Skip to content

Skip to table of contents

যিহোৱা ঈশ্বৰে আমাৰ দৈনন্দিন আৱশ্যকতাসমূহৰ যোগান ধৰে

যিহোৱা ঈশ্বৰে আমাৰ দৈনন্দিন আৱশ্যকতাসমূহৰ যোগান ধৰে

যিহোৱা ঈশ্বৰে আমাৰ দৈনন্দিন আৱশ্যকতাসমূহৰ যোগান ধৰে

এইবোৰ তোমালোকেও নিবিচাৰিবা; . . . এইবোৰৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমালোকৰ পিতৃয়ে জানে।লূক ১২:২৯, ৩০.

১. যিহোৱাই জীৱ-জন্তুৰ বাবে কেনেদৰে আহাৰৰ যোগান ধৰে?

 আপুনি কেতিয়াবা এজনী ঘৰ-চিৰিকাক মাটিৰ পৰা কিবা বুটলি খাই থকা লক্ষ্য কৰিছেনে? আপুনি হয়তো ভাবি আচৰিত হৈছে যে তাইনো মাটিৰ পৰা কি বুটলি খাইছে। পৰ্ব্বতীয় উপদেশ দিওঁতে যীচুৱে কৈছিল যে যিহোৱাই এই চৰাই-চিৰিকটিবোৰক প্ৰতিপালন কৰাৰ পৰা আমি কি শিক্ষা লাভ কৰিব পাৰোঁ। তেওঁ এইদৰে বৰ্ণনা কৰিছিল: “আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায় আৰু মেৰতো নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যবান নোহোৱা নে?” (মথি ৬:২৬) যিহোৱাই আচৰিতভাৱে সকলো জীৱিত প্ৰাণীৰ আহাৰৰ যোগান ধৰে।—গীত ১০৪:১৪, ২১; ১৪৭:৯.

২, ৩. যীচুৱে আমাক দৈনন্দিন আহাৰৰ সম্বন্ধে প্ৰাৰ্থনা কৰিবলৈ শিকোৱা বিষয়টোৰ দ্বাৰা আমি কেনেকৈ আধ্যাত্মিক শিক্ষা লাভ কৰিব পাৰোঁ?

তেন্তে যীচুৱে কিয় নিজৰ আৰ্হিমূলক প্ৰাৰ্থনাত এইদৰে কৈছিল: “আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া?” (মথি ৬:১১) এই সামান্য অনুৰোধৰ দ্বাৰা আমি এক অৰ্থপূৰ্ণ আধ্যাত্মিক বিষয় শিকিব পাৰোঁ। প্ৰথমতে, ই আমাক সোঁৱৰাই দিয়ে যে যিহোৱা হৈছে এজন মহান প্ৰবন্ধক। (গীত ১৪৫:১৫, ১৬) মানুহে হয়তো মাটি চহাই কিবা খেতি কৰিব পাৰে, কিন্তু সেইবোৰক শাৰীৰিক আৰু আধ্যাত্মিকৰূপে কেৱল যিহোৱাইহে ডাঙৰ-দীঘল কৰে। (১ কৰিন্থীয়া ৩:৭) আমি যি খাওঁ আৰু পান কৰোঁ, সেইয়া হৈছে ঈশ্বৰৰ এক দান। (পাঁচনিৰ কৰ্ম্ম ১৪:১৭) গতিকে দৈনন্দিন আহাৰৰ বাবে তেওঁক বিচৰাৰ অৰ্থ হৈছে আমি সেইবোৰক অনুদান হিচাবে নলওঁ। অৱশ্যে তেনে ধৰণৰ অনুৰোধে আমাক কাম কৰাৰ পৰা বিৰত নাৰাখে।—ইফিচীয়া ৪:২৮; ২ থিচলনীকীয়া ৩:১০.

দ্বিতীয়তে, “আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া” বুলি কৰা অনুৰোধে দেখুৱাইছে যে আমি ভৱিষ্যতৰ বাবে অতিৰিক্ত চিন্তা কৰা উচিত নহয়। আগলৈ যীচুৱে বৰ্ণনা কৰি এইদৰে কৈছিল: “এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা, কিয়নো পৰজাতিবিলাকে এই সকলোকে বিচাৰে আৰু এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব। এতেকে কাইলৈৰ নিমিত্তে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজলৈ চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।” (মথি ৬:৩১-৩৪) আমি “আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া” বুলি কৰা প্ৰাৰ্থনাই “সন্তোষৰ সহিত ভক্তিৰে” সৰল জীৱন-যাপন কৰাৰ বিষয়ে আৰ্হি প্ৰস্তুত কৰিছে।—১ তীমথিয় ৬:৬-৮.

দৈনন্দিন অহা আধ্যাত্মিক আহাৰ

৪. যীচু আৰু ইস্ৰায়েল জাতিৰ জীৱনত হোৱা কেনে ঘটনাসমূহে আধ্যাত্মিক আহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি কৈছে?

দৈনিক আহাৰৰ সম্বন্ধে কৰা আমাৰ প্ৰাৰ্থনাই আমাক নিয়মিত আধ্যাত্মিক আহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়েও সোঁৱৰায়। অতি ভোকাতুৰ অৱস্থাত থকা সময়ত চয়তানে যেতিয়া যীচুক শিলবোৰ পিঠালৈ পৰিণত কৰিবলৈ প্ৰলোভিত কৰিছিল তেতিয়া তেওঁ এইদৰে কৈছিল: “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব, এই বুলি লিখা আছে।” (মথি ৪:৪) সেই সময়ত যীচুৱে, মোচিয়ে ইস্ৰায়েল জাতিক কোৱা এই কথাষাৰ উদ্ধৃত কৰিছিল: “মানুহ কেৱল পিঠাৰে যে নিজীয়ে, কিন্তু যিহোৱাৰ মুখৰ পৰা যি যি ওলায়, তাৰেহে যে জীয়ে, ইয়াকে তুমি জানিবৰ নিমিত্তে, তেওঁ তোমাক নম্ৰ কৰিলে, ভোক লগা কৰিলে, আৰু তুমি নজনা আৰু তোমাৰ পূৰ্ব্ব-পুৰুষবিলাকে নজনা মান্না ভোজন কৰানে।” (দ্বিতীয় বিবৰণ ৮:৩) যিহোৱাই যি ধৰণে ইস্ৰায়েলজাতিৰ বাবে মান্নাৰ যোগান ধৰিছিল, সেইয়া কেৱল শাৰীৰিক আহাৰেই নহয় কিন্তু আধ্যাত্মিক শিক্ষাসমূহো সন্মিলিত আছিল। ইয়াৰ এটা আধ্যাত্মিক শিক্ষা আছিল যে তেওঁলোকে “দিনৰ আহাৰ দিনে” গোটোৱা উচিত। যদি তেওঁলোকে প্ৰয়োজনতকৈ অধিক গোটাই তেন্তে ৰাতিপূৱালৈকে অৱশিষ্টখিনিত পোক জন্মি দুৰ্গন্ধ ওলাব। (যাত্ৰাপুস্তক ১৬:৪, ২০) যিহেতু সপ্তম দিনা বিশ্ৰাম-দিন হোৱাৰ বাবে তেওঁলোকে ষষ্ঠ দিনাই দুগুণকৈ গোটাই ৰাখিব লাগিছিল আৰু সেই পিঠাগুৰিত পোক জন্মা আৰু দুৰ্গন্ধিত হোৱা নাছিল। (যাত্ৰাপুস্তক ১৬:৫, ২৩, ২৪) গতিকে সেই মান্নাই তেওঁলোক আজ্ঞাকাৰীতা হোৱাৰ উপৰি তেওঁলোকৰ জীৱন যে “যিহোৱাৰ মুখৰ পৰা যি যি ওলায়” তাৰ ওপৰতহে নিৰ্ভৰ কৰে, ইয়াকো সোঁৱৰাইছিল।—যাত্ৰাপুস্তক ১৬:৫, ২৩, ২৪.

৫. যিহোৱাই কেনেকৈ আমালৈ দৈনন্দিন আধ্যাত্মিক আহাৰৰ যোগান ধৰিছে?

