Skip to content

Skip to table of contents

যিহোৱাৰ মন আনন্দিত কৰা মহিলাসকল

যিহোৱাৰ মন আনন্দিত কৰা মহিলাসকল

যিহোৱাৰ মন আনন্দিত কৰা মহিলাসকল

“যিহোৱাই তোমাৰ কৰ্ম্মৰ ফল দিয়ক . . . তেৱেঁই তোমাক সম্পূৰ্ণকৈ পুৰষ্কাৰ দিয়ক।”—ৰূথ ২:১২.

১, ২. বাইবেলৰ সময়ত যিহোৱাৰ মন আনন্দিত কৰা মহিলাসকলৰ আৰ্হিৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

 দুগৰাকী মহিলাই ঈশ্বৰীয় ভয় মনাৰ বাবে ফৰৌণ ৰজাৰ আজ্ঞা পালন কৰিবলৈ অস্বীকাৰ কৰিলে। বিশ্বাসৰ দ্বাৰা প্ৰেৰিত হৈ এজনী পতিতাই দুজন ইস্ৰায়েলী চোৰাংচোৱাক নিজৰ ঘৰত আশ্ৰয় দিছিল। সুবিবেচক আৰু নম্ৰতা গুণে এগৰাকী মহিলাক সংকটৰ সময়ত বহুতৰে জীৱন আৰু ঈশ্বৰৰ এজন মনোনীত সেৱকক ৰক্তপাতী হোৱাৰ পৰা ৰক্ষা কৰাত সহায় কৰিছিল। উদাৰ মনোবৃত্তি আৰু বিশ্বাসে এগৰাকী বিধৱা মহিলাক নিজলৈ আৰু তাইৰ পুতেকলৈ ৰাখা খাদ্যখিনিকো ঈশ্বৰৰ ভৱিষ্যতবক্তাজনক দিবলৈ প্ৰেৰিত কৰিছিল। শাস্ত্ৰত উল্লেখ কৰা বহুতো উদাহৰণৰ ভিতৰত ইয়াত কেৱল কিছুমান মহিলাৰ বিষয়েহে উল্লেখ কৰা হৈছে যিসকলে যিহোৱাৰ মন আনন্দিত কৰিলে।

তেনেলোকৰ প্ৰতি থকা যিহোৱাৰ মনোবৃত্তি আৰু আশীৰ্ব্বাদে প্ৰকাশ কৰিছে যে তেওঁৰ মন সন্তুষ্টি কৰিবলৈ পুৰুষ বা মহিলা হোৱাটো প্ৰয়োজন নহয় কিন্তু আধ্যাত্মিক গুণবোৰহে অধিক গুৰুত্বপূৰ্ণ। কিন্তু বৰ্তমান জগতে বাহ্যিক ৰূপটোৰ প্ৰতিহে অধিক গুৰুত্ব দিয়াৰ বাবে আধ্যাত্মিকতাক বজাই ৰাখাটো এক প্ৰত্যাহ্বানজনক বিষয় হৈ পৰিছে। তথাপিও বৰ্তমান লাখ লাখ ঈশ্বৰৰ সেৱকসকলৰ ভিতৰত থকা ঈশ্বৰলৈ ভয় ৰাখোঁতা বেছিভাগ মহিলাই তেনে প্ৰত্যাহ্বানত সফলতাৰে সম্মুখীন হৈছে। তেনে খ্ৰীষ্টান মহিলাসকলে বাইবেলত উল্লেখ কৰা বিশ্বাসী, সুবিবেচক, উদাৰতা আৰু অন্য উত্তম গুণবোৰ প্ৰতিফলিত কৰা মহিলাসকলক অনুকৰণ কৰে। অৱশ্যে খ্ৰীষ্টান পুৰুষবিলাকেও প্ৰাচীন সময়ৰ মহিলাসকলে প্ৰতিফলিত কৰা তেনেধৰণৰ গুণবোৰক অনুকৰণ কৰিব বিচাৰে। আঁহক আমি কেনেকৈ ব্যাপকভাৱে সেই গুণবোৰ অনুকৰণ কৰিব পাৰোঁ, তাৰ বিষয়ে বাইবেলত উল্লেখ ৰা কিছুমান উদাহৰণক বিবেচনা কৰোঁহঁক।—ৰোমীয়া ১৫:৪; যাকোব ৪:৮.

