ঈশ্বৰে আমাৰ প্ৰতি চিন্তা কৰেনে?
ঈশ্বৰে আমাৰ প্ৰতি চিন্তা কৰেনে?
আপুনি নিজৰ পৰিয়ালৰ দায়িত্ব, স্বাস্থ্য, চাকৰী বা আন বহন কৰিবলগীয়া গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে নিজকে মানসিকভাৱে ভাৰগ্ৰস্ত অনুভৱ কৰেনে? বহুতে তেনে অনুভৱ কৰে। কʼবলৈ গʼলে আজি কোনে অন্যায় বিচাৰ, অপৰাধ আৰু অত্যাচাৰৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই? দৰাচলতে এইটো ঠিক পূৰ্ব্বতে শাস্ত্ৰত ভৱিষ্যতবাণী কৰাৰ দৰে সকলোৱে প্ৰভাৱিত হৈছে, যাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ-বেদনাৰ দৰে দুখ পাই, একে-লগে কেঁকাই আছে।” (ৰোমীয়া ৮:২২) সেয়েহে আচৰিত হোৱাৰ কোনো কাৰণ নাই, যেতিয়া বহুতে এইদৰে সোধে: ‘ঈশ্বৰে আমাৰ প্ৰতি চিন্তা কৰেনে? তেওঁ আমাক সহায় কৰিবনে?’
জ্ঞানী ৰজা চলোমনে ঈশ্বৰলৈ কৰা প্ৰাৰ্থনাত এইদৰে কৈছিল: “কিয়নো তুমি, কেৱল তুমিহে মনুষ্যসন্তানবিলাকৰ মন জানা।” ঈশ্বৰে কেৱল আমাৰ বিষয়ে জনাটোৱেই নহয় কিন্তু তেওঁ প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি চিন্তা কৰে বুলিও চলোমনৰ ভাৰসা আছিল। সেয়েহে তেওঁ এইদৰে কʼব পাৰিলে যে ঈশ্বৰে তেওঁৰ ‘বাসস্থান স্বৰ্গৰ পৰা তাক শুনিব’ আৰু তেওঁক মহিমা, তেওঁলৈ ভয় ৰাখোঁতা যি “লেকে নিজৰ পীড়া আৰু দুখ” প্ৰকাশ কৰা প্ৰত্যেকজন ব্যক্তিৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে।—২ বংশাৱলি ৬:২৯, ৩০.
আজিও যিহোৱাই আমাৰ প্ৰতি চিন্তা কৰে আৰু সকলোকে তেওঁলৈ প্ৰাৰ্থনাৰ যোগেদি নিৱেদন কৰিবলৈ আমন্ত্ৰণ কৰিছে। (গীতমালা ৫০:১৫) ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে যিসকলে তেওঁৰ ইচ্ছা অনুসৰি আন্তৰিকতাৰে তেওঁলৈ প্ৰাৰ্থনা কৰে তেওঁ অৱশ্যেই তেওঁলোকক উত্তৰ দিব। (গীত ৫৫:১৬, ২২; লূক ১১:৫-১৩; ২ কৰিন্থীয়া ৪:৭) প্ৰকৃততে “কোনো মানুহে বা [তেওঁৰ] প্ৰজা . . . নিজ হাত মেলে, তেন্তে তাৰ যি কোনো প্ৰাৰ্থনা কি মিনতি” যিহোৱা ঈশ্বৰে শুনে। সেয়েহে যদি আমি ঈশ্বৰত ভাৰসা ৰাখি সহায়ৰ বাবে প্ৰাৰ্থনা কৰি তেওঁৰ কাষ চাপোঁ, তেন্তে আমি অৱশ্যেই তেওঁৰ নিৰ্দ্দেশনা আৰু আমাৰ প্ৰতি থকা প্ৰেমময় যত্নৰ বিষয়ে বুজিব পাৰিম। (হিতোপদেশ ৩:৫, ৬) বাইবেল লিখক যাকোবে আমাক এইদৰে আশ্বাস দিছে: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮. (w04 1/01)