Skip to content

Skip to table of contents

যিহোৱা আনুগত্য প্ৰেমত মহান

যিহোৱা আনুগত্য প্ৰেমত মহান

যিহোৱা আনুগত্য প্ৰেমত মহান

‘যিহোৱা প্ৰেমপূৰ্বক দয়াত মহান।’—গীতমালা ১৪৫:৮ .

১. যিহোৱাৰ প্ৰেমৰ প্ৰভাৱ কিমান দূৰলৈ বিস্তাৰিত?

 বাইবেলে কৈছে: “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) এই হৃদয়স্পৰ্শী অভিব্যক্তিটোৱে দেখুৱাইছে যে যিহোৱাৰ শাসন প্ৰেমৰ ওপৰত আধাৰিত। আনকি তেওঁ অধাৰ্ম্মিকৰ ওপৰতো সূৰ্য্য উদয় হʼবলৈ দিয়ে আৰু বৰষুণ বৰষায়। (মথি ৫:৪৪, ৪৫) যিহেতু তেওঁ সমুদায় মানৱজাতিক প্ৰেম কৰাৰ বাবে তেওঁৰ শত্ৰুৱেও মন পালটন কৰি অনন্ত জীৱন পাব পাৰে। (যোহন ৩:১৬) অতি সোনকালে যিহোৱাই দুষ্ট লোকক সংহাৰ কৰিব যাতে ধাৰ্ম্মিক লোকসকলে চিৰকাললৈকে পৃথিৱীৰ অধিকাৰী হʼব পাৰে।—গীত ৩৭:৯- ১১, ২৯; ২ পিতৰ ৩:১৩.

২. যিহোৱাই নিজৰ সমৰ্পিত লোকসকলৰ প্ৰতি কেনে এক বিশেষ প্ৰেম দেখুৱায়?

যিহোৱাই নিজৰ সত্য উপাসকবিলাকৰ বাবে চিৰস্থায়ী প্ৰেম দেখুৱায়। তেনে ধৰণৰ প্ৰেমক হিব্ৰু শব্দত “প্ৰেমপূৰ্বক দয়া” বা “আনুগত্য প্ৰেম” বুলি বৰ্ণনা কৰিছে। প্ৰাচীনকালৰ ৰজা দায়ূদে ঈশ্বৰৰ আনুগত্য প্ৰেমৰ প্ৰতি গভীৰ মূল্যাঙ্কন দেখুৱাইছিল। তেওঁ নিজৰ ব্যক্তিগত অভিজ্ঞতা আৰু ঈশ্বৰে আনৰ সৈতে কৰা আচৰণৰ ওপৰত গভীৰভাৱে ধ্যান কৰি নিশ্চয়তাৰে এইদৰে কʼব পাৰিলে: “যিহোৱা . . . প্ৰেমপূৰ্বক দয়াত [বা “আনুগত্য প্ৰেম”] মহান।”—গীত ১৪৫:৮, NW.

ঈশ্বৰৰ আনুগত্য প্ৰেমক চিনাক্ত কৰা

৩, ৪. (ক) গীত ১৪৫, কেনেকৈ যিহোৱাৰ আনুগত্য লোকবিলাকক চিনি পাবলৈ আমাক সহায় কৰিছে? (খ) ঈশ্বৰৰ আনুগত্য লোকবিলাকে কেনেকৈ তেওঁক “আশীৰ্ব্বাদ” কৰে?

যিহোৱাৰ বিষয়ে ভৱিষ্যতবক্তা চমূৱেলৰ মাতৃ হান্নাই এইদৰে কৈছিল: “তেওঁ তেওঁৰ সাধু লোকবিলাকৰ চৰণ ৰক্ষা কৰিব।” (১ চমূৱেল ২:৯) সেই “সাধু লোকবিলাকনো” কোন? এই বিষয়ে ৰজা দায়ূদে উত্তৰ দিছে। যিহোৱাৰ উৎকৃষ্ট গুণবোৰৰ বিষয়ে প্ৰশংসা কৰাৰ পিছত তেওঁ এইদৰে কৈছে: “তোমাৰ [আনুগত্যবিলাকে, তোমাৰ আশীৰ্ব্বাদ, NW] কৰিব।” (গীত ১৪৫:১০) আপুনি হয়তো এইটো ভাবি আচৰিত হʼব পাৰে যে মানুহে কেনেকৈ ঈশ্বৰক আশীৰ্ব্বাদ কৰিব পাৰে? তেওঁলোকে তেওঁৰ স্তুতি বা তেওঁৰ প্ৰশংসা কৰাৰ দ্বাৰা তেনে কৰিব পাৰে।