ফৰৌণ ৰজাৰ আজ্ঞা পালন কৰিবলৈ অস্বীকাৰ কৰা মহিলাসকল

৩, ৪. (ক) ফৰৌণ ৰজাই সকলো নৱজাত লʼৰা সন্তানক হত্যা কৰিবলৈ দিয়া আজ্ঞাক চিফ্ৰা আৰু পুৱাই কিয় পালন নকৰিলে? (খ) তেওঁলোকে দেখুৱা সাহস আৰু ভাৰসাৰ বাবে যিহোৱাই কেনেকৈ আশীৰ্ব্বাদ কৰিলে?

দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত জাৰ্মানিত হোৱা নিৱেমবাৰ্গ বিচাৰত গণহত্যাত জড়িত হোৱাসকলে অপৰাধৰ পৰা হাত হাৰিবলৈ দাবী কৰি এইদৰে কৈছিল যে তেওঁলোকে কেৱল আদেশ পালন কৰিলে। এই ক্ষেত্ৰত তেওঁলোকৰ তুলনা যদি নিষ্ঠুৰ ফৰৌণ ৰজাৰ সময়ত থকা চিফ্ৰা আৰু পুৱা নামেৰে দুগৰাকী ইব্ৰীয়া ধাত্ৰীৰ সৈতে কৰা হয় তেন্তে এক বৃহৎ ভিন্নতা দেখিবলৈ পোৱা যায়। মিচৰ দেশত ইহুদীসকলৰ জনসংখ্যা বৃদ্ধি হোৱাৰ বাবে ফৰৌণ ৰজাই সেই দুগৰাকী ধাত্ৰীক নৱজাত লʼৰা সন্তানক হত্যা কৰিবলৈ আদেশ দিলে। এনে ক্ৰুৰ আজ্ঞাৰ প্ৰতি তেওঁলোকে কেনে মনোবৃত্তি দেখুৱালে? তেওঁলোকে “মিচৰৰ ৰজাৰ আজ্ঞামতে নচলি, লʼৰাবিলাকক জীয়াই ৰাখিলে।” সেই দুগৰাকী ধাত্ৰীয়ে কিয় মানুহলৈ ভয় নকৰিলে? কিয়নো তেওঁলোকে ‘সত্য ঈশ্বৰক ভয়’ কৰিছিল।—যাত্ৰাপুস্তক ১:১৫, ১৭; আদিপুস্তক ৯:৬.

এই দুগৰাকী ধাত্ৰীয়ে ঈশ্বৰত ভাৰসা ৰাখাৰ ফলস্বৰূপে, ঈশ্বৰে তেওঁলোকৰ “ঢালস্বৰূপ” হৈছিল আৰু ৰজাৰ ক্ৰোধৰ পৰা ৰক্ষা কৰিছিল। (২ চমূৱেল ২২:৩১; যাত্ৰাপুস্তক ১:১৮-২০) কিন্তু সিমানতেই যিহোৱাৰ আশীৰ্ব্বাদৰ অন্ত নপৰিল। তেওঁ চিফ্ৰা আৰু পুৱাক পৰিয়ালৰ সৈতে পুৰস্কৃত কৰিলে। আনকি তেওঁলোকৰ নাম আৰু কাৰ্য্যৰ বিষয়ে তেওঁৰ বাক্যত লিপিবদ্ধ কৰাই তেওঁলোকৰ মান-সন্মান বৃদ্ধি কৰিলে, যাতে আহিবলগা বংশই এই বিষয়ে পঢ়ে। আনহাতে, সময়ৰ গতিত ফৌৰণৰ নাম চিৰকাললৈকে অস্তিত্বহীন হʼল।—যাত্ৰাপুস্তক ১:২১; ১ চমূৱেল ২:৩০; হিতোপদেশ ১০:৭.

৫. আজিও কিছুমান খ্ৰীষ্টান মহিলাই চিফ্ৰা আৰু পুৱাৰ দৰে কেনে মনোবৃত্তি দেখুৱাইছে আৰু যিহোৱাই তেওঁলোকক কেনেকৈ আশীৰ্ব্বাদ দিব?

