Skip to content

Skip to table of contents

‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ পৰীক্ষাত কৃতকাৰ্য্য হ’ল!

‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ পৰীক্ষাত কৃতকাৰ্য্য হ’ল!

‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ পৰীক্ষাত কৃতকাৰ্য্য হʼল!

“ঈশ্বৰৰ গৃহত সোধ-বিচাৰৰ আৰম্ভণৰ সময় হৈছে।”—১ পিতৰ ৪:১৭.

১. যীচুৱে “দাস” বৰ্গৰ ন্যায় কৰিবলৈ অহাত তেওঁলোকক কেনে অৱস্থাত থকা দেখা পালে?

 সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ত যীচুৱে তেওঁৰ “ঘৰগিৰীক” উচিত সময়ত আহাৰ দিবলৈ এক “দাস” বৰ্গক নিযুক্ত কৰিছিল। ১৯১৪ চনত যীচু ৰজা হোৱাৰ পিছত সেই দাসবৰ্গই উচিতমতে কাৰ্য্য কৰিছে নে নাই তাক চাবলৈ আহিল। তেওঁ এই “দাস” বৰ্গক বিশ্বাসী হৈ কাৰ্য্যত ব্যস্ত থকা দেখা পালে। সেইবাবে তেওঁ এই দাসবৰ্গক “নিজৰ সৰ্ব্বস্বৰ ওপৰত গৰাকী” পাতিলে। (মথি ২৪:৪৫-৪৭) কিন্তু সেই সময়ত এনে কিছুমান দুষ্ট দাসো আছিল যিসকলে বিশ্বাসী আৰু বুদ্ধিমানপূৰ্বক কাৰ্য্য কৰা নাছিল।

“সেই দুষ্ট দাস”

২, ৩. “সেই দুষ্ট দাসজন” কʼৰ পৰা আহিল আৰু তেনেদৰে কিয় হৈছিল?

যীচুৱে “বিশ্বাসী বুদ্ধিমান দাসৰ” সম্বন্ধে কোৱাৰ পিছত এজন দুষ্ট দাসৰ বিষয়ে এইদৰে কৈছিল: “মোৰ প্ৰভুৱে পলম কৰিছে, ইয়াকে সেই দুষ্ট দাসে মনতে কৈ, যদি তাৰ সহদাসবিলাকক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন-পান কৰে, তেন্তে যি দিনা সেই দাসে অপেক্ষা নকৰে, আৰু যি সময়ত সি নাজানে, সেই সময়তে তাৰ প্ৰভুৱে আহি, তাক দুডোখৰ কৰি, কপটীয়াবোৰৰ লগত তাৰ পাব লগীয়া ভাগ নিৰূপণ কৰিব; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হব।” (মথি ২৪:৪৮-৫১) “সেই দুষ্ট দাস” বুলি কোৱা উক্তিটোৱে আমাক যীচুৱে আৰম্ভণিতে কোৱা কথাফাঁকিৰ বিষয়ে মনত পেলায়। বাস্তৱতে এই “দুষ্ট দাসজন” বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ মাজৰ এজন আছিল। * সেইটো কেনেকৈ?

অভিষিক্ত খ্ৰীষ্টানসকলে ১৯১৪ চনত দৰাজনক স্বৰ্গত লগ পোৱাৰ আশা ৰাখিছিল। কিন্তু আশা পূৰ্ণ নোহোৱা দেখি তেওঁলোকৰ কিছুমানে নিৰুৎসাহিত আৰু বিতুষ্ট হৈ পৰিল। তেওঁলোকৰ কিছুমানে ‘মতলীয়া’ খ্ৰীষ্টীয়জগতৰ সৈতে মিলি অন্য ভাইসকলক মৌখিকৰূপে তাড়না দিবলৈ ধৰিলে।—যিচয়া ২৮:১-৩; ৩২:৬.

