Skip to content

Skip to table of contents

‘ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰা’

‘ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰা’

‘ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰা’

“তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি, ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা।”—২ তীমথিয় ২:১৫.

১, ২. (ক) কাৰিকৰসকলক কিয় সঁজুলিবোৰৰ আৱশ্যক? (খ) প্ৰকৃত খ্ৰীষ্টানসকলে কেনে কাৰ্য্যত জড়িত আছে আৰু তেওঁলোকে কেনেকৈ ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াৰ প্ৰমাণ দিছে?

 কাৰিকৰসকলক নিজৰ কাৰ্য্যক সম্পন্ন কৰিবলৈ সঁজুলিৰ আৱশ্যক। কিন্তু তেওঁলোকৰ সেই কাৰ্য্যক সম্পন্ন কৰিবলৈ এটা সঁজুলিয়ে যথেষ্ট নহয়। এজন কাৰিকৰে উপযুক্ত সঁজুলিৰে সঠিকভাৱে কাৰ্য্য কৰা উচিত। উদাহৰণস্বৰূপে, যদি আপুনি এটা চালি ঘৰৰ বাবে দুটুকুৰা কাঠ একেলগ কৰিব বিচাৰিছে তেন্তে আপোনাক হাতুৰী আৰু গজালৰ উপৰিও আন আন সঁজুলিৰ আৱশ্যক। তদুপৰি আপুনি জনা উচিত যে কাঠডোখৰত বেঁকা নোহোৱাকৈ কেনেকৈ গজালটো মাৰিব পাৰি। যদি হাতুৰী ব্যৱহাৰ কৰিব নাজানে তেন্তে অৱশ্যেই আপোনাৰ বাবে অধিক কষ্টকৰ আৰু নিৰুৎসাহজনক হʼব পাৰে। কিন্তু সঁজুলিসমূহ ঠিকৰূপে ব্যৱহাৰ কৰিলে আমি উত্তম পৰিণাম লাভ কৰিব পাৰিম।

প্ৰকৃত খ্ৰীষ্টান হোৱা হেতুকে আমাৰ সকলোৰে কৰিবলগীয়া এক কাৰ্য্যৰ দায়িত্ব আছে। সেই কাৰ্য্য হৈছে সকলোতকৈ আৱশ্যকীয়। সেই কাৰ্য্যৰ সম্বন্ধে যীচুৱে তেওঁৰ শিষ্যসকলক ‘প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচাৰা’ বুলি উৎসাহিত কৰিছিল। (মথি ৬:৩৩) আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যক বিচাৰিব পাৰোঁ? ইয়াৰ প্ৰথমটো পদ্ধতি হৈছে প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত উৎসাহী হৈ ভাগ লোৱা। দ্বিতীয়টো হৈছে আমাৰ প্ৰচাৰ কাৰ্য্য দৃঢ়ভাৱে ঈশ্বৰৰ বাক্যৰ ওপৰত আধাৰিত হোৱা উচিত। তৃতীয়টো হৈছে উত্তম আচাৰ-ব্যৱহাৰ। (মথি ২৪:১৪; ২৮:১৯, ২০; পাঁচনিৰ কৰ্ম্ম ৮:২৫; ১ পিতৰ ২:১২) প্ৰকৃত খ্ৰীষ্টানসকলক নিযুক্তি কৰা এই কাৰ্য্যত ফলদায়ক আৰু আনন্দিত হʼবলৈ আমি সঁজুলিবোৰ কেনেকৈ সঠিকৰূপে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ জ্ঞান থকা আৱশ্যক। পৰিশ্ৰমী খ্ৰীষ্টান ব্যক্তি হিচাবে পাঁচনি পৌলে এক উৎকৃষ্ট আৰ্হি ৰাখিলে আৰু তেওঁ নিজেই ৰাখা আৰ্হিক অনুকৰণ কৰিবলৈ সঙ্গী ভাইসকলক উৎসাহিত কৰিছে। (১ কৰিন্থীয়া ১১:১; ১৫:১০) এতেকে আমি আমাৰ সহকৰ্ম্মী পাঁচনি পৌলে ৰাখা আৰ্হিৰ পৰা কি শিকিব পাৰোঁ?

পাঁচনি পৌল এজন উৎসাহী ৰাজ্যৰ প্ৰচাৰক আছিল

৩. পাঁচনি পৌলক কিয় উৎসাহী ৰাজ্যৰ প্ৰচাৰক বুলি কʼব পাৰি?