আজিও চিফ্ৰা আৰু পুৱাৰ দৰে মহিলাসকলক দেখিবলৈ পোৱা যায়নে? অৱশ্যেই পোৱা যায়! প্ৰত্যেক বছৰে হাজাৰ হাজাৰ গৰাকী মহিলাই নিৰ্ভয়ে “ৰজাৰ আজ্ঞা” নামানি বাইবেলৰ জীৱন-ৰক্ষক বাৰ্ত্তা প্ৰচাৰ কৰিছে। যাৰ বাবে তেওঁলোকে নিজৰ জীৱন বিপদপন্ন কৰিবলৈও ভয় কৰা নাই। (ইব্ৰী ১১:২৩; পাঁচনিৰ কৰ্ম্ম ৫:২৮, ২৯) সকলো বাধা অতিক্ৰম কৰি এই সাহসী মহিলাসকলে ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমেৰে প্ৰেৰিত হৈ আনক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা শুনাইছে। পৰিণামস্বৰূপে, বহুতো মহিলাই বিভিন্ন তাড়না আৰু বিৰোধিতাৰ সম্মুখীন হৈছে। (মাৰ্ক ১২:৩০, ৩১; ১৩:৯-১৩) চিফ্ৰা আৰু পুৱাৰ দৰে এই মহিলাসকলে সাহসী হৈ কৰা কাৰ্য্যবোৰৰ বিষয়ে যিহোৱাই আজিও মনত ৰাখে। তদুপৰি আশ্বাস দিছে যে যদি তেওঁলোকে শেষলৈকে নিষ্ঠাৰে যিহোৱাক সেৱা কৰে তেন্তে তেওঁলোকৰ নাম “জীৱন-পুস্তকত” লিখা থাকিব।—ফিলিপীয়া ৪:৩; মথি ২৪:১৩.

এজনী ভূতপৰ্ব পতিতাই যিহোৱাৰ মন আনন্দিত কৰিলে

৬, ৭. (ক) যিহোৱা আৰু তেওঁৰ লোকসকলৰ বিষয়ে ৰাহাবে কি জানিছিল আৰু সেই জ্ঞানে তাইক কেনেকৈ প্ৰভাৱিত কৰিলে? (খ) ঈশ্বৰৰ বাক্যই কেনেকৈ ৰাহাবলৈ সন্মান কঢ়িয়াই আনিলে?

সা.যু.পূ. ১৪৭৩ চনত ৰাহাব নামৰ এজনী পতিতাই যিৰীহো চহৰত বাস কৰিছিল। সম্ভৱতঃ সকলোৱে তাইক ভালদৰে চিনি পাইছিল। এবাৰ দুজন ইস্ৰায়েলৰ চোৰাংচোৱাই তাইৰ ঘৰত শৰণ লʼবলৈ আহিছিল, তেতিয়া তাই তেওঁলোকক যিহোৱাই মিচৰ আৰু ৪০ বছৰ ধৰি অৰণ্যত ইস্ৰায়েলসকলৰ বাবে কেনেবোৰ বিশেষ মহৎ কাম কৰিলে তাৰ বিষয়ে তাই যে জানিছিল সেই বিষয়ে কʼলে। আনকি তাই অলপতে অমোনীয়া ৰজা চীহোন আৰু ওগৰ ওপৰত জয়লাভ কৰাৰ বিষয়েও জানিছিল। সেই সংবাদ আৰু ঈশ্বৰে কৰা কাৰ্য্যসমূহে তাইক কেনেদৰে প্ৰভাৱিত কৰিলে তাক লক্ষ্য কৰক। তাই চোৰাংচোৱা দুজনক এইদৰে কৈছিল: “যিহোৱাই তোমালোকক যে দেশ দিলে, . . . তোমালোকৰ ঈশ্বৰ যিহোৱায়েই ওপৰত থকা স্বৰ্গৰ আৰু তলত থকা পৃথিবীৰ ঈশ্বৰ।” (যিহোচূৱা ২:১, ৯-১১) ইস্ৰায়েলৰ সপক্ষে কৰা মহৎ কাৰ্য্যবোৰ আৰু যিহোৱাৰ বিষয়ে জানিবলৈ পাই ৰাহাব নামৰ পতিতাজনীৰ মনত বিশ্বাস জন্মিছিল।—ৰোমীয়া ১০:১০.

ৰাহাবৰ বিশ্বাসেই তাইক পদক্ষেপ লʼবলৈ প্ৰেৰিত কৰিছিল। তাই সেই চোৰাংচোৱা দুজনক “শান্তিৰে আলহীস্বৰূপে” গ্ৰহণ আৰু যিৰীহোৰ ধ্বংসৰ সম্বন্ধে দিয়া জীৱন-ৰক্ষক নিৰ্দ্দেশনাবোৰ পালন কৰিলে। (ইব্ৰী ১১:৩১; যিহোচূৱা ২:১৮-২১) নিসন্দেহ, ৰাহাবৰ এনে কাৰ্য্যই যিহোৱাৰ মন আনন্দিত কৰিলে। সেইবাবে ঈশ্বৰে তেওঁৰ বন্ধু অব্ৰাহামৰ সৈতে তাইৰ নামো লিপিবদ্ধ কৰিবলৈ পাঁচনি যাকোবক প্ৰেৰিত কৰিলে যাতে প্ৰকৃত খ্ৰীষ্টানসকলে তাইৰ আৰ্হিক অনুকৰণ কৰিব পাৰে। এই সন্দৰ্ভত যাকোবে এইদৰে লিখিছিল: ‘সেই দৰে ৰাহাব বেশ্যায়ো দূতবিলাকক আলহীকৈ ৰাখি, পাছে আন বাটেদি পঠাই দিলত, তেওঁ সেই কৰ্ম্মৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত নহল নে?’—যাকোব ২:২৫.

