Skip to content

Skip to table of contents

এজন বিশ্বাসী বুদ্ধিমান “দাস”

এজন বিশ্বাসী বুদ্ধিমান “দাস”

এজন বিশ্বাসী বুদ্ধিমান “দাস”

“যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুদ্ধিমান দাস কোন?”—মথি ২৪:৪৫.

১, ২. বৰ্তমান সময়ত নিয়মিতৰূপে আধ্যাত্মিক আহাৰ প্ৰাপ্ত কৰাটো আমাৰ বাবে কিয় এক গুৰুত্বপূৰ্ণ বিষয়?

 সা.যু. ৩৩ চন, নিচান মাহৰ ১১ তাৰিখ মঙ্গলবাৰে আবেলি পৰত যীচুৰ শিষ্যসকলে এনে এটা প্ৰশ্ন দাঙি ধৰিছিল যি আমাৰ বাবে এক গভীৰ অৰ্থ ৰাখে। তেওঁলোকে এইদৰে সুধিছিল: “এইবোৰ কেতিয়া হব? আৰু আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” যীচুৱে এই প্ৰশ্নটোৰ উত্তৰ এক উল্লেখনীয় ভৱিষ্যতবাণীৰ সৈতে দিছিল। তেওঁ ভৱিষ্যতে হʼবলগীয়া ভয়ানক যুদ্ধ, আকাল, ভূমিকম্প আৰু মহামাৰীৰ বিষয়ে কৈছিল। তদুপৰি ইয়াকো কৈছিল যে “এই সকলো যাতনাৰ আৰম্ভণহে মাথোন।” আনকি পৰিস্থিতি অত্যাধিক বেয়ালৈ ঢাল খাব আৰু মানৱজাতিৰ বাবে সেইটো কিযে এক অন্ধকাৰময় ভৱিষ্যৎ হʼব!—মথি ২৪:৩, ৭, ৮,  ১৫-২২; লূক ২১:১০, ১১.

যীচুৱে ভৱিষ্যতবাণীত উল্লেখ কৰা বেছিভাগ ঘটনাই ১৯১৪ চনত পূৰ্ণতা হোৱা দেখা গʼল। বৰ্তমান সমুদায় মানৱজাতিয়ে অধিককৈ “যাতনাৰ” সম্মুখীন হৈছে। কিন্তু প্ৰকৃত খ্ৰীষ্টানসকলে ভয়ভিত হোৱা উচিত নহয়। কিয়নো যীচুৱে তেওঁলোকক আধ্যাত্মিক আহাৰেৰে পৃষ্ঠপোষকতা কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল। যিহেতু বৰ্তমান যীচু স্বৰ্গত আছে, তেন্তে তেওঁ কেনেকৈ আমালৈ আধ্যাত্মিক আহাৰৰ যোগান ধৰিব পাৰে?

৩. আমাৰ বাবে “উচিত সময়ত আহাৰ দিবলৈ” যীচুৱে কেনে প্ৰবন্ধ কৰিলে?

যীচুৱে স্বয়ং সেই প্ৰশ্নটোৰ উত্তৰ দি কৈছিল। তেওঁ কৰা এটা মহৎ ভৱিষ্যতবাণীত এইদৰে সুধিছিল: “দাসবিলাকক উচিত সময়ত আহাৰ দিবলৈ, যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুদ্ধিমান দাস কোন?” তাৰ পিছত তেওঁ নিজেই এইদৰে কৈছিল: “প্ৰভু অহা কালত, যি দাসক এইদৰে কৰা দেখে, সেই দাস ধন্য। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ সৰ্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।” (মথি ২৪:৪৫-৪৭) বাস্তৱতে এজন বিশ্বাসী বুদ্ধিমান “দাসক” আধ্যাত্মিক আহাৰ প্ৰবন্ধ কৰিবলৈ নিযুক্ত কৰা হৈছে। ইয়াত উল্লেখ কৰা দাসজন বিশেষকৈ এজন ব্যক্তি বা উত্তৰাধিকাৰ স্বত্ব থকা ব্যক্তিসকলৰ এজনা অথবা আনো কোনোবা নে? যিহেতু বিশ্বাসী বুদ্ধিমান দাসে আমালৈ নিয়মিতৰূপে অত্যাৱশ্যকীয় আধ্যাত্মিক আহাৰৰ যোগান ধৰিছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমিহে বিচাৰিব লাগিব।

এই বিশ্বাসী বুদ্ধিমান দাসজন এজন ব্যক্তি নে অথবা এক সমূহ?

