Skip to content

Skip to table of contents

আমি আগতকৈ অধিক পৰ দি থাকা আৱশ্যক

আমি আগতকৈ অধিক পৰ দি থাকা আৱশ্যক

আমি আগতকৈ অধিক পৰ দি থাকা আৱশ্যক

“এই হেতুকে পৰ দি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্ত্তত আহিব, তাক তোমালোকে নাজানা।”—মথি ২৪:৪২.

১, ২. কিহে দেখুৱাইছে যে আমি এই জগতৰ শেষ সময়ত জীয়াই আছোঁ?

 বিল ইমেট্‌ নামৰ লিখকজনে এইদৰে কৈছিল: “বিংশ শতাব্দীটো আন ঘটনাবোৰৰ তুলনাত প্ৰধানকৈ যুদ্ধৰে পৰিপূৰ্ণ হৈ আছিল।” মানৱ ইতিহাসত অত্যাধিক যুদ্ধ আৰু হিংসাৰে ভৰি থকা বুলি অৱগত কৰি আগলৈ তেওঁ এইদৰে কৈছিল: “যুদ্ধ আৰু হিংসাৰ সম্বন্ধে বিংশ শতাব্দীটো কোনো ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা নগʼল। তদুপৰি এই শতাব্দীত পূৰ্বতে কেতিয়াও নোহোৱা কেৱল বিশ্বব্যাপী হোৱা যুদ্ধহে দেখিবলৈ পোৱা গʼল . . .। লগতে এই শতাব্দীত কেৱল এখন নহয় কিন্তু দুখনকৈ বিশ্বযুদ্ধও সন্মিলিত আছে।”

যীচুৱে ভৱিষ্যতবাণী কৰা অনুসাৰে এনে যুদ্ধবোৰত ‘জাতিৰ বিৰুদ্ধে জাতি আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠা’ দেখা গৈছে। গতিকে এইবোৰ হৈছে ‘যীচুৰ উপস্থিতি আৰু এই জগতৰ শেষ হোৱাৰ চিন।’ তদুপৰি সেই উল্লেখনীয় ভৱিষ্যতবাণীত দুৰ্ভিক্ষ, মহামাৰী আৰু ভূমিকম্প হʼব বুলিও তেওঁ উল্লেখ কৰিছিল। (মথি ২৪:৩, ৭, ৮; লূক ২১:৬, ৭, ১০, ১১) এনে ধৰণৰ বিপত্তিবোৰ প্ৰায়ে সকলো ক্ষেত্ৰত অধিকমাত্ৰাত বৃদ্ধি হোৱা দেখা গৈছে। ঈশ্বৰ আৰু সঙ্গী মানৱৰ প্ৰতি থকা মনোবৃত্তিয়ে দেখুৱাইছে যে দুষ্টতা কিমানলৈকে বৃদ্ধি হৈছে। নৈতিক পতন, হিংসা আৰু অপৰাধ এক সাধাৰণ বিষয় হৈ পৰিছে। মানুহ ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয় হৈছে। এই সকলোবোৰে দেখুৱাইছে যে আমি ‘ভয়ঙ্কৰ সময়ত’ জীয়াই আছোঁ।—২ তীমথিয় ৩:১-৫.

৩. এই ‘কালৰ চিনবোৰে’ আমাক কেনে প্ৰভাৱিত কৰা উচিত?

মানৱৰ ক্ষেত্ৰত দেখা দিয়া এই অৱনতিৰ পৰিস্থিতিবোৰক আপুনি কেনে দৃষ্টি কৰে? প্ৰত্যেক দিনে ঘটা ঘটনাবোৰ দৃষ্টি কৰি মানুহবিলাক কঠোৰ মনৰ হৈ পৰিছে। তদুপৰি জগতত থকা প্ৰসিদ্ধ আৰু জ্ঞানী লোকসকলে “কালৰ চিনৰ” বিষয়ে বুজিব পৰা নাই আৰু ধৰ্ম্মগুৰুসকলেও সঠিক পথ-প্ৰদৰ্শন প্ৰদান কৰাত বিফল হৈছে। (মথি ১৬:১-৩) ইয়াৰ বিপৰীতে যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “পৰ দি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্ত্তত আহিব, তাক তোমালোকে নাজানা।” (মথি ২৪:৪২) ইয়াত যীচুৱে কেৱল আমাক মনোযোগী হʼবলৈ নহয় কিন্তু “পৰ দি” থাকিবলৈহে গুৰুত্ব দি কৈছে। পৰ দি থাকিবলৈ হʼলে আমি সতৰ্ক হোৱা উচিত। ইয়াৰ অৰ্থ হৈছে আমি কেৱল শেষ কালত জীয়াই আছোঁ বুলি জনাটোৱেই যথেষ্ট নহয় কিন্তু ভয়ঙ্কৰ সময়ত থকা বুলি জনাটো আৱশ্যক। তদুপৰি আমি, এই “সকলোৰে শেষ ওচৰ চাপিছে” বুলিও বিশ্বাস কৰা উচিত। (১ পিতৰ ৪:৭) তেতিয়াহে আমি যে আগতকৈ অধিক পৰ দি আছোঁ তাক দেখুৱাব পাৰিম। এতিয়া আমি এই প্ৰশ্নটোক বিবেচনা কৰা উচিত: ‘শেষ ওচৰ চাপিছে বুলি কিহে আমাৰ বিশ্বাস দৃঢ় কৰিব?’

৪, ৫. (ক) এই জগতৰ শেষ ওচৰ চাপিছে বুলি কিহে আমাৰ বিশ্বাস দৃঢ় কৰে আৰু কিয়? (খ) নোহৰ দিন আৰু মানুহৰ পুত্ৰ উপস্থিতিৰ মাজত কেনে এক সাদৃশ্যতা আছে?

মানৱ ইতিহাসত সকলোতকৈ ভয়াবহৰূপে ঘটা এটা ঘটনা অৰ্থাৎ নোহৰ জল-প্লাৱনৰ বিষয়ে বিবেচনা কৰক। সেই সময়ত দুষ্টতাৰ ইমানেই বৃদ্ধি হৈছিল যে তাৰ বাবে যিহোৱাই “মনত বিষাদ” পাইছিল। সেইবাবে তেওঁ এইদৰে কৈছিল: “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম।” (আদিপুস্তক ৬:৬, ৭) তেওঁ কোৱাৰ অনুসাৰে কাৰ্য্যও কৰিছিল। সেই সময়ৰ আৰু বৰ্তমানৰ পৰিস্থিতিৰ সৈতে তুলনা কৰি যীচুৱে এইদৰে কৈছিল: “নোহৰ দিন যেনে, মানুহৰ পুত্ৰৰ আগমনো তেনে হব।”—মথি ২৪:৩৭.

গতিকে আজি বিদ্যমান হোৱা পৰিস্থিতিও নোহৰ জল-প্লাৱনৰ পূৰ্বেই থকা অৱস্থাৰ সৈতে যে একে বুলি যিহোৱাই অনুভৱ কৰে তাক বিবেচনা কৰাটো যুক্তিসঙ্গত হʼব। যিদৰে তেওঁ নোহৰ দিনৰ ভক্তিহীন জগতখনক ধ্বংস কৰিছিল, ঠিক সেইদৰে আজিৰ জগতখনকো ধ্বংস কৰিব। সেইবাবে আমি নোহৰ দিনৰ সৈতে আমাৰ দিনৰ সাদৃশ্যতা থকাৰ বিষয়ে মনত ৰাখি এই জগতৰ শেষ ওচৰ চাপিছে বুলি স্পষ্টকৈ বুজি পোৱা উচিত। সেই সময় আৰু বৰ্তমান এই জগতৰ পৰিস্থিতিৰ মাজত কেনে সামঞ্জস্যতা দেখিবলৈ পোৱা যায়? সেই সময় আৰু বৰ্তমান পৰিস্থিতিৰ সৈতে প্ৰায় পাঁচটা বিষয়ত মিল থকা দেখিবলৈ পোৱা যায়। ইয়াৰ প্ৰথমটো হৈছে আহিবলগীয়া ধ্বংসৰ সঠিক সময়ৰ বিষয়ে থকা সাৱধানবাণী।

“ভাবী বিষয়ত” সতৰ্ক হোৱা

৬. যিহোৱাই স্পষ্টকৈ কিহৰ বিষয়ে নোহক আগতীয়াকৈ সতৰ্ক কৰিছিল?

নোহৰ দিনত যিহোৱাই এইদৰে কৈছিল: “মোৰ আত্মাই মানুহৰ অন্তৰত আৰু সদায় অধিকাৰ নচলাব; কিয়নো তাৰ বিপথগমনত সি মাংসমাত্ৰ; তথাপি তাৰ কাল এশ বিশ বছৰ হব।” (আদিপুস্তক ৬:৩) সা.যু.পূ ২৪৯০ চনত যিহোৱাই কৰা এই ঘোষণাত ভক্তিহীন জগতৰ শেষ হোৱা সময়ৰ সম্পৰ্কে আভাস পাইছিল। ক্ষন্তেক বিবেচনা কৰক যে সেই সময়ত বাস কৰাসকলৰ বাবে ই কেনে এক অৰ্থ ৰাখিছিল! যিহোৱাই ১২০ বছৰৰ পিছত “আকাশৰ তলত প্ৰাণবায়ু থকা সকলো প্ৰাণীকে বিনষ্ট কৰিবৰ নিমিত্তে” জল-প্লাৱন আনিব বুলি নোহক কৈছিল।—আদিপুস্তক ৬:১৭.

৭. (ক) জল-প্লাৱনৰ সম্পৰ্কে দিয়া সতৰ্কবাণীবোৰৰ প্ৰতি নোহে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? (খ) এই জগতৰ ধ্বংসৰ বিষয়ে দিয়া সতৰ্কবাণীৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত?

নোহে আগতীয়াকৈ ধ্বংসৰ বিষয়ে জানিবলৈ পাই পৰিত্ৰাণৰ অৰ্থে সময়ক উচিতমতে ব্যৱহাৰ কৰিছিল। এই বিষয়ে পাঁচনি পৌলে এইদৰে কয়: “বিশ্বাসৰ গুণে নোহে, ভাবী বিষয়ত আদেশ পাই ভয়তে, নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে।” (ইব্ৰী ১১:৭) তেনেহʼলে আমাৰ সময়ৰ বিষয়ে কি কʼব পাৰি? ১৯১৪ চনৰ পৰা বৰ্তমানৰ সময়লৈকে শেষকাল আৰম্ভ হোৱা প্ৰায় ৯০ বছৰ অতিক্ৰম কৰিলে। এতেকে আমি নিশ্চয়ে ‘শেষকালত’ জীয়াই আছোঁ। (দানিয়েল ১২:৪) আমাক দিয়া এই সতৰ্কবাণীবোৰৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত। এই বিষয়ে বাইবেলে কৈছে যে “যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:১৭) গতিকে আমি এতিয়াৰে পৰা সময়ৰ গুৰুত্বতাক বুজি যিহোৱাৰ ইচ্ছাৰ অনুসৰি অধিককৈ কাৰ্য্য কৰা উচিত।

৮, ৯. বৰ্তমান সময়ত যিহোৱাই কেনে ধৰণৰ সতৰ্কবাণী দিলে আৰু ইয়াক কেনেকৈ ঘোষণা কৰা হৈছে?

বৰ্তমান সময়ৰ প্ৰকৃত বাইবেল বিদ্যাৰ্থীসকলে শাস্ত্ৰ পদবোৰৰ দ্বাৰা জানিব পাৰিছে যে এই জগতৰ ধ্বংস একেবাৰে দুৱাৰমুখ পালেহি। আমিও তেনেদৰে বিশ্বাস কৰোঁনে? লক্ষ্য কৰক যে যীচুৱে এই বিষয়ে স্পষ্টকৈ বৰ্ণনা কৰি এইদৰে কৈছিল: “সেই কালত যেনে মহাক্লেশ হব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই, আৰু নহবও।” (মথি ২৪:২১) তদুপৰি যীচুৱে ইয়াকো কৈছিল যে তেওঁ ঈশ্বৰৰ নিযুক্ত ন্যায়াধীশ হিচাবে আহিব আৰু এজন মেৰৰখীয়াৰ দৰে লোকবিলাকক মেৰ আৰু ছাগলীৰ নিচিনাকৈ পৃথক কৰিব। যিসকল অযোগ্য প্ৰমাণিত হʼব, তেওঁলোক “অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্ম্মিকবিলাক অনন্ত জীৱনলৈ যাব।”—মথি ২৫:৩১-৩৩, ৪৬.

যিহোৱাই সঠিক সময়ত আধ্যাত্মিক আহাৰ প্ৰবন্ধ কৰা “বিশ্বাসী বুদ্ধিমান” দাসবৰ্গৰ দ্বাৰা তেওঁৰ লোকসকলক এই সতৰ্কবাণীবোৰ দিছে। (মথি ২৪:৪৫-৪৭) ইয়াৰ উপৰিও সকলো জাতি, ফৈদ আৰু ভাষা কোৱা লোকসকলে “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ” কৰিছে, কিয়নো “তেওঁৰ সোধ-বিচাৰৰ সময় আহিল।” (প্ৰকাশিত বাক্য ১৪:৬, ৭) যিহোৱাৰ সাক্ষীসকলে বিশ্বব্যাপী শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যৰ যোগেদি এক অতি আৱশ্যকীয় সতৰ্কবাণী দিছে যে অনতিপলমে ঈশ্বৰৰ ৰাজ্যই মানৱ শাসনক বিনষ্ট কৰিব। (দানিয়েল ২:৪৪) এই সতৰ্কবাণীক সাধাৰণভাৱে নহয় কিন্তু অত্যন্ত গম্ভীৰতাৰে লোৱা উচিত। কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰে স্বয়ং নিজৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিব। (যিচয়া ৫৫:১০, ১১) যিদৰে তেওঁ নোহৰ দিনত কৰিছিল ঠিক তেনেদৰে আমাৰ সময়তো কৰিব।—২ পিতৰ ৩:৩-৭.

যৌন সম্পৰ্কীয় কাৰ্য্যৰ অধিককৈ বৃদ্ধি হৈছে

১০. নোহৰ দিনত হোৱা অনৈতিক যৌন কাৰ্য্যৰ বিষয়ে কি কʼব পাৰি?

১০ অন্য এক প্ৰকাৰে আমাৰ সময়ছোৱা নোহৰ দিনৰ সৈতে মিল খায়। যিহোৱাই প্ৰথম মানৱ দম্পতিক তেওঁলোকৰ যৌন শক্তি উচিতৰূপে অৰ্থাৎ কেৱল বিবাহ-বন্ধনৰ ব্যৱস্থাতহে ব্যৱহাৰ কৰি ‘পৃথিৱীখন পৰিপূৰ্ণ’ কৰিবলৈ আজ্ঞা দিছিল। (আদিপুস্তক ১:২৮) কিন্তু নোহৰ দিনত অৱজ্ঞাকাৰী স্বৰ্গদূতবিলাকে সেই আজ্ঞা উলঙ্ঘন কৰি মনুষ্যৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক স্থাপন কৰিলে। বাস্তৱতে তেওঁলোকে মানৱৰূপ ধাৰণ কৰি পৃথিৱীলৈ নামি আহিল আৰু মানুহৰ জীয়াৰীবিলাকৰ সৈতে সঙ্গম কৰিলে যাৰ পৰিণামস্বৰূপে, তেওঁলোকৰ পৰা জন্ম হোৱা সন্তানবিলাক অৰ্দ্ধ মানৱ আৰু অৰ্দ্ধ পিশাচ অৰ্থাৎ নাফিল হʼল। (আদিপুস্তক ৬:২, ৪) সেই কামপীড়িত স্বৰ্গদূতবিলাকৰ পাপময় কাৰ্য্য চদোম আৰু ঘমোৰা নামৰ নগৰবোৰত হোৱা ব্যভিচাৰপূৰ্ণ কাৰ্য্যৰ সৈতে তুলনা কৰিব পাৰি। (যিহূদা ৬, ৭) কালক্ৰমে সেই সময়ত অনৈতিক যৌন কাৰ্য্য চাৰিওফালে বিয়পি পৰিল।

১১. আজিৰ সময়ত থকা নৈতিক পৰিৱেশ কেনেকৈ নোহৰ দিনৰ সৈতে মিল খায়?

১১ বৰ্তমান সময়ৰ নৈতিক অৱস্থাৰ বিষয়ে কি কʼব পাৰি? এই শেষকালত বহুতৰে জীৱনধাৰা অনৈতিক যৌন কাৰ্য্যৰে পূৰ্ণ হৈ আছে। পাঁচনি পৌলে স্পষ্টকৈ তেনে লোকসকলৰ বিষয়ে বৰ্ণনা কৰি কৈছে যে “তেওঁবিলাক সাৰ নাইকিয়া” আৰু বহুতে “সকলো অশুচি কৰ্ম্ম কৰিবলৈ, লম্পট-আচৰণত নিজকে শোধাই দিলে।” (ইফিচীয়া ৪:১৯) আজিৰ সময়ত অশ্লীল সাহিত্য, বিবাহৰ পূৰ্বে যৌন সম্বন্ধ, লʼৰা-ছোৱালীৰ ওপৰত লৈঙ্গিক উৎপীড়ন আৰু সমলিঙ্গৰতিৰ দৰে কাৰ্য্যবোৰ এটা সাধাৰণ বিষয় হৈ পৰিছে। তেওঁলোকৰ কিছুমানে যৌন সম্বন্ধীয় ৰোগ, পৰিয়াল ভাঙি যোৱা আৰু আন সামাজিক সমস্যাবোৰৰ সম্মুখীন হৈ “ভ্ৰান্তিৰ উচিত প্ৰতিফল” পাইছে।—ৰোমীয়া ১:২৬, ২৭.

১২. আমি কিয় বেয়াৰ প্ৰতি ঘৃণাভাৱ বিকশিত কৰা উচিত?

