Skip to content

Skip to table of contents

“এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হব লাগিছে”

“এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হব লাগিছে”

“এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হব লাগিছে”

“হে ভাইবিলাক, মই ইয়াকে কওঁ, সেই কাল চুটি কৰা হৈছে।”—১ কৰিন্থীয়া ৭:২৯.

১, ২. আপুনি নিজৰ জীৱনকালত কেনে ধৰণৰ পৰিৱৰ্তনসমূহ দেখিবলৈ পাইছে?

 আপুনি নিজৰ জীৱনকালত কেনে ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পাইছে? আপুনি ইয়াৰ কিছুমানৰ বিষয়ে কʼব পাৰিবনে? উদাহৰণস্বৰূপে, চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ভালেখিনি উন্নতি হোৱা দেখা গৈছে। জীৱনৰ আয়ুসৰ সম্বন্ধে গৱেষণা চলোৱাসকলৰ প্ৰতি আমি কৃতজ্ঞ, কিয়নো তেওঁলোকৰ সহায়েৰে কিছুমান দেশত মাত্ৰ ৫০ বছৰ পৰিৱৰ্তে ৭০ বছৰলৈকে জীয়াই থাকিবলৈ সক্ষম হৈছে। তদুপৰি উচিতমতে ৰেডিঅ, টেলিভিছন, চেলফোন আৰু ফেক্স মেচিন ব্যৱহাৰ কৰাৰ দ্বাৰা আমি কিমান যে লাভৱান হৈছোঁ, তাৰ বিষয়েও ভাবি চাওক। শিক্ষা, যাতায়ত, মানৱ অধিকাৰ ক্ষেত্ৰত হোৱা উন্নতিৰ বিষয়ে কোনেও আওকাণ কৰিব নোৱাৰে। কিয়নো ইয়াৰ দ্বাৰা কোটি কোটি লোকে নিজৰ জীৱন উন্নতি কৰিবলৈ সক্ষম হৈছে।

অৱশ্যে সকলো ক্ষেত্ৰত হোৱা পৰিৱৰ্তন লাভজনক নহয়। যেনে, প্ৰতিদিনে বৃদ্ধি হোৱা অপৰাধ, নৈতিক পতন, ড্ৰাগছ সেৱন, বিবাহ-বিচ্ছেদ, বস্তু-বাহানিৰ মূল্য বৃদ্ধি আৰু সন্ত্ৰাসবাদ আদিৰ বিষয়ে আমি অস্বীকাৰ কৰিব নোৱাৰো। তথাপিও, আপুনি হয়তো বহু সময়ৰ পূৰ্ব্বেই লিখা পাঁচনি পৌলৰ এই কথাষাৰৰ সৈতে সন্মত হʼব: “এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হব লাগিছে।”

৩. পাঁচনি পৌলে “এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হব লাগিছে” বুলি কোৱা কথাষাৰৰ কি অৰ্থ আছিল?

সেই কথাষাৰ কোৱাৰ সময়ত তেওঁ এই জগতখনক এটা মঞ্চৰ সৈতে তুলনা কৰিছিল। এই মঞ্চৰ অভিনয় কৰোঁতাসকল হৈছে ৰাজনৈতিক নেতা, ধৰ্ম্মগুৰু আৰু প্ৰসিদ্ধ ব্যক্তি। নিজ নিজ ভূমিকা আদায় কৰাৰ পিছত এওঁলোকক পুনৰাই মঞ্চত দেখা নাযায়। বৰঞ্চ, আমি বহু শতাব্দীৰ পৰা সেইদৰে চলি অহা দেখিবলৈ পাইছোঁ। আমি হয়তো অতীতত ৰাজকূল লোকে কেইবা শতাব্দী ধৰি ৰাজত্ব কৰাৰ বিষয়ে শুনিবলৈ পাইছিলোঁ আৰু ইয়াৰ পৰিৱৰ্তনো লাহে লাহে হৈছিল। কিন্তু বৰ্তমান সময়ত যদি কোনো এজন নেতাৰ হত্যা হয় তেন্তে পৰিস্থিতিৰ সলনি হʼবলৈ কেৱল মুহূৰ্ত্তৰ প্ৰয়োজন। বাস্তৱতে এনে কঠিন পৰিস্থিতিত আমাৰ জীৱনে অহা কালি কি ৰূপ ধাৰণ কৰিব তাক কোনোৱেও নাজানে।

৪. (ক) এই জগতখনত ঘটি থকা ঘটনাসমূহৰ প্ৰতি খ্ৰীষ্টানসকলে কেনে এক ভাৰসাম্য মনোবৃত্তি ৰাখা আৱশ্যক? (খ) এতিয়া আমি কেনে দুই ধৰণৰ প্ৰমাণৰ বিষয়ে বিবেচনা কৰিম?

যদি এই জগতখনক মঞ্চ আৰু নেতাসকলক ইয়াৰ অভিনয় কৰোঁতা হিচাবে তুলনা কৰা হৈছে তেন্তে খ্ৰীষ্টানসকল হৈছে ইয়াৰ দৰ্শক। * অন্যহাতেদি খ্ৰীষ্টানসকল ‘জগতৰ ভাগ নোহোৱাৰ’ বাবে তেওঁলোকে তাৰ পাত্ৰ বা অভিনয় কৰোঁতাসকলৰ বিষয়ে দকৈ চিন্তা নকৰে। (যোহন ১৭:১৬) বৰঞ্চ তেওঁলোকে এই নাট্যাভিনয় কেতিয়া অন্ত পৰিব তাৰ বাবে বাট চাই আছে। কিয়নো তেওঁলোকে জানে যে অতি সোনকালে যিহোৱাই এই জগতখন অৰ্থাৎ এই ৰীতি-ব্যৱস্থাক ধ্বংস কৰি এক নতুন ধাৰ্ম্মিক সমাজ গঠন কৰিব। * গতিকে আঁহক আমি যে শেষকালত জীয়াই আছোঁ আৰু নতুনকৈ গঠন হʼবলগীয়া সমাজখন একেবাৰে কাষ চাপিছে তাৰ বিষয়ে দুটা প্ৰমাণক বিবেচনা কৰোঁহঁক। সেই প্ৰমাণ দুটা হৈছে: (১) বাইবেলৰ ঘটনাতালিকা আৰু (২) বেয়ালৈ ঢাল খোৱা আজিৰ পৰিস্থিতিসমূহ।—মথি ২৪:২১; ২ পিতৰ ৩:১৩.

অৱশেষত নিগূঢ় বিষয়টো প্ৰকাশ কৰা হʼল

৫. “পৰজাতি মানুহৰ কাল” কি আৰু ই কিয় আমাৰ বাবে মনোযোগৰ বিষয়?

বাইবেলৰ সময়তালিকা অধ্যয়ন কৰাৰ অৰ্থ হৈছে সময় আৰু ঘটনাৰ মাজত থকা সম্বন্ধক বুজি পোৱা। যীচুৱে এনে এক সময়ৰ বিষয়ে উল্লেখ কৰিছিল যʼত এই জগতৰ নেতাসকলে মঞ্চত আহি নিজ নিজ ভূমিকা আদায় কৰিব। কিন্তু তেওঁলোকৰ ভূমিকাত ঈশ্বৰৰ ৰাজ্যৰ কোনো সহযোগ নাথাকিব। সেই সময়ক যীচুৱে “পৰজাতি মানুহৰ কাল” বুলি কৈছিল। (লূক ২১:২৪) সেই “মানুহৰ কাল” শেষ হোৱাত ঈশ্বৰৰ ৰাজ্যই শাসন কৰিবলৈ আৰম্ভ কৰিব, যাৰ ৰজা হৈছে যীচু। সৰ্ব্বপ্ৰথমে যীচুৱে “[তেওঁৰ] শত্ৰুবোৰৰ মাজত ৰাজ্যশাসন” কৰিব। (গীত ১১০:২) তাৰ পিছত দানিয়েল ২:৪৪ পদত কোৱা অনুসাৰে এই ৰাজ্যশাসনে সকলো মানৱীয় চৰকাৰক “ভাঙি সংহাৰ” কৰিব আৰু নিজে চিৰকাললৈকে থাকিব।

৬. আমি কেনেকৈ “মানুহৰ কালৰ” সমাপ্তি আৰু দৈৰ্ঘ্যতাৰ আৰম্ভণিৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ?

