Skip to content

Skip to table of contents

‘তেওঁবিলাকৰ স্বৰ গোটেইখন পৃথিৱীলৈ ব্যাপি গল’

‘তেওঁবিলাকৰ স্বৰ গোটেইখন পৃথিৱীলৈ ব্যাপি গল’

‘তেওঁবিলাকৰ স্বৰ গোটেইখন পৃথিৱীলৈ ব্যাপি গল’

“সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা।”—মথি ২৮:১৯.

১, ২. (ক) যীচুৱে তেওঁৰ শিষ্যবিলাকক কি কৰিবলৈ আজ্ঞা দিছিল? (খ) প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে কিয় প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিব পাৰিলে?

 যীচুৱে স্বৰ্গাৰোহণ কৰাৰ অলপ সময়ৰ পূৰ্ব্বেই তেওঁ শিষ্যসকলক এক আজ্ঞা দিছিল। তেওঁ শিষ্যবিলাকক এইদৰে কৈছিল: “সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা।” (মথি ২৮:১৯) শিষ্যসকলৰ বাবে ই কিযে এক আশ্চৰ্য্যজনক দায়িত্ব আছিল!

ক্ষন্তেক ভাবি চাওক যে পেন্টাকোষ্ট সা.যু. ৩৩ চনৰ সময়ত ১২০ জন শিষ্যই পবিত্ৰ আত্মাৰ দ্বাৰা পৰিপূৰ্ণ হৈ যীচুয়েই যে সেই প্ৰতিজ্ঞাত মচীহ আৰু তেওঁৰ দ্বাৰা পৰিত্ৰাণ সম্ভৱ, তাৰ বিষয়ে প্ৰচাৰ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২:১-৩৬) তেনে এক সৰু সমূহে “সকলো জাতিৰ” আগত কেনেকৈ প্ৰচাৰ কৰিব পাৰিলে? মানৱীয় দৃষ্টিৰে চাবলৈ গʼলে এই কাৰ্য্য কৰা অসম্ভৱ আছিল, কিন্তু ঈশ্বৰৰ দৃষ্টিত “সকলো সাধ্য।” (মথি ১৯:২৬) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ ওপৰত পবিত্ৰ আত্মা আছিল আৰু তেওঁলোকে সময়ৰ গুৰুত্বতাক বুজি পাইছিল। (জখৰিয়া ৪:৬; ২ তীমথিয় ৪:২) সেইবাবে কিছু বছৰৰ ভিতৰত “গোটেই সৃষ্টিৰ আগত” শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ বিষয়ে পাঁচনি পৌলে কʼব পাৰিলে।—কলচীয়া ১:২৩.

৩. প্ৰকৃত খ্ৰীষ্টানসকলৰ “কঠিয়াক” কিহে ছায়াচ্ছন্ন কৰিলে?

প্ৰথম শতাব্দীত নিৰুন্তৰে সত্য উপাসনা বৃদ্ধি পালে। যিহেতু যীচুৱে পূৰ্ব্বেই কৈছিল যে চয়তানে “বিনৈ বনৰ” গুটি সিঁচি দাবৰ সময়ৰলৈকে সত্য খ্ৰীষ্টানসকলৰ “কঠীয়া” ওপৰত ছায়াচ্ছন্ন কৰিব। এই কথাষাৰ পাঁচনিবিলাকৰ মৃত্যুৰ পিছত সত্যৰূপে প্ৰমাণিত হʼল।—মথি ১৩:২৪-৩৯.

বৰ্তমান সময়ত অধিককৈ বৃদ্ধি হৈছে

৪, ৫. অভিষিক্ত খ্ৰীষ্টানসকলে ১৯১৯ চনৰ আৰম্ভণিত কেনে এক কাৰ্য্যৰ দায়িত্ব বহন কৰিব ধৰিলে আৰু ই কিয় এক প্ৰত্যাহ্বানজনক বিষয় আছিল?

