Skip to content

Skip to table of contents

যিহোৱাৰ দিনৰ বাবে নিজকে যুগুত কৰক

যিহোৱাৰ দিনৰ বাবে নিজকে যুগুত কৰক

যিহোৱাৰ দিনৰ বাবে নিজকে যুগুত কৰক

“তোমালোকো যুগুত হৈ থাকা কিয়নো যি সময়ত তোমালোকে নাভাবা, সেই সময়তে মানুহৰ পুত্ৰ আহিব।”—মথি ২৪:৪৪.

১. আমি কিয় যিহোৱাৰ দিনৰ প্ৰতি মনোযোগেৰে বিবেচনা কৰা উচিত?

 সেই দিনা যুদ্ধ, প্ৰচণ্ড ক্ৰোধ, জীয়াতু ভোগা, অন্ধকাৰ আৰু উচ্ছন্নৰ দিন হʼব। নোহৰ দিনত জল-প্লাৱনে সকলোকে উটোৱাই নিয়াৰ দৰে “সেই মহৎ আৰু ভয়ানক” দিনে এই জগতৰ দুষ্ট ৰীতি-ব্যৱস্থাক উটোৱাই নিব। সেই দিন অৱশ্যেই আহিব। কিন্তু “যিয়ে যিহোৱাৰ নাম লব, তেওঁ উদ্ধাৰ পাব।” (যোৱেল ২:৩০-৩২; আমোচ ৫:১৮-২০) ঈশ্বৰে শত্ৰুবিলাকক সংহাৰ কৰি তেওঁৰ লোকসকলক উদ্ধাৰ কৰিব। সেইবাবে ভৱিষ্যতবক্তা চফনিয়াই সময়ৰ গুৰুত্বতা দৰ্শাই এইদৰে কৈছিল: “যিহোৱাৰ মহাদিন ওচৰ, সেয়ে ওচৰ, অতি বেগেৰে আহিছে।” (চফনিয়া ১:১৪) সেই মহাদিন অৰ্থাৎ ঈশ্বৰীয় ন্যায়-বিচাৰ কেতিয়া সম্পন্ন হʼব?

২, ৩. আমি কিয় নিজকে যিহোৱাৰ দিনৰ বাবে সাজু কৰা উচিত?

যীচুৱে এইদৰে কৈছিল: “অকল পিতৃৰ বাহিৰে, স্বৰ্গৰ দূতবিলাক, বা পুত্ৰ, বা কোনেও সেই দিন আৰু সময় নাজানে।” (মথি ২৪:৩৬) যদিও আমি ইয়াৰ সঠিক সময়ৰ বিষয়ে নাজানো তথাপিও ২০০৪ চনৰ বাৰ্ষিক পাঠটো মনত ৰাখা অতি আৱশ্যক, যʼত কৈছে: ‘পৰ দি যুগুত হৈ থাকা।’—মথি ২৪:৪২, ৪৪.

যুগুত হৈ থকাসকলক গ্ৰহণ আৰু নথকাবিলাকক ত্যাগ কৰাটো কিমান তৎক্ষণাত হʼব সেই বিষয়ে যীচুৱে এইদৰে কৈছিল: “দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হব, এজনক ত্যাগ কৰা হব। দুজনী তিৰোতাই জাঁতেৰে ডলি থাকোঁতে, এজনীক গ্ৰহণ কৰা হব, এজনীক ত্যাগ কৰা হব।” (মথি ২৪:৪০, ৪১) তেনে এক গুৰুত্বপূৰ্ণ সময়ত আমাৰ ব্যক্তিগত অৱস্থা কি হʼব? আমি যুগুতে থাকিমনে বা আমাৰ বাবে সেই দিনটো আকস্মিকভাৱে আহি পৰিব? এই সকলোবোৰ বৰ্তমানে আমি লোৱা পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰে। যিহোৱাৰ দিনৰ বাবে যুগুত অৰ্থাৎ সাজু হৈ থাকিবলৈ হʼলে বৰ্তমানে প্ৰবলভাৱে প্ৰভুত্ব কৰা মনোবৃত্তিৰ পৰা আঁতৰি থকা উচিত, যাতে আমি আধ্যাত্মিকভাৱে এলেহুৱা নহওঁ আৰু জগতৰ জীৱন-প্ৰণালীক গ্ৰহণ নকৰোঁ।

আত্মসন্তুষ্ট মনোবৃত্তিৰ পৰা আঁতৰি থাকা

৪. নোহৰ দিনত লোকসকলে কেনে মনোবৃত্তি ৰাখিছিল?

