Skip to content

Skip to table of contents

আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—১

আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—১

যিহোৱাৰ বাক্য জীয়া

আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—১

“আদি” শব্দটোৰ অৰ্থ হৈছে “আৰম্ভণি” বা “উৎপত্তি” হোৱা। পুস্তকখনৰ নামটো এইবাবে উপযুক্ত কিয়নো ইয়াত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, পৃথিৱীখনক মানুহে বাস কৰিব পৰাকৈ উপযোগী কৰা আৰু মানুহ কেনেকৈ অস্তিত্বত আহিল এই বিষয়ে বৰ্ণনা কৰা হৈছে। এই পুস্তকখন মোচিয়ে সা.যু.পূ. ১৫১৩ চনত চীনয়ৰ অৰণ্যত লিখিছিল।

আদিপুস্তক নামৰ কিতাপখনে আমাক জল-প্লাৱনৰ পূৰ্বে জগতখনত কি হৈছিল আৰু যিহোৱা ঈশ্বৰে অব্ৰাহাম, ইচ্‌হাক, যাকোব আৰু যোচেফৰ সৈতে কেনে আচৰণ কৰিছিল এই বিষয়ে ব্যাখ্যা কৰিছে। এই লেখটোত আদিপুস্তক ১:১-১১:৯ পদত উল্লেখ কৰা বৃতান্তটোৰ বিশেষকৈ কুল-পিতৃ অব্ৰাহামৰ সময়ৰলৈকে যিহোৱাই কেনে আচৰণ কৰিছিল তাৰ বিষয়ে আলোকপাত কৰা হৈছে।

জল-প্লাৱনৰ পূৰ্বে জগতখন

(আদিপুস্তক ১:১-৭:২৪)

আদিপুস্তকৰ আৰম্ভণিতে “আদিতে” বুলি উল্লেখ কৰা বাক্যটোৱে কোটি কোটি বছৰ অতীতৰ বিষয়ে আভাস দিছে। ছটা সৃষ্টি কৰা “দিন” বা বিশেষ সময়ছোৱাক বৰ্তমান পৃথিৱীত মানুহে দৃষ্টি কৰা সময়ছোৱাৰ দৰে বৰ্ণনা কৰা হৈছে। ছয় দিনৰ শেষত ঈশ্বৰে মানুহ নিৰ্ম্মাণ কৰিলে। যদিও মানুহৰ অৱজ্ঞাকাৰীতাৰ বাবে পৰমদেশ হেৰাই গʼল তথাপিও যিহোৱাই আমাক আশা প্ৰদান কৰিছে। বাইবেলৰ সৰ্বপ্ৰথম ভৱিষ্যতবাণীত এটা ‘বংশ’ বুলি উল্লেখ কৰিছে যিজনে বৰ্তমান পাপ হোৱাৰ বাবে ঘটি থকা সকলো বেয়া পৰিস্থিতি আৰু চয়তানক গুড়ি কৰিব।