প্ৰকৃত খ্ৰীষ্টানসকলে ১৯১৯ চনৰ পৰা বিনৈ বনৰ পৰা পৃথক হʼল। অভিষিক্ত খ্ৰীষ্টানসকলে জানিছিল যে যীচুৱে দিয়া আজ্ঞা এতিয়াও কাৰ্য্যকাৰী হৈছে। তেওঁলোকে যে “শেষ-কালত” জীয়াই আছে তাক দৃঢ়তাৰে বিশ্বাস কৰিছিল আৰু যীচুৱে কোৱা এই ভৱিষ্যতবাণীৰ প্ৰতি সতৰ্ক হৈ থাকিল। যʼত এইদৰে কোৱা হৈছে: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (২ তীমথিয় ৩:১; মথি ২৪:১৪) তেওঁলোকে যে বহুতো কাৰ্য্য কৰিবলগীয়া আছে তাৰ বিষয়েও অৱগত আছিল।

সা.যু. ৩৩ চনৰ পাঁচনিবিলাকৰ দৰে তেওঁলোকেও এক বৃহৎ দায়িত্ব বহন কৰিবলগীয়া আছিল। সেই সময়ত তেওঁলোকৰ সংখ্যা মাত্ৰ কেইহাজাৰমানহে আছিল। এনে অৱস্থাত তেওঁলোকে কেনেকৈ “সকলো জাতিৰ আগত” শুভবাৰ্ত্তা প্ৰচাৰ কৰিব? মন কৰক যে কৈচৰৰ সময়ত পৃথিৱীৰ জনসংখ্যা ৩০ কোটিৰ পৰা বৃদ্ধি পাই প্ৰথম বিশ্ব যুদ্ধৰ শেষৰলৈকে ২০০ কোটি হৈছিল। এই বিংশ শতাব্দীটো শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য দ্ৰুতগতিৰে বৃদ্ধি পাইছে।

৬. শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সম্বন্ধে ১৯৩০ চনৰ মাজভাগৰলৈকে কেনে উন্নতি দেখা গʼল?

তথাপিও এই অভিষিক্ত খ্ৰীষ্টানসকলে প্ৰথম শতাব্দীৰ ভাইসকলৰ দৰে যিহোৱাত সম্পূৰ্ণ ভাৰসা ৰাখি আৰু ঈশ্বৰৰ আত্মাৰ সহায়েৰে সেই কাৰ্য্য কৰিবলৈ আৰম্ভ কৰিলে। ১৯৩০ চনৰ মাজভাগৰলৈকে প্ৰায় ৫৬,০০০ জন প্ৰচাৰকে ১১৫  খন দেশত সত্যতাৰ বিষয়ে প্ৰচাৰ কৰিলে। যদিও অনেক কাৰ্য্য সম্পন্ন হৈছিল তথাপিও বহুতো কাৰ্য্য কৰিবলৈ বাকী আছিল।

৭. (ক) অভিষিক্ত বৰ্গই কেনে এক প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈছিল? (খ) ‘অন্য মেৰ’ বৰ্গই কৰা সহযোগিতাৰ বাবে একত্ৰিত কৰা কাৰ্য্যত এতিয়ালৈকে কেনে অগ্ৰগতি লাভ কৰিছে?

তাৰ পিছত প্ৰকাশিত বাক্য ৭:৯ পদটোৰ নিগূঢ়তাক বুজি “এক বৰ লোকসমূহৰ” চিনাক্ত কৰাত এক নতুন প্ৰত্যাহ্বানে দেখা দিলে আৰু প্ৰতিজ্ঞাৰ অনুসাৰে পৰিশ্ৰমী খ্ৰীষ্টানসকলক সহায় কৰাৰ দায়িত্বও আহি পৰিল। পাৰ্থিৱ জীৱনৰ আশা থকা কোনেও গণিব নোৱাৰা ‘অন্য মেৰৰ’ লোকসকলক “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ” পৰা একত্ৰিত কৰিবলগীয়া আছিল। (যোহন ১০:১৬) তেওঁলোকে ‘দিনে-ৰাতিয়ে যিহোৱাৰ আৰাধনা কৰিব।’ (প্ৰকাশিত বাক্য ৭:১৫) যাৰ অৰ্থ আছিল তেওঁলোকে প্ৰচাৰ আৰু শিক্ষা দিয়া কাৰ্য্যতো ভাগ লʼবলগীয়া আছিল। (যিচয়া ৬১:৫) ফলস্বৰূপে, এই প্ৰচাৰকসকলৰ বৃদ্ধি দহ হাজাৰৰ পৰা লৈ লাখত পৰিণত হোৱাত অভিষিক্ত খ্ৰীষ্টানসকলে হৰ্ষিত হৈ পৰিল। ২০০৩ চনত ৬৪,২৯,৩৫১ জনে প্ৰচাৰ কাৰ্য্যত ভাগ লৈছিল। এই ভাগলোৱা লোকসকলৰ ভিতৰত বেছিভাগেই সেই বৰ লোকসমূহৰ সদস্য আছিল। এই বৰ লোকসমূহে দেখুৱা সহযোগিতাৰ বাবে অভিষিক্ত বৰ্গই কৃতজ্ঞ হৈছে আৰু আনহাতে অভিষিক্ত লোকৰ সৈতে কাম কৰিবলৈ পোৱাটোক বৰ লোকসমূহে এক বিশেষাধিকাৰ বুলি মানিছে।—মথি ২৫:৩৪-৪০.

৮. দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত অহা অত্যন্ত হেঁচাত যিহোৱাৰ সাক্ষীসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

যেতিয়া পুনৰাই কঠিয়া শ্ৰেণীৰ লোকসকলৰ বৃদ্ধি হʼবলৈ ধৰিলে তেতিয়া চয়তানে তেওঁলোকৰ বিৰুদ্ধে প্ৰচণ্ড যুদ্ধ আৰম্ভ কৰিলে। (প্ৰকাশিত বাক্য ১২:১৭) চয়তানে এই বৰ লোকসমূহক দেখি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? সি অতিশয় ক্ৰোধিত হʼল! গতিকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সত্য উপাসনাৰ ওপৰত হোৱা বিশ্বব্যাপী আক্ৰমণৰ পিছত চয়তানৰ হাত আছিল বুলি আমি সন্দেহ নকৰিমনে? বিৰোধিতাৰ দুয়ো পক্ষতে খ্ৰীষ্টানসকলৰ ওপৰত প্ৰবল হেঁচা আহিল। যাৰ বাবে বহুতো ভাই-ভনীয়ে অত্যন্ত তাড়নাৰ সম্মুখীন আৰু কিছুমানে মৃত্যুকো সাৱটি লʼবলগীয়া হʼল। তথাপিও তেওঁলোকে গীতমালা ৰচোঁতাজনে লিখা বাক্যবোৰৰ সৈতে সুৰ মিলাই এইদৰে কৈছিল: “মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰো; মাংসপিণ্ডই মোক কি কৰিব পাৰে?” (গীত ৫৬:৪; মথি ১০:২৮) অভিষিক্ত খ্ৰীষ্টান আৰু অন্য মেৰ বৰ্গৰ সদস্যসকলে যিহোৱাৰ আত্মাৰ দ্বাৰা বলৱন্ত হৈ দৃঢ়ৰূপে একলগ হৈ থাকিল। (২ কৰিন্থীয়া ৪:৭) ফলস্বৰূপে, “ঈশ্বৰৰ বাক্য ব্যাপি গল।” (পাঁচনিৰ কৰ্ম্ম ৬:৭) ১৯৩৯ চনত যুদ্ধ আৰম্ভ হোৱাৰ সময়ছোৱাত ৭২,৪৭৫ জন প্ৰচাৰকে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা ৰিপোৰ্ট কৰিলে। দৰাচলতে ১৯৪৫ চনত পোৱা অসম্পূৰ্ণ ৰিপোৰ্টত দেখুৱাইছে যে তেতিয়া প্ৰচাৰকৰ সংখ্যা ১,৫৬,২৯৯ জন আছিল। ই চয়তানৰ বাবে কিযে এক বিফলতাৰ বিষয় আছিল!

৯. দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কেনে দুখন নতুন স্কুলৰ বিষয়ে ঘোষণা কৰা হৈছিল?

