Skip to content

Skip to table of contents

যুদ্ধক চিৰকালৰ বাবে আঁতৰ কৰা

যুদ্ধক চিৰকালৰ বাবে আঁতৰ কৰা

যুদ্ধক চিৰকালৰ বাবে আঁতৰ কৰা

‘আমাৰ বয়স মাত্ৰ ১২ বছৰ। আমি ৰাজনৈতিক আৰু যুদ্ধত ভাগ লʼব নিবিচাৰোঁ, কিন্তু জীয়াই থাকিব বিচাৰোঁ! আমি শান্তিৰ বাবে অপেক্ষা কৰি আছোঁ। আমি সেই ইচ্ছা পূৰ্ণ হোৱালৈকে জীয়াই থাকিমনে?’—পঞ্চম শ্ৰেণীত পঢ়া এজন ছাত্ৰ

‘আমি স্কুলত পঢ়িব বিচাৰোঁ। তদুপৰি কোনো ভয়ভীত নোহোৱাকৈ বন্ধু-বান্ধৱ আৰু আমাৰ পৰিয়াল থকা ঠাইলৈ আতঙ্কিত নোহোৱাকৈ ফুৰিবলৈ যাব বিচাৰোঁ। আমি আশা কৰোঁ যে চৰকাৰে আমাৰ কথা শুনিব। আমি উত্তমভাৱে জীৱন-যাপন কৰিব বিচাৰোঁ। আমি শান্তি বিচাৰোঁ।—১৪ বছৰীয়া আলাহাজী

 এনে হৃদয়স্পৰ্ষী বাক্যসমূহে বছৰৰ পিছত বছৰ ধৰি হৈ থকা অসামৰিক যুদ্ধত পীড়িত হোৱা কিশোৰ-কিশোৰীসকলৰ হৃদয়ত থকা আন্তৰিক আশা প্ৰকাশ কৰিছে। তেওঁলোকৰ সকলোৱে সাধাৰণভাৱে জীৱন-যাপন কৰিব বিচাৰে। কিন্তু আশা কৰা তেনে পৰিস্থিতি বাস্তৱিকতালৈ ৰূপান্তৰিত কৰাটো ইমান সহজ নহয়। আমি এখন যুদ্ধবিহীন জগত হোৱাটো দেখা পাবলৈ জীয়াই থাকিমনে?

এই কেইবছৰত অসামৰিক যুদ্ধবোৰ সমাপ্তি কৰি শান্তি স্থাপন আৰু বিৰোধী পক্ষক চুক্তিনামাত চহী কৰাবলৈ অন্তঃৰাষ্ট্ৰীয়ভাৱে কৰা প্ৰচেষ্টা দেখিবলৈ পাইছোঁ। এনে চুক্তিবোৰ বলবৎ কৰিবলৈ কিছুমান দেশে শান্তি-বাহিনী পঠিয়াইছে। কিন্তু কেৱল কিছুমান দেশেহে অদূৰত থকা তেনে অত্যন্ত ঘৃণাভৰা দেশবোৰক নিৰীক্ষণ কৰিবলৈ ধন দিয়ে বা যুদ্ধগ্ৰস্তৰ ফলত দুৰ্বল হৈ পৰা পক্ষৰ সৈতে কোনো চুক্তি কৰিবলৈ আগ্ৰহী হয়। কিন্তু কেতিয়াবা চুক্তিনামা চহী কৰাৰ কিছুদিন বা সপ্তাহৰ পিছতে সংঘৰ্ষৰ জুই পুনৰাই জ্বলি উঠে। এই বিষয়ে স্তকহোমৰ অন্তঃৰাষ্ট্ৰীয় শান্তি অম্বেষণ নামৰ প্ৰতিষ্ঠানটোৱে এইদৰে কৈছিল, “যেতিয়ালৈকে প্ৰতিদ্বন্দীবিলাকৰ যুদ্ধ কৰিবলৈ সক্ষমতা থাকে তেতিয়ালৈকে শান্তি স্থাপন কৰাটো সহজ নহয়।”

