Skip to content

Skip to table of contents

আঁহক আমি সকলোৱে যিহোৱাৰ মহিমা কৰোঁ

আঁহক আমি সকলোৱে যিহোৱাৰ মহিমা কৰোঁ

আঁহক আমি সকলোৱে যিহোৱাৰ মহিমা কৰোঁ

যিহোৱাৰ গৌৰৱ আৰু মহিমা কীৰ্ত্তন কৰা। যিহোৱাৰ উদ্দেশে তেওঁৰ নামৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা।—গীত ৯৬:৭, ৮.

১, ২. কেনেবোৰ উৎসই যিহোৱাৰ মহিমা কৰিছে আৰু কোনসকলক জড়িত হʼবলৈ আগ্ৰহ কৰা হৈছে?

 যিচয়ৰ পুত্ৰ দায়ূদ এজন মেৰৰখীয়া হিচাবে বৈৎলেহমৰ কাষৰীয়া অঞ্চলত ডাঙৰ-দীঘল হৈছিল। ৰাতিৰ সময়ত নিজ দেউতাকৰ মেৰবোৰ ৰখীয়া কৰি থকাৰ সময়ছোৱাত তৰাৰে ভৰি থকা আকাশ-মণ্ডললৈ প্ৰায়ে দৃষ্টি কৰি তেওঁ কিমান যে আচৰিত হৈছিল! সেয়েহে ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ ১৯ নং গীতত লিখা সুন্দৰ বাক্যফাঁকিত তেওঁৰ মনৰ ভাৱবোৰ প্ৰকাশ পোৱাতো কোনো আঁচৰিত কথা নহয়, যʼত এইদৰে কোৱা হৈছে: “গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়। তাৰ পৰিমাণ-জৰী গোটেই পৃথিবীলৈ ওলাই গল; তাৰ বাক্য জগতৰ সীমালৈকে ব্যাপি গল; তেওঁ তাৰ মাজত সূৰ্য্যৰ নিমিত্তে তম্বু স্থাপন কৰিলে।”—গীত ১৯:১, ৪.

কোনো বাক্য, ভাষা আৰু শব্দ নোহোৱাকৈ যিহোৱাৰ যি সৃষ্টি অৰ্থাৎ অসাধাৰণ আকাশ-মণ্ডলে দিনে-ৰাতিয়ে তেওঁৰ মহিমা প্ৰকাশ কৰিছে। সৃষ্টিয়ে তেওঁৰ মহিমা কৰাত কেতিয়াও বিফল হোৱা নাই আৰু ই বৈশিষ্ট্যহীন হৈও মৌনভাৱে আপোনা-আপুনিকৈ “গোটেই পৃথিৱীত” থকা লোকসকলৰ আগত ঈশ্বৰৰ বিষয়ে সাক্ষী দিছে। তদুপৰি এই সৃষ্টিবোৰে দিয়া নিৰৱ সাক্ষীয়ে যথেষ্ট নহয়। বিশ্বাসী ব্যক্তিসকলক উচ্চস্বৰত মহিমা কৰিবলৈ উৎসাহিত কৰা হৈছে। এজন বেনামী গীত ৰচোঁতাই বিশ্বাসী উপাসকবিলাকক উদ্দেশ্য কৰি এইদৰে কৈছিল: “যিহোৱাৰ গৌৰৱ আৰু মহিমা কীৰ্ত্তন কৰা। যিহোৱাৰ উদ্দেশে তেওঁৰ নামৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা।” (গীত ৯৬:৭, ৮) যিসকলে ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক ৰাখিছে তেওঁলোকে এই আমন্ত্ৰণক গ্ৰহণ কৰিবলৈ পাই ৰোমাঞ্চিত হৈছে। যিহোৱাৰ মহিমা কীৰ্ত্তন কৰাৰ সৈতে কি সন্মিলিত আছে?

৩. মানৱে কি ধৰণে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰিব পাৰে?

