Skip to content

Skip to table of contents

এক সত্যবাদী বিবেক

এক সত্যবাদী বিবেক

এক সত্যবাদী বিবেক

 কেনিয়া বিশ্ববিদ্যালয়ত কাম কৰা চাৰ্লচ্‌ নামৰ এজন কৰ্মীয়ে এদিন ঘৰৰ পৰা চাকৰীলৈ যাওঁতে নিজৰ চেলুলাৰ ফোনটো হেৰুৱালে। কেনিয়াত এনে চেলুলাৰ ফোন হৈছে এক দামী আৰু বিলাসিতাৰ বস্তু।

“কোনোবাই এইটো মোক ঘুৰাই দিব বুলি মই কেতিয়াও ভবা নাছিলোঁ,” বুলি চাৰ্লচে কয়। কিন্তু কিছুদিনৰ পিছত হঠাতে এদিন তেওঁৰ টেলিফোনটো বাজি উঠে আৰু ফোনটোৰ আনটো মূৰৰ থকা ব্যক্তিজনৰ বাৰ্ত্তা শুনি তেওঁ অতি আচৰিত হয়। কেনিয়াত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ৰ পৰা তেওঁলৈ ফোন কৰা হৈছিল। সেই বাৰ্ত্তাত তেওঁক কোৱা হʼল যে তেওঁৰ হেৰুৱা চেলুলাৰ ফোনটো লবলৈ তালৈ আহা আৱশ্যক, সেই কথা তেওঁ নিজ চকুৰে বিশ্বাস কৰিব পৰা নাছিল! এজন পূৰ্ণসময়ৰ যিহোৱাৰ সাক্ষী উপাসকে একেইখন পৰিবহনত যাত্ৰা কৰাৰ সময়ত চাৰ্লচ্‌ৰ চেলুলাৰ ফোনটো পালে। সেই উপাসকজনে চেলুলাৰ ফোনটোৰ মালিকক বিচাৰি চলাথ কৰিলে। কিন্তু তেওঁক বিচাৰি নোপোৱাত, চেলুলাৰ ফোনটো শাখা কাৰ্য্যালয়লৈ লৈ আনে যʼত তেওঁ এজন স্বেচ্ছাকৰ্মী হিচাবে সেৱা কৰিছে। অৱশেষত তেওঁ চেলুলাৰ ফোনত থকা সকলোবোৰ নম্বৰ পৰীক্ষা কৰি মালিকক বিচাৰি উলিয়ায়।

চেলুলাৰ ফোনটো পাই চাৰ্লচে শাখা কাৰ্য্যালয়লৈ এইদৰে চিঠি লিখিলে: “মোৰ সৈতে যোগাযোগ কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰাৰ বাবে মই গভীৰভাৱে মূল্যাঙ্কন কৰিছোঁ। মই আপোনালোকৰ সংগঠনৰ সেই ব্যক্তিজনক আন্তৰিক্ততাৰে ধন্যবাদ কৰিছোঁ, যিজনে মোৰ চেলুলাৰ ফোনটো পাই মোৰ সৈতে যোগাযোগ কৰি মোক উভটাই দিলে। সাধাৰণতে আজিৰ সময়ত তেনে সত্যবাদী লোক পোৱাটো ইমান সহজ নহয়, কিন্তু যিহোৱা ঈশ্বৰৰ সত্য সাক্ষীসকলক তেনে কৰাটো দেখিবলৈ পোৱাটো মোৰ বাবে সঁচাকৈ এক উৎসাজনক বিষয়।”

যিহোৱাৰ সাক্ষীসকলক সকলো ঠাইতে সত্যবাদী লোক বুলি জনা যায়। কিয়নো এই ক্ষেত্ৰত তেওঁলোকে পাঁচনি পৌলে কোৱা এই উপদেশক অনুকৰণ কৰে, যিজনে এইদৰে কৈছিল: “আমাৰ সদবিবেক, আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে, ইয়াক আমি দৃঢ় প্ৰত্যেয় কৰোঁ।” (ইব্ৰী ১৩:১৮; ১ কৰিন্থীয়া ১১:১) তেওঁলোকে এনে আচৰণ কৰে যিয়ে যিহোৱা ঈশ্বৰক মহিমান্বিত কৰে। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।”—মথি ৫:১৬. (w04 2/01)