৮. ৰাহাবে দেখুৱা বিশ্বাস আৰু আজ্ঞাকাৰিতাৰ বাবে যিহোৱাই কেনে আশীৰ্ব্বাদ দিছিল?

যিহোৱাই বিভিন্ন ধৰণে ৰাহাবক আশীৰ্ব্বাদ দিলে। এইটো নিশ্চিত যে যিহোৱাই অলৌকিকভাৱে তাই আৰু তাইৰ ঘৰৰ বিশেষকৈ ‘তাইৰ বাপেক আৰু সম্পৰ্কীয় সকলোকে’ ৰক্ষা কৰিছিল। তাৰ পিছত তেওঁলোকক “ইস্ৰায়েলৰ মাজত বাস” কৰিবলৈ দিছিল আৰু তেওঁলোকৰ সৈতে স্থানীয় লোকৰ দৰে ব্যৱহাৰ কৰা হৈছিল। (যিহোচূৱা ২:১৩; ৬:২২-২৫; লেবীয়া পুস্তক ১৯:৩৩, ৩৪) কিন্তু তাতেই যে যিহোৱাৰ আশীৰ্ব্বাদৰ অন্ত পৰিল এনে নহয়। পিছলৈ যীচুৰ কুলমাতৃ হʼবলৈ ৰাহাবক আশীৰ্ব্বাদ দিছিল। এসময়ত মূৰ্ত্তিপূজা কৰা এই কনানী মহিলাগৰাকীৰ প্ৰতি দয়া প্ৰকাশ কৰাটো এক মহান প্ৰদৰ্শন নাছিলনে বাৰু! *গীতমালা ১৩০:৩, ৪.

৯. ৰাহাব আৰু প্ৰথম শতিকাৰ খ্ৰীষ্টান মহিলাসকলৰ প্ৰতি থকা যিহোৱাৰ মনোবৃত্তিয়ে আজিৰ সময়ৰ কিছুমান মহিলাৰ বাবে কেনেকৈ উৎসাহজনক হʼব পাৰে?

প্ৰথম শতিকাৰ পৰা আমাৰ দিনৰলৈকে ৰাহাবৰ দৰে কিছুমান খ্ৰীষ্টান মহিলায়েও ঈশ্বৰৰ মন আনন্দিত কৰিবলৈ অনৈতিক জীৱন-প্ৰণালীক ত্যাগ দিছে। (১ কৰিন্থীয়া ৬:৯-১১) নিসন্দেহ, তেওঁলোকৰ কিছুমানে কনান দেশৰ দৰে পৰিৱেশত ডাঙৰ-দীঘল হৈছিল যʼত অনৈতিক কাৰ্য্য প্ৰমুখ আছিল আৰু সেইবোৰক সাধাৰণ দৃষ্টিৰে লক্ষ্য কৰা হৈছিল। তথাপিও তেওঁলোকে কিন্তু সঠিক জ্ঞানৰ ওপৰত আধাৰিত বিশ্বাসৰ দ্বাৰা প্ৰেৰিত হৈ নিজৰ জীৱন-প্ৰণালীত সাল-সলনি কৰিলে। (ৰোমীয়া ১০:১৭) গতিকে তেনে মহিলাসকলৰ বিষয়ে এইটো কʼব পৰা যায় যে “ঈশ্বৰে তেওঁবিলাকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হবলৈ লাজ নাপায়।” এইটো এক আদৰণীয় বিষয় নহয়নে বাৰু!

সুবিবেচনাশীল হোৱাৰ বাবে আশীৰ্ব্বাদ পোৱা এগৰাকী মহিলা

১০, ১১. দায়ূদ আৰু নাবলৰ মাজত হোৱা কেনে অৱস্থাই অবীগলক সুবিবেচক হৈ পদক্ষেপ লবলৈ প্ৰেৰিত কৰিলে?