তাৰ পিছত ১৬০০ বছৰলৈকে কেৱল কিছুমান বিশ্বাসী ব্যক্তি অৰ্থাৎ হেবল, হনোক আৰু নোহৰ বাহিৰে প্ৰায় সকলো মানুহক চয়তানে ঈশ্বৰৰ বিপক্ষে কৰি নিজৰ ফলিয়া কৰিছিল। উদাহৰণস্বৰূপে, কয়িনে নিজৰ ভায়েক হেবলক হত্যা কৰিলে। সেই সময়ত লোকবিলাকে অনাদৰভাৱে “যিহোৱাৰ নাম লৈ প্ৰাৰ্থনা আদি কৰিবলৈ ধৰিলে।” তেতিয়াৰ সময়ত প্ৰবলভাৱে লোকসকলৰ মাজত দেখা দিয়া অত্যাচাৰী মনোবৃত্তিৰ বিষয়ে লেমকে লিখা এটা কবিতাত তেওঁ কেনেকৈ এজন ডেকা ব্যক্তিক নিজৰ আত্মপ্ৰতিৰক্ষাৰ বাবে হত্যা কৰিলে তাৰ বিষয়ে উল্লেখ কৰিছিল। যেতিয়া সেই অৱস্থা অধিক বেয়ালৈ ধাল খালে তেতিয়া অৱজ্ঞাকাৰী স্বৰ্গদূতবোৰে আহি মানুহৰ জীয়াৰীবিলাকৰ সৈতে বিয়া কৰিলে, তেওঁলোকৰ পৰা জন্ম হোৱা অত্যাচাৰী আৰু ক্ৰুৰ দত্যকায় ব্যক্তিবোৰক নাফিল বুলি কোৱা হʼল। তথাপিও বিশ্বাসী ব্যক্তি নোহে জাহাজ নিৰ্ম্মাণ, সাহসেৰে আহিবলগীয়া ধ্বংসৰ বিষয়ে ঘোষণা কৰিলে আৰু নিজৰ পৰিয়ালৰ আঠজন সদস্যৰ সৈতে ৰক্ষা পৰিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১:১৬—যদিও চতুৰ্থ দিনৰ লৈকে জ্যোতিষ্কবোৰ নিৰ্ম্মাণ কৰা নাছিল তথাপিও প্ৰথম দিনা কেনেকৈ পোহৰ উৎপন্ন হৈছিল? ১৬ পদত উল্লেখ কৰা হিব্ৰু “নিৰ্ম্মাণ” শব্দটোৰ অৰ্থ আদিপুস্তক ১ অধ্যায়ৰ ১, ২১ আৰু ২৭ পদত উল্লেখ কৰা “সৃষ্টি” শব্দটোৰ অৰ্থৰ সৈতে একেই নহয়। “এক দিন” অৰ্থাৎ প্ৰথম দিন আৰম্ভণি হোৱাৰ বহু আগেয়ে ঈশ্বৰে “আকাশ-মণ্ডল,” যʼত সন্মিলিত সৈতে জ্যোতিষ্কবোৰ সৃষ্টি কৰিলে। কিন্তু সেইবোৰৰ পোহৰ পৃথিৱীখনৰ ভূমিত পৰা নাছিল। প্ৰথম দিনা “পোহৰ হল”, কিয়নো প্ৰসাৰিত হোৱা সেই পোহৰ ডাৱৰৰ স্তৰক প্ৰভেদ কৰি পৃথিৱীৰ ভূমিত দৃশ্যমান হʼল। পৃথিৱীখন নিজ মেৰুদণ্ডত ঘূৰাৰ বাবে পৰ্য্যায়ক্ৰমভাৱে দিন আৰু ৰাতি হʼবলৈ আৰম্ভ কৰিলে। (আদিপুস্তক ১:১-৩, ৫) যিহেতু তেতিয়াও পোহৰৰ সেই উৎস এই পৃথিৱীখনৰ পৰা অদৃশ্য হৈ আছিল। কিন্তু চতুৰ্থ সৃষ্টিৰ দিনাৰ সময়ছোৱাত এক উল্লেখনীয় ঘটনা ঘটিল। সূৰ্য্য, চন্দ্ৰ আৰু তৰাবোৰে “পৃথিবীৰ ওপৰত পোহৰ দিবলৈ” স্থাপন কৰিলে। (আদিপুস্তক ১:১৭) “ঈশ্বৰে নিৰ্ম্মাণ কৰিলে” যাতে পৃথিৱীৰ পৰা সেইবোৰক দেখিবলৈ পাৰি।

৩:৮—যিহোৱা ঈশ্বৰে পোনপটীয়াকৈ আদমৰ সৈতে কথোপকথন কৰিছিলনে? বাইবেলে স্পষ্টকৈ কৈছে যে ঈশ্বৰে এজন স্বৰ্গদূতৰ যোগেদি মানুহৰ সৈতে কথা-বতৰা হৈছিল। (আদিপুস্তক ১৬:৭-১১; ১৮:১-৩, ২২-২৬; ১৯:১; বিচাৰকৰ্ত্তাবিলাক ২:১-৪; ৬:১১-১৬, ২২; ১৩:১৫-২২) ঈশ্বৰৰ প্ৰধান মুখ্যপাত্ৰ হৈছে তেওঁৰ একমাত্ৰ পুত্ৰ, যিজনক “বাক্য” বুলিও কোৱা হয়। (যোহন ১:১) ইয়াৰ পৰা স্পষ্টকৈ এইটো দেখিবলৈ পোৱা গʼল যে ঈশ্বৰে সেই ‘বাক্যৰ’ যোগেদি আদম আৰু হৱাৰ সৈতে কথোপকথন কৰিছিল।—আদিপুস্তক ১:২৬-২৮; ২:১৬; ৩:৮-১৩.

৩:১৭কেনেকৈ ভূমি অভিশপ্ত হʼল আৰু কিমান সময়ৰ লৈকে? ভূমিক অভিশাপ দিয়াৰ অৰ্থ হৈছে মাটিত খেতি কৰাটো অতি কষ্টকৰ হোৱা। ভূমিক অভিশাপ দিয়াৰ বাবে কাঁইট আৰু কাঁইটীয়া বন উৎপন্ন হʼল। সেয়েহে আদমৰ বংশজ নোহৰ পিতৃ লেমকে এইদৰে কৈছিল “যিহোৱাই শাও দিয়া ভূমিৰ কাৰণে আমাৰ যি শ্ৰম আৰু হাতৰ ক্লেশ হয়।” (আদিপুস্তক ৫:২৯) জল-প্লাৱনৰ পিছত পৃথিৱীখন পূৰ্ণ কৰাৰ প্ৰতি থকা যিহোৱাই নিজৰ উদ্দেশ্যক সম্পন্ন কৰিবলৈ নোহ আৰু তেওঁৰ পুতেকবোৰক আশীৰ্ব্বাদ দিলে। (আদিপুস্তক ৯:১) প্ৰত্যক্ষভাৱে তেতিয়া ভূমিক দিয়া অভিশাপ যিহোৱাই আঁতৰ কৰিলে।—আদিপুস্তক ১৩:১০.

৪:১৫—যিহোৱা ঈশ্বৰে কেনেকৈ “কয়িনত এটা চিন দিলে”? বাইবেলত এইটো উল্লেখ কৰা নাই যে ঈশ্বৰে কয়িনৰ শৰীৰত কেনে ধৰণৰ চিন দিলে। সেইটো হয়তো আনুষ্ঠানিকভাৱে দিয়া এটা আজ্ঞা আছিল যাক সকলোৱে লক্ষ্য কৰিব পাৰিছিল আৰু সেই আজ্ঞাই আনে তেওঁক পায় বধ কৰি পোটক লোৱাৰ পৰা ৰক্ষা কৰিছিল।

৪:১৭—কয়িনে কʼৰ পৰা তেওঁৰ পত্নী পালে? আদমৰ “পুতেক জীয়েক জন্মিল।” (আদিপুস্তক ৫:৪) গতিকে কয়িনে সম্ভৱতঃ তেওঁৰ সৰু ভনীয়েক বা ভাগিনীয়েকক পত্নীৰূপে গ্ৰহণ কৰিলে। পিছলৈ ঈশ্বৰে একে পৰিয়ালৰ ভায়েকে ভনীয়েকৰ সৈতে আৰু ভনীয়েকে ভায়েকৰ সৈতে বিবাহ নকৰিবলৈ ইস্ৰায়েলসকলক নিয়ম ব্যৱস্থা দিলে।—লেবীয়া পুস্তক ১৮:৯.

৫:২৪—ঈশ্বৰে কিয় ‘হানোকক লৈ গʼল?’ স্পষ্টৰূপে হানোকৰ জীৱন বিপদপন্ন অৱস্থাত আছিল, কিন্তু ঈশ্বৰে তেওঁক শত্ৰুবিলাকৰ হাতত যাতনা ভুগীবলৈ নিদিলে। সেই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল, “হনোকে মৃত্যু নেদেখিবৰ নিমিত্তে, তেওঁক লোকান্তৰলৈ নিয়া হল।” (ইব্ৰী ১১:৫) ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰে তেওঁক স্বৰ্গলৈ তুলি নিলে আৰু তেওঁ তাত জীৱিত আছে। একমাত্ৰ যীচুৱে হৈছে প্ৰথম ব্যক্তি যিজনে স্বগলৈ উদ্ধগামী হʼল। (যোহন ৩:১৩; ইব্ৰী ৬:১৯, ২০) হনোকে “মৃত্যু নেদেখিবৰ নিমিত্তে, তেওঁক লোকান্তৰলৈ নিয়া হল” বুলি কোৱা বাক্যশাৰীৰ সম্ভৱতঃ অৰ্থ হʼব পাৰে, ঈশ্বৰে তেওঁক ভৱিষ্যদ্বাণীমূলক সমাধিস্থ অৱস্থাত ৰাখা আৰু তেওঁৰ জীৱন অৱসান ঘটোৱা। তেনে অৱস্থাত হনোকে কেতিয়াও যাতনা নুভুগিলে বা শত্ৰুৰ হাতত মৃত্যুবৰণ কৰিবলগীয়া নহʼল।