৪. আমি কেনেকৈ কʼব পাৰোঁ যে “বিশ্বাসী বুদ্ধিমান দাস” এজন ব্যক্তিৰ দ্বাৰা গঠিত নহয়?

এই “বিশ্বাসী বুদ্ধিমান দাস” কেতিয়াও এজন ব্যক্তিৰে সংগঠিত হʼব নোৱাৰে। কিয় হʼব নোৱাৰে? কিয়নো প্ৰথম শতাব্দীৰ পৰা লৈ ১৯১৪ চনত যীচুৰ উপস্থিতিলৈকে এই দাসজনে আধ্যাত্মিক আহাৰৰ প্ৰবন্ধ কৰিলে আৰু এতিয়াও কৰি আছে। ইয়াৰ অৰ্থ হৈছে তেওঁ এই কাৰ্য্য ১,৯০০ বছৰ সময় ধৰি কৰি থাকিব। যিটো এজন ব্যক্তিৰ দ্বাৰা অসম্ভৱ। কিয়নো বাইবেলত উল্লেখ কৰা আনকি মথুচেলহও সিমান বছৰ জীৱিত নাছিল!—আদিপুস্তক ৫:২৭.

৫. বৰ্ণনা কৰক যে “বিশ্বাসী বুদ্ধিমান দাস” বুলি কোৱা অভিব্যক্তিটো কিয় সকলো খ্ৰীষ্টানক বুজোৱা নাই।

তেনেহʼলে “বিশ্বাসী বুদ্ধিমান দাস” বুলি কোৱা অভিব্যক্তিটো সাধাৰণভাৱে সকলো খ্ৰীষ্টানকে বুজাইছেনে? এইটো সঁচা যে সকলো খ্ৰীষ্টানে বিশ্বাসী আৰু বুদ্ধিমান হোৱা উচিত, তথাপিও যীচুৱে “বিশ্বাসী বুদ্ধিমান দাস” বুলি কোৱা অভিব্যক্তিটোৰ আন এক অৰ্থ আছিল। আমি কিয় তেনেদৰে কʼব পাৰোঁ? কিয়নো যীচুৱে কৈছিল যে “প্ৰভু অহা কালত” দাসজনক “নিজৰ সৰ্ব্বস্বৰ ওপৰত” গৰাকী পাতিব। গতিকে প্ৰত্যেকজন খ্ৰীষ্টান ব্যক্তিক প্ৰভুৰ “সৰ্ব্বস্বৰ” ওপৰত গৰাকী পতাতো সম্ভৱনে? অৱশ্যেই নহয়।

৬. ইস্ৰায়েল জাতিৰ সকলো সদস্যই কেনেকৈ ঈশ্বৰৰ “দাস” হিচাবে কাৰ্য্য কৰিছিল?

যুক্তিসংগতভাৱে যীচুৱে কেৱল প্ৰকৃত খ্ৰীষ্টানসকলেৰে গঠিত এক সমূহক “বিশ্বাসী বুদ্ধিমান দাস” বুলি সম্বোধিত কৰিছিল। তেন্তে এইদৰে কোৱাটো উচিত হʼবনে যে সেইয়া এক সংযুক্ত দাসবৰ্গক বুজাইছে? নিশ্চই হʼব। কিয়নো যীচুৰ জন্ম হোৱা সাতশ বছৰৰ পূৰ্ব্বেই যিহোৱাই ইস্ৰায়েল জাতিক “মোৰ সাক্ষী আৰু মনোনিত দাস” বুলি কৈছিল। (যিচয়া ৪৩:১০) সা.যু.পূ. ১৫১৩ চনৰ পৰা সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ৰলৈকে প্ৰত্যেকজন ইস্ৰায়েল ব্যক্তিয়ে এই দাসবৰ্গৰ সদস্য আছিল। কিন্তু তেওঁলোকৰ কিছুমানকহে প্ৰশাসন বিভাগ আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। উদাহৰণস্বৰূপে, ৰজা, যাজক, ভাববাদী, পুৰোহিত আৰু লেবী গোত্ৰক সেই নিযুক্তিভাৰ দিয়া হৈছিল। তথাপিও প্ৰত্যেকজন ইস্ৰায়েল ব্যক্তিয়ে যিহোৱাৰ আধিপত্যৰ প্ৰতিনিধি হোৱা আৰু তেওঁৰ নাম মহিমা কৰাৰ বিশেষাধিকাৰ আছিল। তদুপৰি তেওঁলোকে যিহোৱাৰ বিষয়ে সাক্ষীও দিব লাগিছিল।—দ্বিতীয় বিবৰণ ২৬:১৯; যিচয়া ৪৩:২১; মলাখী ২:৭; ৰোমীয়া ৩:১, ২.

