Skip to content

Skip to table of contents

শিষ্য বনোৱাৰ উদ্দেশ্যৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰক

শিষ্য বনোৱাৰ উদ্দেশ্যৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰক

শিষ্য বনোৱাৰ উদ্দেশ্যৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰক

“তাতে আক্কিলা আৰু প্ৰিষ্কিল্লাই [আপল্লোৰ] উপদেশ শুনি, তেওঁক তেওঁলোকৰ ওচৰলৈ নি, ঈশ্বৰৰ পথ আৰু ঠিককৈ বুজাই দিলে।”—পাঁচনিৰ কৰ্ম্ম ১৮:২৬.

১. যদিও আপল্লো “আত্মাত উৎসাহী” তথাপিও তেওঁক কিহৰ আৱশ্যক আছিল?

 প্ৰথম শতিকাত আক্কিলা আৰু প্ৰিষ্কিল্লা নামৰ এহাল দম্পতীয়ে আপল্লো নামৰ এজন ইহুদী ব্যক্তিয়ে ইফিচ নগৰত থকা এখন নামঘৰত প্ৰচাৰ কৰি থকা দেখিবলৈ পালে। তেওঁৰ হৃদয়স্পৰ্শী আৰু যুক্তি দাঙি ধৰি কোৱা কথাই বহুতৰ ধ্যান আকৰ্ষিত কৰিছিল। কিয়নো তেওঁ “আত্মাত উৎসাহী হৈ যীচুৰ বিষয়ৰ কথা ঠিককৈ কৈছিল।” তথাপিও তেওঁৰ যে “কেৱল যোহনৰ বাপ্তিস্ম মাথোন জানিছিল” সেইটো স্পষ্টকৈ প্ৰকাশ পাইছিল। তেওঁ যীচুৰ সম্পৰ্কে সম্পূৰ্ণকৈ নজনাৰ বাবে সীমিতভাৱে প্ৰচাৰ কৰিছিল আৰু ইয়ে তেওঁৰ কাৰণে এক সমস্যা হৈ পৰিছিল। গতিকে যিহোৱাৰ উদ্দেশ্যত আদায় কৰা যীচুৰ সম্পূৰ্ণ ভূমিকাৰ বিষয়ে আপল্লোৱে অধিক জনাৰ আৱশ্যক আছিল।—পাঁচনিৰ কৰ্ম্ম ১৮:২৪-২৬.

২. আক্কিলা আৰু প্ৰিষ্কিল্লাই কেনেধৰণৰ প্ৰত্যাহ্বানজনক কাৰ্য্য কৰিবলৈ আগ্ৰহী হৈছিল?

কোনো সংকোচবোধ নকৰাকৈ আপল্লোক সহায় কৰিবলৈ আক্কিলা আৰু প্ৰিষ্কিল্লাই নিজেই পদক্ষেপ লʼলে যাতে তেওঁ যীচুৱে “সকলোকে পালন কৰিবলৈ” দিয়া আজ্ঞাৰ অনুসাৰে কাৰ্য্য কৰিব পাৰে। (মথি ২৮:১৯, ২০) বিৱৰণীত উল্লেখ কৰা হৈছে যে তেওঁলোকে আপল্লোক “তেওঁলোকৰ ওচৰলৈ নি, ঈশ্বৰৰ পথ আৰু ঠিককৈ বুজাই দিলে।” দৰাচলতে কোনো বিশেষ কাৰণসমূহৰ বাবে কিছুমান খ্ৰীষ্টানে আপল্লোক শিকাবলৈ আগ্ৰহী নাছিল। সেই কাৰণসমূহ কি? আপল্লোৰ সৈতে শাস্ত্ৰীয় পদবোৰৰ আলোচনা কৰিবলৈ আক্কিলা আৰু প্ৰিষ্কিল্লাই কৰা প্ৰচেষ্টাৰ পৰা আমি কি শিকিব পাৰোঁ? এই ঐতিহাসিক বিৱৰণীটোক পুনৰ নিৰীক্ষণ কৰাৰ দ্বাৰা আমি গৃহ বাইবেল অধ্যয়ন কেনেকৈ আৰম্ভ কৰিব পাৰি তাৰ প্ৰতি মনোযোগ দিব পাৰিম।

লোকসকলৰ আৱশ্যকতাৰ প্ৰতি মনোযোগ দিয়ক

৩. আপল্লোক শিকাবলৈ আক্কিলা আৰু প্ৰিষ্কিল্লাৰ পটভূমিয়ে কিয় প্ৰতিৰোধক হʼব নোৱাৰিলে?