দ্বিতীয় বিশ্বযুদ্ধই ভয়ানকৰূপ ধাৰণ কৰাৰ স্বত্ত্বেও যিহোৱাৰ সেৱকসকলে কৰা প্ৰচাৰ কাৰ্য্য সম্পন্ন হʼব নে নহয়, তাৰ বিষয়ে কোনো সন্দেহ সৃষ্টি কৰিব নোৱাৰিলে। তাৰ বিপৰীতে ১৯৪৩ চনত যুদ্ধই অতি বৰ্বৰতাৰূপ ধাৰণ কৰাৰ সময়ছোৱাত দুখনকৈ নতুন স্কুলৰ ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰা হয়। এখনক বৰ্তমান সময়ত ঈশ্বৰশাসিত সেৱা স্কুল বুলি কোৱা হয়, ইয়াত প্ৰত্যেকজন সাক্ষীক প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যেৰে মণ্ডলীবোৰত পৰিচালনা কৰা হʼল। দ্বিতীয়টো আছিল ৱাচ্ছটাৱাৰ বাইবেল স্কুল অৱ গিলিয়েড্‌ যʼত মিছনাৰীসকলে বিদেশলৈ গৈ কেনেকৈ প্ৰচাৰ কাৰ্য্য কৰিব পাৰে তাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয়। যেতিয়া যুদ্ধৰ সমাপ্তি হʼল তেতিয়া প্ৰকৃত খ্ৰীষ্টানসকলে অতি উৎসাহেৰে প্ৰচাৰ কাৰ্য্য কৰিবলৈ সাজু হʼল।

১০. যিহোৱাৰ লোকসকলে দেখুৱা উৎসাহ ২০০৩ চনত কেনেকৈ প্ৰকাশ পালে?

১০ তেওঁলোকে কিযে এক মহান কাৰ্য্য সম্পন্ন কৰিলে! ঈশ্বৰশাসিত স্কুলৰ দ্বাৰা প্ৰশিক্ষিত হৈ ডেকা-বৃদ্ধ, পিতৃ-মাতৃ, লʼৰা-ছোৱালী আৰু আনকি অসুখীয়াসকলেও প্ৰচাৰ কাৰ্য্যত ভাগ লৈ যীচুৰ সেই আজ্ঞাক পালন কৰি আহিছে। (গীত ১৪৮:১২, ১৩; যোৱেল ২:২৮, ২৯) ২০০৩ চনত ৮,২৫,১৮৫ জন প্ৰচাৰকে সময়ৰ গুৰুত্বতাক বুজি পাই সাময়িক বা নিয়মিতৰূপে অগ্ৰগামী সেৱাত অংশ গ্ৰহণ কৰিলে। সেই একেই বছৰতে যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ১২,৩৪,৭৯৬,৪৭৭ ঘন্টা সময় অতিবাহিত কৰিলে। তেওঁৰ লোকসকলৰ উৎসাহ দেখি যিহোৱা ঈশ্বৰে অৱশ্যেই সন্তুষ্ট হৈছে।

বিদেশী অঞ্চলবোৰত

১১, ১২. কেনে উদাহৰণসমূহে মিছনাৰীসকলৰ কাৰ্য্যৰ উত্তম ৰিপোৰ্ট দাঙি ধৰিছে?

১১ বছৰজুৰি গিলিয়েড্‌ স্নাতক আৰু শেহতীয়া মিনিছ্‌ট্ৰিয়েল ট্ৰেইনিং স্কুলৰ স্নাতকসকলে এক উল্লেখনীয় অভিলেখ স্থাপিত কৰিলে। উদাহৰণস্বৰূপে, ১৯৪৫ চনত যেতিয়া প্ৰথম মিছনাৰীসকলে বাজ্ৰিলত আহিছিল তেতিয়া তাত কেৱল ৪০০ জন প্ৰচাৰক আছিল। এই মিছনাৰীসকলে তাত থকা ভাই-ভনীসকলৰ সৈতে কঠিন পৰিশ্ৰম কৰাৰ বাবে যিহোৱাই তেওঁলোকৰ প্ৰচেষ্টাত আশীৰ্ব্বাদ দিলে। পূৰ্বৰ তুলনাত ২০০৩ চনৰলৈকে বৃদ্ধি হোৱা ৬,০৭,৩৬২ জন প্ৰচাৰকৰ সংখ্যা দেখিবলৈ পোৱাটো কিমান যে ৰোমাঞ্চিতজনক বিষয়!

