Skip to content

Skip to table of contents

“যিহোৱাত হৰ্ষ কৰা”

“যিহোৱাত হৰ্ষ কৰা”

“যিহোৱাত হৰ্ষ কৰা”

“যিহোৱাত হৰ্ষ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব।”—গীতমালা ৩৭:৪.

১, ২. প্ৰকৃত সুখৰ উৎস কোন আৰু এই সত্যতাৰ বিষয়ে ৰজা দায়ূদে কেনেকৈ আমাৰ ধ্যান আকৰ্ষিত কৰিছে?

 “আত্মাত দৰিদ্ৰবিলাক ধন্য, . . . দয়ালুবিলাক ধন্য, . . . মিলনকাৰীবিলাক ধন্য।” ইয়াৰ সৈতে যীচুৱে একেলগে আন ছটা বিবৃতিক নিজৰ পৰ্ব্বতীয় উপদেশত পাতনি হিচাবে ব্যৱহাৰ কৰিছিল, যাৰ বিষয়ে শুভবাৰ্ত্তাৰ কিতাপত মথিয়ে উপৰত উল্লেখ কৰাৰ দৰে লিপিবদ্ধ কৰিলে। (মথি ৫:৩-১১) যীচুৰ এই বাক্যবোৰৰ দ্বাৰা আশ্বাস পোৱা যায় যে আমিও সুখী হʼব পাৰোঁ।

প্ৰাচীন সময়ৰ ৰজা দায়ূদে নিজৰ গীতটিত উল্লেখ কৰি কৈছিল যে যিহোৱাই হৈছে প্ৰকৃত সুখৰ উৎস। তেওঁ এইদৰে কৈছিল: “যিহোৱাত হৰ্ষ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব।” (গীত ৩৭:৪) কিন্তু কিহে আমাক যিহোৱা আৰু তেওঁৰ ব্যক্তিত্বৰ গুণসমূহৰ বিষয়ে জানি ‘হৰ্ষিত’ হʼবলৈ সহায় কৰিব? অতীতত নিজ উদ্দেশ্যক পূৰ কৰিবলৈ তেওঁ কি কৰিলে আৰু বৰ্তমান কি কৰিছে তাক বিবেচনা কৰাৰ দ্বাৰা কেনেকৈ আমাৰ “মনৰ বাঞ্ছা পূৰ” হʼব? গীত ৩৭ অধ্যায়ৰ ১ ৰ পৰা ১১ পদটোক মনোযোগেৰে বিবেচনা কৰাৰ দ্বাৰা আমি সেই প্ৰশ্নবোৰৰ উত্তৰ পাব পাৰিম।

“অসূয়া নকৰিবা”

৩, ৪. গীত ৩৭:১ পদত ৰজা দায়ূদে কেনে পৰামৰ্শ দিছে আৰু আজি ই আমাৰ বাবে কিয় কাৰ্য্যকাৰী?

আমি ‘শেষ-কালৰ ভয়ঙ্কৰ সময়ত’ আৰু দুষ্টতাৰ পৰিৱেশৰ মাজত বাস কৰিছোঁ। তদুপৰি আমি পাঁচনি পৌলে কোৱা এই কথাষাৰ সত্যৰূপে প্ৰমাণিত হোৱা দেখিবলৈ পাইছোঁ, যʼত এইদৰে কৈছে: “দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মাই আৰু নিজেও ভ্ৰান্ত হৈ, অধিক অধিককৈ মন্দ হৈ যাব।” (২ তীমথিয় ৩:১, ১৩) সেয়েহে দুষ্টতাৰ বৃদ্ধিত আমি সহজে প্ৰভাৱিত নহমনে বাৰু! এই সকলোবোৰে আধ্যাত্মিক মনোযোগ ভঙ্গ কৰি আমাক বিপথে পৰিচালিত কৰিব পাৰে। লক্ষ্য কৰক যে গীত ৩৭ অধ্যায়ৰ আৰম্ভণিতে আমাক এইদৰে সতৰ্কবাণী দিছে: “তুমি দুৰাচাৰীবোৰৰ বিষয়ে বেজাৰ নাপাবা; কুকৰ্ম্মীহঁতলৈ অসূয়া নকৰিবা।”