৪. যীচুৱে “দুষ্ট দাসৰ” সৈতে কেনে ব্যৱহাৰ কৰিছিল আৰু অন্য কোনসকলে তেনে ধৰণৰ মনোবৃত্তি দেখুৱাইছিল?

এই পূৰ্বৰ খ্ৰীষ্টানসকলৰ কিছুমানক “দুষ্ট দাস” হিচাবে চিনাক্ত কৰা হʼল আৰু যীচুৱে তেওঁলোকক ‘কঠোৰতাৰে’ শাস্তি দিছিল। কেনেকৈ দিছিল? তেওঁলোকক সমূহৰ পৰা ত্যাগ কৰা হৈছিল আৰু তেওঁলোকে স্বৰ্গীয় পুনৰুত্থানৰ আশাও হেৰুৱালে। কিন্তু তেওঁলোকক তেতিয়াই ধ্বংস কৰা নাছিল। প্ৰথমতে তেওঁলোকক মণ্ডলীৰ পৰা বহিষ্কৃত অৰ্থাৎ “বাহিৰৰ আন্ধাৰত” পেলোৱা হʼল, যʼত তেওঁলোকে ক্ৰন্দন আৰু দাঁত কৰচনি কৰিছিল। (মথি ৮:১২) সেই সময়ছোৱাত অন্য কিছুমান অভিষিক্ত খ্ৰীষ্টানেও তেনে মনোবৃত্তি দেখুৱাই “সেই দুষ্ট দাসৰ” সমৰ্থক হোৱাৰ পৰিচয় দিলে। লগতে ‘অন্য মেৰৰ’ কিছুমান সদস্যই তেওঁলোকক অনুকৰণ কৰিব ধৰিলে। (যোহন ১০:১৬) তেনে ধৰণৰ সকলো বিৰোধী ব্যক্তিয়ে সেই একেই দুৰ্দশা ভুগিব অৰ্থাৎ “বাহিৰৰ আন্ধাৰত” পেলাই দিয়া হʼব।

৫. “দুষ্ট দাসৰ” তুলনাত বিশ্বাসী বুদ্ধিমান দাসবৰ্গই কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

মন কৰিবলগীয়া এই যে ‘বিশ্বাসী বুদ্ধিমান দাসো’ সেই একেই পৰীক্ষাৰ সম্মুখীন হʼবলগা হৈছিল। তেওঁলোকে “সেই দুষ্ট দাসৰ” নিচিনাকৈ বিদ্ৰোহী মনোভাৱ দেখুৱাৰ পৰিৱৰ্তে নিজকে সাল-সলনি কৰিলে। (২ কৰিন্থীয়া ১৩:১১) যাৰ বাবে যিহোৱা আৰু ভাইসকলৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেম অধিক দৃঢ় হʼল। আজি এই “শেষ-কালত” তেওঁলোকে “সত্যতাৰ স্তম্ভ আৰু ভিত্তিমূলস্বৰূপে” থিয় হৈছে।—১ তীমথিয় ৩:১৫; ২ তীমথিয় ৩:১.

সুবুদ্ধি আৰু নিৰ্ব্বুদ্ধি কন্যাসকল

৬. (ক) যীচুৱে কেনেকৈ তেওঁৰ বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ বিষয়ে বৰ্ণনা কৰিছিল? (খ) ১৯১৪ চনৰ পূৰ্বে অভিষিক্ত খ্ৰীষ্টানে কেনে বাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰিছিল?

