Skip to content

Skip to table of contents

যীচুৰ মানৱীয় পৰিয়ালৰ সদস্যসকলৰ পৰা উপদেশ লাভ কৰক

যীচুৰ মানৱীয় পৰিয়ালৰ সদস্যসকলৰ পৰা উপদেশ লাভ কৰক

যীচুৰ মানৱীয় পৰিয়ালৰ সদস্যসকলৰ পৰা উপদেশ লাভ কৰক

পৃথিৱীত থকা সময়ছোৱাত যীচুৱে ৩০ বছৰ অৰ্থাৎ নিজৰ বাপ্তিষ্মা লোৱা লৈকে অতিবাহিত কৰা তেওঁৰ নিকটৱৰ্তী পৰিয়ালৰ সদস্যসকলৰ বিষয়ে আপুনি কি জানে? পাঁচনিবিলাকে লিখা বৃতান্তই আমাক সেই বিষয়ে কি কৈছে? তেওঁৰ পৰিয়ালৰ পৰা আমি কি শিকিব পাৰোঁ? এই প্ৰশ্নসমূহৰ উত্তৰ আপোনাৰ বাবে অৱশ্যেই লাভদায়ক হʼব পাৰে।

যীচুৱে কোনো ধনী মানুহৰ ঘৰত জন্ম গ্ৰহণ কৰিছিলনে? তেওঁৰ দত্তক-পিতৃ এজন বাঢ়ৈ আছিল। তেওঁৰ বৃত্তিত ভালেখিনি শাৰীৰিক পৰিশ্ৰম অৰ্থাৎ গছ কাটি তাক ফালি তাৰ পৰা কাঠ উৎপন্ন কৰাটো সন্মিলিত আছিল। যীচুৰ মানৱীয় পিতৃ-মাতৃয়ে তেওঁৰ জন্মৰ ৪০ দিনৰ পিছত যিৰূচালেমলৈ গৈ বিধানৰ সামঞ্জস্যৰ অনুসাৰে বলিদান উৎসৰ্গ কৰিছিল। সেই বলিদানত তেওঁলোকে বিধানত বৰ্ণনা কৰাৰ অনুসাৰে এটা মেৰৰ সৈতে পাৰ বা কপৌ উৎসৰ্গ কৰিছিলনে? তেওঁলোকে তেনেদৰে কৰিব নোৱাৰিলে। ইয়াৰ পৰা এইটো জানিব পাৰি যে তেনে কৰিবলৈ তেওঁলোকৰ সামৰ্থ নাছিল। যিহেতু দুখীয়া লোকবিলাকৰ বাবে বিধানত এটা ব্যৱস্থা কৰা আছিল। সেই ব্যৱস্থাৰ অনুসাৰে যোচেফ আৰু মৰিয়মে “এযোৰ কপৌ বা দুটা পাৰৰ পোৱালি” বলিদান কৰিলে। তেওঁলোকে বলিদানত কম মূল্যৰ পক্ষী উৎসৰ্গ কৰাটোৱে এইটো প্ৰকাশ কৰিছে যে তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নাছিল।—লূক ২:২২-২৪; লেবীয়া পুস্তক ১২:৬, ৮.