ইহুদী পৰিয়ালত জন্ম হোৱা আপল্লো সম্ভৱতঃ আলেকজেণ্ড্ৰিয়া চহৰত ডাঙৰ-দীঘল হৈছিল। সেই সময়ত আলেকজেণ্ড্ৰিয়া চহৰখন ইজিপ্তৰ ৰাজধানী আৰু তাত থকা বিখ্যাত লাইব্ৰেৰীৰ বাবে জনাজাত আছিল। তাত বহু সংখ্যক ইহুদী আৰু বিদ্বানসকলে বাস কৰিছিল। তদুপৰি বাইবেলৰ পুৰণি নিয়মটো হিব্ৰু ভাষাৰ পৰা গ্ৰীক ভাষালৈ অনুবাদ কৰা হৈছিল, যাক ছেপ্টুৱেজিন্ট্‌ নামেৰে জনা গৈছিল। নিসন্দেহ আপল্লো এজন “শাস্ত্ৰজ্ঞ লোক আছিল” বুলি কʼব পাৰি! আনহাতে আক্কিলা আৰু প্ৰিষ্কিল্লা তম্বু নিৰ্ম্মাণকাৰী আছিল। আপল্লো এজন সুবক্তা হোৱাৰ বাবে তেওঁলোকে তেওঁক সহায় কৰিবলৈ সংকোচবোধ কৰিছিলনে? নিশ্চয়ে কৰা নাছিল। প্ৰেমেৰে প্ৰেৰিত হৈ ব্যক্তিজনৰ প্ৰতি চিন্তিত হোৱাৰ বাবে তেওঁলোকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।

৪. আপল্লোৱে কʼত আৰু কেনেকৈ সহায় লাভ কৰিলে?

আপল্লো যিমানেই বাকপটুতাপূৰ্ণ নহওঁক কিয়, তেওঁক উপদেশৰ আৱশ্যক আছিল। তেওঁৰ সেই প্ৰয়োজনীয়তা কোনো বিশ্ববিদ্যালয়ে নহয় কিন্তু মণ্ডলীৰ সঙ্গী খ্ৰীষ্টানসকলেহে পূৰণ কৰিব পাৰিলেহেঁতেন। উদ্ধাৰৰ বাবে ঈশ্বৰে কৰা ব্যৱস্থাৰ সঠিক জ্ঞান লাভ কৰি তেওঁ অধিক লাভৱান হʼলহেঁতেন। সেইবাবে আক্কিলা আৰু প্ৰিষ্কিল্লাই “তেওঁক তেওঁলোকৰ ওচৰলৈ নি, ঈশ্বৰৰ পথ আৰু ঠিককৈ বুজাই দিলে।”

৫. আক্কিলা আৰু প্ৰিষ্কিল্লাৰ আধ্যাত্মিকতাৰ বিষয়ে আপুনি কি কʼব পাৰে?

আক্কিলা আৰু প্ৰিষ্কিল্লা আধ্যাত্মিকৰূপে শক্তিশালী আৰু দৃঢ় বিশ্বাস ৰাখা ব্যক্তি আছিল। ধনী বা দৰিদ্ৰ, পণ্ডিত বা সেৱকেই নহওঁক কিয়, ‘অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লোৱাসকলক নিজৰ পক্ষে উত্তৰ দিবলৈ তেওঁলোকে সষ্টম আছিল।’ (১ পিতৰ ৩:১৫) আক্কিলা আৰু তেওঁৰ পত্নী প্ৰিষ্কিল্লাই “সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক” আছিল। (২ তীমথিয় ২:১৫) যিহেতু তেওঁলোকে শাস্ত্ৰীয় পদবোৰক মনোযোগেৰে অধ্যয়ন কৰিছিল। কিয়নো তেওঁলোকৰ শিক্ষা ‘জীয়া আৰু কাৰ্য্য-সাধক ঈশ্বৰৰ বাক্যৰ’ ওপৰত আধাৰিত আছিল। সেইবাবে তেওঁলোকে কোৱা কথা আপল্লোৰ হৃদয় স্পৰ্শ কৰিছিল।—ইব্ৰী ৪:১২.

