Skip to content

Skip to table of contents

যিহোৱাৰ মহিমা অগম্য

যিহোৱাৰ মহিমা অগম্য

যিহোৱাৰ মহিমা অগম্য

‘যিহোৱা মহান, আৰু অতিশয় প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।’—গীত ১৪৫:৩.

১, ২. দায়ূদ এজন কেনে ধৰণৰ ব্যক্তি আছিল আৰু ঈশ্বৰলৈ কৰা বৰ্ণনাত নিজকে কেনেদৰে দৃষ্টি কৰিছিল?

 গীত ১৪৫ অধ্যায়ৰ ৰচোঁতাজন হৈছে এজন প্ৰসিদ্ধ ব্যক্তি। বাল্যকালত তেওঁ এজন দৈত্যকায় ব্যক্তিক বধ কৰিলে। তেওঁ এজন যুঁজাৰু ৰজা হিচাবে শত্ৰুবিলাকৰ ওপৰত জয়লাভ কৰিছিল। তেওঁৰ নাম হৈছে দায়ূদ যিজনক ইস্ৰায়েলৰ দ্বিতীয় ৰজা হিচাবে নিযুক্ত কৰা হৈছিল। মৃত্যুৰ পিছতো তেওঁৰ বিষয়ে সোঁৱৰণ কৰি থকা হʼল আৰু আজিও লাখ লাখ লোকে তেওঁক পাহৰিব পৰা নাই।

তেওঁ ইমান প্ৰসিদ্ধ ব্যক্তি হোৱাৰ স্বত্ত্বেও কেতিয়াও নিজৰ বিষয়ে গৌৰৱ কৰা নাছিল। তেওঁ যিহোৱাক উদ্দেশ্য কৰি এইদৰে কৈছিল: “যেতিয়া মই তোমাৰ হাতে কৰা আকাশ-মণ্ডল, তুমি নিৰূপণ কৰা চন্দ্ৰ আৰু তৰাবোৰৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই কওঁ, মানুহ নো কি, তুমি যে তাক সোঁৱৰণ কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তাৰ বুজ-বিচাৰ লোৱা?” (গীত ৮:৩, ৪) নিজকে মহান বুলি ভবাৰ পৰিৱৰ্তে তেওঁক যিহোৱাই শত্ৰুবিলাকৰ হাতৰ পৰা উদ্ধাৰ কৰা বুলি বৰ্ণনা কৰি এইদৰে কৈছিল: “তুমি নিজ পৰিত্ৰাণৰূপ ঢাল মোক দিলা; তোমাৰ মৃদুতাই মোক মহান কৰিলে।” (২ চমূৱেল ২২:১, ২, ৩৬) যিহোৱাই যে পাপ কৰোঁতাসকলৰ প্ৰতি দয়া দেখুৱাই তাৰ প্ৰতি দায়ূদে মূল্যাঙ্কন কৰিছিল।

‘হে মোৰ ঈশ্বৰ, ৰজা মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম’

৩. (ক) ইস্ৰায়েলৰ ৰজা হৈ দায়ূদে কেনে মনোবৃত্তি ৰাখিছিল? (খ) তেওঁ যিহোৱাক কিমান সময়ৰলৈকে উপাসনা কৰাৰ ইচ্ছা আছিল?

তেওঁ এজন নিযুক্ত ৰজা হোৱা স্বত্ত্বেও যিহোৱাকহে ইস্ৰায়েলৰ প্ৰকৃত ৰজা হিচাবে দৃষ্টি কৰিছিল। এই বিষয়ে তেওঁ এইদৰে কৈছিল: “হে যিহোৱা, ৰাজ্যও তোমাৰেই, আৰু তুমি সকলোৰে ওপৰত মূৰস্বৰূপে উন্নত।” (১ বংশাৱলি ২৯:১১) ঈশ্বৰক এজন শাসক হিচাবে দায়ূদে কিমান যে মূল্যাঙ্কন কৰিছিল! সেয়েহে তেওঁ এইদৰে কৈছিল: “হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম, যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম। মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম, আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্ৰশংসা কৰিম।” (গীত ১৪৫:১,২) যিহোৱাক প্ৰতিদিনে আৰু অনন্ত কাললৈকে স্তুতি কৰাৰ তেওঁৰ আন্তৰিক ইচ্ছা আছিল।

৪. এশ পঞ্চলিছ গীতটিত কেনে ধৰণৰ অভিযোগবোৰক মিছা প্ৰমাণিত কৰিছে?