“দাসজনক” ত্যাগ কৰা হʼল

৭. প্ৰাচীন ইস্ৰায়েল জাতিয়ে ঈশ্বৰৰ “দাস” হিচাবে কিয় অনুপযুক্ত হʼল?

যীচুৱে সেৱক বুলি কোৱা অভিব্যক্তিটো এসময়ত “দাস” হিচাবে থকা ইস্ৰায়েল জাতিক বুজাইছিলনে? নিশ্চই নহয়। কিয়নো প্ৰাচীন ইস্ৰায়েল জাতিয়ে বিশ্বাসী আৰু বুদ্ধিমান দাস হিচাবে প্ৰমাণিত হʼব নোৱাৰিলে। এই বিষয়ে জাতিসকলৰ আগত ঈশ্বৰৰ বাক্য কোৱাৰ সময়ত পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই পৰজাতিবিলাকৰ মাজত নিন্দিত হৈছে।” (ৰোমীয়া ২:২৪) আনকি যীচুক ঈশ্বৰৰ পুত্ৰ হিচাবে মানিবলৈ অস্বীকাৰ কৰি বিদ্ৰোহ কৰাৰ বাবে যিহোৱাই ইস্ৰায়েলজাতিক চিৰকাললৈকে ত্যাগ দিলে।—মথি ২১:৪২, ৪৩.

৮. কেতিয়া আৰু কেনে পৰিস্থিতিত ইস্ৰায়েল জাতিৰ সলনি এজন “দাস” নিযুক্ত কʼৰা হʼল?

ইয়াৰ অৰ্থ এইটো নাছিল যে ইস্ৰায়েল জাতিৰ সৈতে বিশ্বাসী উপাসকসকলেও আধ্যাত্মিক আহাৰৰ পৰা বঞ্চিত হʼব লাগিব। কিয়নো যীচুৰ মৃত্যুৰ পঞ্চাশ দিনৰ পিছত অৰ্থাৎ সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ত যিৰূচালেমৰ ওপৰ কোঠাত উপস্থিত থকা ১২০ জন শিষ্যক পবিত্ৰ আত্মা প্ৰদান কৰা হʼল। সেই একেই সময়ত এটা নতুন জাতিৰো জন্ম হʼল। যেতিয়া পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা সদস্যবিলাকে “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ কথা” যিৰূচালেমত প্ৰচাৰ কৰিবলৈ ধৰিলে তেতিয়া এই জন্মৰ বিষয়ে স্পষ্টকৈ প্ৰকাশ পালে। (পাঁচনিৰ কৰ্ম্ম ২:১১) এই নতুনকৈ জন্ম হোৱা জাতিটোৱে ঈশ্বৰৰ “দাস” হৈ পৰিল যি সকলোৰে আগত ঈশ্বৰৰ মহিমা আৰু উচিত সময়ত আধ্যাত্মিক আহাৰৰ প্ৰবন্ধ কৰাৰ দায়িত্ব আছিল। (১ পিতৰ ২:৯) সেইবাবে তেওঁলোকক উপযুক্তভাৱে “ঈশ্বৰৰ ইস্ৰায়েল” বুলি কোৱা হʼল।—গালাতীয়া ৬:১৬.

৯. (ক) “বিশ্বাসী বুদ্ধিমান দাস” কিহৰ দ্বাৰা গঠিত? (খ) কোনসকলক “ঘৰগিৰী” বুলি কোৱা হৈছে?

