Skip to content

Skip to table of contents

প্ৰভুৰ সন্ধ্যা ভোজ কেনেকৈ উদ্‌যাপন কৰা হয়?

প্ৰভুৰ সন্ধ্যা ভোজ কেনেকৈ উদ্‌যাপন কৰা হয়?

প্ৰভুৰ সন্ধ্যা ভোজ কেনেকৈ উদ্‌যাপন কৰা হয়?

 প্ৰভুৰ সন্ধ্যা ভোজ পালন কৰাৰ বিষয়ে পাঁচনি পৌলে প্ৰাচীন খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল: “যি শিক্ষা মই প্ৰভুৰ পৰা পাই তোমালোকক দিলোঁ, সেয়ে এই, প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল, সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি কলে, তোমালোকৰ নিমিত্তে মোৰ যি শৰীৰ, সেয়ে এই; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা। সেইদৰে ভোজনৰ পাছত, তেওঁ পান-পাত্ৰকো লৈ কলে, এই পান-পাত্ৰ মোৰ তেজৰ দ্বাৰই হোৱা নতুন নিয়ম; তোমালোকে যিমানবাৰ ইয়াক পান কৰা, সিমানবাৰ মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা। কিয়নো তোমালোকে যিমানবাৰ এই পিঠা খোৱা, আৰু এই পাত্ৰত পান কৰা, সিমানবাৰ প্ৰভু নহালৈকে, তোমালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰিছা।”—১ কৰিন্থীয়া ১১:২৩-২৬.

পাঁচনি পৌলে বৰ্ণনা কৰাৰ অনুসাৰে ঈষ্কৰিয়োতীয়া যিহূদাই যীচুক “যি ৰাতি শত্ৰু” অৰ্থাৎ দুষ্ট ইহুদীবিলাকৰ হাতত শোধাই দি বিশ্বাসঘাটক কৰিবলগীয়া আছিল তেওঁক আঁতৰি যাবলৈ কোৱাৰ পিছত যীচুৱে প্ৰভুৰ সন্ধ্যা ভোজ উদ্‌যাপন কৰিছিল। মাৰ্চ ৩১, সা.যু. ৩৩ চনৰ বৃহস্পতিবাৰৰ সন্ধ্যাৰ শেষৰ ভাগত সেই ভোজৰ উদ্‌যাপন কৰা হৈছিল। এপ্ৰিল ১ তাৰিখ শুক্ৰবাৰে যীচুক যাতনা স্তম্ভত আঁৰি বধ কৰা হʼল। ইহুদী কেলেণ্ডাৰৰ অনুসৰি এটা সন্ধ্যাৰ পৰা পিছৰ দিনা সন্ধ্যালৈকে এক দিন ধৰা হয়, গতিকে প্ৰভুৰ সন্ধ্যা ভোজৰ উদ্‌যাপন আৰু যীচুৰ মৃত্যু একেই দিনা অৰ্থাৎ সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখে হৈছিল।

এই পৰ্ব্বৰ উদ্‌যাপন কৰাসকলে যীচুৰ মৃত্যুক সুঁৱৰিবৰ অৰ্থে ‘একেৰাহে ইয়াক কৰিছিল।’ আন এক অনুবাদিত বৃতান্তৰ অনুসাৰে যীচুৱে এইদৰে কৈছিল: “মোক সুঁৱৰিবৰ বাবে ইয়াকে কৰা।” (১ কৰিন্থীয়া ১১:২৪, দ্য যেৰূচালেম বাইবেল) প্ৰভুৰ সন্ধ্যা ভোজক যীচুৰ মৃত্যু স্মৰণী বুলিও কোৱা হয়।

যীচুৰ মৃত্যু দিবস কিয় পালন কৰা আৱশ্যক?

এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ যীচুৰ মৃত্যুৰ সৈতে কি জড়িত আছে তাক বিবেচনা কৰা আৱশ্যক। যীচুৱে তেওঁৰ পিতৃ অৰ্থাৎ যিহোৱা ঈশ্বৰৰ সাৰ্ব্বভৌমত্বক উচ্চস্থানত বজাই ৰাখিবলৈ মৃত্যু বৰণ কৰিলে। এইদৰে তেওঁ চয়তানক মিছলীয়া প্ৰমাণিত কৰিলে যিজনে মিছা অভিযোগ দিছিল যে মানৱে বিনা কোনো স্বাৰ্থৰে ঈশ্বৰক উপাসনা নকৰে। (ইয়োব ২:১-৫; হিতোপদেশ ২৭:১১) তদুপৰি যীচুৱে নিজৰ সিদ্ধ মানৱ জীৱন বলিদান দিয়াৰ দ্বাৰা ‘অনেকৰ বাবে মুক্তিৰ মূল্য’ দিলে। (মথি ২০:২৬) প্ৰথম মানৱ আদমে ঈশ্বৰৰ অহিতে পাপ কৰাত সিদ্ধ মানৱ জীৱনৰ যি আশাৰ পৰা সকলোৱে বঞ্চিত হৈছিল। কিন্তু “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে, যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহন ৩:১৬) দৰাচলতে “পাপৰ বেচ মৃত্যু; কিন্তু ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন।”—ৰোমীয়া ৬:২৩.

এইদৰে যীচুৰ মৃত্যু এক মহান প্ৰেমৰ অভিব্যক্তি অৰ্থাৎ যিহোৱা ঈশ্বৰে মানৱজাতিলৈ তেওঁৰ একমাত্ৰ পুত্ৰক দান কৰা আৰু স্বয়ং যীচুৱেও স্বাৰ্থত্যাগী হৈ স্বইচ্ছাৰে নিজৰ মানৱ জীৱন আহুতি দিয়া প্ৰেম প্ৰকাশৰ সৈতে জড়িত আছে। সেয়েহে যীচুৰ মৃত্যু স্মৰণীত দুই প্ৰকাৰৰ প্ৰেমৰ অভিব্যক্তি প্ৰকাশ পায়। আমালৈ সেই প্ৰেম প্ৰকাশ কৰা হৈছে, গতিকে আমি তেনে প্ৰেমৰ প্ৰতি গভীৰ মূল্যাঙ্কন কৰাটো উচিত নহʼবনে? প্ৰভুৰ সন্ধ্যা ভোজৰ উদ্‌যাপনত উপস্থিত থাকি আমি এক প্ৰকাৰে গভীৰ মূল্যাঙ্কন দেখুৱাব পাৰোঁ।

পিঠা আৰু দ্ৰাক্ষাৰসৰ তাৎপৰ্য্যতা

যীচুৱে প্ৰভুৰ সন্ধ্যা ভোজৰ উদ্‌যাপন কৰাৰ সময়ত চিহ্নৰূপে এটা পিঠা আৰু এটা পানপাত্ৰত ৰঙা দ্ৰাক্ষাৰস ব্যৱহাৰ কৰিছিল। যীচুৱে এটা পিঠা লৈ “ধন্যবাদ কৰি ভাঙি কলে, তোমালোকৰ নিমিত্তে মোৰ যি শৰীৰ, সেয়ে এই।” (১ কৰিন্থীয়া ১১:২৪) সেই পিঠা ভাঙি বিতৰণ কৰিবলৈ সহজে ভাঙিব পৰাকৈ ময়দা আৰু অলপ পানী মিহলাই খমিৰ বা ইষ্ট মিহলি নকৰাকৈ বনোৱা হৈছিল। শাস্ত্ৰত খমিৰ মিহলি কৰা পিঠাক পাপৰ সৈতে চিহ্নিত কৰা হৈছে। (মথি ১৬:১১, ১২; ১ কৰিন্থীয়া ৫:৬, ৭) যীচু সিদ্ধ আছিল। সেয়েহে তেওঁৰ সিদ্ধ মানৱ শৰীৰক মানৱজাতিৰ পাপৰ অৰ্থে বলিদান কৰাত ব্যৱহাৰ কৰিব পাৰিলে। (১ যোহন ২:১, ২) গতিকে যীচুৰ সিদ্ধ শৰীৰক চিহ্নিত কৰা খমিৰ মিহলি নোহোৱা পিঠা উপযুক্ত নহয়নে বাৰু!