সেইদৰে আমিও যিহোৱাই তেওঁৰ পুত্ৰৰ দ্বাৰা নিৰন্তৰে দিয়া আধ্যাত্মিক আহাৰ লোৱা প্ৰয়োজন। এই শেষকালত যীচুৱে তেওঁৰ দাসবিলাকক ‘উচিত সময়ত আহাৰ দিবলৈ বিশ্বাসী বুদ্ধিমান দাসক’ নিযুক্ত কৰিছে। (মথি ২৪:৪৫) সেই বিশ্বাসী বুদ্ধিমান দাসবৰ্গই আমাক বাইবেল আধাৰিত সাহিত্যবোৰৰ যোগেদি কেৱল আধ্যাত্মিক আহাৰেই নহয় কিন্তু নিতৌ বাইবেল পাঠ কৰিবলৈও উৎসাহিত কৰে। (যিহোচূৱা ১:৮; গীত ১:১-৩) যীচুৰ দৰে আমিও যদি নিয়মিতৰূপে যিহোৱাৰ বিষয়ে জানিবলৈ আৰু তেওঁৰ ইচ্ছা পূৰ কৰিবলৈ চেষ্টা কৰোঁ তেন্তে আধ্যাত্মিকভাৱে পৃষ্ঠপোষকতা হʼম।—যোহন ৪:৩৪.

পাপৰ বাবে ক্ষমা বিচৰা

৬. আমি কেনে ধাৰৰ বাবে ক্ষমা বিচাৰোঁ আৰু যিহোৱাই কি সৰ্ত্তত পাপ ক্ষমা কৰে?

আৰ্হিমূলক প্ৰাৰ্থনাত উল্লেখ কৰা দ্বিতীয়টো অনুৰোধ হৈছে: “আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।” (মথি ৬:১২) ইয়াত যীচুৱে প্ৰকৃত ধৰুৱাসকলৰ বিষয়ে উল্লেখ কৰা নাছিল। তেওঁৰ মনত আমাৰ পাপৰ বাবে ক্ষমা বিচৰা বিষয়টোহে ভাঁহি উঠিছিল। আৰ্হিমূলক প্ৰাৰ্থনাত উল্লেখ কৰা এই অনুৰোধৰ বিষয়ে লূকে এইদৰে কৈছে: “আমাৰ পাপ ক্ষমা কৰা; কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰোঁ।” (লূক ১১:৪) পাপ কৰাৰ দ্বাৰা আমি যেন যিহোৱাৰ ধৰুৱা হৈ পৰোঁ। যদি আমি অন্তৰেৰে সৈতে মনপালটন কৰি ‘ঘূৰি আহোঁ’ আৰু যীচুৰ মুক্তিপণ বলিদানৰ আধাৰত ক্ষমা বিচাৰোঁ তেন্তে প্ৰেমময় ঈশ্বৰে আমাৰ পাপ ‘মোচন’ বা নাকচ কৰিব।—পাঁচনিৰ কৰ্ম্ম ৩:১৯; ১০:৪৩; ১ তীমথিয় ২:৫, ৬.

৭. আমি কিয় নিতৌ ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰা উচিত?

অন্য এক দৃষ্টিভঙ্গীৰে চালে, আমি তেতিয়াহে পাপ কৰোঁ যেতিয়া যিহোৱাৰ ধাৰ্ম্মিক স্তৰৰ পৰা লক্ষ্যভ্ৰষ্ট হওঁ। যিহেতু পাপৰ বশত থকাৰ বাবে আমাৰ কথা-বতৰা, কাৰ্য্য আৰু বিচাৰধাৰা অশুচি। (উপদেশক ৭:২০; ৰোমীয়া ৩:২৩; যাকোব ৩:২; ৪:১৭) গতিকে আমি দিনটোত পাপ কৰোঁ বা নকৰোঁ তথাপিও যিহোৱালৈ কৰা দৈনন্দিন প্ৰাৰ্থনাত ক্ষমা বিচৰা উচিত।—গীত ১৯:১২; ৪০:১২.