কেৱল মুখেৰে যিহোৱাৰ মহিমা কৰাটোৱেই যথেষ্ট নহয়। উদাহৰণস্বৰূপে, যিচয়াৰ দিনত থকা ইস্ৰায়েলসকলে অন্তৰেৰে নহয় কিন্তু কেৱল মুখেৰেহে ঈশ্বৰৰ মহিমা কৰিছিল। সেইবাবে ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা যিহোৱাই তেনেলোকক উদ্দেশ্য কৰি এইদৰে কৈছিল: “এই লোকবিলাকে মোৰ ওচৰলৈ চাপি নিজ নিজ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ হলে মোৰ পৰা দূৰত ৰাখে।” (যিচয়া ২৯:১৩) এনে লোকসকলে কৰা স্তুতি দৰাচলতে অৰ্থহীন। যিহোৱালৈ কৰা স্তুতি অৰ্থপূৰ্ণ হʼবলৈ হʼলে অন্তৰেৰে সৈতে তেওঁৰ প্ৰতি প্ৰেম প্ৰকাশ আৰু অকপটভাৱে তেওঁক মহিমা কৰা উচিত। একমাত্ৰ যিহোৱাই হৈছে সকলোৰে সৃষ্টিকৰ্তা। তদুপৰি তেওঁ হৈছে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ এজন সৰ্ব্বশক্তিমান ঈশ্বৰ আৰু প্ৰেমৰ উৎস। তেওঁৱেই হৈছে আমাৰ উদ্ধাৰকৰ্ত্তা আৰু সৰ্ব্বোচ্চ অধিকাৰী, আকাশ আৰু পৃথিৱীত থকা সকলো প্ৰাণীয়ে তেওঁৰ অধীন হোৱা উচিত। (প্ৰকাশিত বাক্য ৪:১১; ১৯:১) বাস্তৱতে যদি আমি এই বাক্যবোৰৰ ওপৰত বিশ্বাস কৰোঁ, তেন্তে আঁহক অন্তৰেৰে সৈতে তেওঁৰ মহিমা কৰোঁহঁক।

৪. ঈশ্বৰক মহিমা কৰাৰ সম্বন্ধে যীচুৱে কেনে নিৰ্দ্দেশনা দিছিল আৰু ইয়াক আমি কেনেকৈ পালন কৰিব পাৰোঁ?

যীচুৱে কৈছিল যে আমি কেনেকৈ ঈশ্বৰক মহিমা কৰিব পাৰোঁ। তেওঁ এইদৰে কৈছিল: “তোমালোকত অধিক ফল ধৰিবলৈ মোৰ পিতৃ মহিমান্বিত হয়; আৰু ইয়াৰেই তোমালোক মোৰ শিষ্য হৈ হৈ যাবা।” (যোহন ১৫:৮) আমি কেনেকৈ অধিক ফল উৎপন্ন কৰিব পাৰোঁ? প্ৰথমতে, আমি সম্পূৰ্ণ মনেৰে “ৰাজ্যৰ এই শুভবাৰ্ত্তা” বিষয়ে প্ৰচাৰ কৰা আৰু সৃষ্টিত যে তেওঁৰ “অদৃশ্য গুণবোৰ” প্ৰকাশ পাইছে, তাক ‘কোৱাৰ’ দ্বাৰা। (মথি ২৪:১৪; ৰোমীয়া ১:২০) ইয়াৰ উপৰিও আমি সকলোৱে পোনপটীয়াকৈ বা অপ্ৰত্যক্ষভাৱে শিষ্য বনোৱা কাৰ্য্যত একেলগে ভাগ লোৱাৰ দ্বাৰা একেই সুৰেৰে যিহোৱাৰ স্তুতি কৰোঁ। দ্বিতীয়তে, আমি আত্মাৰ ফল উৎপন্ন আৰু যিহোৱাৰ উৎকৃষ্ট গুণবোৰ অনুকৰণ কৰাৰ দ্বাৰা। (গালাতীয়া ৫:২২, ২৩; ইফিচীয়া ৫:১; কলচীয়া ৩:১০) ফলস্বৰূপে, আমাৰ দৈনন্দিন আচাৰ-ব্যৱহাৰে ঈশ্বৰলৈ মহিমা কঢ়িয়াই আনিব।

‘গোটেইখন পৃথিৱীলৈ ব্যাপি গল’

৫. নিজ বিশ্বাসৰ বিষয়ে আনক কোৱাটো যে প্ৰকৃত খ্ৰীষ্টানসকলৰ দায়িত্ব, এই বিষয়ে পাঁচনি পৌলে কেনেকৈ জোৰ দি উল্লেখ কৰিছে তাক বৰ্ণনা কৰক।