বিশ্বজুৰি বাতৰি মাধ্যমবোৰে প্ৰত্যেক দিনা আমাৰ চাৰিওফালে ঘটি থকা অন্যায়ৰ সম্পৰ্কে বহুতো বিবৃতি প্ৰকাশ কৰিছে। উদাহৰণস্বৰূপে, প্ৰবঞ্চক ব্যৱসায়ীসকলে ছলেৰে ব্যৱসায় কৰিছে। অপৰাধীবোৰে দুৰ্ব্বল লোকবিলাকৰ ওপৰত অত্যাচাৰ চলাইছে। হত্যাকাৰীবোৰে এতিয়াও কোনো শাস্তি পোৱা নাই। এনে ধৰণৰ বাতৰিবোৰে হয়তো আমাক বিৰক্ত কৰি মানসিক শান্তি ভঙ্গ কৰিছে। দুষ্ট ব্যক্তিবোৰৰ শ্ৰীবৃদ্ধি দেখি আমি হয়তো অসূয়া অৰ্থাৎ অন্তৰ্দাহ অনুভৱ কৰিছোঁ। কিন্তু আমি জানো ক্ষুদ্ধ হৈ পৰিস্থিতিৰ সলনি কৰিব পাৰিম? দুষ্টতাৰ শ্ৰীবৃদ্ধিৰ প্ৰতি অসূয়া হোৱাৰ দ্বাৰা কোনো উত্তম পৰিণাম আনিব পাৰিমনে? অৱশ্যেই নোৱাৰোঁ! গতিকে আমি “বেজাৰ” অনুভৱ কৰাৰ কোনো প্ৰয়োজন নাই। কিয় ইয়াৰ প্ৰয়োজন নাই?

৫. দুষ্টবিলাকক কিয় ঘাঁহৰ সৈতে তুলনা কৰা হৈছে?

গীতমালা ৰচোঁতাজনে এইদৰে উত্তৰ দিছে: “সিহঁত ঘাঁহৰ দৰে অলপতে কটা যাব, কুমলীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব।” (গীত ৩৭:২) সেউজীয়া ঘাঁহ হয়তো দেখাত সুন্দৰ হʼব পাৰে কিন্তু ঘাঁহ কটা তৰোৱালৰ প্ৰহাৰত সোনকালে জঁই পৰি মৰি যায়। ঠিক সেইদৰে দুষ্ট ব্যক্তিসকলৰো তেনে অৱস্থা হʼব। যদিও তেওঁলোকৰ বৃদ্ধি চিৰস্থায়ী নহয় তথাপিও পতনৰ সময়ত তেওঁলোকে অবৈধভাৱে জমা কৰা সা-সম্পত্তিয়ে কোনো প্ৰকাৰে তেওঁলোকক প্ৰতিৰক্ষা দিব নোৱাৰিব। সকলোৱে ন্যায় বিচাৰৰ সম্মুখীন হʼব লাগিব। কিয়নো পাঁচনি পৌলে এইদৰে কৈছিল: “পাপৰ বেচ মৃত্যু।” (ৰোমীয়া ৬:২৩) অৱশেষত দুষ্ট আৰু অধাৰ্ম্মিক ব্যক্তিসকলে নিজৰ “বেচ” পাব। তেওঁলোকৰ এই জীৱনধাৰা বাস্তৱতে এক অনৰ্থকাৰী নহয়নে বাৰু!—গীত ৩৭:৩৫, ৩৬; ৪৯:১৬, ১৭.

৬. গীত ৩৭:১, ২ পদৰ পৰা আমি কি শিকিব পাৰোঁ?

আমি তেনে খন্তেকীয়া বৃদ্ধিত বেজাৰ পোৱা উচিতনে? অৱশ্যে আমি গীত ৩৭ অধ্যায়ৰ প্ৰথম দুটা পদৰ পৰা এইটো শিকিবলৈ পাওঁ: তেওঁলোকৰ এই সফলতাই আপোনাক যিহোৱাৰ সেৱা কৰাৰ পৰা যেন অঁতৰাই নিয়া উচিত নহয়। তাৰ পৰিৱৰ্তে আপুনি আধ্যাত্মিক লক্ষ্য আৰু আশীৰ্ব্বাদসমূহৰ প্ৰতি মনোযোগ দিয়ক।—হিতোপদেশ ২৩:১৭.

“যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম্ম কৰা”

৭. আমি কিয় যিহোৱাত ভাৰসা ৰাখা উচিত?