“ঈশ্বৰৰ ইস্ৰায়েল” বুলি কোৱা সকলো অভিষিক্ত খ্ৰীষ্টান হৈছে সমৰ্পিত, পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ আৰু তেওঁলোকৰ স্বৰ্গীয় আশা আছে। যিদৰে সা.যু.পূ. ১৫১৩ চনৰ পৰা লৈ সা.যু. ৩৩ চনলৈকে থকা ইস্ৰায়েলৰ ব্যক্তিসকল দাস বৰ্গৰ ভাগ আছিল, ঠিক সেইদৰে “বিশ্বাসী বুদ্ধিমান দাস” বুলি কোৱা উক্তিটো সা.যু. ৩৩ চন আৰু বৰ্তমান সময়ত থকা অভিষিক্ত বৰ্গৰ সকলো ব্যক্তিক এক সমূহ হিচাবে বুজায়। কিন্তু দাসজনৰ পৰা আধ্যাত্মিক আহাৰ গ্ৰহণ কৰা “ঘৰগিৰী” কোনসকলক বুজাইছে? প্ৰথম শতাব্দীৰ সকলো অভিষিক্ত খ্ৰীষ্টান ব্যক্তিয়ে স্বৰ্গীয় আশাৰ এই বিশেষাধিকাৰ আছিল। এই ঘৰগিৰীসকলক কোনো এক সমূহীয়া হিচাবে নহয় কিন্তু ব্যক্তিগত হিচাবে দৃষ্টি কৰা হৈছে। তদুপৰি পাঁচনি আৰু প্ৰশাসন গোষ্ঠীৰ সদস্যসকলেও আধ্যাত্মিক আহাৰৰ বাবে সেই দাসজনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল।—১ কৰিন্থীয়া ১২:১২, ১৯-২৭; ইব্ৰী ৫:১১-১৩; ২ পিতৰ ৩:১৫, ১৬.

“প্ৰতিজনক তেওঁৰ কাম” দিয়া

১০, ১১. আমি কেনেকৈ কʼব পাৰোঁ যে দাসবৰ্গৰ সকলো সদস্যৰ ওচৰত একেই নিযুক্তি আছে?

১০ যদিও “ঈশ্বৰৰ ইস্ৰায়েলক” নিযুক্তিভাৰ দিয়া আৰু বিশ্বাসী বুদ্ধিমান দাস বুলি কোৱা হৈছে তথাপিও তেওঁলোকৰ প্ৰত্যেকজনৰে নিজা দায়িত্বভাৰ আছে। এই বিষয়ে মাৰ্ক ১৩:৩৪ পদত উল্লেখ কৰা যীচুৰ বাক্যই স্পষ্টকৈ দেখুৱাইছে। তেওঁ এইদৰে কৈছিল: “যেনেকৈ দেশান্তৰলৈ যোৱা মানুহে, নিজৰ দাসবোৰক ক্ষমতা আৰু প্ৰতিজনক তেওঁৰ কাম দি, ঘৰ এৰি যোৱা সময়ত দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিলে, তেনেকুৱা হৈছে।” গতিকে প্ৰত্যেকজন সদস্যক পৃথিৱীত থকা যীচুৰ সকলোবোৰ বৃদ্ধি কৰাৰ দায়িত্ব দিয়া হʼল। তেওঁলোকৰ প্ৰত্যেকজনে নিজৰ ক্ষমতা আৰু সুযোগ অনুসাৰে সেই দায়িত্ব সম্পন্ন কৰে।—মথি ২৫:১৪, ১৫.

১১ তদুপৰি পাঁচনি পৌলে তেওঁৰ সময়ত থকা অভিষিক্ত খ্ৰীষ্টানসকলক এইদৰে কৈছিল: “প্ৰতিজনে যেনেকৈ অনুগ্ৰহৰ বৰ পালে, তেনেকৈ তাৰে, ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম ভঁৰালীৰ দৰে, তোমালোকে পৰস্পৰে সেৱাশুশ্ৰূষা কৰা।” (১ পিতৰ ৪:১০) সেইবাবে ঈশ্বৰৰ পৰা পোৱা উপহাৰ ব্যৱহাৰ কৰি অভিষিক্ত ব্যক্তিসকলে পৰস্পৰে সেৱা-শুশ্ৰূষা কৰা দায়িত্ব বহন কৰিব লাগে। আগলৈ পাঁচনি পিতৰে কোৱা বাক্যশাৰীয়ে দেখুৱাইছে যে সকলো খ্ৰীষ্টানে একেই সামৰ্থৰে কাৰ্য্য কৰিব নোৱাৰে। তথাপিও দাসবৰ্গৰ প্ৰত্যেকজন সদস্যই কিছু পৰিমাণে আধ্যাত্মিক জাতিৰ বৃদ্ধিৰ হকে কাৰ্য্য কৰিব পাৰে। কেনেকৈ?

