Skip to content

Skip to table of contents

আপুনি এক আশ্চৰ্য্যবোধ ভাৱধাৰা বিকশিত কৰেনে?

আপুনি এক আশ্চৰ্য্যবোধ ভাৱধাৰা বিকশিত কৰেনে?

আপুনি এক আশ্চৰ্য্যবোধ ভাৱধাৰা বিকশিত কৰেনে?

আপুনি লক্ষ্য কৰিছেনে যে বাইবেলৰ লিখকসকলে ঈশ্বৰৰ কাৰ্য্য আৰু তেওঁৰ গুণসমূহৰ বিষয়ে জ্ঞাত হৈ বাৰে বাৰে আশ্চৰ্য্যবোধ ভাৱধাৰা প্ৰকাশ কৰিছে? গীতমালাৰ লিখকে এইদৰে কৈছিল: “মই ভয়ানক আৰু অদ্ভুতৰূপে নিৰ্ম্মিত হলোঁ।” (গীতমালা ১৩৯:১৪) ভৱিষ্যতবক্তা যিচয়াই এইদৰে লিখিছিল: “হে যিহোৱা তুমি মোৰ ঈশ্বৰ; মই তোমাক উন্নত কৰিম, তোমাৰ নামৰ প্ৰশংসা কৰিম; কিয়নো তুমি আচৰিত কৰ্ম্ম কৰিলা।” (যিচয়া ২৫:১) ইয়াৰ উপৰিও পাঁচনি পৌলে কোৱা সশ্ৰদ্ধপূৰ্বক উক্তিটোক লক্ষ্য কৰক, যʼত তেওঁ এইদৰে কৈছিল: “ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ!”—ৰোমীয়া ১১:৩৩.

দ্য অক্সফৰ্ড্‌ এনচাইক্লোপিডিক্‌ ইংলিছ ডিকশ্বন্‌ৰী নামৰ অভিধানখনে “আশ্চৰ্য্য” শব্দটোক এইদৰে ভাঙণি কৰিছে “ই হৈছে এনে এক অনুভূতি যি অপ্ৰত্যাশিত, অজানিতে বা অবোধ্যগম্য অৱস্থাৰ পৰা উৎপন্ন হয়। এই শব্দটো বিশেষকৈ বিস্ময় বা কৌতুহল অথবা আচৰিত নতুবা অদ্ভুত আদিৰ সৈতে সন্মিলিত আছে।”

এটা কণমাণি শিশুৱে কোনো এটা নতুন বস্তুলৈ লক্ষ্য কৰি বা স্পৰ্ষ কৰি অথবা কিবা এটা শুনি চকু বহল হোৱাটো তাৰ বাবে এটা আনন্দৰ বিষয় নহয়নে? দুখৰ বিষয় এই যে তেনেধৰণে আশ্চৰ্য্য হোৱাটো কৌতূহল বা নতুনত্ব ওপৰত আধাৰিত, যিটো সময়ৰ গতিত ম্লান হৈ পৰে।

কিন্তু ওপৰত উল্লেখ কৰা বাইবেল লিখকসকলৰ উদ্ধৃতিবোৰ এনে এক অনুভূতি যিটো তেওঁলোকৰ অন্তৰৰ পৰা আহিছিল। সেয়েহে এইটো সময়ৰ গতিত বিলীন হৈ নগʼল। কিয় তেনেদৰে নহʼল? কিয়নো তেওঁলোকে ঈশ্বৰৰ কাৰ্য্যৰ ওপৰত ধ্যান কৰি নিজৰ আশ্চৰ্য্যৰ ভাৱধাৰা বিকাশিত কৰিছিল। এই সম্পৰ্কে আমি গীতমালাত এইদৰে পঢ়িবলৈ পাওঁ, যʼত লিখকে এইদৰে লিখিছে: “মই পূৰ্ব্বকালৰ দিন সোঁৱৰণ কৰিছোঁ, তোমাৰ সমুদায় কৰ্ম্ম ধ্যান কৰিছোঁ, তোমাৰ হাতৰ কাৰ্য্য আলোচনা কৰিছোঁ।”—গীতমালা ১৪৩:৫.

বৰ্তমান সময়তো সেই একেই আশ্চৰ্য্যৰ ভাৱধাৰা ঈশ্বৰৰ উপাসকসকলৰ মাজত দেখিবলৈ পোৱাটো কিমান যে প্ৰশংসনীয় বিষয়! আপোনাৰো তেনে ভাৱধাৰা আছেনে? আপুনি তাক বিকশিত কৰিছেনে? (w03 12/15)