এই “পৰজাতি মানুহৰ কাল” কেতিয়া শেষ হʼব আৰু ঈশ্বৰৰ ৰাজ্যই কেতিয়া শাসন কৰিবলৈ আৰম্ভ কৰিব? এই প্ৰশ্নটোৰ উত্তৰ “এই বাক্যবোৰ বন্ধ কৰা আৰু মোহৰ মৰা হল” বুলি কোৱাৰ সৈতে বাইবেলৰ সময়তালিকাখনো জড়িত আছে। (দানিয়েল ১২:৯) যেনেকৈ সেই “কাল” চাপি আহিল, যিহোৱাই নম্ৰ মনৰ বাইবেল বিদ্যাৰ্থীসকলক সেই প্ৰশ্নটোৰ উত্তৰ দিলে। তেওঁলোকে পবিত্ৰ আত্মাৰ সহায়ৰ দ্বাৰা বুজিবলৈ সক্ষম হৈছিল যে “পৰজাতি মানুহৰ কাল” সা.যু.পূ. ৬০৭ চনত যিৰূচালেম ধ্বংস হোৱাৰ সৈতে আৰম্ভ হʼল আৰু ইয়াৰ “সময়ৰ” দৈৰ্ঘ্যতা আছিল ২,৫২০ বছৰ। ইয়াৰ দ্বাৰা তেওঁলোকে জানিব পাৰিলে যে ১৯১৪ চনত “পৰজাতি মানুহৰ কাল” অন্ত পৰিল। তদুপৰি তেওঁলোকে ইয়াকো বুজিব পাৰিলে যে ১৯১৪ চনৰ পৰা এই ৰীতি-ব্যৱস্থাৰ শেষ হোৱাৰ সময় আৰম্ভ হʼল। এজন বাইবেল বিদ্যাৰ্থী হোৱা হেতুকে শাস্ত্ৰীয় পদবোৰ ব্যৱহাৰ কৰি কেনেকৈ ১৯১৪ চনটো হিছাপ কৰা হʼল, তাৰ বিষয়ে আপুনি বৰ্ণনা কৰিব পাৰিবনে? *

৭. দানিয়েল পুস্তকত উল্লেখ কৰা “সাত কালৰ” আৰম্ভণিৰ দৈৰ্ঘ্যতা আৰু সমাপ্তিক বুজিবলৈ কেনে শাস্ত্ৰীয় পদবোৰে আমাক সহায় কৰে?

ইয়াৰ এটা সূত্ৰৰ বিষয়ে দানিয়েল কিতাপত উল্লেখ কৰিছে। যিহোৱাই “নিৰূপিত কাল” আৰম্ভণি অৰ্থাৎ সা.যু.পূ ৬০৭ চনত যিৰূচালেম ধ্বংস কৰিবলৈ বাবিলৰ ৰজা নবূখদ্‌নেচৰক নিযুক্ত কৰিলে। তদুপৰি তেওঁক ইয়াকো কোৱা হৈছিল যে তেওঁ সেই জাতিৰ ওপৰত প্ৰতিকৰূপক সাত কাল শাসন কৰিব। (যিহিষ্কেল ২১:২৬, ২৭; দানিয়েল ৪:১৬, ২৩-২৫) সেই সাত কালৰ দৈৰ্ঘ্যতা কিমানলৈকে হʼব? প্ৰকাশিত বাক্য ১১:২, ৩ আৰু ১২:৬, ১৪ পদত উল্লেখ কৰা দুকুৰি দুমাহ হৈছে ১,২৬০ দিন। অৱশ্যে সেই সাত কাল দুগুণ, অৰ্থাৎ ২,৫২০ দিন হোৱা উচিত। তেন্তে ইয়ে সমাপ্তি হোৱাক বুজায়নে? নিশ্চয়ে নহয়, কিয়নো দানিয়েলৰ সময়ত থকা ভৱিষ্যতবক্তা যিহিষ্কেলক তাৰ অৰ্থ বুজিবলৈ যিহোৱাই এইদৰে কৈছিল: “মই এক এক বছৰ তোমাৰ নিমিত্তে এক এক দিন কৰিলোঁ।” (যিহিষ্কেল ৪:৬) গতিকে সাত কালৰ অৰ্থ ২,৫২০ বছৰ হোৱা উচিত। যদি ২,৫২০ বছৰৰ গণনা সা.যু.পূ ৬০৭ চনৰ পৰা আৰম্ভ হʼল তেন্তে ১৯১৪ চনত সেই নিৰূপিত কালৰ সমাপ্তি ঘটিল বুলি আমি কʼব পাৰোঁ।

‘এই শেষকালৰ’ বিষয়ে প্ৰতিপন্ন কৰা হʼল

৮. জগতৰ পৰিস্থিতি ১৯১৪ চনৰ পৰা অতি বেয়ালৈ ঢাল খাইছে বুলি আপুনি কেনে প্ৰমাণসমূহ দাঙি ধৰিব?