৬:৬—কি অৰ্থত কʼব পাৰি যে যিহোৱাই মানুহক সৃষ্টি কৰি “বেজাৰ” পালে? ইয়াত উল্লেখ কৰা অনুবাদিত হিব্ৰু “বেজাৰ” শব্দটোৱে মনোবৃত্তি বা অভিপ্ৰায় সলনি হোৱাৰ অৰ্থত বুজাইছে। যিহোৱা হৈছে সিদ্ধ সেইবাবে মানুহক সৃষ্টি কৰি তেওঁ কোনো ভুল কৰা নাই। কিন্তু জল-প্লাৱনৰ পূৰ্বেই থকা দুষ্টতাপূৰ্ণ জগতখনৰ বাবে তেওঁ নিজৰ অভিপ্ৰায় সলনি কৰিলে। সেই দুষ্টতাপূৰ্ণ জগতখনে ঈশ্বৰক বিৰক্ত কৰাৰ বাবে মানৱৰ সৃষ্টিকৰ্ত্তা হোৱাৰ অভিপ্ৰায়ক সলনি কৰি ধ্বংসকৰ্ত্তা হৈ পৰিল। সেই ধ্বংসত মানৱৰ কিছুমান ব্যক্তিক ৰক্ষা কৰা কাৰ্য্যই এই সত্যতা প্ৰকাশ কৰিছে যে ঈশ্বৰে কেৱল দুষ্ট লোকবিলাকৰ বাবেহে বেজাৰ অনুভৱ কৰিলে।—২ পিতৰ ২:৫, ৯.

৭:২—শুচি আৰু অশুচি জীৱ-জন্তুৰ মাজত প্ৰভেদ কৰিবলৈ কিহক এটা মুখ্য কাৰণ হিচাবে ব্যৱহাৰ কৰা হৈছিল? প্ৰভেদ কৰাৰ সেই মূল কাৰণটো স্পষ্টকৈ উপাসনাৰ বাবে বলিদান কৰিব পাৰি নে নোৱাৰি আৰু তাৰ মঙহ খাবৰ উপযুক্ত হয় নে নহয়, তাৰ ওপৰত আধাৰিত আছিল। জল-প্লাৱনৰ পূৰ্বেই জীৱ-জন্তুৰ মঙহ খাদ্যৰূপে ব্যৱহাৰ হোৱা নাছিল। খাদ্যৰ বাবে আহাৰ “শুচি” আৰু “অশুচি” কেৱল মোচিৰ ব্যৱস্থাতে উল্লেখ কৰা হৈছিল আৰু যেতিয়া মোচিৰ ব্যৱস্থাক বাতিল কৰা হʼল তেতিয়া সেই নিয়মো লুপ্ত হʼল। (পাঁচনিৰ কৰ্ম্ম ১০:৯-১৬; ইফিচীয়া ২:১৫) দৰাচলতে নোহে জানিছিল যে যিহোৱাক উপাসনা কৰাৰ বাবে কেনে জন্তু বলিদান কৰাটো উপযুক্ত। জল-প্লাৱন শেষ হোৱাৰ পিছত যেতিয়া নোহে জাহাজৰ পৰা ওলাই আহিল তেতিয়া তেওঁ “যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি, সকলো শুচি পশুৰ আৰু সকলো শুচি পক্ষীৰ পৰাও কেইটামান লৈ, সেই বেদিৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।”—আদিপুস্তক ৮:২০.

