Skip to content

Skip to table of contents

বিশ্বাসী খ্ৰীষ্টান মহিলাসকল হৈছে ঈশ্বৰৰ বাবে বহুমূলীয়া উপাসক

বিশ্বাসী খ্ৰীষ্টান মহিলাসকল হৈছে ঈশ্বৰৰ বাবে বহুমূলীয়া উপাসক

বিশ্বাসী খ্ৰীষ্টান মহিলাসকল হৈছে ঈশ্বৰৰ বাবে বহুমূলীয়া উপাসক

“লাৱণ্য মিছা, আৰু সৌন্দৰ্য্য অসাৰ; কিন্তু যিহোৱালৈ ভয় ৰখা তিৰোতা প্ৰশংসনীয়।”—হিতোপদেশ ৩১:৩০.

১. জগতে ৰাখা মনোবৃত্তিৰ বিপৰীতে যিহোৱাই সৌন্দৰ্য্যতাৰ প্ৰতি কেনে দৃষ্টি কৰে?

 জগতখনে মহিলাসকলৰ বাহ্যিকৰূপটোৰ ওপৰত অধিক গুৰুত্ব দিয়ে। কিন্তু যিহোৱাই হʼলে তেওঁলোকৰ আন্তৰিক মনুষ্যৰ প্ৰতি আগ্ৰহী যি বয়সৰ লগে লগে সৌন্দৰ্য্য বৃদ্ধি কৰিব পাৰে। (হিতোপদেশ ১৬:৩১) যিহেতু বাইবেলে মহিলাসকলক এনেদৰে উৎসাহিত কৰিছে: “কেশ-বেশ, আৰু সোণৰ অলঙ্কাৰ পিন্ধা, বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক; কিন্তু নম্ৰ আৰু শান্ত আত্মাৰূপ অক্ষয় বস্ত্ৰ পিন্ধা য়ি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক; এনে আত্মাহে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া।”—১ পিতৰ ৩:৩, ৪.

২, ৩. প্ৰথম শতিকাত কেনেকৈ মহিলাসকলে সকলো ঠাইতে শুভবাৰ্ত্তা প্ৰচাৰ কৰাত সহযোগ কৰিলে আৰু সেই বিষয়ে কেনে ভৱিষ্যতবাণী কৰা হৈছিল?

এনে প্ৰশংসনীয় আৰ্হি ৰাখা বহুতো মহিলাৰ বিষয়ে বাইবেলত উল্লেখ কৰা হৈছে। প্ৰথম শতিকাত তেওঁলোকৰ কিছুমানে যীচু আৰু তেওঁৰ পাঁচনিবিলাকৰ সেৱা-শুশ্ৰূষা কৰাৰ বিশেষাধিকাৰ পাইছিল। (লূক ৮:১-৩) পিছলৈ তেওঁলোকৰ কিছুমানে উৎসাহী ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হʼল; কিছুমানে মণ্ডলীক পৰিচালনা কৰা ব্যক্তিসকল, যেনে, পাঁচনি পৌলক কাৰ্য্যকাৰীৰূপে সহযোগ কৰিলে; কিছুমানে অতিথি সৎকাৰ আৰু মণ্ডলীৰ সভাবোৰৰ বাবে নিজৰ ঘৰখন ব্যৱহাৰ কৰিবলৈ দিলে।

শাস্ত্ৰীয় পদসমূহৰ অনুসাৰে যিহোৱাই নিজ উদ্দেশ্য পূৰ্ণ কৰিবলৈ শক্তিশালীৰূপে মহিলাসকলক ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে, যোৱেল ২:২৮, ২৯ পদত ভৱিষ্যতবাণী কৰা হৈছিল যে পুৰুষ আৰু স্ত্ৰী, ডেকা বা বৃদ্ধ সকলোৱে পবিত্ৰ আত্মাৰে মনোনীত হৈ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ভাগ লʼব। সেই ভৱিষ্যতবাণী পেন্টাকোষ্ট সা.যু. ৩৩ চনত পূৰ্ণ হৈছিল। (পাঁচনিৰ কৰ্ম্ম ২:১-৪, ১৬-১৮) ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা মনোনীত হোৱা কিছুমান অভিষিক্ত মহিলাই ভৱিষ্যতবাণী কৰাৰ বিশেষাধিকাৰ পাইছিল। (পাঁচনিৰ কৰ্ম্ম ২১:৮, ৯) প্ৰথম শতিকাৰ এই মহিলাসকলে উৎসাহেৰে প্ৰচাৰ কাৰ্য্য কৰাৰ বাবে সকলো ঠাইতে খ্ৰীষ্টান ধৰ্ম্ম বিয়পি পৰিলে। সেইবাবে সা.যু. ৬০ চনত পাঁচনি পৌলে “গোটেই সৃষ্টিৰ আগত” শুভবাৰ্ত্তা প্ৰচাৰ কৰা হʼল বুলি লিখিব পাৰিলে।—কলচীয়া ১:২৩.

সাহস, উৎসাহ আৰু অতিথিপৰায়ণতাৰ বাবে তেওঁলোক প্ৰশংসাৰ যোগ্য

৪. প্ৰথম শতিকাৰ মণ্ডলীৰ মহিলাসকলৰ প্ৰতি শলাগ লবলৈ পাঁচনি পৌলৰ ওচৰত কেনে উত্তম কাৰণ আছিল?

কিছুমান মহিলাই কৰা পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি পাঁচনি পৌলে শলাগ লৈছিল আৰু সেইদৰে আজিৰ খ্ৰীষ্টান অধ্যক্ষবিলাকেও শলাগ লয়। পাঁচনি পৌলে উল্লেখ কৰা সকলৰ ভিতৰত ‘প্ৰভুত পৰিশ্ৰমকাৰিণী ত্ৰুফেণা, ত্ৰুফোচ’ আৰু ‘প্ৰভুত পৰিশ্ৰম কৰা প্ৰিয়া পৰ্চী’ নামৰ মহিলাসকল আছিল। (ৰোমীয়া ১৬:১২) তদুপৰি তেওঁ ইবদিয়া আৰু চুন্তুখীৰ বিষয়েও লিখিছিল যিসকলে “শুভবাৰ্ত্তাত [তেওঁৰ] সহিত প্ৰাণপণ কৰিছিল।” (ফিলিপীয়া ৪:২, ৩) প্ৰিষ্কিল্লা আৰু আক্কিলাই তেওঁৰ সৈতে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লৈছিল। আনকি তেওঁলোকে পাঁচনি পৌলৰ বাবে বিপদটো নিজৰ “ডিঙি পাতি দিছিল।” সেয়েহে পৌলে এইদৰে লিখিবলৈ প্ৰেৰিত হৈছিল: “কেৱল মই নহয়, পৰজাতিৰ আটাই মন্ডলীবিলাকেও তেওঁলোকক ধন্যবাদ দিয়ে।”—ৰোমীয়া ১৬:৩, ৪; পাঁচনিৰ কৰ্ম্ম ১৮:২

৫, ৬. বৰ্তমান সময়ৰ খ্ৰীষ্টান ভনীসকলৰ বাবে প্ৰিষ্কিল্লাই কেনেধৰণে এক উত্তম আৰ্হি ৰাখিলে?

কিহৰ বাবে প্ৰিষ্কিল্লাই উৎসাহী আৰু সাহসী হোৱাৰ পৰিচয় দিছিল? পাঁচনিৰ কৰ্ম্ম ১৮:২৪-২৬ পদৰ পৰা এটা আভাস পোৱা যায় যে তাই নিজৰ স্বামীৰ সৈতে আপল্লো নামৰ এজন সুবক্তা আৰু শাস্ত্ৰজ্ঞ ব্যক্তিক সত্যতাৰ শেহতীয়া সংবাদৰ সৈতে অৱগত হোৱাত সহায় কৰিছিল। প্ৰত্যক্ষভাৱে প্ৰিষ্কিল্লা ঈশ্বৰৰ বাক্য আৰু পাঁচনিবিলাকৰ শিক্ষা গ্ৰহণ কৰাত এগৰাকী নিপুণ বিদ্যাৰ্থী আছিল। ইয়াৰ ফলস্বৰূপে, তাই তেনে উত্তম গুণবোৰ বিকাশিত কৰিব পাৰিলে যাৰ বাবে তাই নিজৰ স্বামী, ঈশ্বৰ আৰু মণ্ডলীৰ কাৰণে প্ৰশংসাৰ পাত্ৰী হʼল। ঠিক সেইদৰে বৰ্তমান খ্ৰীষ্টান মহিলাসকলেও প্ৰশংসাৰ যোগ্য, কিয়নো তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ আৰু “বিশ্বাসী বুদ্ধিমান দাসে” প্ৰবন্ধ কৰা আধ্যাত্মিক আহাৰ গ্ৰহণ কৰাত পৰিশ্ৰম কৰে।—লূক ১২:৪২.

অতিথিপৰায়ণতা প্ৰকাশ কৰি প্ৰিষ্কিল্লা আৰু আক্কিলাই উৎকৃষ্ট আৰ্হি প্ৰস্তুত কৰিলে। কৰিন্থীয়া চহৰত তম্বু বনোৱা ব্যৱসায় কৰাৰ সময়ত পাঁচনি পৌলে তেওঁলোকৰ ঘৰত অতিথি হিচাবে আছিল। (পাঁচনিৰ কৰ্ম্ম ১৮:১-৩) পিছলৈ এই দম্পতীয়ে ইফিচ আৰু ৰোম নগৰত থকাৰ সময়তো একেৰাহে অতিথি সৎকাৰ দেখুৱাইছিল। আনকি তেওঁলোকে মণ্ডলীৰ সভাবোৰৰ বাবে নিজৰ ঘৰখন দিছিল। (পাঁচনিৰ কৰ্ম্ম ১৮:১৮, ১৯; ১ কৰিন্থীয়া ১৬:৮, ১৯) নুম্ফা আৰু মাৰ্ক নামেৰে প্ৰখ্যাত যি যোহন, তেওঁৰ মাতৃ মৰিয়মেও মণ্ডলীৰ সভাবোৰৰ বাবে তেওঁলোকৰ নিজৰ ঘৰখন ব্যৱহাৰ কৰিবলৈ দিছিল।—পাঁচনিৰ কৰ্ম্ম ১২:১২; কলচীয়া ৪:১৫.

বৰ্তমান সময়ত এক বহুমূলীয়া সুযোগ

৭, ৮. বৰ্তমান খ্ৰীষ্টান মহিলাসকলে ঈশ্বৰৰ সেৱাত কেনে উল্লেখনীয় আদৰ্শ ৰাখিছে আৰু তেওঁলোকে কিহৰ বাবে নিশ্চিত হʼব পাৰে?

প্ৰথম শতিকাৰ দৰে বৰ্তমান খ্ৰীষ্টান মহিলাসকলেও পৰিচৰ্য্যা কাৰ্য্য সম্পন্ন কৰাত এক প্ৰমুখ ভূমিকা আদায় কৰে। এই ভনীসকলে কিযে এক উত্তম আদৰ্শ ৰাখিছে! উদাহৰণস্বৰূপে, ৱেন্‌ নামৰ এগৰাকী মহিলাৰ বিষয়ে বিবেচনা কৰক। মহিলা গৰাকীয়ে ২০০২ চনত নিজৰ মৃত্যুলৈকে সত্যনিষ্ঠাৰে প্ৰায় ৫০ বছৰৰো অধিক সময় ধৰি যিহোৱাৰ সেৱা কৰিলে। সেই বিষয়ে তাইৰ স্বামীয়ে এইদৰে কৈছিল: “এই চহৰখনৰ ভিতৰত ৱেন্‌ক এগৰাকী উৎসাহী প্ৰচাৰকৰূপে প্ৰায় সকলোৱে চিনি পাইছিল। তাই সকলো ব্যক্তিকে যিহোৱাৰ প্ৰেম আৰু প্ৰতিজ্ঞাৰ গ্ৰহণকাৰী বুলি দৃষ্টি কৰিছিল। যিহোৱা, তেওঁৰ সংগঠনৰ প্ৰতি থকা তাইৰ আনুগত্য আৰু আমাৰ পৰিয়ালৰ নিৰুৎসাহী অৱস্থাত তাই আগবঢ়োৱা প্ৰেমপূৰ্বক উৎসাহজনক বাক্যই মোক আৰু মোৰ লʼৰা-ছোৱালীক উৎসাহিত কৰি একত্ৰিত হৈ লাভজনক জীৱন-নিৰ্বাহ কৰাত সহায় কৰিলে। আজিও আমি তাইৰ বিষয়ে পাহৰিব নোৱাৰো।” ৱেন্‌ আৰু তাইৰ স্বামীয়ে ৬১ বছৰ বৈবাহিক জীৱন অতিবাহিত কৰিলে।

প্ৰায় দহ লাখতকৈ অধিক বিবাহিত আৰু অবিবাহিত মহিলাই সৰলতাৰে জীৱন-যাপন কৰি অগ্ৰগামী বা মিচনাৰী সেৱাত ভাগ লৈ ব্যস্ত চহৰৰ উপৰিও নিজান এলেকাবোৰলৈ গৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কাৰিছে। (পাঁচনিৰ কৰ্ম্ম ১:৮) তেওঁলোকৰ বহুতে নিজা ঘৰ বা পৰিয়াল বনোৱাৰ আশা ত্যাগ দি যিহোৱাৰ সেৱাত লীন হৈ পৰিছে। তেওঁলোকৰ কিছুমান ভনীয়ে নিজৰ স্বামীসকলক পৰিব্ৰাজক অধ্যক্ষতাৰ দায়িত্বক বহন কৰাত সহায় আৰু আন কিছুমানে বিশ্বজুৰি বেথেল গৃহবোৰত সেৱা কৰি আছে। নিসন্দেহ, এই আত্মত্যাগী মহিলাসকল হৈছে “আটাই জাতিৰ বাঞ্ছনীয় বস্তু” যিয়ে যিহোৱাৰ গৃহটিক গৌৰৱেৰে পৰিপূৰ্ণ কৰিছে।—হগ্‌গয় ২:৭.

৯, ১০. খ্ৰীষ্টান পত্নী আৰু মাতৃবিলাকে ৰাখা উত্তম আৰ্হিৰ প্ৰতি কিছুমান পৰিয়ালৰ সদস্যই কেনেকৈ প্ৰশংসা কৰিছে?

অৱশ্যে বহুতো প্ৰকৃত খ্ৰীষ্টান মহিলাই নিজৰ পৰিয়ালটোক চোৱা-চিতা কৰাৰ দায়িত্ব আছে; তথাপিও তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিছে। (মথি ৬:৩৩) এগৰাকী অবিবাহিত অগ্ৰগামী ভনীয়ে এইদৰে লিখিছিল: “মোৰ মায়ে ৰাখা উত্তম আৰ্হি আৰু অটল বিশ্বাসে মোক নিয়মিত অগ্ৰগামী সেৱক হʼবলৈ বিশেষ সহায় কৰিলে। আনকি তাই মোৰ আটাইতকৈ ভাল সঙ্গী অগ্ৰগামী সেৱকো আছিল।” পাঁচজনী জীয়েকৰ মাক অৰ্থাৎ তেওঁৰ পত্নীৰ বিষয়ে এজন স্বামীয়ে এইদৰে কয়: “আমাৰ ঘৰখনত সদায়েই পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰখা হৈছিল। বাণীয়ে ঘৰখন ইমান ধুনীয়াকৈ ৰাখিছিল যাতে পৰিয়ালটোৱে আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি অধিক ধ্যান কেন্দ্ৰিত কৰিব পাৰে। ঘৰখনৰ খৰচ-পাতিৰ চোৱা-চিতা তাই সাৱধানে কৰাৰ বাবে মই ৩২ বছৰলৈকে অংশকালীন ভিত্তিত চাকৰি কৰি পৰিয়াল আৰু আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি অধিককৈ সময় উলিয়াব পাৰিছিলোঁ। মোৰ পত্নীয়ে লʼৰা-ছোৱালীকো পৰিশ্ৰমী হʼবলৈ শিকাইছিল। তেনে কৰাৰ বাবে তাই সঁচাকৈ প্ৰশংসাৰ পাত্ৰী।” বৰ্তমান তেওঁলোক দুয়ো স্বামী-স্ত্ৰীয়ে যিহোৱাৰ সাক্ষীসকলৰ মুখ্য কাৰ্য্যালয়ত সেৱা কৰি আছে।