ৰোমানসকললৈ লিখা পত্ৰখনত পাঁচনি পৌলে জোৰ দি কৈছিল যে খ্ৰীষ্টানসকলে নিজৰ বিশ্বাসৰ বিষয়ে আনক জনোৱাৰ দায়িত্ব আছে। বাইবেলৰ ৰোমীয়া কিতাপখনৰ মূল বিষয়বস্তু হৈছে যিজনে যীচুত বিশ্বাস কৰিব তেৱেঁই পৰিত্ৰাণ পাব। ৰোমীয়া ১০ অধ্যায়ত কৈছে যে জন্মগত ইস্ৰায়েলসকলে সেই মোচিৰ ব্যৱস্থা পালন কৰি ধাৰ্ম্মিক স্তৰ পাবলৈ ইচ্ছা ৰাখিছিল, তাৰ বিপৰীতে ‘খ্ৰীষ্টেই সেই বিধানক ইতিমধ্যেই সমাপ্তি’ কৰিছিল। সেইবাবে পাঁচনি পৌলে এইদৰে কৈছিল: “যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰা, আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা।” সেই সময়ৰে পৰা “যিহুদী কি গ্ৰীক ইয়াৰ একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে। কাৰণ যি কোনোৱে [যিহোৱাৰ, NW] নামত প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।”—ৰোমীয়া ১০:৪, ৯-১৩.

৬. পাঁচনি পৌলে গীত ১৯:৪ পদটো কেনেকৈ ব্যৱহাৰ কৰিলে?

তাৰ পিছত পাঁচনি পৌলে যুক্তি দাঙি এইদৰে সুধিছে: “যি জনাত তেওঁবিলাকে বিশ্বাস কৰা নাই, সেই জনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনাৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহলে, কেনেকৈ শুনিব?” (ৰোমীয়া ১০:১৪, ১৫) পৌলে ইস্ৰায়েলসকলক উদ্দেশ্য কৰি এইদৰে কৈছিল: “সকলোৱে যে শুভবাৰ্ত্তা মানিলে, এনে নহয়।” তেওঁলোকে কিয় শুভবাৰ্ত্তাক নামানিলে? তেওঁলোকে সুবিধা নোপোৱাৰ বাবে নহয় কিন্তু বিশ্বাস নথকাৰ বাবেহে নামানিলে। ইয়াক পাঁচনি পৌলে গীত ১৯:৪ পদটো উদ্ধৃত কৰি কৈছিল আৰু তাত কোৱা বাক্যবোৰ নিৰৱ সৃষ্টিয়ে দিয়া সাক্ষ্যৰ ওপৰত নহয় কিন্তু খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যক বুজাইছে। তেওঁ এইদৰে কৈছে: “তেওঁবিলাকৰ স্বৰ গোটেইখন পৃথিবীলৈ, আৰু তেওঁবিলাকৰ কথা জগতৰ সীমালৈকে ব্যাপি গল।” (ৰোমীয়া ১০:১৬, ১৮) যিদৰে সৃষ্টিয়ে নিৰৱে যিহোৱাৰ মহিমা কৰে, সেইদৰে প্ৰথম শতাব্দীত খ্ৰীষ্টানসকলে উদ্ধাৰৰ শুভবাৰ্ত্তাৰ বিষয়ে “গোটেইখন পৃথিৱীলৈ” কৰা প্ৰচাৰ কাৰ্য্যই তেওঁৰ মহিমা কৰিলে। তদুপৰি তেওঁ কলচীয়া মণ্ডলীলৈ লিখা পত্ৰখনতো বৰ্ণনা কৰিছিল যে কেনেকৈ শুভবাৰ্ত্তা সকলো ঠাইলৈ বিয়পি গল। তেওঁ কৈছিল যে শুভবাৰ্ত্তা “গোটেই সৃষ্টিৰ আগত প্ৰচাৰিত” হʼল।—কলচীয়া ১:২৩.

উৎসাহী সাক্ষীসকল

৭. যীচুৰ অনুসাৰে প্ৰকৃত খ্ৰীষ্টানসকলৰ কেনে দায়িত্ব আছে?

সম্ভৱতঃ যীচুৰ মৃত্যুৰ ২৭ বছৰৰ পিছত পাঁচনি পৌলে কলচীয়া মণ্ডলীলৈ এই পত্ৰখন লিখিছিল। ইমান কম সময়ৰ ভিতৰত কেনেকৈ কলচীয়াৰ সকলো ঠাইলৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰা হʼল? যিহেতু প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকল উৎসাহী প্ৰচাৰক হোৱাৰ বাবে যিহোৱাই তেওঁলোকে দেখুৱা মনোবৃত্তিক আশীৰ্ব্বাদ কৰিলে। যীচুৱে “সকলো জাতিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰিত হব” বুলি কোৱাৰ সময়ত তেওঁৰ শিষ্যবিলাক যে সক্ৰিয় প্ৰচাৰক হʼব তাকো আগতীয়াকৈ কৈছিল। (মাৰ্ক ১৩:১০) সেই ভৱিষ্যতবাণীত যীচুৱে দিয়া আদেশৰ বিষয়ে মথি কিতাপৰ শেষ অধ্যায়ত এইদৰে লিপিবদ্ধ কৰা হৈছে: “তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা আৰু মই যি যি আদেশ তোমালোকক দিলোঁ।” (মথি ২৮:১৯, ২০) যীচু স্বৰ্গাৰোহণ হোৱাৰ কিছু সময়ৰ পিছত তেওঁৰ শিষ্যসকলে এই আজ্ঞাক সম্পূৰ্ণকৈ পালন কৰিছিল।