৮. ক্ষমা বিচাৰি কৰা প্ৰাৰ্থনাই কি প্ৰমাণ দিয়ে আৰু ইয়াৰ উত্তম পৰিণাম কি?

ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰাৰ উদ্দেশ্য হৈছে আত্ম-নিৰীক্ষণ, মনপালটন, স্বীকাৰোক্তি আৰু যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত বিশ্বাস কৰা। (১ যোহন ১:৭-৯) আমি যে আন্তৰিকতাৰে ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰিছোঁ, তাক “মন-পালটনৰ যোগ্য কৰ্ম্ম” কৰাৰ দ্বাৰা প্ৰমাণিত কৰা উচিত। (পাঁচনিৰ কৰ্ম্ম ২৬:২০) তেতিয়াহে আমি যিহোৱাই পাপ ক্ষমা কৰাত আগ্ৰহী বুলি বিশ্বাস কৰিব পাৰিম। (গীত ৮৬:৫; ১০৩:৮-১৪) ফলস্বৰূপে, আমি মানসিক শান্তি আৰু “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তিয়ে” আমাৰ “হৃদয় আৰু মতিক পহৰা দিব।” (ফিলিপীয়া ৪:৭) কিন্তু যীচুৰ আৰ্হিমূলক প্ৰাৰ্থনাই ক্ষমা পোৱাতকৈ আমাক অধিক শিক্ষা প্ৰদান কৰে।

ক্ষমা পাবলৈ হʼলে আনক ক্ষমা কৰা উচিত

৯, ১০. (ক) আৰ্হিমূলক প্ৰাৰ্থনাত যীচুৱে কি সংযোজন কৰিছিল আৰু কিহৰ বিষয়ে জোৰ দিছিল? (খ) যীচুৱে কেনেকৈ আনক ক্ষমা কৰাৰ বিষয়ে অতিৰিক্তভাৱে বৰ্ণনা কৰিছিল?

মনকৰিবলগীয়া যে “আমাৰ পাপ ক্ষমা কৰা; কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰোঁ” বুলি কোৱা উক্তিটো একমাত্ৰ যীচুৱে আৰ্হিমূলক প্ৰাৰ্থনাত উল্লেখ কৰিছিল। প্ৰাৰ্থনাৰ সমাপ্তিৰ পিছত তেওঁ আগলৈ এইদৰে কৈছিল: “তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা কৰা, তেন্তে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোককো ক্ষমা কৰিব; কিন্তু তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা নকৰা, তেন্তে তোমালোকৰ পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব।” (মথি ৬:১৪, ১৫) যীচুৱে স্পষ্টভাৱে কৈছিল যে আমি তেতিয়াহে যিহোৱাৰ পৰা ক্ষমা পোৱা অপেক্ষা কৰিব পাৰোঁ যেতিয়া আনক ক্ষমা কৰিবলৈ ইচ্ছুক হʼম।—মাৰ্ক ১১:২৫.

১০ আন এটা উপলক্ষ্যত যীচুৱে দৃষ্টান্ত দি কৈছিল যে আনক ক্ষমা কৰাৰ দ্বাৰা আমি যিহোৱাৰ পৰা ক্ষমা পাব পাৰোঁ। সেই দৃষ্টান্তত ৰজাৰ ওচৰত এজন দাসে আহি তেওঁৰ ওপৰত আনজন দাসে কেনেকৈ অত্যাচাৰ চলাইছিল তাৰ বিষয়ে বৰ্ণনা কৰে। যিহেতু ৰজাই আনজন দাসক সকলো ধাৰৰ পৰা মুক্ত কৰিছিল। কিন্তু সেই দাসজনে নিজৰ ধৰুৱাক ক্ষমা নকৰাৰ বাবে ৰজাই তেওঁক কঠোৰ শাস্তি দিয়ে। দৃষ্টান্তটোৰ সামৰণিত যীচুৱে এইদৰে কৈছিল: “তোমালোক প্ৰতিজনে যদি নিজ নিজ ভায়েৰাক অন্তৰে সৈতে ক্ষমা নকৰা, তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰে কৰিব।” (মথি ১৮:২৩-৩৫) এই দৃষ্টান্তৰ পৰা আমি স্পষ্টকৈ এইদৰে শিকিবলৈ পাওঁ: আমাৰ বিৰুদ্ধে পাপ কৰা ব্যক্তিজনৰ পাপতকৈ অধিক যিহোৱাই আমি কৰা পাপক ক্ষমা কৰে। তদুপৰি আমি প্ৰতিদিনে কৰা পাপকো যিহোৱাই ক্ষমা কৰে। গতিকে যদি কোনোবাই আমাৰ বিৰুদ্ধে কেতিয়াবা পাপ কৰে তেন্তে আমি নিশ্চই তেওঁক ক্ষমা কৰা উচিত।