যীচুৱে “সেই দুষ্ট দাসৰ” বিষয়ে কোৱাৰ পিছত আৰু দুটা দৃষ্টান্ত দাঙি ধৰি কিয় কিছুমান অভিষিক্ত খ্ৰীষ্টানে সফল আৰু অন্যসকলে বিফল হʼল, তাৰ বিষয়ে কৈছিল। * তেওঁ দিয়া দৃষ্টান্তত এইদৰে কৈছিল: “চাকি লৈ, দৰাক আগ বঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হʼব। তেওঁলোকৰ মাজত পাঁচ জনী নিৰ্ব্বুদ্ধি আৰু পাঁচ জনী সুবুদ্ধি আছিল। কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে, লগত তেল নললে; কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ললে।” (মথি ২৫:১-৪) সেই দহ জনী কন্যা ১৯১৪ চনৰ পূৰ্বেই থকা অভিষিক্ত খ্ৰীষ্টানসকলৰ বিষয়ে বুজাইছে। তেওঁলোকে অলপতে যীচুৰ আগমণ হʼব বুলি অনুমান কৰিছিল। সেইবাবে তেওঁলোকে তেওঁক লগ পোৱা আশাৰে দৃঢ়তাৰে প্ৰচাৰ কৰি কৈছিল যে “পৰজাতি মানুহৰ কাল” ১৯১৪ চনত অন্ত পৰিল।—লূক ২১:২৪.

৭. লাক্ষণিকভাৱে চাবলৈ গʼলে অভিষিক্ত খ্ৰীষ্টানসকলে কেতিয়া আৰু কেনেকৈ “টোপনি” গৈছিল?

তেওঁলোকে ১৯১৪ চনত পৰজাতি মানুহৰ কাল অন্ত পৰিল বুলি ঘোষণা কৰা কথাষাৰ একেবাৰে সত্য আছিল। আনকি সেই বছৰত যীচুৱে ৰজা হিচাবে স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ভৱিষ্যতবাণীৰ অনুসৰি পৃথিৱীৰ বাসীসকল “সন্তাপৰ” পাত্ৰ হʼল। তদুপৰি সেই সময়ছোৱা অভিষিক্তবৰ্গৰ বাবে এক পৰীক্ষাৰো সময় আছিল। এই বিষয়ে স্পষ্টকৈ বুজি নোপোৱাৰ বাবে অভিষিক্তসকলে “দৰাই পলম” কৰা বুলি ধাৰণা কৰিছিল। জগতৰ বিৰোধিতাৰ সম্মুখীন আৰু বিভ্ৰান্ত হৈ তেওঁলোকে লাহে লাহে প্ৰচাৰ কৰিবলৈ বন্ধ কৰিছিল। লাক্ষণিকভাৱে চাবলৈ গʼলে তেওঁলোকে যীচুৱে উল্লেখ কৰা দৃষ্টান্তৰ অনুসৰি “কল্‌মটীয়াই টোপনি” গৈছিল। আনকি তেওঁলোকৰ অৱস্থা পাঁচনিবিলাকৰ মৃত্যুৰ পিছত অবিশ্বাসী খ্ৰীষ্টানসকলে কৰাৰ নিচিনা আছিল।

৮. কিহে অভিষিক্ত খ্ৰীষ্টানসকলক “সৌৱা দৰা” আহিল বুলি কʼবলৈ পৰিচালিত কৰিছিল আৰু তেওঁলোকে কোনটো সময়ত তেনে কৰিছিল?

কিন্তু ১৯১৯ চনত এক আচৰিত ঘটনা ঘটা দেখা গল। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “মাজনিশা ৰাতি, চোৱা, সৌৱা দৰা! তেওঁক আগ বঢ়াবলৈ ওলোৱাহঁক, এই বুলি ৰিঙিওৱা হল। তেতিয়া সেই আটাই কেইজনী কন্যাই উঠি, তেওঁলোকৰ চাকি বঢ়ালে।” (মথি ২৫:৬, ৭) ই যেন ঘোৰ অন্ধকাৰময় পৰিস্থিতিত আশাৰ পোহৰ জিলিকি উঠাৰ দৰে আছিল। ১৯১৮ চনত “নিয়মটিৰ সেই দূত” অৰ্থাৎ যীচুৱে আধ্যাত্মিক মন্দিৰৰ নিৰীক্ষণ আৰু শুদ্ধীকৰণ কৰিবলৈ আহিল। (মলাখী ৩:১) এতিয়া অভিষিক্ত খ্ৰীষ্টানসকলে তেওঁক সাক্ষাৎ কৰিবলৈ ওলাই আহিবলগীয়া আছিল। সেইয়া আছিল তেওঁলোকৰ বাবে “দীপ্তি দিয়া” সময়।—যিচয়া ৬০:১; ফিলিপীয়া ২:১৪, ১৫.