৮, ৯. পাঁচনিৰ কৰ্ম্ম কিতাপত বৰ্ণনা কৰা অনুসাৰে প্ৰকৃত খ্ৰীষ্টানসকলে যীচুৰ আজ্ঞাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

পেন্টাকোষ্ট সা.যু. ৩৩ চনত পবিত্ৰ আত্মাৰে পূৰ্ণ হৈ যীচুৰ বিশ্বাসী শিষ্যসকলে যিৰূচালেমত “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” বিষয়ে প্ৰচাৰ কৰিব ধৰিলে। তেওঁলোকৰ প্ৰচাৰ কাৰ্য্য ইমানেই কাৰ্য্যকাৰী আছিল যে প্ৰায় “তিনি হাজাৰমান মানুহ” বাপ্তিষ্মা লʼলে। তাৰ পিছত তেওঁলোকে একেৰাহে উৎসাহেৰে সকলোৰে আগত ঈশ্বৰৰ স্তুতি কৰি উত্তম ফল পাইছিল।—পাঁচনিৰ কৰ্ম্ম ২:৪, ১১, ৪১, ৪৬, ৪৭.

অতি কমসময়ৰ ভিতৰত তেওঁলোকৰ প্ৰগতিৰ বিষয়ে ইহুদী ধৰ্ম্মগুৰুসকলৰ কাণত পৰিল। পাঁচনি পিতৰ আৰু যোহনৰ প্ৰভাৱকাৰী ভাষণৰ দ্বাৰা বিৰক্ত হৈ ধৰ্ম্মগুৰুসকলে তেওঁলোকক প্ৰচাৰ নকৰিবলৈ আদেশ দিছিল। কিন্তু পাঁচনিসকলে ধৰ্ম্মগুৰুসকলক এইদৰে কৈছিল: “আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ।” এনে প্ৰত্যুত্তৰ শুনি তেওঁলোকে পিতৰ আৰু যোহনক ডাবি-ধমকি দি এৰি দিলে। তাতে পিতৰ আৰু যোহনে তেওঁলোকৰ আধ্যাত্মিক ভাইসকলৰ ওচৰলৈ উভটি গʼল আৰু একেলগে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। তেওঁলোকে সাহসেৰে যিহোৱাক এইদৰে সুধিছিল: “আপোনাৰ দাসবিলাকক নিৰ্ভয়ে আপোনাৰ বাক্য কবলৈ দিয়ক।”—পাঁচনিৰ কৰ্ম্ম ৪:১৩, ২০, ৩০.

১০. কেনে ধৰণৰ বিৰোধিতা দেখা দিছিল আৰু প্ৰকৃত খ্ৰীষ্টানসকলে তাৰ প্ৰতি কেনে মনোবৃত্তি দেখুৱালে?

১০ তেওঁলোকে কৰা প্ৰাৰ্থনা যে যিহোৱাৰ ইচ্ছাৰ অনুসৰি আছিল, সেইয়া পিছলৈ স্পষ্টকৈ প্ৰকাশ পাইছিল। পাঁচনিবিলাকক আটক কৰি বন্দীশালত ৰাখা হৈছিল আৰু এজন স্বৰ্গদূতে আহি তেওঁলোকক মুকলি কৰিছিল। স্বৰ্গদূতজনে তেওঁলোকক এইদৰে কৈছিল: “তোমালোক যোৱা, আৰু ধৰ্ম্মধামত থিয় হৈ, এই জীৱনৰ সকলো কথা মানুহবিলাকক কোৱাগৈ।” (পাঁচনিৰ কৰ্ম্ম ৫:১৮-২০) তেওঁলোকে আজ্ঞাকাৰী হোৱাৰ বাবে যিহোৱাই একেৰাহে আশীৰ্ব্বাদ কৰিলে। সেইবাবে “তেওঁলোকে নিতৌ নিতৌ ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ, আৰু যীচুৱেই সেই খ্ৰীষ্ট বুলি প্ৰচাৰ কৰিবলৈ নেৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৫:৪২) সঁচাকৈ প্ৰবল বিৰোধিতায়েও যীচুৰ শিষ্যসকলক যিহোৱাৰ নাম মহিমা কৰাত প্ৰতিবন্ধক হʼব নোৱাৰিলে।

১১. প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে প্ৰচাৰ কাৰ্য্যৰ প্ৰতি কেনে মনোবৃত্তি দেখুৱালে?