১১. যদি আমি যিহোৱাৰ পৰা ক্ষমা পাব বিচাৰিছোঁ তেন্তে পাঁচনি পৌলে দিয়া কোনটো পৰামৰ্শ পালন কৰা উচিত আৰু ইয়াৰ পৰিণাম কি হʼব?

১১ এই সম্বন্ধে পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিত্তৰ লোক হৈ, ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা।” (ইফিচীয়া ৪:৩২) পৰস্পৰে ইজনে সিজনক ক্ষমা কৰাৰ দ্বাৰা খ্ৰীষ্টানসকলৰ মাজত শান্তি স্থাপিত হয়। তদুপৰি তেওঁ এইদৰে কৈছিল: “ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা, আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা; তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা; প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা; আৰু এই সকলোৰ ওপৰত প্ৰেমক পিন্ধা; সেয়ে সৰ্ব্বসিদ্ধিৰ বান্ধনি। আৰু খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্ত্তৃত্ব কৰক।” (কলচীয়া ৩:১২-১৪) এই সকলোবোৰে যীচুৱে কৰা প্ৰাৰ্থনাক বুজিবলৈ সহায় কৰে, যʼত তেওঁ এইদৰে কৈছিল: “আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।”

পৰীক্ষাৰ সময়ত সুৰক্ষা পোৱা

১২, ১৩. (ক) আৰ্হিমূলক প্ৰাৰ্থনাৰ সৰ্বশেষৰ আগৰ অনুৰোধটো কি অৰ্থত প্ৰকাশ পোৱা নাই? (খ) সেই মহান পৰীক্ষক জন কোন আৰু পৰীক্ষালৈ নিনিবা বুলি কৰা প্ৰাৰ্থনাৰ অৰ্থ কি?

১২ যীচুৰ আৰ্হিমূলক প্ৰাৰ্থনাৰ সৰ্বশেষৰ আগৰ অনুৰোধটো হৈছে: “আমাক পৰীক্ষালৈ নিনিবা।” (মথি ৬:১৩) যীচুৱে ইয়াকে কʼব বিচাৰিছিল নে যে যিহোৱাই আমালৈ যাতে পৰীক্ষা নানে? নিশ্চই নহয়। কিয়নো এই বিষয়ে যাকোবে এইদৰে কৈছিল: “কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ, এই বুলি কোনেও নকওক; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত, আৰু কাৰো পৰীক্ষা তেওঁ নকৰেও।” (যাকোব ১:১৩) তদুপৰি গীতমালা ৰচোঁতাজনেও এইদৰে কৈছিল: “হে যিহোৱা, তুমি অপৰাধ ধৰিলে, কোনে তিষ্ঠিব পাৰে?” (গীত ১৩০:৩) যিহোৱাই আমাৰ প্ৰত্যেকটো ভুলক লক্ষ্য কৰি ধৰি নৰাখে আৰু আমালৈ পৰীক্ষাও নানে। তেনেহʼলে এই আৰ্হিমূলক প্ৰাৰ্থনাত উল্লেখ কৰা অনুৰোধৰ অৰ্থ কি?