৭:১১—জল-প্লাৱনৰ বাবে পানী কʼৰ পৰা আহিল? সৃষ্টিৰ দ্বিতীয় “দিন” অৰ্থাৎ সময়ছোৱাত বায়ুমণ্ডলৰ “বিতান” নিৰ্ম্মাণ কৰি “বিতানৰ তলত থকা জলসমূহৰ পৰা বিতানৰ ওপৰৰ জলসমূহ বেলেগ কৰিলে।” (আদিপুস্তক ১:৬, ৭) “বিতানৰ” তলত থকা পানীভাগ ইতিমধ্যেই পৃথিৱীত আছিল। “ওপৰৰ” জলভাগ পৃথিৱীৰ উপৰি ভাগত এখন বৃহৎ সেমেকা চাদৰৰদৰে ওলমি থাকি ‘মহাজলৰ ভুমুক’ হৈ থাকিল। নোহৰ সময়ত সেই পানী পৃথিৱীত বৰষুণৰূপে পৰিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১:২৬. মানুহক ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে নিৰ্ম্মাণ কৰাৰ বাবে ঈশ্বৰৰ গুণসমূহ প্ৰতিফলিত কৰাৰ ক্ষমতা আছে। গতিকে আমি নিশ্চয়ে ঈশ্বৰৰ সেই গুণসমূহ, যেনে, প্ৰেম, দয়া, কৃপা, সাধুতা আৰু ধৈৰ্য্যক প্ৰতিফলিত কৰা উচিত।

২:২২-২৪. বিবাহ হৈছে ঈশ্বৰে কৰা এটা ব্যৱস্থা। গতিকে বিবাহ হৈছে এটা চিৰস্থায়ী আৰু পবিত্ৰ বন্ধন আৰু স্বামীয়ে পৰিয়ালত মুখীয়াল হিচাবে কাৰ্য্য কৰে।

৩:১-৫, ১৬-২৩. সুখী হোৱাটো আমাৰ ব্যক্তিগত জীৱনত যিহোৱাৰ সাৰ্ব্বভৌমত্বক চিনি পোৱাৰ ওপৰত নিৰ্ভৰ কৰে।

৩:১৮, ১৯; ৫:৫; ৬:৭; ৭:২৩ যিহোৱাৰ বাক্য সদায়ে সঁচা প্ৰমাণিত হয়।

৪:৩-৭. হেবল ধাৰ্ম্মিক আৰু বিশ্বাসী ব্যক্তি হোৱাৰ বাবে যিহোৱাই তেওঁৰ বলিদানত সন্তুষ্ট হৈছিল। (ইব্ৰী ১১:৪) আনহাতে কয়িনৰ কাৰ্য্যই প্ৰমাণ কৰিলে যে তেওঁত বিশ্বাসৰ হ্ৰাস হৈছিল। তেওঁ ঈৰ্ষালু, ঘৃণা আৰু হত্যাকাৰী হৈ প্ৰকাশ কৰিলে যে তেওঁৰ কাৰ্য্য দুষ্টতাপূৰ্ণ আছিল। (১ যোহ. ৩:১২) তদুপৰি তেওঁ হয়তো নিজে কৰা বলিদানৰ প্ৰতি অধিক গভীৰতাৰে বিবেচনা নকৰি গতানুগতিৰে তাক ঈশ্বৰৰ সম্মুখত প্ৰস্তুত কৰিছিল। গতিকে আমি যিহোৱালৈ আগবঢ়োৱা স্তুতিৰূপী বলিদান সম্পূৰ্ণ হৃদয়, সঠিক মনোবৃত্তি আৰু উপযুক্ত আচৰণেৰে কৰা উচিত নহয়নে?

৬:২২. জাহাজ নিৰ্ম্মাণ কৰিবলৈ যদিও নোহক বহু বছৰ লাগিল তথাপিও তেওঁ ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে সকলোকে কৰিলে। সেয়েহে নোহ আৰু তেওঁৰ পৰিয়ালে জল-প্লাৱনত ৰক্ষা পৰিল। যিহোৱাই আমাক তেওঁৰ লিখিত বাক্য আৰু তেওঁৰ পাৰ্থিৱ সংগঠনৰ দ্বাৰা নিৰ্দ্দেশনা প্ৰদান কৰিছে। সেইবোৰ কেৱল আমাৰ লাভৰ বাবেহে দিয়া হৈছে যাক আমি শুনি পালন কৰা উচিত।

৭:২১-২৪. যিহোৱা ঈশ্বৰে অধাৰ্ম্মিকৰ সৈতে ধাৰ্ম্মিক ব্যক্তিক ধ্বংস নকৰে।

মানৱজাতিয়ে এক নতুন যুগত প্ৰৱেশ কৰে

(আদিপুস্তক ৮:১-১১:৯)