১২ জাপানৰ বিষয়ে বিবেচনা কৰক। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পূৰ্ব্বেই সেই দেশত মাত্ৰ এশ জন প্ৰচাৰক আছিল। যুদ্ধৰ সময়ত অত্যন্ত তাড়না পোৱাৰ বাবে তেওঁলোকৰ প্ৰচাৰকৰ সংখ্যাত হ্ৰাস হৈছিল। যুদ্ধ শেষ হোৱাৰলৈকে কেৱল কিছুমান সাক্ষীয়ে আধ্যাত্মিক আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিল। (হিতোপদেশ ১৪:৩২) এই নিষ্ঠাৱান ব্যক্তিসকলে ১৯৪৯ চনত অতি উৎসাহেৰে গিলিয়েড্‌ প্ৰশিক্ষণপ্ৰাপ্ত ১৩ জন মিছনাৰী ভাই-ভনীক আদৰণি জনাই আৰু এই মিছনাৰীসকলে অতি সোনকালে সেই জাপানী অতিথিসেৱক ভাই-ভনীবিলাকক অধিক উৎসাহিত কৰিলে। আজি প্ৰায় ৫০ বছৰৰ পিছত অৰ্থাৎ ২০০৩ চনত ৰিপোৰ্ট কৰা প্ৰচাৰ সংখ্যা আছিল ২,১৭,৫০৮ জন! যিহোৱাই অৱশ্যেই সেই দেশত থকা তেওঁৰ লোকসকলক আশীৰ্ব্বাদ কৰিলে। একেইদৰে আন বহুতো দেশটো তেনে বৃদ্ধি হোৱা ৰিপোৰ্ট দেখিবলৈ পোৱা যায়। যিসকলে বিদেশত গৈ অতি পৰিশ্ৰমেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা বিস্তাৰিত কৰাত উত্তম ভূমিকা আদায় কৰিলে যাৰ ফলস্বৰূপে বিশ্বজুৰি ২০০৩ চনত ২৩৫ খন দেশ, দ্বীপ আৰু অঞ্চলবোৰত বৃদ্ধি হোৱা এক উত্তম ৰিপোৰ্ট শুনিবলৈ পালোঁ। বাস্তৱতে এই বৰ লোকসমূহ “সকলো জাতি” পৰা ওলাই আহিছে।

‘সকলো জাতি, ফৈদ, লোক আৰু ভাষা’

১৩, ১৪. “সকলো ভাষাত” শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো যে গুৰুত্বপূৰ্ণ, তাক যিহোৱা ঈশ্বৰে কেনেকৈ দাঙি ধৰিলে?

১৩ ইয়াৰ প্ৰথম অলৌকিক কাৰ্য্যটো ঘটিছিল পেন্টাকোষ্ট সা.যু. ৩৩ চনত, সেই সময়ত শিষ্যবিলাকে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ ভিন্ন ভাষাত তাত উপস্থিত থকা লোকসকলৰ সৈতে কথোপকথন কৰিছিল। তাত থকা লোকসকলে হয়তো তেওঁলোকক অন্তঃৰাষ্ট্ৰীয় ভাষা অৰ্থাৎ গ্ৰীক ভাষাত কথা কোৱা শুনিবলৈ পাইছিল। তেওঁলোক ‘ধাৰ্ম্মিক লোক’ হোৱাৰ বাবে সম্ভৱতঃ মন্দিৰত হিব্ৰু লোকসকলে কৰা সেৱাকাৰ্য্যৰ বিষয়ে বুজি পাইছিল। কিন্তু নিজ মাতৃভাষাত শুভবাৰ্ত্তাৰ বিষয়ে শুনি পোৱাত বাস্তৱতে তেওঁলোকৰ ধ্যান আকৰ্ষিত কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ২:৫, ৭-১২.

১৪ বৰ্তমান সময়ত বহুতো ভাষাত প্ৰচাৰ কাৰ্য্য সম্পন্ন হৈছে। এই বৰ লোকসমূহ কেৱল বিভিন্ন জাতিৰ পৰাই নহয় কিন্তু বিভিন্ন “ফৈদ, লোক আৰু ভাষাৰ” পৰাও আহিব বুলি ভৱিষ্যতবাণী কৰা হৈছিল। এই সামঞ্জস্যত যিহোৱাই ভৱিষ্যতবক্তা জখৰিয়াক এইদৰে কʼবলৈ কৈছিল: “বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, সেই দিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, ‘আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।’” (জখৰিয়া ৮:২৩) যদিও আজি যিহোৱাৰ সাক্ষীসকলৰ ওচৰত বিভিন্ন ভাষাত কথা কোৱাৰ ঈশ্বৰে দিয়া বিশেষাধিকাৰ নাই তথাপিও লোকসকলক নিজৰ ভাষাত সত্যতাৰ বিষয়ে শিকোৱাটো কিমান গুৰুত্বপূৰ্ণ তাক তেওঁলোকে ভালদৰে জানে।

১৫, ১৬. মিছনাৰী আৰু আনসকলে স্থানীয় ভাষাত প্ৰচাৰ কৰিবলৈ কেনে প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে?