নোহৰ দিনৰ বিষয়ে বিবেচনা কৰক। এই বিষয়ে বাইবেলত এইদৰে কৈছে: “বিশ্বাসৰ গুণে নোহে, ভাবী বিষয়ত আদেশ পাই ভয়তে, নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে।” (ইব্ৰী ১১:৭) সেই জাহাজখন দেখাত অদ্ভুত আৰু উল্লেখনীয় আছিল। তদুপৰি নোহ এজন “ধৰ্ম্মপ্ৰচাৰকো” আছিল। (২ পিতৰ ২:৫) তথাপিও নোহৰ জাহাজ নিৰ্ম্মাণ আৰু প্ৰচাৰ কাৰ্য্যই লোকসকলৰ মন পৰিৱৰ্তন কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে? কিয়নো তেওঁলোকে “ভোজন-পান কৰি, বিয়া কৰি, বিয়া দি” ব্যস্ত আছিল। যিসকলক নোহে প্ৰচাৰ কৰিছিল তেওঁলোকে ব্যক্তিগত কাৰ্য্য আৰু ৰং-ধেমালীত ইমানেই আপোন-পাহৰা হৈ আছিল যে “জল-প্লাবন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে।”—মথি ২৪:৩৮, ৩৯.

৫. লোটৰ দিনত বাস কৰা লোকসকলৰ মনোবৃত্তি কেনেকুৱা আছিল?

আনকি লোটৰ দিনতো তেনে পৰিস্থিতি দেখিবলৈ পোৱা গৈছিল। এই সন্দৰ্ভত শাস্ত্ৰীয় পদত এইদৰে কৈছে: “লোকে ভোজন-পান কৰিছিল, কিনা-বেচা কৰিছিল, ৰুইছিল, আৰু ঘৰ সাজি আছিল; কিন্তু যি দিনা চদোমৰ পৰা লোট ওলাই গল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষি সকলোকে বিনষ্ট কৰিলে।” (লূক ১৭:২৮, ২৯) যেতিয়া তেওঁ স্বৰ্গদূতবিলাকৰ পৰা আহিবলগা ধ্বংসৰ বিষয়ে শুনিছিল তেতিয়া নিজৰ জোঁৱায়েকবিলাকক তাৰ বিষয়ে সতৰ্ক কৰিলে। কিন্তু তেওঁলোকে “তেওঁক ধেমালি কৰা যেন বুজিলে।”—আদিপুস্তক ১৯:১৪.

৬. আমি কেনে মনোবৃত্তিৰ পৰা আঁতৰি থকা উচিত?

যীচুৱে কৈছিল যে যিদৰে নোহ আৰু লোটৰ দিনত হৈছিল “সেইদৰে মানুহৰ পুত্ৰৰ আগমন হব।” (মথি ২৪:৩৯; লূক ১৭:৩০) বৰ্তমান সময়তো লোকসকলৰ মাজত তেনে আত্মসন্তুষ্টি মনোবৃত্তি ব্যাপকভাৱে দেখিবলৈ পোৱা গৈছে। গতিকে আমি তেনে মনোবৃত্তিত প্ৰভাৱিত হোৱাৰ পৰা আঁতৰি থকা উচিত। যিহেতু পৰিমিতৰূপে ভোজন-পান কৰি আনন্দিত হোৱাটো কোনো অনুচিত বিষয় নহয়। ঠিক তেনেদৰে ঈশ্বৰৰ ব্যৱস্থাৰ অধীনত বিয়া কৰা বা দিয়াটো অনুচিত নহয়। যদি সেইবোৰক জীৱনত প্ৰথম স্থান দি আধ্যাত্মিক বিষয়বোৰক আওকাণ কৰোঁ, তেন্তে আমি ব্যক্তিগতভাৱে যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিনৰ বাবে যুগুত অৰ্থাৎ সাজু আছোঁ বুলি কʼব পাৰিমনে?

৭. কোনো নিৰ্ণয় বা বৃত্তি গ্ৰহণ কৰাৰ আগেয়ে আমি কেনে গুৰুত্বপূৰ্ণ প্ৰশ্নটো বিবেচনা কৰা উচিত?