ওপৰত উল্লেখ কৰা বাইবেলৰ সময়তালিকাৰ সঠিকতা ১৯১৪ চনত দেখা দিয়া ঘটনাবোৰৰ দ্বাৰা জানিব পৰা গʼল। তদুপৰি যীচুৱেও কৈছিল যে “এই জগতৰ শেষ হোৱাৰ চিন” যুদ্ধ, আকাল, ভূমিকম্প আদিৰ দ্বাৰা কৰা হʼব। (মথি ২৪:৩-৮; প্ৰকাশিত বাক্য ৬:২-৮) এই সকলোবোৰ চিহ্ন ১৯১৪ চনত পূৰ্ণতা হোৱা দেখা গৈছিল। এই বিষয়ে অতিৰিক্ত সূচনা প্ৰদান কৰি পাঁচনি পৌলে কৈছিল যে সেই কালৰ লোকসকলৰ মাজত ভিন্ন মনোবৃত্তি দেখিবলৈ পোৱা যাব। তেওঁ দিয়া বিৱৰণী আমি সত্যৰূপে প্ৰমাণিত হোৱা দেখিবলৈ পাইছোঁ।—২ তীমথিয় ৩:১-৫.

৯. নিৰীক্ষকবিলাকে ১৯১৪ চনৰ পৰা হোৱা জগতৰ পৰিস্থিতিৰ বিষয়ে কি কৈছে?

বাস্তৱতে ১৯১৪ চনৰ পৰা জগতৰ পৰিস্থিতি অতি বেয়ালৈ ঢাল খাব ধৰিলেনে? দ্য জেনেৰেচ্যান অৱ ১৯১৪ নামৰ কিতাপখনত অধ্যাপক ৰৰ্বাট ৱলে এইদৰে কৈছে: “যিসকলে যুদ্ধগ্ৰস্ত পৰিস্থিতিত জীয়াই আছিল তেওঁলোকে বিশ্বাস কৰিব নোৱাৰিলে যে ১৯১৪ চনত আন এখন জগতৰ সৃষ্টি হʼল।” এই সত্যতাৰ বিষয়ে দাবী কৰি বিশ্ব স্বাস্থ্য সংঘৰ মানসিক-স্বাস্থ্য বিভাগৰ কাৰ্য্যকৰ্তা ডা. জহৰ্জ এ. কষ্ট ই চিলভাই এইদৰে লিখিছিল: “আমি এনে এক দ্ৰুতগতিৰ সময়ত বাস কৰিছোঁ যʼত কেতিয়াও মানৱ ইতিহাসত নোহোৱা অত্যাধিক চিন্তাধাৰা আৰু মানসিক কষ্টই দেখা দিছে।” আপুনিও কেতিয়াবা ব্যক্তিগতভাৱে তেনে অনুভৱ কৰিছেনে?

১০. জগতৰ পৰিস্থিতিবোৰ ১৯১৪ চনৰ পৰা অতি বেয়ালৈ ঢাল খোৱাৰ পিছত কাৰ হাত আছে বুলি বাইবেলে কৈছে?

১০ জগতৰ এই বেয়া পৰিস্থিতিবোৰৰ পিছত কাৰ হাত আছে? প্ৰকাশিত বাক্য ১২:৭-৯ পদত সেই অপৰাধী জনৰ বিষয়ে এইদৰে কৈছে: “স্বৰ্গত যুদ্ধ হল; মীখায়েল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে; সেই নাগ [চয়তান] আৰু তাৰ দূতবিলাকেও যুদ্ধ কৰিলে, কিন্তু বলে নোৱাৰিলে আৰু স্বৰ্গত তেওঁবিলাকৰ উদ্দেশে ঠাই পোৱা নগল। সেই মহা নাগক, অৰ্থাৎ দিয়াবল আৰু [চয়তান] নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিবীলৈ পেলোৱা হল আৰু তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হল।” গতিকে সেই অপৰাধী জন হৈছে চয়তান আৰু ১৯১৪ চনত তাক পৃথিৱীলৈ পেলোৱাৰ অৰ্থ আছিল যে “পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে”।—প্ৰকাশিত বাক্য ১২:১০, ১২.