আপুনি লক্ষ্য কৰিব পাৰে যে ভৱিষ্যতে সমস্ত মানৱজাতিক ৰজা হৈ শাসন কৰিবলগীয়া ব্যক্তিজন এক দুখীয়া অৰ্থাৎ কঠিন পৰিশ্ৰম কৰি কোনোমতে চলি থকা পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁ ডাঙৰ হৈ তেওঁৰ দত্তক-পিতৃ যোচেফৰ দৰে এজন কাঠমিস্ত্ৰী হৈছিল। (মথি ১৩:৫৫; মাৰ্ক ৬:৩) যীচুৱে স্বৰ্গত শক্তিশালী আত্মিক ব্যক্তি হৈ থকাৰ সময়ত যদিও ধনী আছিল তথাপিও বাইবেলে কৈছে যে তেওঁ আমাৰ বাবে “দৰিদ্ৰ হল।” তেওঁ নিম্ন স্থান গ্ৰহণ কৰি মানৱৰূপে এক অতি সাধাৰণ পৰিয়ালত জন্ম লʼলে। (২ কৰিন্থীয়া ৮:৯; ফিলিপীয়া ২:৫-৯; ইব্ৰী ২:৯) যীচুৱে ধনী পৰিয়ালত জন্ম গ্ৰহণ কৰা নাছিল, কিয়নো তেনে কৰা হʼলে কেৱল কিছুমানেহে তেওঁৰ সৈতে সহজ অনুভৱ কৰিব পাৰিলেহেঁতেন। যীচুৱে দুখীয়া পৰিয়ালত জন্ম লোৱাৰ বাবে লোকসকলে তেওঁৰ পদ-মৰ্য্যদাৰ প্ৰতি বিভ্ৰান্ত নহʼল। তদুপৰি তেওঁলোকে তেওঁৰ শিক্ষা, হৃদয়স্পৰ্শী গুণ আৰু তেওঁৰ আচৰিত কৰ্ম্মসমূহৰ প্ৰতি মূল্যাঙ্কন কৰিব পাৰিলে। (মথি ৭:২৮, ২৯; মথি ৯:১৯-৩৩; মথি ১১:২৮, ২৯) যিহোৱা ঈশ্বৰে ধনী পৰিয়ালৰ পৰিৱৰ্তে এক সাধাৰণ পৰিয়ালত যীচুক জন্ম হʼবলৈ দি তেওঁৰ অসাধাৰণ বুদ্ধিৰ প্ৰকাশ কৰিলে।

এতেকে আঁহক আমি যীচুৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে বিবেচনা আৰু মনোযোগেৰে চাওঁহঁক যে তেওঁলোকৰ পৰা আমি কি শিকিব পাৰোঁ।

যোচেফ এজন ধাৰ্ম্মিক ব্যক্তি আছিল

বিয়া হোৱাৰ পূৰ্বেই যেতিয়া যোচেফে তেওঁৰ বাগদত্তা মৰিয়ম গৰ্ভৱতী হোৱাৰ বিষয়ে জানিব পাৰিলে তেতিয়া নিশ্চয়ে মৰিয়মৰ প্ৰতি থকা প্ৰেম হ্ৰাস আৰু তাই অনৈতিকতাত জড়িত থকা বুলি সন্দেহ কৰি তাইক ঘৃণা কৰিছিল। মুঠতে কʼবলৈ গʼলে তেনে পৰিস্থিতিটো, ভৱিষ্যতে থকা তাইৰ স্বামীৰ স্বত্বাধিকাৰক লঙ্ঘন কৰা যেন বোধ হৈছিল। তেওঁৰ সময়ত বিবাহৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱা এগৰাকী কন্যাক পুৰুষজনৰ পত্নী হিচাবে দৃষ্টি কৰা হৈছিল। যোচেফে বহু সময় ধৰি চিন্তা কৰাৰ পিছত মৰিয়মক গোপনে বিবাহ বিচ্ছেদ কৰিবলৈ নিৰ্ণয় লয় যাতে তাইক ব্যভিচাৰিণী হোৱাৰ দোষত ইহুদীবিলাকে শিল দলিয়াই বধ নকৰে।—মথি ১:১৮; দ্বিতীয় বিবৰণ ২২:২৩, ২৪.

তেতিয়াই এজন স্বৰ্গদূতে যোচেফক সপোনত দেখা দি এইদৰে কʼলে: “তোমাৰ ভাৰ্য্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব।” যোচেফে তেনে ঈশ্বৰীয় নিৰ্দ্দেশনাৰ অনুসৰি কাৰ্য্য কৰি মৰিয়মক নিজৰ ঘৰলৈ আনিলে।—মথি ১:২০-২৪.

