Skip to content

Skip to table of contents

আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—২

আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—২

যিহোৱাৰ বাক্য জীয়া

আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—২

প্ৰথম মানুহ আদমৰ সৃষ্টিৰ পৰা লৈ যোচেফৰ পুতেক যাকোবৰ মৃত্যুলৈকে আদিপুস্তকে মানৱ ইতিহাসৰ ২,৩৬৯ বছৰ সময় পূৰ্ণ কৰিলে। প্ৰথম ১০ অধ্যায়ৰ পৰা ১১ অধ্যায়ৰ ৯ পদত সৃষ্টিৰ বিৱৰণীৰ পৰা লৈ বাবিল দূৰ্গৰ সম্পৰ্কে পূৰ্বৱৰ্তী সংখ্যাৰ আলোচনীখনত আলোচনা কৰা হʼল। * এই সংখ্যাৰ আলোচনীখনত আদিপুস্তক কিতাপৰ বাকী থকা অবশিষ্ট ভাগত ঈশ্বৰে অব্ৰাহাম, ইচ্‌হাক, যাকোব আৰু যোচেফৰ সৈতে কেনে আচৰণৰ কৰিছিল, সেই বিষেয়ে আলোচনা কৰা হৈছে।

অব্ৰাহাম ঈশ্বৰৰ বন্ধু হৈ পৰিল

(আদিপুস্তক ১১:১০-২৩:২০)

জল-প্লাৱনৰ প্ৰায় ৩৫০ বছৰৰ পাছত এজন পুৰুষে ঈশ্বৰৰ অতি বিশেষ ব্যক্তি হিচাবে প্ৰমাণিত হʼল। সেই ব্যক্তিজনৰ জন্ম নোহৰ পুতেক চেমৰ বংশত হৈছিল। প্ৰথমে তেওঁৰ নাম অব্ৰাম আছিল, পিছলৈ তেওঁৰ নাম সলনি কৰি অব্ৰাহাম ৰাখা হʼল। ঈশ্বৰৰ আজ্ঞা পালন কৰি অব্ৰামে কল্‌দীয়া চহৰ ঊৰ এৰি যিহোৱাই তেওঁৰ বংশক দিবলৈ প্ৰতিজ্ঞা কৰা দেশত তম্বুবাসী হৈ জীৱন-যাপন কৰিব ধৰিলে। ঈশ্বৰৰ প্ৰতি বিশ্বাসী আৰু আজ্ঞাকাৰী হোৱাৰ বাবে অব্ৰাহামক ‘যিহোৱাৰ মিতিৰ’ বুলি কোৱা হʼল।—যাকোব ২:২৩.