পাঁচনি পৌলে এইদৰে কৈছিল: “সেই কাল চুটি কৰা হৈছে; এতিয়াৰ পৰা ভাৰ্য্যা থকাবিলাক ভাৰ্য্যা নথকাৰ নিচিনা . . . হওক।” (১ কৰিন্থীয়া ৭:২৯-৩১) আমাৰ বাবে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিবলৈ অলপহে সময় বাকী থাকিল। (মথি ২৪:১৪) পাঁচনি পৌলে বিবাহিত ব্যক্তিসকলক পৰামৰ্শ দি কৈছিল যে তেওঁলোক যেন পৰস্পৰ মাজত ব্যস্ত থাকি ঈশ্বৰৰ ৰাজ্যৰ হিতজনক কাৰ্য্যক তোওঁলোকৰ জীৱনত দ্বিতীয় স্থান নিদিয়ে। ইয়াত পাঁচনি পৌলে উল্লেখ কৰা মানসিক প্ৰবণতা আছিল আত্মসন্তুষ্টিৰ বিপৰীত। যীচুৱে এইদৰে কৈছিল: “তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।” (মথি ৬:৩৩) গতিকে কোনো নিৰ্ণয় লোৱা বা বৃত্তি গ্ৰহণ কৰাৰ আগেয়ে এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোক বিবেচনা কৰক, ‘ই মোৰ জীৱনৰ প্ৰথম স্থানত থকা ঈশ্বৰৰ ৰাজ্যৰ হিতজনক কাৰ্য্যত কেনে প্ৰভাৱ পেলাব পাৰে?’

৮. যদি দৈনন্দিন চিন্তাধাৰাই আমাৰ জীৱনত প্ৰথম স্থান লৈছে তেন্তে কি কৰা উচিত?

যদি আমি জানিব পাৰিছোঁ যে আমাৰ জীৱনটো দৈনন্দিন কাৰ্য্যত ইমানেই ব্যস্ত হৈ পৰিছে আৰু আধ্যাত্মিক বিষয়বোৰ বাদ পৰি গৈছে তেন্তে কি কৰিব পৰা যায়? আমাৰ জীৱন-প্ৰণালী, শাস্ত্ৰৰ যথাৰ্থ জ্ঞানৰ বিষয়ে একো নজনা আৰু ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক নোহোৱা এনে এজন চুবুৰীয়াৰ সৈতে মিল খাইছেনে? যদি তেনে হৈছে তেন্তে আমি ইয়াৰ বাবে প্ৰাৰ্থনা কৰা উচিত। যিহোৱাই আমাক উচিত মনোবৃত্তি ৰাখিবলৈ সহায় কৰিব। (ৰোমীয়া ১৫:৫; ফিলিপীয়া ৩:১৫) তেওঁ আমাক তেওঁৰ ৰাজ্যৰ হিতজনক কাৰ্য্যক প্ৰথম স্থান দি উত্তম কাৰ্য্য আৰু তেওঁৰ প্ৰতি থকা কৰ্তব্যক পালন কৰাত সহায় কৰিব।—ৰোমীয়া ১২:২; ২ কৰিন্থীয়া ১৩:৭.

আধ্যাত্মিকভাৱে নিদ্ৰাশিথল হৈ পৰা অৱস্থাক প্ৰতিৰোধ কৰক

৯. প্ৰকাশিত বাক্য ১৬:১৪-১৬ পদৰ অনুসাৰে আধ্যাত্মিকভাৱে নিদ্ৰাশিথল হৈ পৰা অৱস্থাক কিয় প্ৰতিৰোধ কৰা উচিত?