৬. আমি কেনেকৈ জানিব পাৰোঁ যে আপল্লোৱে লাভ কৰা সহায়ৰ প্ৰতি মূল্যাঙ্কন দেখুৱালে?

তেওঁলোকৰ শিক্ষাৰ প্ৰতি আপল্লোৱে মূল্যাঙ্কন দেখুৱাইছিল আৰু শিষ্য বনোৱা কাৰ্য্যত আগতকৈ অধিক নিপুণ হৈ পৰিল। শুভবাৰ্ত্তাৰ সম্বন্ধে থকা তেওঁৰ জ্ঞানক বিশেষকৈ ইহুদীসকলৰ আগত কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিলে। তেওঁ অসাধাৰণভাৱে প্ৰচাৰ কৰা বাৰ্ত্তাৰ প্ৰতি বহুতো ইহুদীয়ে যীচুত বিশ্বাস কৰিলে। এজন ‘শাস্ত্ৰজ্ঞ লোক হোৱা হেতুকে’ তেওঁ এইটো প্ৰমাণ কৰিব পাৰিছিল যে প্ৰাচীনকালৰ ভাৱিষ্যতবক্তাসকলে যীচুৰ আগমণলৈ বাট চাই আছিল। (পাঁচনিৰ কৰ্ম্ম ১৮:২৪) আগলৈ বৃত্তান্তই কৈছে যে তেওঁ আখায়া নামৰ ঠাইলৈ গৈ “অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰাবিলাকক ভালেমান উপকাৰ কৰিলে। কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই ইয়াৰ প্ৰমাণ দেখুৱাই, উৎসাহেৰে সৰ্ব্বসাধাৰণৰ আগত যিহূদীবিলাকৰ আপত্তি খণ্ডন কৰিলে।”—পাঁচনিৰ কৰ্ম্ম ১৮:২৭, ২৮.

আন শিক্ষকসকলৰ আৰ্হিৰ পৰা শিক্ষা লাভ কৰক

৭. আক্কিলা আৰু প্ৰিষ্কিল্লাই কেনেকৈ নিপুণ শিক্ষক হʼব পাৰিলে?

আক্কিলা আৰু প্ৰিষ্কিল্লাই ঈশ্বৰৰ বাক্য শিকোৱাত কেনেকৈ সুদক্ষতা লাভ কৰিছিল? আগ্ৰহপূৰ্ণতাৰে কৰা ব্যক্তিগত অধ্যয়ন আৰু সভাত উপস্থিত হোৱাৰ উপৰিও তেওঁলোকে পাঁচনি পৌলৰ সৈতে কৰা সঙ্গতিৰ পৰা বহুখিনি সহায় লাভ কৰিছিল। কিয়নো পাঁচনি পৌলে প্ৰায় ১৮ মাহ ধৰি তেওঁলোকৰ সৈতে আছিল। তেওঁলোকে একেলগে তম্বু মেৰামত আৰু নিৰ্ম্মাণ কৰা কামত ভাগ লৈছিল। (পাঁচনিৰ কৰ্ম্ম ১৮:২, ৩) তেওঁলোকৰ পৰস্পৰৰ মাজত হোৱা আধ্যাত্মিক কথোপকথনৰ বিষয়ে কল্পনা কৰক। তদুপৰি পাঁচনি পৌলৰ সৈতে সঙ্গতি কৰিবলৈ পাই তেওঁলোকৰ আধ্যাত্মিকতা অধিক উন্নত হৈছিল! এই বিষয়ে হিতোপদেশ ১৩: ২০ পদত এইদৰে কৈছে: “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা।” হিতজনক সঙ্গতিয়ে তেওঁলোকৰ আধ্যাত্মিকতাত প্ৰভাৱিত কৰিলে।—১ কৰিন্থীয়া ১৫:৩৩.

৮. পাঁচনি পৌলৰ প্ৰচাৰ কাৰ্য্যক লক্ষ্য কৰি আক্কিলা আৰু প্ৰিষ্কিল্লাই কি শিকিব পাৰিলে?