যিহোৱাই চদোম আৰু ইয়াৰ কাষৰীয়া চহৰখনত থকা দুষ্ট লোকবিলাকৰ অহিতে কৰা কাৰ্য্যত লোট আৰু তেওঁৰ দুজনী জীয়েকক ৰক্ষা কৰিলে। অব্ৰাহামৰ পুতেক ইচ্‌হাক জন্ম হোৱাত যিহোৱাই তেওঁলৈ কৰা প্ৰতিজ্ঞা পূৰ্ণ হʼল। যিহোৱাই যেতিয়া অব্ৰাহামক তেওঁৰ পুত্ৰ ইচ্‌হাকক উৎসৰ্গ কৰিবলৈ নিৰ্দ্দেশনা দিলে তেতিয়া অব্ৰাহামৰ বিশ্বাস পৰীক্ষিত হʼল। কিন্তু অব্ৰাহামে সেই আজ্ঞা পালন কৰিবলৈ উদ্যত হোৱাত এজন স্বৰ্গদূতে তেওঁক নিজৰ সন্তানক বধ কৰাৰ পৰা প্ৰতিৰোধ কৰিলে। গতিকে ইয়াত কোনো সন্দেহ নাই যে অব্ৰাহাম এজন প্ৰকৃততে বিশ্বাসী ব্যক্তি আছিল আৰু তেওঁক আশ্বাস দিয়া হʼল যে তেওঁৰ বংশৰ দ্বাৰাই সকলো জাতিয়ে আশীৰ্ব্বাদ লাভ কৰিব। পিছলৈ অব্ৰাহামে তেওঁৰ প্ৰিয় পত্নী চাৰাৰ মৃত্যু হোৱাত অত্যন্ত বেজাৰ কৰিলে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১২:১-৩—অব্ৰাহামক দিয়া ঈশ্বৰৰ নিয়মটি কেতিয়া আৰম্ভ হʼল আৰু কিমান দিনলৈকে কাৰ্য্যকাৰী হৈ থাকিল? যিহোৱাই ‘[অব্ৰামতেই] পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব” বুলি দিয়া নিয়মটি স্পষ্টৰূপে অব্ৰামে ইউফ্ৰেটিছ নদী পাৰ হৈ কানান যোৱালৈকে কাৰ্য্যকাৰী হৈ থাকিল। সেই সময়ছোৱা আছিল সা.যু.পূ. ১৯৪৩ চনৰ নিচান মাহৰ ১৪ তাৰিখ, অৰ্থাৎ মিচৰৰ দাসত্ব বন্ধনৰ পৰা ইস্ৰায়েলসকলক উদ্ধাৰ কৰাৰ ৪৩০ বছৰৰ পূৰ্বে। (যাত্ৰাপুস্তক ১২:২, ৬, ৭, ৪০, ৪১) অব্ৰাহামক দিয়া নিয়মটি “সদাকালৰ এক নিয়ম” আছিল। সেই নিয়মটো তেতিয়ালৈকে কাৰ্য্যকাৰী হৈ থাকিব যেতিয়ালৈকে ঈশ্বৰৰ শত্ৰুবোৰক ধ্বংস আৰু পৃথিৱীত সমুদায় জাতিয়ে আশীৰ্ব্বাদ লাভ নকৰে।—আদিপুস্তক ১৭:৭; ১ কৰিন্থীয়া ১৫:২৩-২৬.

১৫:১৩—অব্ৰামৰ বংশধৰসকলে ৪০০ বছৰ ধৰি দুৰ্দশা ভুগীবলগীয়া হোৱাৰ বিষয়ে কৰা ভৱিষ্যৎবাণী কেতিয়া পূৰ্ণ হʼল? সেই দুৰ্দশা সা.যু.পূ. ১৯১৩ চনত অব্ৰাহামৰ পুতেক ইচ্‌হাকৰ ৫ বছৰ বয়স থাকোঁতে তেওঁৰ ১৯ বছৰীয়া সতীয়া ভায়েক ইশ্মায়েলে “পৰিহাস কৰা” দিনৰ পৰা আৰম্ভ হʼল। (আদিপুস্তক ২১:৮-১৪; গালাতীয়া ৪:২৯) সেই দৰ্দুশা মিচৰৰ পৰা ইস্ৰায়েলসকলক সা.যু.পূ. ১৫১৩ চনত উদ্ধাৰ কৰাৰ সময়ত সমাপ্তি হʼল।