হৰমাগিদোনত হʼবলগা “ঈশ্বৰৰ সেই মহৎ আৰু ভয়ানক দিন” বুলি কোৱা একেই ভৱিষ্যতবাণীত ইয়াকো উল্লেখ কৰিছে যে কিছুমানে পৰ দি থাকিব নোৱাৰিব। যীচুৱে এইদৰে কৈছিল: “চোৱা, মই চোৰৰ নিচিনাকৈ আহিছোঁ। যি জনে জাগি থাকে, আৰু যাতে তেওঁ উলঙ্গ হৈ নুফুৰে, আৰু তেওঁৰ লাজ দেখা নাপায়, তাৰ কাৰণে নিজ বস্ত্ৰ ৰাখে, তেওঁ ধন্য।” (প্ৰকাশিত বাক্য ১৬:১৪-১৬) ইয়াত উল্লেখ কৰা বস্ত্ৰ সেই চিনসমূহক বুজাইছে যিয়ে আমাক যিহোৱাৰ সাক্ষী বুলি পৰিচয় দিয়ে। ইয়াৰ সৈতে ঈশ্বৰৰ ৰাজ্য প্ৰচাৰক হিচাবে কৰা আমাৰ কাৰ্য্য আৰু খ্ৰীষ্টান আচাৰ-ব্যৱহাৰো সন্মিলিত আছে। যদি আমি নিষ্ক্ৰিয় হৈ পৰোঁ তেন্তে আমি হয়তো খ্ৰীষ্টান পৰিচয়ক হেৰুৱাব পাৰোঁ যি এক অতি গম্ভীৰ আৰু নিন্দনীয় বিষয়। গতিকে আমি আধ্যাত্মিকভাৱে নিদ্ৰাশিথল হৈ পৰা অৱস্থাক প্ৰতিৰোধ কৰা উচিত। এনে প্ৰৱণতাক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ?

১০. নিয়মিতৰূপে কৰা বাইবেল পাঠে আমাক আধ্যাত্মিকভাৱে সজাগে থাকিবলৈ কিয় সহায় কৰে?

১০ বাইবেলে বাৰম্বাৰ আমাক সজাগ হৈ পৰ দি থাকিবলৈ কৈছে। উদাহৰণস্বৰূপে, শুভবাৰ্ত্তাৰ কিতাপবোৰে আমাক এইদৰে সোঁৱৰাই দিছে: “পৰ দি থাকা” (মথি ২৪:৪২; ২৫:১৩; মাৰ্ক ১৩:৩৫, ৩৭); “তোমালোকো যুগুত হৈ থাকা” (মথি ২৪:৪৪); “সাৱধান হোৱা” (মাৰ্ক ১৩:৩৩); “যুগুত হৈ থাকা” (লূক ১২:৪০); এই জগতৰ ৰীতি-ব্যৱস্থাৰ ওপৰত অকস্মাতে যিহোৱাৰ দিন আহিব বুলি কোৱাৰ পিছত পাঁচনি পৌলে তেওঁৰ সঙ্গী খ্ৰীষ্টানসকলক এইদৰে আগ্ৰহ কৰিছে: “আহাঁ, আমি আনবিলাকৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি চেতনে থাকোঁহঁক।” (১ থিচলনীকীয়া ৫:৬) বাইবেলৰ শেষৰ কিতাপখনত যীচুৱে আকস্মিকভাৱে আহিবলগা সেই দিনৰ বিষয়ে জোৰ দি এইদৰে কৈছে: “মই বেগাই গৈছোঁ।” (প্ৰকাশিত বাক্য ৩:১১; ২২:৭, ১২, ২০) বহুতো ইব্ৰীয়া ভাববাদীয়ে যিহোৱাৰ সেই মহা সোধ-বিচাৰৰ দিনৰ বিষয়ে বৰ্ণনা কৰি সতৰ্ক কৰিছিল। (যিচয়া ২:১২, ১৭; যিৰিমিয়া ৩০:৭; যোৱেল ২:১১; চফনিয়া ৩:৮) ঈশ্বৰৰ বাক্য বাইবেলখন নিয়মিতৰূপে পাঠ কৰা আৰু আধ্যাত্মিকভাৱে সজাগে থকাৰ সম্বন্ধে আমি যি অধ্যয়ন কৰিছোঁ তাৰ প্ৰতি ধ্যান দিয়া উচিত।

১১. আধ্যাত্মিকভাৱে পৰ দি থাকিবলৈ হʼলে কিয় নিয়মিতৰূপে বাইবেল অধ্যয়ন কৰা উচিত?