আক্কিলা আৰু প্ৰিষ্কিল্লাই পাঁচনি পৌলক এজন উত্তম শিক্ষক হিচাবে কাৰ্য্য কৰা লক্ষ্য কৰিছিল। পাঁচনিৰ কৰ্ম্মত উল্লেখ কৰা বৃত্তান্তই পাঁচনি পৌলৰ বিষয়ে কৈছে যে তেওঁ “প্ৰত্যেক বিশ্ৰাম-বাৰে [কৰিন্থীয়াৰ] নাম-ঘৰত বাদ বিচাৰ কৰি, যিহূদী আৰু গ্ৰীকবিলাকক বিশ্বাস কৰিবলৈ প্ৰবৃত্তি দিলে।” পিছলৈ তেওঁ চীল আৰু তীমথিয়ৰ সৈতে মিলিত হৈ “বাক্যত মনোযোগী হৈ, যীচু যে খ্ৰীষ্ট হয়, যিহূদীবিলাকৰ আগত তাৰ সাক্ষ্য দিলে।” আক্কিলা আৰু প্ৰিষ্কিল্লাই লক্ষ্য কৰিছিল যে যেতিয়া নামঘৰৰ সদস্যসকলে কিছুমাত্ৰাত আগ্ৰহী হৈছিল তেতিয়া পাঁচনি পৌলে নামঘৰৰ কাষত থকা এটা ঘৰত থাকি প্ৰচাৰ কৰিবলৈ লৈছিল। তাত তেওঁ “নাম-ঘৰৰ গৰাকী” ক্ৰীস্প নামৰ এজন ব্যক্তিক শিষ্য হʼবলৈ সহায় কৰিলে। আক্কিলা আৰু প্ৰিষ্কিল্লাই জানিব পাৰিছিল যে তেনে এজন মুখ্য ব্যক্তিক শিষ্য বনোৱাটো সেই এলেকাৰ বাবে অধিক লাভদায়ক হʼব। এই সন্দৰ্ভত বৃত্তান্তত এইদৰে কোৱা হৈছে: “ক্ৰীস্পে তেওঁৰ ঘৰৰ সকলোবিলাকে সৈতে প্ৰভুত বিশ্বাস কৰিলে আৰু কৰিন্থীয়াবিলাকৰ মাজৰ অনেক লোকে শুনি, বিশ্বাস কৰি বাপ্তাইজিত হল।”—পাঁচনিৰ কৰ্ম্ম ১৮:৪-৮.

৯. পাঁচনি পৌলৰ আৰ্হিৰ প্ৰতি আক্কিলা আৰু প্ৰিষ্কিল্লাই কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা পাঁচনি পৌলৰ মনোবৃত্তিক আক্কিলা আৰু প্ৰিষ্কিল্লাৰ উপৰিও আন বহুতো ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকে অনুকৰণ কৰিছিল। তেওঁ অন্য খ্ৰীষ্টানসকলকো এইদৰে উৎসাহিত কৰিছিল: “মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, তোমালোকো তেনেকৈ মোৰ অনুকাৰী হোৱা।” (১ কৰিন্থীয়া ১১:১) পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰি আক্কিলা আৰু প্ৰিষ্কিল্লাই বাইবেলৰ শিক্ষাৰ সম্পৰ্কে সঠিক জ্ঞান লাভ কৰিবলৈ আপল্লোক সহায় কৰিছিল। একেইদৰে আপল্লোৱেও আনক সহায় কৰিলে। নিঃসন্দেহ, ৰোম নগৰ, কৰন্থি আৰু ইফিচ নগৰৰ কিছুমান ব্যক্তিক শিষ্য হʼবলৈ আক্কিলা আৰু প্ৰিষ্কিল্লাই সহায় কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ১৮:১, ২, ১৮, ১৯; ৰোমীয়া ১৬:৩-৫.

১০. পাঁচনিৰ কৰ্ম্ম ১৮ অধ্যায়ৰ পৰা আপুনি কি শিকিব পাৰিলে যি আপোনাক শিষ্য বনোৱা কাৰ্য্যত সহায় কৰিব পাৰে?