যিহোৱাক প্ৰশংসা কৰোঁতাসকল হৈছে তেওঁৰ আনুগত্য লোক। সভা বা কোনো সামাজিক সমাৰোহত উপস্থিত হওঁতে তেওঁলোকে কৰা আলোচনাৰ এটা উমৈহতীয়া বিষয়বস্তু কি? সেইটো যিহোৱাৰ ৰাজ্য বিষয়ে কৰা আলোচনা! ঈশ্বৰৰ আনুগত্য সেৱকবিলাকে ৰজা দায়ূদৰ এই অভিব্যক্তিৰ সৈতে সুৰ মিলাই এইদৰে কয়: “যিহোৱাৰ মহৎ কাৰ্য্যবোৰ আৰু তেওঁৰ ৰাজ্যৰ গৌৰৱযুক্ত প্ৰতাপ, মনুষ্য-সন্তানবিলাকৰ আগত জনাবৰ নিমিত্তে।”—গীতমালা ১৪৫:১১.

৫. আনুগত্য লোকবিলাকে যিহোৱাৰ প্ৰশংসা কৰাত তেওঁ যে তাৰ প্ৰতি কাণ দিয়ে তাক আমি কেনেকৈ জানিব পাৰোঁ?

যিহোৱাই তেওঁৰ আনুগত্য লোকবিলাকে কৰা স্তুতি শুনেনে? তেওঁলোকে কি কৈছে তাৰ প্ৰতি অৱশ্যেই মন দিয়ে। বৰ্তমান সময়ত হোৱা সত্য উপাসনাৰ সম্বন্ধে ভৱিষ্যতবক্তা মলাখীয়ে এইদৰে কৈছিল: “সেই কালত যিহোৱাক ভয় কৰোঁতাবিলাকে ইজনে সিজনে কথাবাৰ্ত্তা হল, আৰু যিহোৱাই কাণ পাতি তাক শুনিলে; আৰু যিহোৱাক ভয় কৰোঁতাবিলাকৰ, আৰু তেওঁৰ নাম ধ্যান কৰোঁতাবিলাকৰ অৰ্থে তেওঁৰ আগত এখন স্মৰণাৰ্থক পুথি লিখা হল।” (মলাখী ৩:১৬) দৰাচলতে যেতিয়া তেওঁৰ আনুগত্য লোকবিলাকে তেওঁৰ বিষয়ে উত্তম কথা কয় তেতিয়া যিহোৱাই তেওঁলোকক স্মৰণ কৰে।

৬. কেনে কাৰ্য্যসমূহে আমাক যিহোৱাৰ আনুগত্য লোকসকলক চিনি পাবলৈ সহায় কৰে?

যিহোৱাৰ আনুগত্য লোকবিলাকক তেওঁলোকে দেখুৱা সাহস আৰু ঈশ্বৰক উপাসনা নকৰা লোকক সকলো সুযোগতে ঈশ্বৰৰ বিষয়ে কʼবলৈ পদক্ষেপ লোৱাৰ বাবে সহজে চিনিব পাৰি। প্ৰকৃততে ঈশ্বৰৰ আনুগত্য লোকবিলাকে ‘তেওঁৰ ৰাজ্যৰ গৌৰৱযুক্ত প্ৰতাপ, মনুষ্য-সন্তানবিলাকৰ আগত জনাবৰ নিমিত্তে, সিবিলাকে যিহোৱাৰ ৰজাৰ গৌৰৱ প্ৰচাৰ কৰিব।’ (গীত ১৪৫:১১, ১২) আপুনি যিহোৱাৰ ৰাজশাসনৰ বিষয়ে সত্যত নথকা লোকবিলাকক জনাবলৈ সকলো সুযোগৰ সুবিধা লয়নে? মানৱ চৰকাৰৰ বিপৰীতে যিহোৱাৰ ৰাজশাসন চিৰকাললৈকে থাকিব। (১ তীমথিয় ১:১৭) গতিকে লোকসকলৰ বাবে যিহোৱাৰ চিৰস্থায়ী ৰাজশাসনৰ বিষয়ে শিকা আৰু তাক সমৰ্থন কৰাটো অত্যন্ত জৰুৰী। এই বিষয়ে ৰজা দায়ূদে এইদৰে কৈছিল: “তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।”—গীত ১৪৫:১৩.

