Skip to content

Skip to table of contents

এখন পৰমদেশীয় পৃথিৱীৰ বিষয়ে আপুনি বাস্তৱতে বিশ্বাস কৰিব পাৰে

এখন পৰমদেশীয় পৃথিৱীৰ বিষয়ে আপুনি বাস্তৱতে বিশ্বাস কৰিব পাৰে

এখন পৰমদেশীয় পৃথিৱীৰ বিষয়ে আপুনি বাস্তৱতে বিশ্বাস কৰিব পাৰে

ইতিহাসে দেখুৱাইছে যে শতাব্দী ধৰি বহুতো লোকে বিশ্বাস কৰি আহিছে যে তেওঁলোকে অৱশেষত পৃথিৱী ত্যাগ কৰি স্বৰ্গলৈ যাব। কিছুমানে অনুভৱ কৰে যে ঈশ্বৰে পৃথিৱীখনক মানৱজাতিয়ে নিগাজীকৈ থকাৰ উদ্দেশ্যৰে সৃষ্টি কৰা নাছিল। এই ক্ষেত্ৰত সন্যাসীবিলাকে আৰু এখোজ আগবাঢ়ি গʼল। তেওঁলোকৰ বহুতৰ অনুসাৰে পৃথিৱী আৰু ভৌতিক বস্তুবোৰ হৈছে মন্দ অৰ্থাৎ প্ৰকৃত আধ্যাত্মিকতা পূৰ্ণ কৰা আৰু ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখাত বাধা উৎপন্ন কৰে।

যিসকলে তেনে বিচাৰধাৰা বিকাশিত কৰে তেওঁলোকে পৃথিৱীত পৰমদেশৰ সম্বন্ধে থকা ঈশ্বৰৰ উদ্দেশ্যৰ প্ৰতি অজ্ঞাত বা সেই বিষয়ে জানিবলৈ ইচ্ছাকৃতভাৱে আগ্ৰহী নহয়। বৰ্তমান সময়ত ঈশ্বৰে মানুহক প্ৰদান কৰা তেওঁৰ প্ৰেৰিত বাক্য অৰ্থাৎ এই বিষয়ে লিপিবদ্ধ কৰা বাইবেলখনক পৰীক্ষা কৰি চাবলৈ কোনো ইচ্ছা প্ৰকাশ নকৰে। (২ তীমথিয় ৩:১৬, ১৭) বাস্তৱতে মনে সজা মানুহৰ ধাৰণাক গ্ৰহণ কৰাতকৈ ঈশ্বৰৰ বাক্যত ভাৰসা কৰাটো বুদ্ধিমানৰ বিষয় নহʼবনে? (ৰোমীয়া ৩:৪) দৰাচলতে তেনে কৰাটো অতি আৱশ্যক, কিয়নো বাইবেলে এই বিষয়ে সতৰ্ক কৰি এইদৰে কৈছে যে এটা শক্তিশালী অদৃশ্য দুষ্ট প্ৰাণীয়ে লোকবিলাকক আধ্যাত্মিকৰূপে অন্ধ কৰিছে আৰু বৰ্তমান সময়ত সি “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।”—প্ৰকাশিত বাক্য ১২:৯; ২ কৰিন্থীয়া ৪:৪.

সেই বিষয়ে মানুহে কিয় বিভ্ৰান্ত হৈছে?