পাঁচনি পৌল এজন কেনে ধৰণৰ কৰ্ম্মী আছিল? তেওঁ অৱশ্যেই উৎসাহী কৰ্ম্মী আছিল। উদাহৰণস্বৰূপে, ভূমধ্য সাগৰীয় অঞ্চলৰ ওচৰ-পাজৰে থকা সকলো ঠাইতে শুভবাৰ্ত্তা শুনাবলৈ তেওঁ অত্যাধিক পৰিশ্ৰম কৰিছিল। উৎসাহী হৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সম্বন্ধে তেওঁ এইদৰে কৈছিল: “মই শুভবাৰ্ত্তা প্ৰচাৰ কৰিলেও, সেয়ে মোলৈ শ্লাঘাৰ কাৰণ নহয়; কিয়নো, নিশ্চয়ে কৰিব লগীয়া কৰ্ম্মৰ ভাৰহে মোৰ ওপৰত দিয়া হৈছে; কাৰণ, শুভবাৰ্ত্তা প্ৰচাৰ নকৰিলে মোৰ সন্তাপ হব।” (১ কৰিন্থীয়া ৯:১৬) তেওঁ কেৱল নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ আগ্ৰহী আছিলনে? অৱশ্যেই নাছিল। কিয়নো তেওঁ এজন নিস্বাৰ্থপৰ ব্যক্তি আছিল। সেয়েহে তেওঁৰ ইচ্ছা আছিল যে আনেও যেন শুভবাৰ্ত্তাৰ পৰা লাভৱান হয়। সেইবাবে তেওঁ এইদৰে লিখিছিল: “মই যি যি কৰোঁ, সেই সকলোকেই শুভবাৰ্ত্তাৰ নিমিত্তে, অৰ্থাৎ তাৰ সহভাগী হবলৈহে কৰোঁ।”—১ কৰিন্থীয়া ৯:২৩.

৪. প্ৰকৃত খ্ৰীষ্টানসকলে ব্যৱহাৰ কৰা প্ৰমুখ সঁজুলিটো কি?

এজন নিষ্ঠাৱান কৰ্ম্মী হোৱা হেতুকে পাঁচনি পৌলে ভালদৰে জানিছিল যে এই কাৰ্য্য তেওঁ নিজৰ বল বা শক্তিৰে সম্পন্ন কৰিব নোৱাৰে। যিদৰে এজন কাঠমিস্ত্ৰীক হাতুৰীৰ আৱশ্যক ঠিক সেইদৰে পাঁচনি পৌলক নিজৰ শুনোতাসকলৰ হৃদয়ত ঈশ্বৰৰ বাক্য ৰোপণ কৰিবলৈ সঠিক সঁজুলিৰ প্ৰয়োজন আছিল। পাঁচনি পৌলে বিশেষকৈ কেনে সঁজুলিৰ ব্যৱহাৰ কৰিছিল? তেওঁ ঈশ্বৰৰ বাক্য অৰ্থাৎ পবিত্ৰ শাস্ত্ৰ ব্যৱহাৰ কৰিছিল। ঠিক সেইদৰে সম্পূৰ্ণ বাইবেলখন হৈছে এক প্ৰমুখ সঁজুলি যি আমাক শিষ্য বনোৱা কাৰ্য্যত সহায় কৰে।

৫. ঈশ্বৰৰ কাৰ্য্যকাৰী সেৱক হʼবলৈ আমি শাস্ত্ৰীয় পদ উদ্ধৃত কৰাৰ উপৰিও আৰু কি কৰা আৱশ্যক?

পাঁচনি পৌলে জানিছিল যে ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰাত কেৱল শাস্ত্ৰীয় পদবোৰ উদ্ধৃত কৰাটোৱেই যথেষ্ট নহয়। তেওঁ “প্ৰবৃত্তি” জন্মোৱা পদ্ধতি ব্যৱহাৰ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২৮:২৩) কেনেকৈ ব্যৱহাৰ কৰিছিল? তেওঁ নিপুণভাৱে ঈশ্বৰৰ বাক্যক বিভাগ কৰিছিল যাতে বহুতে সত্যতাক গ্ৰহণ কৰিব পাৰে। তেওঁ যুক্তি দৰ্শাই তেওঁলোকক বুজাইছিল। উদাহৰণস্বৰূপে, তেওঁ ইফিচৰ এটা নামঘৰত তিনিমাহ ধৰি “ঈশ্বৰৰ ৰাজ্য-বিষয়ৰ কথা লৈ বাদ-বিচাৰ কৰি মানুহবিলাকক প্ৰবৃত্তি” জন্মাইছিল। যিহেতু তেওঁলোকৰ “কেইজনমান মানুহে কঠিনমনা আৰু আবাধ্য হৈ” গুচি গৈছিল আৰু অন্যবিলাকে তেওঁৰ প্ৰতি মনোযোগ দিছিল। পৰিণামস্বৰূপে, ইফিচত কৰা তেওঁৰ প্ৰচাৰ কাৰ্য্যৰ বাবে “[যিহোৱাৰ NW] বাক্য ব্যাপ্ত হৈ জয়ী হʼল।”—পাঁচনিৰ কৰ্ম্ম ১৯:৮, ৯, ২০.