১২ নোহৰ দিনত এক বৃহৎ জল-প্লাৱনৰ দ্বাৰা যিহোৱাই অনৈতিকপূৰ্ণ জগতখনক ধ্বংস কৰিলে। আমি কেতিয়াও এইটো পাহৰি যোৱা উচিত নহয় যে আজিৰ দিনবোৰো নোহৰ দিনৰ সৈতে মিল খায়। আহিবলগা “মহাক্লেশে” পৃথিৱীত থকা ‘সকলো ব্যভিচাৰী, দেৱপূজক, পৰস্ত্ৰীগামী আৰু পুংমৈথুনী লোকক’ উচ্ছন্ন কৰিব। (মথি ২৪:২১; ১ কৰিন্থীয়া ৬:৯, ১০; প্ৰকাশিত বাক্য ২১:৮) গতিকে এতিয়া আমি বেয়াৰ প্ৰতি ঘৃণাভাৱ বিকশিত আৰু তেনে কাৰ্য্যৰ পৰা আঁতৰি থকাটো কিমান যে আৱশ্যক যিয়ে অনৈতিকতালৈ পৰিচালিত কৰে!—গীত ৯৭:১০; ১ কৰিন্থীয়া ৬:১৮.

পৃথিৱীখন “অত্যাচাৰেৰে পৰিপূৰ্ণ” হৈছে

১৩. নোহৰ দিনত থকা জগতখন কিয় “অত্যাচাৰেৰে পৰিপূৰ্ণ” হৈছিল?

১৩ নোহৰ দিনত থকা অন্য এটা বৈশিষ্ট্যৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “পৃথিবী ঈশ্বৰৰ দৃষ্টিত ভ্ৰষ্ট, আৰু অত্যাচাৰেৰে পৰিপূৰ্ণ আছিল।” (আদিপুস্তক ৬:১১) সেই সময়ত অত্যাচাৰ কৰাটো কোনো নতুন বিষয় নাছিল। কিয়নো আদমৰ পুত্ৰ কয়িনে নিজৰ ভাতৃ হাবিলক হত্যা কৰিছিল। (আদিপুস্তক ৪:৮) লেমকে আত্মৰক্ষাৰ নামত এজন ডেকা ব্যক্তিক কিদৰে হত্যা কৰিলে সেই বিষয়ে পিছলৈ দম্ভপূৰ্ণতাৰে ৰচা এটা কবিতাত স্পষ্টকৈ অত্যাচাৰ মনোবৃত্তি প্ৰকাশ পাইছিল। (আদিপুস্তক ৪:২৩, ২৪) নোহৰ দিনত অধিককৈ বৃদ্ধি হোৱা অত্যাচাৰহে এক নতুন বিষয় আছিল। স্বৰ্গদূতবিলাকে মানৱ জীয়াৰীবিলাকৰ সৈতে সহবাস কৰাৰ ফলস্বৰূপে জন্ম হোৱা সন্তান অৰ্থাৎ নাফিলবিলাক অত্যন্ত অত্যাচাৰী আছিল, যিটো আগতে কেতিয়াও হোৱা নাছিল। নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ বাইবেলৰ অনুসাৰে নাফিলবিলাকক মূল হিব্ৰু শব্দত “আঘাতকাৰী” অৰ্থাৎ যি আনক বলেৰে বগৰাই পেলোৱা ব্যক্তি বুলি কোৱা হৈছে। (আদিপুস্তক ৬:৪) পৰিণামস্বৰূপে, পৃথিৱীখন “অত্যাচাৰেৰে পৰিপূৰ্ণ” হৈ পৰিছিল। (আদিপুস্তক ৬:১৩) কল্পনা কৰক যে তেনে পৰিৱেশত নিজৰ পৰিয়ালটো প্ৰতিপালন কৰাটো নোহৰ বাবে কিমান কঠিন কাৰ্য্য আছিল! তথাপিও তেওঁ ‘সেই কালৰ লোকৰ মাজত যিহোৱাৰ সম্মুখত ধাৰ্ম্মিক’ প্ৰমাণিত হʼল।—আদিপুস্তক ৭:১.

১৪. আমাৰ সময়ৰ জগতখনত কেনেকৈ “অত্যাচাৰেৰে পৰিপূৰ্ণ” হʼল?

১৪ মানৱ ইতিহাসত অত্যাচাৰেৰে পৰিপূৰ্ণ হৈ থকাটো দেখিবলৈ পোৱা গৈছে। যিদৰে নোহৰ দিনত অত্যচাৰেৰে পূৰ্ণ হৈছিল ঠিক তেনেদৰে আমাৰ সময়তো অসাধাৰণভাৱে বৃহৎমাত্ৰাত দেখিবলৈ পোৱা গৈছে। আমি প্ৰায়ে ঘৰুৱা অত্যাচাৰ, সন্ত্ৰাসবাদ, জাতিগত যুদ্ধ আৰু কোনো উদ্দেশ্য নোহোৱাকৈ বন্দুকধাৰীসকলে গুলীচালনা কৰা শুনিবলৈ পাওঁ। তদুপৰি যুদ্ধবোৰত অধিক ৰক্তপাত হোৱাটো সন্মিলিত আছে। পুনৰাই এই পৃথিৱীখন অত্যাচাৰেৰে পৰিপূৰ্ণ হʼল। কিয় হʼল? কিহে ইয়াৰ বৃদ্ধি কৰিছে? এই প্ৰশ্নটোৰ উত্তৰ নোহৰ সময়ৰ সৈতে মিল খোৱা আন এটা বৈশিষ্ট্যত পোৱা যায়।

১৫. (ক) কিহে অধিককৈ এই শেষকালত হোৱা অত্যাচাৰক বৃদ্ধি কৰিছে? (খ) ইয়াৰ পৰিণাম কি হʼব বুলি আমি নিশ্চিত হʼব পাৰোঁ?