১৫ আজি বিস্তাৰিতভাৱে কোৱা বিশ্বব্যাপী ভাষা হৈছে ইংৰাজী, ফৰাচী আৰু স্পেনীয়। যিসকলে নিজ দেশ এৰি অন্য দেশত সেৱা কৰিছে, তেওঁলোকে স্থানীয় ভাষা শিকিবলৈ প্ৰচেষ্টা কৰিছে যাতে “অনন্ত জীৱন পাবলৈ নিৰূপিত” থকা লোকবিলাকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰে। (পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) অন্য ভাষা শিকাটো সহজ কথা নহয়। উদাহৰণস্বৰূপে, দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত থকা টুভালু ভাষা কোৱা ভাই-ভনীসকলৰ ওচৰত নিজ ভাষাত কোনো সাহিত্য উপলব্ধ নাছিল। তেতিয়া তাৰ এজন মিছনাৰী ভায়ে সেই ভাষাত সাহিত্য উপলব্ধ কৰোৱাৰ দায়িত্ব লয়। যিহেতু সেই টুভালু ভাষাত কোনো শব্দকোষ বা অভিধান নোহোৱাৰ বাবে তেওঁ প্ৰথমতে সেই ভাষাৰ শব্দসমূহৰ তালিকা বনাবলৈ আৰম্ভ কৰে। সময়ত, আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে * নামৰ কিতাপখন টুভালু ভাষাত প্ৰকাশ কৰা হয়। যেতিয়া মিছনাৰীসকলে ক্ৰোৱেচিয়া দ্বীপত উপস্থিত হয় তেতিয়া পেপীয়মেণ্ট্‌ ভাষাত কোনো শব্দকোষ আৰু বাইবেল আধাৰিত সাহিত্য নাছিল। তদুপৰি লিখিত ভাষা কেনেদৰে হʼব তাৰ ওপৰতো বহুতো বাদ-বিবাদ সৃষ্টি হৈছিল। তথাপিও মিছনাৰীসকলে দুই বছৰৰ ভিতৰতে সেই ভাষাত প্ৰথম বাইবেল আধাৰিত এখন ট্ৰেক্ট প্ৰকাশিত কৰিলে। এই ভাষাটো হৈছে ১৩৩ টা ভাষাৰ ভিতৰত এনে এটা ভাষা যি ভাষাত প্ৰহৰীবুৰুজ আলোচনীখন ইংৰাজীৰ সৈতে অৰ্ধ-মাহেকীয়া হিচাবে প্ৰকাশ কৰা হয়।

১৬ নামিবিয়ালৈ অহা প্ৰথম মিছনাৰীসকলে তাৰ স্থানীয় ভাষাত অনুবাদ কৰাত সহায় কৰিবলৈ এজনো স্থানীয় সাক্ষী ভাই বা ভনীৰ সহায় নাপালে। তদুপৰি নামা নামৰ এটা স্থানীয় ভাষাত আমি সাধাৰণতে ব্যৱহাৰ কৰা “পৰিপূৰ্ণ” শব্দটোৰ অৰ্থ পোৱা নগʼল। এই বিষয়ে এজন মিছনাৰী ভায়ে এইদৰে কৈছিল: “অনুবাদ কৰিবলৈ মই প্ৰধানকৈ স্কুলৰ শিক্ষকসকলৰ সহায় ললোঁ যিসকলে বাইবেল অধ্যয়ন কৰিছিল। যিহেতু বাইবেলৰ বিষয়ে তেওঁলোকৰ অলপ মাত্ৰাত জ্ঞান থকাৰ বাবে মই তেওঁলোকৰ সৈতে বহি নিশ্চিত কৰিছিলোঁ যে যাতে প্ৰত্যেকটো বাক্য ঠিকৰূপে প্ৰকাশ পায়।” যিয়ে নহওক “নতুন জগতত জীৱন” নামৰ ট্ৰেক্টখন অৱশেষত কেইবাটাও নামিবিয়া ভাষাত প্ৰকাশ পালে। বৰ্তমান সময়ত প্ৰহৰীবুৰুজ আলোচনীখন কৱানিয়ামা আৰু নডঙ্গা ভাষাত ছপা কৰা হৈছে।