১০ পাঁচনিৰ কৰ্ম্ম ১৮ অধ্যায়টো আলোচনা কৰি আমি কি শিকিব পাৰোঁ? যিদৰে আক্কিলা আৰু প্ৰিষ্কিল্লাই প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে পাঁচনি পৌলৰ পৰা বহুখিনি শিকিব পাৰিলে, ঠিক সেইদৰে আমিও ঈশ্বৰৰ বাক্যৰ নিপুণ শিক্ষকসকলক অনুকৰণ কৰি শিষ্য বনোৱা পাৰগতাক উন্নত কৰিব পাৰিম। আমি এনে ব্যক্তিসকলৰ সৈতে সঙ্গতি কৰিব পাৰোঁ যিসকলে “বাক্যত মনোযোগী” হৈ ‘সম্পূৰ্ণৰূপে সাক্ষী’ দিয়ে। (পাঁচনিৰ কৰ্ম্ম ১৮:৫) তেওঁলোকে কেনেকৈ শিকোৱাৰ দক্ষতাৰে আনক প্ৰভাৱিত কৰিব পাৰিলে তাৰ বিষয়ে আমি লক্ষ্য কৰিব পাৰোঁ। তেনেধৰণৰ নিপুণতাই আমাক শিষ্য বনোৱা কাৰ্য্যত সহায় কৰে। উদাহৰণস্বৰূপে, আমি এইদৰে কʼব পাৰোঁ যে যিজন ব্যক্তিয়ে বাইবেল অধ্যয়ন কৰিছে, তেওঁ যেন তেওঁৰ ঘৰৰ আন সদস্যসকলকো আমন্ত্ৰণ জনায়। অথবা আমি তেওঁক সুধিব পাৰোঁ যে ঘৰৰ অন্য সদস্যসকলে বাইবেল অধ্যয়ন কৰিবলৈ ইচ্ছুক হয় নে নহয়।—পাঁচনিৰ কৰ্ম্ম ১৮:৬-৮.

শিষ্য বনোৱা কাৰ্য্যত সুযোগ বাছি উলিয়াওক

১১. শিষ্য হোৱাৰ যোগ্যতা থকা ব্যক্তিসকলক কʼত পাব পাৰি?

১১ পাঁচনি পৌল আৰু সঙ্গী খ্ৰীষ্টানসকলে ঘৰে ঘৰে, বজাৰ আৰু যাত্ৰা কৰাৰ সময়ছোৱাত অৰ্থাৎ সকলো সুযোগতে প্ৰচাৰ কৰি শিষ্য বনাবলৈ প্ৰচেষ্টা কৰিছিল। ঈস্বৰৰ ৰাজ্যৰ এজন উৎসাহী প্ৰচাৰক হোৱাৰ বাবে আপুনি নিজৰ প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিবলৈ পাৰিবনে? যোগ্য ব্যক্তিসকলৰ ওচৰত গৈ প্ৰচাৰ কৰিবলৈ আপুনি সুযোগ উলিয়াব পাৰেনে? আমাৰ সঙ্গী প্ৰচাৰকসকলে কেনে পদ্ধতি ব্যৱহাৰ কৰি শিষ্য বনাবলৈ সক্ষম হৈছে? আঁহক আমি প্ৰথমে বিবেচনা কৰোঁহঁক যে কেনেকৈ টেলিফোনৰ যোগেদি সাক্ষী দি লাভৱান হৈছে।

১২-১৪. টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াৰ ফলত আপুনি পোৱা লাভসমূহৰ বিষয়ে বা এই অনুচ্ছেদত উল্লেখ কৰা এটা অনুভৱৰ বিষয়ে কওক।

১২ ব্ৰাজিলৰ মাৰিয়া নামৰ এগৰাকী ভনীয়ে এটা এপাৰ্টমেন্টত প্ৰচাৰ কৰি থকাৰ সময়ত এগৰাকী যুৱতীক এখন ট্ৰেক্ট দিয়ে। ট্ৰেক্টখনৰ মূল বিষয়টোক লৈ ভনীগৰাকীয়ে এইদৰে সোধে: “বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিব বিচাৰেনে?” তাতে যুৱতীগৰাকীয়ে এইদৰে উত্তৰ দিয়ে: “মই জানিবলৈ পাই অতি আনন্দিত হʼম। কিন্তু এটা সমস্যা হৈছে যে মই শিক্ষয়ত্ৰী হোৱাৰ বাবে খুব ব্যস্থ থাকোঁ।” তেতিয়া মাৰিয়াই টেলিফোনৰ যোগেদি বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়ালে। টেলিফোন নম্বৰ পোৱাৰ পিছত, সেইদিনা গধূলিয়ে মাৰিয়াই যুৱতীগৰাকীৰ সৈতে ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? * নামৰ ব্ৰচাৰখনৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰে।