৭, ৮. কেনে ঘটনা ১৯১৪ চনত ঘটিল আৰু ঈশ্বৰে যে তেওঁৰ পুত্ৰৰ ৰাজ্যৰ দ্বাৰা শাসন কৰিছে তাৰ কি প্ৰমাণ আছে?

যিহোৱাৰ ৰাজশাসনৰ বিষয়ে প্ৰচাৰ কৰিবলৈ ১৯১৪ চনত অন্য এক অতিৰিক্ত কাৰণ দেখা গৈছিল। সেই বছৰত ঈশ্বৰে স্বৰ্গত মচীহ ৰাজ্য স্থাপিত আৰু যীচুক ৰজা হিচাবে নিযুক্ত কৰিলে। দায়ূদৰ সিংহাসন চিৰকালৰ বাবে স্থাপন কৰাৰ দ্বাৰা যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিলে।—২ চমূৱেল ৭:১২, ১৩; লূক ১:৩২, ৩৩.

যীচুৰ উপস্থিতিৰ সম্পৰ্কে থকা চিহ্নবোৰে দেখুৱাইছে যে যিহোৱাই তেওঁৰ পুত্ৰৰ ৰাজ্যৰ দ্বাৰা শাসন কৰিছে। সেই চিহ্নটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো আছিল আনুগত্য লোকসকলে কৰা কাৰ্য্য যাৰ বিষয়ে যীচুৱে এইদৰে ভৱিষ্যতবাণী কৰিছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:৩-১৪) প্ৰায় ৬০ লাখতকৈ অধিক ঈশ্বৰৰ আনুগত্য লোকসকল যʼত পুৰুষ, স্ত্ৰী আৰু লʼৰা-ছোৱালী সকলোৱে জড়িত আছে, তেওঁলোকে কেতিয়াও পুনৰাই নোহোৱা কাৰ্য্যত উৎসাহেৰে ভাগ লৈছে। অতি সোনকালে ঈশ্বৰৰ ৰাজ্যক বিৰোধ কৰা লোকসকলে ধ্বংসৰ সম্মুখীন হʼব।—প্ৰকাশিত বাক্য ১১:১৫, ১৮.

যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ পৰা লাভৱান হোৱা

৯, ১০. মানৱ শাসক আৰু যিহোৱাৰ মাজত কেনে ভিন্নতা আছে?

যদি আমি সমৰ্পিত খ্ৰীষ্টান হওঁ তেন্তে সৰ্ব্বশক্তিমান যিহোৱাৰ সৈতে থকা সম্বন্ধই আমাৰ বাবে অনেক লাভ কঢ়িয়াই আনিছে। (গীত ৭১:৫; ১১৬:১২) উদাহৰণস্বৰূপে, আমি যিহোৱালৈ সশ্ৰদ্ধা ভয় ৰাখা আৰু ধাৰ্ম্মিকতা অনুসাৰে জীৱন-যাপন কৰাৰ বাবে অনুমোদন লাভ কৰি আধ্যাত্মিকভাৱে তেওঁৰ কাষ চাপিব পাৰিছোঁ। (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫; যাকোব ৪:৮) ইয়াৰ বিপৰীতে মানৱ চাৰকাৰৰ শাসকসকলক প্ৰায়ে প্ৰসিদ্ধ লোকসকল, যেনে, সেনা পৰিচালক, ব্যৱসায়ী, খেলুৱৈ আৰু অভিনেতা বা অভিনেত্ৰী আদিৰ সৈতে সঙ্গতি কৰা দেখিবলৈ পোৱা যায়। এই বিষয়ে আফ্ৰিকা মহাদেশত প্ৰকাশ পোৱা ছৱেটান্‌ নামৰ বাতৰিকাকতত এজন প্ৰমুখ চৰকাৰী অধ্যক্ষই তেওঁৰ দেশত থকা দৰিদ্ৰ লোকবিলাকৰ বিষয়ে এইদৰে কৈছিল: “মই জানো যে আমাৰ সৰহভাগ লোকে দৰিদ্ৰ অঞ্চলত যাবলৈ ইচ্ছা নকৰে। আমি তেনে পৰিস্থিতি যে বাস্তৱতে অস্তিত্বত আছে তাৰ বিষয়ে পাহৰিব বিচাৰোঁ। কিয়নো আমি চলোৱা দামী মটৰ গাড়ীখনৰ বাবে আমি সঙ্কুচিত অনুভৱ আৰু আমাৰ বিবেক দংশিত কৰে।”