৯, ১০. কিছুমান অভিষিক্ত খ্ৰীষ্টানে ১৯১৯ চনত কেনেকৈ “সুবুদ্ধি” আৰু আন কিছুমানে “নিৰ্ব্বুদ্ধি” হোৱাৰ পৰিচয় দিছিল?

কিন্তু দৃষ্টান্তত উল্লেখ কৰা কেইজনীমান কন্যাৰ এক বিশেষ সমস্যা আছিল। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক কʼলে, ‘তোমালোকৰ তেলৰ পৰা অলপমান আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে।’” (মথি ২৫:৮) যিদৰে তেলৰ অবিহনে চাকি জ্বলি থাকিব নোৱাৰে, ঠিক সেইদৰে ঈশ্বৰৰ বাক্য আৰু পবিত্ৰ আত্মাৰ অবিহনে সত্য উপাসকবিলাকে নিজৰ পোহৰ উজ্জ্বলময় কৰিব নোৱাৰে। (গীত ১১৯:১৩০; দানিয়েল ৫:১৪) ১৯১৯ চনৰ আগৰে পৰাই গুৰুত্বহীন অৱস্থাত থকা স্বত্বেও সুবুদ্ধি অভিষিক্ত খ্ৰীষ্টানসকলে ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে জানিবলৈ হাবিয়াস কৰিছিল। যেতিয়া তেওঁলোকক পোহৰ প্ৰকাশ কৰিবলৈ কোৱা হʼল তেতিয়া তেওঁলোকে সংকোচিত নকৰাকৈ আগবাঢ়ি আহিছিল।—২ তীমথিয় ৪:২; ইব্ৰী ১০:২৪, ২৫.

১০ আন কিছুমান অভিষিক্ত খ্ৰীষ্টানে সাজু নথকা বা এলেহুৱা হোৱাৰ বাবে দৰাৰ অনুমোদন পাব নোৱাৰিলে। তেওঁলোকক যেতিয়া সক্ৰিয় হৈ প্ৰচাৰ কৰিবলৈ কোৱা হʼল তেতিয়া নিৰুত্তৰ হৈ থাকিল। (মথি ২৪:১৪) আনকি তেওঁলোকে উৎসাহী প্ৰচাৰকসকলক বাধা দিবলৈও চেষ্টা কৰিছিল। পুনৰাই যীচুৱে দৃষ্টান্তত উল্লেখ কৰা সুবুদ্ধি কন্যা কেইজনীয়ে কেনে ধৰণৰ উত্তৰ দিছিল, তাক বিবেচনা কৰক। তেওঁলোকে এইদৰে কৈছিল: “কিজানি তোমালোক আৰু আমালৈ নুজুৰিব; তাতকৈ, বেচোঁতাবিলাকৰ তালৈ গৈ, তোমালোকৰ নিমিত্তে কিনাগৈ।” (মথি ২৫:৯) ঠিক সেইদৰে ১৯১৯ চনত অভিষিক্ত খ্ৰীষ্টানসকলে এনে কোনো ধৰণৰ কাৰ্য্য কৰাৰ পৰা নিজকে বিৰত ৰাখিছিল যি তেওঁলোকৰ পোহৰক হ্ৰাস কৰিলেহেঁতেন। এইদৰে তেওঁলোকে পৰীক্ষাত কৃতকাৰ্য্যতা লাভ কৰিলে।

১১. নিৰ্ব্বুদ্ধি কন্যাসকলৰ কি হʼল?