১৬:২—চাৰীয়ে নিজৰ পৰিচাৰিকা হাগাৰক অব্ৰামলৈ পত্নী হিচাবে আগবঢ়াই দিয়াটো উপযুক্ত আছিলনে? চাৰীয়ে সেই সময়ৰ প্ৰচলিত প্ৰথাৰ অনুসাৰে হাগাৰক অব্ৰামলৈ পত্নী হিচাবে আগবঢ়াই দিছিল। কিয়নো সেই সময়ত এনে প্ৰথা অছিল যে সন্তান উৎপন্ন কৰিব নোৱাৰা এগৰাকী পত্নীয়ে নিজ স্বামীৰ বংশৰ ৰক্ষা কৰিবৰ অৰ্থে তাই নিজৰ পৰিচাৰিকাক পত্নী হিচাবে আগবঢ়াব লাগিছিল। এনে অভ্যাসক বহুবিবাহ বুলি কোৱা হয় যিটো কয়িনৰ সময়ৰ পৰা আৰম্ভ হৈছিল। কালক্ৰমে কিছুমান যিহোৱাৰ উপাসকে এই প্ৰথা অভ্যাস কৰিব ধৰিলে। (আদিপুস্তক ৪:১৭-১৯; ১৬:১-৩; ২৯:২১-২৮) কিন্তু যিহোৱাই হʼলে তেওঁৰ আচল উদ্দেশ্য, অৰ্থাৎ একসঙ্গিতা প্ৰথাৰ স্তৰটো ত্যাগ নিদিলে। (আদিপুস্তক ২:২১, ২২) নোহ আৰু তেওঁৰ পুতেকবিলাকক এইদৰে পুনৰাই আজ্ঞা দিয়া হʼল যে ‘তোমালোকে বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা,’ যিটো কালক্ৰমে একসঙ্গিতা হৈ পৰিল। (আদিপুস্তক ৭:৭; ৯:১; ২ পিতৰ ২:৫) এই একসঙ্গিতা স্তৰটোক যীচুৱেও দৃঢ়কৈ প্ৰতিষ্ঠা কৰিলে।—মথি ১৯:৪-৮; ১ তীমথিয় ৩:২, ১২.

১৯:৮—লোটে নিজৰ জীয়েকবোৰক চদোমৰ নিবাসীসকলৰ হাতত গতাই দিবলৈ যোৱাটো কিয় ভুল নাছিল? প্ৰাচ্যদেশৰ নীতিৰ অনুসাৰে অতিথিক ৰক্ষা কৰাটো গৃহস্থৰ কৰ্তব্য আছিল। গতিকে যদি আৱশ্যক হয় নিজৰ মৃত্যুপৰ্য্যন্ত তেওঁলোকক ৰক্ষা কৰিব লাগিছিল। লোটে তেনে কৰিবলৈ তৈয়াৰী কৰিলে। তেওঁ সাহসী হৈ ওলাই গৈ দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি নিজে অকলেই উত্তেজিত লোকসমূহৰ সম্মুখীন হʼল। নিজৰ জীয়েকক উত্তেজিত লোকসমূহক গতাই দিয়াৰ পূৰ্বে সম্ভৱতঃ তেওঁ জানিছিল যে সেই আলহী বাস্তৱতে ঈশ্বৰৰ বাৰ্ত্তাবাহক আছিল আৰু ঈশ্বৰে তেওঁৰ জীয়েকক ৰক্ষা কৰিব পাৰে যিদৰে তেওঁৰ খুৰীয়েক চাৰাক মিচৰত ৰক্ষা কৰিছিল। (আদিপুস্তক ১২:১৭-২০) অৱশ্যে ঈশ্বৰে লোট আৰু তেওঁৰ জীয়েকক ৰক্ষা কৰিলে।

১৯:৩০-৩৮—লোটে মতলীয়া আৰু দুজনী জীয়েকৰ পুতেকৰ পিতৃ হোৱাৰ বাবে যিহোৱাই তেওঁক জগৰীয়া কৰিছিলনে? যিহোৱাই তেওঁক অগম্যাগমন নতুবা মতলীয়া হোৱাৰ বাবে জগৰীয়া নকৰিলে। (লেবীয়া পুস্তক ১৮:৬, ৭, ২৯; ১ কৰিন্থীয়া ৬:৯, ১০) কিয়নো লোটে চদোমৰ ‘অধৰ্ম্ম-কাৰ্য্যৰ’ পৰিতাপ কৰিছিল। (২ পিতৰ ২:৬-৮) আচলতে লোটৰ দুজনী জীয়েকে তেওঁক মতলীয়া কৰি তেওঁৰ সৈতে সঙ্গম কৰিছিল যাতে তেওঁ সেই বিষয়ে একো গম নাপায়। অজান দেশত তেওঁৰ দুজনী জীয়েকে অনুভৱ কৰিছিল যে তেনে কৰাৰ বাহিৰে লোটৰ বংশক ৰক্ষা কৰাৰ কোনো পথ নাই। বাইবেলৰ বৃত্তান্তই বৰ্ণনা কৰিছে যে তেনে সম্বন্ধ সাধাৰণতে মোৱাবৰ নিবাসী (মোৱাবৰ পৰা উৎপন্ন হোৱা বংশ) আৰু অম্মোনীয়া বাসীৰ (বিন্‌অম্মী পৰা অহা বংশ) মাজত পোৱা গৈছিল। কিন্তু অব্ৰাহামৰ বংশৰ পৰা ইস্ৰায়েলসকল আহিছে।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১৩:৮, ৯. মতবিৰোধ সমস্যা উৎপন্ন হোৱাত তাক সফলতাৰে সমাধান কৰি অব্ৰাহামে কেনে এক উত্তম আৰ্হি ৰাখিলে! আৰ্থিক লাভ, ব্যক্তিগত অভিৰুচি বা অহঙ্কাৰক কেতিয়াও শান্তিপূৰ্ণ সম্বন্ধত ব্যাঘাত উৎপন্ন কৰিবলৈ দিয়া উচিত নহয়।