৬, ৭. পাঁচনি পৌলে কেনেকৈ নিজৰ পৰিচৰ্য্যা কাৰ্য্যক গৌৰৱান্বিত কৰিছিল আৰু আমিও সেইদৰে কেনেকৈ কৰিব পাৰোঁ?

এজন উৎসাহী ৰাজ্যৰ প্ৰচাৰক হোৱা হেতুকে পাঁচনি পৌলে ‘পৰিচৰ্য্যা-পদৰ গৌৰৱ কৰিছিল।’ (ৰোমীয়া ১১:১৩) তেওঁ কেনেকৈ গৌৰৱ কৰিছিল? তেওঁ সকলোৰে পৰিচিত হʼবলৈ আগ্ৰহীও নাছিল আৰু ঈশ্বৰৰ পৰিচাৰক হিচাবে সকলোকে শুভবাৰ্ত্তা শুনোৱাত লজ্জিতো হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ পৰিচৰ্য্যাক উচ্চ অধিকাৰ কাৰ্য্য বুলি ভাবিছিল। তেওঁ ঈশ্বৰৰ বাক্যক নিপুণ আৰু প্ৰভাৱকাৰী হিচাবে ব্যৱহাৰ কৰিছিল। তেওঁৰ ফলদায়ক কাৰ্য্যক দেখি আনে উৎসাহিত আৰু প্ৰচাৰ কাৰ্য্যত অধিককৈ ভাগ লʼবলৈ প্ৰেৰিত হৈছিল। এইদৰে তেওঁৰ পৰিচৰ্য্যা কাৰ্য্য গৌৰৱান্বিত হৈছিল।

ঈশ্বৰৰ বাক্যক কাৰ্য্যকাৰী আৰু সঘনাই ব্যৱহাৰ কৰাৰ দ্বাৰা আমিও নিজৰ পৰিচৰ্য্যা কাৰ্য্যক পাঁচনি পৌলৰ দৰে গৌৰৱান্বিত কৰিব পাৰিম। সকলো পদ্ধতিৰে কৰা প্ৰচাৰ কাৰ্য্যত আমি লোকসকলক শাস্ত্ৰীয় পদৰ দ্বাৰা বুজাবলৈ লক্ষ্য ৰাখা উচিত। এই পৰামৰ্শটো আমি কেনেকৈ পালন কৰিব পাৰোঁ? সেই বিষয়ে আঁহক আমি তিনিটা মুখ্য পদ্ধতিৰ বিষয়ে বিবেচনা কৰোঁহঁক: (১) সন্মানেৰে ঈশ্বৰৰ বাক্যলৈ পোনপটীয়াকৈ লোকসকলৰ ধ্যান আকৰ্ষিত কৰক। (২) সংবেদনশীলতাৰে ব্যাখ্যা কৰক আৰু বাইবেলে কি কৈছে তাক কওক। (৩) বিশ্বাস জন্মাবলৈ শাস্ত্ৰীয় পদবোৰৰ পৰা যুক্তি দাঙি ধৰক।

৮. বৰ্তমান আমাৰ ওচৰত পৰিচৰ্য্যা কাৰ্য্যৰ বাবে কেনে সঁজুলিবোৰ উপলব্ধ আছে আৰু সেইবোৰক আপুনি কেনেকৈ ব্যৱহাৰ কৰিছে?