১০ এগৰাকী লʼৰা-ছোৱালীৰ মাতৃ অৰ্থাৎ তেওঁ পত্নীৰ বিষয়ে এজন স্বামীয়ে এইদৰে লিখিছিল: “মই ছোজেনক তাইৰ বুজশক্তি, সহানুভূতি, সত্যনিষ্ঠা, ঈশ্বৰ আৰু লোকসকলৰ প্ৰতি থকা গভীৰ প্ৰেমৰ বাবে প্ৰশংসা কৰোঁ। যিহোৱাই একমাত্ৰ আমাৰ সকলো উত্তমতা পোৱা যোগ্য বুলি তাই সদায়ে অনুভৱ কৰি সেই সিদ্ধান্তটো এগৰাকী যিহোৱাৰ সেৱক আৰু মাতৃ হিচাবে পালন কৰে।” এনে সহযোগৰ বাবে তাইৰ স্বামী অৰ্থাৎ সেই ভাইজনে এজন প্ৰাচীন, বিকল্প চাৰ্কিট অধ্যক্ষ আৰু চিকিৎসালয় সংযোগ কমিটিৰ সদস্য হিচাবে সেৱা কৰাত সক্ষম হৈছে। এনে মহিলাই নিজৰ স্বামী, সঙ্গী খ্ৰীষ্টান আৰু যিহোৱাৰ বাবে অধিক মূল্যৱান নহয়নে বাৰু!—হিতোপদেশ ৩১:২৮, ৩০.

স্বামীৰ অবিহনে মূল্যৱান মহিলাসকল

১১. (ক) বিশেষকৈ বিধৱা মহিলাসকলৰ প্ৰতি থকা চিন্তাধাৰাক যিহোৱাই কেনেকৈ প্ৰকাশ কৰিলে? (খ) খ্ৰীষ্টান বিধৱা আৰু স্বামীৰ অবিহনে থকা আন বিশ্বাসী একজনক মহিলাসকলে কেনে আশ্বাস পাব পাৰে?

১১ যিহোৱাই সদায়ে বিধৱাসকলৰ প্ৰতি থকা তেওঁৰ চিন্তা প্ৰকাশ কৰে। (দ্বিতীয় বিবৰণ ২৭:১৯; গীতমালা ৬৮:৫; যিচয়া ১০:১, ২) এই ক্ষেত্ৰত তেওঁ কেতিয়াও সলনি হোৱা নাই। কিয়নো আজিও তেওঁ বিধৱা, একজনক মাতৃ আৰু উপযুক্ত সঙ্গী বিচাৰি নোপোৱা অবিবাহিত মহিলাসকলৰ প্ৰতি সেই একেই চিন্তাধাৰা প্ৰকাশ কৰে। (মলাখী ৩:৬; যাকোব ১:২৭) এজন খ্ৰীষ্টান বিবাহিত সঙ্গীৰ সহায়ৰ অবিহনে বিশ্বাসী হৈ যিহোৱাক সেৱা কৰাসকলৰ মাজত যদি আপুনিও এজনা, তেন্তে তেওঁৰ দৃষ্টিত যে মূল্যৱান তাৰ প্ৰতি আশ্বাস ৰাখিব পাৰে।

১২. (ক) কিছুমান ভনীয়ে কেনেকৈ যিহোৱাৰ প্ৰতি আনুগত্য বজাই ৰাখাৰ প্ৰমাণ দিছে? (খ) কিছুমান ভনীয়ে কেনে ধৰণৰ অনুভূতিৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হৈছে?

১২ “কেৱল প্ৰভুত বিশ্বাস কৰা” জনৰ সৈতে বিবাহ কৰাৰ পৰামৰ্শৰ অনুসাৰে চলা অবিবাহিত খ্ৰীষ্টান মহিলাসকলৰ এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰক। (১ কৰিন্থীয়া ৭:৩৯; হিতোপদেশ ৩:১) ঈশ্বৰৰ বাক্যই তেওঁলোকক আশ্বাস দি এইদৰে কৈছে: “সৰল জনলৈ সৰল ব্যৱহাৰ কৰোঁতা।” (২ চমূৱেল ২২:২৬) তথাপিও তেওঁলোকৰ মাজত বহুতে অবিবাহিত হৈ থকাটো এক প্ৰত্যাহ্বানজনক বিষয়। এগৰাকী ভনীয়ে এইদৰে কয়: “মই প্ৰভুত বিশ্বাস কৰা জনাৰ সৈতে বিবাহ কৰিবলৈ নিৰ্ণয় ললোঁ, কিন্তু মোৰ সম্মুখত বান্ধৱীসকলে সোনকালে বিয়া হোৱা দেখি বেদনাত মোৰ চকুৰ পানী ওলাই আহিছিল।” আন এগৰাকীয়ে এইদৰে কয়: “মই ২৫ বছৰ ধৰি যিহোৱাৰ সেৱা কৰি আহিছোঁ। যদিও মই তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ নিৰ্ণয় ললোঁ তথাপিও মোৰ অকলশৰীয়া ভাৱনাই মোক সদায়েই নিৰুৎসাহিত কৰি আহিছে।” আগলৈ তাই এইদৰে কয়: “মোৰ নিচিনা ভনীসকলক উৎসাহৰ প্ৰয়োজন।” আমি তেনে বিশ্বাসী ব্যক্তিসকলক কেনেকৈ সহায় কৰিব পাৰোঁ?

১৩. (ক) যিপ্তহৰ জীয়েকক সাক্ষাৎ কৰিবলৈ যোৱা ইস্ৰায়েলৰ জীয়াৰীবিলাকৰ পৰা আমি কি শিকিবলৈ পাওঁ? (খ) মণ্ডলীত থকা অবিবাহিত মহিলাসকলৰ প্ৰতি আমি কেনে ধৰণে চিন্তাধাৰা প্ৰকাশ কৰা উচিত?