চূড়ান্ত ঘটনাবোৰ কেনেকৈ ঘটিব

১১. চয়তানে “গোটেই পৃথিৱীত” ভ্ৰান্তি জন্মাবলৈ কি কি পদ্ধতি ব্যৱহাৰ কৰে? (খ) পাঁচনি পৌলে চয়তানৰ কেনে এক অসাধাৰণ প্ৰচেষ্টাৰ বিষয়ে আমাৰ ধ্যান আকৰ্ষিত কৰিছে?

১১ যিহেতু চয়তানৰ দিন কাষ চাপি অহাৰ বাবে সি ১৯১৪ চনৰ পৰা “গোটেই পৃথিৱীত” ভ্ৰান্তি জন্মাই ফুৰিছে। এই জগতৰ নেতা আৰু উদ্ভাৱকসকলে মঞ্চত দেখুৱা দৃশ্যৰ আঁৰত চয়তানে প্ৰমূখ ভূমিকা আদায় কৰে। (২ তীমথিয় ৩:১৩; ১ যোহন ৫:১৯) চয়তানে মানৱজাতিক প্ৰবঞ্চনা কৰাৰ এটা লক্ষ্য হৈছে যে তাৰ শাসন-পদ্ধতি সকলোতকৈ উত্তম বুলি মানৱত বিশ্বাস জন্মোৱা। সাধাৰণতে, জগতৰ পৰিস্থিতি বেয়ালৈ ঢাল খোৱা স্বত্ত্বেও লোকসকল যাতে আশাবাদী হৈ থাকে তাৰ সম্বন্ধে যি মিছা প্ৰচাৰ কৰিছে তাত সি সফলতা পাইছে। এই ৰীতি-ব্যৱস্থা ধ্বংস হোৱাৰ পূৰ্ব্বেই চয়তানে কৰা মিছা প্ৰচাৰ যে অসাধাৰণ হʼব, তাৰ বিষয়ে পাঁচনি পৌলে আগতিয়াকৈ কৈছিল। এই সন্দৰ্ভত তেওঁ এইদৰে কৈছিল: “যেতিয়া মানুহবিলাকে বুলিব, শান্তি আৰু নিৰ্ব্বিঘ্নতা, তেতিয়া গৰ্ভৱতীৰ প্ৰসৱ-বেদনাৰ নিচিনাকৈ, তেওঁবিলাকৰ আকস্মিক বিনাশ উপস্থিত হব।”—১ থিচলনীকীয়া ৫:৩; প্ৰকাশিত বাক্য ১৬:১৩, ১৪.

১২. বৰ্তমান সময়ত শান্তি স্থাপিত কৰিবলৈ কেনে ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে?

১২ বিগত কেইবছৰৰ পৰা ৰাজনৈতিক নেতাবিলাকে প্ৰায়ে “শান্তি আৰু নিৰ্ব্বিঘ্নতা” অভিব্যক্তিটো ব্যৱহাৰ কৰি আহিছে। তদুপৰি তেওঁলোকে ১৯৮৬ চনটো শান্তিৰ বছৰ হিচাবে ঘোষণা কৰিছিল যদিও প্ৰকৃততে তেনে হোৱা নাছিল। জগতৰ নেতাবিলাকে কৰা তেনে প্ৰচেষ্টাই ১ থিচলনীকীয়া ৫:৩ পদটোৰ পূৰ্ণতালৈ নিৰ্দ্দেশিত কৰা নাইনে অথবা পাঁচনি পৌলে এনে এক নাটকীয় ঘটনাৰ বিষয়ে কোৱা নাছিলনে যাৰ বিষয়ে সকলোৱে জানিব?

১৩. পাঁচনি পৌলে কৰা ভৱিষ্যতবাণীত “শান্তি আৰু নিৰ্ব্বিঘ্নতা” অভিব্যক্তিটো কাৰ সৈতে তুলনা কৰিছিল আৰু ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ?