১৭, ১৮. মেক্সিক আৰু আন দেশবোৰত কেনে ধৰণৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছিল?

১৭ মেক্সিকত প্ৰধানতে স্পেনীয় ভাষা কোৱা হয়। তথাপিও স্পেনীয়সকলে তালৈ অহাৰ আগতে তাত বহুতো ভাষা কোৱা হৈছিল আৰু তাৰ কিছুমান ভাষা আজিও প্ৰচলিত। এতিয়া তাত যিহোৱাৰ সাক্ষীসকলৰ সাহিত্য সাতটা মেক্সিকান ভাষাত আৰু মেক্সিকান সাংঙ্কেতিক ভাষাত ছপা কৰা হয়। আমাৰ ৰাজ্য পৰিচৰ্য্যা, হৈছে মায়া ভাষাত ছপা কৰা আমেৰিকান-ভাৰতীয় ভাষাৰ সৰ্বপ্ৰথম সাময়িক প্ৰকাশন। দৰাচলতে মেক্সিকত থকা ৫,৭২,৫৩০ জন প্ৰচাৰকৰ ভিতৰত মায়া, আজটেক আৰু অন্য জাতিৰ লোকো সন্মিলিত আছে।

১৮ এই চলিত কেইবছৰত বহুতো লোকে শৰণাৰ্থী হিচাবে বা আৰ্থিক অৱস্থাৰ বাবে বিদেশৰ অন্য ঠাইবোৰলৈ গৈ বাস কৰিবলৈ লৈছে। যাৰ ফলস্বৰূপে, বহুতো দেশত প্ৰথমবাৰৰ বাবে বিদেশী ভাষা কোৱা লোকসমূহক তেওঁলোকৰ ভাষাত প্ৰচাৰ কৰাৰ আৱশ্যকতা আহি পৰিছে। যিহোৱাৰ সাক্ষীসকলে এই প্ৰত্যাহ্বানজনক কাৰ্য্য কৰিবলৈ আগবাঢ়ি আহিছে। উদাহৰণস্বৰূপে, ইটালীত ইটালীয়ান মণ্ডলীৰ উপৰিও তাত ২২ টা অন্য ভাষা কোৱা মণ্ডলী আৰু লোকসমূহ আছে। গতিকে ভাই-ভনীসকলে অন্য ভাষা শিকি প্ৰচাৰ কৰিবলৈ যেন সক্ষম হয়, তাৰ বাবে প্ৰশিক্ষণ কাৰ্য্যক্ৰম আৰম্ভ কৰে যʼত ১৬ টা নতুন ভাষাৰ সৈতে ইটালীয়ান সাঙ্কেটিক ভাষাও সন্মিলিত আছে। ঠিক তেনেদৰে অন্য দেশবোৰটো এক বৃহৎ মাত্ৰাত নিজ দেশ এৰি বিদেশত অহা ভিন্ন ভাষা কোৱা লোকসকলক শুভবাৰ্ত্তা শুনাবলৈ যিহোৱাৰ সাক্ষীসকলে অনেক প্ৰচেষ্টা কৰিছে। বাস্তৱতে যিহোৱাই সহায় কৰাৰ বাবে এই বৰ লোকসমূহ ভিন্ন ভাষা কোৱা জাতিৰ পৰা ওলাই আহিছে।

“জগতৰ সীমালৈকে ব্যাপি গল

১৯, ২০. পাঁচনি পৌলে কোৱা কেনে বাক্যবোৰ বৰ্তমান সময়ত উল্লেখনীয়ভাৱে পূৰ্ণ হৈছে? বৰ্ণনা কৰক।