পিঠা বিতৰণ কৰাৰ পিছত যীচুৱে ধন্যবাদ কৰি কোনো আন পদাৰ্থ মিহলি নকৰা ৰঙা দ্ৰাক্ষাৰস লৈ এইদৰে কʼলে: “এই পান-পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম।” (১ কৰিন্থীয়া ১১:২৫) ৰঙা দ্ৰাক্ষাৰস যীচুৰ বোৱতী তেজক চিহ্নিত কৰে। সা.যু.পূ. ১৫১৩ চনত ইস্ৰায়েলসকলক দিয়া নিয়ম ব্যৱস্থাৰ অন্তৰ্গত যদিও বলদ আৰু মেৰ বলিদানৰ আজ্ঞা দিছিল, কিন্তু যীচুৰ মৃত্যুত তেওঁৰ বোৱতী তেজে এক নতুন ব্যৱস্থা জাৰি কৰিলে।

কোনসকলে ইয়াক গ্ৰহণ কৰিব পাৰে?

স্মৰণীয় প্ৰতীকক কোনে গ্ৰহণ কৰিব পাৰে এই বিষয়ে বুজি পাবলৈ প্ৰথমে আমি জনা আৱশ্যক যে এই নতুন নিয়ম কি আৰু ইয়াক কোন পক্ষৰ সৈতে উদ্‌যাপন কৰা হৈছে। এই বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “চোৱা, এনে কোনো দিন আহিছে, যে, সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা-বংশই সৈতে এটি নতুন নিয়ম স্থাপন কৰিম। . . . মই তেওঁবিলাকৰ অন্তৰত মোৰ ব্যৱস্থা স্থাপন কৰিম, আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম; মই তেওঁবিলাকৰ ঈশ্বৰ হম, আৰু তেওঁবিলাক মোৰ প্ৰজা হব। . . . মই তেওঁবিলাকৰ অপৰাধ ক্ষমা কৰিম, আৰু তেওঁবিলাকৰ পাপ মই আৰু নুসুৱৰিম।”—যিৰিমিয়া ৩১:৩১-৩৪.

এই নতুন নিয়ম স্থাপন কৰাৰ বাবেহে যিহোৱাৰ সৈতে এক বিশেষ সম্বন্ধ বজাই ৰাখাটো সম্ভৱ হʼল। এই নিয়মটিৰ বাবহে এক বিশেষ সমূহৰ ব্যক্তিসকলে তেওঁৰ লোক আৰু তেওঁ তেওঁলোকৰ ঈশ্বৰ হৈ পৰিল। যিহোৱাৰ নিয়মটি তেওঁলোকৰ হৃদয়ত লিখা হʼল আৰু আনকি শাৰীৰিকৰূপে ইহুদী নোহোৱা অচুন্নৎ ব্যক্তিসকলেও এই নতুন নিয়মটিৰ অধীনত ঈশ্বৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰিলে। (ৰোমীয়া ২:২৯) বাইবেল লিখক লূকে ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে এইদৰে কৈছে “ঈশ্বৰে নিজ নামৰ নিমিত্তে পৰজাতি লোকৰ মাজৰ পৰা এক সমাজ গ্ৰহণ কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ১৫:১৪) প্ৰথম পিতৰ ২:১০ পদৰ অনুসাৰে তেওঁলোক ‘আগেয়ে প্ৰজা নাছিল, কিন্তু এতিয়া ঈশ্বৰৰ লোক হʼল।’ শাস্ত্ৰ পদে তেওঁলোকক ‘ঈশ্বৰৰ ইস্ৰায়েল’ বুলি উল্লেখ কৰিছে আৰু তেওঁলোকেই হৈছে আধ্যাত্মিক ইস্ৰায়েল। (গালাতীয়া ৬:১৬; ২ কৰিন্থীয়া ১:২১) এতেকে এই নতুন নিয়মটি যিহোৱা ঈশ্বৰ আৰু আধ্যাত্মিক ইস্ৰায়েলৰ মাজত উদ্‌যাপন কৰা হৈছে।