১০ প্ৰাচীন সময়ৰ বহুতো মহিলাই সুবিবেচনাশীল হোৱাৰ বাবে যিহোৱাৰ লোকসকলে তেওঁলোকক বহুমূলীয়া পাত্ৰ হিচাবে গণ্য কৰিছিল। তেওঁলোকৰ ভিতৰৰ এগৰাকী আছিল নাবল নামৰ এজন ধনৱান ইহুদী ব্যক্তিৰ পত্নী অবীগল। তাই সুবিবেচক হোৱাৰ বাবে বহুতৰ প্ৰাণ আৰু ইস্ৰায়েলৰ ৰজা দায়ূদক ৰক্তপাতী হোৱাৰ পৰা ৰক্ষা কৰিছিল। এই বিষয়ে ১ চমূৱেল ২৫ অধ্যায়টোত পঢ়িবলৈ পোৱা যায়।

১১ এই বিবৃতিটোত দায়ূদ আৰু তেওঁৰ মানুহবিলাকে দিনে-ৰাতিয়ে তেওঁলোকৰ সঙ্গী ইস্ৰায়েল নাবলৰ মেৰ-ছাগলীবোৰ বিনামূল্যেই শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এবাৰ যেতিয়া দায়ূদক আৱশ্যক হোৱাত তেওঁৰ কিছুমান মানুহক খাদ্য বিচাৰি নাবলৰ ওচৰলৈ পঠিয়াইছিল। সেইসময়ত নাবলৰ ওচৰত ঈশ্বৰৰ মনোনীত সেৱক দায়ূদে কৰা উপকাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ এক উত্তম সুযোগ আছিল। কিন্তু তেওঁ অকৃতজ্ঞশীল হৈ দায়ুদৰ অপমান আৰু তেওঁৰ মানুহবিলাকক তিৰষ্কাৰ কৰি শুদা হাতে উভটাই পঠিয়ালে। নাবলৰ এনে আচৰণত দায়ূদে অতি ক্ৰোধিত হʼল আৰু ৪০০ মানুহৰ সৈতে পোটক তুলিবলৈ তেওঁৰ বিৰুদ্ধে যাত্ৰা কৰিলে। নাবলৰ পত্নী অবীগলে তাইৰ গিৰীয়েকে কৰা দুৰ্ব্যৱহাৰৰ কথা শুনিবলৈ পাই সুবিবেচক হৈ ততালিকে ভালেমান খাদ্য বস্তুৰ সৈতে নিজেই দায়ূদক সাক্ষাৎ কৰিবলৈ ওলাই আহিল।—২-২০ পদসমূহ.

১২, ১৩. (ক) অবীগলে কেনেকৈ সুবিবেচক হৈ যিহোৱা আৰু তেওঁৰ মনোনীত জনাৰ প্ৰতি সত্যনিষ্ঠা হোৱাৰ প্ৰমাণ দিছিল? (খ) ঘৰলৈ উভটি যোৱাৰ পিছত তাই কি কৰিলে আৰু পৰিণামস্বৰূপে তাই কিহৰ যোগ্য হৈছিল?

১২ দায়ূদক সাক্ষাৎ কৰি অবীগলে নম্ৰতাৰে ক্ষমাৰ বাবে নিবেদন কৰাৰ দ্বাৰা প্ৰকাশ কৰিলে যে ঈশ্বৰৰ মনোনীত ব্যক্তিজনৰ প্ৰতি তাইৰ গভীৰ শ্ৰদ্ধা আছে। তাই এইদৰে কৈছিল: ‘মোৰ প্ৰভুৰ নিমিত্তে চিৰস্থায়ী বংশ স্থাপন কৰিব, কাৰণ মোৰ প্ৰভুৱে যিহোৱাৰ নিমিত্তেই যুদ্ধ কৰিছে; আৰু আপোনাৰ জীৱনৰ সকলো কালত আপোনাৰ কোনো অমঙ্গল দেখা নাযাব।’ তদুপৰি যিহোৱাই যে তেওঁক ইস্ৰায়েলৰ অধিপতি কৰিব সেই বিষয়েও তাই কৈছিল। (২৮-৩০ পদসমূহ) একেই সময়ত তাই সাহসেৰে দায়ূদক কৈছিল যে যদি তেওঁ ক্ৰোধ ত্যাগ নিদিয়ে তেন্তে ইয়ে তেওঁক ৰক্তপাতী হোৱালৈ পৰিচালিত কৰিব। (২৬, ৩১ পদটো) তাই দেখুৱা গভীৰ শ্ৰদ্ধা আৰু বুজনিৰ বাবে দায়ূদৰ ক্ৰোধ শান্ত হʼল আৰু তেওঁ এইদৰে কʼলে: “আজি মোৰ লগত সাক্ষাৎ কৰিবলৈ যি জনাই তোমাক পঠালে, ইস্ৰায়েলৰ ঈশ্বৰ সেই যিহোৱা ধন্য; আৰু তোমাৰ সুবিচাৰ ধন্য, আৰু ৰক্তপাতৰ দোষৰ ও আত্ম-প্ৰতিকাৰ-সাধনৰ পৰা মোক নিবাৰণ কৰা যি তুমি, তুমিও ধন্য।”—৩২, ৩৩ পদবোৰ।