১২. দাসবৰ্গৰ সকলো সদস্য অৰ্থাৎ পুৰুষ আৰু স্ত্ৰীয়ে এই উভয়ে কেনেকৈ দাসৰ বৃদ্ধিৰ হকে সহায় আগবঢ়াবলৈ সক্ষম হʼল?

১২ সৰ্ব্বপ্ৰথমে, প্ৰত্যেকজনৰে যিহোৱাৰ বিষয়ে সাক্ষ্য দিয়া আৰু শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দায়িত্ব আছে। (যিচয়া ৪৩:১০-১২; মথি ২৪:১৪) যীচুৱে স্বৰ্গাৰোহণ হোৱা অলপ সময়ৰ পূৰ্বেই তেওঁৰ সকলো শিষ্য অৰ্থাৎ পুৰুষ আৰু স্ত্ৰী উভয়কে শিক্ষক হʼবলৈ আজ্ঞা দিছিল। এই বিষয়ে তেওঁ এইদৰে কৈছিল: “তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।”—মথি ২৮:১৯, ২০.

১৩. সকলো অভিষিক্ত খ্ৰীষ্টানে কেনে বিশেষাধিকাৰৰ লাভ কৰিছে?

১৩ তেওঁলোকে নতুনকৈ হোৱা শিষ্যসকলক সযত্নেৰে যীচুৱে দিয়া আজ্ঞাক পালন কৰিবলৈ শিক্ষাদান কৰিছিল। সময়ত এই দায়িত্ব বহন কৰা ব্যক্তিসকলে আনক শিক্ষা প্ৰদান কৰাত উপযুক্ত হৈ পৰিল। ভৱিষ্যতে দাসবৰ্গৰ সদস্য হোৱাৰ সম্ভাৱনা থকা সকলোকে পৃষ্ঠপোষতা প্ৰদান কৰিবলৈ আধ্যাত্মিক আহাৰ উপলব্ধ কৰা হʼল। সকলো অভিষিক্ত খ্ৰীষ্টান অৰ্থাৎ পুৰুষ আৰু স্ত্ৰীয়ে এই শিষ্য বনোৱা আজ্ঞাক পালন কৰাত ভাগ লʼলে। (পাঁচনিৰ কৰ্ম্ম ২:১৭-১৮) তেতিয়াৰ পৰা বৰ্তমান সময়ত এই ৰীতি-ব্যৱস্থাৰ অন্ত নহালৈকে দাসজনে সেই কাৰ্য্য কৰি আছে।

১৪. মণ্ডলীত শিক্ষাদান কৰা কাৰ্য্যৰ দায়িত্ব কাক দিয়া হʼল আৰু ইয়াৰ প্ৰতি অভিষিক্ত স্ত্ৰীসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

১৪ নতুনকৈ বাপ্তিষ্মা লোৱা অভিষিক্ত ব্যক্তিসকলে আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰ্ণ কৰি মণ্ডলীৰ প্ৰাচীনবিলাকে দিয়া নিৰ্দ্দেশনা পালন কৰিবলৈ সংকোচবোধ কৰা নাছিল। (১ তীমথিয় ৩:১-৭; তীত ১:৬-৯) এই অভিষিক্ত ব্যক্তিসকলে গঠিত হোৱা জাতিৰ বৃদ্ধিৰ বাবে এক বিশেষ প্ৰকাৰে উত্তম বৰঙণি আগবঢ়াইছিল। আনহাতে, মণ্ডলীত শিক্ষাদানৰ দায়িত্ব কেৱল খ্ৰীষ্টান ভাইসকলক দিয়াৰ বাবে বিশ্বাসী অভিষিক্ত স্ত্ৰীসকলে কোনো ধৰণৰ আপত্তি কৰা নাছিল। (১ কৰিন্থীয়া ১৪:৩৪, ৩৫) বৰঞ্চ, তেওঁলোকে মণ্ডলীৰ আন সদস্যসকলৰ সৈতে মিলিজুলি কাৰ্য্য কৰিছিল আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আনন্দিত হৈছিল। ঠিক সেইদৰে আজিৰ অভিষিক্ত ভনীসকলেও তেনেদৰে মনোবৃত্তি দেখুৱাই আৰু প্ৰাচীন বা ভাইসকল অভিষিক্ত হওক বা নহওক তেওঁলোকৰ অধীন হৈ থাকে।