তদুপৰি যীচুৱে তেওঁৰ শেষ নিশাত শিষ্যসকলৰ সৈতে নিজেই এক আন ব্যৱস্থা স্থাপন কৰিলে। তেওঁ তেওঁলোকক এইদৰে কৈছিল, “মোৰ পিতৃয়ে যেনেকৈ মোলৈ ৰাজ্য নিয়োজন কৰি থলে, . . . এই নিমিত্তে ময়ো তোমালোকলৈ ৰাজ্য নিয়োজন কৰি থৈছোঁ।” এই নিয়োজন স্থাপন কৰা ৰাজ্যৰ ব্যৱস্থা আছিল। ৰাজ্য ব্যৱস্থাৰ অধীনত ১,৪৪,০০০ জন অসিদ্ধ মানৱক সেই ৰাজ্যৰ বাবে নিযুক্ত কৰিলে। তেওঁলোকৰ পুনৰুত্থানৰ পিছত তেওঁলোকে যীচুৰ সৈতে ৰজা আৰু পুৰোহিত হিচাবে শাসন কৰিব। (প্ৰকাশিত বাক্য ৫:৯, ১০; ১৪:১-৪) এইদৰে যিসকলে যিহোৱা ঈশ্বৰৰ নতুন নিয়মটিৰ অন্তৰ্গত তেওঁলোক যীচু খ্ৰীষ্টৰ ৰাজ্যৰ ব্যৱস্থাৰ সৈতেও জড়িত আছে। একমাত্ৰ তেওঁলোকে কেৱল প্ৰভুৰ সন্ধ্যা ভোজৰ প্ৰতীক গ্ৰহণ কৰিব পাৰে।

প্ৰভুৰ সন্ধ্যা ভোজৰ প্ৰতীক গ্ৰহণ কৰাসকলে কেনেকৈ জ্ঞাত হয় যে যিহোৱা ঈশ্বৰৰ সৈতে তেওঁলোকৰ এক বিশেষ সম্পৰ্ক স্থাপন আৰু খ্ৰীষ্টৰ সৈতে উত্তৰাধিকাৰী হʼবলৈ সংযোগ হৈছে? এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছে: “আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে। আৰু যদি সন্তান হওঁ, তেন্তে উত্তৰাধীকাৰীও হওঁ; অৰ্থাৎ, খ্ৰীষ্টে সৈতে গৌৰৱান্বিত হবলৈ, যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী, আৰু খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰী হওঁ।”—ৰোমীয়া ৮:১৬, ১৭.