১৫ যেতিয়া ১৯১৪ চনত স্বৰ্গত মচীৰ ৰাজ্য স্থাপন হʼল তেতিয়া যীচুৱে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লʼলে। তেওঁ চয়তান আৰু তাৰ দূতবিলাকক পৃথিৱীলৈ পেলাই দিলে। (প্ৰকাশিত বাক্য ১২:৯-১২) নোহৰ জল-প্লাৱনৰ পূৰ্বেই কিছুমান অৱজ্ঞাকাৰী স্বৰ্গদূতে নিজ ইচ্ছাৰে স্বৰ্গৰস্থান ত্যাগ কৰিছিল; কিন্তু বৰ্তমান সময়ত তেনে অৱজ্ঞাকাৰী দূতবিলাকক বলপূৰ্বকভাৱে স্বৰ্গৰ পৰা খেদি পঠিওৱা হʼল। তদুপৰি তেনে অৱজ্ঞাকাৰী দূতবিলাকৰ এতিয়া মানৱ দেহ ধাৰণ কৰি সংসাৰীক সুখ উপভোগ কৰাৰ ক্ষমতা নাই। গতিকে নিষ্ফল, ক্ৰোধিত হৈ আৰু ন্যায় বিচাৰৰ ভয়ত সিহঁতে মানৱ আৰু তেওঁলোকৰ সংগঠনৰ ওপৰত নিয়ন্ত্ৰণ কৰি নোহৰ দিনতকৈ অৱস্থা অধিক অত্যাচাৰ আৰু অপৰাধপূৰ্ণ কৰিবলৈ উঠিপৰি লাগিছে। যিহেতু যিহোৱাই অৱজ্ঞাকাৰী দূতবিলাক আৰু সিহঁতৰ সন্তানবিলাকে গোটেই পৃথিৱীত অত্যাচাৰেৰে পৰিপূৰ্ণ কৰাৰ পিছত জল-প্লাৱনৰ পূৰ্বৰ জগতখন সমূলিকৈ ধ্বংস কৰিছিল। গতিকে আমাৰ সময়তো যে তেওঁ তেনে পদক্ষেপ নলʼব তাৰ কোনো সন্দেহ নাই! (গীত ৩৭:১০) কিন্তু পৰ দি থকা সকলে জানে যে তেওঁলোকৰ উদ্ধাৰৰ দিন একেবাৰে কাষ চাপি আহিল।

বাৰ্ত্তা প্ৰচাৰ কৰা হʼল

১৬, ১৭. নোহৰ দিন আৰু আমাৰ সময়ৰ সৈতে মিল খোৱা চতুৰ্থ বিষয়টো কি?

১৬ চতুৰ্থ বিষয়টো হৈছে নোহক যি কাৰ্য্য কৰিবলৈ আজ্ঞা দিছিল ই আমাৰ সময়ৰ সৈতেও মিল খায়। তেওঁ এখন বৃহৎ আকাৰৰ জাহাজ নিৰ্ম্মাণ কৰিছিল। তদুপৰি তেওঁ এজন “ধৰ্ম্মপ্ৰচাৰক” আছিল। (২ পিতৰ ২:৫) তেওঁ কেনে বাৰ্ত্তা প্ৰচাৰ কৰিছিল? নোহে আহিবলগীয়া ধ্বংসৰ বিষয়ে সতৰ্কবাণী আৰু মনপালটন কৰিবলৈ আগ্ৰহ কৰি প্ৰচাৰ কৰিছিল। যীচুৱে কৈছিল যে নোহৰ দিনৰ লোকসকলে “জল-প্লাবন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে।”—মথি ২৪:৩৮, ৩৯.