বৰ্তমান সময়ত ঈশ্বৰৰ ৰাজ্য প্ৰচাৰকসকলৰ ওচৰত থকা সঁজুলিবোৰ পাঁচনি পৌলৰ সময়ত উপলব্ধ নাছিল। যেনে, কিতাপ, আলোচনী, ব্ৰচাৰ, হেণ্ডবিল, ট্ৰেক্ট, অদিঅ আৰু ভিদিঅ কেছেটসমূহ। ১৯০০ শতাব্দীৰ আৰম্ভণীত প্ৰচাৰ কৰিবলৈ সাক্ষ্যদান কাৰ্ড, ফোনগ্ৰাফ, গাড়ীত লাউড-স্পিকাৰ আৰু অনাতাঁৰ আদিৰ ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে আমাৰ আটাইতকৈ প্ৰমুখ সঁজুলিটো হৈছে বাইবেল, ইয়াক আমি সঠিক আৰু উত্তমৰূপে ব্যৱহাৰ কৰা উচিত।

আমাৰ পৰিচৰ্য্যা কাৰ্য্য ঈশ্বৰৰ বাক্যত আধাৰিত হোৱা উচিত

৯, ১০. পাঁচনি পৌলে ঈশ্বৰৰ বাক্যৰ সম্বন্ধে তীমথিয়ক দিয়া পৰামৰ্শৰ পৰা কি শিকিব পাৰি?

আমি ঈশ্বৰৰ বাক্যক কেনেকৈ কাৰ্য্যকাৰী সঁজুলি হিচাবে ব্যৱহাৰ কৰিব পাৰোঁ? পাঁচনি পৌলে তেওঁৰ সহকৰ্ম্মী তীমথিয়ক দিয়া এই পৰামৰ্শটো পালন কৰাৰ দ্বাৰা, যʼত এইদৰে কোৱা হৈছে: “তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি, ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা।” (২ তীমথিয় ২:১৫) “সত্য বাক্য ঠিকৰূপে বিভাগ কৰাত” কি সন্মিলিত আছে?

১০ গ্ৰীক ভাষাত “ঠিকৰূপে বিভাগ কৰা” শব্দটোৰ মূল অৰ্থ হৈছে “পোনপটীয়াকৈ কোৱা” বা “পোন বাটেৰে পৰিচালিত কৰা।” কেৱল গ্ৰীক শাস্ত্ৰীয় পদবোৰত পাঁচনি পৌলে তীমথিয়ক দিয়া পৰামৰ্শত এই অভিব্যক্তিটো উল্লেখ থকা দেখিবলৈ পোৱা যায়। সেই একেই অভিব্যক্তিটো পোনকৈ হাল বোৱা ক্ষেত্ৰটো বৰ্ণনা কৰিব পাৰি। যদি এজন খেতিয়কে বেঁকা নাঙলৰ লুৰিৰে হাল বায় তেন্তে ই তেওঁৰ বাবে লাজৰ কাৰণ হʼব। তীমথিয়ক “লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী” হʼবলৈ সোঁৱৰাই দিছিল যাতে তেওঁ সত্য শিক্ষাৰ পৰা আঁতৰি নাযায়। সেয়েহে তেওঁ নিজ বিচাৰধাৰাক সত্য শিক্ষাৰ ওপৰত প্ৰভাৱিত হʼবলৈ নিদিলে। তেওঁৰ শিক্ষা আৰু প্ৰচাৰ কাৰ্য্য শাস্ত্ৰীয় পদবোৰৰ ওপৰত আধাৰিত আছিল। (২ তীমথিয় ৪:২-৪) এনে কৰাৰ দ্বাৰা নম্ৰ ব্যক্তিসকলে এই বিষয়বোৰক মানৱীয় দাৰ্শনিকবাদৰে নহয় কিন্তু যিহোৱাৰ দৃষ্টিভঙ্গীৰে গ্ৰহণ কৰিব। (কলচীয়া ২:৪, ৮) এই কথাষাৰ বৰ্তমান সময়তো সত্যৰূপে প্ৰযোজ্য হয়।

আমাৰ আচাৰ-ব্যৱহাৰ উত্তম হোৱা উচিত

১১, ১২. ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰাত আমাৰ আচাৰ-ব্যৱহাৰত কেনেদৰে প্ৰভাৱিত হয়?