ধাৰ্ম্মিক আৰু বিশ্বাসী যোচেফে তেনে নিৰ্ণয় লোৱাৰ বাবে তেওঁ যিহোৱাই যিচয়া ভৱিষ্যতবক্তাৰ দ্বাৰা কোৱা ভৱিষ্যতবাণীত জড়িত হৈ পৰিল, যʼত এইদৰে কোৱা হৈছিল: “চোৱা, যুৱতীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানূৱেল ৰাখিব।” (যিচয়া ৭:১৪) যোচেফ এজন ধাৰ্ম্মিক ব্যক্তি আছিল, সেয়েহে তেওঁ মৰিয়মৰ প্ৰথম সন্তান তেওঁৰ নিজৰ নহয় বুলি জানিও মচীহৰ দত্তক-পিতৃ হোৱাৰ এই বিশেষাধিকাৰৰ প্ৰতি মূল্যাঙ্কন কৰিলে।

মৰিয়মে যীচুক জন্ম নিদিয়ালৈকে যোচেফে তাইৰ সৈতে কোনো শাৰীৰিক সম্পৰ্ক নাৰাখিলে। (মথি ১:২৫) কিন্তু বৰ্তমান সময়ত নতুনকৈ বিয়া হোৱা দম্পতীৰ বাবে শাৰীৰিক সম্পৰ্ক নাৰাখি আঁতৰি থকাটো এটা প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে। কিন্তু মৰিয়ম আৰু যোচেফে সেই সন্তানৰ পিতৃ কোন এই বিষয়ে কোনো ধৰণৰ ভুল বুজাবুজি হোৱাটো নিবিচাৰিছিল। তেওঁলোকে আত্মসংযমৰ কিযে এক উত্তম আৰ্হি ৰাখিলে! যোচেফে নিজৰ স্বাভাৱিক ইচ্ছাক অধিক গুৰুত্ব দিয়াতকৈ আধ্যাত্মিক বিষয়ক প্ৰথম স্থান দিলে।

যোচেফে তেওঁৰ দত্তক-পুত্ৰ যীচুৰ সম্বন্ধে চাৰিবাৰকৈ স্বৰ্গদূতৰ নিৰ্দ্দেশনা পাইছিল। তাৰে তিনিটা নিৰ্দ্দেশনা লʼৰাটিক ডাঙৰ-দীঘল কৰাৰ সম্বন্ধে আছিল। লʼৰাটি বাছি থাকিবলৈ সেই নিৰ্দ্দেশনাসমূহ পালন কৰাটো তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। সেয়েহে যোচেফে সেই নিৰ্দ্দেশনাৰ অনুসাৰে অনতিপলমে কাৰ্য্য কৰি কণমাণি শিশুটিৰ সৈতে ইস্ৰায়েল দেশ এৰি মিচৰ দেশলৈ পলাই গৈছিল আৰু পিছলৈ পুনৰাই ইস্ৰায়েল দেশলৈ উভটি আহিল। এনে কৰাৰ বাবে কণমাণি শিশু যীচু ৰজা হেৰোদে কৰা শিশু হত্যাৰ পৰা ৰক্ষা পৰিল। তদুপৰি যোচেফে আজ্ঞাকাৰী হোৱাৰ ফলস্বৰূপে মচীহৰ সম্পৰ্কে কৰা ভৱিষ্যতবাণীও পূৰ্ণ হʼল।—মথি ২:১৩-২৩.

যোচেফে যীচুক এটা বৃত্তি শিকাইছিল যাতে তেওঁ ডাঙৰ হৈ নিজকে চোৱা-চিতা কৰিব পাৰে। সেয়েহে যীচু পাছলৈ কেৱল “বাঢ়ৈৰ পুতেক” বুলিয়েই নহয় কিন্তু “বাঢ়ৈ” বুলিও পৰিচিত হৈ পৰিছিল। (মথি ১৩:৫৫; মাৰ্ক ৬:৩) পাঁচনি পৌলে লিখিছিল যে যীচু “সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।” গতিকে এইটো স্বাভাৱিক যে নিজৰ পৰিয়ালটোক সহায় কৰিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল।—ইব্ৰী ৪:১৫.

খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ শেষ বৃতান্তত আমি পঢ়িবলৈ পাওঁ যে যোচেফ এজন সত্য উপাসক আৰু ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখা ব্যক্তি আছিল। যোচেফে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ তেওঁৰ পৰিয়ালটোক যিৰূচালেমলৈ লৈ গৈছিল। যদিও সেই পৰ্ব্ব পালন কৰাৰ বাবে কেৱল পুৰুষ সদস্যসকলক আৱশ্যক আছিল তথাপিও যোচেফে তেওঁৰ পৰিয়ালটোৰ সৈতে “বছৰে বছৰে” তাত উপস্থিত হোৱাটো তেওঁৰ এটা অভ্যাস আছিল। তেওঁ নাচৰতৰ পৰা যিৰূচালেমত উপস্থিত হʼবলৈ প্ৰায় ১০০ কিলোমিটাৰ বাট পদযাত্ৰা কৰি এক বৃহৎ ত্যাগ কৰিছিল। শাস্ত্ৰৰ এটা বৃতান্তত এইদৰে কোৱা হৈছে যে এবাৰ যীচু তেওঁলোকৰ পৰা পৃথক হৈছিল। পিছলৈ তেওঁক মন্দিৰত ধৰ্ম্মীয় শিক্ষকসকলক বিধানৰ বিষয়ে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গʼল। যীচুৰ বয়স যদিও ১২ বছৰ আছিল তথাপিও ঈশ্বৰৰ বাক্যৰ সম্পৰ্কে তেওঁৰ বৃহৎ জ্ঞান আৰু বুদ্ধি প্ৰদৰ্শন কৰিলে। এই ঘটনাটোৰ পৰা আমি এই বিষয়ে জানিব পাৰোঁ যে যীচুৰ মাক-দেউতাকে নিশ্চয়ে তেওঁক আধ্যাত্মিক জ্ঞানৰ শিক্ষা দি ডাঙৰ-দীঘল কৰিছিল যাৰ বাবে তেওঁ আধ্যাত্মিক মনোবৃত্তি ৰাখা লʼৰা হৈ পৰিছিল। (লূক ২:৪১-৫০) যদিও শাস্ত্ৰত কোনো উল্লেখ নাই, অৱশ্যেই ইয়াৰ কিছু সময়ৰ পিছত যোচেফৰ মৃত্যু হৈছিল।

দৰাচলতে যোচেফ এজন ধাৰ্ম্মিক ব্যক্তি আছিল। সেয়েহে তেওঁ নিজকে আৰু নিজৰ পৰিয়ালটোক আধ্যাত্মিক আৰু শাৰীৰিকভাৱে চোৱা-চিতা কৰিছিল। আপুনিও যোচেফৰ দৰে বৰ্তমান সময়ত থকা ঈশ্বৰৰ ইচ্ছাক পালন কৰিবলৈ নিজৰ জীৱনত আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিয়েনে? (১ তীমথিয় ২:৪, ৫) আপুনি ঈশ্বৰে তেওঁৰ বাক্য অৰ্থাৎ বাইবেলত কোৱাৰ দৰে তেওঁৰ আজ্ঞা পালন কৰিবলৈ আগ্ৰহীনে, যাৰ দ্বাৰা এইটো প্ৰকাশ পাই যে আপুনি যোচেফৰ দৰে আজ্ঞাকাৰী? আপুনি নিজৰ লʼৰা-ছোৱালীক এইদৰে শিক্ষা দিয়েনে যে তেওঁলোকে আনৰ সৈতে আধ্যাত্মিকতাৰ বিষয়ে অৰ্থপূৰ্ণৰূপে কথোপকথন কৰে?