চয়তানে ঈশ্বৰক স্বাৰ্থপৰ শাসক আৰু মানৱজাতিক স্বাধীনতা নিদিয়ে বুলি দিয়া অভিযোগৰ বিৰুদ্ধে ১৪৫ গীতটিত এক প্ৰভাৱশালী উত্তৰ প্ৰস্তুত কৰিছে। (আদিপুস্তক ৩:১-৫) তদুপৰি মানৱে যে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে ঈশ্বৰক সেৱা কৰে বুলি চয়তানে কোৱা কথাষাৰকো মিছা প্ৰমাণিত হৈছে। (ইয়োব ১:৯-১১; ২:৪, ৫) দায়ূদৰ দৰে আজিৰ প্ৰকৃত খ্ৰীষ্টানসকলে চয়তানৰ অভিযোগবোৰক মিছা প্ৰমাণিত কৰিছে। তেওঁলোকে চিৰকাললৈকে ঈশ্বৰক স্তুতি কৰাৰ ইচ্ছা ৰাখাৰ বাবে ঈশ্বৰৰ ৰাজ্যৰ অধীনত অনন্তজীৱন জীয়াই থকাৰ আশাক বহুমূল্য বুলি দৃষ্টি কৰে। প্ৰায় লাখ লাখ লোকে যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত বিশ্বাস কৰি যিহোৱাৰ সমৰ্পিত উপাসক হৈ আজ্ঞাকাৰীতাৰে তেওঁৰ উপাসনা কৰিছে।—ৰোমীয়া ৫:৮; ১ যোহন ৫:৩.

৫, ৬. যিহোৱাক ধন্যবাদ আৰু স্তুতি কৰাৰ কেনে সুযোগবোৰ আছে?

যিহোৱাৰ উপাসক হোৱা হেতুকে আমাৰ ওচৰত তেওঁক ধন্যবাদ আৰু স্তুতি কৰাৰ বাবে থকা বহুতো সুযোগৰ বিষয়ে ক্ষন্তেক বিবেচনা কৰক। উদাহৰণস্বৰূপে, বাইবেলত পঢ়া কোনো এটা বিষয়ে আমাৰ হৃদয় স্পৰ্ষ কৰাত আমি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। লোকসকলৰ সৈতে থকা তেওঁৰ ব্যৱহাৰ বা অদ্ভুত সৃষ্টিৰ কোনো এটা বিষয়ক লক্ষ্য কৰি ৰোমাঞ্চিত হৈ আমি তেওঁক ধন্যবাদ দিব পাৰোঁ। তদুপৰি খ্ৰীষ্টান সভাত সঙ্গী ভাই-ভনীসকল বা ঈশ্বৰৰ সৈতে কৰা ব্যক্তিগত কথোপকথনত তেওঁৰ উদ্দেশ্যৰ বিষয়ে আলোচনা কৰি আমি তেওঁক ধন্যবাদ দিওঁ। আনকি ঈশ্বৰৰ ৰাজ্য হিতৰ অৰ্থে সকলো “ভাল কৰ্ম্ম” কৰিও আমি তেওঁৰ স্তুতি কৰিব পাৰোঁ।—মথি ৫:১৬.

এই ভাল কৰ্ম্মৰ সৈতে যিহোৱাৰ লোকসকলে বহুতো দৰিদ্ৰগ্ৰস্ত ঠাইত উপাসনাগৃহ নিৰ্মাণ কৰা কাৰ্য্যও সন্মিলিত আছে। এনে নিৰ্মাণ কাৰ্য্য অন্য দেশসমূহৰ সঙ্গী ভাই-ভনীসকলে প্ৰদান কৰা আৰ্থিক দান আৰু কিছুমানে স্বইচ্ছাৰে আগবাঢ়ি অহাৰ বাবে সম্পন্ন হৈছে। যিহোৱাক স্তুতি কৰা সকলোতকৈ উত্তম কৰ্ম্মটো হৈছে শুভবাৰ্ত্তা প্ৰচাৰ কৰা। (মথি ২৪:১৪) গীত ১৪৫, বাকী পদবোৰে দেখুৱাইছে যে দায়ূদে ঈশ্বৰৰ ৰাজত্বৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছিল। (গীত ১৪৫:১১, ১২) দায়ূদৰ দৰে আপুনিও ঈশ্বৰে কৰা প্ৰেমপূৰ্বক শাসনৰ প্ৰতি কৃতজ্ঞ হয়নে? আপুনি নিয়মীয়াকৈ আনৰ সৈতে তেওঁৰ ৰাজ্যৰ বিষয়ে আলোচনা কৰেনে?