১৯ প্ৰথম শতাব্দীত পাঁচনি পৌলে এইদৰে লিখিছিল: “তেওঁবিলাকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে; তেওঁবিলাকৰ স্বৰ গোটেইখন পৃথিবীলৈ, আৰু তেওঁবিলাকৰ কথা জগতৰ সীমালৈকে ব্যাপি গল।” (ৰোমীয়া ১০:১৮) যদি এই কথাষাৰ সেই সময়ত সঁচা প্ৰমাণিত হৈছিল তেন্তে আজিৰ বিষয়ে কি কʼব পাৰি? ইতিহাসত পূৰ্বে কেতিয়াও দেখিবলৈ নোপোৱা লাখ লাখ সংখ্যক লোকে এইদৰে কৈছে: “মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা সদায় মোৰ মুখত থাকিব।”—গীত ৩৪:১.

২০ তদুপৰি এই প্ৰচাৰ কাৰ্য্যৰ গতি হ্ৰাস পোৱা নাই। দিনে দিনে প্ৰচাৰকৰ সংখ্যা বৃদ্ধি হৈছে। প্ৰচাৰ কাৰ্য্যত আগতকৈও অধিক ঘন্টা অতিবাহিত কৰা হৈছে। কোটি কোটি সংখ্যাত পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন পৰিচালনা কৰা হৈছে। আগ্ৰহী ব্যক্তিসকলে একেৰাহে উত্তম মনোবৃত্তি প্ৰকাশ কৰিছে। যোৱা বছৰত ১,৬০,৯৭,৬২২ জন ব্যক্তি প্ৰভুৰ সন্ধ্যা ভোজত উপস্থিত হৈছিল। এতিয়াও যে বহুতো কাম বাকী আছে, সেইটো স্পষ্টকৈ প্ৰকাশ পাইছে। গতিকে আঁহক আমি ভাই-ভনীসকলে অত্যন্ত উৎপীড়ন সম্মুখীন হোৱাৰ স্বত্ত্বেও বজাই ৰখা দৃঢ় অখণ্ডতাৰ আৰ্হিৰ অনুকৰণকাৰী হওঁহঁক। আমিও যেন ১৯১৯ চনত ভাই-ভনীসকলে উৎসাহী হৈ যিহোৱাৰ কাৰ্য্য কৰাৰ দৰে উৎসাহেৰে প্ৰচাৰ কাৰ্য্য কৰোঁহঁক। তদুপৰি আমি সকলোৱে নিৰন্তৰে গীতমালা ৰচোঁতাজনৰ দৰে সুৰ মিলাই এইদৰে কওঁহঁক: “নিশ্বাস থকা সকলোৱেই যিহোৱাৰ প্ৰশংসা কৰক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।”—গীত ১৫০:৬. (w04 1/01)

[ফুটনোট]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপুনি উত্তৰ দিব পাৰিবনে?

• ১৯১৯ চনত ভাই-ভনীসকলে কেনে এক গম্ভীৰ দায়িত্ব বহন কৰিছিল আৰু ই কিয় প্ৰত্যাহ্বানজনক বিষয় আছিল?

• এই প্ৰচাৰ কাৰ্য্যক সমৰ্থন কৰিবলৈ কোনবিলাকক একত্ৰিত কৰা হʼল?

• আন দেশবোৰত থকা মিছনাৰী আৰু ভাই-ভনীসকলে কেনে অভিলেখ স্থাপন কৰিছে?

• বৰ্তমান সময়ত যিহোৱাৰ লোকসকলে কৰা কাৰ্য্যৰ ওপৰত তেওঁৰ আশীৰ্ব্বাদ আছে বুলি আপুনি কেনেকৈ কʼব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৪, ১৫ পৃষ্ঠাৰ ছবিসমূহ]

দ্বিতীয় বিশ্বযুদ্ধই খ্ৰীষ্টানসকলৰ মনত প্ৰচাৰ কাৰ্য্য সম্পন্ন হʼব নে নহয়, তাৰ বিষয়ে কোনো সন্দেহ সৃষ্টি কৰিব নোৱাৰিলে

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

বিস্ফোৰণ: U.S. Navy photo; আনবোৰ: U.S. Coast Guard photo

[১৬, ১৭ পৃষ্ঠাৰ ছবিসমূহ]

এক বৰ লোকসমূহ সকলো ফৈদ আৰু ভাষাৰ পৰা আহিছে