১৩ আমি বাইবেলৰ ভৱিষ্যতবাণীসমূহক তেতিয়াহে বুজিবলৈ সক্ষম হওঁ যেতিয়া ইয়াৰ পূৰ্ণতা হয় বা হʼবলগীয়া থাকে। সেইবাবে আমি অপেক্ষা কৰা উচিত। এইটো মন কৰিবলগীয়া যে যেতিয়া লোকসকলে “শান্তি আৰু নিৰ্ব্বিঘ্নতা” বুলি কʼব তেতিয়া গৰ্ভৱতীৰ প্ৰসৱ-বেদনাৰ নিচিনাকৈ তেওঁবিলাকৰ ওপৰত আকস্মিক বিনাশ আহিব বুলি পাঁচনি পৌলে উল্লেখ কৰিছিল। ন-মাহ গৰ্ভধাৰণ কৰা এগৰাকী স্ত্ৰীয়ে নিজৰ কোষত থকা কেচুৱাটিৰ জন্মৰ বাবে অতিশয় চিন্তা কৰে। তাই হয়তো কেচুৱাটিৰ হৃদয়স্পন্দন শুনে বা তাক লৰ-চৰ কৰা অনুভৱ কৰে। কেচুৱাটিয়ে হয়তো হাত বা ভৰি লৰাব পাৰে। এই সকলোবোৰ সঙ্কেট আৰু এদিন অত্যাধিকভাৱে হোৱা প্ৰসৱ-বেদনাই দেখুৱাই যে কেচুৱাটিৰ জন্ম হোৱাৰ সময় একেবাৰে কাষ চাপিছে। ঠিক তেনেদৰে সেই ভৱিষ্যতবাণীত “শান্তি আৰু নিৰ্ব্বিঘ্নতা” বুলি কোৱা লোকসকলৰ ওপৰত আকস্মিক বেদনা আহি পৰিব। কিন্তু আনন্দৰ বিষয় এইয়ে যে দুষ্টতাক উচ্ছন্ন কৰি এখন নতুন জগত স্থাপিত কৰা হʼব।

১৪. ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰে কি ৰূপ লʼব আৰু কেনে পৰিণাম হʼব?

১৪ এই ৰীতি-ব্যৱস্থাৰ ওপৰত আহিবলগীয়া ধ্বংস ভয়াবহ হʼব আৰু বিশ্বাসী খ্ৰীষ্টানসকলে দৰ্শক হিচাবে দৃষ্টি কৰিব। প্ৰথমতে, এই পৃথিৱীৰ ৰজাসকলে (চয়তানৰ সংগঠনৰ ৰাজনৈতিক) মহা-বাবিলৰ সকলো সমৰ্থনকাৰীক (ধৰ্ম্মধাম) ধ্বংস কৰিব। (প্ৰকাশিত বাক্য ১৭:১, ১৫-১৮) চয়তানৰ ৰাজ্যৰ মাজত বিভাজন সৃষ্টি আৰু পৰস্পৰে আক্ৰমণ হোৱা দেখি সি একোকে কৰিব নোৱাৰিব। (মথি ১২:২৫, ২৬) এই পৃথিৱীৰ ৰজাবিলাকৰ মনক যিহোৱাই “তেওঁৰ মনস্থ পূৰ কৰিবলৈ” সজাগ কৰিব যাতে তেওঁলোকে সত্য ধৰ্ম্মৰ বিৰোধীসকলক ধ্বংস কৰে। মিছা ধৰ্ম্ম ধ্বংস হোৱাৰ পিছত যীচুৱে নিজৰ স্বৰ্গীয় সৈন্যবিলাকৰ সৈতে চয়তানৰ বাকী থকা ৰাজনৈতিক আৰু বাণিজ্যি শক্তিবোৰক উচ্ছন্ন কৰিবলৈ আহিব। অৱশেষত চয়তানক ধৰি অগাধ ঠাইলৈ পেলাই দিয়া হʼব। এই কাৰ্য্যৰ সৈতে বহু সময়ৰ পৰা চলি থকা নাট্যাভিনয়ৰ অন্ত পৰিব।

১৫, ১৬. “সেই কাল চুটি কৰা হৈছে” বুলি দিয়া পৰামৰ্শই আমাৰ জীৱনত কেনে প্ৰভাৱ পেলোৱা উচিত?