১১ এই দৃষ্টান্তৰ সামৰণিত যীচুৱে এইদৰে কৈছিল: “তেওঁলোকে কিনিবনৈ যাওঁতেই, দৰা আহিল; আৰু সাজু হৈ থকাবিলাক তেওঁৰ লগত বিয়াঘৰত সোমাল; আৰু দুৱাৰ বন্ধ কৰা হল; পাছে আন কেইজনী কন্যাই আহি কলে, হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক। কিন্তু তেওঁ উত্তৰ দি কলে, মই তোমালোকক স্বৰূপকৈ কওঁ, ‘তোমালোকক মই নিচিনো।’” (মথি ২৫:১০-১২) বাস্তৱতে দৰাৰ উপস্থিতিৰ বাবে কিছুমানে প্ৰস্তুত হোৱা নাছিল। সেইবাবে তেওঁলোকে কৃতকাৰ্য্য নʼহল আৰু বিয়াঘৰতো প্ৰৱেশ কৰিব নোৱাৰিলে। সেইটো এক দুখৰ বিষয় নাছিলনে বাৰু!

গাগৰিৰ দৃষ্টান্ত

১২. (ক) যীচুৱে নিষ্ঠাৱানৰ সম্বন্ধে কি দৃষ্টান্ত দিছিল? (খ) “দূৰ দেশলৈ” যোৱা ব্যক্তিজন কোন আছিল?

১২ সুবুদ্ধিৰ বিষয়ে দৃষ্টান্ত দিয়াৰ পিছত যীচুৱে বিশ্বাসী হোৱাৰ সম্বন্ধে আন এটা দৃষ্টান্ত দিছিল। তেওঁ এইদৰে কৈছিল: “স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা যি নিজৰ দাসবিলাকক মাতি আনি, নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি, দূৰ দেশলৈ যায়। তেওঁ এজনক পাঁচ গাগৰি, এজনক দুগাগৰি, প্ৰতিজনক তাৰ শক্তি অনুসাৰে, ধন দি যাত্ৰা কৰিলে।” (মথি ২৫:১৪, ১৫) দৃষ্টান্তত উল্লেখ কৰা ব্যক্তিজন হৈছে যীচু যিজনে সা.যু. ৩৩ চনত “দূৰ দেশলৈ” অৰ্থাৎ স্বৰ্গাৰোহণ হৈছিল। কিন্তু স্বৰ্গাৰোহণ হোৱাৰ আগেয়ে তেওঁ “নিজৰ স্বৰ্ব্বস্ব” আনুগত্য শিষ্যবিলাকৰ হাতত গতাই দিছিল। কেনেকৈ?

১৩. যীচুৱে কেনেকৈ এক বৃহৎ এলেকা তৈয়াৰ কৰিছিল আৰু “দাসবিলাকক” তাত বেপাৰ কৰিবলৈ আদেশ দিছিল?

১৩ পৃথিৱীত থকা সময়ছোৱাত যীচুৱে নিজৰ প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা এক বৃহৎ এলেকা তৈয়াৰ কৰিছিল। (মথি ৯:৩৫-৩৮) তেওঁ “দূৰ দেশলৈ” যোৱাৰ আগতে সেই ক্ষেত্ৰবোৰলৈ গৈ প্ৰচাৰ কৰিবলৈ শিষ্যসকলক এইদৰে কৈছিল: “তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ। (মথি ২৮:১৮-২০) যীচুৱে “প্ৰতিজনক তাৰ শক্তিৰ অনুসাৰে” বেপাৰ কৰিবলৈ আদেশ দিছিল।

১৪. সকলোৱে যে একেই সমানে পৰিচৰ্য্যা-কাৰ্য্য কৰিব নোৱাৰিব বুলি আশা কৰাটো কিয় যুক্তিসঙ্গত আছিল?