১৩ ইথিওপিয়াৰ পূৰ্ণ-সময়ে অগ্ৰগামী সেৱা কৰা এগৰাকী ভনীয়ে টেলিফোনৰ দ্বাৰা এজন ব্যক্তিক সাক্ষী দিয়াৰ সময়ত টেলিফোনৰ পৰা হুলস্থূলীয়া শব্দ ভাহি অহা শুনিবলৈ পাইছিল। মানুহজনে তাইক কিছু সময়ৰ পিছত পুনৰাই ফোন কৰিবলৈ কʼলে। পুনৰাই ফোন কৰাত মানুহজনে তাইৰ পৰা ক্ষমা বিচাৰিলে আৰু কʼলে যে তেওঁ আৰু পত্নীৰ মাজত প্ৰবল তৰ্ক-বিতৰ্ক হৈছিল। এই কথোপকথনক ভনীগৰাকীয়ে সুযোগ হিচাবে ব্যৱহাৰ কৰি বাইবেলৰ পৰামৰ্শই কেনেকৈ পৰিয়ালত সৃষ্টি হোৱা সমস্যাক সমাধান কৰিবলৈ সহায় কৰে, সেই বিষয়ে কʼব পাৰিলে। ভনীগৰাকীয়ে ব্যক্তিজনক কʼলে যে যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা পৰিয়ালৰ সুখৰ ৰহস্য নামৰ কিতাপখনে কেনেকৈ বহুতো পৰিয়ালৰ বাবে সহায়কৰূপে প্ৰমাণিত হৈছে। কিছুদিনৰ পিছত তেওঁক কিতাপখন দিয়া হʼল আৰু ভনীগৰাকীয়ে পুনৰাই তেওঁলৈ ফোন কৰিছিল। তেওঁ নিজৰ ভাৱনাক ফোনৰ দ্বাৰা প্ৰকাশ কৰি এইদৰে কৈছিল: “এই কিতাপখনে মোৰ বিবাহ ভাঙি যোৱাৰ পৰা ৰক্ষা কৰিলে।” আনকি এই কিতাপখনৰ পৰা তেওঁ যি শিকিলে তাক জনাবলৈ তেওঁৰ পৰিয়ালৰ সৈতে একগোট হৈছিল। অতি কম সময়ৰ ভিতৰত বাইবেল অধ্যয়ন আৰম্ভ হʼল আৰু নিয়মিতভাৱে তেওঁ সভাত উপস্থিত হʼবলৈ ধৰিলে।

১৪ ডেনমাৰ্কত টেলিফোনৰ দ্বাৰা বাইবেল অধ্যয়ন আৰম্ভ কৰা এগৰাকী ভনীয়ে এইদৰে কয়: “এবাৰ সেৱা অধ্যক্ষই মোক টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ উৎসাহিত কৰিছিল। আৰম্ভণিতে মই তেনে কৰাৰ পৰা বিৰত আছিলো আৰু মনতে ভাবিছিলো: ‘ই মোৰ পছন্দৰ অনুসৰি নহয়।’ তথাপিও এদিন মই সাহস গোটাই মোৰ প্ৰথম গৃহস্থ অৰ্থাৎ চোনিয়া নামৰ এগৰাকী মহিলাক ফোন কৰিলোঁ। চমুকৈ কথোপকথন হোৱাৰ পিছত মহিলাগৰাকীয়ে বাইবেল আধাৰিত এখন আলোচনী লʼবলৈ মান্তি হʼল। এদিন সন্ধ্যা আমি সৃষ্টিৰ বিষয়ে কথোপকথন কৰিছিলো আৰু মহিলাগৰাকীয়ে জীৱনকেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? * নামৰ কিতাপখন পঢ়িবলৈ বিচাৰিলে। তেতিয়া মই তাইক কৈছিলো যে যদি আমি একলগে বহি কথোপকথন কৰোঁ তেন্তে অধিক উত্তম হʼব। তাতে চোনিয়াই মান্তি হʼল আৰু সেইদিনাখনৰ পৰা আমি সপ্তাহত এবাৰকৈ বাইবেল অধ্যয়ন কৰিব ধৰিলোঁ।” সামৰণিত আমাৰ সেই খ্ৰীষ্টান ভনীগৰাকীয়ে এইদৰে কয়: “বহু বছৰ ধৰি মই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলো যাতে এটা বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰোঁ। কিন্তু মই কেতিয়াও ভবা নাছিলো যে ইয়াক মই টেলিফোনৰ দ্বাৰা আৰম্ভ কৰিম।”