১১ তাৰ পিছত অতি কম সময়ৰ ভিতৰত স্তিফানক বন্দী কৰি শিল দলিয়াই বধ কৰা হʼল। সেই সময়ৰ পৰা যিৰূচালেমত অত্যাধিক উৎপীড়ন আৰম্ভ হʼল আৰু পাঁচনিবিলাকক এৰি আন সকলো শিষ্য তাৰ পৰা পলাই গৈ সিচৰিত হৈ গʼল। তেওঁলোকে উৎপীড়নৰ সম্মুখীন হৈ নিৰুৎসাহিত হৈছিলনে? অৱশ্যেই হোৱা নাছিল। কিয়নো সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “যিবিলাক গোট গোট হল, তেওঁবিলাকে সকলো ঠাইতে ফুৰি ফুৰি, শুভবাৰ্ত্তাৰ বাক্য প্ৰচাৰ কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৮:১, ৪) তেওঁলোকক বাৰে বাৰে উৎসাহেৰে যিহোৱাৰ মহিমা কৰা দেখা গৈছিল। পাঁচনিৰ কৰ্ম্ম ৯ অধ্যায়ত আমি তাৰ্চ নগৰত চৌল নামৰ এজন ফৰীচী ব্যক্তিয়ে যীচুৰ শিষ্যবিলাকক তাড়না দিয়াৰ উদ্দেশ্যৰে দম্মেচকলৈ যাত্ৰা কৰা বুলি পঢ়িবলৈ পাওঁ। কিন্তু বাটত তেওঁ যীচুৰ দৰ্শন পাই অন্ধ হৈ পৰিছিল। দম্মেচকত অননিয় নামৰ এজন শিষ্যই অলৌকিকভাৱে তেওঁৰ দৃষ্টি ঘূৰাই আনিছিল। চৌল যিজনক পিছলৈ পৌল বুলি জনা গৈছিল, তেওঁ কৰা সৰ্ব্বপ্ৰথম কাৰ্য্য কি আছিল? বৃতান্তই এইদৰে কৈছে: “তেওঁ দম্মেচকত থকা শিষ্যবিলাকে সৈতে দিনচাৰেক থাকি, যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেতিয়াই ঘোষণা কৰিবলৈ ধৰিলে।”—পাঁচনিৰ কৰ্ম্ম ৯:১৯, ২০.

প্ৰত্যেকজনে প্ৰচাৰ কাৰ্য্যত ভাগ লৈছিল

১২, ১৩. (ক) বুৰঞ্জীবিদসকলৰ অনুসাৰে প্ৰথম শতাব্দীৰ খ্ৰীষ্টান মণ্ডলী কিহৰ বাবে উল্লেখনীয় আছিল? (খ) বুৰঞ্জীবিদসকলে দাঙি ধৰা মন্তব্যবোৰৰ সৈতে বাইবেলৰ পাঁচনিৰ কৰ্ম্ম নামৰ কিতাপখন কেনেকৈ মিল খায়?

১২ প্ৰথম শতাব্দীত সকলোৱে যে প্ৰচাৰ কাৰ্য্যত ভাগ লৈছিল, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সেই সময়ৰ খ্ৰীষ্টানসকলৰ বিষয়ে লিখক ফিলীপ চেফে এইদৰে লিখিছে: “সকলো মণ্ডলীৰ প্ৰধান উদ্দেশ্য আছিল প্ৰচাৰ কৰা আৰু তেওঁলোকৰ প্ৰত্যেকজনে আছিল মিচনাৰী।” (হিছ্‌ট্ৰী অৱ দ্য খ্ৰীষ্টীয়ান চাৰ্চ) উইলিয়াম এচ. উইলচনে লিখা দ্য গ্লৰিয়াচ্‌ মিনিচট্ৰী অৱ দ্য লেইটী নামৰ কিতাপখনত এইদৰে উল্লেখ কৰিছে: “সাধাৰণ প্ৰমাণসমূহে প্ৰকাশ কৰিছে যে প্ৰথম শতাব্দীত পবিত্ৰ আত্মা পোৱা গীৰ্জাৰ সদস্যসকলে শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল।” তদুপৰি লিখকজনে ইয়াকো উল্লেখ কৰি কয়: “যীচুৱে কেতিয়াও কোৱা নাছিল যে কেৱল এক বিশেষ শ্ৰেণীৰ লোকসকলে প্ৰচাৰ কাৰ্য্যত ভাগ লʼব পাৰে।” আনকি খ্ৰীষ্টান ধৰ্ম্মৰ বিৰোধী চেলচাছ নামৰ ব্যক্তিজনেও এইদৰে লিখিছিল: “ঊণী বস্ত্ৰ বনোৱা, মুচী আনকি নিম্ন আৰু অশিক্ষিত ব্যক্তিসকলেও উৎসাহী শুভবাৰ্ত্তা প্ৰচাৰক আছিল।”