১১ কেৱল ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰি প্ৰচাৰ কৰাটোৱেই যথেষ্ট নহয়। তাৰ অনুসাৰে আমাৰ আচাৰ-ব্যৱহাৰো হোৱা উচিত। যিহেতু আমি “ঈশ্বৰৰ সহকৰ্ম্মী” হোৱাৰ বাবে কপটভাৱে আচৰণ কৰা উচিত নহয়। (১ কৰিন্থীয়া ৩:৯) ঈশ্বৰৰ বাক্য বাইবেলে এইদৰে কৈছে: “তেন্তে হে লোকক শিকাওঁতা, তুমি নিজকে শিক্ষা নিদিয়া নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, তুমি চুৰ কৰা নে? হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, তুমি ব্যভিচাৰ কৰা নে? হে দেৱমূৰ্ত্তিবোৰ ঘিণ কৰা জন, তুমি দেৱালয় লুট কৰা নে?” (ৰোমীয়া ২:২১, ২২) আজিৰ সময়ত আমি ঈশ্বৰৰ সহকৰ্ম্মী হোৱাৰ বাবে এই পৰামৰ্শক পালন কৰি ঈশ্বৰৰ বাক্যক সঠিকৰূপে বিভাগ কৰোঁ, যʼত এইদৰে কোৱা হৈছে: “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।”—হিতোপদেশ ৩:৫, ৬.

১২ ঈশ্বৰৰ বাক্য সঠিকৰূপে বিভাগ কৰি আমি কেনে ফলাফল লাভ কৰিব পাৰোঁ? ঈশ্বৰৰ বাক্যই নম্ৰ ব্যক্তিসকলৰ জীৱনধাৰাত কেনেদৰে প্ৰভাৱিত কৰিছিল তাৰ বিষয়ে বিবেচনা কৰক।

ঈশ্বৰৰ বাক্যত জীৱন-প্ৰণালীক সাল-সলনি কৰাৰ শক্তি আছে

১৩. এজন ব্যক্তিয়ে ঈশ্বৰৰ বাক্যত দিয়া পৰামৰ্শক নিজৰ জীৱনত পালন কৰি কেনে লাভৱান হʼব পাৰে?

১৩ যেতিয়া লোকসকলে ঈশ্বৰৰ বাক্যক প্ৰভাৱশালী হিচাবে গ্ৰহণ কৰে তেতিয়া ই তেওঁলোকৰ জীৱনলৈ আচৰিতভাৱে পৰিৱৰ্তন আনে। পাঁচনি পৌলে ঈশ্বৰৰ বাক্য কাৰ্য্যকাৰীৰূপে দেখিবলৈ পালে আৰু থিচলনীকীয়া মণ্ডলীত থকা ভাই-ভনীসকলৰ ওপৰত হোৱা উত্তম প্ৰভাৱৰ বিষয়ে তেওঁ নিজেই সাক্ষী হʼল। সেইবাবে তেওঁ এইদৰে কৈছিল: “তোমালোকে যেতিয়া আমাৰ পৰা শুনা বাক্য, অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰাহ্য কৰিছিলা, তেতিয়া মানুহৰ বুলি নহয়, ঈশ্বৰৰ বাক্য বুলি যে গ্ৰাহ্য কৰিছিলা, (সেয়ে স্বৰূপেই ঈশ্বৰৰ বাক্য,) তাৰ কাৰণে আমি নিৰন্তৰে ঈশ্বৰৰ ধন্যবাদ কৰোঁ; সেই বাক্যে, বিশ্বাস কৰা যি তোমালোক, তোমালোকৰ মাজত কাৰ্য্য সাধন কৰে।” (১ থিচলনীকীয়া ২:১৩) সেই সময়ত আৰু আজিৰ সময়ৰ যীচুক অনুকৰণ কৰা প্ৰকৃত খ্ৰীষ্টানসকলে লাভ কৰা ঈশ্বৰীয় জ্ঞানৰ তুলনাত মানৱীয় জ্ঞানৰ কোনো সাদৃশ্যতা নাই। (যিচয়া ৫৫:৯) সেইবাবে থিচলনীকীয়াত থকাসকলে “বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দেৰে বাক্য গ্ৰাহ্য কৰি” আনৰ বাবে উত্তম আৰ্হি ৰাখিলে।—১ থিচলনীকীয়া ১:৫-৭.

১৪, ১৫. ঈশ্বৰৰ বাক্যত উল্লেখ কৰা বাৰ্ত্তা কিমান শক্তিশালী আৰু কিয়?

