৰু শিশু নহওঁ, আৰু মানুহৰ ঠগত, ধূৰ্ত্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ ঢলংপলং কৰোৱা, আৰু সকলো বিধ শিক্ষাৰূপ বতাহত ইফাল সিফাললৈ নিয়া নহওঁ।” (ইফিচীয়া ৪:১১, ১৪) বাস্তৱতে আমাৰ আধ্যাত্মিকতাৰ বাবে ইন্দ্ৰিয়-দমন বিকাশিত কৰাটো অতি গুৰুত্বপূৰ্ণ।

ইন্দ্ৰিয়-দমন গুণটো বিকাশিত কৰা

১৬. যিহোৱাই কেনেকৈ সহায় প্ৰদান কৰিছে?

১৬ এই গুণটো বিকাশিত কৰিবলৈ আমাক ঈশ্বৰীয় সহায়ৰ আৱশ্যক আৰু সেই সহায় আমাৰ বাবে উপলব্ধ আছে। ঈশ্বৰৰ বাক্য হৈছে এখন আৰ্চীৰ দৰে যিয়ে আমাৰ ব্যক্তিত্বত কেনে সাল-সলনি কৰা প্ৰয়োজন তাক জানিবলৈ সহায় আৰু কেনেকৈ সেই সলনি কৰিব পাৰি তাৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰে। (যাকোব ১:২২-২৫) এখন প্ৰেমময় ভাতৃত্বসমাজে সদায়েই তেনে সহায় আগবঢ়াবলৈ সাজু থাকে। তদুপৰি খ্ৰীষ্টান প্ৰাচীনসকলে সহানুভূতিশীল হৈ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰিও যদি আমি যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মা বিচাৰি তেওঁলৈ প্ৰাৰ্থনা কৰোঁ তেন্তে তেওঁ তাক উদাৰ মনেৰে প্ৰদান কৰে। (লূক ১১:১৩; ৰোমীয়া ৮:২৬) সেয়েহে আঁহক আমি ঈশ্বৰে কৰা এই ব্যৱস্থাবোৰক আনন্দেৰে গ্ৰহণ কৰোঁহঁক। এই বিষয়ে ২১ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহে আপোনাক হয়তো সহায় কৰিব পাৰে।

১৭. হিতোপদেশ ২৪:১৬ পদে আমাক কেনে উৎসাহ প্ৰদান কৰিছে?

১৭ যিহোৱাৰ মন আনন্দিত কৰাৰ সম্বন্ধে আমি কৰা প্ৰচেষ্টাক তেওঁ যে মূল্যাঙ্কন কৰে তাক জনাটো আমাৰ বাবে কিমান যে শান্ত্বনাদায়ক বিষয়! ইয়ে আমাক নিৰন্তৰে ইন্দ্ৰিয়-দমন গুণটো বিকাশিত কৰাৰ প্ৰচেষ্টাক প্ৰেৰিত কৰা উচিত। আমি যিমানেই বাধা-বিঘিনিৰ সম্মুখীন নহওঁ কিয় তথাপিও একেৰাহে চেষ্টা কৰি থকা উচিত। কিয়নো বাইবেলে এইদৰে কৈছে: “ধাৰ্ম্মিক লোক সাত বাৰ পৰিও আকৌ উঠে।” (হিতোপদেশ ২৪:১৬) যিমানেই যিহোৱাৰ মন আনন্দিত কৰোঁ সিমানেই আমি নিজেই আনন্দিত হওঁ। তদুপৰি আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱাই আমাত সন্তুষ্টি হয়। এই সম্পৰ্কে এজন সাক্ষী ভায়ে এইদৰে কয় যে, তেওঁ নিজকে যিহোৱালৈ সমৰ্পিত কৰা পূৰ্বে ইন্দ্ৰিয়-দমন কৰি প্ৰত্যেকবাৰে এহপ্তাহকৈ ধূমপান নকৰাৰ ফলস্বৰূপে খৰচ নোহোৱা সেই টকাৰে নিজলৈ যাৱতীয় বস্তু কিনিব পাৰিলে।

১৮. (ক) ইন্দ্ৰিয়-দমন কৰাত কেনে সংগ্ৰাম কৰা সন্মিলিত আছে? (খ) ইয়াৰ বাবে যিহোৱাই কেনে আশ্বাস প্ৰদান কৰিছে?