১৫:৫, ৬. অব্ৰাহামে বৃদ্ধ হোৱা অৱস্থালৈকে যেতিয়া কোনো পুত্ৰ জন্ম হোৱা নাছিল তেতিয়া সেই বিষয়ে তেওঁ যিহোৱা ঈশ্বৰক জনাইছিল। তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰত যিহোৱাই তেওঁক আশ্বাস দিছিল। তাৰ কেনে ফলাফল লাভ কৰিলে? অব্ৰাহামে “যিহোৱাত বিশ্বাস” কৰিলে। যদি আমি হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, বাইবেলত দিয়া তেওঁৰ আশ্বাস গ্ৰহণ আৰু আজ্ঞা পালন কৰোঁ তেতিয়া তেওঁৰ প্ৰতি আমাৰ বিশ্বাস অৱশ্যেই দৃঢ় হʼব।

১৫:১৬. যিহোৱাই ইমোৰীয়াহঁতৰ (বা কনানীয়াবিলাক) ওপৰত চতুৰ্থ পুৰুষলৈকে ন্যায় বিচাৰ নকৰিলে। কিয় নকৰিলে? কিয়নো যিহোৱা হৈছে ধৈৰ্য্যশীল ঈশ্বৰ। তেওঁলোকে পৰিৱৰ্তন কৰাৰ আশা একেবাৰে চূৰ্ণ নোহোৱালৈকে প্ৰতিক্ষা কৰিলে। যিহোৱা ঈশ্বৰৰ দৰে আমিও ধৈৰ্য্যশীল হোৱা উচিত।

১৮:২৩-৩৩. যিহোৱা ঈশ্বৰে বাছ-বিচাৰ নকৰাকৈ কেতিয়াও লোকসকলক ধ্বংস নকৰে। তেওঁ ধাৰ্ম্মিকসকলক ৰক্ষা কৰে।

১৯:১৬. লোটে “পলম কৰি থকাত” স্বৰ্গদূত কেইজনে তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক প্ৰায়ে বলপূৰ্বক চদোমৰ নগৰৰ পৰা বাহিৰ কৰিলে। আমি বৰ্তমান সময়ত এই দুষ্ট জগতখনৰ ধ্বংসলৈ অপেক্ষা কৰি থকাৰ সময়ছোৱাত সময়ৰ গুৰুত্বতাৰ প্ৰতি অৱহেলা কৰাটো বুদ্ধিমান কাৰ্য্য নহয়।

১৯:২৬. আমি এৰি অহা জগতখনৰ প্ৰতি আকৰ্ষিত বা পিচলৈ ঘূৰি হাবিয়াহেৰে দৃষ্টি কৰাটো কিমান যে অজ্ঞানৰ কাৰ্য্য হʼব!