১৩ ঘৰলৈ উভটি অহাৰ পিছত অবীগলে সাহসী হৈ তাই দায়ূদলৈ নিয়া উপহাৰৰ বিষয়ে জনাবলৈ গিৰীয়েকক বিচাৰি ফুৰে। ভোজন কোঠাত তেওঁক “অতিশয় মতোৱাল” অৱস্থাত দেখি তাই পিছদিনা সেই বিষয়ে জনাবলৈ বাট চালে। সেই বিষয়ে শুনি নাবলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? তেওঁ নিজৰ পত্নী অবীগলে কোৱা কথা শুনি তেওঁৰ হৃদয় ঠৰ হৈ গʼল আৰু তেওঁ শিলৰ দৰে জঠৰ হৈ পৰিল। তাৰ ঠিক দহদিনৰ পিছত যিহোৱাই তেওঁক আঘাত কৰিলে। নাবলৰ মৃত্যুৰ বিষয়ে শুনি প্ৰিয় আৰু আদৰণীয় অবীগলৰ আগত দায়ূদে বিবাহৰ প্ৰস্তাৱ ৰাখিছিল। সেই প্ৰস্তাৱক অবীগলে গ্ৰহণ কৰিলে।—৩৪-৪২ পদবোৰ।

আপুনি অবীগলৰ নিচিনা হʼব পাৰিবনে?

১৪. আমি অবীগলৰ কেনে গুণসমূহ ব্যাপকভাৱে বিকাশিত কৰিবলৈ বিচাৰিম?

১৪ আপুনি অবীগলত এনে কিছুমান গুণ দেখিবলৈ পাইছেনে যিবোৰক ব্যাপকভাৱে পুৰুষ আৰু মহিলাই উভয়ে বিকাশিত কৰিব পাৰে? কঠিন পৰিস্থিতি দেখা দিয়াৰ সময়ত আপুনি হয়তো সুবিবেচক হৈ কাৰ্য্য কৰিবলৈ বিচাৰিব। অথবা আপোনাৰ ওচৰত থকা ব্যক্তিজনে ক্ৰোধিত হোৱা অৱস্থাত আপুনি হয়তো শান্ত আৰু যুক্তি দাঙি ধৰি কথোপকথন কৰিব বিচাৰিব। যদি আপুনি তেনে অৱস্থাৰ সম্মুখীন হʼবলগীয়া হৈছে তেন্তে যিহোৱালৈ সেই বিষয়ে প্ৰাৰ্থনা নকৰে কিয়? কিয়নো “তেওঁক যাচনা” কৰোঁতাসকলক তেওঁ বুদ্ধি আৰু বুজশক্তি প্ৰদান কৰিব বুলি প্ৰতিজ্ঞা কৰিছে।—যাকোব ১:৫, ৬; হিতোপদেশ ২:১-৬, ১০, ১১.

১৫. খ্ৰীষ্টান মহিলাসকলে কেনে পৰিস্থিতিবোৰত অবীগলৰ দৰে গুণ দেখুৱা অতি আৱশ্যক?

১৫ যদি স্বামী সত্যত নাই আৰু তেওঁ অলপমাত্ৰাত বা একেবাৰে বাইবেলীয় সিদ্ধান্তবোৰৰ অনুসাৰে নচলে অৰ্থাৎ তেওঁ অত্যাধিক মদ্যপান কৰে এনে স্থলত বিশেষকৈ এগৰাকী মহিলাই অবীগলৰ দৰে উত্তম গুণবোৰ বজাই ৰাখাটো অতি আৱশ্যক। এনে ধৰণৰ ব্যক্তিসকলৰ বহুতে নিজৰ ভাৰ্য্যাবিলাকৰ কোমল স্বভাৱ, সন্মান আৰু উত্তম আচৰণ দেখি জীৱন-প্ৰণালী সলনি কৰিলে।—১ পিতৰ ৩:১, ২, ৪.

১৬. ঘৰখনত যেনেকুৱাই পৰিস্থিতি দেখা নিদিয়ক কিয় তথাপিও এগৰাকী ভনীয়ে কেনেকৈ যিহোৱাৰ সৈতে থকা সম্বন্ধক মূল্যাঙ্কন কৰিব পাৰে?