১৪ সেই উক্তিটোৰ দ্বাৰা জানিব পৰা যায় যে পৰিচৰ্য্যা-কৰ্ম্ম কৰিবলৈ প্ৰথম শতাব্দীত সকলো খ্ৰীষ্টানৰ একেই সমান অৱস্থা নাছিল। প্ৰতিকূল পৰিস্থিতিৰ বাবে কিছুমানে পাঁচনি পৌল আৰু তীমথিৰ দৰে পৰিচৰ্য্যা-কৰ্ম্মত ভাগ লʼব পাৰিছিল। অন্যসকল যেনে, দাস, ৰোগী, বৃদ্ধ আৰু বিভিন্ন পৰিয়ালৰ দায়িত্ব থকাৰ বাবে তেনে কৰাটো প্ৰায়েই অসম্ভৱ আছিল। তদুপৰি কেৱল কিছুমান ব্যক্তিয়েহে মণ্ডলীৰ বিশেষ দায়িত্ব বহন কৰিছিল। ইয়াৰ অৰ্থ হৈছে কিছুমান অভিষিক্ত ভাই আৰু ভনীৰ শিক্ষাদান কৰাৰ দায়িত্ব নাছিল। (১ কৰিন্থীয়া ১৪:৩৪; ১ তীমথিয় ৩:১; যাকোব ৩:১) তথাপিও সকলো অভিষিক্ত ভাই আৰু ভনীয়ে বেপাৰ কাৰ্য্য অৰ্থাৎ পৰিচৰ্য্যা-কৰ্ম্মত সম্পূৰ্ণৰূপে ভাগ লৈছিল। আধুনিক সময়ৰ সঙ্গী উপাসকবিলাকে সেই একেই আৰ্হিক অনুকৰণ কৰে।

নিৰীক্ষণ কৰাৰ সময় আহিল

১৫, ১৬. (ক) কেতিয়া লেখ-বুজ লোৱাৰ সময় আহিল? (খ) অভিষিক্ত ব্যক্তিসকলক কেনে এক বিশেষাধিকাৰৰ দ্বাৰা সুশোভিত কৰা হʼল?

১৫ আগলৈ আমি দৃষ্টান্তত এইদৰে পঢ়িবলৈ পাওঁ: “বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভুৱে আহি, সিহঁতে সৈতে লেখ-বুজ কৰিলে।” (মথি ২৫:১৯) দীৰ্ঘকাল ধৰি অপেক্ষা কৰাৰ পিছত যীচুৱে ১৯১৪ চনত ৰজা হিচাবে নিযুক্তিভাৰ গ্ৰহণ কৰে। ৰাজ্যভাৰ গ্ৰহণ কৰা চাৰে তিনি বছৰৰ পিছত অৰ্থাৎ ১৯১৮ চনত তেওঁ ঈশ্বৰৰ আধ্যাত্মিক মন্দিৰৰ নিৰীক্ষণ কৰিবলৈ আহে আৰু পাঁচনি পিতৰে কোৱা এই বাক্যশাৰী পূৰ্ণতা হয়: “ঈশ্বৰৰ গৃহত সোধ-বিচাৰৰ আৰম্ভণৰ সময় হৈছে।” (১ পিতৰ ৪:১৭; মলাখী ৩:১) সেইয়া আছিল লেখ-বুজ কৰাৰ সময়।