গীতমালা ৰচোঁতাজনে আমাক এইদৰে উৎসাহিত কৰিছে: “যিহোৱাত ভাৰসা ৰাখা।” (গীত ৩৭:৩ ক) দুচিন্তাগ্ৰস্ত বা সন্দেহ উৎপন্ন হোৱাৰ সময়ত আমি যিহোৱাত সম্পূৰ্ণ ভাৰসা ৰাখা আৱশ্যক। কিয়নো যিহোৱাইহে কেৱল সম্পূৰ্ণকৈ আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰিব পাৰে। এই সন্দৰ্ভত মোচিয়ে এইদৰে কৈছিল: “যি মানুহ সৰ্ব্বোপৰি জনাৰ গুপ্ত স্থানত থাকে, সেই জনে সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে।” (গীত ৯১:১) গতিকে আমি অধাৰ্ম্মিকতাৰ বৃদ্ধি হোৱা দেখি অশান্তি অনুভৱ কৰাৰ সময়ত যিহোৱাত অধিককৈ ভাৰসা ৰাখা আৱশ্যক। যদি আমি ভৰিত কচকা খাই দুখ পাওঁ তেন্তে খোজ কঢ়াৰ সময়ত এজন বন্ধুৰ সহায়ৰ প্ৰয়োজন হয়। ঠিক সেইদৰে বিশ্বাসী হৈ চলি থাকিবলৈ যিহোৱাৰ সহায়ৰ আৱশ্যক।—যিচয়া ৫০:১০.

৮. আমি কেনেকৈ খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত ভাগ লৈ দুষ্টতাৰ বৃদ্ধিত মানসিক অশান্তি অনুভৱ কৰাৰ পৰা আঁতৰি থাকিব পাৰোঁ?

অধিককৈ দুষ্টতা বৃদ্ধি হোৱা দেখি মানসিক অশান্তিৰ পৰা ৰক্ষা পোৱাৰ এটা উপায় হৈছে নম্ৰ ব্যক্তিসকলক অনুসন্ধান কৰি তেওঁলোকক যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে জনোৱাত ব্যস্ত থাকা। তদুপৰি এনে পৰিস্থিতিত আমি আনক সহায় কৰিবলৈ নিজকে সম্পূৰ্ণকৈ ব্যস্ত ৰাখা উচিত। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য নাপাহৰিবা; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।” আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক জনাই মহান “উপকাৰ” কৰিব পাৰোঁ। তদুপৰি আমি ৰাজহুৱাভাৱে কৰা প্ৰচাৰ কাৰ্য্য হৈছে ‘উৎসৰ্গ কৰা ওঁঠৰ ফল।’—ইব্ৰী ১৩:১৫, ১৬; গালাতীয়া ৬:১০.

৯. ৰজা দায়ূদে “দেশত বাস কৰা” সম্পৰ্কে দিয়া উৎসাহযুক্ত বাক্যৰ বিষয়ে বৰ্ণনা কৰক।

আগলৈ ৰজা দায়ূদে এইদৰে কৈছে: “দেশত বাস কৰা, আৰু বিশ্বস্ততাৰূপ পথাৰত চৰা।” (গীত ৩৭:৩ খ) ইস্ৰায়েলসকলক বসতি কৰিবলৈ দিয়া প্ৰতিজ্ঞাত দেশখনেই আছিল দায়ূদৰ সময়ত থকা “দেশ।” কিন্তু ৰজা চলোমনৰ ৰাজত্ব কালত ইয়াৰ পৰিসীমা দানৰে পৰা বেৰ-চেবাৰ দক্ষিণলৈকে বিস্তাৰিত হৈছিল। এই ঠাইখনেই আছিল ইস্ৰায়েলসকলৰ বসতিস্থান। (১ ৰাজাৱলি ৪:২৫) আজি আমি বাস কৰা পৃথিৱীখন পৰমদেশলৈ পৰিণত হʼব আৰু তাত ধাৰ্ম্মিকতা বাস কৰিব বুলি আশাৰে বাট চাই আছোঁ। কিন্তু বৰ্তমান সময়ত আমি ইতিমধ্যেই আধ্যাত্মিক নিৰাপত্তাত বাস কৰিছোঁ।—যিচয়া ৬৫:১৩, ১৪.

১০. যেতিয়া আমি “বিশ্বস্ততাৰে” কাৰ্য্য কৰোঁ তেতিয়া কেনে পৰিণাম লাভ কৰোঁ?