ঈশ্বৰক মহিমা কৰা উদাহৰণসমূহ

৭. যিহোৱাক স্তুতি কৰাৰ এটা মুখ্য কাৰণৰ বিষয়ে বৰ্ণনা কৰক।

গীত ১৪৫:৩ পদত যিহোৱাক স্তুতি কৰাৰ এটা মুখ্য কাৰণ দাঙি ধৰিছে। দায়ূদে গীতটিত এইদৰে কৈছিল: ‘যিহোৱা মহান, আৰু অতিশয় প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।’ যিহোৱাৰ মহিমা অসীমিত। মানুহে কেতিয়াও ইয়াক বুজিব আৰু জুখিব নোৱাৰে। কিন্তু যিহোৱাৰ অগম্য মহিমাৰ বিষয়ে বিবেচনা কৰি আমি নিশ্চয়ে লাভৱান হʼব পাৰিম।

৮. বিশ্বব্ৰহ্মাণ্ডই যিহোৱাৰ ক্ষমতা আৰু মহিমাৰ বিষয়ে কি প্ৰকাশ কৰে?

এনে এটা উপলক্ষ্যৰ বিষয়ে সোঁৱৰিবলৈ চেষ্টা কৰক যʼত আপুনি চহৰৰ বিজুলী বন্তিৰ পৰা আঁতৰত আছে আৰু মুকলি আকাশখনত জিলিকি থকা তৰাবোৰলৈ দৃষ্টি কৰিছিল। আপুনি এন্ধাৰ আকাশখনত কোটি কোটি তৰসমষ্টিক জিলিকি থকা দেখি আচৰিত হৈছিলনে? আকাশমণ্ডলত যিহোৱাৰ মহিমা দেখি আপুনি তেওঁক স্তুতি কৰিবলৈ প্ৰেৰিত হোৱা নাছিলনে? আপুনি যি দেখিলে সেইবোৰ নক্ষত্ৰ পুঞ্জৰ এক ক্ষুদ্ৰ অংশমাত্ৰহে আছিল যʼত আমাৰ পৃথিৱীখনো সন্মিলিত আছে। তদুপৰি অনুমান কৰি জানিব পৰা গৈছে যে এশ কোটিতকৈ অধিক নক্ষত্ৰ পুঞ্জ আছে আৰু ইয়াৰ তৃতীয় ভাগৰ এভাগকহে আমি খালী চকুৰে দেখিবলৈ পাওঁ। আনকি অসংখ্য তৰা আৰু নক্ষত্ৰ পুঞ্জৰ দ্বাৰা গঠিত এই বিশাল বিশ্বব্ৰহ্মাণ্ডই যিহোৱাৰ সৃষ্টি কৰা ক্ষমতা আৰু মহিমাৰ বিষয়ে সাক্ষ্য দিয়ে।—যিচয়া ৪০:২৬.

৯, ১০. (ক) যীচুৰ সৈতে সম্পৰ্ক থকা কেনে দিশবোৰত ঈশ্বৰৰ অগম্য মহিমা প্ৰকাশ পাইছিল? (খ) যীচুৰ পুনৰুত্থানে কেনেকৈ আমাৰ বিশ্বাসক প্ৰভাৱিত কৰা উচিত?

যিহোৱাৰ মহিমাৰ আন এটা দিশৰ বিষয়ে লক্ষ্য কৰক যʼত যীচু খ্ৰীষ্ট জড়িত আছে। ঈশ্বৰে নিজ পুত্ৰক সৃষ্টি কৰি কোটি কোটি বছৰ ধৰি তেওঁক প্ৰধান কাৰ্য্যকাৰকৰূপে ব্যৱহাৰ কৰাৰ দ্বাৰা তেওঁৰ মহিমা প্ৰকাশ কৰাটো দেখা গʼল। (হিতোপদেশ ৮:২২-৩১) ঈশ্বৰৰ মহান প্ৰেম তেতিয়া দেখিবলৈ পোৱা গʼল যেতিয়া তেওঁ নিজৰ একমাত্ৰ পুত্ৰক মানৱজাতিৰ বাবে মুক্তিপণ বলিদান দিবলৈ পঠিয়ালে। (মথি ২০:২৮; যোহন ৩:১৬; ১ যোহন ২:১, ২) পুনৰুত্থানৰ পিছত যীচুৱে যি গৌৰৱ আৰু চিৰস্থায়ী আত্মিক দেহ যিহোৱাৰ পৰা লাভ কৰিলে তাক কোনো মানৱে কেতিয়াও বুজিব নোৱাৰে।—১ পিতৰ ৩:১৮.