১৩ আমাক পৰীক্ষাত পেলোৱা, নিজৰ কুকল্পনাৰ দ্বাৰা অৱনতি ঘটোৱা আৰু ভক্ষণ কৰিব বিচাৰি ফুৰা ব্যক্তিজনেই হৈছে চয়তান। (ইফিচীয়া ৬:১১) সি হৈছে এক মহান পৰীক্ষক। (১ থিচলনীকীয়া ৩:৫) পৰীক্ষালৈ নিনিয়া বুলি কৰা প্ৰাৰ্থনাৰ অৰ্থ হৈছে যিহোৱাই যাতে আমাক পৰীক্ষাৰ সম্মুখীন হোৱাত থিৰে থাকিবলৈ সহায় কৰে। আমি এইবাবে যিহোৱাৰ পৰা সহায় বিচাৰিছো যাতে আমাৰ ওপৰত ‘চয়তানে যেন ছল নাপায়’ আৰু সি অনা পৰীক্ষাত আমি বিফল নহওঁ। (২ কৰিন্থীয়া ২:১০) আমি প্ৰাৰ্থনা কৰাৰ উদ্দেশ্য হৈছে “সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰা” আৰু নিজৰ সকলো কৰ্ম্মৰ দ্বাৰা যিহোৱাৰ আধিপত্য গ্ৰহণ কৰোঁতাসকলৰ প্ৰতি যেন আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰে।—গীত ৯১:১-৩.

১৪. যদি আমি পৰীক্ষাৰ সময়ত যিহোৱালৈ অপেক্ষা কৰোঁ তেন্তে তেওঁ যে আমাক ত্যাগ নিদিব, তাক পাঁচনি পৌলে কেনেকৈ আশ্বাস দি কৈছে?

১৪ যদি এই আন্তৰিক ইচ্ছাক আমি প্ৰাৰ্থনা আৰু কাৰ্য্যৰ দ্বাৰা দেখুৱাওঁ তেন্তে যিহোৱাই কেতিয়াও আমাক ত্যাগ নিদিব। পাঁচনি পৌলে আমাক আশ্বাস দি এইদৰে কৈছে: “যি যি পৰীক্ষা মানুহবিলাকত চলে, তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।”—১ কৰিন্থীয়া ১০:১৩.

“পাপআত্মাৰ পৰা আমাক ধৰি ৰাখা”

১৫. কিয় এতিয়া আগতকৈ অধিক পাপআত্মাৰ পৰা ৰক্ষা পোৱাটো অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে?

১৫ গ্ৰীক শাস্ত্ৰৰ সকলোতকৈ ভাৰসাযুক্ত হস্তলিপিসমূহৰ অনুসাৰে যীচুৰ আৰ্হিমূলক প্ৰাৰ্থনা এইদৰে সমাপ্তি হৈছে: “পাপআত্মাৰ পৰা আমাক ধৰি ৰাখা।” * (মথি ৬:১৩) এই শেষকালত চয়তানৰ পৰা সুৰক্ষা পোৱাটো এটা গুৰুত্বপূৰ্ণ বিষয় এইবাবে হৈছে কিয়নো চয়তান আৰু তাৰ দূতবিলাকক পৃথিৱীলৈ পেলোৱাৰ বাবে সিহঁতে “ঈশ্বৰৰ আজ্ঞা পালন কৰা আৰু যীচুৰ সাক্ষ্য ধাৰণ” কৰাবিলাক অৰ্থাৎ অভিষিক্ত বৰ্গৰ সৈতে যুদ্ধ আৰম্ভ কৰিছে। (প্ৰকাশিত বাক্য ৭:৯; ১২:৯, ১৭) সেইবাবে পাঁচনি পিতৰে খ্ৰীষ্টানসকলক এইদৰে পৰামৰ্শ দিছে: “গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু চয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে। সেই একে দুখভোগ, জগতত থকা তোমালোকৰ ভাই মাত্ৰতেই সিদ্ধ হৈছে বুলি জানি, তোমালোকে বিশ্বাসত দৃঢ় হৈ, তাক প্ৰতিৰোধ কৰা।” (১ পিতৰ ৫:৮, ৯) চয়তানে নিজৰ পৃথিৱীত থকা ধৰ্ম্মীয়, বাণীজ্য বা ৰাজনৈতিক প্ৰতিনিধিবিলাকৰ দ্বাৰা আমাৰ প্ৰচাৰ কাৰ্য্যত বাধা উৎপন্ন কৰিবলৈ চেষ্টা কৰিছে। যদি আমি দৃঢ়তাৰে তাৰ বাধাবোৰৰ সম্মুখীন হওঁ তেন্তে যিহোৱাই আমালৈ সুৰক্ষা প্ৰদান কৰিব। এই সন্দৰ্ভত যাকোবে এইদৰে কৈছিল: “তোমালোক ঈশ্বৰৰ বশীভূত হোৱা; কিন্তু চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব।”—যাকোব ৪:৭.