১০ আমি ‘বিশ্বস্ততাৰূপে’ বাস কৰাৰ কেনে ফল লাভ কৰিব পাৰোঁ? এই সম্পৰ্কে এক অনুপ্ৰেৰিত প্ৰবাদত এইদৰে কোৱা হৈছে: “বিশ্বাসী লোকে অনেক আশীৰ্ব্বাদ পায়।” (হিতোপদেশ ২৮:২০) আমি যʼতে নাথাকো কিয়, যদি বিশ্বাসী হৈ প্ৰচাৰ কাৰ্য্য কৰি থাকোঁ তেন্তে নিশ্চয়ে আশীৰ্ব্বাদ পাম। উদাহৰণস্বৰূপে, ফ্ৰেঙ্ক আৰু ৰজ্‌ নামৰ এহাল দম্পতীক ৪০ বছৰৰ পূৰ্ব্বেই উত্তৰ স্কটলেণ্ডৰ এখন চহৰত মিচনাৰী সেৱা কৰিবলৈ নিযুক্তি কৰা হৈছিল। তেওঁলোকে তালৈ অহাৰ পূৰ্বেই সত্যৰ প্ৰতি আগ্ৰহী হোৱা কিছুমানে সত্যতাৰ পথৰ পৰা আঁতৰি গৈছিল। তথাপিও এই অগ্ৰগামী দম্পতীহালে নিৰুৎসাহিত হোৱাৰ পৰিৱৰ্তে প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্য কৰিবলৈ আৰম্ভ কৰিলে। আজি সেই চহৰখনত শ্ৰীবৃদ্ধি ঘটা এখন মণ্ডলী আছে। বাস্তৱতে এই দম্পতীহালে দেখুৱা বিশ্বস্ততাই যিহোৱাৰ আশীৰ্ব্বাদ কঢ়িয়াই আনিলে। ফ্ৰেঙ্কে নম্ৰতাৰে এইদৰে বৰ্ণনা কৰি কয়: “আজিও সত্যত থকা আৰু যিহোৱাৰ কাম কৰিবলৈ পোৱাটো হৈছে আমাৰ বাবে এক সকলোতকৈ মহান আশীৰ্ব্বাদ।” যেতিয়া আমি “বিশ্বস্ততাৰে” কাৰ্য্য কৰোঁ তেতিয়া অনেক আশীৰ্ব্বাদ লাভ কৰোঁ।

“যিহোৱাত হৰ্ষ কৰা”

১১, ১২. (ক) আমি কেনেকৈ “যিহোৱাত হৰ্ষ” কৰিব পাৰোঁ? (খ) ব্যক্তিগত অধ্যয়ন আৰু ইয়াৰ পৰা পাবলগীয়া লাভসমূহৰ সম্পৰ্কে আমি কেনে লক্ষ্য ৰাখিব পাৰোঁ?

১১ যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধ আৰু ভাৰসাক দৃঢ় কৰিবলৈ হʼলে আমি “যিহোৱাত হৰ্ষ কৰা” উচিত। (গীত ৩৭:৪ক) আমি কেনেকৈ তেনে কৰিব পাৰোঁ? নিজৰ ব্যক্তিগত চিন্তাধাৰাক লৈ ব্যস্ত থকাৰ পৰিৱৰ্তে আমি যিহোৱাৰ বিষয়ে সৰ্ব্বপ্ৰথমে বিবেচনা কৰা উচিত। যিটো নেকি ইমান সহজ বিষয় নহয়। ইয়াক কৰাৰ এটা পদ্ধতি হৈছে তেওঁৰ বাক্য অধ্যয়ন কৰিবলৈ সময় উলিওৱা। (গীত ১:১, ২) আপুনি বাইবেলখন পঢ়ি হৰ্ষিত হয়নে? যদি আপুনি যিহোৱাৰ বিষয়ে অধিক জনাৰ ইচ্ছাৰে বাইবেল অধ্যয়ন কৰে তেন্তে নিশ্চয়ে হৰ্ষিত অনুভৱ কৰিব পাৰিব। বাইবেলৰ এটা অধ্যায় পাঠ কৰাৰ পিছত নিজকে এইদৰে নুসোধে কিয়: ‘এই কথাফাঁকিৰ পৰা মই যিহোৱাৰ বিষয়ে কি শিকিব পাৰিলোঁ?’ আপুনি হয়তো পাঠ কৰাৰ সময়ত এখন নোটবুক বা সহজে বিচাৰি পাব পৰা কিছুমান কাগজ ৰাখিব পাৰে। যেতিয়াই আপুনি পঢ়া বাক্যফাঁকিৰ অৰ্থ জানিবলৈ ক্ষন্তেক ৰখিব তেতিয়া সেই বিষয়ে টোকি ৰাখিব পাৰে, যাতে ই আপোনাক যিহোৱাৰ উল্লেখনীয় গুণবোৰৰ বিষয়ে সোঁৱৰাই দিয়ে। ৰজা দায়ূদে আন এটা গীতত এইদৰে প্ৰকাশ কৰিছিল: “হে মোৰ দুৰ্গ, মোৰ মুক্তিকৰ্ত্তা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওক।” (গীত ১৯:১৪) এইদৰে ঈশ্বৰৰ বাক্যক ধ্যান কৰাৰ দ্বাৰা যিহোৱাৰ “গ্ৰাহ্য” আৰু আমি আনন্দিত হʼম।