মানৱৰ স্বাভাৱিক অৱস্থাৰ সম্বন্ধে থকা মানুহৰ ভুল ধাৰণাই পৃথিৱীৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্যক বুজিবলৈ বিভ্ৰান্ত কৰিছে। মৃত্যুৰ পিছত মানৱ শৰীৰৰ পৰা কিবা উলাই গৈ আন কোনো ঠাইত জীয়াই থাকে বুলি বহুতে বিশ্বাস কৰে। আনসকলে বিশ্বাস কৰে যে মানুহৰ শৰীৰ সৃষ্টি কৰাৰ পূৰ্বেই প্ৰত্যেক ব্যক্তিৰ প্ৰাণ অৰ্থাৎ মানৱত থকা অদৃশ্য ভাগটো জীৱিত আছিল। এটা তথ্যৰ অনুসাৰে গ্ৰীক দাৰ্শনিক প্লেটোৱে ভাবিছিল যে মানৱ আত্মা “শৰীৰত পুনৰজন্ম লোৱাটো হৈছে এক প্ৰকাৰে স্বৰ্গত থকা সময়ছোৱাত কৰা তেওঁলোকৰ পাপৰ শাস্তি।” একেইদৰে তৃতীয় শতাব্দীত আৰম্ভ হোৱা ধৰ্ম্মবিদসকলেও কৈছিল যে “আত্মা শৰীৰত মিলিত হোৱাৰ পূৰ্বেই স্বৰ্গত থকা অৱস্থাত পাপ কৰিলে” আৰু “তেওঁলোকৰ শাস্তিৰূপে [পৃথিৱীত থকা শৰীৰত] বন্দী কৰি থোৱা হʼল।” তদুপৰি লাখ লাখ লোকে বিশ্বাস কৰে যে স্বৰ্গলৈ যোৱাৰ পূৰ্বেই পৰীক্ষাৰূপী ভূমি অৰ্থাৎ পৃথিৱীখনত এক প্ৰকাৰে মানুহক পৰীক্ষা কৰা হয়।

ইয়াৰ উপৰিও এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁলৈ কি ঘটে সেই বিষয়ে বহুতো ধাৰণা দেখিবলৈ পোৱা যায়। হিচট্ৰি অৱ ৱেচটাৰ্ন ফিলচফি নামৰ কিতাপৰ অনুসাৰে মিচৰ বাসীসকলে এনে ধাৰণা বিকাশিত কৰিছিল যে “মৃত্যুৰ পিছত আত্মা পৃথিৱীৰ নিম্নভাগলৈ গতি কৰে।” দাৰ্শনিকসকলে পিছলৈ এই বিষয়ে যুক্তি দৰ্শাই কয় যে প্ৰকৃততে মৃতবিলাকৰ আত্মা পৃথিৱীখনৰ নিম্ন ভাগত থকা কোনো অন্ধকাৰময় জগতলৈ নহয় কিন্তু উচ্চ আত্মিক স্থানলৈ উৰ্দ্ধগামী হয়। গ্ৰীক দাৰ্শনিক ছক্ৰেটিছে এইদৰে বিশ্বাস কৰিছিল যে এজন ব্যক্তিৰ মৃত্যুত আত্মা “এটা অদৃশ্য স্থানলৈ গুচি যায় . . . আৰু তাৰ অস্তিত্বৰ শেষৰছোৱাত ঈশ্বৰৰ সৈতে থাকে।”

এই বিষয়ে বাইবেলে কি কৈছে?

ঈশ্বৰৰ প্ৰেৰিত বাক্যৰ কোনো ভাগতে কোৱা নাই যে মানুহত অমৰ আত্মা অৰ্থাৎ এনে অদৃশ্য কিবা আছে যি অমৰ। এই বিষয়ে আদিপুস্তক ২:৭ পদটোত কি কৈছে তাক নিজেই লক্ষ্য কৰক। ইয়াত এইদৰে কোৱা হৈছে: “ঈশ্বৰ যিহোৱাই মাটিৰ ধূলিৰে মানুহ নিৰ্ম্মাণ কৰি, তাৰ নাকত ফুঁ দি, প্ৰাণ-বায়ু সুমুৱাই দিলে; তাতে মানুহ জীয়া প্ৰাণী হল।” ইয়াত কোৱা বাক্যশাৰীক একেবাৰে স্পষ্টকৈ বুজিব পাৰি। যেতিয়া ঈশ্বৰে প্ৰথম মানুহ আদমক নিৰ্ম্মাণ কৰিলে তেতিয়া তেওঁৰ শৰীৰৰ ভিতৰত লোকসকলে বিশ্বাস কৰাৰ অনুসাৰে তেনে কোনো পদাৰ্থহীন বস্তু সুমুৱাই দিয়া নাছিল। ইয়াৰ বিপৰীতে বাইবেলে কৈছে যে “মানুহ জীয়া প্ৰাণী হল।” ইয়াৰ অৰ্থ হৈছে মানুহ স্বয়ং জীৱিত ব্যক্তি হʼল।