১৬. যিহোৱাই পৰীক্ষাৰ সম্মুখীন হোৱা দাসবিলাকক কি অৰ্থত সহায় আগবঢ়ায়?

১৬ যিহোৱাই নিজৰ পুত্ৰক পৰীক্ষাৰ সম্মুখীন হʼবলৈ অনুমতি দিলে। যীচুৱে ঈশ্বৰৰ বাক্যৰ সহায়েৰে চয়তানৰ প্ৰতিৰোধ কৰাৰ পিছত যিহোৱাই স্বৰ্গদূতবিলাকক পঠিয়াই তেওঁৰ মনোবল দৃঢ় কৰিলে। (মথি ৪:১-১১) যদি আমিও বিশ্বাসেৰে প্ৰাৰ্থনা কৰোঁ আৰু যিহোৱাক আশ্ৰয়স্থান বনাওঁ তেন্তে তেওঁ স্বৰ্গদূতবিলাকৰ দ্বাৰা আমালৈ সহায় আগবঢ়াব। (গীত ৩৪:৭; ৯১:৯-১১) পাঁচনি পিতৰে এইদৰে কৈছিল: “প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ, আৰু অধাৰ্ম্মিকবিলাকক, বিশেষকৈ যিবোৰ মাংসৰ অনুগামী হৈ অশুচিতাৰ অভিলাষত চলে, আৰু প্ৰভুত্বক হেয়জ্ঞান কৰে, তেওঁবিলাকক দণ্ড দি দি, মহা-বিচাৰদিনৰ কাৰণে ৰাখিবলৈ জানে।”—২ পিতৰ ২:৯.

পৰিত্ৰাণৰ দিন কাষ চাপিছে

১৭. আৰ্হিমূলক প্ৰাৰ্থনাৰ বিষয়ে কোৱাৰ পিছত যীচুৱে কেনেকৈ সকলোবোৰ বিষয় উচিতমতে প্ৰতিষ্ঠাপন কৰিলে?

১৭ আৰ্হিমূলক প্ৰাৰ্থনাত যীচুৱে সকলোবোৰ বিষয় উচিতমতে প্ৰতিষ্ঠাপন কৰিছে। যিহোৱাৰ মহান নামক পবিত্ৰকৰণ কৰাটো আমাৰ প্ৰমুখ লক্ষ্য হোৱা উচিত। যিহেতু আমি প্ৰাৰ্থনা কৰোঁ যে মচীহ ৰাজ্যই সকলো মানৱীয় শাসনবোৰ ধ্বংস কৰি যেনেকৈ ঈশ্বৰৰ ইচ্ছা স্বৰ্গত তেনেকৈ পৃথিৱীতো যেন পূৰ কৰে। যিহোৱাৰ নাম পবিত্ৰকৰণ আৰু গোটেই বিশ্বত তেওঁহে একমাত্ৰ ধাৰ্ম্মিকতাৰে শাসন কৰা যোগ্য বুলি চিনাক্তকৰণ কৰাৰ ওপৰত আমাৰ অনন্তকাল ভৱিষ্যতৰ আশা নিৰ্ভৰ কৰে। এই সকলোবোৰ গুৰুত্বপূৰ্ণ বিষয় জনোৱাৰ পিছত আমি দৈনন্দিন আৱশ্যকতা, পাপৰ বাবে ক্ষমা আৰু চয়তানৰ পৰা অহা পৰীক্ষাসমূহত ৰক্ষা পোৱা সম্বন্ধে প্ৰাৰ্থনা কৰিব পাৰোঁ।

১৮, ১৯. যীচুৰ আৰ্হিমূলক প্ৰাৰ্থনাই কেনেকৈ আমাক সজাগে আৰু “শেষলৈকে” আশা বজাই ৰাখিবলৈ সহায় কৰে?