১৫. প্ৰথম শতাব্দীত আধ্যাত্মিক আহাৰ বিতৰণ কৰা প্ৰমুখ উৎসটো কি আছিল আৰু এই বিতৰণ কাৰ্য্যত কোন ব্যক্তিসকলে আগভাগ লৈছিল?

১৫ প্ৰথম শতাব্দীত পাঁচনি আৰু পৰিচালনা কৰা আন শিষ্যসকলে লিখা পত্ৰৰ যোগেদি পোনপটীয়াকৈ আৱশ্যকীয় আধ্যাত্মিক আহাৰৰ যোগান ধৰিছিল। তেওঁলোকে লিখা ২৭ খন প্ৰেৰিত পত্ৰ বিশেষকৈ বাইবেলৰ খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰ অৰ্থাৎ নতুন নিয়মত অন্তৰ্ভুক্ত কৰা আছে। সেইবোৰক সকলো মণ্ডলীলৈ প্ৰেৰণ কৰা হৈছিল আৰু ইয়াৰ ওপৰত আধাৰিত কৰি স্থানীয় প্ৰাচীনসকলে শিক্ষাদান কৰিছিল। এই ধৰণে দাসবৰ্গৰ প্ৰতিনিধিসকলে বিশ্বাসী হৈ আধ্যাত্মিক আহাৰ প্ৰদান কৰিছিল। প্ৰথম শতাব্দীৰ দাসবৰ্গই নিষ্ঠাৱান হৈ যীচুৱে দিয়া আজ্ঞাক পালন কৰিলে।

১৯ শতাব্দীৰ ‘দাসবৰ্গ’

১৬, ১৭. দাসবৰ্গই ১৯১৪ চনত স্বয়ং কেনেকৈ বিশ্বাসেৰে নিজৰ নিযুক্তিক সম্পন্ন কৰাৰ প্ৰমাণ দিলে?

১৬ বৰ্তমান সময়ৰ বিষয়ে কি কʼব পাৰি? ১৯১৪ চনত যেতিয়া যীচুৰ উপস্থিতি হৈছিল তেতিয়া তেওঁ এটা অভিষিক্ত খ্ৰীষ্টানৰ সমূহ বিচাৰি পাইছিলনে যিসকলে বিশ্বাসী হৈ সঠিক সময়ত আধ্যাত্মিক আহাৰ বিতৰণ কৰি আছিল? অৱশ্যই পাইছিল। আত্মাৰ ফল উৎপন্ন কৰাৰ বাবে এই সমূহক সহজে চিনাক্ত কৰিব পৰা গʼল। (মথি ৭:২০) সেই চিনাক্তকৰণৰ সঠিকতাৰ বিষয়ে ইতিহাসেও প্ৰমাণ দিছে।

১৭ যীচুৰ উপস্থিতিৰ সময়ত দাসবৰ্গৰ প্ৰায় ৫,০০০ জন ব্যক্তিয়ে সত্যৰ বিষয়ে প্ৰচাৰ কৰাত ব্যস্ত থকা দেখিবলৈ পোৱা গʼল। বনুৱা কম আছিল যদিও দাসবৰ্গই ভিন্ন পদ্ধতিৰ সহায়েৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। (মথি ৯:৩৮) উদাহৰণস্বৰূপে, বাইবেলৰ অন্য বিষয়সমূহৰ ওপৰত আধাৰিত উপদেশমূলক বাক্য বাতৰিকাকতৰ ২০০০ খন কপিৰ দ্বাৰা প্ৰকাশ কৰিছিল। এইদৰে হাজাৰ হাজাৰ লোকে সত্যৰ বিষয়ে জানিবলৈ সক্ষম হʼল। তদুপৰি ৰঙীন স্লাইড আৰু চলিত চলচিত্ৰ সহায়েৰে ৮ ঘন্টা ধৰি দেখুৱা কাৰ্য্যক্ৰমো সন্মিলিত আছিল। তেনে ধৰণৰ আধুনিক প্ৰস্তুতিকৰণৰ ফলস্বৰূপে তিনিখন মহাদেশৰ প্ৰায় ৯০ লাখ লোকে সৃষ্টিৰ আৰম্ভণিৰ পৰা যীচুৰ হাজাৰ বছৰ অন্তলৈকে থকা বাইবেলৰ বাৰ্ত্তাৰ বিষয়ে জানিব পাৰিলে। আন এটা পদ্ধতি আছিল ছপা কৰা সাহিত্য ব্যৱহাৰ কৰা। উদাহৰণস্বৰূপে, ১৯১৪ চনত প্ৰহৰীবুৰুজৰ প্ৰায় ৫০,০০০ খন কপি প্ৰকাশ কৰা হʼল।