১৩ অবিবাহিত ভনীসকলে প্ৰাচীনকালৰ আৰ্হিবোৰৰ পৰা শিক্ষা লাভ কৰিব পাৰে। যেতিয়া যিপ্তহৰ জীয়েকে বিবাহ নকৰিবলৈ নিৰ্ণয় লʼলে তেতিয়া লোকসকলে জানিব পাৰিলে যে তাই এক বিশেষ ত্যাগ কৰিলে। কিন্তু তাই কৰা তেনে ত্যাগৰ সম্পৰ্কে উৎসাহিত কৰিবলৈ কি কৰা হʼল? আগলৈ বৃত্তান্তত এইদৰে কৈছে: “বছৰে বছৰে গিলিয়দীয়া যিপ্তহৰ জীয়েকৰ নিমিত্তে [প্ৰশংসা, NW] কৰিবলৈ ইস্ৰায়েলৰ জীয়াৰীবিলাকে বছৰৰ ভিতৰত চাৰি দিন যায়। (বিচাৰকৰ্ত্তাবিলাক ১১:৩০-৪০) ঠিক সেইদৰে বিশ্বাসী হৈ ঈশ্বৰৰ সেৱা কৰা অবিবাহিত মহিলাসকলক আমি প্ৰশংসা কৰা উচিত। * তেওঁলোকৰ প্ৰতি থকা চিন্তাধাৰা প্ৰকাশ কৰাৰ আন এটা পদ্ধতি কি? আমি প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাক তেনে মৰমীয়াল আৰু বিশ্বাসী ভনীসকলক তেওঁৰ প্ৰতি নিষ্ঠা বজাই ৰাখাত সহায় কৰিবলৈ নিৱেদন কৰিব পাৰোঁ। তেওঁলোকক আশ্বাস দিয়া উচিত যে যিহোৱা আৰু মণ্ডলীয়ে তেওঁলোকক গভীৰভাৱে প্ৰেম আৰু মূল্যাঙ্কন কৰে।—গীতমালা ৩৭:২৮.

কেনেকৈ একজনক মাতৃয়ে সফলতা পাব পাৰে

১৪, ১৫. (ক) একজনক খ্ৰীষ্টান মাতৃসকলে কিয় যিহোৱাৰ সহায় বিচাৰা উচিত? (খ) তেওঁলোকে কেনেকৈ প্ৰাৰ্থনাৰ অনুসাৰে পদক্ষেপ লʼব পাৰে?

১৪ একজনক খ্ৰীষ্টান মাতৃসকলে বহুতো প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হয়। তথাপিও তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে ডাঙৰ-দীঘল কৰিবলৈ যিহোৱাৰ সহায় বিচৰা উচিত। এইটো সঁচা যে যদি আপুনি একজনক মাতৃ তেন্তে সকলো ক্ষেত্ৰতে মাতৃৰ দায়িত্ব পালন কৰাটো ইমান সহজ নহয়। তথাপিও যদি আপুনি যিহোৱাত ভাৰসা ৰাখে তেন্তে বহুতো দায়িত্ব পালন কৰাত সক্ষম হʼব। উদাহৰণস্বৰূপে, কল্পনা কৰক যে কেইবামহলীয়া অট্টালিকাত থকা আপোনাৰ ঘৰটোলৈ দাইল-চাউলেৰে ভৰা এটা গধুৰ মোনা কঢ়িয়াই নিব লাগে। যদি ওচৰত লিফ্ট্‌ আছে তেন্তে আপুনি খটখটিৰে যাব বিচাৰিবনে? অৱশ্যেই নিবিচাৰিব! একেইদৰে যিহোৱাৰ সহায়ৰ অৱিহনে অকলে গধুৰ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা নকৰি তেওঁৰ সহায় বিচাৰি প্ৰাৰ্থনা কৰক। আনকি তেওঁত আপোনাৰ চিন্তাৰ গধুৰ ভাৰ গতাই দিবলৈ তেওঁ আমন্ত্ৰিত কৰিছে। এই বিষয়ে গীতমালা ৬৮:১৯ পদত এইদৰে কৈছে: “দিনে দিনে আমাৰ ভাৰ বহন কৰোঁতা যিহোৱা ধন্য।” সেইদৰে ১ পিতৰ ৫:৭ পদে আপোনাৰ সকলো চিন্তাৰ ভাৰ যিহোৱাৰ ওপৰত পেলাই দিবলৈ আগ্ৰহ কৰিছে, কিয়নো “তেওঁ চিন্তা কৰে।” যেতিয়া কোনো সমস্যা আৰু দুচিন্তাৰ বাবে আপোনাৰ সম্মুখত কোনো বাট বিচাৰি নোপোৱা যেন বোধ হয় তেতিয়া যিহোৱালৈ “নিৰন্তৰে প্ৰাৰ্থনা কৰি” নিজৰ সকলো চিন্তাৰ ভাৰ তেওঁলৈ গতাই দিয়ক।—১ থিচলনীকীয়া ৫:১৭; গীতমালা ১৮:৬; ৫৫:২২.