১৩ সেই বাক্যবোৰৰ সত্যতা আমি বাইবেলৰ পাঁচনিৰ কৰ্ম্ম নামৰ কিতাপত দেখিবলৈ পাওঁ। পেন্টাকোষ্ট সা.যু. ৩৩ চনৰ সময়ত পবিত্ৰ আত্মাৰ দ্বাৰা পৰিপূৰ্ণ হোৱাৰ পিছত সকলো শিষ্য, পুৰুষ আৰু স্ত্ৰী উভয়ে ৰাজহুৱাভাৱে ঈশ্বৰৰ মহৎ কৰ্ম্মৰ বিষয়ে প্ৰচাৰ কৰিছিল। তাড়নাৰ পিছত স্তিফানক হত্যা কৰা হয় আৰু সেইবাবে সিচৰিত হৈ পৰা সকলো প্ৰকৃত খ্ৰীষ্টানে কৰা শুভবাৰ্ত্তাৰ প্ৰচাৰ বহু দূৰলৈ ব্যয়পী গʼল। প্ৰায় ২৮ বছৰৰ পিছত পাঁচনি পৌলে কোনো এক অলপ সংখ্যক সমূহীয়া যাজক বৰ্গলৈ নহয় কিন্তু ইহুদী খ্ৰীষ্টানসকললৈ লিখা পত্ৰখনত এইদৰে কৈছিল: “আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশে স্তৱৰূপ যজ্ঞ, অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহঁক।” (ইব্ৰী ১৩:১৫) প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা তেওঁৰ নিজৰ মনোবৃত্তিৰ বিষয়ে এইদৰে কৈছিল: “মই শুভবাৰ্ত্তা প্ৰচাৰ কৰিলেও, সেয়ে মোলৈ শ্লাঘাৰ কাৰণ নহয়; কিয়নো, নিশ্চয়ে কৰিব লগীয়া কৰ্ম্মৰ ভাৰহে মোৰ ওপৰত দিয়া হৈছে; কাৰণ, শুভবাৰ্ত্তা প্ৰচাৰ নকৰিলে মোৰ সন্তাপ হব।” (১ কৰিন্থীয়া ৯:১৬) বাস্তৱতে প্ৰথম শতাব্দীৰ সকলো বিশ্বাসী প্ৰকৃত খ্ৰীষ্টানসকলে প্ৰচাৰ কাৰ্য্যৰ প্ৰতি পাঁচনি পৌলৰ দৰে অনুভৱ কৰিছিল।

১৪. বিশ্বাস আৰু প্ৰচাৰ কাৰ্য্যৰ মাজত কেনে সম্পৰ্ক আছে?

১৪ যিহেতু প্ৰচাৰ কাৰ্য্য বিশ্বাসৰ সৈতে জড়িত থকাৰ বাবে এজন প্ৰকৃত খ্ৰীষ্টানে অৱশ্যেই দায়িত্ব বহন কৰা উচিত। এই সন্দৰ্ভে পাঁচনি পৌলে এইদৰে কৈছিল: “কাৰণ ধাৰ্ম্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়।” (ৰোমীয়া ১০:১০) তেওঁলোকে গীৰ্জাৰ যাজক বা পাদ্ৰী বৰ্গৰ দৰে প্ৰকৃত খ্ৰীষ্টান মণ্ডলীত কেৱল এক তাকৰীয়া সমূহে বিশ্বাসৰ অনুসাৰে চলি প্ৰচাৰ কৰাৰ দায়িত্ব পালন কৰিছেনে? অৱশ্যেই তেনে দৰে নহয়! দৰাচলতে, প্ৰত্যেকজন প্ৰকৃত খ্ৰীষ্টানে যীচুৰ প্ৰতি এক দৃঢ় বিশ্বাস গঢ়ি তুলি সকলোৰে আগত নিজ বিশ্বাসৰ বিষয়ে ঘোষণা কৰিছে। যদি তেওঁলোকে তেনে নকৰে তেন্তে তেওঁলোকৰ বিশ্বাস জীয়া নহয় কিন্তু মৰা হʼব। (যাকোব ২:২৬) প্ৰথম শতাব্দীৰ সকলো বিশ্বাসী খ্ৰীষ্টানে নিজ বিশ্বাসৰ বিষয়ে তেনেদৰে ঘোষণা কৰাৰ বাবে সকলোৱে যিহোৱাৰ নামৰে স্তুতি কৰিব পাৰিলে।