১৮. যীচুৱে কেতিয়া আৰু কিয় নিজৰ দাসবৰ্গক তেওঁৰ সৰ্ব্বস্বৰ ওপৰত ঘৰগিৰী পাতিলে?

১৮ যেতিয়া প্ৰভু আহিল তেতিয়া তেওঁ বিশ্বাসী দাসবৰ্গক নিৱিষ্টতাৰে আধ্যাত্মিক আহাৰ বিতৰণ আৰু শুভবাৰ্ত্তা প্ৰচাৰ কৰি থকা দেখা পালে। সেই দাসবৰ্গৰ বাবে এক মহান দায়িত্ব বহন কৰিবলগীয়া আছিল। যাৰ বিষয়ে যীচুৱে স্বয়ং এইদৰে কৈছিল: “মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ সৰ্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।” (মথি ২৪:৪৭) যীচুৱে এই দায়িত্ব দাসবৰ্গক এক পৰীক্ষাৰ সম্মুখীন হোৱাৰ পিছত অৰ্থাৎ ১৯১৯ চনত প্ৰদান কৰিলে। এই “বিশ্বাসী বুদ্ধিমান দাসক” কিয় এক মহান দায়িত্ব দিয়া হʼল? কিয়নো প্ৰভুৱে পৃথিৱীত থকা তেওঁৰ বস্তুক অধিককৈ বৃদ্ধি হোৱা দেখিবলৈ পালে। আনকি ১৯১৪ চনত যীচুৱে ৰাজভাৰৰ দায়িত্ব গ্ৰহণ কৰিলে।

১৯. “এক বৰ লোকসমূহৰ” বাবে কেনেকৈ আধ্যাত্মিক আহাৰ প্ৰবন্ধ কৰা হৈছে, তাক বৰ্ণনা কৰক।

১৯ নতুনকৈ ৰজা হোৱা যীচুৱে নিজৰ বিশ্বাসী দাসবৰ্গক তেওঁৰ যি সৰ্ব্বস্বৰ ওপৰত নিযুক্ত কৰিছে, সেই সৰ্ব্বস্ব কি? সেই সৰ্ব্বস্ব পৃথিৱীত থকা তেওঁৰ সকলো আধ্যাত্মিক বস্তুসমূহক বুজাইছে। উদাহৰণস্বৰূপে, ১৯১৪ চনত যীচুৱে ৰজা হোৱা ঠিক দুই দশকৰ পিছত ‘অন্য মেৰ জাকৰ’ পৰা ওলোৱা “এক বৰ লোকসমূহ” চিনাক্ত কৰা হʼল। (প্ৰকাশিত বাক্য ৭:৯; যোহন ১০:১৬) এই লোকসকল “ঈশ্বৰৰ ইস্ৰায়েলৰ” অভিষিক্ত সদস্য নহয়, কিন্তু তেওঁলোক হৈছে এই পৃথিৱীত জীয়াই থাকিবলৈ আশা ৰাখা বিশ্বাসী পুৰুষ আৰু স্ত্ৰী। তেওঁলোকে অভিষিক্ত বৰ্গৰ ব্যক্তিসকলৰ নিচিনাকৈ ঈশ্বৰক প্ৰেম কৰে আৰু তেওঁক উপাসনা কৰিবলৈ ইচ্ছা ৰাখে। তদুপৰি তেওঁলোকে “বিশ্বাসী বুদ্ধিমান দাসক” এইদৰেও কৈছে: “আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।” এই নতুনকৈ গঠিত হোৱা জাতিয়ে সেই একেই আধ্যাত্মিক আহাৰ গ্ৰহণ কৰিছে আৰু অভিষিক্ত বৰ্গৰ সৈতে মিলি আনক আধ্যাত্মিক আহাৰ বিতৰণ কৰিছে। এইটো এই “বৰ লোকসমূহৰ” বাবে কি যে এক মহান বিশেষাধিকাৰ!