একেই সময়তে পৃথিৱীৰ বহুতো ভাগত হোৱা সমাধানহীন যুদ্ধবোৰে প্ৰকৃত খ্ৰীষ্টানসকলক বাইবেলৰ ভৱিষ্যতবাণীসমূহৰ বিষয়ে স্মৰণ কৰাই দিয়ে। এই সন্দৰ্ভত প্ৰকাশিত বাক্যই কৈছে যে ইতিহাসৰ ক্ৰান্তিকালীন সময়ছোৱাত এজন লাক্ষণিক অশ্বাৰোহীক “পৃথিবীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হল।” (প্ৰকাশিত বাক্য ৬:৪) অবিৰামভাৱে হোৱা যুদ্ধৰ দৃশ্য হৈছে সেই চিহ্নৰ এটা ভাগ, যিয়ে দেখুৱাইছে যে আমি বাইবেলত বৰ্ণনা কৰা অনুসাৰে “শেষ-কালত” * বাস কৰিছোঁ। (২ তীমথিয় ৩:১) ঈশ্বৰৰ বাক্যই আমাক আশ্বাস দিছে যে এই শেষকাল হৈছে শান্তিৰ উপক্ৰমণিকা।

বাইবেলৰ গীত ৪৬:৯ পদত এইদৰে কৈছে যে প্ৰকৃততে শান্তি স্থাপন হʼবলৈ, কেৱল এখন বা দুখন ঠাইতে নহয় কিন্তু গোটেই পৃথিৱীতে যুদ্ধৰ সমাপ্তি হোৱা আৱশ্যক। ইয়াৰ উপৰিও এই গীত কিতাপখনত উল্লেখ কৰিছে যে বাইবেলৰ সময়ত সাধাৰণতে ব্যৱহাৰ কৰা বিশেষ কিছুমান অস্ত্ৰ-সস্ত্ৰ অৰ্থাৎ ধনু, বৰছা আৰু ৰথবোৰ ধ্বংস হোৱা আৱশ্যক আছিল। একেইদৰে বৰ্তমান সময়ত মানৱজাতিয়ে শান্তিৰে বাস কৰিবলৈ হʼলে উপলব্ধ থকা সকলো প্ৰকাৰৰ অস্ত্ৰ-সস্ত্ৰ ধ্বংস কৰা উচিত।

যুদ্ধক বৃদ্ধি কৰাত কেৱল বন্দুকৰ গুলী আৰু ৰাইফল সন্মিলিত আছে এনে নহয়, কিন্তু তীব্ৰ হিংসা আৰু লোভো জড়িত হৈ আছে। যুদ্ধৰ আৰম্ভণীৰ মুখ্য কাৰণটো হৈছে লোভ আৰু তীব্ৰ হিংসাই ক্ৰমে হিংসাত্মক কাৰ্য্যলৈ পৰিচালিত কৰে। এনে ধ্বংসাত্মক অনুভূতিবোৰ সমূলিকৈ লুপ্ত কৰিবলৈ লোকসকলে তেওঁলোকৰ ভাৱধাৰা সলনি কৰা আৱশ্যক। তেওঁলোকক শান্তিৰে জীৱন-যাপন কৰিবলৈ শিক্ষাদান কৰা আৱশ্যক। সেয়েহে প্ৰাচীন ভৱিষ্যতবক্তা যিচয়াই তেনে এক বাস্তৱিক অৱস্থাৰ বিষয়ে বৰ্ণনা কৰিব পাৰিলে যে যুদ্ধ কেৱল তেতিয়াহে সমাপ্তি হʼব যেতিয়া লোকবিলাকে “যুদ্ধ-বিদ্যা আৰু নিশিকিব।”—যিচয়া ২:৪.