মৰিয়ম এগৰাকী ঈশ্বৰৰ নিস্বাৰ্থপৰ উপাসক আছিল

যীচুৰ মাতৃ মৰিয়ম এগৰাকী ঈশ্বৰৰ উত্তম উপাসক আছিল। গাব্ৰিয়েল নামৰ স্বৰ্গদূতে মৰিয়মক জনাইছিল যে তাই গৰ্ভৱতী হʼব, এই কথা শুনি তাই আচৰিত হৈছিল। কিয়নো তাই কুমাৰী আছিল, কোনো “পুৰুষৰ মুখ দেখা” নাছিল। কিন্তু যেতিয়া তাই জানিব পাৰিলে যে পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভৱতী হʼব তেতিয়া তাই সেই স্বৰ্গদূতজনৰ বাৰ্ত্তাক নম্ৰতাৰে গ্ৰহণ কৰি এইদৰে কʼলে: “চোৱা, প্ৰভুৰ বেটী যি মই, মোলৈ আপুনি কোৱাৰ দৰেই হওক।” (লূক ১:৩০-৩৮) মৰিয়মে এই আধ্যাত্মিক বিশেষাধিকাৰৰ প্ৰতি ইমানেই মূল্যাঙ্কন কৰিলে যে তাইৰ এনে সিদ্ধান্তই যিয়ে কঠিনতা কঢ়িয়াই নানক কিয় তাৰ প্ৰতি অলপো ভ্ৰুক্ষেপ নকৰিলে।

দৰাচলতে তাই তেনে আজ্ঞা পালন কৰাৰ বাবে স্ত্ৰীৰূপে তাইৰ সমস্ত জীৱনধাৰাত পৰিৱৰ্তন ঘটিল। মৰিয়মে যিৰূচালেমলৈ গৈ পোৱাত চিমিয়োন নামৰ এজন সন্মানীয় বৃদ্ধ লোকে তাইক এইদৰে কʼলে: “তোমাৰ নিজৰ হৃদয় শূলে বিন্ধিব।” (লূক ২:২৫-৩৫) প্ৰকাশ্যভাৱে তেওঁ কোৱা এই কথাষাৰে সেই ঘটনাক নিৰ্দ্দেশিত কৰিছিল যেতিয়া মৰিয়মে যীচুক লোকসকলে অগ্ৰাহ্য কৰি যাতনা স্তম্ভত আঁৰি বধ কৰা দেখি মনোবেদনা পাব।

বয়স বাঢ়ি অহাৰ লগে লগে যীচুৰ জীৱনত ঘটিবলগীয়া ঘটনাৰ সম্পৰ্কে পূৰ্বতে কোৱা কথাবোৰ মৰিয়মে সোঁৱৰী “বিবেচনা কৰি মনত ৰাখিলে।” (লূক ২:১৯, ৫১) যোচেফৰ দৰে মৰিয়মো এগৰাকী আধ্যাত্মিক ব্যক্তি আছিল আৰু পূৰ্বতে কোৱা ভৱিষ্যতবাণীসমূহৰ পূৰ্ণতাক মূল্যাঙ্কন কৰিছিল। গাব্ৰিয়েল নামৰ স্বৰ্গদূতজনে কোৱা এই কথাষাৰে তাইৰ মনত দকৈ ছাপ বহাইছিল, যʼত এইদৰে কৈছিল: “তেওঁ মহান হব, আৰু সৰ্ব্বোপৰি জনাৰ পুত্ৰ বুলি প্ৰখ্যাত হব; আৰু প্ৰভু পৰমেশ্বৰে তেওঁৰ পিতৃ দায়ূদৰ সিংহাসন তেওঁক দিব। আৰু যাকোবৰ বংশৰ ওপৰত তেওঁ সৰ্ব্বদায় ৰাজত্ব কৰিব; তেওঁৰ ৰাজ্যৰ অন্ত কেতিয়াও নহব।” (লূক ১:৩২, ৩৩) মৰিয়মে মচীহৰ মানৱীয় মাতৃ হোৱাৰ এই বিশেষাধিকাৰৰ প্ৰতি অতি গুৰুত্বৰভাৱে জ্ঞান কৰিছিল।