২০. প্ৰভুৰ সৰ্ব্বস্ব বৃদ্ধি কৰিবলৈ “বৰ লোকসমূহে” কেনে ভূমিকা আদায় কৰিছে?

২০ এই “বৰ লোকসমূহে” স্বইচ্ছাৰে অভিষিক্ত বৰ্গৰ সৈতে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ একত্ৰিত হৈছে। যিহেতু তেওঁলোকে কৰা প্ৰচাৰ কাৰ্য্যৰ সৈতে হোৱা বৃদ্ধিৰ বাবে “বিশ্বাসী বুদ্ধিমান দাসৰ” দায়িত্বও বাঢ়িছে। সত্যৰ প্ৰতি আগ্ৰহী হোৱা লোকসকলৰ বাবে বাইবেল আধাৰিত সাহিত্যবোৰ উপলব্ধ কৰিবলৈ অধিক ছপাকাৰ্য্যৰ আৱশ্যক হৈছে। দেশে দেশে যিহোৱাৰ সাক্ষীবিলাকৰ শাখা কাৰ্য্যালয় স্থাপিত হʼব ধৰিছে। ‘পৃথিৱীৰ সীমালৈকে’ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ মিচনাৰীসকলক পঠোৱা হৈছে। ১৯১৪ চনত ৫০০০ জন অভিষিক্ত ব্যক্তিৰ পৰা লৈ বৰ্তমান ৬০ লাখতকৈ অধিক বৃদ্ধি হৈছে আৰু তেওঁলোকৰ বেছিভাগ ব্যক্তিয়ে “বৰ লোকসমূহৰ” সদস্য। দৰাচলতে ১৯১৪ চনৰ পৰা সেই ৰজাজনৰ সৰ্ব্বস্ব অধিককৈ বৃদ্ধি হʼবলৈ ধৰিলে।

২১. পৰৱৰ্তী লেখত কেনে দুটা দৃষ্টান্তৰ বিষয়ে আলোচনা কৰা হʼব?

২১ এই সকলো কাৰ্য্যই দাসবৰ্গক “বিশ্বাসী বুদ্ধিমান” হোৱাৰ প্ৰমাণ দিছে। যীচুৱে “বিশ্বাসী বুদ্ধিমান দাসৰ” বিষয়ে কোৱাৰ পিছত এনে দুটা দৃষ্টান্ত দিছিল যি বিশ্বাসী আৰু বুদ্ধিমান হোৱা গুণক দৰ্শাইছে। প্ৰথমটো সুবুদ্ধি আৰু নিৰ্ব্বুদ্ধি কন্যা আৰু দ্বিতীয়টো আছিল গাগৰিৰ বিষয়ে। (মথি ২৫:১-৩০) আমি এই বিষয়ে জানিবলৈ কিমান যে আগ্ৰহী হৈছোঁ! সেই দুটা দৃষ্টান্তই আজি আমাৰ বাবে কেনে অৰ্থ ৰাখে? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ আঁহক আমি পৰৱৰ্তী লেখটো বিবেচনা কৰোঁহঁক। (w04 3/1)

আপুনি কি ভাবিছে?

• “বিশ্বাসী আৰু বুদ্ধিমান দাস” কেনেকৈ গঠিত?

• “ঘৰগিৰী” কোন?

• বিশ্বাসী বুদ্ধিমান দাসবৰ্গক কেতিয়া প্ৰভুৰ সৰ্ব্বস্বৰ ওপৰত গৰাকী পতা হʼল আৰু কিয় সেই সময়টো উচিত আছিল?

• আধুনিক সময়ত কোনসকলে প্ৰভুৰ সৰ্ব্বস্ব বৃদ্ধি কৰিবলৈ সহায় কৰিলে আৰু কেনেকৈ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]