১০ অৱশ্যে কিছুমান মানৱীয় শাসকে আনৰ হিতৰ বাবে গভীৰভাৱে চিন্তা কৰে। কিন্তু আচলতে চাবলৈ গলে তেওঁলোকে স্বয়ং ভবা বিষয়টোক ভালদৰে নাজানে। গতিকে আমি নিজকে এইদৰে সুধিব পাৰো: এনে এজন শাসক আছেনে যিজনে তেওঁ ভবা সকলো বিষয়ৰ প্ৰতি চিন্তা কৰে যাতে বিপত্তিৰ সময়ত ব্যক্তিসকলক সহায় কৰিব পাৰে? অৱশ্যেই তেনে এজন শাসক আছে। এই সন্দৰ্ভত ৰজা দায়ূদে এইদৰে কৈছিল: “যিহোৱাই পৰিব লগীয়া সকলোকে ধৰি ৰাখে; দুৰৱস্থাত থকাবিলাকক তেওঁ সু-অৱস্থালৈ আনে।”—গীত ১৪৫:১৪.

১১. ঈশ্বৰৰ আনুগত্য লোকসকলৰ ওপৰত কেনে ধৰণৰ পৰীক্ষা আহে আৰু তেওঁলোকৰ ওচৰত কেনে সহায় আছে?

১১ যিহেতু যিহোৱাৰ আনুগত্য লোকসকল অসিদ্ধ আৰু ‘পাপ-আত্মাৰ অধীন’ অৰ্থাৎ চয়তানৰ জগতত জীয়াই থকাৰ বাবে তেওঁলোকে বহুতো পৰীক্ষা আৰু দুৰ্যোগৰ সম্মুখীন হʼবলগীয়া হৈছে। (১ যোহন ৫:১৯; গীত ৩৪:১৯) তদুপৰি প্ৰকৃত খ্ৰীষ্টানসকলে অত্যাচাৰৰ দ্বাৰাও পীড়িত হৈছে। তেওঁলোকৰ কিছুমানে আৰোগ্যহীন ৰোগ বা মৃত্যুজনিত শোকত ভুগীবলগীয়া হৈছে। কেতিয়াবা আনুগত্য লোকসকলে নিজৰ ভুল কাৰ্য্যৰ বাবে নিৰুৎসাহিত হʼবলগীয়া হয়। তেওঁলোকে যিয়েই পৰীক্ষাৰ সম্মুখীন নহওক কিয়, যিহোৱাই সদায়েই তেওঁলোকৰ প্ৰত্যেকজনক শান্ত্বনা প্ৰদান আৰু আধ্যাত্মিকভাৱে শক্তিশালী কৰিবলৈ সাজু থাকে। সেইদৰে ৰজা যীচুৱেও আনুগত্য লোকসকলৰ প্ৰতি গভীৰ চিন্তা প্ৰকাশ কৰে।—গীত ৭২:১২-১৪.

উপযুক্ত সময় অনুসাৰে পৰিতৃপ্ত আহাৰ প্ৰবন্ধ কৰা

১২, ১৩. যিহোৱাই কেনেকৈ “সমুদায় প্ৰাণীৰ” আৱশ্যকতা পূৰণ কৰিছে?

১২ যিহোৱাই প্ৰেমপূৰ্বক দয়াৰ দ্বাৰা প্ৰেৰিত হৈ নিজৰ সেৱকসকলৰ সকলো আৱশ্যকতা পূৰণ কৰে। ইয়াৰ সৈতে পুষ্টিকৰ খাদ্যৰে তেওঁলোকক পৰিতৃপ্ত কৰাও সন্মিলিত আছে। এই বিষয়ে ৰজা দায়ূদে এইদৰে কৈছিল: “সকলোৱে চকুৱে তেওঁলৈ অপেক্ষা কৰে; তুমিয়েই সিবিলাকক উচিত সময়ত আহাৰ দিওঁতা। তুমি তোমাৰ হাত মেলি, সমুদায় প্ৰাণীৰে বাঞ্ছা পূৰ্ণ কৰি থাকা।” (গীত ১৪৫:১৫, ১৬) দুৰ্যোগৰ সময়তো যিহোৱাই তেওঁৰ সেৱকসকলৰ বাবে “প্ৰয়োজনীয় আহাৰ দিনে দিনে” দিবলৈ পৰিস্থিতিৰ সাল-সলনি কৰিব পাৰে।—লূক ১১:৩; ১২:২৯, ৩০.