১১ আধ্যাত্মিকভাৱে পৰ দি থাকিবলৈ ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ প্ৰবন্ধ কৰা বাইবেল আধাৰিত সাহিত্যবোৰক আমি মনোযোগেৰে ব্যক্তিগত অধ্যয়ন কৰি উৎসাহিত নহওঁনে বাৰু! (মথি ২৪:৪৫-৪৭) লাভৱান হʼবলৈ ব্যক্তিগত অধ্যয়ন নিশ্চয়ে নিয়মিত আৰু বিকাশমুখী হোৱা উচিত। তদুপৰি আমি নিয়মিতৰূপে টান আধ্যাত্মিক আহাৰ লোৱা উচিত। কিন্তু বৰ্তমান সময়ছোৱাত ব্যক্তিগত অধ্যয়নৰ বাবে সময় আছুতীয়াকৈ ৰাখাটো এক প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে। (ইফিচীয়া ৫:১৫, ১৬) তথাপিও আমাৰ সুবিধা অনুযায়ী বাইবেল আধাৰিত সাহিত্যবোৰ পঢ়াটোৱেই যথেষ্ট নহয়। যদি আমি “বিশ্বাসত নিৰাময়” আৰু সজাগে থাকিব বিচাৰো তেন্তে নিয়মিতৰূপে ব্যক্তিগত অধ্যয়ন কৰাটো অতি প্ৰয়োজন।—তীত ১:১৩.

১২. খ্ৰীষ্টান সভা, সন্মিলন আৰু অধিৱেশনবোৰে আমাক আধ্যাত্মিকভাৱে নিদ্ৰাশিথল নহʼবলৈ কেনেকৈ সহায় কৰে?

১২ তদুপৰি খ্ৰীষ্টান সভা, সন্মিলন আৰু অধিৱেশনবোৰে আমাক আধ্যাত্মিকভাৱে সজাগে থাকিবলৈ সহায় কৰে। কেনেকৈ সহায় কৰে? আমি গ্ৰহণ কৰা নিৰ্দ্দেশনাৰ দ্বাৰা সজাগে থাকিব পাৰোঁ। এনে সভাবোৰে আমাক কাষ চাপি অহা যিহোৱাৰ দিনৰ বিষয়ে বাৰে বাৰে স্মৰণ কৰাই নিদিয়েনে? সপ্তাহিক সভাবোৰে পৰস্পৰে “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হʼবলৈ” আমাৰ বাবে এক সুন্দৰ সুযোগ আগবঢ়াই। তেনে ধৰণৰ উৎসাহে আধ্যাত্মিকভাৱে সচতেন থাকিবলৈ সহায় কৰে। সেয়েহে “দিন যিমান ওচৰ” চাপি আহিছে আমাক অধিককৈ পৰস্পৰে উদগাবলৈ আজ্ঞা দিয়া হৈছে।—ইব্ৰী ১০:২৪, ২৫.

১৩. প্ৰচাৰ কাৰ্য্যই আমাক আধ্যাত্মিকভাৱে সজাগে থাকিবলৈ কেনেকৈ সহায় কৰে?

১৩ আন্তৰিকতাৰে খ্ৰীষ্টান পৰিচৰ্য্যাত ভাগ লৈ আধ্যাত্মিকভাৱে সজাগে থাকিবলৈও আমাক সহায় কৰা হʼল। শেষকালৰ চিহ্ন আৰু তাৰ অৰ্থবোৰক আমাৰ মনত সতেজ কৰি ৰাখিবলৈ আনৰ সৈতে সেই বিষয়ে কথোপকথন হোৱাতকৈ আন কোনো উত্তম পদ্ধতি হʼব পাৰেনে? ইয়াৰ উপৰি যেতিয়া বাইবেল বিদ্যাৰ্থীসকলে উন্নতি আৰু সঠিক পদক্ষেপ লোৱা দেখোঁ তেতিয়া সময়ৰ গুৰুত্বতাৰ প্ৰতি আমাৰ সঙ্কল্পও দৃঢ় হয়। এই সন্দৰ্ভে পাঁচনি পিতৰে এইদৰে কৈছিল: “মনৰ কঁকাল বান্ধি, চেতনাযুক্ত হৈ, . . . সম্পূৰ্ণৰূপে ভাৰসা ৰাখা।” (১ পিতৰ ১:১৩) তদুপৰি পাঁচনি পৌলেও কৈছিল যে আধ্যাত্মিকভাৱে আচ্ছন্নতা নোহোৱাৰ উত্তম প্ৰতিকাৰ হৈছে “প্ৰভুৰ কাৰ্য্যত সদায় উপচি পৰা।”—১ কৰিন্থীয়া ১৫:৫৮.

আধ্যাত্মিকতাত ক্ষতিসাধন কৰা জীৱন-প্ৰণালী ত্যাগ দিয়া

১৪. লূক ২১:৩৪-৩৬ পদৰ অনুসাৰে যীচুৱে কেনে জীৱন-প্ৰণালীৰ বিষয়ে সতৰ্ক কৰিছিল?