১২ আমি কেনেকৈ অধ্যয়ন আৰু ধ্যান কৰাৰ দ্বাৰা আনন্দিত হʼব পাৰোঁ? আমি যিহোৱা আৰু তেওঁৰ পথবোৰৰ বিষয়ে অধিককৈ শিকিবলৈ লক্ষ্য ৰাখা উচিত। উদাহৰণস্বৰূপে, সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল আৰু ঈশ্বৰৰ কাষ চাপা * নামৰ কিতাপ কেইখনত বহুতো সংবাদ দিয়া আছে যাৰ দ্বাৰা আমি মূল্যাঙ্কন বৃদ্ধি কৰিব পাৰোঁ। আনকি ৰজা দায়ূদেও আশ্বাস দি এইদৰে কৈছে যে যিহোৱাই “তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব।” (গীত ৩৭:৪খ) এইটো এটা এনেধৰণৰ আশ্বাস আছিল যিয়ে পাঁচনি যোহনক এইদৰে লিখিবলৈ প্ৰেৰিত কৰিলে: “তেওঁৰ উদ্দেশে আমি পোৱা সাহ এই যে, আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচ্‌না কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচ্‌না শুনে। আৰু আমি যি কোনো যাচ্‌না কৰোঁ, আমাৰ সেই যাচ্‌না তেওঁ শুনে, ইয়াকে যদি জানো, তেন্তে তেওঁত যি যি যাচ্‌না কৰিলোঁ, সেই সকলোকে পালোঁ বুলি আমি জানো।”—১ যোহন ৫:১৪, ১৫.

১৩. এই চলিত বছৰবোৰত বহুতো ঠাইত প্ৰচাৰ কাৰ্য্য সম্পৰ্কে কেনে বৃদ্ধি দেখিবলৈ পোৱা গৈছে?

১৩ অখণ্ডতা বজাই ৰাখোঁতা হিচাবে আমি আন্তৰিকতাৰে যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ দোষ নিবাৰণ হোৱাটো বিচাৰোঁ। (হিতোপদেশ ২৭:১১) আমাৰ ভাইসকলে অগণতান্ত্ৰিক বা একনায়কত্ববাদৰ অধীনত থকা দেশবোৰত উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ বিষয়ে শুনি আমি প্ৰফুল্লিত নহওঁনে? এই ৰীতি-ব্যৱস্থাৰ ধ্বংসৰ পূৰ্ব্বেই শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সম্পৰ্কে আৰু কেনে ধৰণৰ পথ মুকলি হʼব পাৰে তাৰ বাবে আমি আগ্ৰহেৰে বাট চাই আছোঁ। পশ্চিমীয়া দেশবোৰত বহুতো যিহোৱাৰ সাক্ষী ভাই-ভনীয়ে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, শৰণাৰ্থী আৰু তাত অস্থায়ীভাৱে বাস কৰা লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰি উপাসনা কৰিবলৈ থকা স্বাধীনতাত আনন্দিত হৈছে। আমাৰ আন্তৰিক ইচ্ছা এই যে যেতিয়া সেই ব্যক্তিসকলে নিজ নিজ ঘৰলৈ উভটি যাব তেতিয়া তেওঁলোকে লাভ কৰা সত্যতাৰ জ্যোতি যেন প্ৰচাৰ কাৰ্য্যক প্ৰতিবন্ধ কৰা দেশত থকা নিজ পৰিয়ালৰ সদস্যসকলৰ আগত প্ৰকাশ কৰে।—মথি ৫:১৪-১৬.

“তোমাৰ পথ যিহোৱাত সমৰ্পন কৰা”

১৪. কেনে প্ৰমাণসমূহে দেখুৱাইছে যে আমি যিহোৱাত ভাৰসা ৰাখিব পাৰোঁ?