১৩ দায়ূদে “সমুদায় প্ৰাণীৰে” বাঞ্ছা পূৰ্ণ হোৱাৰ বিষয়ে উল্লেখ কৰিছিল। তাত জীৱ-জন্তুও সন্মিলিত আছে। পৃথিৱীত আৰু সাগৰৰ তলিত যথেষ্ট পৰিমাণে উদ্ভিদ উৎপন্ন নোহোৱা হʼলে জলচৰ, স্থলচৰ প্ৰাণী আৰু চৰাই-চিৰিকটিৰ বাবে উশাহ-নিশাহ লোৱা অসম্ভৱ আৰু খাবলৈ খাদ্যৰ অভাৱ হʼলহেঁতেন। (গীত ১০৪:১৪) যিয়েই নহওক যিহোৱাই সকলোৰে বাঞ্ছা পূৰ্ণ হোৱাৰ প্ৰতি দৃষ্টি কৰে।

১৪, ১৫. বৰ্তমান সময়ত কেনেকৈ আধ্যাত্মিক আহাৰৰ প্ৰবন্ধ কৰা হৈছে?

১৪ জীৱ-জন্তুৰ বিপৰীতে মানুহৰ আধ্যাত্মিক আৱশ্যকতা আছে। (মথি ৫:৩) যিহোৱাই তেওঁৰ আনুগত্য লোকবিলাকৰ আধ্যাত্মিক আৱশ্যকতাক কিমান যে অপূৰ্বভাৱে পূৰণ কৰিছে! যীচুয়ে মৃত্যুৰ পূৰ্ব্বেই তেওঁৰ শিষ্যসকলক ‘বিশ্বাসী বুদ্ধিমান দাসে উচিত সময়ত আহাৰৰ’ প্ৰবন্ধ কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল। (মথি ২৪:৪৫) আজিৰ সময়ত এই বিশ্বাসী বুদ্ধিমান দাসবৰ্গ ১,৪৪,০০০ জন লোকৰ অৱিশিষ্ট সকলৰ দ্বাৰা গঠিত। যিহোৱাই তেওঁলোকৰ দ্বাৰা যথেষ্ট পৰিমাণে আধ্যাত্মিক আহাৰৰ প্ৰবন্ধ কৰিছে।

১৫ উদাহৰণস্বৰূপে, নিজৰ মাতৃভাষাত সঠিক বাইবেলৰ অনুবাদ পঢ়িবলৈ পাই বহুতো যিহোৱাৰ সাক্ষীয়ে লাভৱান হৈছে। সঁচাকৈ দ্য নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান অৱ দ্য হলি স্ক্ৰীপচ্যাৰচ্‌ উপলব্ধ থকাটো কিযে এক মহান আশীৰ্ব্বাদ! তদুপৰি কোটি কোটি বাইবেল আধাৰিত সাহিত্যবোৰ প্ৰায় ৩০০ টা ভাষাত প্ৰকাশ কৰা হৈছে। এই সকলোবোৰৰ বাবে কোনে প্ৰশংসা পোৱাৰ যোগ্য? নিশ্চয়ে যিহোৱাই প্ৰশংসা পোৱাৰ যোগ্য। তেওঁ প্ৰেমপূৰ্বক দয়াৰে “উচিত সময়ত আহাৰ” যোগান ধৰিবলৈ বিশ্বাসী দাসবৰ্গৰ প্ৰবন্ধ কৰিলে। এনে ধৰণৰ প্ৰবন্ধৰ দ্বাৰা বৰ্তমান আধ্যাত্মিক পৰমদেশত থকা “সমুদায় প্ৰাণীৰ” বাঞ্ছা পূৰ্ণ হৈছে। অতি সোনকালে সমুদায় পৃথিৱীখন পৰমদেশত পৰিণত হোৱাৰ আশা ৰাখি যিহোৱাৰ সেৱকসকলে কিমান যে আনন্দিত হয়!—লূক ২৩:৪২, ৪৩.