১৫, ১৬. বাধাৰ স্বত্ত্বেও প্ৰচাৰ কাৰ্য্যই অগ্ৰগতি লাভ কৰাৰ কিছুমান উদাহৰণ দিয়ক।

১৫ প্ৰথম শতাব্দীত খ্ৰীষ্টান মণ্ডলীৰ ভিতৰে আৰু বাহিৰে দেখা দিয়া সমস্যাৰ স্বত্বেও যিহোৱাই তেওঁৰ লোকসকলক আশীৰ্ব্বাদ দিছিল। উদাহৰণস্বৰূপে, পাচনিৰ কৰ্ম্ম ৬ অধ্যায়ত হীব্ৰু আৰু গ্ৰীক খ্ৰীষ্টানসকলৰ মাজত হোৱা মতভেদৰ বিষয়ে উল্লেখ কৰিছে। পিছলৈ পাঁচনিবিলাকে এই সমস্যাটোক সমাধান কৰিছিল। ইয়াৰ পৰিণামৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “ঈশ্বৰৰ বাক্য ব্যাপি গল; আৰু যিৰূচালেমত শিষ্যবিলাকৰ সংখ্যা বৰকৈ বাঢ়িল; পুৰোহিতসকলৰো এটা ডাঙৰ সমাজ বিশ্বাসৰ বশৱৰ্ত্তী হল।”—পাঁচনিৰ কৰ্ম্ম ৬:৭.

১৬ পিছলৈ যিহূদাৰ ৰজা হেৰোদ আগ্ৰিপ্প আৰু তূৰীয়া, চীদোনত থকা লোকসকলৰ মাজত ৰাজনৈতিক মতভেদ সৃষ্টি হৈছিল। এই ৰাজনৈতিক মতভেদ দূৰ কৰিবলৈ সেই দুয়োখন নগৰৰ বাসীসকলে এনে এক শান্তিৰ প্ৰস্তাৱ আগবঢ়ালে যাৰ বাবে ৰজা হেৰোদে সন্তুষ্টি হৈ ৰাইজক উদ্দেশ্য কৰি এটা ভাষণ দিলে। তেওঁৰ ভাষণ শুনি তাত গোট খোৱা লোকবিলাকে চিঞৰি এইদৰে কʼব ধৰিলে: “এয়ে মানুহৰ মাত নহয়, ঈশ্বৰৰ মাত। কিন্তু সেই সন্মান তেওঁ ঈশ্বৰক নিদিয়াৰ” বাবে তেতিয়াই যিহোৱাৰ এজন দূতে ৰজা হেৰোদক আঘাত কৰাত তেওঁ প্ৰাণত্যাগ কৰিলে। (পাঁচনিৰ কৰ্ম্ম ১২:২০-২৩) যিসকলে মানৱ অধিপতিবিলাকৰ ওপৰত ভাৰসা ৰাখিছিল তেওঁলোকৰ বাবে ই কিযে এক অতৰ্কিত বিষয় আছিল! (গীত ১৪৬:৩, ৪) যিয়েই নহওক, প্ৰকৃত খ্ৰীষ্টানসকলে একেৰাহে যিহোৱাৰ মহিমা কৰি থাকিল। ফলস্বৰূপে, তেনে ধৰণৰ ৰাজনৈতিক অনিশ্চয়তা পৰিস্থিতিতো “ঈশ্বৰৰ বাক্য ব্যাপ্ত হৈ বাঢ়ি বাঢ়ি গল।”—পাঁচনিৰ কৰ্ম্ম ১২:২৪.

প্ৰথম শতাব্দী আৰু আজিৰ সময়ত

১৭. প্ৰথম শতিকাত বৃদ্ধি হোৱা লোকসকলৰ সংখ্যাই কি কৰিবলৈ সংযুক্ত হৈছিল?