১৬ আপুনি ঘৰখনত যেনেকুৱাই পৰিস্থিতিৰ সম্মুখীন নহওঁক কিয়, এইটো মনত ৰাখিব যে যিহোৱাই সদায়েই আপোনাৰ সৈতে আছে। (১ পিতৰ ৩:১২) গতিকে আপোনাৰ আধ্যাত্মিকতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। জ্ঞান আৰু শান্ত মনৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক। নিতৌ বাইবেল অধ্যয়ন, প্ৰাৰ্থনা আৰু ধ্যান কৰাৰ দ্বাৰা যিহোৱাৰ কাষ চাপিব পাৰি। নাবলৰ অসজ আচাৰ-ব্যৱহাৰে ঈশ্বৰ আৰু তেওঁৰ মনোনীত সেৱকৰ প্ৰতি থকা পত্নী অবীগলৰ প্ৰেম হ্ৰাস কৰিব নোৱাৰিলে। তাই বাইবেল সিদ্ধান্তৰ অনুসাৰে ধাৰ্ম্মিক কাৰ্য্য কৰিছিল। যদিও এগৰাকী খ্ৰীষ্টান মহিলাৰ সত্যত থকা স্বামীয়ে উত্তম আৰ্হি ৰাখিছে তথাপিও তাইক নিজৰ আধ্যাত্মিকতা বজাই ৰাখিবলৈ একেৰাহে কঠোৰ পৰিশ্ৰম কৰা আৱশ্যক। এইটো সঁচা যে তাইক আধ্যাত্মিক আৰু ভৌতিকভাৱে চোৱা-চিতা কৰাটো তাইৰ স্বামীৰ দায়িত্ব তথাপিও তাই স্বয়ং “ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ” সম্বন্ধে কাৰ্য্য কৰা উচিত।—ফিলিপীয়া ২:১২; ১ তীমথিয় ৫:৮.

মহিলাগৰাকীয়ে “ভাববাদীৰ পুৰস্কাৰ” পালে

১৭, ১৮. (ক) চাৰিফত থকা বিধৱা মহিলাগৰাকীৰ বিশ্বাস কেনে অসাধাৰণভাৱে পৰীক্ষিত হৈছিল? (খ) এলিয়াৰ নিৱেদনৰ প্ৰতি বিধৱাগৰাকীয়ে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

১৭ ভৱিষ্যতবক্তা এলিয়াৰ সময়ত বিধৱাসকলক যিহোৱাই চোৱা-চিতা কৰাৰ দ্বাৰা এইটো প্ৰকাশ পাইছে যে সত্য উপাসনাৰ বাবে নিজকে আৰু নিজৰ সা-সম্পত্তি দান কৰাসকলক তেওঁ গভীৰভাৱে মূল্যাঙ্কন কৰে। যিহেতু সেই সময়ত চাৰিফত বাস কৰা বহুতো লোকৰ সৈতে এগৰাকী বিধৱা আৰু তাইৰ পুতেকে আকালৰ সম্মুখীন হৈছিল। তেওঁলোকে নিজৰ ওচৰত থকা শেষ আহাৰ খাবলৈ আৰম্ভ কৰাৰ সময়ত এলিয়া ভাৱিষ্যতবক্তা তেওঁলোকৰ ঘৰলৈ আহে। তেওঁলোকৰ আৰ্থিক পৰিস্থিতিৰ বিষয়ে জনাৰ স্বত্ত্বেও তেওঁ তাইক “এডুখৰি পিঠা” বনাবলৈ অসাধাৰণভাৱে নিৱেদন কৰে। তাইৰ আশাহীন অৱস্থাক দেখি তেওঁ এনেদৰে কৈছিল: “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যিহোৱাই পৃথিবীত বৰষুণ নেপেলায়মানলৈকে কলহৰ আটাগুড়ি নুঢুকাব, আৰু টেকেলিৰ তেলো ওৰ নপৰিব।”—১ ৰাজাৱলি ১৭:৮-১৪.

১৮ সেই অসাধাৰণ নিৱেদনৰ প্ৰতি আপুনি কেনে প্ৰতিক্ৰিয়া দেখুৱালেহেঁতেন? চাৰিফত থকা বিধৱাগৰাকীয়ে এলিয়াক ঈশ্বৰৰ সেৱক বুলি চিনি পাই তাই “এলিয়াৰ বাক্যৰ দৰেই কৰিলে।” যিহোৱাই তাইৰ এনে মনোবৃত্তিৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে? সেই আকালৰ সময়ছোৱাত যিহোৱাই তেওঁলোকক আৰু এলিয়াক অলৌকিকভাৱে খোৱা বস্তুৰ যোগান ধৰিছিল। (১ ৰাজাৱলি ১৭:১৫, ১৬) যদিও তাই ইস্ৰায়েল বংশৰ নাছিল তথাপিও যিহোৱাই তাইক “ভাববাদীৰ পুৰস্কাৰ” দিলে। (মথি ১০:৪১) অবিশ্বাসী নাচৰিতীয়াবিলাকৰ আগত সেই বিধৱাগৰাকীৰ বিষয়ে কৈ যীচুৱেও তাইৰ প্ৰশংসা কৰিছিল।—লূক ৪:২৪-২৬.