যিহোৱা ঈশ্বৰে পৃথিৱী আৰু মানৱ পৰিয়ালৰ সৃষ্টি কৰিলে। কিন্তু তেওঁ মানুহক মৃত্যু হোৱাৰ উদ্দেশ্যৰে সৃষ্টি কৰা নাছিল। ঈশ্বৰৰ উদ্দেশ্য আছিল যে মানৱজাতিয়ে চিৰকালৰ বাবে পৰমদেশীয় পৃথিৱীত যেন জীয়াই থাকে। যিহেতু আদমে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰাৰ বাবে মৃত্যুবৰণ কৰিবলগীয়া হʼল। (আদিপুস্তক ২:৮, ১৫-১৭; ৩:১-৬; যিচয়া ৪৫:১৮) যেতিয়া প্ৰথম মানুহ আদমৰ মৃত্যু হয় তেতিয়া তেওঁ কোনো আত্মিক স্থানলৈ গুচি গʼলনে? অৱশ্যেই নহয়! কিয়নো আদমক মাটিৰ ধূলিৰে নিৰ্ম্মাণ কৰা হৈছিল আৰু মৃত্যু হোৱাত তেওঁ পুনৰাই ধূলিলৈ উলটি গʼল।—আদিপুস্তক ৩:১৭-১৯.

আমি আদমৰ সন্তান-সন্ততি হোৱাৰ বাবে সকলোৱে পাপ আৰু মৃত্যুৰ উত্তৰাধিকাৰী হলোঁ। (ৰোমীয়া ৫:১২) এই মৃত্যুৰ অৰ্থ হৈছে অস্তিত্বহীন হোৱা যিদৰে আদমেও হʼল। (গীতমালা ১৪৬:৩, ৪) দৰাচলতে বাইবেলৰ ৬৬ খন কিতাপত কোনো ঠাইতে কোৱা নাই যে এজন ব্যক্তিৰ মৃত্যুত তেওঁৰ ভিতৰত এনে কোনো বস্তু জীয়াই থাকে যি অমৰ বা মৃত্যুহীন। আনহাতে শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে যে প্ৰাণ অৰ্থাৎ মানুহ মৰণশীল আৰু প্ৰাণ মৰে।—উপদেশক ৯:৫, ১০; যিহিষ্কেল ১৮:৪.

ভৌতিক বস্তুবোৰক মন্দ বা বেয়া বুলি কʼব পাৰিনে?

পৃথিৱীত থকা ভৌতিক বস্তুবোৰ মন্দ বা বেয়া বুলি কোৱা ভাৱধাৰাৰ বিষয়ে কি কʼব পাৰি? এনেধৰণৰ বিচাৰধাৰা তৃতীয় সা.যু. চনত পাৰস্য দেশৰ মানে নামৰ ব্যক্তিজনে স্থাপনা কৰা ধৰ্ম্মীয় ভাৱধাৰা মানেবাদী নীতিত দেখিবলৈ পোৱা গৈছিল। এই বিষয়ে দ্য নিউ এনচাইক্লোপিডিয়া ব্ৰিটেনিকাʼত এইদৰে কৈছে: “মানেবাদী নীতিয়ে উত্তৰাধিকাৰীৰূপে পোৱা যন্ত্ৰণাদায়ক মানৱীয় অৱস্থাৰ পৰা ৰেহাই পোৱাৰ বিষয়ে কৈছে।” কিয়নো মানে বিশ্বাস কৰিছিল যে “মানৱৰূপ ধাৰণ কৰাটো হৈছে অস্বাভাৱিক, অসহনীয় আৰু সম্পূৰ্ণকৈ মন্দ বা বেয়া।” তদুপৰি তেওঁ এইদৰেও বিশ্বাস কৰিছিল যে মানুহৰ ভিতৰত থকা অদৃশ্য আত্মিক বস্তুটোৱে এনে “যন্ত্ৰণাৰ” পৰা ৰেহাই পোৱাৰ একমাত্ৰ পথ হৈছে মানৱ শৰীৰৰ পৰা ওলাই পৃথিৱী এৰি আত্মিক জগতলৈ গৈ অস্তিত্বত থাকা।