যাকোবৰ ১২ জন পুতেক আছিল

(আদিপুস্তক ২৪:১-৩৬:৪৩)

অব্ৰাহামে নিজ পুতেক ইচ্‌হাকৰ সৈতে ৰিবেকাৰ বিবাহ সম্পন্ন কৰিলে। ৰিবেকা এগৰাকী যিহোৱাৰ বিশ্বাসী স্ত্ৰী আছিল। তাই যঁজা সন্তান জন্ম দিলে আৰু সেই সন্তান দুটিৰ এটাৰ নাম এচৌ আৰু আনটোৰ নাম যাকোব ৰাখিলে। এচৌৱে নিজৰ জন্মগত অধিকাৰ যাকোবৰ হাতত বিক্ৰি কৰিলে আৰু যাকোবে তেওঁৰ পিতৃ ইচ্‌হাকৰ আশীৰ্ব্বাদ লাভ কৰিলে। যাকোবে প্ৰথমে পদ্দন-অৰামলৈ পলাই গৈছিল। তাত যাকোবে লেয়া আৰু ৰাহেলক বিবাহ কৰিলে আৰু পৰিয়ালৰ পৰা বেলগ হোৱাৰ পূৰ্বে তেওঁৰ শহুৰেক লাবনৰ ঘৰত প্ৰায় ২০ বছৰ মেৰৰখীয়াৰ কাম কৰিছিল। লেয়া, ৰাহেল আৰু তেওঁলোকৰ দুজনী পৰিচাৰিকাৰ পৰা যাকোবৰ ১২ জন পুতেক আৰু এজনী জীয়েক জন্মিল। যাকোবে এজন স্বৰ্গদূতৰ সৈতে মালযুদ্ধ কৰিলে আৰু তেওঁৰ নাম সলনি কৰি ইস্ৰায়েল ৰাখিলে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২৮:১২, ১৩—যাকোবে দৰ্শনত দেখা “এখন জখলা,” কিহক বুজাইছিল? এই “জখলা” দেখাত ওপৰলৈ যোৱা শিলৰ খটখটিৰ নিচিনা আছিল, যি স্বৰ্গ আৰু পৃথিৱীৰ সৈতে থকা যোগাযোগক বুজাইছিল। ঈশ্বৰৰ স্বৰ্গদূতে ওপৰলৈ উঠা আৰু তললৈ নমা কাৰ্য্যই তেওঁলোকে যিহোৱা আৰু তেওঁৰ অনুমোদন প্ৰাপ্ত মানুহৰ মাজত এক বিশেষ প্ৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰাক সুচায়। (যোহন ১:৫১)

৩০:১৪, ১৫—ৰাহেলে কিছুমান দূদা ফলৰ বাবে স্বামীৰ সৈতে সঙ্গম কৰাৰ সুযোগ কিয় বিনিময় কৰিলে? প্ৰাচীন সময়ত দূদা ফলৰ উদ্ভিদ ৰাগিয়াল আৰু সঙ্কূচিত পেশী জঠৰ হোৱাটো নিৰোধ বা যন্ত্ৰণা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিছিল। এই উদ্ভিদৰ ফল যৌন আবেগতা বঢ়াই মানুহৰ গৰ্ভধাৰণ ক্ষমতা বৃদ্ধি কৰা বা গৰ্ভধাৰণৰ সহায়ক হিচাবেও ব্যৱহাৰ কৰা হৈছিল। (পৰমগীত ৭:১৩) যিহেতু বাইবেলত এইটো কোৱা নাই যে ৰাহেলে কিয় সলনি কৰিবলৈ প্ৰেৰিত হʼল। সম্ভৱতঃ তাই ভাবিছিল যে বাঁজী হোৱাৰ নিন্দা আঁতৰ কৰিবলৈ গৰ্ভধাৰণ কৰাত দূদা ফলে সহায় কৰিব। কিন্তু যিহোৱাই কিছু বছৰৰ পিছত তাইক “গৰ্ভধাৰণৰ শক্তি” দিলে।—আদিপুস্তক ৩০:২২-২৪.