১৬ সেই দাসবিলাক অৰ্থাৎ অভিষিক্ত খ্ৰীষ্টানসকলে যীচুৱে দিয়া “গাগৰিৰ” সৈতে কি কৰিছিল? সা.যু. ৩৩ চনৰ পৰা লৈ ১৯১৪ চনলৈকে বহুতো অভিষিক্ত খ্ৰীষ্টানে অতি পৰিশ্ৰমী হৈ “বেপাৰ” কাৰ্য্যত ভাগ লৈছিল। (মথি ২৫:১৬) আনকি প্ৰথম বিশ্বযুদ্ধৰ সময়তো তেওঁলোকে অতি নিষ্ঠাৰে এই কাৰ্য্যত লাগি থকাৰ প্ৰমাণ দিছিল। গতিকে তেওঁলোকক অন্য এক বিশেষাধিকাৰৰ দ্বাৰা সুশোভিত কৰাৰ সময় আহিল। কিয়নো শেষ-কাল অন্ত হোৱাৰ পূৰ্বেই তেওঁলোকে সমুদায় পৃথিৱীত শুভবাৰ্ত্তা প্ৰচাৰ কৰা অৰ্থাৎ “পৃথিৱীৰ শস্য” দাব লগা আছিল। (প্ৰকাশিত বাক্য ১৪:৬, ৭, ১৪-১৬) তদুপৰি বাকী থকা অভিষিক্ত সকলক আৰু ‘অন্য মেৰ’ বৰ্গকো একত্ৰিত কৰিবলগীয়া আছিল।—প্ৰকাশিত বাক্য ৭:৯; মথি ১৩:২৪-৩০.

১৭. কেনেকৈ বিশ্বাসী বুদ্ধিমান দাসবৰ্গই ‘প্ৰভুৰ আনন্দৰ ভাগী হʼল’?

১৭ বাস্তৱতে শস্য দোৱাৰ সময় হৈছে এক আনন্দৰ সময়। (গীত ১২৬:৬) গতিকে ১৯১৯ চনত যীচুৱে তেওঁলোকক অন্য এক বিশেষাধিকাৰেৰে সুশোভিত কৰাটো একেবাৰে উপযুক্ত আছিল, যাৰ বিষয়ে তেওঁ স্বয়ং এইদৰে কৈছিল: “তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰকী পাতিম; তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা।” (মথি ২৫:২১, ২৩) তদুপৰি নতুনকৈ ৰজা হোৱা যীচুৱে অনুভৱ কৰা আনন্দক আমি কেতিয়াও অনুমান কৰিব নোৱাৰোঁ। (গীত ৪৫:১, ২, ৬, ৭) বিশ্বাসী বুদ্ধিমান দাসবৰ্গই প্ৰতিনিধি হৈ আৰু তেওঁৰ সম্পত্তিক বৃদ্ধি কৰি সেই আনন্দৰ ভাগী হʼব পাৰিলে। (২ কৰিন্থীয়া ৫:২০) তেওঁলোকে উপভোগ কৰা আনন্দৰ বিষয়ে আমি যিচয়া ৬১:১০ পদত এইদৰে পঢ়িবলৈ পাওঁ: “মই যিহোৱাত অতিশয় আনন্দ কৰিম, মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কিয়নো,  . . তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, ধাৰ্ম্মিকতাৰূপ চোলাৰে মোক ঢাকিলে।”

১৮. কিয় কিছুমান অভিষিক্ত খ্ৰীষ্টানে পৰীক্ষাত উত্তীৰ্ণ হʼব নোৱাৰিলে আৰু তেওঁলোকে কেনে পৰিণাম পালে?

১৮ ই অতি দুখৰ বিষয় যে কিছুমানে সেই পৰীক্ষাত উত্তীৰ্ণ হʼব নোৱাৰিলে। এই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “যিজনে এগাগৰি পাইছিল, সি আহি কলে, ‘হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াকে মই জানিলোঁ; আপুনি যি ঠাইত বোৱা নাই, তাতে দায়; আৰু যি ঠাইত সিচা নাই, তাতে চপায়; তাতে ভয় লাগি, মই গৈ, আপোনাৰ ধন গাগৰি মাটিত লুকাই থৈছিলোঁ; চাওক, আপোনাৰ যি, তাক পাইছে।’” (মথি ২৫:২৪, ২৫) ঠিক সেইদৰে কিছুমান অভিষিক্ত খ্ৰীষ্টানে সেই “বেপাৰ” কাৰ্য্যত জড়িত হোৱা নাছিল। ইয়াৰ উপৰিও তেওঁলোকে ১৯১৪ চনৰ আগৰে পৰা সক্ৰিয়ভাৱে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা নাছিল অথবা ১৯১৯ চনতো কোনো পদক্ষেপ নলʼলে। তেওঁলোকৰ এনে মনোবৃত্তিক দেখি যীচুৱে কেনে নিৰ্ণয় ললে? তেওঁ তেওঁলোকক দিয়া বিশেষাধিকাৰৰ পৰা বঞ্চিত কৰিলে আৰু ‘বাহিৰৰ আন্ধাৰত পেলোৱা হʼল, যʼত ক্ৰন্দন আৰু দাঁত কৰচনি কৰিবলগীয়া আছিল।’—মথি ২৫:২৮, ৩০.