খ্ৰীষ্টৰ উত্তৰাধিকাৰী হʼবলৈ ঈশ্বৰে তেওঁলোকক তেওঁৰ পবিত্ৰ আত্মা অথবা সক্ৰিয় শক্তিৰ দ্বাৰা মনোনিত কৰে। ইয়ে তেওঁলোকক নিশ্চয়তা প্ৰদান কৰে যে তেওঁলোকে ৰাজ্যৰ উত্তৰাধিকাৰী। তদুপৰি ইয়ে এই অভিষিক্ত খ্ৰীষ্টানসকলক স্বৰ্গীয় আশা প্ৰদান কৰে। বাইবেলত স্বৰ্গীয় জীৱনৰ বিষয়ে যি কৈছে, এইবোৰ তেওঁলোকৰ বাবে কোৱা হৈছে বুলি দৃষ্টি কৰে। ইয়াৰ উপৰিও তেওঁলোকে সকলো পাৰ্থিৱ জীৱনৰ বিষয় আৰু সকলো মানৱ সম্বন্ধ স্বইচ্ছাৰে ত্যাগ কৰিবলৈ সাজু থাকে। যদিও এই আত্মা-অভিষিক্ত খ্ৰীষ্টানসকলে জানিব পাৰিছে যে ভৱিষ্যতে পৰমদেশীয় পৃথিৱীৰ অৱস্থা অতি মনোৰম হʼব তথাপিও সেইটো তেওঁলোকৰ আশা নহয়। (লূক ২৩:৪৩) তেওঁলোকে কোনো মিছা ধৰ্ম্মীয় দৃষ্টিভঙ্গীৰে নহয় কিন্তু ঈশ্বৰৰ পবিত্ৰ আত্মাই কৰা কাৰ্য্যৰ বাবেহে তেনে অপৰিৱৰ্তনশীল স্বৰ্গীয় আশা ৰাখিব পাৰিছে। সেয়েহে তেওঁলোকে স্মৰণীয় পৰ্ব্বৰ প্ৰতীক গ্ৰহণ কৰাৰ বাবে যোগ্য।

ধৰি লওক, এজন ব্যক্তিয়ে সেই নতুন নিয়ম আৰু ৰাজ্যৰ ব্যৱস্থাৰ বিষয়ে একেবাৰে নিশ্চিত নহয়। যদি তেওঁ খ্ৰীষ্টৰ সৈতে উত্তৰাধিকাৰী হʼবলৈ ঈশ্বৰৰ পবিত্ৰ আত্মাৰ সাক্ষী পোৱা নাই তেন্তে কি হʼব? তেতিয়া তেওঁৰ বাবে স্মৰণীয় পৰ্ব্বৰ প্ৰতীক গ্ৰহণ কৰাটো ভুল হʼব। তদুপৰি সেই ব্যক্তিজনে জানি-বুজি নিজকে স্বৰ্গীয় ৰজা আৰু পুৰোহিত বুলি প্ৰতিনিধিত্ব কৰাৰ বাবে তেওঁৰ তেনে কাৰ্য্যই যিহোৱা ঈশ্বৰক অসন্তুষ্ট কৰে।—ৰোমীয়া ৯:১৬; প্ৰকাশিত বাক্য ২২:৫.

এই স্মৰণীয় পৰ্ব্ব কিমানবাৰ পালন কৰা আৱশ্যক?

যীচুৰ মৃত্যু দিবস সপ্তাহিক বা নিতৌ পালন কৰা উচিতনে? যীচু খ্ৰীষ্টই প্ৰভুৰ সন্ধ্যা ভোজ ইহুদীসকলে মিচৰৰ দাসত্বৰ পৰা মুক্তি লাভ কৰাৰ সুঁৱৰণিৰ অৰ্থে পালন কৰা নিস্তাৰ-পৰ্ব্বৰ সময়ত উদ্‌যাপন কৰিছিল আৰু তাৰ পিছত তেওঁক অন্যায়ভাৱে মৃত্যুদণ্ড দিয়া হৈছিল। সেই নিস্তাৰ-পৰ্ব্ব বছৰত এবাৰকৈ নিচান মাহৰ ১৪ তাৰিখে উদ্‌যাপন কৰা হৈছিল। (যাত্ৰাপুস্তক ১২:৬, ১৪; লেবীয়া পুস্তক ২৩:৫) গতিকে “নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি যি খ্ৰীষ্ট,” তেওঁৰ মৃত্যুক সুঁৱৰণি সপ্তাহিক বা নিতৌ নহয় কিন্তু বছৰত এবাৰহে পালন কৰা উচিত। (১ কৰিন্থীয়া ৫:৭) সেইবাবে প্ৰভুৰ সন্ধ্যা ভোজ উদ্‌যাপন কৰাৰ সময়ত প্ৰকৃত খ্ৰীষ্টৰ অনুগামীসকলে যীচুৱে যি সময়ত উদ্‌যাপন কৰিছিল, ঠিক একেইদৰে অনুকৰণ কৰে।