১৪ আমাৰ চিন্তাধাৰা আৰু দায়িত্বৰ গধুৰ বোজাক আঁতৰ কৰা হʼব বুলি জনাটো কিযে এক উপশমৰ বিষয়! কেনেকৈ উপশমৰ বিষয়? এই বিষয়ে ৰজা দায়ূদে এইদৰে কৈছিল: “তোমাৰ পথ যিহোৱাত সমৰ্পন কৰা, আৰু তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই কাৰ্য্য সিদ্ধ কৰিব।” (গীত ৩৭:৫) আমাৰ মণ্ডলীবোৰত আমি এনে বহুতো প্ৰমাণ দেখিবলৈ পাইছোঁ যে যিহোৱা হৈছে বাস্তৱতে আমাৰ সহায়কৰ্ত্তা। (গীত ৫৫:২২) যিসকলে পূৰ্ণ-সময়ৰ সেৱা অৰ্থাৎ অগ্ৰগামী, পৰিব্ৰাজক অধ্যক্ষ, মিচনাৰী বা বেথেলত সেৱা কৰিছে, তেওঁলোকে যিহোৱাত ভাৰসা ৰাখাৰ উপযুক্ত প্ৰমাণ দেখিবলৈ পাইছে। আপুনি চিনি পোৱা কোনো এজন পূৰ্ণ-সময়ৰ সেৱা কৰা ভাই বা ভনীক যিহোৱাই কেনেকৈ তেওঁক সহায় কৰিছে এই বুলি নোসোধে কিয়? নিঃসন্দেহ, আপুনি তেওঁলোকৰ পৰা এনে বহুতো অনুভৱ শুনিবলৈ পাব যি দেখুৱাইছে যে কেনেকৈ যিহোৱাই ক্লেশতো তেওঁলোকৰ লগ এৰি দিয়া নাছিল। তেওঁ সদায়েই দৈনন্দিন জীৱনৰ আৱশ্যকতাসমূহৰ যোগান ধৰে।—গীত ৩৭:২৫; মথি ৬:২৫-৩৪.

১৫. ঈশ্বৰৰ লোকসকলৰ ধাৰ্ম্মিকতা কেনেকৈ প্ৰকাশ পাইছে?

১৫ যেতিয়া আমি যিহোৱাত সম্পূৰ্ণ ভাৰসা ৰাখিম তেতিয়া গীতমালা ৰচোঁতাজনে কোৱাৰ দৰে অনুভৱ কৰিব পাৰিম, যʼত তেওঁ এইদৰে কৈছে: “তেওঁ তোমাৰ ধাৰ্ম্মিকতা দীপ্তিৰ দৰে প্ৰকাশ কৰিব, আৰু দুপৰীয়াৰ নিচিনাকৈ তোমাৰ ন্যায় বিচাৰ প্ৰকাশ কৰিব।” (গীত ৩৭:৬) যিহোৱাৰ সাক্ষী হোৱাৰ নিমিত্তে আমাৰ বিষয়ে লোকসকলে প্ৰায়ে ভুল বুজে। কিন্তু যিহোৱাই নম্ৰ ব্যক্তিসকলক এইটো বুজিবলৈ সহায় কৰে যে তেওঁৰ সেৱকসকল অৰ্থাৎ আমাক তেওঁৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লʼবলৈ প্ৰেৰিত কৰে। যদিও আমাক লোকসকলে ভুল বুজে তথাপিও তেওঁলোকৰ আগত আমাৰ আচাৰ-ব্যৱহাৰ উত্তমৰূপে প্ৰকাশ পোৱা উচিত। যিহোৱাই আমাক সকলো ধৰণৰ বিৰোধিতা আৰু তাড়নাত সফলতাৰে সম্মুখীন হʼবলৈ সহায় কৰে। ইয়াৰ ফলস্বৰূপে, ঈশ্বৰৰ ধাৰ্ম্মিক লোকসকলে দুপৰীয়াৰ সূৰ্য্যৰ পোহৰৰ নিচিনাকৈ দ্বীপ্তিময়ৰূপে প্ৰকাশ পাইছে।—১ পিতৰ ২:১২.

“শান্তভাৱে থাকি . . . অপেক্ষা কৰা”

১৬, ১৭. গীত ৩৭:৭ পদৰ অনুসাৰে এতিয়া কি কৰাৰ সময় আৰু কিয়?