১৪ যিহেতু যিহোৱাই স্বয়ং তেওঁৰ বাক্যৰ উৎস হোৱাৰ বাবে এই বাক্য অধিক শক্তিশালী। ই এনে এজন “জীৱনময় ঈশ্বৰৰ” পৰা আহিছে যিজনৰ বাক্যৰ দ্বাৰা “আকাশ-মণ্ডল নিৰ্ম্মাণ হʼল” আৰু ‘তেওঁৰ মুখৰ পৰা ওলোৱা বাক্য সদায়েই সফল হয়।’ (ইব্ৰী ৩:১২; গীতমালা ৩৩:৬; যিচয়া ৫৫:১১) এজন বাইবেল বিদ্বানে এনেদৰে মন্তব্য দিছিল: “ঈশ্বৰে কোৱা বাক্য অটল। তেওঁৰ মুখৰ পৰা ওলোৱা বাক্যৰ প্ৰতি তেওঁ অগ্ৰহণযোগ্য নহয় . . . সেইবাবে ই কোনো নিৰ্জীৱ বিষয়, নহয়, ইয়াত যি কোৱা হয় সেয়ে কেতিয়াও অপ্ৰভাৱিত নহয়; কিয়নো ই জীৱন্ত ঈশ্বৰৰ সৈতে নিবিড়ভাৱে খাপ খাই আছে।”

১৫ ঈশ্বৰৰ বাক্যৰ পৰা পোৱা বাৰ্ত্তা অধিক শক্তিশালী নহয়নে বাৰু? কিয়নো ইয়াৰ অসীম শক্তি আছে। যাৰ বিষয়ে পাঁচনি পৌলে উপযুক্তৰূপে এইদৰে কৈছিল: “ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক, আৰু আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা, প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা আৰু মনৰ ভাবনা আৰু অভিপ্ৰায়কো চিনোতা।”—ইব্ৰী ৪:১২.

১৬. ঈশ্বৰৰ বাক্যই কিমান গভীৰলৈকে এজন ব্যক্তিৰ ব্যক্তিত্বত সাল-সলনি কৰিব পাৰে?

১৬ ঈশ্বৰৰ বাক্যত উল্লেখ কৰা বাৰ্ত্তা “আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা।” ইয়াৰ ভেদ কৰা শক্তি মানুহে বনোৱা সকলো অস্ত্ৰ বা সঁজুলিতকৈ চোকা। ঈশ্বৰৰ বাক্যই এজন ব্যক্তিৰ হৃদয় ভেদ কৰাৰ দ্বাৰা তেওঁ ভাল পোৱা বিষয় বা বস্তুটোৰ প্ৰতি থকা বিচাৰ আৰু চিন্তাধাৰাত সাল-সলনি কৰি তেওঁক ঈশ্বৰৰ গ্ৰহণযোগ্য কৰি তুলে। এতেকে বাইবেলখন এক শক্তিশালী সঁজুলি নহয়নে বাৰু!

১৭. ঈশ্বৰৰ বাক্যই পৰিৱৰ্তন কৰিব পৰা শক্তিৰ বিষয়ে বৰ্ণনা কৰক।

১৭ এজন ব্যক্তিৰ বিচাৰধাৰা কেনেকুৱা বা লোকসকলৰ আগত তেওঁ কি প্ৰতিফলিত কৰিছে ইয়াৰ দ্বাৰা ঈশ্বৰৰ বাক্যই তেওঁৰ অন্তৰত কি আছে তাক প্ৰকাশ কৰে। (১ চমূৱেল ১৬:৭) আনকি এজন দুষ্ট ব্যক্তিয়ে নিজৰ অন্তৰখন লুকুৱাবলৈ দয়ালু বা ঈশ্বৰক ভক্তি কৰা বেশ ধৰিব পাৰে। তেওঁলোকে দুষ্টতাৰ কাৰণে কপটতাৰে আচৰণ কৰে। অভিমানী ব্যক্তিসকলে নম্ৰতাৰ ৰূপ ধাৰণ কৰি আনৰ পৰা প্ৰশংসা পোৱাটো বিচাৰে। এজন ব্যক্তিৰ মনত কি আছে তাক প্ৰকাশ কৰাৰ দ্বাৰা ঈশ্বৰৰ বাক্যই তেওঁৰ পুৰাতন মনুষ্যত্বক সলনি কৰি “সত্যতাৰ ধাৰ্ম্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক” ধাৰণ কৰিবলৈ প্ৰেৰিত কৰিব। (ইফিচীয়া ৪:২২-২৪) ঈশ্বৰীয় শিক্ষাই এজন ভয়াতুৰ ব্যক্তিক পৰিৱৰ্তন কৰি তেওঁক এজন সাহসী আৰু উৎসাহী ৰাজ্যৰ প্ৰচাৰক হʼবলৈ সহায় কৰে।—যিৰিমিয়া ১:৬-৯.