জল-প্লাৱনৰ পূৰ্বৰ জগতখন ধ্বংস হোৱাৰ পিছত মানৱজাতিয়ে এক নতুন যুগত প্ৰৱেশ কৰিলে। মানৱজাতিক জীৱ-জন্তুৰ মঙহ খাবলৈ অনুমতি দিয়া হʼল, কিন্তু ঈশ্বৰে তেওঁলোকক তেজৰ পৰা বিৰত থাকিবলৈ আজ্ঞা দিলে। যিহোৱা ঈশ্বৰে হত্যাকাৰীক মৃত্যুদণ্ড দিয়াৰ অধিকাৰ, মেঘধনুৰ ব্যৱস্থা স্থাপন কৰি পুনৰাই আৰু কেতিয়াও জল-প্লাৱনৰ দ্বাৰা ধ্বংস নকৰিবলৈ প্ৰতিজ্ঞা কৰিলে। নোহৰ তিনিজন পুতেকে সমস্ত মানৱজাতিৰ আদিপুৰুষ হৈ পৰিল। কিন্তু নোহৰ প্ৰনাতি অৰ্থাৎ নিম্ৰোদ, তেওঁ “যিহোৱাৰ সাক্ষাতে পৰাক্ৰমী ব্যাধ আছিল।” বাঢ়ি বাঢ়ি বহুবংশ হৈ পৃথিৱীখনক পৰিপূৰ্ণ কৰাৰ পৰিৱৰ্তে মানুহে বাবিল নামৰ এখন চহৰ আৰু এটা ওখ ঘৰ নিৰ্ম্মাণ কৰি নিজৰ নাম খ্যাতিমন্ত কৰিবলৈ নিৰ্ণয় লʼলে। কিন্তু যিহোৱা ঈশ্বৰে তেওঁলোকৰ ভাষা ভেদ কৰি তেওঁলোকৰ পৰিকল্পনা বিফল কৰিলে আৰু তেওঁলোকে পৃথিৱীৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

৮:১১—যদি জল-প্লাৱনত গছ-গছনি ধ্বংস হৈছিল, তেন্তে কপৌজনীয়ে জিতবৃক্ষৰ নতুন পাত কʼৰ পৰা পালে?

তাৰ দুটা সম্ভাৱনীয়তা আছে। যিহেতু জিতবৃক্ষ সহজে ধ্বংস নহয়, এতেকে জল-প্লাৱনৰ সময়ত পানীৰ ভিতৰতো এই গছজোপা জীয়াই থাকিল। জল-প্লাৱনৰ পানী হ্ৰাস হোৱাৰ লগে লগে গছজোপাই পুনৰাই শুকান ভূমি পালে আৰু পোখা মেলিলে। কপৌজনীয়ে নোহলৈ কঢ়িয়াই অনা জিতবৃক্ষৰ পাত জল-প্লাৱনৰ পিছত অঙ্কুৰিত হোৱা নতুন পাত হʼব পাৰে।

৯:২০-২৫—নোহে কিয় কনানক অভিশাপ দিলে?

কনানে তেওঁৰ পিতামহ নোহৰ অহিতে অপমান আচৰণ কৰাৰ বাবে জগৰীয়া হৈছিল। যদিও কনানৰ পিতৃ হামে নিৰৱে তেওঁৰ কাৰ্য্যৰ সাক্ষী আছিল তথাপিও তেওঁ কনানৰ সেই অপমান আচৰণক বাধা দিয়াৰ বিপৰিতে সেই বিষয়টোক পৰচৰ্চা কৰিলে। আনহাতে নোহৰ দুজন পুতেক চেম আৰু যেফতে তেওঁলোকৰ দেউতাকক কাপোৰেৰে ঢাকিলে। সেইবাবে তেওঁলোক দুয়োজনে আশীৰ্ব্বাদ আৰু কনানে শাও পালে। ইয়াৰ পৰিণামস্বৰূপে হামে তেওঁৰ পুতেকে শাও পোৱা দেখি লজ্জিত হʼল।

১০:২৫—পেলগৰ সময়ছোৱাত পৃথিৱীখন কেনেকৈ “বিভক্ত” হৈছিল?