১৫, ১৬. বিভিন্ন ধৰণে বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ সাজু থকা কেনে অনুভৱৰ বিষয়ে আপুনি দাঙি ধৰিব পাৰে?

১৫ বহুতে এনে পৰামৰ্শক মানি চলাৰ বাবে সফলতা লাভ কৰাত সক্ষম হৈছে। এবাৰ সংযুক্ত ৰাষ্ট্ৰত থকা এগৰাকী যিহোৱাৰ সাক্ষী ভনীয়ে নিজৰ গাড়ীখন এখন মালবাহী ট্ৰাকৰ কাষত ৰাখিলে। সেই মালবাহী ট্ৰাকখনৰ ভিতৰৰ পৰা এগৰাকী মহিলাই সেই ভনীগৰাকীলৈ দৃষ্টি কৰিলে। সেই সুযোগৰ সুবিধা লৈ ভনীগৰাকীয়ে মহিলাগৰাকীক বাইবেল শিক্ষাৰ কাৰ্য্যক্ৰমৰ বিষয়ে বৰ্ণনা কৰিব ধৰিলে। তেতিয়া সেই মহিলাগৰাকীয়ে ট্ৰাকখনৰ পৰা নামি আহি এইদৰে কʼলে: “মই অতি আনন্দিত হৈছোঁ যে আপুনি মোৰ সৈতে কথা-বতৰা হʼবলৈ সময় উলিয়ালে। কিয়নো বহু সময়ৰ পৰা মই আপোনালোকৰ বাইবেল আধাৰিত কোনো প্ৰকাশন পোৱা নাই। তদুপৰি মই পুনৰাই বাইবেল অধ্যয়ন কৰিবলৈ বিচাৰিছিলো। আপুনি মোক বাইবেলৰ পৰা শিকাবনে?” আমাৰ ভনীগৰাকীয়ে শুভবাৰ্ত্তাৰ বিষয়ে কʼবলৈ এনে সুযোগক সম্পূৰ্ণকৈ সদব্যৱহাৰ কৰিলে।

১৬ সংযুক্ত ৰাষ্ট্ৰত থকা এগৰাকী ভনীয়ে এটা নাৰ্চিং হোমত সাক্ষাৎ কৰোঁতে এনে অভিজ্ঞতা হৈছিল: ভনীৰ গৰাকীয়ে তাৰ কোনো নিৰ্দিষ্ট বিভাগত কাৰ্য্যপৰিচালকৰূপে কাৰ্য্য কৰা এজন ব্যক্তিক সাক্ষাৎ কৰে আৰু তেওঁক কয় যে তাই তাত থকা লোকবিলাকক আধ্যাত্মিকভাৱে সহায় আৰু আগ্ৰহী ব্যক্তিসকলৰ সৈতে বিনামূল্যে বাইবেল অধ্যয়ন কৰিবলৈ বিচাৰিছে। কাৰ্য্যপৰিচালকজনে তাত থকাসকলক সাক্ষাৎ কৰিবলৈ অনুমতি দিলে। অতি কম সময়ৰ ভিতৰত ভনীগৰাকীয়ে তাত থকা ২৬ জন সদস্যৰ সৈতে সপ্তাহত তিনিবাৰকৈ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ এজনে নিয়মিতভাৱে সভাত উপস্থিত হয়।

১৭. কেনে পদ্ধতিৰে বাইবেল অধ্যয়ন আৰম্ভ কৰাটো প্ৰায়ে ফলদায়ক হয়?