১৭ একেইদৰে বৰ্তমান সময়টো যিহোৱাৰ সাক্ষীসকলে গোটেই পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ দিয়া আজ্ঞাক পালন কৰিবলৈ কঠিন পৰিশ্ৰম কৰিছে। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে লোকসকলে নিজৰ মাতৃভাষাত শুভবাৰ্ত্তাৰ বিষয়ে শুনিব আৰু পঢ়িবলৈ পাইছে। যিহোৱাৰ ৰাজ্য ঘোষণা কৰা, প্ৰহৰীবুৰুজ নামৰ আলোচনীখন ১৪০ টাতকৈ অধিক ভাষাত ২,৫০,০০,০০০ খনতকৈ অধিক কপি ছপা কৰা হয়। আনকি ঈশ্বৰৰ ৰাজ্যৰ এই শুভবাৰ্ত্তা “গোটেই জগততে ঘোষণা কৰা” হৈছে। যেতিয়া এই কাৰ্য্য ঈশ্বৰে সন্তুষ্টি হোৱালৈকে পূৰ্ণ হʼব তেতিয়া অৱশ্যেই শেষ হʼব।—মথি ২৪:১৪.

১৮. বৰ্তমান সময়ত আমাৰ বাৰ্ত্তাৰ প্ৰতি দেখুৱা বহুতৰে মনোবৃত্তি নোহৰ দিনৰ সৈতে কেনেকৈ মিল খায়?

১৮ আমাৰ বাবে কল্পনা কৰাটো কোনো কঠিন নহʼব যে নোহ আৰু তেওঁৰ পৰিয়ালে আধ্যাত্মিক আৰু নৈতিক পতনৰ পৰিৱেশত থাকি চুবুৰীয়াবিলাকৰ পৰা কিমান ব্যাপকভাৱে মৌখিক উৎপীড়ন আৰু ইতিকিঙৰ পাত্ৰ হʼবলগীয়া হৈছিল। কিন্তু অৱশ্যেই সেই জগতখনৰ ধ্বংস হৈছিল। একেইদৰে এই শেষকালত “বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰীবিলাক উপস্থিত” হোৱা দেখা গৈছে। কিন্তু বাইবেলে কৈছে যে “চোৰৰ নিচিনাকৈ [যিহোৱাৰ, NW] দিন আহিব।” (২ পিতৰ ৩:৩, ৪, ৯) এই দিনটো তেওঁৰ নিযুক্ত সময়ৰ অনুসাৰে আহিব। এই দিন অহাত কোনো প্ৰকাৰে পলম নহʼব। (হবক্কুক ২:৩) গতিকে আমি পৰ দি থকাটো বুদ্ধিমানৰ কাৰ্য্য নহয়নে বাৰু!

কেৱল কিছুমানে উদ্ধাৰ পাব

১৯, ২০. নোহৰ দিনৰ জল-প্লাৱন আৰু বৰ্তমান জগতৰ ধ্বংসৰ মাজত কেনে সাদৃশ্যতা দেখিবলৈ পোৱা যায়?

১৯ নোহৰ দিন আৰু আমাৰ সময়ত থকা সাদৃশ্যতা কেৱল লোকসকলৰ দুষ্টতা আৰু তেওঁলোকৰ ধ্বংসতেই যে সীমিত, এনে নহয়। যিদৰে সেই সময়ত কিছুমান লোকে উদ্ধাৰ পাইছিল, ঠিক তেনেদৰে এই জগতৰ ৰীতি-ব্যৱস্থাৰ ধ্বংসত কিছুমান লোকে উদ্ধাৰ পাই উত্তৰজীৱি হʼব। সেই জল-প্লাৱনত ৰক্ষা পোৱা লোকসকল ধাৰ্ম্মিক আছিল। তেওঁলোকে ঈশ্বৰীয় নিৰ্দ্দেশনা অনুসৰি চলি নিজকে দুষ্ট লোকসকলৰ সৈতে সঙ্গতি কৰাৰ পৰা পৃথকে ৰাখিছিল। সেইবাবে বাইবেলে কৈছে যে, “নোহে যিহোৱাৰ দৃষ্টিত অনুগ্ৰহ পালে। . . . সেই কালৰ মানুহৰ মাজত নোহ ধাৰ্ম্মিক আৰু সিদ্ধ পুৰুষ আছিল।” (আদিপুস্তক ৬:৮, ৯) সমূদায় মানৱজাতিৰ ভিতৰত কেৱল “আঠ জন প্ৰাণী জলৰ মাজেদি ৰক্ষা পালে।” (১ পিতৰ ৩:২০) পিছলৈ যিহোৱাই তেওঁলোকক এইদৰে আজ্ঞা দিলে: “তোমালোক বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা।”—আদিপুস্তক ৯:১.