১৫ যদি আপুনি এগৰাকী মাতৃ তেন্তে নিশ্চয়ে আপোনাৰ লʼৰা-ছোৱালীৱে স্কুলত পঢ়া সময়ছোৱাত অহা সমকক্ষৰ হেঁচা বা ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰাখাৰ বিষয়ে চিন্তিত হৈছে। (১ কৰিন্থীয়া ১৫:৩৩) এনেবোৰ চিন্তাধাৰা হৈছে অৱশ্যেই বাঞ্চনীয়। কিন্তু এইবোৰৰ বাবে প্ৰাৰ্থনা কৰা আৱশ্যক। এই বিষয়ে স্কুল যোৱাৰ আগতে বা দৈনিক পাঠ পঢ়াৰ পিছত তেওঁলোকৰ সৈতে মিলি প্ৰাৰ্থনা নকৰে কিয়? কোনো নিৰ্দ্দিষ্ট বিষয়ক লৈ কৰা আন্তৰিক প্ৰাৰ্থনাই আপোনাৰ লʼৰা-ছোৱালীৰ মন গভীৰভাৱে প্ৰভাৱিত কৰিব পাৰে। তদুপৰি যেতিয়া আপুনি ধৈৰ্য্যৰে সৈতে লʼৰা-ছোৱালীবিলাকক ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলিবলৈ সহায় কৰে তেতিয়া যিহোৱাৰ আশীৰ্ব্বাদ লাভ কৰিব। (দ্বিতীয় বিবৰণ ৬:৬, ৭; হিতোপদেশ ২২:৬) মনত ৰাখক যে “প্ৰভুৰ চকু ধাৰ্ম্মিকবিলাকৰ আৰু তেওঁৰ কাণ তেওঁবিলাকৰ প্ৰাৰ্থনালৈ” দিয়ে।—১ পিতৰ ৩:১২; ফিলিপীয়া ৪:৬, ৭.

১৬, ১৭. (ক) এজন পুতকে তেওঁৰ মাতৃয়ে দেখুৱা প্ৰেমৰ বিষয়ে কি কৈছিল? (খ) সেই মাতৃ গৰাকীয়ে দেখুৱা আধ্যাত্মিক মনোবৃত্তিয়ে লʼৰা-ছোৱালীৰ ওপৰত কেনে প্ৰভাৱ পেলাইছিল?

১৬ ছজন লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰা অলিভা নামৰ এগৰাকী মাতৃৰ বিষয়ে বিবেচনা কৰক। শেষ সন্তানটিৰ জন্মৰ পিছতেই সত্যত নথকা তাইৰ স্বামীয়ে পৰিয়ালটো এৰি গুচি যায়। কিন্তু লʼৰা-ছোৱালীবিলাকক ঈশ্বৰৰ নিৰ্দেশনাৰে প্ৰতিপালন কৰিবলৈ তাই পিছ নুহুঁহকিলে। সেই সময়ত তাইৰ পুতেক ডেৰনৰ বয়স আছিল ৫ বছৰ, আজি তেওঁৰ বয়স হৈছে ৩১ বছৰ আৰু এখন খ্ৰীষ্টান মণ্ডলীত এজন প্ৰচীন আৰু অগ্ৰগামীৰূপে সেৱা কৰি আছে। মাকৰ তেনে পৰিস্থিতিৰ সময়ছোৱাত ডেৰনে এক গভীৰ অসুখত আক্ৰন্ত হয় আৰু আজিও তেওঁ সেই অসুস্থতাৰ সৈতে যুঁজি আছে। ডেৰনে নিজৰ লʼৰালি কালৰ বিষয়ে সুঁৱৰি এইদৰে কয়: “মই চিকিৎসালয়ৰ বিছনাত বহি মোৰ মাৰ বাবে অপেক্ষা কৰি থকাৰ বিষয়ে আজিও মনত পৰে। তাই মোৰ কাষত বহি নিতৌ বাইবেলখন পঢ়িছিল। তাই মোক ‘আমি যিহোৱাক ধন্যবাদ দিছোঁ’ নামৰ গীতটো গাই শুনাইছিল। * সেই গীতটো আজিও মোৰ বাবে অতি প্ৰিয়।”

১৭ যিহোৱাৰ প্ৰতি থকা বিশ্বাস আৰু প্ৰেমে সেই একজনক মাতৃ গৰাকীলৈ সফলতা কঢ়িয়াই আনিলে। (হিতোপদেশ ৩:৫, ৬) লʼৰা-ছোৱালীবিলাকৰ সম্মুখত ৰাখা লক্ষ্যত মাকৰ উত্তম মনোবৃত্তি প্ৰতিফলিত হৈছিল। সেই বিষয়ে ডেৰনে এইদৰে কয়: “মায়ে আমাক সদায়ে পূৰ্ণ সময়ৰ সেৱাৰ লক্ষ্য ৰাখিবলৈ উৎসাহিত কৰিছিল। ফলস্বৰূপে, মোৰ পাঁচগৰাকী ভনীয়ে পূৰ্ণ সময়ৰ সেৱা কাৰ্য্যত যোগদান কৰিলে। তথাপি মোৰ মায়ে কেতিয়াও আনৰ আগত অহঙ্কাৰ কৰা নাছিল। মোৰ মায়ে ৰাখা উত্তম আৰ্হিক অনুকৰণ কৰিবলৈ মই কঠোৰ পৰিশ্ৰম কৰিছোঁ।” এইটো সঁচা যে সকলো লʼৰা-ছোৱালীয়ে অলিভাৰ দৰে পৰিস্থিতিত ডাঙৰ-দীঘল নহʼবও পাৰে। কিন্তু এগৰাকী মাতৃয়ে যেতিয়া বাইবেলৰ সিদ্ধান্তবোৰৰ অনুসাৰে চলিবলৈ চেষ্টা কৰে তেতিয়া যিহোৱাৰ পৰা নিৰ্দ্দেশনা আৰু সহযোগ লাভ কৰাৰ আশা ৰাখিব পাৰে।—গীতমালা ৩২:৮.

১৮. যিহোৱাই মণ্ডলীৰ সভাবোৰৰ যোগেদি কৰাৰ ব্যৱস্থাৰ প্ৰতি আমি কেনেকৈ মূল্যাঙ্কন দেখুৱাব পাৰোঁ?