১৮ ইয়াৰ উপৰিও আমি মনত ৰাখা উচিত যে ইন্দ্ৰিয়-দমনৰ সৈতে মন আৰু আবেগ সন্মিলিত আছে। এই বিষয়ে আমি যীচুৰ বাক্যবোৰত এইদৰে পঢ়িবলৈ পাওঁ: “যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই তাইৰে সৈতে ব্যভিচাৰ কৰিলে।” (মথি ৫:২৮; যাকোব ১:১৪, ১৫) যিজনে মন আৰু আবেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকিলে তেওঁৰ বাবে নিজৰ শৰীৰকো দমন কৰাটো সহজ হʼব। গতিকে আঁহক আমি কেৱল কুভাবকেই নহয় কিন্তু বেয়া কাৰ্য্যৰ পৰাও বিৰত থাকিবলৈ দৃঢ়সঙ্কল্প লওঁহঁক। যদি সেইবোৰ মনলৈ আহে তেন্তে অনতি পলমে দূৰ কৰা আৱশ্যক। আমি প্ৰাৰ্থনাৰ দ্বাৰা নিজৰ দৃষ্টি যীচুত কেন্দ্ৰিত কৰি প্ৰলোভনৰ পৰা আঁতৰি থাকিব পাৰোঁ। (১ তীমথিয় ৬:১১; ২ তীমথিয় ২:২২; ইব্ৰী ৪:১৫, ১৬) তেনে কৰাৰ দ্বাৰা আমি গীতমালা ৫৫:২২ পদত উল্লেখ কৰা এই পৰামৰ্শটো পালন কৰিম: “যিহোৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্ম্মিকক কেতিয়াও লৰচৰ হবলৈ নিদিব।”(w03 10/15)

আপোনাৰ মনত আছেনে?

• কেনে দুই প্ৰকাৰে আমি ইন্দ্ৰিয়-দমন গুণটো বিকাশিত কৰিব পাৰোঁ?

• “সকলো ভাৱে ইন্দ্ৰিয় দমন” কৰাৰ অৰ্থ কি?

• এই লেখটোত ইন্দ্ৰিয়-দমন সম্বন্ধে দিয়া কেনে ব্যৱহাৰিক পৰামৰ্শসমূহৰ বিষয়ে আপুনি লক্ষ্য কৰিব পাৰিলে?

• ইন্দ্ৰিয়-দমন গুণটো কʼৰ পৰা আৰম্ভ হয়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩১ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

ইন্দ্ৰিয়-দমন কৰা গুণটো কেনেকৈ অধিক দৃঢ় কৰিব পাৰি

• সৰু সৰু বিষয়বোৰতো ইয়াক বিকাশিত কৰিবলৈ চেষ্টা কৰক

• ইয়াৰ ফলত পোৱা বৰ্তমান আৰু ভৱিষ্যতৰ লাভসমূহৰ বিষয়ে মনোযোগ দিয়ক

• বেয়াক প্ৰত্যাখ্যান কৰি ঈশ্বৰে ভাল পোৱা কাৰ্য্য কৰক

• অনুচিত বিচাৰধাৰাবোৰ শীঘ্ৰেই ত্যাগ কৰক

• আপোনাৰ মনটোত আধ্যাত্মিক বিষয়বোৰেৰে পূৰণ কৰক

• পৰিপক্ক খ্ৰীষ্টানসকলে দিয়া সহায় গ্ৰহণ কৰক

• প্ৰলুব্ধকাৰী অৱস্থাৰ পৰা বিৰত থাকক

• প্ৰলোভনৰ সময়ত যিহোৱাৰ সহায় বিচাৰি প্ৰাৰ্থনা কৰক

[২৯ পৃষ্ঠাৰ ছবিসমূহ]

ইন্দ্ৰিয়-দমন গুণটোৱে আমাক সৎকৰ্ম্ম কৰিবলৈ প্ৰেৰিত কৰে