১৮ আমি সম্পূণকৈ এই পাপআত্মা আৰু তাৰ ভ্ৰষ্টাচাৰী ৰীতি-ব্যৱস্থাৰ পৰা ৰক্ষা পোৱাৰ সময় একেবাৰে কাষ চাপিছে। চয়তানে ইয়াক ভালদৰে জানে যে “তাৰ কাল অলপ” আৰু সেইবাবে সি পৃথিৱীৰ বিশেষকৈ যিহোৱাৰ নিষ্ঠাৱান দাসবিলাকৰ ওপৰত ‘অতি ক্ৰোধিত’ হৈছে। যীচুৱে “এই জগতৰ শেষ হোৱাৰ” সংযুক্ত চিন দিয়াৰ সময়ত যিবোৰ ঘটনাৰ বিষয়ে উল্লেখ কৰিছিল, তাৰ কিছুমান আজিও পূৰ্ণ হʼবলৈ বাকী আছে। (মথি ২৪:৩, ২৯-৩১) যেনেকৈ আমি এইবোৰৰ পূৰ্ণতা হোৱা দেখিবলৈ পাম তেনেকৈ আমাৰ উদ্ধাৰৰ আশাও উজ্জ্বল হৈ পৰিব। যীচুৱে এইদৰে বৰ্ণনা কৰিছিল: “এইবোৰ কথা ঘটিবৰ আৰম্ভণ হলে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ মুক্তি ওচৰ চাপিছেহি।”—লূক ২১:২৫-২৮.

১৯ যীচুৱে তেওঁৰ শিষ্যসকলক শিকোৱা এই সংক্ষিপ্ত আৰ্হিমূলক প্ৰাৰ্থনাই আমাক শেষকালত কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, তাৰ মাৰ্গদৰ্শন দিয়ে? যদি আমি শেষলৈকে ভাৰসা ৰাখোঁ তেন্তে যিহোৱাই আমাক দৈনন্দিন আধ্যাত্মিক আৰু শাৰীৰিক আহাৰ প্ৰদান কৰিব। যদি প্ৰাৰ্থনাপূৰ্বক হৈ সজাগে থাকোঁ তেন্তে ই ‘আমাৰ দৃঢ় আশাৰ আৰম্ভণ শেষলৈকে দৃঢ়কৈ’ ৰাখিব।—ইব্ৰী ৩:১৪; ১ পিতৰ ৪:৭. (w04 2/01)

[ফুটনোট]

^ কিছুমান পুৰণা বাইবেল, যেনে, কিং জেমচ্‌ ভাৰচনʼত যীচুৰ আৰ্হিমূলক প্ৰাৰ্থনাক স্তুতিগীত হিচাবে জনা যায় আৰু তাত এইদৰে প্ৰকাশ কৰিছে: “তোমাৰ ৰাজ্য, সামৰ্থ আৰু মহিমা চিৰকাললৈকে হওঁক। আমিন।” জীৰ্‌মে বিবিলিক্‌ল কম্‌নট্ৰীয়ে এইদৰে কৈছে: এই স্তুতিগীত . . . ভাৰসাযুক্ত [হস্তলিপিসমূহত] পোৱা নাযায়।”

আপোনাৰ মনত আছেনে?

• “আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া” বুলি কৰা অনুৰোধে কি বুজায়?

• “আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা” বুলি কৰা প্ৰাৰ্থনাৰ বিষয়ে বৰ্ণনা কৰক।

• যিহোৱাই যাতে আমাক পৰীক্ষালৈ নিনিয়ে বুলি কোৱাৰ অৰ্থ কি?

• আমি কিয় “পাপআত্মাৰ পৰা আমাক ধৰি ৰাখা” বুলি প্ৰাৰ্থনা কৰা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Lydekker

[১১ পৃষ্ঠাৰ ছবি]

আমি ক্ষমা পাবলৈ আনক নিশ্চয়ে ক্ষমা কৰা উচিত