তদুপৰি মৰিয়মে অলৌকিকভাৱে গৰ্ভৱতী হোৱা এলীচাবেৎ নামৰ তাইৰ আত্মীয় ব্যক্তিক সাক্ষাৎ কৰাত পুনৰাই তাইৰ আধ্যাত্মিকতা প্ৰকাশ পাইছিল। তাই এলীচাবেতক দেখা পোৱাৰ মাত্ৰকে যিহোৱাৰ স্তুতি কৰি তেওঁৰ বাক্যৰ প্ৰতি থকা তাইৰ প্ৰেম প্ৰকাশ কৰিলে। মৰিয়মে ১ চমূৱেল ২ অধ্যায়ত লিপিবদ্ধ কৰা হান্নাৰ প্ৰাৰ্থনা আৰু হিব্ৰু শাস্ত্ৰত উল্লেখ কৰা আন উক্তিবোৰকো উনুকিয়ালে। তাইত থকা এনে শাস্ত্ৰীয় জ্ঞানে প্ৰকাশ কৰিলে যে তাই এগৰাকী উপযুক্ত উপাসক আৰু ঈশ্বৰৰ প্ৰতি ভয় ৰাখোঁতা মাতৃ আছিল। যীচুক আধ্যাত্মিক প্ৰশিক্ষণ দি দাঙৰ-দীঘল কৰাৰ সময়ত মৰিয়মে যোচেফক সহযোগ কৰিছিল।—আদিপুস্তক ৩০:১৩; ১ চমূৱেল ২:১-১০; মলাখী ৩:১২; লূক ১:৪৬-৫৫.

মচীহৰূপে পুতেকৰ প্ৰতি মৰিয়ামৰ দৃঢ় বিশ্বাস আছিল আৰু সেই বিশ্বাস যীচুৰ মৃত্যুৰ পিছতো ম্লান পৰি নগʼল। যীচুৰ পুনৰুত্থানৰ অলপ পিছতে মৰিয়মে বিশ্বাসী শিষ্যসকলৰ সৈতে প্ৰাৰ্থনা কৰিবলৈ তেওঁলোকৰ লগ লৈছিল। (পাঁচনিৰ কৰ্ম্ম ১:১৩, ১৪) তাইৰ পুতেক যীচুৱে যাতনা স্তম্ভত অত্যন্ত হৃদয়বিদাৰকৰূপে মৃত্যুবৰণ কৰিব বুলি জানিও মৰিয়মে নিজৰ বিশ্বস্ততা বজাই ৰাখিলে।

মৰিয়মৰ জীৱনিৰ বিষয়ে জানি আপুনি কেনেকৈ লাভৱান হʼব পাৰে? আপুনি যিমানেই ত্যাগ কৰিবলগীয়া নহওক কিয় ঈশ্বৰক সেৱা কৰাটো বিশেষাধিকাৰ বুলি গ্ৰহণ কৰেনে? বৰ্তমান সময়ত থকা এই বিশেষাধিকাৰক আপুনি গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰেনে? যীচুৱে ভৱিষ্যতবাণী কৰা ঘটনাবোৰৰ সৈতে বৰ্তমানে ঘটা ঘটনাবোৰৰ সাদৃশ্যতা তুলনা কৰি আপুনি ‘বিবেচনা কৰি মনত ৰাখেনে’? (মথি ২৪ আৰু ২৫ অধ্যায়; মাৰ্ক ১৩ অধ্যায়; লূক ২১ অধ্যায়) মৰিয়মৰ দৰে ঈশ্বৰৰ বাক্যৰ সৈতে ভালকৈ পৰিচিত হৈ সেইবোৰক স্পষ্টকৈ আপোনাৰ কথোপকথনৰ জৰিয়তে প্ৰকাশ কৰেনে? যীচুৰ অনুগামী হোৱাৰ বাবে যিমানেই মানসিক জীয়াতু ভুগীবলগীয়া নহওক কিয় আপুনি তেওঁৰ প্ৰতি দৃঢ় বিশ্বাস বজাই ৰাখিব পাৰিবনে?