যিহেতু আমি বাস কৰা আজিৰ জগতত ডাঙৰৰ পৰা সৰুলৈকে সকলোকে শিকোৱা হয় যে শান্তিৰ কোনো অৰ্থ নাই, কিন্তু যুদ্ধৰ দ্বাৰাহে যশস্যা বৃদ্ধি হয়। দুখৰ বিষয় এই যে কিশোৰ-কিশোৰীসকলক আনক হত্যা কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়।

তেওঁলোকে হত্যা কৰিবলৈ শিকিলে

১৪ বছৰীয়া আলাহাজীক বেচৰকাৰী সৈন্যৰ পৰা নিলম্বিত কৰা হয়। তেওঁৰ বয়স কেৱল ১০ বছৰ থাকোঁতে বিৰোধী দলৰ সৈন্যই তেওঁক বন্দী কৰি নি একে-৪৭ ৰাইফলেৰে যুদ্ধ কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছিল। বলেৰে তেওঁক সৈনিক কৰি তুলাৰ পিছত তেওঁ খাদ্য বিচাৰি লুট-পাত কৰিবলৈ ধৰিলে আৰু ঘৰবোৰত জুই লগাই জ্বলাই দিছিল। তদুপৰি তেওঁ বহুতো লোকক হত্যা আৰু অঙ্গক্ষত কৰিলে। আলাহাজীয়ে যুদ্ধত লাভ কৰা অভিজ্ঞতাসমূহ এতিয়াও পাহৰিব পৰা নাই আৰু তেওঁৰ বাবে সাধাৰণ নাগৰিকৰূপে জীৱন-নিৰ্বাহ কৰিবলৈ সাল-সলনি কৰাত অসুবিধা হৈছে। অব্ৰাহাম নামৰ আন এজন শিশু সৈনিকে আনক হত্যা কৰিবলৈ প্ৰশিক্ষণ লাভ কৰিলে আৰু তেওঁ নিজকে সমৰ্পণ কৰিবলৈ অনিচ্ছুক। তেওঁ এইদৰে কয়: “যদি তেওঁলোকে মোক বন্দুক এৰি আঁতৰি যাবলৈ কয়, তেন্তে মই নাজানো যে মই কি কৰিম আৰু কেনেকৈ খাদ্য সংগ্ৰহ কৰিম।”

আমাৰ পৃথিৱীৰ বিভিন্ন ঠাইবোৰত চলি থকা অসংখ্যক অসামৰিক যুদ্ধত ৩,০০,০০০ জনতকৈ অধিক সৈনিক কিশোৰ-কিশোৰীয়ে এতিয়াও যুদ্ধ কৰি আছে আৰু বহুতে প্ৰাণ হেৰুৱাইছে। এই বিষয়ে এজন বিদ্ৰোহী দলৰ অধিনায়কে এইদৰে কয়: “তেওঁলোকে আজ্ঞা পালন কৰে; তেওঁলোকে নিজৰ পত্নী বা পৰিয়ালৰ ওচৰলৈ উভটি যাবলৈ বিবেচনা নকৰে; ভয় কি তেওঁলোকে নাজানে।” তথাপিও এই কিশোৰ-কিশোৰীবিলাকে উত্তম জীৱন-যাপন কৰিব বিচাৰে আৰু তেওঁলোকে তাৰ বাবে যোগ্য।

উন্নতিশীল দেশবোৰত সৈনিক সেৱাত ভাগ লোৱা কিশোৰ-কিশোৰীবিলাকৰ অৱস্থা কল্পনা কৰিব নোৱাৰা। তথাপিও তেনে দেশবোৰত কিশোৰ-কিশোৰীবিলাকে তেওঁলোকৰ ঘৰখনক শান্ত্বনা দিবলৈ যুদ্ধৰ পৰা বেতন লʼবলৈ শিকিছে। কেনেকৈ শিকিছে?