১০ যীচুৰ পুনৰুত্থানৰ সৈতে যিহোৱাৰ অগম্য মহিমাৰ বহুতো হৃদয়স্পৰ্ষী দিশ সন্মিলিত আছিল। উদাহৰণস্বৰূপে, ঈশ্বৰে নিঃসন্দেহ দৃশ্যমান আৰু অদৃশ্য বস্তুবোৰৰ সৃষ্টিৰ সম্বন্ধে থকা যীচুৰ স্মৃতিশক্তি ঘূৰাই আনিছিল। (কলচীয়া ১:১৫, ১৬) এই দৃশ্যমান আৰু অদৃশ্য বস্তুবোৰৰ সৈতে অন্য আত্মিক প্ৰাণী, বিশ্বব্ৰহ্মাণ্ড, ফলদায়ক পৃথিৱী আৰু সকলো প্ৰকাৰৰ জীৱন সন্মিলিত আছে। তদুপৰি স্বৰ্গত অতিবাহিত কৰা জীৱনছোৱাৰ জ্ঞান আৰু পৃথিৱীত সিদ্ধ মানৱৰূপে অভিজ্ঞতা হোৱা সকলো অনুভৱৰ স্মৃতিশক্তি যিহোৱাই যীচুত পুনৰাই স্থাপন কৰিছিল। দৰাচলতে যীচুৰ পুনৰুত্থান যিহোৱাৰ অগম্য মহিমাৰ এক প্ৰমাণ আছিল। তদুপৰি এই মহৎ কাৰ্য্যই অন্যসকলৰ পুনৰুত্থান হোৱাৰ নিশ্চয়তা আৰু ঈশ্বৰে কোটি কোটি লোকক সম্পূৰ্ণ স্মৃতিশক্তিৰ সৈতে পুনৰুত্থান কৰিব বুলি আমাৰ বিশ্বাস দৃঢ় কৰে।—যোহন ৫:২৮, ২৯; পাঁচনিৰ কৰ্ম্ম ১৭:৩১.

ঈশ্বৰৰ মহৎ আৰু শক্তিশালী কাৰ্য্যসমূহ

১১. পেন্টাকোষ্ট সা.যু. ৩৩ চনত যিহোৱাই কেনে ধৰণৰ মহৎ কাৰ্য্য কৰিবলৈ আৰম্ভ কৰিলে?

১১ যীচুৰ পুনৰুত্থানৰ পিছৰ পৰাই যিহোৱাই বহুতো মহৎ আৰু শক্তিশালী কাৰ্য্য কৰিছিল। (গীত ৪০:৫) পেন্টাকোষ্ট সা.যু. ৩৩ চনত পবিত্ৰ আত্মাৰে মনোনিত যীচুৰ শিষ্যসকলৰ দ্বাৰা “ঈশ্বৰৰ ইস্ৰায়েল” নামৰ এটা জাতি গঠন কৰিলে। (গালাতীয়া ৬:১৬) সেই সময়ত নতুনকৈ গঠিত হোৱা আধ্যাত্মিক জাতি আচৰিতৰূপে বৃদ্ধি পালে। পাঁচনিবিলাকৰ মৃত্যুৰ পিছত খ্ৰীষ্টীয়জগতৰ দ্বাৰা ধৰ্ম্মত্যাগীৰ বৃদ্ধি হোৱা স্বত্ত্বেও যিহোৱাই তেওঁৰ উদ্দেশ্যৰ সম্বন্ধে মহৎ কাৰ্য্য কৰি থাকিল।

১২. আজি বাইবেলখন সকলো মুখ্য ভাষাত উপলব্ধ থকাই কিহৰ প্ৰমাণ দিয়ে?

১২ উদাহৰণস্বৰূপে, সম্পূৰ্ণ বাইবেলখন সংৰক্ষিত আৰু পিছলৈ সকলো মুখ্য ভাষাত অনুবাদ কৰা হʼল। অনুবাদ কৰাটো ইমান সহজ নাছিল কিয়নো বাইবেল অনুবাদ কৰা ব্যক্তিসকলে প্ৰায়ে কঠিন আৰু চয়তানৰ প্ৰতিনিধিৰ দ্বাৰা মৃত্যুৰ ভাবুকি পোৱা পৰিস্থিতিৰ মাজেৰে কাৰ্য্য কৰিবলগীয়া হৈছিল। যিহোৱাৰ অগম্য মহিমাৰ ইচ্ছা নোহোৱাহʼলে কেতিয়াও বাইবেলখন ২০০০ টা ভাষাত অনুবাদ কৰিব পৰা নগʼলহেঁতেন!

১৩. ঈশ্বৰৰ ৰাজ্যৰ সম্বন্ধে ১৯১৪ চনৰ পৰা কেনেকৈ যিহোৱাৰ মহিমা প্ৰকাশ পালে?