১৭ প্ৰথম শতাব্দীৰ বিশ্বব্যাপী খ্ৰীষ্টান মণ্ডলী যিহোৱা ঈশ্বৰৰ উৎসাহী আৰু সক্ৰিয় প্ৰচাৰকৰ দ্বাৰা গঠিত আছিল। সকলো আনুগত্য খ্ৰীষ্টানে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত অংশ গ্ৰহণ কৰিছিল। তেওঁলোকৰ কিছুমানে আগ্ৰহী ব্যক্তিসকলক লগ পাই যীচুৱে দিয়া আদেশক পালন কৰিবলৈ শিক্ষাদান কৰিছিল। (মথি ২৮:১৯) যাৰ ফলস্বৰূপে, মণ্ডলী বৃদ্ধি হʼল আৰু বহুতো ব্যক্তিয়ে ৰজা দায়ূদে কোৱাৰ দৰে যিহোৱাৰ নাম কীৰ্ত্তন কৰাত যোগদান কৰিলে। সকলোৱে এই প্ৰেৰিত বাক্যবোৰৰ সৈতে সুৰ মিলাই কʼব ধৰিলে: “হে মোৰ প্ৰভু ঈশ্বৰ, মই সমস্ত চিত্তেৰে তোমাৰ স্তুতি কৰিম, আৰু চিৰকাললৈকে তোমাৰ নাম গৌৰৱান্বিত কৰিম। কিয়নো মোলৈ তোমাৰ দয়া প্ৰচুৰ।”—গীত ৮৬:১২, ১৩.

১৮. (ক) প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলী আৰু খ্ৰীষ্টীয়জগতৰ মাজত কেনে ভিন্নতা দেখিবলৈ পোৱা যায়? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

১৮ এই বিষয়টোৰ সম্বন্ধে ধৰ্ম্মনীতিৰ অধ্যাপিকা এলীচন্‌ এ. ট্ৰিটেচে কোৱা কথাবোৰ বাস্তৱতে এক বিবেচনা কৰিবলগীয়া বিষয় আছিল। প্ৰথম শতাব্দীৰ খ্ৰীষ্টান ধৰ্ম্মৰ সৈতে আধুনিক দিনৰ খ্ৰীষ্টীয় জগতক তুলনা কৰি অধ্যাপিকা গৰাকীয়ে এইদৰে কৈছিল: “বৰ্তমান সময়ৰ গীৰ্জাবোৰ সাধাৰণতে জন্মগতভাৱে বৃদ্ধি (স্থানীয় গীৰ্জাৰ সদস্যৰ পৰিয়ালৰ মাজত লʼৰা-ছোৱালীয়ে ডাঙৰ-দীঘল হৈ একেই ধৰ্ম্মবিশ্বাস ধাৰণ কৰে) বা স্থানান্তৰিতভাৱে বৃদ্ধি হৈছে (এজন নতুন ব্যক্তিয়ে নিজৰ সদস্যতা আন এখন গীৰ্জাৰ পৰা বদলি কৰে)। দৰাচলতে প্ৰথম শতাব্দীৰ খ্ৰীষ্টান মণ্ডলীসমূহৰ বৃদ্ধি ধৰ্ম্মান্তৰিত হোৱাৰ ফলত হৈছিল যি কেৱল আৰম্ভণি মাথোন আছিল।” তেন্তে ইয়াৰ অৰ্থ এইটো আছিলনে যে প্ৰকৃত খ্ৰীষ্টান ধৰ্ম্ম যীচুৱে কোৱাৰ দৰে বৃদ্ধি হৈ থকাটো উচিত নহয়? অৱশ্যেই নহয়। প্ৰথম শতাব্দীৰ দৰে প্ৰকৃত খ্ৰীষ্টানসকলে উৎসাহী হৈ সকলোৰে আগত ঈশ্বৰৰ মহিমা কীৰ্ত্তন কৰিছে। এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম। (w04 1/01)

আপুনি উত্তৰ দিব পাৰিবনে?

• আমি কেনে ধৰণে যিহোৱাৰ মহিমা কৰোঁ?

গীত ১৯:৪ পদটোৰ অনুসাৰে পাঁচনি পৌলে কি পৰামৰ্শ আগবঢ়াইছিল?

• বিশ্বাস আৰু প্ৰচাৰ কাৰ্য্যৰ মাজত কি সম্পৰ্ক আছে?

• প্ৰথম শতাব্দীৰ খ্ৰীষ্টান মণ্ডলী কিহৰ বাবে লেখত লʼবলগীয়া আছিল?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৮, ৯ পৃষ্ঠাৰ ছবি]

আকাশ-মণ্ডলে নিৰন্তৰে যিহোৱাৰ মহিমা কৰাৰ প্ৰমাণ দিছে

[৮ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Courtesy of Anglo-Australian Observatory, photograph by David Malin

[১০ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰচাৰ কাৰ্য্য আৰু প্ৰাৰ্থনাৰ মাজত এক নিবিড় সম্পৰ্ক আছে