১৮ ঈশ্বৰে প্ৰকৃত খ্ৰীষ্টান মণ্ডলীৰ সভা, ভাতৃত্বসমাজ আৰু “মানুহবিলাকত থকা নানা বৰ” অৰ্থাৎ পৰিপক্ক খ্ৰীষ্টান প্ৰাচীনসকলৰ দ্বাৰা নিজৰ সহায় আগবঢ়াইছে। (ইফিচীয়া ৪:৮) মণ্ডলীৰ সকলো সদস্যৰে আধ্যাত্মিকতাক বৃদ্ধি কৰিবলৈ বিশ্বাসী প্ৰাচীনসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু “মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত” বিশেষ মনোযোগ দিয়ে। (যাকোব ১:২৭) গতিকে কেতিয়াও নিজকে ঈশ্বৰৰ লোকসকলৰ সৈতে সঙ্গতি কৰাৰ পৰা বিৰত নাৰাখিব।—হিতোপদেশ ১৮:১; ৰোমীয়া ১৪:৭.

অধীনতাৰ উত্তম গুণসমূহ

১৯. এগৰাকী পত্নীয়ে দেখুৱা অধীনতা কিয় কোনো দুৰ্ব্বলতাৰ লক্ষণ নহয় আৰু এই অধীনতাৰ বিষয়টোক বাইবেলৰ কোনটো আৰ্হিয়ে সমৰ্থন দিছে?

১৯ যিহোৱাই স্ত্ৰীক পুৰুষৰ উপযুক্ত সহকাৰী হিচাবে নিৰ্ম্মাণ কৰিলে। (আদিপুস্তক ২:১৮) গতিকে পত্নীয়ে দেখুৱা অধীনতা কোনো ধৰণৰ দুৰ্ব্বলতাৰ লক্ষণ নহয়। বৰঞ্চ, ই তেওঁলোকক অধিক সন্মানীয় আৰু ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি তেওঁলোকত থকা বহুতো ভাল গুণ আৰু প্ৰতিভাবোৰক প্ৰকাশ কৰাত সহায় কৰে। প্ৰাচীন ইস্ৰায়েলৰ এগৰাকী গুণৱতী পত্নীয়ে কৰা অনেক কাৰ্য্যৰ বিষয়ে হিতোপদেশ ৩১ অধ্যায়ত উল্লেখ কৰিছে। তাত তাই দুখীয়াক সহায় কৰা, দ্ৰাক্ষাবাৰী পাতা আৰু এডোখৰ মাটি কিনা বিষয়ে কৈছে। ইয়াৰ উপৰিও এইদৰে কৈছে “তেওঁৰ স্বামীৰ মনে তেওঁত বিশ্বাস কৰে, আৰু তেওঁৰ স্বামীৰ লাভৰ অভাৱ [নাছিল]।”—১১, ১৬, ২০ পদসমূহ।

২০. (ক) এগৰাকী খ্ৰীষ্টান পত্নীয়ে ঈশ্বৰীয় উপহাৰ বা প্ৰতিভাৰ প্ৰতি কেনে মনোবৃত্তি ৰাখা উচিত? (খ) ইষ্টেৰ ৰাণীয়ে কেনে উত্তম গুণবোৰ প্ৰকাশ কৰিলে আৰু ফলস্বৰূপে যিহোৱাই তাইক কেনে এক গুৰুত্বপূৰ্ণ কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰিছিল?

২০ এগৰাকী ভদ্ৰ আৰু ঈশ্বৰীয় ভয় ৰাখোঁতা পত্নীয়ে কেতিয়াও উচ্চাকাংক্ষী হʼবলৈ বা স্বামীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰে। (হিতোপদেশ ১৬:১৮) তাই আত্মসিদ্ধ হৈ নিজৰ ইচ্ছা পূৰণ কৰাৰ পৰিৱৰ্তে ঈশ্বৰে প্ৰদান কৰা প্ৰতিভাক নিজ পৰিয়াল, সঙ্গী খ্ৰীষ্টান, চুবুৰীয়া আৰু সৰ্ব্বপ্ৰথমে যিহোৱাক সেৱা কৰাৰ বাবে ব্যৱহাৰ কৰিব। (গালাতীয়া ৬:১০; তীত ২:৩-৫) এই বিষয়ে বাইবেলত উল্লেখ কৰা ইষ্টেৰ ৰাণীৰ আৰ্হিটোক বিবেচনা কৰক। তাই সুন্দৰী হোৱাৰ স্বত্বেও ভদ্ৰ আৰু আজ্ঞাকাৰী পত্নী আছিল। (ইষ্টেৰ ২:১৩, ১৫) তাই বিয়াৰ পিছত ৱষ্টী ৰাণীৰ বিপৰীতে তাইৰ স্বামী অৰ্থাৎ অহচ্‌বেৰোচ ৰজাৰ প্ৰতি গভীৰ শ্ৰদ্ধা দেখুৱাইছিল। (ইষ্টেৰ ১:১০-১২; ২:১৬, ১৭) আনকি তাই ৰাণী হোৱাৰ স্বত্বেও তাইৰ বৃদ্ধ মোমায়েকে কোৱা কথাশাৰীক সন্মানীয়ভাৱে শুনিলে। এই সকলোবোৰে তাইৰ দুৰ্ব্বলতা হোৱাৰ পৰিচয় দিয়া নাছিল! তাই সাহসেৰে ৰজাৰ আগত হামানে দুষ্টতাৰে ইহুদীবিলাকক উচ্ছন্ন কৰিবলৈ ৰচা ষড়যন্ত্ৰৰ বিষয়ে প্ৰকাশ কৰিলে। যিহোৱাই নিজৰ লোকসকলৰ প্ৰতিৰক্ষাৰ বাবে ইষ্টেৰ ৰাণীক শক্তিশালীৰূপে ব্যৱহাৰ কৰিলে।—ইষ্টেৰ ৩:৮–৪:১৭; ৭:১-১০; ৯:১৩.