১৫ এই সকলোবোৰ ঘটনা কেতিয়া ঘটিব? আমি কোনেও সেই দিন বা সময়ৰ বিষয়ে নাজানো। (মথি ২৪:৩৬) তথাপিও এইটো নিশ্চিত যে “সেই কাল চুটি কৰা হৈছে।” (১ কৰিন্থীয়া ৭:২৯) গতিকে বাকী থকা সময়খিনিক আমি উচিতৰূপে ব্যৱহাৰ কৰা অতি আৱশ্যক। ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ? পাঁচনি পৌলে কোৱা অনুসৰি আমি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ বাবে ‘সুসময়ক কিনি লʼব লাগে।’ কিয় তেনে কৰিব লাগে? “কিয়নো এই কাল মন্দ।” তদুপৰি ‘যিহোৱাৰ ইচ্ছা কি, তাক জ্ঞাত হোৱাৰ’ দ্বাৰা আমি যেন বাকী থকা সময়খিনি অজ্ঞানৰ দৰে ব্যৱহাৰ নকৰোঁ।—ইফিচীয়া ৫:১৫-১৭; ১ পিতৰ ৪:১-৪.

১৬ যিহেতু আমি জানো যে এই ভক্তিহীন জগতখনৰ ধ্বংস নিশ্চিত, তেন্তে আমি ব্যক্তিগতভাৱে কেনে আচৰণ কৰা উচিত? এই সন্দৰ্ভত পাঁচনি পিতৰে আমাৰ লাভৰ বাবে এইদৰে লিখিলে: “এই আটাইবোৰ লয়ৰ পাত্ৰ হোৱা দেখি, তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা কৰি কৰি, সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত?” (২ পিতৰ ৩:১১) সেয়েহে পাঁচনি পিতৰৰ পৰামৰ্শ অনুসৰি আমাৰ (১) সকলো আচাৰ-ব্যৱহাৰ যে পবিত্ৰ হোৱা উচিত তাৰ প্ৰতি ধ্যান দিয়া আৰু (২) উৎসাহেৰে কৰা যিহোৱাৰ কাৰ্য্যই যেন তেওঁৰ প্ৰতি থকা আমাৰ নিবিড় প্ৰেমক প্ৰতিফলিত কৰে।

১৭. চয়তানৰ কেনে ধৰণৰ ফান্দবোৰৰ পৰা বিশ্বাসী খ্ৰীষ্টানসকলে সতৰ্ক হোৱা উচিত?

১৭ ঈশ্বৰৰ প্ৰেমে আমাক এই জগতৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰা অঁতৰাই ৰাখিব। যদি আমি জগতৰ ভোগ-বিলাসৰ দ্বাৰা তৃপ্ত হৈ জীৱন-যাপন কৰোঁ তেন্তে ই আমালৈ কেৱল বিপদহে চপাই আনিব। যিহেতু আমি এই জগতত জীয়াই থাকিবলগা হোৱাৰ বাবে অতিৰিক্তৰূপে ইয়াক ব্যৱহাৰ নকৰিবলৈ দিয়া পৰামৰ্শক পালন কৰা উচিত। (১ কৰিন্থীয়া ৭:৩১) আনকি আমি মিছা প্ৰচাৰৰ দ্বাৰা যেন ভ্ৰান্ত নহওঁ তাৰ প্ৰতিও সতৰ্কতা অৱলম্বন কৰা উচিত। এই জগতখনে কোনো প্ৰকাৰৰ সমস্যাক সমাধান কৰিব নোৱাৰে। তদুপৰি ই নিজৰো প্ৰতিৰক্ষা কৰিব নোৱাৰে। এই বিষয়ে আমি কিয় নিশ্চিত হৈ কʼব পাৰোঁ? কিয়নো ঈশ্বৰৰ বাক্যই এইদৰে কৈছে: “জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।”—১ যোহন ২:১৭.

উত্তম পৰিৱেশ ভৱিষ্যতে আহিবলগীয়া আছে

১৮, ১৯. আহিবলগীয়া নতুন পৃথিৱীত আপুনি কেনে ধৰণৰ পৰিৱৰ্তনৰ বাবে অপেক্ষা কৰিছে আৰু তেনে ধৰণৰ অপেক্ষা কৰাটো কিয় অৰ্থপূৰ্ণ?

১৮ অতি শীঘ্ৰেই যিহোৱাই চয়তান আৰু তাৰ সমৰ্থনকাৰীবিলাকক ধ্বংস কৰিব। গতিকে এই ৰীতি-ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা বিশ্বাসী লোকসকলে পুনৰাই জগতখনক নতুন ৰূপ দিবলৈ কাৰ্য্য কৰিব যি চিৰকাললৈকে থাকিব। তেতিয়াৰ পৰা যুদ্ধৰ কোনো বাতৰি শুনা নাযাব। কিয়নো ঈশ্বৰে “পৃথিবীৰ অন্তলৈকে যুদ্ধৰ শেষ” কৰিব। (গীত ৪৬:৯) দুৰ্ভিক্ষৰ সলনি “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব।” (গীত ৭২:১৬) কোনো ধৰণৰ বন্দীশালা, পুলিছ থানা, যৌন সম্পৰ্কীয় ৰোগ, ড্ৰাগছ্‌ ব্যৱসায়, বিবাহ-বিচ্ছেদ, দেউলীয়া, সন্ত্ৰাসবাদ আদি নাথাকিব।—গীত ৩৭:২৯; যিচয়া ৩৩:২৪; প্ৰকাশিত বাক্য ২১:৩-৫.