১৬, ১৭. (ক) কেনে উদাহৰণসমূহে দেখুৱাইছে যে আধ্যাত্মিক আহাৰ উচিত সময়ত আহে? (খ) আনুগত্য লোকসকলে চয়তানে দাঙি ধৰা মুখ্য বাদ-বিবাদৰ বিষয়টোৰ প্ৰতি কেনে অনুভৱ কৰে তাৰ বিষয়ে গীত ১৪৫, কেনেকৈ প্ৰকাশ কৰিছে?

১৬ উচিত সময়ত আধ্যাত্মিক আহাৰ প্ৰাপ্ত কৰা এটা উল্লেখনীয় উদাহৰণৰ বিষয়ে বিবেচনা কৰক। ১৯৩৯ চনত ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। সেই বছৰত প্ৰকাশ হোৱা নবেম্বৰ ১ প্ৰহৰীবুৰুজ আলোচনীখনৰ শিৰোনামা আছিল “নিৰপেক্ষতা।” পৰিণামস্বৰূপে, সেই লেখটোত স্পষ্টকৈ বুজাই দিয়াৰ বাবে বিশ্বৰ সকলো যিহোৱাৰ সাক্ষীয়ে যুদ্ধগ্ৰস্ত ঠাইবোৰত থাকিও নিৰপেক্ষতা বজাই ৰাখিছিল। যাৰ বাবে তেওঁলোকে ছবছৰ ধৰি দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ প্ৰকোপ সহিব লগীয়া হৈছিল। প্ৰতিবন্ধ আৰু শাস্তিৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও ঈশ্বৰৰ আনুগত্য লোকবিলাকে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ত্যাগ নিদিলে। সেইবাবে ১৯৩৯ চনৰ পৰা ১৯৪৬ চনলৈকে তেওঁলোকে আচৰিতভাৱে ১৫৭ শতাংশ বৃদ্ধি হোৱা অনুভৱ কৰিছিল। তদুপৰি যুদ্ধগ্ৰস্ত পৰিস্থিতিটো তেওঁলোকে দেখুৱা ঐক্যতাৰ বাবে লোকসকলে সত্য ধৰ্ম্মক চিনি পাবলৈ সক্ষম হʼল।—যিচয়া ২:২-৪.

১৭ যিহোৱাই কেৱল উচিত সময়ত আধ্যাত্মিক আহাৰ প্ৰবন্ধই নহয় কিন্তু সেইবোৰৰ দ্বাৰা পৰিতৃপ্তও কৰে। যি সময়ত গোটেই ৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধক লৈ ব্যস্ত আছিল সেই সময়ত যিহোৱাই নিজৰ সাক্ষীসকলক তেওঁলোকৰ উদ্ধাৰৰ বিষয়তকৈ অধিক আন এটা গুৰুত্বপূৰ্ণ বিষয়ত মনোযোগ দিয়াত সহায় কৰিলে। যিহোৱাই প্ৰাথমিক বাদ-বিবাদৰ বিষয়টো বুজিবলৈ সহায় কৰিলে, যʼত গোটেই বিশ্ব আৰু তেওঁৰ উপযুক্ত সাৰ্ব্বভৌমত্ব জড়িত হৈ আছিল। এইটো জনা কিমান যে সন্তুষপ্ৰদ বিষয় যʼত সাক্ষীসকলে নিজৰ নিষ্ঠা বজাই ৰাখি যিহোৱাৰ সাৰ্ব্বভৌমত্বক সমৰ্থন আৰু চয়তানক মিছলীয়া বুলি প্ৰমাণিত কৰিছিল! (হিতোপদেশ ২৭:১১) যিহোৱাৰ সাৰ্ব্বভৌমত্ব ওপৰত চয়তানে লগোৱা মিছ অভিযোগৰ বিপৰীতে আনুগত্য সাক্ষীসকলে নিৰন্তৰে এইদৰে ঘোষণা কৰিছে: “যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্ম্মিক, আৰু তেওঁৰ সমুদায় কাৰ্য্যতে দয়াৱান।”—গীত ১৪৫:১৭.

১৮. অলপতে হোৱা কেনে উদাহৰণে দেখুৱাইছে যে আধ্যাত্মিক আহাৰ উচিত সময়ত আহে আৰু ই সন্তুষ প্ৰদান কৰে?