১৭ কিছুমান প্ৰকাশকে পোনপটীয়াকৈ বাইবেল অধ্যয়নৰ বিষয়ে প্ৰস্তাৱনা আগবঢ়াই উত্তম ফলাফল লাভ কৰিছে। উদাহৰণস্বৰূপে, এখন মণ্ডলীৰ ১০৫ জন প্ৰচাৰকে ৰাতিপূৱা কৰা প্ৰচাৰ কাৰ্য্যত লগ পোৱা সকলো গৃহস্থকে বাইবেল অধ্যয়ন কৰিবলৈ প্ৰস্তাৱনা আগবঢ়ালে। তেওঁলোকৰ ৮৬ জন প্ৰকাশকে প্ৰচাৰ কাৰ্য্যত দুই ঘন্টা সময় অতিবাহিত কৰাত ১৫ টা বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ সক্ষম হʼল।

নিৰন্তৰে যোগ্য ব্যক্তিসকলৰ অনুসন্ধান কৰক

১৮, ১৯. যীচুৱে দিয়া কেনে গুৰুত্বপূৰ্ণ পৰামৰ্শটো আমি মনত ৰাখা আৱশ্যক আৰু সেই লক্ষ্যত উপনীত হʼবলৈ কেনে সঙ্কল্প লোৱা উচিত?

১৮ ঈশ্বৰৰ ৰাজ্য প্ৰচাৰক হোৱাৰ বাবে আপুনি হয়তো এই লেখটোত উল্লেখ কৰা প্ৰস্তাৱনাসমূহ ব্যৱহাৰ কৰাত আগ্ৰহী হʼব পাৰে। অৱশ্যে তেনে পদ্ধতিৰে সাক্ষী দিয়াৰ বিষয়ে বিবেচনা কৰাৰ সময়ত স্থানীয় ৰীতি-নীতিবোৰৰ সম্পৰ্কে যেন পাহৰি নাযায়। তদুপৰি আঁহক আমি সকলোৱে যোগ্য ব্যক্তিসকলক অনুসন্ধান কৰি যীচুৱে শিষ্য বনোৱাৰ বিষয়ে দিয়া পৰামৰ্শক পালন কৰোঁহঁক।—মথি ১০:১১; ২৮:১৯.

১৯ এতেকে আমি এই লক্ষ্যত উপনীত হʼবলৈ “সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক” হʼবলৈ চেষ্টা কৰোঁহঁক। এনে কৰিবলৈ আমি শাস্ত্ৰৰ পদসমূহত দৃঢ়ভাৱে আধাৰিত হোৱা আমাৰ যুক্তি-তৰ্ক ব্যৱহাৰ কৰা আৱশ্যক। ইয়ে আমাক নম্ৰ ব্যক্তিসকলৰ হৃদয় স্পৰ্শ কৰি তেওঁলোকক পদক্ষেপ লোৱাত সহায় কৰিব। আমি প্ৰাৰ্থনাপূৰ্ব্বকভাৱে যিহোৱাত ভাৰসা ৰাখাৰ দ্বাৰা কিছুমানক শিষ্য হʼবলৈ সহায় কৰিব পাৰিম। এই কাৰ্য্যত ভাগ লোৱাটো কিযে এক সন্তুষ্টিদায়ক বিষয়! গতিকে আঁহক আমি ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হোৱাৰ বাবে সদায়ে শিষ্য বনোৱা কাৰ্য্যত ভাগ লৈ যিহোৱালৈ মহিমা আৰু তেওঁৰ ‘আগত উপস্থিত হʼবলৈ যত্ন কৰোঁহঁক।’—২ তীমথিয় ২:১৫. (w03 11/15)

[ফুটনোটবোৰ]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপোনাৰ মনত আছেনে?

• আপল্লোক কিয় ঈশ্বৰৰ পথৰ বিষয়ে আৰু ঠিককৈ বুজা আৱশ্যক আছিল?

• পাঁচনি পৌলে ৰাখা কেনে আৰ্হিৰ পৰা আক্কিলা আৰু প্ৰিষ্কিল্লাই শিকিব পাৰিলে?

• শিষ্য বনোৱা কাৰ্য্যৰ সম্পৰ্কে আমি পাঁচনিৰ কৰ্ম্ম ১৮ অধ্যায়ৰ পৰা কি শিকিব পাৰিলোঁ?

• আপুনি শিষ্য বনাবলৈ কেনে সুযোগ উলিয়াব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩১ পৃষ্ঠাৰ ছবি]

পাঁচনি পৌলে সকলো পৰিস্থিতিতে প্ৰচাৰ কৰিছিল