১৯. আজিৰ খ্ৰীষ্টান মহিলাসকলে কেনেধৰণে সেই বিধৱাগৰাকীৰ মনোবৃত্তিক অনুকৰণ কৰে আৰু যিহোৱাই তেওঁলোকৰ প্ৰতি কেনে দৃষ্টি ৰাখে?

১৯ বৰ্তমান সময়তো বহুতো খ্ৰীষ্টান মহিলাই চাৰিফত থকা বিধৱাগৰাকীৰ দৰে একেই মনোবৃত্তি দেখুৱায়। উদাহৰণস্বৰূপে, প্ৰত্যেক সপ্তাহত নিস্বাৰ্থ খ্ৰীষ্টান ভনীসকল যʼত সন্মিলিত আছে বহুতো দুখীয়া আৰু পৰিয়ালক চোৱা চিতা কৰা, সেই ভনীসকলে পৰিব্ৰাজক অধক্ষ্য আৰু তেওঁলোকৰ পত্নীবিলাকলৈ অতিথি সৎকাৰ দেখুৱায়। আনসকলে স্থানীয় মণ্ডলীত থকা পূৰ্ণ সময়ৰ সেৱকসকলক তেওঁলোকৰ সৈতে আহাৰ কৰিবলৈ আমন্ত্ৰণ, আৱশ্যক থকাসকলক সহায় বা আন প্ৰকাৰে সাহায্য আৰু ধন-সম্পত্তিৰে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যক সমৰ্থন কৰে। (লূক ২১:৪) তেনে ধৰণৰ ত্যাগৰ প্ৰতি যিহোৱাই দৃষ্টি কৰেনে? নিশ্চয়ে কৰে! কিয়নো বাইবেলে এইদৰে কৈছে: “তোমালোকেও পবিত্ৰ লোকবিলাকৰ যি সেৱা-শুশ্ৰূষা কৰিলা, আৰু কৰিছা, তাৰেই ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।”—ইব্ৰী ৬:১০.

২০. পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২০ প্ৰথম শতিকাৰ বহুতো মহিলাই যীচু আৰু তেওঁৰ শিষ্যসকলক সেৱা-শুশ্ৰূষা কৰাৰ সুযোগ পাইছিল। তেওঁলোকে কেনেকৈ যিহোৱাৰ মন আনন্দিত কৰিলে আৰু আজিও কেনেকৈ খ্ৰীষ্টান মহিলাসকলে কষ্টকৰ পৰিস্থিতিতো সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱা কৰিছে, এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম। (w03 11/1)

[ফুটনোট]

^ যীচুৰ বংশাৱলীত মথিয়ে উল্লেখ কৰা চাৰিগৰাকী মহিলা হৈছে—তামাৰ, ৰাহাব, ৰূথ আৰু মৰিয়ম। এই মহিলাসকলে ঈশ্বৰৰ বাক্যত উচ্চ স্থান পাইছে।—মথি ১:৩, ৫, ১৬.

পুনৰ বিচাৰ কৰক

• তলত উল্লেখ কৰা মহিলাসকলে কেনেকৈ যিহোৱাৰ মন আনন্দিত কৰিলে?

• চিফ্ৰা আৰু পুৱা

• ৰাহাব

• অবীগল

• চাৰিফত থকা বিধৱা গৰাকী

• এই মহিলাসকলে ৰাখা আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা আপুনি ব্যক্তিগতভাৱে কেনেকৈ লাভৱান হʼব পাৰে? বৰ্ণনা কৰক।

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবিসমূহ]

ঈশ্বৰলৈ ভয় ৰাখোঁতা বহুতো মহিলাই “ৰজাৰ আজ্ঞা” পালন কৰিবলৈ অস্বীকাৰ কৰি যিহোৱাৰ সেৱা কৰিলে

[১২ পৃষ্ঠাৰ ছবি]

ৰাহাবে ৰাখা আৰ্হিটো এজন দৃঢ় বিশ্বাসী ব্যক্তিৰ বাবে কিয় উত্তম?

[১২ পৃষ্ঠাৰ ছবি]

অবীগলে দেখুৱা কেনে গুণবোৰ আপুনি অনুকৰণ কৰিব বিচাৰে?