১৬ আগলৈ গীতমালা ৰচোঁতাজনে এইদৰে কৈছে: “যিহোৱাৰ আগত শান্তভাৱে থাকি তেওঁলৈ অপেক্ষা কৰা; যি মানুহ নিজ পথত কৃতকাৰ্য্য হয়, তাৰ বিষয়ে বেজাৰ নাপাবা; যেয়ে নিজ কুকল্পনা সিদ্ধ কৰে, তালৈ তুমি অসন্তুষ্ট নহবা।” (গীত ৩৭:৭) ইয়াত ৰজা দায়ূদে জোৰ দি উল্লেখ কৰিছে যে আমি যিহোৱাই কৰা কাৰ্য্যলৈ ধৈৰ্য্যৰে অপেক্ষা কৰা উচিত। যিহেতু এই জগতৰ শেষ হোৱা সময় এতিয়াও অহা নাই, সেয়েহে আপত্তি জনোৱাৰ কোনো কাৰণ নাই। আমি এইটো লক্ষ্য কৰা নাইনে যে যিহোৱাৰ ধৈৰ্য্যশক্তি আৰু দয়া সকলোতকৈ মহান? আমিও প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকি তেওঁৰ দৰে ধৈৰ্য্য ধৰাৰ প্ৰমাণ দিব পাৰিমনে? (মাৰ্ক ১৩:১০) গতিকে এইয়ে হৈছে সেই সময় যʼত আমি বিবেচনাহীন হৈ আমাৰ আধ্যাত্মিকতাৰ নিৰাপত্তাত ক্ষতি সাধন কৰা এনে কোনো কাৰ্য্য যেন নকৰোঁ। আঁহক আমি এতিয়াই চয়তানৰ পৰা অহা সকলো প্ৰভাৱৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় হওঁহঁক। তদুপৰি নৈতিক শুদ্ধতা আৰু ধাৰ্ম্মিকতাৰে যিহোৱাৰ আগত থিৰে থাকোঁহঁক। সেয়েহে আঁহক আমি সকলো প্ৰকাৰৰ অনৈতিক বিচাৰধাৰাৰ পৰা আঁতৰি থাকি বিপৰীত লিঙ্গ বা একেই লিঙ্গৰ ব্যক্তিসকলৰ সৈতে যেন অনাদৰে আচৰণ নকৰোঁহঁক।—কলচীয়া ৩:৫.

১৭ ৰজা দায়ূদে পৰামৰ্শ দি এইদৰে কৈছে: “ক্ৰোধ এৰা, কোপ ত্যাগ কৰা; বেজাৰ নকৰিবা, কেৱল হানিহে হয়। কিয়নো দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰোতাবিলাক হলে, পৃথিবীৰ অধিকাৰী হব।” (গীত ৩৭:৮, ৯) দৰাচলতে আমি এনে এক সময়ৰ বাবে দৃঢ় নিশ্চয়তাৰে অপেক্ষা কৰিব পাৰোঁ যেতিয়া যিহোৱাই এই পৃথিৱীৰ পৰা সকলো প্ৰকাৰৰ দুষ্টতা আৰু ভ্ৰষ্টাচাৰীক দূৰ কৰিব।

“অলপতে দুষ্ট লোক নাইকিয়া হʼব”

১৮, ১৯. গীত ৩৭:১০ পদৰ দ্বাৰা আমি কেনেধৰণে অনুপ্ৰেৰণা পাওঁ?

১৮ “কাৰণ অলপতে দুষ্ট লোক নাইকিয়া হব; তুমি তাৰ ঠাইত যত্নেৰে বিচাৰিলেও তাক নাপাবা।” (গীত ৩৭:১০) আমি এই ৰীতি-ব্যৱস্থা আৰু যিহোৱাৰ পৰা আঁতৰি নিজ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰাসকলৰ ধ্বংস একেবাৰে কাষ চাপি আহিল বুলি কোৱা বাক্যশাৰী আমাৰ বাবে উৎসাহজনক নহয়নে বাৰু! সকলো প্ৰকাৰৰ মানৱ চৰকাৰ আৰু অধিকাৰীসকলে বেয়াকৈ পতিত হৈছে। এতিয়া আমি প্ৰকৃত ঈশ্বৰশাসিত যিহোৱাৰ ৰাজ্য শাসনৰ কাষ চাপিছোঁ যিখন ৰাজ্যত যীচুৰ দ্বাৰা শাসন কৰা হʼব। এই ৰাজ্যই মানৱৰ সকলোবোৰ ৰাজ্যক সংহাৰ কৰি বিৰুধীবিলাকক চিৰকালৰ বাবে আঁতৰ কৰিব—দানিয়েল ২:৪৪.

১৯ ঈশ্বৰৰ ৰাজ্যৰ অধীনত স্থাপিত হোৱা পৰমদেশত আপুনি এজনো “দুষ্ট লোক” বিচাৰি নাপাব। আনকি তাত বিৰোধ কৰাসকলক শীঘ্ৰেই ধ্বংস কৰা হʼব। ঈশ্বৰৰ আধিপত্যৰ বিৰোধ কৰা বা তেওঁ ৰাজ্যৰ অধীন নোহোৱা কোনো এজনো নাথাকিব। আপোনাৰ চাৰিওফালে থকা লোকসকল নম্ৰ মনৰ হʼব আৰু যিহোৱাৰ মন আনন্দিত কৰিব। সেইখন কিযে এক সুৰক্ষিত পৰিৱেশ হʼব যʼত ঘৰত তলা লগোৱা বা লৌহ নিৰ্মিত বেৰৰ কোনো আৱশ্যক নহʼব আৰু কেৱল শান্তি আৰু সুৰক্ষা বিৰাজ কৰিব!—যিচয়া ৬৫:২০; মীখা ৪:৪; ২ পিতৰ ৩:১৩.