উদাহৰণস্বৰূপে, দক্ষিণ স্পেইনত থকা জছ্‌ নামৰ এজন কিশোৰৰ বিষয়ে বিবেচনা কৰক। তেওঁ জুডো আৰু কাৰাটে অভ্যাস কৰি আনন্দ লাভ কৰিছিল। তেওঁৰ বাবে বহুমূলীয়া উপহাৰ আছিল তেওঁৰ দেউতাকে বৰদিনত দিয়া চামুৰাই তৰোৱালখন। হিংসাভৰা ভিডিঅ’ গেমছবোৰ তেওঁৰ বাবে প্ৰিয় খেল আছিল। এপ্ৰিল ১, ২০০০ চনত তেওঁ তেওঁৰ ভিডিঅ’ গেমছত থকা নায়কজনক অনুকৰণ কৰি দেউতাকে উপহাৰত দিয়া চামুৰাই তৰোৱালখনেৰে নিজৰ দেউতাক, মাক আৰু ভনীয়েকক হত্যা কৰিলে। তেওঁ পুলিচক বৰ্ণনা কৰি এইদৰে কয়: “মই অকলে থাকিব বিচাৰিছিলোঁ; মই বিচৰা নাছিলোঁ যে মোৰ মা-দেউতাই মোক লক্ষ্য কৰাটো।

হিংসাত্মক আমোদ-প্ৰমোদৰ প্ৰভাৱৰ বিষয়ে দেব গ্ৰচমেন নামৰ এজন লিখক আৰু সৈনিক বিষয়াই এইদৰে কয়: “আমি এনে এক অনুভূতিহীন অৱস্থাত উপনীত হৈছোঁ যʼত ক্লেশ আৰু পীড়িত এক আমোদ-প্ৰমোদৰ বিষয় হৈ পৰিছে: সেইবোৰ তীব্ৰ বিকৰ্ষণ হোৱাৰ বিপৰীতে অনুকল্প হৈ পৰিছে। আমি হত্যা কৰিবলৈ শিকিছোঁ আৰু এনেদৰে কৰি আনন্দিত হʼবলৈ শিকিছোঁ।

আলাহাজী আৰু জছ্‌ দুয়োজনে হত্যা কৰিবলৈ শিকিলে। তেওঁলোকে হত্যাকাৰী হোৱাৰ অভিপ্ৰায় নাছিল, কিন্তু যি প্ৰকাৰৰ প্ৰশিক্ষণ লাভ কৰিলে সেয়ে তেওঁলোকৰ ভাৱধাৰাত প্ৰভাৱিত কৰিলে। এনে ধৰণৰ প্ৰশিক্ষণে কিশোৰ-কিশোৰী হওক বা বয়স্ক ব্যক্তিয়েই নহওক কিয় তেওঁলোকৰ মনত অত্যাচাৰ আৰু যুদ্ধৰ বীজ ৰোপন কৰে।

যুদ্ধৰ বিপৰীতে শান্তি বজাই ৰাখিবলৈ শিকা

যেতিয়ালৈকে লোকবিলাকে হত্যা কৰিবলৈ প্ৰশিক্ষণ লৈ থাকিব তেতিয়ালৈকে শান্তি কেতিয়াও আহিব নোৱাৰে। এই সম্পৰ্কে বহু শতিকাৰ পূৰ্বে ভৱিষ্যতবক্তা যিচয়াই এইদৰে লিখিছিল: “তুমি [ঈশ্বৰৰ] আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল! দিয়া তোমাৰ শান্তি নদীৰ নিচিনা, . . . হলহেঁতেন।” (যিচয়া ৪৮:১৭, ১৮) লোকসকলে যেতিয়া ঈশ্বৰৰ বাক্যৰ পৰা যথাৰ্থ জ্ঞান আহৰণ কৰি তেওঁৰ ব্যৱস্থাক প্ৰেম কৰে তেতিয়া তেওঁলোকৰ বাবে অত্যাচাৰ আৰু যুদ্ধ অপ্ৰীতিকৰ বিষয় হৈ পৰে। তদুপৰি পিতৃ-মাতৃসকলে বৰ্তমান সময়ত ঠিৰাং কৰিব পাৰে যে তেওঁলোকৰ লʼৰা-ছোৱালীয়ে খেলা খেল-ধেমালীয়ে যেন হিংসাত্মক কাৰ্য্যৰ বাবে প্ৰেৰিত নকৰে। বয়স্ক ব্যক্তিসকলেও ঘৃণা আৰু লোভ ত্যাগ কৰিবলৈ শিকিব পাৰে। যিহোৱাৰ সাক্ষীসকলে বহুতো উদাহৰণৰ পৰা চিনাক্ত কৰিব পাৰিছে যে ঈশ্বৰৰ বাক্যই এজন ব্যক্তিৰ ব্যক্তিত্ব সলনি কৰাৰ শক্তি আছে।—ইব্ৰী ৪:১২.