তেনেহʼলে, “তোমালোকে যিমানবাৰ এই পিঠা খোৱা, আৰু এই পাত্ৰত পান কৰা, সিমানবাৰ প্ৰভু নহালৈকে তোমালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰিছা” বুলি পাঁচনি পৌলে কোৱা বাক্যশাৰীৰ অৰ্থ কি আছিল? (১ কৰিন্থীয়া ১১:২৬) পাঁচনি পৌলে কোৱা বাক্যশাৰীৰ অৰ্থ হৈছে “যিমানবাৰ” বা “যেতিয়াই ইয়াক পালন কৰা হয়।” তেওঁ কৈছিল যে যেতিয়াই অভিষিক্ত খ্ৰীষ্টানসকলে এই প্ৰতীক গ্ৰহণ কৰে, তেওঁলোকে যীচুৰ মুক্তিপণ বলিদানত কৰা বিশ্বাসৰ বিষয়ে ঘোষণা কৰে।

এই অভিষিক্ত খ্ৰীষ্টানসকলে “প্ৰভু নহালৈকে” তেওঁৰ মৃত্যুক সুঁৱৰণ কৰিব। যীচুৱে নিজৰ ‘আগমনৰ’ সময়ত তেওঁৰ অভিষিক্ত অনুগামীসকলক আত্মিকৰূপে স্বৰ্গীয় জীৱনলৈ পুনৰুত্থান নকৰালৈকে এই উদ্‌যাপন পালন কৰি থকা হʼব। (১ থিচলনীকীয়া ৪:১৪-১৭) এইটো হৈছে যীচুৱে ১১ জন শিষ্যক কোৱা সেই কথাশাৰীৰ সামঞ্জস্যত, যʼত তেওঁ এইদৰে কৈছিল: “মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা, এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।”—যোহন ১৪:৩.

এই উদ্‌যাপনে আপোনাৰ বাবে কেনে অৰ্থ ৰাখে?

যীচুৰ বলিদানৰ লাভসমূহ আৰু এই পৃথিৱীত অনন্ত জীৱন প্ৰাপ্ত কৰিবলৈ স্মৰণীয় পৰ্ব্বৰ প্ৰতীক গ্ৰহণ কৰা আৱশ্যকনে? অৱশ্যে নহয়। লক্ষ্য কৰক যে বাইবেলত পৰামৰ্শ দিছে যে ঈশ্বৰলৈ ভয় ৰাখোঁতা ব্যক্তি, যেনে, নোহ, অব্ৰাহাম, চাৰা, ইচ্‌হাক, ৰিবেকা, যোচেফ, মোচি আৰু দায়ূদক পুনৰুত্থান কৰা হʼব, তেওঁলোকে কেতিয়াও এই স্মৰণীয় পৰ্ব্বৰ প্ৰতীক গ্ৰহণ কৰা নাছিল। তেওঁলোক আৰু এই পৃথিৱীত অনন্তকাল জীয়াই থাকিবলৈ ইচ্ছা কৰাসকলে যিহোৱা ঈশ্বৰ, যীচু খ্ৰীষ্ট আৰু যিহোৱাই যীচুৰ দ্বাৰা কৰা মহান প্ৰবন্ধক বিশ্বাস কৰে। (যোহন ৩:৩৬; ১৪:১) এই অনন্ত জীৱন পাবলৈ আপুনিও তেনেদৰে বিশ্বাস কৰা উচিত। বছেৰেকীয়া হিচাবে পালন কৰা যীচু খ্ৰীষ্টৰ মৃত্যু স্মৰণী দিৱসৰ উদ্‌যাপনত উপস্থিত হʼলে আপোনাক সেই মহান বলিদানৰ বিষয়ে সুঁৱৰাই দিয়া হʼব আৰু সেই বলিদানৰ প্ৰতি আপোনাৰ গভীৰ মূল্যাঙ্কন বৃদ্ধি পোৱা উচিত।