ইয়াৰ বিপৰীতে বাইবেলে কৈছে যে ঈশ্বৰে “নিৰ্ম্মাণ কৰা সকলোকে” অৰ্থাৎ সৃষ্টি কৰা পৃথিৱী আৰু মানুহক দৃষ্টি কৰি “অতি উত্তম” বুলি কʼলে। (আদিপুস্তক ১:৩১) সেই সময়ত মানুহ আৰু ঈশ্বৰৰ মাজত কোনো প্ৰাচীৰ নাছিল। আদম আৰু হৱাই যিহোৱাৰ সৈতে নিবিড়ভাৱে যোগাযোগ কৰিছিল আৰু আনকি যীচু নিজেও তেওঁৰ স্বৰ্গীয় পিতৃৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখি আনন্দ লাভ কৰিছিল।—মথি ৩:১৭.

যদি আমাৰ প্ৰথম পিতৃ-মাতৃ আদম আৰু হাৱাই পাপ নকৰাহʼলে, তেওঁলোকে যিহোৱাৰ সৈতে নিবিড় সম্বন্ধ বজাই ৰাখি পৰমদেশীয় পৃথিৱীত চিৰকালৰ বাবে জীয়াই থাকিব পাৰিলেহেঁতেন। বাইবেলে আমাক কৈছে যে আদম আৰু হৱাই পৰমদেশত তেওঁলোকৰ জীৱন আৰম্ভ কৰিছিল। এই বিষয়ে বাইবেলৰ আৰম্ভণীৰ কিতাপখনত এইদৰে কৈছে: “ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতি, নিজে নিৰ্ম্মাণ কৰা মানুহক তাত থলে।” (আদিপুস্তক ২:৮) হৱাক পৰমদেশৰ বাগিছাখনলৈ অনা হৈছিল। যদি আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা উলংঘন কৰি পাপ নকৰা হʼলে, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ সৈতে গোটেই পৃথিৱীখন সম্পূৰ্ণকৈ কৰি পৰমদেশলৈ পৰিণত নোহোৱালৈকে আনন্দেৰে একেলগে কাৰ্য্য কৰিব পাৰিলেহেঁতেন। (আদিপুস্তক ২:২১; ৩:২৩, ২৪) এইদৰে পৰমদেশীয় পৃথিৱীখন মানৱজাতিৰ বাবে চিৰস্থায়ী ঘৰ হৈ পৰিলহেঁতেন।

কিছুমানে কিয় স্বৰ্গলৈ যায়?

আপুনি হয়তো এইদৰে কʼব পাৰে, ‘তেতিয়াহʼলে বাইবেলত লোকসকলে স্বৰ্গলৈ যোৱাৰ বিষয়ে কিয় কৈছে?’ দৰাচলতে আদমে পাপ কৰাৰ পিছত যিহোৱাই স্বৰ্গীয় ৰাজ্য স্থাপন কৰিলে যʼত আদমৰ সতি-সন্ততিবিলাকে যীচুৰ সৈতে ‘পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব।’ (প্ৰকাশিত বাক্য ৫:১০; ৰোমীয়া ৮:১৭) গতিকে তেওঁলোকে মৃত্যুৰ পিছত স্বৰ্গত অমৰ জীৱনৰ বাবে পুনৰুত্থান হʼবলগীয়া আছিল। স্বৰ্গত যাবলগীয়া সকলৰ নিশ্চিত সংখ্যা হৈছে ১,৪৪০০০ জন আৰু তেওঁলোকৰ ভিতৰত সৰ্বপ্ৰথম হৈছে প্ৰথম শতাব্দীত থকা যীচুৰ বিশ্বাসী শিষ্যসকল।—লূক ১২:৩২; ১ কৰিন্থীয়া ১৫:৪২-৪৪; প্ৰকাশিত বাক্য ১৪:১-৫.