১৮, ১৯. বাইবেলৰ সত্যতাই কেনেকৈ এজন ব্যক্তিৰ জীৱনধাৰা পৰিৱৰ্তন কৰিব পাৰে তাৰ বিষয়ে এই অনুচ্ছেদত উল্লেখ কৰা বা আপুনি প্ৰচাৰ কাৰ্য্যত ব্যক্তিগতভাৱে অভিজ্ঞতা হোৱা অনুভৱৰ বিষয়ে বৰ্ণনা কৰক।

১৮ ঈশ্বৰৰ বাক্যই পৰিৱৰ্তন কৰিব পৰা শক্তিয়ে লোকসকলৰ জীৱনত এক উত্তম প্ৰভাৱ পেলাইছে। উদাহৰণস্বৰূপে, কম্বোডিয়াৰ ৰাজধানী নমপেন চহৰৰ কমপোং চাম নামৰ নগৰত ঈশ্বৰৰ ৰাজ্য প্ৰচাৰকসকলে মাহে দুবাৰকৈ প্ৰচাৰ কৰিছিল। এবাৰ যেতিয়া স্থানীয় গীৰ্জাৰ এগৰাকী মহিলা ধৰ্মযাজকে জানিব পাৰিলে যে আন ধৰ্মযাজকসকলে যিহোৱা সাক্ষীসকলৰ বিৰুদ্ধে কৈছে তেতিয়া তাই যিহোৱাৰ সাক্ষীসকলৰ সৈতে কথা-বতৰা হʼবলৈ ব্যৱস্থা কৰিলে। তাই তেওঁলোকক বন্ধ দিন পালন কৰা সম্বন্ধে বহুতো প্ৰশ্ন সুধিলে আৰু তেওঁলোকে শাস্ত্ৰীয় পদৰ পৰা দাঙি ধৰা যুক্তিসমূহৰ প্ৰতি মনোযোগ দিলে। তাৰ পিছত তাই এইদৰে কৈছিল: “এতিয়া মই জানিব পাৰিলোঁ যে মোৰ সঙ্গী ধৰ্মযাজকসকলে আপোনালোকৰ বিৰুদ্ধে কোৱা কথাবোৰ সঁচা নহয়। তেওঁলোকে কৈছিল যে আপোনালোকে বাইবেলখন ব্যৱহাৰ নকৰে, কিন্তু আজি ৰাতিপূৱা আপোনালোকে কেৱল বাইবেলখন ব্যৱহাৰ কৰিহে সকলো উত্তৰ দিলে!”

১৯ তাইক বাধা দিবলৈ ধৰ্মযাজক পদৰ পৰা বহিষ্কৃত কৰিব বুলি জানিও মহিলাগৰাকীয়ে সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ ত্যাগ নিদিলে। তাই কৰা এই আধ্যাত্মিক আলোচনাৰ বিষয়ে তাই নিজৰ এগৰাকী বান্ধৱীক জনালে আৰু সেই বান্ধৱীগৰাকীয়েও বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। সেই বান্ধৱীগৰাকীয়ে বাইবেল অধ্যয়ন কৰি ইমানেই উৎসাহিত হৈছিল যে এবাৰ তাই নিজৰ গীৰ্জাৰ এখন সভাত উপস্থিত থকাসকলক এইদৰে কʼলে: “আঁহক আমি সকলোৱে যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন কৰোঁহঁক!” অতি কম সময়ৰ ভিতৰত পূৰ্বৰ সেই ধৰ্মযাজকগৰাকী আৰু আনসকলে যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিলে।

২০. ঘানাত থকা এগৰাকী মহিলাৰ কেনে অনুভৱে দেখুৱাইছে যে ঈশ্বৰৰ বাক্যত পৰিৱৰ্তন কৰাৰ শক্তি আছে?