১৪ যীচুৱে নিজৰ উপস্থিতিৰ সম্বন্ধে কৰা ভৱিষ্যতবাণীত আন এক সতৰ্কবাণী দিছিল। তেওঁ এইদৰে কৈছিল: “জীৱিকাৰ চিন্তা, মত্ততা, আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰগ্ৰস্ত নহয়, আৰু ফান্দৰ নিচিনা সেই দিন তোমালোকলৈ যেন অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজলৈ সাৱধানে থাকিবা। কিয়নো সেই দিন গোটেই পৃথিবীত বসতি কৰা সকলোবিলাকৰ ওপৰলৈ আহিব। কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোকে সাৰিবলৈ, আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই নিমিত্তে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা।” (লূক ২১:৩৪-৩৬) সাধাৰণতে লোকসকলে অতিবাহিত কৰা জীৱন-প্ৰণালীৰ বিষয়ে যীচুৱে সঠিককৈ বৰ্ণনা কৰি এইদৰে কৈছিল: অপৰিমিতৰূপে ভোজন-পান আৰু জীৱন-যাপন কৰা পদ্ধতিয়ে দুঃচিন্তাগ্ৰস্ত কৰি তুলে।

১৫. আমি কিয় অপৰিমিতৰূপে ভোজন-পান কৰাৰ পৰা আঁতৰি থকা উচিত?

১৫ অপৰিমিতৰূপে ভোজন-পান কৰা হৈছে বাইবেল সিদ্ধান্তৰ বিপৰীত আৰু সেইবোৰ ত্যাগ দিয়া উচিত। কিয়নো বাইবেলে এইদৰে কৈছে: “যিবোৰে অপৰিমিতৰূপে দ্ৰাক্ষাৰস পান কৰে আৰু মাংস ভোজন কৰে, সিহঁতৰ সঙ্গী নহবা।” (হিতোপদেশ ২৩:২০) এজন ব্যক্তিয়ে নিজৰ আধ্যাত্মিকতা বিপদত পেলোৱা পৰ্য্যায়লৈকে ভোজন-পান কৰা উচিত নহয়। কিয়নো এনে ধৰণৰ ভোজন-পানে এজন ব্যক্তিক নিদ্ৰাশিথল আৰু এলেহুৱা কৰিব পাৰে। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “এলেহুৱাৰ প্ৰাণে ইচ্ছা কৰিও একো নাপায়; কিন্তু পৰিশ্ৰমীবিলাকৰ প্ৰাণ পৰিতৃপ্ত হয়।” (হিতোপদেশ ১৩:৪) যিহেতু এনে ধৰণৰ ব্যক্তিয়ে যদিও ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে কৰিব বিচাৰিব পাৰে, কিন্তু অমনোযোগী হোৱাৰ বাবে তেনে কৰাত বিফল হয়।

১৬. পৰিয়ালৰ সম্পৰ্কে থকা চিন্তাধাৰাত ভাৰগ্ৰস্ত হোৱাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ?

১৬ যীচুৱে কেনে ধৰণৰ জীৱনৰ চিন্তাৰ বিষয়ে সতৰ্ক কৰিছিল? তেনে জীৱনৰ চিন্তাত পৰিয়ালক পোহপাল দিয়াত ব্যক্তিগত চিন্তাৰ দৰে আন আন বিষয়বোৰ সন্মিলিত আছে। এনেবোৰ চিন্তাৰ দ্বাৰা ভাৰগ্ৰস্ত হোৱাটো আমাৰ বাবে কিযে এক অজ্ঞানতাৰ বিষয়! সেইবাবে যীচুৱে এইদৰে সুধিছিল: “তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?” আগলৈ তেওঁ নিজৰ শ্ৰোতাসকলক এইদৰে কৈছিল: “এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা, কিয়নো পৰজাতিবিলাকে এই সকলোকে বিচাৰে; আৰু এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।” ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া আৰু যিহোৱাই আমাৰ আৱশ্যকতা পূৰণ কৰিব বুলি ৰাখা সম্পূৰ্ণ বিশ্বাসে আমাক চিন্তাধাৰাৰ পৰা অঁতৰাই ৰাখি আধ্যাত্মিকভাৱে সজাগে থাকিবলৈ সহায় কৰিব।—মথি ৬:২৫-৩৪.