১৮ উচিত সময়ত আধ্যাত্মিক আহাৰৰ যোগান ধৰা আন এটা উদাহৰণ হৈছে ২০০২/০৩ চনত বিশ্বজুৰি হোৱা “ৰাজ্যৰ উৎসাহী প্ৰচাৰকসকল” নামৰ জিলা অধিৱেশনবোৰত উন্মোচন কৰা “ঈশৰৰ কাষ চাপা” কিতাপখন। ‘বিশ্বাসী আৰু বুদ্ধিমান দাসে’ প্ৰস্তুত কৰা এই কিতাপখন যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত হৈছিল যʼত যিহোৱাৰ উৎকৃষ্ট গুণ আৰু গীত ১৪৫, প্ৰতি ধ্যান আকৰ্ষিত কৰা হৈছে। এই কিতাপখনে নিশ্চয়ে ঈশ্বৰৰ আনুগত্য লোকসকলক তেওঁৰ কাষ চপাবলৈ এক প্ৰমুখ ভূমিকা আদায় কৰিব।

ঈশ্বৰৰ কাষ চাপি অহাৰ সময়

১৯. কেনে এক ভয়ঙ্কৰ সময় কাষ চাপি আহিছে আৰু আমি ইয়াৰ সৈতে কেনে আচৰণ কৰিব পাৰোঁ?

১৯ যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ ওপৰত লগোৱা মিছা অভিযোগৰ দোষ নিবাৰণ কৰাৰ সময় আহি পালেহি। যিহিষ্কেল ৩৮ অধ্যায়ত কোৱাৰ অনুসাৰে চয়তানে ‘মাগোগদেশীয় গোগৰ’ ভূমিকা আদায় কৰিব। তদুপৰি গোটেই পৃথিৱীয়ে যিহোৱাৰ লোকৰ ওপৰত আক্ৰমণ কৰিবলৈ উঠি অহাও সন্মিলিত আছে। চয়তানে সকলো প্ৰকাৰে ঈশ্বৰৰ আনুগত্য লোকসকলৰ নিষ্ঠা ভাঙিবলৈ চেষ্টা কৰিব। এনে সময়ত যিহোৱাৰ সেৱকসকলে সহায়ৰ বাবে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিব লাগিব। তেতিয়া যিহোৱাৰ প্ৰতি তেওঁলোকে ৰাখা সশ্ৰদ্ধ ভয় আৰু প্ৰেম মিছা বুলি প্ৰমাণিত হʼবনে? অৱশ্যেই নহয়, কিয়নো গীত ১৪৫, কৈছে: “যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ। তেওঁ তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ বাঞ্ছা পূৰ্ণ কৰিব, আৰু সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব। যিহোৱাই তেওঁকে প্ৰেম কৰোঁতা সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্টক হলে তেওঁ বিনষ্ট কৰিব।”—গীত ১৪৫:১৮-২০.

২০. গীত ১৪৫:১৮-২০ পদত উল্লেখ কৰা বাক্যবোৰ নিকট ভৱিষ্যতে কেনেকৈ সত্য প্ৰমাণিত হʼব?

২০ যিহোৱাক নিজৰ কাষত পাই আৰু তেওঁৰ শত্ৰুবিলাকক সংহাৰ কৰাৰ সময়ত দেখুউৱা উদ্ধাৰ শক্তিক অনুভৱ কৰাটো কিমান যে ৰোমাঞ্চকজনক হʼব! একেবাৰে কাষ চাপি অহা সেই ভয়ঙ্কৰ সময়ত যিহোৱাই কেৱল “সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা” কৰোঁতাসকলৰ প্ৰতি ধ্যান দিব। তেওঁ কপটীয়াসকলৰ প্ৰতি কোনো ধ্যান নিদিব। তদুপৰি ঈশ্বৰৰ বাক্যই স্পষ্টকৈ দেখুৱাইছে যে এজন দুষ্ট ব্যক্তিয়ে শেষ মুহূৰ্ত্তত যিহোৱাৰ নাম লৈ উদ্ধাৰ পাব নোৱাৰে।—হিতোপদেশ ১:২৮, ২৯; মীখা ৩:৪; লূক ১৩:২৪, ২৫.

২১. আনুগত্য লোকসকলে ঈশ্বৰৰ নাম উল্লেখ কৰি যে আনন্দিত হয় তাক কেনেকৈ প্ৰকাশ পাইছে?