যীচুৰ ভায়েকসকলৰ মনোবৃত্তি সলনি হোৱা

এইটো দেখা গʼল যে যীচুৱে মৃত্যু নোহোৱা পৰ্য্যন্ত তেওঁৰ ভায়েকবিলাকে তেওঁক বিশ্বাস নকৰিলে। ইয়াক এইবাবে কʼব পাৰি যে যীচুৱে যাতনা স্তম্ভত মৃত্যুবৰণ কৰাৰ সময়ত তেওঁলোকে উপস্থিত নাছিল আৰু সেয়েহে যীচুৱে তেওঁৰ মাতৃ মৰিয়মক চোৱা-চিতা কৰাৰ দায়িত্ব পাঁচনি যোহনক দিলে। তদুপৰি যীচুৰ আত্মীয় লোকবিলাকেও তেওঁক মূল্যাঙ্কন নকৰিলে আৰু এটা উপলক্ষত তেওঁলোকে কৈছিল যে যীচু “বাতুল হল।” (মাৰ্ক ৩:২১) যীচুৰ নিজৰ পৰিয়ালতো তেওঁক বিশ্বাস নকৰা লোক আছিল। সেয়েহে পৰিয়ালৰ যিসকল সদস্য সত্যত নাই তেওঁলোকে ইয়াৰ পৰা আশ্বাস পাব পাৰে যে যেতিয়া তেনে লোকবিলাকে সত্যত থকা ব্যক্তিসকলক বিদ্ৰুপ বা ঠাট্টা কৰে তেতিয়া যীচুৱে কেনে অনুভৱ কৰে।

যীচুৰ পুনৰুত্থানৰ পিছত তেওঁৰ ভায়েকবিলাকে তেওঁক বিশ্বাস কৰিবলৈ ধৰিলে। পেন্টাকোষ্ট ৩৩ চনত যিৰূচালেমত উপস্থিত হোৱা সমূহৰ ভিতৰত তেওঁলোকো আছিল আৰু পাঁচনিবিলাকৰ সৈতে প্ৰাৰ্থনা কৰিবলৈ একগোট হৈছিল। (পাঁচনিৰ কৰ্ম্ম ১:১৪) প্ৰত্যক্ষভাৱে সতীয়া ভাই যীচুৰ পুনৰুত্থানে তেওঁলোকক নিজৰ মন সলনি কৰিবলৈ প্ৰেৰিত কৰিলে আৰু তেওঁলোক তেওঁৰ শিষ্য হৈ পৰিল। সেয়েহে আমিও সত্যত নথকা আত্মিয় লোকবিলাকৰ প্ৰতি থকা আশা ত্যাগ কৰা উচিত নহয়।

যীচুৱে ব্যক্তিগতভাৱে দেখা দিয়া তেওঁৰ সতীয়া ভায়েক যাকোবে শাস্ত্ৰৰ অনুসাৰে খ্ৰীষ্টান মণ্ডলীত এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিছিল। তেওঁ ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ তেওঁৰ সঙ্গী খ্ৰীষ্টান ভাইসকললৈ লিখা পত্ৰত তেওঁলোকক বিশ্বাস বজাই ৰাখিবলৈ উৎসাহিত কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:৬-২৯; ১ কৰিন্থীয়া ১৫:৭; গালাতীয়া ১:১৮, ১৯; ২:৯; যাকোব ১:১) যীচুৰ আন এজন সতীয়া ভায়েক যিহূদাই বিশ্বাস বজাই ৰখাৰ সম্পৰ্কে প্ৰচেষ্টা কৰি থাকিবলৈ সঙ্গী খ্ৰীষ্টান ভাইসকলক উৎসাহিত কৰি প্ৰেৰিত পত্ৰ লিখিছিল। (যিহূদা ১) লক্ষ্য কৰিবলগীয়া এই যে সঙ্গী খ্ৰীষ্টান ভাই-ভনীসকলক বিশ্বাস কৰাবলৈ যাকোব আৰু যিহূদাই তেওঁলোকে লিখা পত্ৰত যীচুৰ সৈতে থকা তেওঁলোকৰ সম্বন্ধৰ বিষয়ে কোনো কথা উল্লেখ কৰা নাছিল। নম্ৰতাৰ সম্পৰ্কে আমি তেওঁলোকৰ পৰা কিমান যে উত্তম উপদেশ লাভ কৰিব পাৰোঁ!