২০ ঈশ্বৰৰ বাক্য যে বাস্তৱতে শক্তিশালী সেই বিষয়ে আন এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰক। ঘানা দেশত থকা পৌলীনা নামৰ এগৰাকী মহিলাৰ সৈতে পূৰ্ণ সময়ে অগ্ৰগামী সেৱা কৰা এগৰাকী ভনীয়ে জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় * নামৰ কিতাপখনৰ পৰা বাইবেল অধ্যয়ন কৰিছিল। যেতিয়া পৌলীনাই বহুবিবাহ জীৱন-প্ৰণালীক বাইবেলে স্বীকৃতি নিদিয়ে বুলি জানিব পাৰিলে তেতিয়া তাই নিজকে পৰিৱৰ্তন কৰিবলৈ বিচাৰিলে। কিন্তু তাই লোৱা এনে নিৰ্ণয়ত তাইৰ স্বামী আৰু সম্বন্ধীয়াসকলে হিংসাত্মকৰূপে প্ৰতিবাদ কৰিছিল। তদুপৰি তাইৰ ককাদেউতাক, যিজন উচ্চ ন্যায়ালয়ৰ এজন ন্যায়ধীশ আৰু গীৰ্জাৰ মুখিয়াল আছিল, তেৱোঁ মথি ১৯:৪-৬ পদটো অপব্যৱহাৰ কৰি তাইক বিভ্ৰান্ত কৰিব বিচাৰিছিল। যদিও ন্যায়ধীশজনে প্ৰভাৱশালীৰে যুক্তি দাঙি ধৰিছিল তথাপিও পৌলীনাই অতি শীঘ্ৰেই বুজিব পাৰিছিল যে ই ঠিক সেই দৰে আছিল, যিদৰে যীচুৰ পৰীক্ষাৰ সময়ত চয়তানে ভুলকৈ শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰ কৰিছিল। (মথি ৪:৫-৭) তাই বিবাহৰ সম্বন্ধে যীচুৱে কোৱা কথাষাৰ মনোযোগেৰে লক্ষ্য কৰি বুজিব পাৰিলে যে আদিতে ঈশ্বৰে মানৱ অৰ্থাৎ পুৰুষ আৰু দুই বা তিনিগৰাকী স্ত্ৰী নহয়, কিন্তু এগৰাকী স্ত্ৰীহে সৃষ্টি কৰিলে আৰু তেওঁলোকে উভয়ে এক দেহ হৈ পৰিল। তাই নিজৰ সিদ্ধান্তত অটল হৈ থাকি অৱশেষত বহুবিবাহ জীৱন-প্ৰণালীক ত্যাগ কৰি এগৰাকী বাপ্তিষ্মাপ্ৰাপ্ত ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হৈ পৰিল।

নিৰন্তৰে ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰক

২১, ২২. (ক) ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হোৱাৰ বাবে আমি কেনে সঙ্কল্প লোৱা উচিত? (খ) আমি পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰিম?

২১ প্ৰকৃততে ঈশ্বৰৰ বাক্য হৈছে এক শক্তিশালী সঁজুলি যিয়ে লোকসকলৰ জীৱনধাৰাত পৰিৱৰ্তন কৰি যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰে। (যাকোব ৪:৮) যিদৰে এজন নিপুণ কাৰিকৰে ঠিকৰূপে নিজৰ সঁজুলিবোৰক ব্যৱহাৰ কৰি উত্তম ফলাফল লাভ কৰে, ঠিক সেইদৰে আঁহক আমিও ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হোৱাৰ বাবে তেওঁৰ বাক্যক নিপুণতাৰে ব্যৱহাৰ কৰি লাভৱান হʼবলৈ দৃঢ়সঙ্কল্প লওঁহঁক।

২২ আমি কেনেকৈ শিষ্য বনোৱা কাৰ্য্যত শাস্ত্ৰীয় পদবোৰ ঠিকৰূপে ব্যৱহাৰ কৰিব পাৰোঁ? ইয়াৰ এটা পদ্ধতি হৈছে লোকসকলক শিক্ষাদান কৰি বিশ্বাস জন্মোৱাৰ অৰ্হতাক বিকাশিত কৰা। অনুগ্ৰহ কৰি আপুনি পৰৱৰ্তী লেখটো মনোযোগেৰে পঢ়ক যʼত ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাক গ্ৰহণ কৰিবলৈ আনক কেনেকৈ শিক্ষাদান আৰু সহায় কৰিব পাৰি এই বিষয়ে কিছুমান পৰামৰ্শ উল্লেখ কৰা হৈছে। (w03 11/15)

[ফুটনোটবোৰ]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপোনাৰ মনত আছেনে?

• ঈশ্বৰৰ ৰাজ্য প্ৰচাৰকৰ বাবে কেনে সঁজুলিবোৰ উপলব্ধ আছে?

• পাঁচনি পৌলে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকৰ সম্পৰ্কে কেনে উত্তম আৰ্হি ৰাখিলে?

• ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰাত কি সন্মিলিত আছে?

• যিহোৱাই লিখা তেওঁৰ বাক্য কিমান শক্তিশালী?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰকৃত খ্ৰীষ্টানসকলে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কিছুমান সঁজুলি ব্যৱহাৰ কৰে