১৩ আনকি যিহোৱাৰ মহিমা তেওঁৰ ৰাজ্যৰ উদ্দেশ্যৰ সম্বন্ধেও প্ৰকাশ পালে। উদাহৰণস্বৰূপে, ১৯১৪ চনত তেওঁ যীচুক স্বৰ্গীয় ৰজা হিচাবে নিযুক্ত কৰিলে। ঠিক তাৰ কিছু সময়ৰ পিছত যীচুৱে চয়তান আৰু তাৰ দূতবিলাকৰ বিৰুদ্ধে পদক্ষেপ লʼলে। চয়তানৰ সৈতে তাৰ দূতবিলাকক পৃথিৱীলৈ পেলাই দিয়া হʼল, যʼত সিহঁতে অগাধ ঠাইৰ বাবে অপেক্ষা কৰি আছে। (প্ৰকাশিত বাক্য ১২:৯- ১২; ২০:১-৩) তেতিয়াৰে পৰা যীচুৰ অভিষিক্ত লোকসকলে অতিশয় তাড়নাৰ সম্মুখীন হৈছে। তথাপিও যীচুৰ অদৃশ্য উপস্থিতিৰ সময়ত যিহোৱাই তেওঁলোকৰ প্ৰতিপালন কৰি আছে।—মথি ২৪:৩; প্ৰকাশিত বাক্য ১২:১৭.

১৪. যিহোৱাই ১৯১৯ চনত কেনে এক মহৎ কাৰ্য্য কৰিলে আৰু ইয়াৰ দ্বাৰা কি সম্পন্ন হʼল?

১৪ যিহোৱাই ১৯১৯ চনত আন এটা মহৎ কৰ্ম্ম কৰি নিজৰ মহিমা প্ৰকাশ কৰিলে। সেই সময়ত নিষ্ক্ৰিয় হৈ পৰা অভিষিক্ত বৰ্গৰ আধ্যাত্মিক কাৰ্য্যকলাপ পুনৰাই সক্ৰিয় কৰি তুলিলে। (প্ৰকাশিত বাক্য ১১:৩-১১) তেতিয়াৰে পৰা অভিষিক্ত বৰ্গই উৎসাহী হৈ স্বৰ্গত স্থাপিত হোৱা ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ ধৰিলে। তদুপৰি ১,৪৪,০০০ সংখ্যাৰ বাকী অভিষিক্ত সদস্যসকলক একত্ৰিত কৰাৰ ওপৰত মনোযোগ দিয়া হʼল। (প্ৰকাশিত বাক্য ১৪:১-৩) যীচুৰ অভিষিক্ত শিষ্যসকলৰ দ্বাৰা যিহোৱাই এক ‘নতুন পৃথিৱী’ অৰ্থাৎ এক ধাৰ্ম্মিক মানৱ সমাজ গঠন কৰিলে। (প্ৰকাশিত বাক্য ২১:১) কিন্তু সকলো অভিষিক্ত সদস্যই স্বৰ্গলৈ যোৱাৰ পিছত ‘নতুন পৃথিৱীখনৰ’ কি হʼব?

১৫. অভিষিক্ত বৰ্গই কেনে কাৰ্য্যত ভাগ লৈছিল আৰু ইয়াৰ ফলাফল কি হʼল?

১৫ প্ৰকাশিত বাক্য ৭ অধ্যায়ত উল্লেখ কৰা “এক বৰ লোকসমূহৰ” সম্বন্ধে থকা কিছুমান মুখ্য বিষয় ১৯৩৫ চনৰ ১ আগষ্ট আৰু ১৫ আগষ্ট সংখ্যাৰ আলোচনীবোৰত উল্লেখ কৰা হʼল। সেই সময়ৰে পৰা অভিষিক্ত বৰ্গই অতি উৎসাহেৰে ভিন্ন জাতি, ভাষা আৰু ফৈদৰ পৰা অহা সঙ্গী উপাসকবিলাকক অনুসন্ধান কৰিবলৈ ধৰিলে। এই “বৰ লোকসমূহ” আহিবলগীয়া “মহাক্লেশৰ” পৰা ৰক্ষা পাই ‘নতুন পৃথিৱীৰ’ সদস্য হৈ চিৰকাল জীয়াই থকা আশা আছে। (প্ৰকাশিত বাক্য ৭:৯- ১৪) যিহেতু অভিষিক্ত খ্ৰীষ্টান বৰ্গই কৰা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যৰ ফলস্বৰূপে বৰ্তমান সময়ত ৬০ লাখতকৈ অধিক লোকে পৰমদেশ পৃথিৱীত চিৰকাল জীয়াই থকাৰ আশা ৰাখিছে। চয়তানৰ ভ্ৰষ্টাচাৰ জগতখনত থাকি বিৰোধিতাৰ সম্মুখীন হোৱাৰ স্বত্বেও তেনে বৃদ্ধি হোৱাৰ বাবে কোনে প্ৰশংসা পোৱাৰ যোগ্য? (১ যোহন ৫:১৯) এক মাত্ৰ যিহোৱা হৈছে এই প্ৰশংসা পোৱাৰ যোগ্য যিজনে নিজৰ আত্মাৰ দ্বাৰা সেই কাৰ্য্য সম্পন্ন কৰিছে।—যিচয়া ৬০:২২; জখৰিয়া ৪:৬.