যিহেতু ধাৰ্ম্মিক লোকবিলাকে পৃথিৱী এৰি স্বগলৈ যোৱাটো ঈশ্বৰৰ প্ৰাথমিক উদ্দেশ্য নাছিল। এই বিষয়ে যীচুৱে পৃথিৱীত থকা সময়ছোৱাত এইদৰে কৈছিল: “মানুহৰ পুত্ৰ স্বৰ্গৰ পৰা নামিল, তেওঁৰ বাহিৰে কোনেও স্বৰ্গলৈ উঠা নাই।” (যোহন ৩:১৩) ঈশ্বৰে “মানুহৰ পুত্ৰ” অৰ্থাৎ যীচু খ্ৰীষ্টৰ দ্বাৰা কৰা মুক্তিপণ প্ৰবন্ধৰ বাবে সেই বলিদানত বিশ্বাস কৰাসকলে অনন্তজীৱন লাভ কৰাটো সম্ভৱ হʼল। (ৰোমীয়া ৫:৮) কিন্তু যীচুৰ বলিদানত বিশ্বাস কৰা লাখ লাখ লোকে কʼত চিৰকালৰ বাবে জীয়াই থাকিব?

ঈশ্বৰৰ প্ৰাথমিক উদ্দেশ্য পূৰ্ণ হʼব

ঈশ্বৰে যদিও মানৱ পৰিয়ালৰ পৰা কিছুমান ব্যক্তিক যীচুৰ সৈতে স্বৰ্গত সহশাসক হিচাবে শাসন কৰিবলৈ ব্যৱস্থা কৰিলে তথাপিও ইয়াৰ অৰ্থ এইটো নহয় যে সকলো নম্ৰ লোকবিলাকে স্বৰ্গলৈ যাব। যিহোৱাই এই পৃথিৱীখনক পৰমদেশীয় ঘৰ হিচাবে নিৰ্ম্মাণ কৰিছিল যাতে মানৱ পৰিয়ালে থাকিব পাৰে। সেয়েহে অতি শীঘ্ৰেই ঈশ্বৰে নিজৰ প্ৰাথমিক উদ্দেশ্যক পূৰ্ণ কৰিব।—মথি ৬:৯, ১০.

যীচু খ্ৰীষ্ট আৰু তেওঁৰ সহশাসকবোৰৰ অধীনত সমস্ত পৃথিৱীখনত সুখ আৰু শান্তি বিৰাজ কৰিব। (গীতমালা ৩৭:৯-১১) যিসকলে ঈশ্বৰৰ স্মৃতিত আছে তেওঁলোকৰ পুনৰুত্থান হʼব আৰু উত্তম স্বাস্থ্যৰ আনন্দ লাভ কৰিব পাৰিব। (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) ঈশ্বৰৰ প্ৰতি থকা আজ্ঞাকাৰী মানৱজাতিৰ অনুগতাৰ বাবে আমাৰ প্ৰথম পিতৃ-মাতৃয়ে হেৰুৱা আশীৰ্ব্বাদ অৰ্থাৎ পৰমদেশীয় পৃথিৱীত চিৰকলীয়া সিদ্ধ মানৱ জীৱন পুনৰাই লাভ কৰিব পাৰিম।—প্ৰকাশিত বাক্য ২১:৩, ৪.