১৭. ভৌতিক লক্ষ্যত উপনীত হোৱাৰ অভিপ্ৰায়ে কেনেকৈ দুঃচিন্তাগ্ৰস্ত কৰিব পাৰে?

১৭ তদুপৰি ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষিত হোৱাৰ দ্বাৰা দুঃচিন্তাগ্ৰস্ত হʼব পাৰে। উদাহৰণস্বৰূপে, কিছুমানে অনাৱশ্যকীয় বস্তুবোৰ গোটাই নিজৰ জীৱনটোক জটিল কৰি তুলিছে। অন্যসকলে অতি সোনকালে ধনী হোৱাৰ যোজনাবোৰত ভাগ লৈ নিজৰ ধন-সম্পত্তি ব্যয় কৰি ফান্দত পৰিছে। আন কিছুমানে উচ্চ শিক্ষাৰ দ্বাৰা আৰ্থিক সফলতা লাভ কৰাৰ ফান্দত পৰিছে। নিঃসন্দেহ, তেনে ধৰণৰ শিক্ষা হয়তো চাকৰি পোৱাৰ বাবে সহায়ক হʼব পাৰে। আচলতে তেনে ধৰণৰ শিক্ষা লোৱাৰ লক্ষ্যত উপনীত হʼবলৈ যাওঁতে বহুতৰে আধ্যাত্মিকতাত ক্ষতিসাধন হৈছে। যিহোৱাৰ দিন একেবাৰে কাষ চাপি অহাৰ সময়ত এইটো কিযে এক বিপদজনক অৱস্থা! বাইবেলে সতৰ্ক কৰি এইদৰে কৈছে: “যি বিলাকে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁবিলাক পৰীক্ষা আৰু ফান্দত, আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে; সেইবোৰ এনেকুৱা যে, মানুহবিলাকক সংহাৰত আৰু সৰ্ব্বনাশত মগ্ন কৰে। ধন-লোভেই সকলো মন্দৰ মূল।”—১ তীমথিয় ৬:৯.

১৮. ভৌতিকবাদী হোৱাৰ পৰা আঁতৰি থাকিবলৈ আমি কেনে দক্ষতাক বিকশিত কৰা উচিত?

১৮ ভৌতিকবাদী নহʼবলৈ আমি ভাল আৰু বেয়াৰ সম্বন্ধে লোৱা নিৰ্ণয়ৰ দক্ষতাক উন্নত কৰা আৱশ্যক। এই দক্ষতাক আমি নিয়মিতৰূপে ‘সম্পূৰ্ণ বয়সীয়াবিলাকৰ বাবে থকা টান আহাৰ’ আৰু ‘জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ’ কৰাৰ দ্বাৰা উন্নত কৰিব পাৰিম। (ইব্ৰী ৫:১৩, ১৪) যদি আমি জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ নিৰ্দ্ধাৰিত কৰা সময়ত “সকলো বিবেচনাত অধিক” ধ্যান দিওঁ তেন্তে ই আমাক অনুচিত নিৰ্ণয় লোৱাৰ পৰা ৰক্ষা কৰিব।—ফিলিপীয়া ১:১০.

১৯. যদি আমি আধ্যাত্মিক বিষয়বোৰৰ বাবে নিচেই কম সময় দিছোঁ তেন্তে কি কৰা উচিত?

১৯ যদি আমি ভৌতিকবাদী হৈ জীৱন-যাপন কৰোঁ তেন্তে আমাৰ ওচৰত হয়তো আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি মনোযোগ দিবলৈ অলপো সময় নাথাকিব পাৰে। আমি কেনেকৈ নিজকে পৰীক্ষা কৰি ভৌতিকবাদী হোৱাৰ পৰা আঁতৰি থাকিব পাৰোঁ? আমি কিমান আৰু কেনেকৈ সৰলভাৱে জীৱন-যাপন কৰিব পাৰোঁ তাৰ বিষয়ে প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰা উচিত। প্ৰাচীনকালৰ ৰজা চলোমনে এইদৰে কৈছিল: “বনুৱা লোকে সৰহ বা অলপ আহাৰ কৰিলেও, তাৰ টোপনি সন্তোষজনক; কিন্তু ধনৱানৰ অধিক ধন-সম্পত্তিয়ে তাক টোপনি যাব নিদিয়ে।” (উপদেশক ৫:১২) অনাৱশ্যকীয় ভৌতিক বস্তুবোৰ চোৱা-চিতা কৰিবলৈ অনেক সময় আৰু শক্তিৰ ব্যয় নহয়নে? আমি যিমানে ধন-সম্পত্তি জমা কৰিম সেইবোৰক সিমানেই চোৱা-চিতা আৰু প্ৰতিৰক্ষা দিবলৈ চিন্তা কৰিবলগা হয়। এনে অনাৱশ্যকীয় বস্তুবোৰৰ পৰা নিজকে পৃথক কৰি আমি সৰলতাৰে জীৱন-যাপন কৰিব পাৰিমনে?