আমাৰ বাবে শিক্ষামূলক পাঠ:

২৫:২৩. যিহোৱাই অজন্মা সন্তানৰ জেনেটিক গঠন পঢ়ি কোনজনক তেওঁৰ উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব তাক পূৰ্বনিৰ্দ্ধাৰিত কৰাৰ ক্ষমতা আছে। তথাপিও তেওঁ এজন ব্যক্তিয়ে ভৱিষ্যতে কেনে অৱস্থাত উপনিত হʼব পাৰে তাক পূৰ্বে স্থিৰ নকৰে।—হোচেয়া ১২:৩; ৰোমীয়া ৯:১০-১২.

২৫:৩২; ৩২:২৪-২৯. যাকোবে জন্মগত অধিকাৰৰ বিষয়ে বিবেচনা কৰিছিল আৰু আশীৰ্ব্বাদ পাবলৈ ওৰে নিশা এজন স্বৰ্গদূতৰ সৈতে কৰা মালযুদ্ধই প্ৰকাশ কৰিছে যে তেওঁ পবিত্ৰ বস্তুক গভীৰতাৰে মূল্যাঙ্কন কৰিছিল। যিহোৱা ঈশ্বৰে আমাক বহুতো পবিত্ৰ বস্তু দান কৰিছে, যেনে, তেওঁৰ সংগঠন আৰু তেওঁৰ সৈতে থকা আমাৰ সম্বন্ধ, মুক্তিপণ, বাইবেল আৰু তেওঁৰ ৰাজ্যৰ আশা। এতেকে আঁহক আমিও যাকোবৰ দৰে সেইবোৰৰ প্ৰতি গভীৰ মূল্যাঙ্কন দেখুৱাওঁহঁক।

৩৪:১, ৩০. দীনাই যিহোৱাক প্ৰেম নকৰা লোকসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰাত যাকোবক “দুৰ্গন্ধ যেন কৰি ব্যাকুল” কৰি তুলিলে। গতিকে আমিও আমাৰ সঙ্গীসকলক বুদ্ধিমানপূৰ্বক বাছনি কৰা উচিত।

যিহোৱাই মিচৰত যোচেফক আশীৰ্ব্বাদ কৰিলে

(আদিপুস্তক ৩৭:১-৫০:২৬)

চকু চৰহা হৈ যাকোবৰ পুতেকবিলাকে তেওঁলোকৰ নিজ ভায়েক যোচেফক এজন দাস হিচাবে বিক্ৰি কৰিলে। মিচৰত যোচেফে ঈশ্বৰৰ নৈতিক স্তৰসমূহৰ প্ৰতি সাহসী আৰু বিশ্বাসী হোৱাৰ বাবে বন্দীশালত আছিল। কিন্তু সময়ত তেওঁ বন্দীশালৰ পৰা মুকলি হৈ ফৰৌণ ৰজাই দেখা সপোনৰ অৰ্থ ভাঙনি কৰি কʼলে যে সাত বছৰ মিচৰত প্ৰচুৰ পৰিমাণে শষ্য উৎপন্ন হʼব আৰু তাৰ পিছৰ সাত বছৰত অত্যন্ত আকাল হʼব। তাৰ পিছত ফৰৌণ ৰজাই তেওঁক মিচৰৰ খাদ্য মন্ত্ৰী হিচাবে নিযুক্ত কৰিলে। আকালৰ বাবে তেওঁৰ ভায়েকবিলাক মিচৰলৈ খাদ্য বিচাৰি আহিল। তেওঁলোকৰ পৰিয়ালৰ পুনৰ্মিলন হʼল আৰু শস্যশালী গোচন দেশত থাকিবলৈ লʼলে। মৃত্যুৰশয্যাত যাকোবে নিজৰ পুতেকবিলাকক মাতি তেওঁলোকক আশীৰ্ব্বাদ কৰিলে আৰু বহু শতিকাৰ পিচত ভৱিষ্যতে পূৰ্ণ হʼবলগীয়া এটা নিশ্চিত আশাদায়ক ভৱিষ্যতবাণী কৰিলে। যাকোবৰ মৃতদেহ মৈদাম দিবলৈ কনান দেশলৈ নিয়া হʼল। যোচেফৰ ১১০ বছৰ বয়সত মৃত্যু হʼলত তেওঁৰ মৃতদেহ সংৰক্ষণ কৰি শেষত প্ৰতিজ্ঞাত দেশলৈ নিয়া হʼল।—যাত্ৰাপুস্তক ১৩:১৯.