প্ৰকৃততে যিহোৱাই যি কৰিবলৈ ইচ্ছা কৰে সেয়া অৱশ্যেই পূৰ্ণ হয়। এই বিষয়ে যিচয়া ভৱিষ্যতবক্তাৰ যোগেদি যিহোৱাই এইদৰে কʼলে: “যেনেকৈ বৃষ্টি বা হিম আকাশৰ পৰা নামি আহি পুনৰায় তালৈ উলটি নাযায়, কিন্তু পৃথিবীক ভিজাই ফলৱতী আৰু কেঁচাপতীয়া কৰে, আৰু বওঁতাক গুটি, আৰু খাওঁতাক আহাৰ দিয়ে, মোৰ মুখৰ পৰা ওলোৱা বাক্য তেনেকুৱা হব; সেয়ে বৃথা মোৰ ওচৰলৈ উলটি নাহিব; কিন্তু যি ইচ্ছা কৰো, তাক সাম্ফল নকৰাকৈ, আৰু যিহৰ নিমিত্তে তাক পঠাওঁ, সেয়ে সিদ্ধ নোহোৱাকৈ উলটি নাহিব।”—যিচয়া ৫৫:১০, ১১.

ভৱিষ্যতে পৰমদেশীয় পৃথিৱীত কেনে প্ৰকাৰৰ জীৱন-প্ৰণালী হʼব সেই বিষয়ে আমি বাইবেলৰ যিচয়া নামৰ কিতাপত ইয়াৰ পূৰ্বাভাস পাওঁ। পৰমদেশৰ বাসিন্দাসকলে “মই নৰিয়া” বুলি কেতিয়াও আৰু নকʼব। (যিচয়া ৩৩:২৪) মানুহে জীৱ-জন্তুৰ বাবে ভয়ভিত হʼবলগীয়া নহʼব। (যিচয়া ১১:৬-৯) লোকবিলাকে নিজলৈ সুন্দৰ গৃহ নিৰ্ম্মাণ কৰিব আৰু তেওঁলোক বোৱা শস্য ভোজন কৰি সন্তুষ্টি লাভ কৰিব। (যিচয়া ৬৫:২১-২৫) তদুপৰি ঈশ্বৰে “চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিলে, আৰু প্ৰভু যিহোৱাই সকলোৰে মুখৰ পৰা চকু-লো মচিব।”—যিচয়া ২৫:৮.

অতি সোনকালে আজ্ঞাকাৰী মানৱজাতিয়ে তেনে আশীৰ্ব্বাদসমূহ লাভ কৰিব। তেওঁলোকে “ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ, ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব।” (ৰোমীয়া ৮:২১) গতিকে এনে প্ৰতিজ্ঞাত পৰমদেশীয় পৃথিৱীত চিৰকালৰ বাবে জীয়াই থাকাটো এটা অপূৰ্ব বিষয় নহয়নে বাৰু! (লূক ২৩:৪৩) যদি আপুনি শাস্ত্ৰৰ পৰা যথাৰ্থ জ্ঞান লৈ যিহোৱা আৰু যীচুত বিশ্বাস কৰি সেই অনুসাৰে চলে তেন্তে আপুনিও সেই আশীৰ্ব্বাদৰ ভাগী হʼব পাৰিব। বাস্তৱতে যে পৃথিৱীখন পৰমদেশলৈ ৰূপান্তৰিত হʼব সেই বিষয়ে আপুনি অৱশ্যেই নিশ্চিত হʼব পাৰে। (w03 11/15)

[৫ পৃষ্ঠাৰ ছবি]

পৰমদেশীয় পৃথিৱীত চিৰকালৰ বাবে জীয়াই থাকিবলৈ আদম আৰু হৱাক সৃষ্টি কৰা হৈছিল

[৭ পৃষ্ঠাৰ ছবিসমূহ]

পৰমদেশীয় পৃথিৱীত. . .

লোকবিলাকে নিজলৈ গৃহ নিৰ্ম্মাণ কৰিব

তেওঁলোকে নিজলৈ দ্ৰাক্ষবাৰী পাতিব

তেওঁলোকে যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব

[৪ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

U.S. Fish & Wildlife Service, Washington, D.C./NASA