উদাহৰণস্বৰূপে, হৰটেনকিউ নামৰ এজন ২৩ বছৰীয়া ডেকা ব্যক্তিৰ বিষয়ে বিবেচনা কৰক। তেওঁক সৈনিক সেৱাত যোগদান কৰিবলৈ বাধ্য কৰুৱা হʼল। তেওঁ বৰ্ণনা কৰি এইদৰে কয়: “আন লোকক বধ বা হত্যা কৰাৰ মনোভাৱ জগাই তুলিবলৈ সৈনিকক প্ৰশিক্ষণ দিয়া হয়।” তেওঁ আফ্ৰিকাৰ এখন অসামৰিক যুদ্ধত দীৰ্ঘসময় ধৰি যুদ্ধ কৰিছিল। আগলৈ তেওঁ এইদৰে কয়: “সেই যুদ্ধই মোক অতিশয়ৰূপে প্ৰভাৱিত কৰিলে। আজিও মই কৰা সকলো কাৰ্য্যৰ বিষয়ে ভাবি অতিশয় অনুতপ্ত অনুভৱ কৰোঁ, যিবোৰ কাৰ্য্য কৰিবলৈ মোক বাধ্য কৰাইছিল।”

যেতিয়া এজন সঙ্গী সৈনিকে হৰটেনকিউক বাইবেলৰ বিষয়ে কলে তেতিয়া তেওঁ আন্তৰিকতাৰে তাৰ প্ৰতি আগ্ৰহী হʼল। কিয়নো গীত ৪৬:৯ পদত ঈশ্বৰে সকলো প্ৰকাৰৰ যুদ্ধ শেষ কৰিব বুলি কোৱা কথাষাৰে তেওঁৰ মনত দকৈ চাপ বহুৱালে। তেওঁ যিমানেই বাইবেলৰ বিষয়ে শিকিবলৈ ধৰিলে সিমানেই যুদ্ধৰ প্ৰতি তেওঁৰ আগ্ৰহ নাইকিয়া হৈ আহিল। অতি কম সময়ৰ ভিতৰতে তেওঁক আৰু তেওঁৰ লগৰীয়া সৈনিকজনক সৈনিক সেৱাৰ পৰা বৰ্খাস্ত কৰা হʼল আৰু তেওঁলোকে নিজৰ জীৱন যিহোৱালৈ সমৰ্পিত কৰিলে। হৰটেনকিউৱে এইদৰে কয়: “বাইবেলৰ সত্যতাই মোক মোৰ শত্ৰুক প্ৰেম কৰিবলৈ সহায় কৰিলে। মই জানিব পাৰিলোঁ যে আচলতে মই যুদ্ধ কৰি যিহোৱাৰ অহিতে পাপ কৰিছিলোঁ, কিয়নো ঈশ্বৰে কৈছে যে আমি আমাৰ চুবুৰীয়াক হত্যা কৰা উচিত নহয়। লোকসকলক শত্ৰু বুলি দৃষ্টি নকৰি প্ৰেম প্ৰকাশ কৰিবলৈ মই মোৰ ভাৱধাৰা সলনি কৰিলোঁ।