সকলো প্ৰকাৰে যুগুত থাকক

২০, ২১. (ক) যিহোৱাৰ দিনৰ সম্বন্ধে পাঁচনি পিতৰে কেনে আশ্বাস দিছে? (খ) আমি যে যিহোৱাৰ দিনৰ বাবে যুগুত হৈ আছোঁ তাক প্ৰমাণ কৰিবলৈ কেনে পদক্ষেপ আৰু কাৰ্য্য কৰা উচিত?

২০ যিদৰে নোহৰ দিনৰ জগতখন ধ্বংস হৈছিল তেনেদৰে বৰ্তমানৰ এই ৰীতি-ব্যৱস্থাৰো ধ্বংস হʼব। পাঁচনি পৌলে আশ্বাস দি এইদৰে কৈছে: “সেইদিনা আকাশ-মণ্ডলে হূ হূ শব্দ কৰি গুচি যাব, আৰু মূলবস্তুবোৰ দগ্ধ হৈ লয়প্ৰাপ্ত হব; আৰু পৃথিবী আৰু তাৰ সকলো বস্তু পোৰা যাব।” লাক্ষণিক স্বৰ্গ অৰ্থাৎ দুষ্ট চৰকাৰবোৰ আৰু লাক্ষণিক পৃথিৱী অৰ্থাৎ ঈশ্বৰৰ পৰা বঞ্চিত লোকসকলৰ সমাজখন ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ৰক্ষা নাপাব। আমি কেনেকৈ যিহোৱাৰ দিনৰ বাবে যুগুত হৈ থাকিব পাৰোঁ তাৰ বিষয়ে পাঁচনি পিতৰে এইদৰে কৈছিল: “এইদৰে এই আটাইবোৰ লয়ৰ পাত্ৰ হোৱা দেখি, তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা কৰি কৰি, সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত?”—২ পিতৰ ৩:১০-১২.

২১ ঈশ্বৰীয় ভক্তিৰ সৈতে আমি নিয়মিতৰূপে খ্ৰীষ্টান সভাবোৰত উপস্থিত হোৱা আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটো সন্মিলিত আছে। আঁহক আমি যিহোৱাৰ দিনৰ বাবে ধৈৰ্য্যেৰে অপেক্ষা কৰি আন্তৰিকতাৰে সেই কাৰ্য্যবোৰত সক্ৰিয়ভাৱে ভাগ লওঁহঁক। তদুপৰি “তেওঁৰ আগত নিষ্কলঙ্ক আৰু নিৰ্দ্দোষী হৈ, শান্তিৰে প্ৰকাশিত হোৱা, তাৰ কাৰণে যত্ন” কৰোঁহঁক।—২ পিতৰ ৩:১৪. (w03 12/15)

আপোনাৰ মনত আছেনে?

• আমি কিয় যিহোৱাৰ দিনৰ বাবে যুগুত হৈ থকা উচিত?

• যদি আমি দৈনন্দিন চিন্তাধাৰাক আমাৰ জীৱনত প্ৰথম স্থান দিছোঁ তেন্তে কি কৰা উচিত?

• কিহে আমাক আধ্যাত্মিকভাৱে নিদ্ৰাশিথল নহʼবলৈ সহায় কৰিব?

• আমি কেনে ধৰণৰ ক্ষতিকাৰক জীৱন-প্ৰণালীক ত্যাগ দিয়া উচিত আৰু কেনেকৈ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৭ পৃষ্ঠাৰ ছবিসমূহ]

নোহৰ দিনৰ লোকসকলে আহিবলগীয়া সোধ-বিচাৰৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল—আপুনি মনোযোগ দিয়েনে?

[২৯ পৃষ্ঠাৰ ছবি]

আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি অধিক সময় উলিয়াবলৈ আপুনি সৰলতাৰে জীৱন-যাপন কৰিব পাৰেনে?