যিহোৱাৰ মৰ্য্যদা আৰু গৌৰৱযুক্ত প্ৰতাপ

১৬. মানৱে কিয় যিহোৱা ঈশ্বৰৰ ‘মৰ্য্যদাৰ গৌৰৱযুক্ত প্ৰতাপ’ নিজৰ প্ৰকৃতিক চকুৰে চাব নোৱাৰে?

১৬ যিহোৱাৰ “আচৰিত কাৰ্য্য” আৰু “মহৎ কাৰ্য্যৰ” যিয়ে বৈশিষ্ট্য নহওক কিয়, ইয়াক সদায়েই সোঁৱৰণ কৰা হʼব। এই বিষয়ে দায়ূদে এইদৰে কৈছিল: “লোকবিলাকে পুৰুষে পুৰুষে তোমাৰ কাৰ্য্যবোৰৰ শলাগ লব আৰু তোমাৰ মহৎ কাৰ্য্যবোৰ প্ৰকাশ কৰিব। তোমাৰ মৰ্য্যদাৰ গৌৰৱযুক্ত প্ৰতাপৰ, আৰু তোমাৰ আচৰিত কাৰ্য্যবোৰৰ বিষয়ে মই ধ্যান কৰিম। লোকবিলাকে তোমাৰ ভয়ানক কাৰ্য্যবোৰৰ পৰাক্ৰমৰ বিষয়ে কথা কব আৰু মই তোমাৰ মহৎ ক্ৰিয়া বৰ্ণাম।” (গীত ১৪৫:৪-৬) যিহেতু “ঈশ্বৰ আত্মা” হোৱাৰ বাবে দায়ূদে তেওঁৰ গৌৰৱযুক্ত প্ৰতাপৰ বিষয়ে কিমান পৰিমাণে জানিব পাৰিলে?—যোহন ১:১৮; ৪:২৪.

১৭, ১৮. দায়ূদে কেনেকৈ ‘যিহোৱাৰ মৰ্য্যদাৰ গৌৰৱযুক্ত প্ৰতাপৰ’ প্ৰতি শলাগ লৈছিল?

১৭ যদিও দায়ূদে ঈশ্বৰক দেখা নাছিল তথাপিও তেওঁৰ ওচৰত যিহোৱাৰ গৌৰৱযুক্ত মৰ্য্যদাৰ প্ৰতি শলাগ লোৱাৰ অনেক কাৰণ আছিল। উদাহৰণস্বৰূপে, জল-প্লাৱনৰ দ্বাৰা অধাৰ্ম্মিক জগতখনক ধ্বংস কৰা ঈশ্বৰৰ মহৎ কৰ্ম্মৰ বিষয়ে তেওঁ শাস্ত্ৰীয় বৃতান্তত পঢ়িছিল। তদুপৰি মিচৰৰ দাসত্বৰ পৰা ইস্ৰায়েলসকলক উদ্ধাৰ কৰাৰ সময়ত মিচৰীয়া দেবী-দেৱতাবোৰে কেনেকৈ নিন্দিত হৈছিল, সেই বিষয়েও সম্ভৱতঃ তেওঁ জানিছিল। তেনে ধৰণৰ ঘটনাই যিহোৱাৰ গৌৰৱ আৰু মহিমাৰ বিষয়ে প্ৰমাণ দিয়ে।