২১ যিহোৱালৈ ভয় ৰাখোঁতাসকলে আগতকৈ অধিক “সত্যৰে তেওঁৰ আগত প্ৰাৰ্থনা” কৰা উচিত। আনুগত্য লোকসকলে প্ৰাৰ্থনা আৰু সভাত উত্তৰ দিয়াৰ সময়ত তেওঁৰ নাম ব্যৱহাৰ কৰি আনন্দিত হয়। তেওঁলোকে ব্যক্তিগতভাৱে হোৱা কথোপকথনত তেওঁৰ নাম ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও তেওঁলোকে অতি সাহসেৰে প্ৰচাৰ কাৰ্য্যতো তেওঁৰ নাম উল্লেখ কৰে।—ৰোমীয়া ১০:১০, ১৩-১৫.

২২. জাগতিক মনোবৃত্তি আৰু অভিলাষৰ পৰা কিয় আঁতৰি থকা উচিত?

২২ যিহোৱাৰ সৈতে থকা আমাৰ নিবিড় সম্বন্ধৰ পৰা একেৰাহে লাভৱান হʼবলৈ হʼলে আমি ভৌতিক, হানিকাৰক মনোৰঞ্জন, ক্ষমা নকৰা বা পক্ষপাতি মনোবৃত্তিৰ পৰাও আঁতৰি থকা উচিত। (১ যোহন ২:১৫-১৭; ৩:১৫-১৭) যদি ইয়াৰ প্ৰতি কোনো পদক্ষেপ লোৱা নহয় তেন্তে তেনে ধৰণৰ অভ্যাসে গভীৰ পাপত পেলাব আৰু যিহোৱাৰ অনুগ্ৰহৰ পৰা অঁতৰাই নিব পাৰে। (১ যোহন ২:১, ২; ৩:৬) সেয়েৰে এইটো মনত ৰাখা উচিত যে যদি আমি তেওঁৰ প্ৰতি নিষ্ঠা বজাই ৰাখোঁ তেন্তে তেওঁ নিৰন্তৰে আনুগত্য প্ৰেম দেখুৱাই থাকিব।—২ চমূৱেল ২২:২৬.

২৩. ঈশ্বৰৰ আনুগত্য লোকসকলৰ বাবে কেনে এক উজ্জ্বল আশা আছে?

২৩ গতিক আঁহক আমি যিহোৱাৰ আনুগত্য লোকসকলে ৰাখা আশাৰ ওপৰত নিজ নিজৰ দৃষ্টিভঙ্গী কেন্দ্ৰিত কৰোঁহঁক। এনে কৰাৰ দ্বাৰা আমি সেই লোকসকলৰ সৈতে একেলগ হʼব পাৰিম যিসকলে “প্ৰতিদিনে” আৰু “অনন্ত কাললৈকে” যিহোৱাক আশীৰ্ব্বাদ আৰু স্তুতি কৰে। (গীত ১৪৫:১, ২) এতেক আহঁক আমি নিজকে ‘অনন্ত জীৱনৰ অৰ্থে ঈশ্বৰৰ প্ৰেমত’ ৰাখোঁহঁক। (যিহূদা ২০, ২১) আমি নিৰন্তৰে ঈশ্বৰৰ উৎকৃষ্ট গুণসমূহ আৰু তেওঁ দেখুউৱা আনুগত্য প্ৰেমৰ পৰা লাভৱান হৈ দায়ূদৰ অন্তিম বাক্যত কোৱাৰ দৰে প্ৰতিক্ৰিয়া দেখুৱাওঁহঁক যি গীত ১৪৫, এইদৰে কৈছে: “মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব; আৰু সমুদায় প্ৰাণীয়ে যুগে যুগে অনন্ত কাললৈকে; তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰক।”(w04 1/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• ঈশ্বৰৰ আনুগত্য লোকসকলক চিনি পাবলৈ গীত ১৪৫, কেনেকৈ সহায় কৰে?

• যিহোৱাই কেনেকৈ ‘সকলো প্ৰাণীৰে বাঞ্ছা পূৰণ কৰিছে?’

• আমি কিয় যিহোৱাৰ কাষ চপা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৫ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ সেৱকসকলে দৃঢ়তাৰে সত্যত নথকা লোকসকলক তেওঁৰ ৰাজত্বৰ বিষয়ে শিকাইছে

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

জীৱ-জন্তুবোৰ: Parque de la Naturaleza de Cabárceno

[২৬ পৃষ্ঠাৰ ছবিসমূহ]

যিহোৱাই “সমুদায় প্ৰাণীৰ” বাবে আহাৰৰ যোগান ধৰে