১৯ মৈদামবোৰ শূন্য হৈ পৰিব আৰু কোটি কোটি লোকক এই পৃথিৱীত জীয়াই থাকিবলৈ পুনৰুত্থান কৰা হʼব। এই যুগৰ লোকসকলে অতীতত থকা ব্যক্তিবিলাকৰ সৈতে একত্ৰিত আৰু দীৰ্ঘ সময় ধৰি মৃত্যুত হেৰুৱা আপোনজনাক পুনৰাই লগ পাই কিমান যে আনন্দিত হʼব! সেই সময়ত জীয়াই থকা সকলোৱে যিহোৱাৰ স্তুতি কৰিব। (প্ৰকাশিত বাক্য ৫:১৩) সকলো ধৰণৰ পৰিৱৰ্তনৰ অন্তত সমুদায় পৃথিৱীখন পৰমদেশলৈ পৰিণত হʼব। এনে ধৰণৰ পৰিৱৰ্তন দেখি আপুনি কেনে অনুভৱ কৰিব? নিঃসন্দেহ, আপুনি এইদৰে কʼবলৈ প্ৰেৰিত হʼব, ‘ইমান দিন ধৈৰ্য্য ধৰি থকাৰ ফল মই আজিহে পালোঁ!’(w04 2/01)

[ফুটনোটবোৰ]

^ আন এক সন্দৰ্ভত পাঁচনি পৌলে অভিষিক্ত খ্ৰীষ্টানসকলক “জগতৰ আগত, অৰ্থাৎ স্বৰ্গদূত আৰু মানুহবিলাকৰো আগত . . . কৌতুকৰ পাত্ৰ” হৈছে বুলি কৈছিল।—১ কৰিন্থীয়া ৪:৯.

^ উদাহৰণস্বৰূপে, দানিয়েল ১১:৪০, ৪৪, ৪৫ পদত উল্লেখ কৰা “উত্তৰ দেশৰ ৰজাক” চিনাক্ত কৰিবলৈ দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়া নামৰ কিতাপখনৰ ২৮০-১ পৃষ্ঠাত চাওক।

^ বাইবেলে বৰ্ণনা কৰিছে যে সা.যু.পূ. ৫৩৭ চনত ইহুদীসকলে স্বদেশলৈ উভটি অহাৰ ৭০ বছৰৰ পূৰ্ব্বেই যিৰূচালেম নগৰখনৰ ধ্বংসৰ মুখ দেখিছিল। (যিৰিমিয়া ২৫:১১, ১২; দানিয়েল ৯:১-৩) “পৰজাতিৰ মানুহৰ কালৰ” বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত ৰীজনিং পুস্তকৰ ৯৫-৭ পৃষ্ঠাত চাওক।

আপুনি কেনেকৈ উত্তৰ দিব?

• পাঁচনি পৌলে “এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হʼব লাগিছে” বুলি কোৱা কথাষাৰ আমাৰ সময়ত কেনেকৈ সত্যৰূপে প্ৰমাণিত হৈছে?

• বাইবেলৰ সময়তালিকাত কেনেকৈ “পৰজাতি মানুহৰ কালৰ” সমাপ্তি বিষয়ে উল্লেখ কৰিছে?

• জগতৰ সলনি হোৱা পৰিস্থিতিয়ে কেনেকৈ দেখুৱাইছে যে ১৯১৪ চনটো আছিল ‘শেষকালৰ’ আৰম্ভণি?

• “সেই কাল চুটি কৰা হৈছে” বুলি কোৱা বিষয়টোৱে আমাৰ ওপৰত কেনে প্ৰভাৱ পেলোৱা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৬ পৃষ্ঠাৰ ছবি]

অৱশেষত ৰহস্যজনক বিষয়টোৰ সমাধান কৰা হʼল!