১৮ নিঃসন্দেহ, দায়ূদে কেৱল শাস্ত্ৰীয় বৃতান্তসমূহ পঢ়ি ঈশ্বৰৰ গৌৰৱযুক্ত প্ৰতাপৰ প্ৰতি শলাগ লৈছিল এনে নহয় কিন্তু সেইবোৰৰ ওপৰত তেওঁ ধ্যানো কৰিছিল। উদাহৰণস্বৰূপে, ইস্ৰায়েল জাতিক বিধান প্ৰদান কৰাৰ সময়ত যি ঘটিছিল তাৰ বিষয়ে তেওঁ হয়তো ধ্যান কৰিছিল। সেই সময়ত হোৱা মেঘ-গৰ্জ্জন, বজ্ৰ পৰা, ঘোৰ মেঘ আৰু অতিশয় উচ্চ শিঙা-ধ্বনি হৈছিল। তদুপৰি চীনয় পৰ্ব্বতৰ পৰা অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ ধোঁৱা উঠিছিল আৰু পৰ্ব্বতখন বৰকৈ কঁপিব ধৰিছিল। পাছে তাত উপস্থিত থকা লোকসকলে অগ্নি আৰু মেঘৰ মাজৰ পৰা এজন স্বৰ্গদূতৰ দ্বাৰা যিহোৱাই “দহ আজ্ঞা” দিয়া মাত শুনিবলৈ পাইছিল। (দ্বিতীয় বিবৰণ ৪:৩২-৩৬; ৫:২২-২৪; ১০:৪; যাত্ৰাপুস্তক ১৯:১৬-২০; পাঁচনিৰ কৰ্ম্ম ৭:৩৮, ৫৩) সেইটো যিহোৱাৰ গৌৰৱযুক্ত প্ৰতাপৰ কিযে এক আভাস আছিল! ঈশ্বৰৰ বাক্যৰ প্ৰেমীসকলে যেতিয়া এই বৃতান্তসমূহ পঢ়ে তেওঁলোকক যদিও এইবোৰে কোনো ধৰণৰ সহায় আগবঢ়াব নোৱাৰে তথাপিও ‘ঈশ্বৰৰ গৌৰৱযুক্ত প্ৰতাপৰ’ দ্বাৰা প্ৰেৰিত কৰে। অৱশ্যে আজি আমাৰ ওচৰত সম্পূৰ্ণ বাইবেলখন আছে, যʼত এনে বহুতো দৰ্শন লিপিবদ্ধ কৰা হৈছে যি আমাক যিহোৱাৰ মহিমাৰ সৈতে প্ৰভাৱিত কৰে।—যিহিষ্কেল ১:২৬-২৮; দানিয়েল ৭:৯, ১০; প্ৰকাশিত বাক্য ৪ অধ্যায়।

১৯. কিহে যিহোৱাৰ গৌৰৱযুক্ত প্ৰতাপৰ প্ৰতি থকা আমাৰ মূল্যাঙ্কন বৃদ্ধি কৰিব?

১৯ দায়ূদে ঈশ্বৰৰ গৌৰৱযুক্ত প্ৰতাপৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ আন এটা কাৰণ হৈছে, তেওঁ ইস্ৰায়েলসকলক দিয়া বিধানৰ বিষয়ে অধ্যয়ন কৰিছিল। (দ্বিতীয় বিবৰণ ১৭:১৮-২০; গীত ১৯:৭-১১) যিহোৱাৰ বিধানৰ প্ৰতি দেখুৱা আজ্ঞাকাৰীতাই ইস্ৰায়েলসকলক অন্যজাতিৰ পৰা পৃথকে ৰাখিছিল। (দ্বিতীয় বিবৰণ ৪:৬-৮) যদি আমি নিতৌ বাইবেলখন পঢ়োঁ, ধ্যান আৰু গভীৰতাৰে অধ্যয়ন কৰোঁ তেতিয়া দায়ূদৰ দৰে ঈশ্বৰৰ গৌৰৱযুক্ত প্ৰতাপৰ প্ৰতি থকা আমাৰ মূল্যাঙ্কন বৃদ্ধি হʼব।

ঈশ্বৰৰ নৈতিক গুণবোৰ কিমান যে শ্ৰেষ্ঠ!

২০, ২১. (ক) গীত ১৪৫:৭-৯ পদত উল্লেখ কৰা যিহোৱাৰ মহিমা কেনে গুণসমূহৰ সৈতে সম্পৰ্ক আছে? (খ) ঈশ্বৰক প্ৰেম কৰোঁতাসকলৰ ওপৰত তেওঁৰ গুণসমূহে কেনে প্ৰভাৱ পেলাই বুলি উল্লেখ কৰিছে?

২০ গীত ১৪৫ প্ৰথম ছটা পদত যিহোৱাৰ অগম্য মহিমাৰ সৈতে জড়িত থকা বিষয়বোৰৰ দ্বাৰা তেওঁক স্তুতি কৰাৰ যথাৰ্থ কাৰণসমূহৰ বিষয়ে আমি জানিব পাৰিলোঁ। ৭ ৰ পৰা ৯ পদত ঈশ্বৰীয় নৈতিক গুণবোৰে তেওঁৰ মহিমা প্ৰকাশ কৰাৰ বিষয়ে উল্লেখ কৰিছে। এই বিষয়ে ৰজা দায়ূদে এইদৰে কৈছিল: “সিবিলাকে তোমাৰ অতি অনুগ্ৰহৰ যশস্যা প্ৰচাৰ কৰিব, আৰু তোমাৰ ধাৰ্ম্মিকতাৰ বিষয়ে গান কৰিব, যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান। যিহোৱা সকলোলৈকে মঙ্গল কৰোঁতা; তেওঁৰ সমুদায় সৃষ্ট বস্তুৰ ওপৰত তেওঁৰ কৃপা আছে।”