এতেকে আমি যীচুৰ পৰিয়ালৰ পৰা কেনে ধৰণৰ কিছুমান বিষয়ে শিকিব পাৰোঁ? ভক্তিৰ সম্বন্ধে আমি অৱশ্যেই উপদেশ লাভ কৰোঁ আৰু সেইবোৰক এইদৰে প্ৰকাশ কৰিব পাৰি: (১) ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি কৰিবলৈ বিশ্বাসী হৈ তেওঁৰ অধীন হোৱা, ইয়াৰ বাবে যিয়ে পৰীক্ষাৰ সম্মুখীন হʼবলগীয়া নহওক কিয়। (২) যিয়ে ত্যাগ কৰিবলগীয়া নহওক কিয় আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিয়া। (৩) শাস্ত্ৰ পদৰ অনুসাৰে নিজৰ লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়া। (৪) সত্যত নথকা আত্মিয় বা সম্বন্ধীয়া লোকৰ প্ৰতি আশা ত্যাগ নিদিয়া। (৫) খ্ৰীষ্টান মণ্ডলীত গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰা ভাইজনৰ সৈতে থকা আপোনাৰ সম্বন্ধক লৈ অহঙ্কাৰ নকৰা। প্ৰকৃততে যীচুৰ মানৱীয় পৰিয়ালৰ সম্পৰ্কে শিকি আমি তেওঁৰ অধিক নিকতৱৰ্তী হʼব পাৰিম আৰু যিহোৱাই যীচুৰ লʼৰালি কালত চোৱা-চিতা কৰিবলৈ এক সাধাৰণ মানৱীয় পৰিয়ালক বাছি লোৱাৰ প্ৰতি থকা আমাৰ মূল্যাঙ্কন বৃদ্ধি হʼব। (w03 12/15)

[৪, ৫ পৃষ্ঠাৰ ছবিসমূহ]

যোচেফে মৰিয়মক নিজৰ পত্নী হিচাবে গ্ৰহণ কৰাৰ বাবে মচীহৰ সম্পৰ্কে থকা ভৱিষ্যতবাণীৰ পূৰ্ণতাত জড়িত হৈ পৰিল

[৬ পৃষ্ঠাৰ ছবিসমূহ]

যোচেফ আৰু মৰিয়মে তেওঁলোকৰ লʼৰা-ছোৱালীক আধ্যাত্মিক বিষয়সমূহক মূল্যাঙ্কন আৰু বহন কৰা কাৰ্য্যৰ বিষয়ে শিকাইছিল।

[৭ পৃষ্ঠাৰ ছবিসমূহ]

আধ্যাত্মিক পৰিৱেশ থকা পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ স্বত্ত্বেও যীচুৰ সতীয়া ভায়েকবিলাকে তেওঁ মৃত্যু নোহোৱালৈকে তেওঁক বিশ্বাস কৰা নাছিল

[৮ পৃষ্ঠাৰ ছবিসমূহ]

যীচুৰ সতীয়া ভায়েক যাকোব আৰু যিহূদাই সঙ্গী খ্ৰীষ্টান ভাইবিলাকক উৎসাহিত কৰিলে