২০ ঈশ্বৰৰ বাক্যই আমাক আশ্বাস দিছে যে “এক বৰ লোকসমূহ” যি “মহাক্লেশৰ পৰা” ৰক্ষা পাব। (প্ৰকাশিত বাক্য ৭:৯, ১৪) সেই বৰ লোকসমূহৰ সংখ্যা কিমান? এই বিষয়ে যীচুৱে স্বয়ং এইদৰে কৈছিল: “যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ।” (মথি ৭:১৩, ১৪) আজি পৃথিৱীত বাস কৰা কোটি কোটি লোকৰ তুলনাত উদ্ধাৰ পোৱাসকলৰ সংখ্যা নিচেই কম। কিন্তু তেওঁলোকৰ ওচৰত এক বিশেষাধিকাৰ আছে, কিয়নো তেওঁলোককো জল-প্লাৱনৰ পিছত দিয়াৰ দৰে একেই আজ্ঞা দিয়া হʼব। তেওঁলোকক হয়তো এক সমাজ গঠন কৰিব পৰাকৈ নিৰ্দ্ধাৰিত সময়লৈকে লʼৰা-ছোৱালী জন্ম দিবলৈ অনুমতি দিব।—যিচয়া ৬৫:২৩.

“পৰ দি থাকা”

২১, ২২. (ক) জল-প্লাৱনৰ বৃতান্তটো বিবেচনা কৰি আপুনি কেনেকৈ লাভৱান হৈছে? (খ) ২০০৪ চনৰ বাৰ্ষিক পাঠ কি আৰু এই পৰামৰ্শক আমি কিয় পালন কৰা উচিত?

২১ যদিও আজি আমাৰ সময়ৰ বাবে নোহৰ জল-প্লাৱন এক অতীতৰ বিষয় হʼব পাৰে তথাপিও ইয়াত থকা সতৰ্কবাণীক আমি আওকাণ কৰা উচিত নহয়। (ৰোমীয়া ১৫:৪) নোহৰ দিন আৰু আমাৰ সময়ৰ মাজত থকা সাদৃশ্যতাৰ বিষয়বোৰক আমি লক্ষ্য কৰি যি ঘটিছে তাৰ প্ৰতি পৰ দি থাকি বৰ্তমানৰ দুষ্টতাৰ ওপৰত অকস্মাতে অহিবলগা যীচুৰ সোধ-বিচাৰৰ বাবে সতৰ্ক হোৱা উচিত।

২২ বৰ্তমান যীচুৱে এক বৃহৎ আধ্যাত্মিক নিৰ্ম্মাণকাৰ্য্যৰ পৰিচালনা কৰিছে। জাহাজৰূপী আধ্যাত্মিক পৰমদেশখন হৈছে উপাসকসকলৰ বাবে এক সুৰক্ষিত আৰু উদ্ধাৰৰ স্থান। (২ কৰিন্থীয়া ১২:৩, ৪) যদি আমি মহাক্লেশৰ পৰা ৰক্ষা পাব বিচাৰিছো তেন্তে সেই পৰমদেশত আশ্ৰয় লোৱা উচিত। আধ্যাত্মিক পৰমদেশৰ বাহিৰৰ জগতখনত চয়তানে শাসন কৰিছে। গতিকে সি সদায়ে এনে চেষ্টাত লাগি আছে যে কেনেকৈ আধ্যাত্মিকভাৱে দুৰ্ব্বল হোৱা ব্যক্তিসকলক প্ৰলোভিত কৰি নিজৰ অধীন কৰিব পাৰে। সেইবাবে আমি “পৰ দি” থাকি যিহোৱাৰ দিনৰ বাবে সাজু হোৱা উচিত।—মথি ২৪:৪২, ৪৪. (w03 12/15)

আপোনাৰ মনত আছেনে?

• যীচুৱে নিজৰ উপস্থিতিৰ বিষয়ে কি পৰামৰ্শ দিছিল?

• যীচুৱে নিজৰ উপস্থিতিক কিহৰ সৈতে তুলনা কৰিছে?

• নোহৰ দিন আৰু আমাৰ সময়ৰ মাজত কেনে সাদৃশ্যতা আছে?

• নোহৰ দিন আৰু আমাৰ সময়ৰ মাজত থকা সাদৃশ্যতাই সময়ৰ গুৰুত্বতাৰ বিষয়ে আমাক কেনেকৈ প্ৰভাৱিত কৰা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৪ পৃষ্ঠাৰ ব্লাৰ্ব]

২০০৪ চনৰ বাষিক পাঠ হৈছে: “পৰ দি . . . যুগুত হৈ থাকা।”—মথি ২৪:৪২, ৪৪.

[২১ পৃষ্ঠাৰ ছবি]

নোহে ঈশ্বৰে দিয়া সতৰ্কবাণীৰ প্ৰতি মনোযোগ দি কাৰ্য্য কৰিলে। সেইদৰে আপুনিও কৰেনে?

[২৩, ২৪ পৃষ্ঠাৰ ছবিসমূহ]

“নোহৰ দিন যেনে, মানুহৰ পুত্ৰৰ আগমনো তেনে হব।”