২১ ইয়াত দায়ূদে যিহোৱাৰ মঙ্গলময় আৰু ধাৰ্ম্মিকতাৰ গুণৰ বিষয়ে উল্লেখ কৰিছে যাৰ ওপৰত চয়তানে অভিযোগ কৰিছিল। ঈশ্বৰক প্ৰেম কৰোঁতা আৰু তেওঁৰ শাসনৰ অধীন হোৱা সকলৰ ওপৰত এই গুণবোৰে কেনে প্ৰভাৱ পেলায়? যিহোৱাৰ মঙ্গলময় আৰু ধাৰ্ম্মিকতাই তেওঁৰ উপাসকসকলক আনন্দিত কৰে আৰু তাৰ বাবে তেওঁলোকে তেওঁক স্তুতি কৰিবলৈ প্ৰেৰিত হয়। তদুপৰি তেওঁ “সকলোলৈ” মঙ্গলময় কৰোঁতা ঈশ্বৰ। আমি আশা কৰিব পাৰোঁ যে ই বহুতকে অনতিপলমে মন পালটন কৰিবলৈ আৰু তেওঁৰ উপাসক হʼবলৈ সহায় কৰিব।—পাঁচনিৰ কৰ্ম্ম ১৪:১৫-১৭.

২২. যিহোৱাই নিজৰ সেৱকবিলাকৰ সৈতে কেনে আচৰণ কৰে?

২২ তদুপৰি দায়ূদে সেই গুণবোৰৰ প্ৰতিও মূল্যাঙ্কন দেখুৱাইছিল যাৰ বিষয়ে যিহোৱাই স্বয়ং “[মোচিৰ] আগেদি গমন কৰি ইয়াকে ঘোষণা কৰিলে, ‘যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান।’” (যাত্ৰাপুস্তক ৩৪:৬) সেইবাবে দায়ূদে এইদৰে কʼব পাৰিলে: “যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।” যদিও যিহোৱাৰ মহিমা অগম্য তথাপিও তেওঁ নিজৰ সেৱকবিলাকৰ সৈতে কৰুণাৰে আচৰণ কৰে। তেওঁ দয়ালু আৰু মন পালটন কৰোঁতাসকলক যীচুৰ মুক্তিপণ বলিদানৰ দ্বাৰা ক্ষমা কৰিবলৈ সাজু থাকে। আনকি তেওঁ ক্ৰোধত ধীৰ আৰু সেৱকবিলাকক তেওঁলোকৰ দুৰ্ব্বলতাৰ ওপৰত জয়ী হʼবলৈ সুযোগ দিয়ে যিয়ে তেওঁলোকক ধাৰ্ম্মিক পৃথিৱীত প্ৰৱেশ কৰাত বাধা উৎপন্ন কৰে।—২ পিতৰ ৩:৯, ১৩, ১৪.

২৩. পৰৱৰ্তী লেখত কেনে এক উৎকৃষ্ট গুণৰ বিষয়ে আলোচনা কৰা হʼব?

২৩ যিহোৱাৰ প্ৰেমপূৰ্বক দয়া বা আনুগত্য প্ৰেমৰ বিষয়ে দায়ূদে প্ৰশংসা কৰিছিল। তদুপৰি ১৪৫ গীতটিৰ বাকী পদবোৰে দেখুৱাইছে যে যিহোৱাই কেনেকৈ এই গুণটোক প্ৰতিফলিত কৰে আৰু ইয়াৰ প্ৰতি তেওঁৰ বিশ্বাসী সেৱকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱায়। এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w04 1/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• যিহোৱাক “ওৰে দিনটো” স্তুতি কৰিবলৈ কেনে সুযোগবোৰ আছে?

• কেনে উদাহৰণসমূহে দেখুৱাইছে যে যিহোৱাৰ মহিমা অগম্য?

• আমি কেনেকৈ যিহোৱাৰ গৌৰৱযুক্ত প্ৰতাপৰ প্ৰতি অধিক মূল্যাঙ্কন দেখুৱাব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ছবি]

বিশ্বমণ্ডলত থকা অসংখ্য নক্ষত্ৰ পুঞ্জই যিহোৱাৰ অগম্য মহিমাৰ প্ৰমাণ দিয়ে

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Courtesy of Anglo-Australian Observatory, photograph by David Malin

[২০ পৃষ্ঠাৰ ছবি]

যীচুৰ সম্পৰ্কে যিহোৱাৰ অগম্য মহিমা কেনেকৈ প্ৰকাশ পালে?