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

৪৩:৩২—এজন হিব্ৰু ব্যক্তিৰ সৈতে একেলগে আহাৰ কৰাটো এজন মিচৰীয়া ব্যক্তিৰ বাবে কিয় ঘৃণনীয় বিষয় আছিল? ইয়াৰ মূল কাৰণ আছিল ধৰ্ম্মীয় পক্ষপাত বা জাতিগত অহঙ্কাৰ। তদুপৰি মিচৰীয়াসকলে পশুপালকবিলাকক ঘৃণা কৰিছিল। (আদিপুস্তক ৪৬:৩৪) কিয় ঘৃণা কৰিছিল? কিয়নো পশুপালকবিলাকক মিচৰীয়াসকলে সাধাৰণভাৱে তেওঁলোকৰ ৰীতি-ব্যৱস্থাৰ অনুসাৰে নিম্ন জাতি যেন জ্ঞান কৰিছিল। অথবা চৰণীয়া পথাৰ সীমিত হোৱাৰ বাবে যিসকলে নিজৰ জীৱ-জন্তুক চৰাবলৈ তালৈ আনিছিল তেওঁলোকক হেয়জ্ঞান কৰিছিল।

৪৪:৫—শুভ-অশুভৰ পূৰ্ব লক্ষণ চাবলৈ যোচেফে এটা ৰূপৰ পাত্ৰ ব্যৱহাৰ কৰিছিলনে? সেই ৰূপৰ পাত্ৰ আৰু সেই সময়ত কোৱা কথাশাৰী স্পষ্টৰূপে ফন্দিৰ এটা অংশ আছিল। যোচেফ যিহোৱা ঈশ্বৰৰ এজন বিশ্বাসী উপাসক আছিল। গতিকে তেওঁ সেই ৰূপৰ পাত্ৰ কোনো ভৱিষ্যত চাবলৈ ব্যৱহাৰ আৰু তেওঁৰ সৰু ভায়েক বিন্যামীনো আচলতে সেইটো চোৰ কৰা নাছিল।

৪৯:১০—“ৰাজদণ্ড” আৰু “বিচাৰদণ্ড” বুলি উল্লেখ কৰা এই দুটা শব্দৰ অৰ্থ কি? ৰাজদণ্ড হৈছে এজন শাসকে নিজৰ ক্ষমতাৰ প্ৰতীক হিচাবে কঢ়িয়াই নিয়া চিহ্ন। বিচাৰদণ্ডই তেওঁৰ কৰ্ত্তৃত্বৰ আদেশক চিহ্নিত কৰা এটা দীঘল দণ্ড। যাকোবে কোৱা কথাষাৰীয়ে নিৰ্দ্দেশিত কৰিছিল যে যেতিয়ালৈকে চীলো নাহে তেতিয়ালৈকে সেই উল্লেখযোগ্য অধিকাৰ আৰু ক্ষমতা যিহূদা বংশত থাকিব। এই অধিকাৰী জন আছিল যীচু খ্ৰীষ্ট যিজনে যিহূদা বংশত জন্ম গ্ৰহণ কৰিলে আৰু যিহোৱা ঈশ্বৰে তেওঁক স্বৰ্গীয় শাসনৰ দায়িত্ব দিলে। যীচু খ্ৰীষ্টই সেই ৰাজকীয় শাসন আৰু আজ্ঞা দিয়াৰ ক্ষমতা বহন কৰে।—গীত ২:৮, ৯; যিচয়া ৫৫:৪; দানিয়েল ৭:১৩, ১৪.