এনেধৰণ জীৱন্ত বিৱৰণীসমূহে প্ৰমাণ কৰিছে যে একমাত্ৰ বাইবেলৰ পৰা পোৱা প্ৰশিক্ষণেহে শান্তি আনিব পাৰে। ইয়াত আমি আচৰিত হোৱাৰ কোনো কাৰণ নাই, কিয়নো ভৱিষ্যতবক্তা যিচয়াই এইদৰে বৰ্ণনা কৰিছিল যে শান্তি আৰু ঈশ্বৰীয় শিক্ষাৰ মাজত এক পোনপটীয়া সম্পৰ্ক আছে। তেওঁ এইদৰে ভৱিষ্যতবাণী কৰিছিল: “তোমাৰ সন্তানবিলাক যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমাৰ সন্তানবিলাকৰ পৰমশান্তি হব।” (যিচয়া ৫৪:১৩) সকলো জাতিয়ে যিহোৱাৰ সত্য উপাসনা কৰিবলৈ যে পানীৰ নিজৰাৰ দৰে বৈ আহিব, সেই বিষয়ে একেই ভৱিষ্যতবক্তাজনে পূৰ্বদৃষ্টি কৰিব পাৰিছিল। তাৰ ফলাফল কেনে হʼব? এই বিষয়ে বাইবেলে এইদৰে কৈছে: “তাতে সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু নিজ নিজ বৰছা ভাঙি কলম-কটাৰী গঢ়াই লব। এক জাতিয়ে আন জাতিৰ বিৰোদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধ-বিদ্যা আৰু নিশিকিব।”—যিচয়া ২:২-৪.

সেই ভৱিষ্যতবাণীটোৰ সামঞ্জস্যত যিহোৱাৰ সাক্ষীসকলে বিশ্বজুৰি শিক্ষামূলক কাৰ্য্যত ভাগ লৈছে আৰু তেওঁলোকে ইতিমধ্যেই লাখ লাখ লোকক হিংসা আৰু ইয়াৰ মূল যি মানৱৰ যুদ্ধক আঁতৰ কৰাত সহায় কৰিছে।

এখন শান্তিময় জগতৰ বাস্তৱিকতা নিশ্চিত

ঈশ্বৰীয় শিক্ষা প্ৰদান কৰাৰ উপৰিও যিহোৱা ঈশ্বৰে এখন চৰকাৰ বা “ৰাজ্য” স্থাপন কৰিব যিয়ে গোটেই বিশ্বত শান্তি আনিব। তাৎপৰ্য্যপূৰ্ণভাৱে বাইবেলে ঈশ্বৰে মনোনিত কৰা শাসকজন অৰ্থাৎ যীচু খ্ৰীষ্টক “শান্তিৰাজ” বুলি বৰ্ণনা কৰিছে। তদুপৰি আগলৈ এইদৰে আশ্বাস দিছে যে “তেওঁৰ ৰাজ্যশাসন আৰু শান্তিবৃদ্ধিৰ শেষ নহব।”—যিচয়া ৯:৬, ৭.

খ্ৰীষ্টৰ শাসনে যে সকলো প্ৰকাৰৰ যুদ্ধক আঁতৰ কৰাত সফল হʼব আমাৰ ওচৰত তাৰ কেনে নিশ্চয়তা আছে? আগলৈ যিচয়া ভৱিষ্যতবক্তাই এইদৰে কৈছে: “বাহিনীবিলাকৰ যিহোৱাৰ মৰ্য্যদা ৰখা উৎসাহে ইয়াক সিদ্ধ কৰিব।” (যিচয়া ৯:৭) চিৰস্থায়ী শান্তি বজাই ৰখাত ঈশ্বৰৰ ইচ্ছা আৰু সক্ষমতা আছে। এই প্ৰতিজ্ঞাৰ উপৰত যীচুৰো দৃঢ় নিশ্চয়তা আছিল। সেয়েহে তেওঁৰ নিজৰ শিষ্যবিলাকক ঈশ্বৰৰ ৰাজ্য আহিবলৈ আৰু ঈশ্বৰৰ ইচ্ছা পূৰণ হʼবলৈ নিৱেদন কৰি প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। (মথি ৬:৯, ১০) যেতিয়া সৰলভাৱে কৰা প্ৰাৰ্থনাৰ উত্তৰ দিয়া হʼব তেতিয়া পৃথিৱীত আৰু কেতিয়াও যুদ্ধ দেখা নিদিব। (w04 1/01)

[ফুটনোট]

^ আমি যে শেষকালত বাস কৰিছোঁ তাৰ প্ৰমাণসমূহক পৰীক্ষা কৰি চাবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখনৰ ১১ অধ্যায় চাওক।

[৭ পৃষ্ঠাৰ ছবি]

বাইবেলৰ শিক্ষাই প্ৰকৃত শান্তি বিকশিত কৰে