২১. এগৰাকী খ্ৰীষ্টান মহিলাই কেনেকৈ যিহোৱাৰ দৃষ্টিত বহুমূলীয়া হʼব পাৰে?

২১ স্পষ্টভাৱে, অতীত আৰু বৰ্তমান সময়ৰ খ্ৰীষ্টান মহিলাসকলে যিহোৱা আৰু তেওঁৰ উপাসনাত অনন্য ভক্তি আগবঢ়াইছে। সেইবাবে ঈশ্বৰলৈ ভয় ৰাখোঁতা মহিলাসকল হৈছে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া। এতেকে হে খ্ৰীষ্টান ভনীসকল, যিহোৱাৰ আত্মাই আপোনালোকক গঢ়ি তুলিবলৈ অনুমতি দিয়ক যাতে আপোনালোকে যেন “সৎকৰ্ম্মৰ নিমিত্তে প্ৰস্তুত” হৈ “সমাদৰৰ পাত্ৰ” হয়। (২ তীমথিয় ২:২১; ৰোমীয়া ১২:২) তেনে বহুমূলীয়া উপাসকসকলৰ বিষয়ে ঈশ্বৰৰ বাক্যই এইদৰে কৈছে: “তেওঁৰ হাতৰ ফল অনুসাৰে তেওঁৰ স্তুতি কৰা; আৰু নগৰৰ দুৱাৰবোৰত তেওঁৰ কৰ্ম্মই তেওঁৰ প্ৰশংসা কৰক।” (হিতোপদেশ ৩১:৩১) এই কথাষাৰ আপোনালোক সকলোৰে বাবে যেন সঁচা প্ৰমাণিত হয়। (w03 11/1)

[ফুটনোটবোৰ]

^ কেনেকৈ প্ৰশংসা কৰিব পাৰি, এই বিষয়ে মাৰ্চ ১৫, ২০০২ চনৰ প্ৰহৰীবুৰুজ, ২৬-২৮ পৃষ্ঠাত চাওক।

^ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা যিহোৱাৰ স্তুতি কৰা নামৰ গীত পুস্তকৰ ২১২ নম্বৰ গীতটো।

আপোনাৰ মনত আছেনে?

• প্ৰথম শতিকাৰ কিছুমান খ্ৰীষ্টান ভনীয়ে কেনেকৈ যিহোৱাৰ দৃষ্টিত বহুমূলীয়া হোৱাৰ প্ৰমাণ দিলে?

• আজি আমাৰ সময়ত বহুতো ভনীয়ে কেনেকৈ যিহোৱাৰ দৃষ্টিত বহুমূলীয়া হৈছে?

• স্বামীৰ অবিহনে আৰু একজনক মাতৃ হিচাবে থকা মহিলাসকলক যিহোৱাই কি ধৰণে সমৰ্থন কৰিছে?

• মূৰস্বৰূপ ব্যৱস্থাৰ প্ৰতি পত্নীসকলে কেনেকৈ গভীৰ শ্ৰদ্ধা দেখুৱাব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৭ পৃষ্ঠাৰ বক্স]

অনুকৰণ কৰিবলগীয়া আৰ্হিসমূহ

আপুনি বাইবেলত উল্লেখ থকা কিছুমান বিশ্বাসী মহিলাসকলৰ আৰ্হিৰ বিষয়ে বিবেচনা কৰিব বিচাৰিবনে? তেন্তে তলত দিয়া শাস্ত্ৰীয় পদবোৰ পঢ়ক। ইয়াত উল্লেখ কৰা ব্যক্তিসকলৰ বিষয়ে ধ্যান কৰোতে তেনে সিদ্ধান্তসমূহক বিচাৰি উলিয়াবলৈ চেষ্টা কৰক যিবোৰক আপুনি নিজৰ জীৱনত বিস্তৃতভাৱে ব্যৱহাৰ কৰিব পাৰে।—ৰোমীয়া ১৫:৪.

চাৰা: আদিপুস্তক ১২:১, ৫; ১৩:১৮; ২১:৯-১২; ১ পিতৰ ৩:৫, ৬.

উদাৰ মনৰ ইস্ৰায়েলী মহিলাসকল: যাত্ৰাপুস্তক ৩৫:৫, ২২, ২৫, ২৬; ৩৬:৩-৭; লূক ২১:১-৪.

দবোৰা: বিচাৰকৰ্ত্তাবিলাক ৪:১-৫:৩১.

ৰূথ: ৰূথ ১:৪, ৫, ১৬, ১৭; ২:২, ৩, ১১-১৩; ৪:১৫.

চূনেমৰ চহকী তিৰোতা: ২ ৰাজাৱলি ৪:৮-৩৭.

কনানীয়া তিৰোতা: মথি ১৫:২২-২৮.

মাৰ্থা আৰু মৰিয়ম: মাৰ্ক ১৪:৩-৯; লূক ১০:৩৮-৪২; যোহন ১১:১৭-২৯; ১২:১-৮.

টাবিথা: পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪১.

ফিলিপৰ চাৰিজনী জীয়াৰী: পাঁচনিৰ কৰ্ম্ম ২১:৯.

ফৈবী: ৰোমীয়া ১৬:১, ২.

[১৫ পৃষ্ঠাৰ ছবি]

বিশ্বাসী হৈ ঈশ্বৰৰ আজ্ঞা পালন কৰোঁতা অবিবাহিত মহিলাসকলক আপুনি প্ৰশংসা কৰেনে?