২০, ২১. (ক) গীত ৩৭:১১ পদত উল্লেখ কৰা “নম্ৰবিলাক” কোন আৰু তেওঁলোকে কেনেকৈ “প্ৰচুৰ শান্তি” বিচাৰি পাইছে? (খ) যদি আমি মহান দায়ূদ যীচুক অনুকৰণ কৰোঁ তেন্তে কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিম?

২০ তাৰ পিছত, “নম্ৰবিলাক পৃথিৱীৰ অধিকাৰী হʼব।” (গীত ৩৭:১১ক) এই “নম্ৰবিলাক” কোন? ইয়াত উল্লেখ কৰা “নম্ৰ” শব্দটোৰ মূল অৰ্থ হৈছে “দুখ ভোগা, বিনম্ৰ আৰু অপমানিত হোৱা।” যিসকলে অন্যায়ৰ বাবে দুখ ভোগিছে আৰু উদ্ধাৰৰ কাৰণে বিনম্ৰ হৈ যিহোৱালৈ আপেক্ষা কৰিছে তেওঁলোকক “নম্ৰবিলাক” বুলি কোৱা হৈছে। তেওঁলোক “প্ৰচুৰ শান্তিত হৰ্ষিত হʼব।” (গীত ৩৭:১১খ) আনকি বৰ্তমান সময়ত আমি খ্ৰীষ্টান মণ্ডলীৰ সৈতে সঙ্গতি কৰি আধ্যাত্মিক পৰমদেশত প্ৰচুৰ শান্তি লাভ কৰিব পাৰোঁ।

২১ যদিও আমি সম্পূৰ্ণকৈ তাড়নাৰ পৰা ৰেহাই পোৱা নাই তথাপিও পৰস্পৰে ইজনে সিজনক সহায় কৰোঁ আৰু দুৰ্ব্বলসকলক শান্ত্বনা দিওঁ। এনে কৰাৰ ফলস্বৰূপে, যিহোৱাৰ সাক্ষীসকলৰ মাজত প্ৰকৃত সুখ দেখিবলৈ পোৱা যায়। ৰখীয়া হিচাবে নিযুক্ত কৰা ভাইসকলে আমাৰ আধ্যাত্মিক আৰু ভৌতিক আৱশ্যকতাসমূহৰ প্ৰতি ধ্যান দিয়ে যি আমাক ধৈৰ্য্যৰে ধাৰ্ম্মিকতাৰ সপক্ষে দুখ ভুগীবলৈ সহায় কৰে। (১ থিচলনীকীয়া ২:৭, ১১; ১ পিতৰ ৫:২, ৩) এনে শান্তি কিযে এক বহুমূলীয়া অধিকাৰ! তদুপৰি আমাৰ ওচৰত পৰমদেশত অনন্তকাল জীয়াই থকাৰ আশা আছে। গতিকে আঁহক আমি মহান দায়ূদ যীচু খ্ৰীষ্টক অনুকৰণ কৰোঁহঁক, যিজনক যিহোৱাৰ প্ৰতি থকা উৎসাহে মৃত্যু পৰ্য্যন্তলৈকে বিশ্বাসী হৈ থাকিবলৈ প্ৰেৰিত কৰিলে। (১ পিতৰ ২:২১) এনে কৰাৰ দ্বাৰা আমি সদায়ে সুখী হʼম আৰু হৰ্ষিত হোৱা জনা অৰ্থাৎ যিহোৱাক স্তুতি কৰিব পাৰিম। (w03 12/01)

[ফুটনোট]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপুনি কেনেকৈ উত্তৰ দিব?

গীত ৩৭:১, ২ পদৰ পৰা আপুনি কি শিকিলে?

• আপুনি কেনেকৈ “যিহোৱাত হৰ্ষ” হʼব পাৰে?

• কেনেধৰণৰ প্ৰমাণে দেখুৱাইছে যে আমি যিহোৱাত বাস্তৱতে ভাৰসা কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টানসকলে ‘অধাৰ্ম্মিক সকলৰ কাৰ্য্যত অসূয়া নকৰে’

[১০ পৃষ্ঠাৰ ছবি]

“যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম্ম কৰা”

[১১ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ বিষয়ে যিমান পাৰে শিকি তেওঁত আনন্দিত হওক

[১২ পৃষ্ঠাৰ ছবি]

‘নম্ৰবিলাক পৃথিৱীৰ অধিকাৰী হʼব’