পাঁচনি যোহনে যীচুৰ বলিদানৰ গুৰুত্বতাৰ বিষয়ে উল্লেখ কৰাৰ সময়ত এইদৰে কৈছিল: “তোমালোকে যেন পাপ নকৰা, এই আশায়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছোঁ। আৰু কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্ত্তা ধাৰ্ম্মিক যীচু খ্ৰীষ্ট আছে। আৰু তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত; কেৱল আমাৰেই নহয়, গোটেই জগতৰো।” (১ যোহন ২:১, ২) সেয়েহে অভিষিক্ত সকলে এইদৰে কʼব পাৰে যে যীচুৰ বলিদানে তেওঁলোকৰ পাপ প্ৰায়শ্চিত্ত কৰিলে। কিন্তু তেওঁৰ বলিদান গোটেই জগতৰ পাপৰ বাবেও প্ৰযোজ্য হয়, যাৰ ফলত আজ্ঞাকাৰী মানৱজাতিলৈ অনন্ত জীৱনৰ আশীৰ্ব্বাদ সম্ভৱ হʼল!

আপুনি ২০০৪ চনৰ এপ্ৰিল ৪ তাৰিখে পালন কৰিবলগীয়া যীচুৰ মৃত্যুৰ স্মৰণী দিৱসৰ উদ্‌যাপনত উপস্থিত থাকিবনে? এই পৰ্ব্ব বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ সভাৰ স্থানত পালন কৰিব। যদি আপুনি সেই উদ্‌যাপনত উপস্থিত হয়, তেন্তে অত্যাৱশ্যকীয় বাইবেল আলোচনাৰ বিষয়ে শুনি লাভৱান হʼব। তাত আপোনাক সোঁৱৰাই দিয়া হʼব যে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই আমাৰ বাবে যি কৰিলে সেয়া কিমান আচৰিতজনক কাৰ্য্য আছিল। তদুপৰি তাত আপুনি যিহোৱা ঈশ্বৰ, যীচু খ্ৰীষ্ট আৰু মুক্তিপণ বলিদানৰ প্ৰতি গভীৰভাৱে মূল্যাঙ্কন কৰাসকলৰ সৈতে সঙ্গতি কৰি আধ্যাত্মিকভাৱে লাভৱান হʼব পাৰিব। সেই উপলক্ষ্যই আপুনি ঈশ্বৰৰ মহা অনুগ্ৰহ লাভ কৰি অনন্ত জীৱনলৈ পৰিচালিত হʼবলৈ থকা আপোনাৰ হাবিয়াহ দৃঢ় কৰিব। গতিকে সেই উপলক্ষ্যত উপস্থিত হʼবলৈ আপুনি কোনো বস্তু বা কাৰ্য্যকে বাধা জন্মাবলৈ দিয়া উচিত নহয়। সেই হৃদয়স্পৰ্ষী উদ্‌যাপনত উপস্থিত হওক। আপোনাৰ এনে কাৰ্য্যই অৱশ্যেই আমাৰ স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰক সন্মান আৰু তেওঁৰ মন আনন্দিত কৰিব। (w04 3/15)

[৫ পৃষ্ঠাৰ ছবি]

যীচুৰ মৃত্যু, দুটা মহান প্ৰেমৰ অভিব্যক্তিৰ সৈতে জড়িত আছে

[৬ পৃষ্ঠাৰ ছবি]

খমিৰ নিদিয়া পিঠা আৰু ৰঙা দ্ৰাক্ষাৰস উপযুক্তৰূপে যীচুৰ সিদ্ধ শৰীৰ আৰু তেওঁৰ বোৱতী তেজক চিহ্নিত কৰে