পেলগ সা.যু.পূ. ২২৬৯ চনৰ পৰা ২০৩০ চনলৈকে জীয়াই আছিল। তেওঁৰ দিনতে যিহোৱাই বাবিলৰ নিৰ্ম্মাণকৰ্ত্তাসকলৰ মাজত ভাষা ভেদ কৰি তেওঁলোকক পৃথিৱীৰ সকলো ঠাইলৈ সিঁচৰিত কৰিলে। (আদিপুস্তক ১১:৯) এইদৰে পেলগৰ দিনত “পথিবী [বা পৃথিৱীৰ জনসংখ্যা] বিভক্ত হʼল।”

আমাৰ বাবে শিক্ষামূলক পাঠ:

৯:১; ১১:৯. মানুহৰ কোনো পৰিকল্পনাই ঈশ্বৰৰ উদ্দেশ্যক বিফল কৰিব নোৱাৰে।

১০:১-৩২. জল-প্লাৱনৰ পূৰ্বে আৰু পৰৱৰ্তী দুটা বিৱৰণী অৰ্থাৎ আদিপুস্তক ৫ আৰু ১০ অধ্যায়ত উল্লেখ কৰা বিবৃতিয়ে মানৱজাতিক প্ৰথম মানুহ আদমৰ পৰা লৈ নোহৰ তিনিজন পুতেকৰ লৈকে সংযোগ কৰিছে। চেমৰ বংশধৰসকল হৈছে অচূৰীয়া, কল্‌দীয়া, ইব্ৰীয়া, অৰামীয়া আৰু কিছুমান আৰবীয়াৰ জাতি। হামৰ বংশধৰসকল হৈছে মিচৰীয়া, কনানীয়া, আফ্ৰিকা আৰু আৰবীয়াৰ পৰা অহা কিছুমান জাতি। যেফতৰ বংশধৰসকল হৈছে ইণ্ডো-ইউৰোপীয় লোকবিলাক। সকলো মানুহে ইজনৰ-সিজনৰ সৈতে সম্পৰ্ক আছে আৰু ঈশ্বৰৰ দৃষ্টিত সকলো সমান। (পাঁচনিৰ কৰ্ম্ম ১৭:২৬) গতিকে আনক দৃষ্টি কৰোঁতে আমি সদায়ে এই সত্যতাৰ বিষয়ে মনত ৰাখা উচিত।

ঈশ্বৰৰ বাক্য কাৰ্য্য-সাধক

আদিপুস্তকৰ প্ৰথম ভাগত মানৱৰ প্ৰাথমিক ইতিহাসৰ বিষয়ে সঠিককৈ বৰ্ণনা কৰা হৈছে। আমি এই ভাগটোত পৃথিৱীত মানুহক ৰাখাৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে অন্তৰ্দৃষ্টি পাওঁ। নিম্ৰোদৰ দৰে কোনো মানুহে তেওঁৰ উদ্দেশ্যক সম্পূৰ্ণ হোৱাত বিফল কৰিব নোৱাৰে বুলি দেখি আমি কিমান যে আশ্বাস পাওঁ।

গতিকে আপুনি ঈশ্বৰ শাসিত স্কুলৰ তালিকাত দিয়া সপ্তাহিক বাইবেল পাঠ তৈয়াৰ কৰাৰ সময়ত “শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল” নামৰ শিতানটোৰ অন্তৰ্গত দিয়া বিষয়সমূহক বিবেচনা কৰি কঠিন শাস্ত্ৰীয় বাক্যশাৰী বুজিবলৈ সহায় লাভ কৰিব। “আমাৰ বাবে শিক্ষামূলক পাঠ” নামৰ শিতানটোৰ অন্তৰ্গত দিয়া মন্তব্যবোৰে আপুনি সপ্তাহটোৰ বাইবেল উল্লেখিত শাস্ত্ৰ পদবোৰৰ পৰা কেনেকৈ লাভৱান হʼব পাৰে তাৰ ব্যৱহাৰিক দিশবোৰ প্ৰকাশ কৰিছে। উপযুক্ত অনুসৰি সেৱা সভাৰ স্থানীয় আৱশ্যকতাত সেইবোৰক আধাৰশিলাৰূপে ব্যৱহাৰ কৰিব পাৰে। যিহোৱাৰ বাক্য বাস্তৱতে জীয়া আৰু আমাৰ জীৱনৰ বাবে কাৰ্য্য-সাধক।—ইব্ৰী ৪:১২. (w04 1/01)