আমাৰ বাবে শিক্ষামূলক পাঠ:

৩৮:২৬. যিহূদাই তেওঁৰ বিধৱা বোৱাৰীয়েক তামাৰৰ সৈতে অসৎ কাৰ্য্য কৰিলে। কিন্তু তাই যেতিয়া গৰ্ভৱতী হʼল তেতিয়া তেওঁ নম্ৰ হৈ নিজৰ ভুলৰ দায়িত্ব স্বীকাৰ কৰিলে। গতিকে আমিও নিজৰ ভুল স্বীকাৰ কৰাত পলম কৰা উচিত নহয়।

৩৯:৯. যোচেফে পোটীফৰৰ পত্নীক দিয়া প্ৰত্যুত্তৰত এইটো প্ৰকাশ পাইছে যে নৈতিক স্তৰৰ সম্বন্ধে তেওঁ যিহোৱা ঈশ্বৰৰ দৃষ্টিভঙ্গী বজাই ৰাখিছিল আৰু সেয়ে তেওঁক ভুল কাৰ্য্যৰ পৰা আঁতৰি যাবলৈ তেওঁৰ বিবেকক পৰিচালনা কৰিলে। এতেকে তেওঁৰ দৰে আমিও সত্যতাৰ যথাৰ্থ জ্ঞানত বৃদ্ধি হʼবলৈ প্ৰচেষ্টা কৰাটো উচিত নহয়নে?

৪১:১৪-১৬, ৩৯, ৪০. যিসকলে যিহোৱাৰ প্ৰতি সশ্ৰদ্ধা ভয় ৰাখে তেওঁলোকে নিজৰ বেয়া অৱস্থাকো ভাললৈ সলনি কৰিব পাৰে। সেইবাবে যেতিয়া আমি কোনো সমস্যাৰ সম্মুখীন হওঁ তেতিয়া আমি যিহোৱাক ভাৰসা আৰু তেওঁৰ প্ৰতি বিশ্বাসী হোৱাটো বুদ্ধিমানৰ কাৰ্য্য হʼব।

তেওঁলোকে বিশ্বাসৰ অনুসাৰে চলিলে

অব্ৰাহাম, ইচ্‌হাক, যাকোব আৰু যোচেফ অৱশ্যেই ঈশ্বৰলৈ ভয় ৰাখোঁতা আৰু তেওঁৰ বিশ্বাসী উপাসক আছিল। বাইবেলৰ আদিপুস্তক কিতাপত বৰ্ণনা কৰা তেওঁলোকৰ জীৱনিয়ে বাস্তৱতে যিহোৱাৰ প্ৰতি আমাৰ বিশ্বাস দৃঢ় কৰে আৰু বহুতো উপদেশমূলক পাঠ প্ৰদান কৰে।

আপুনি ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল তালিকাত উল্লেখ কৰা সপ্তাহিক বাইবেল পাঠ কৰাৰ সময়ত এই বৃত্তান্তক পঢ়ি অৱশ্যেই লাভৱান হʼব। একেৰাহে পূৰ্বৱৰ্তী বৃত্তান্ত বিবেচনা কৰাৰ দ্বাৰা বিৱৰণীবোৰ জীৱন্তৰূপে দৃষ্টি কৰাত সহায় কৰিব।

[ফুটনোট]

^ অনুগ্ৰহ কৰি জানুৱাৰী ১, ২০০৪, প্ৰহৰীবুৰুজ আলোচনীত “যিহোৱাৰ বাক্য জীয়া আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—১,” নামৰ লেখটো চাওক।

[২৮ পৃষ্ঠাৰ ছবি]

অব্ৰাহাম বাস্তৱতে ঈশ্বৰৰ এজন বিশ্বাসী উপাসক আছিল

[২৮ পৃষ্ঠাৰ ছবি]

যিহোৱা ঈশ্বৰে যোচেফক আশীৰ্ব্বাদ কৰিলে

[২৮ পৃষ্ঠাৰ ছবি]

ধাৰ্ম্মিক লোট আৰু তেওঁৰ দুজনী জীয়েক ৰক্ষা পালে

[৩১ পৃষ্ঠাৰ ছবি]

যাকোবে পবিত্ৰ বস্তুসমূহক গভীৰভাৱে মূল্যাঙ্কন কৰিছিল। আপুনিও তেওঁৰ দৰে কৰেনে?