পৰীক্ষা চলি থাকিল

১৯. কি অৰ্থত নিৰীক্ষণ কাৰ্য্য চলি আছে আৰু সকলো অভিষিক্ত ব্যক্তিয়ে কি কৰিবলৈ সঙ্কল্প লৈছে?

১৯ অৱশ্যে বেছিভাগ অভিষিক্ত খ্ৰীষ্টানে যীচুৱে নিৰীক্ষণ কৰিবলৈ অহা ১৯১৮ চনলৈকে ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি কাম কৰিবলৈ আৰম্ভ কৰা নাছিল। তেন্তে তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হʼব নোৱাৰিলেনে? নিশ্চই নহয়। কিয়নো বিশ্বাসী বুদ্ধিমান দাস বৰ্গ হিচাবে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে অৰ্থাৎ ১৯১৮/১৯ চনত নিৰীক্ষণ কাৰ্য্য আৰম্ভ হৈছিল। কিন্তু মোহৰ নমাৰালৈকে তেওঁলোকে ব্যক্তিগতভাৱে পৰীক্ষাৰ সম্মুখীন হৈ থাকিব লাগিব। (প্ৰকাশিত বাক্য ৭:১-৩) এই কথাষাৰ মনত ৰাখি তেওঁলোকে ‘নিৱিষ্টতাৰে বেপাৰ’ কৰি থাকিবলৈ সঙ্কল্প লৈছে। তেওঁলোকে দৃঢ় সঙ্কল্প লʼলে যে নিজৰ পোহৰক প্ৰজ্জ্বলিত কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে তেলৰ যোগান ধৰিব। তেওঁলোকে জানে যে মৃত্যু পৰ্য্যন্তলৈকে বিশ্বাসী হৈ থাকিলেহে যীচুৱে তেওঁলোকক স্বৰ্গীয় জীৱন প্ৰদান কৰিব।—মথি ২৪:১৩; যোহন ১৪:২-৪; ১ কৰিন্থীয়া ১৫:৫০, ৫১.

২০. (ক) বৰ্তমান সময়ৰ অন্য মেৰৰ লোকসকলে কি কৰিবলৈ সঙ্কল্প লৈছে? (খ) অভিষিক্ত ব্যক্তিসকলে কিহৰ বিষয়ে সতৰ্ক হৈ আছে?

২০ অন্য মেৰৰ সদস্যসকলে এই অভিষিক্ত বৰ্গৰ অনুকৰণ কৰিছে আৰু ভালদৰে জানে যে তেওঁলোকক এক গম্ভীৰ দায়িত্ব দিয়া হৈছে। (যিহিষ্কেল ৩:১৭-২১) ঈশ্বৰৰ বাক্য, পবিত্ৰ আত্মাৰ সহায়ৰ দ্বাৰা ধ্যানপূৰ্বক অধ্যয়ন আৰু খ্ৰীষ্টান সভাত একত্ৰিত হৈ তেওঁলোকে নিজৰ ওচৰত যথেষ্ট পৰিমাণে তেল ৰাখিছে। তেওঁলোকে অভিষিক্ত ব্যক্তিসকলৰ সৈতে মিলি প্ৰচাৰ আৰু শিক্ষাদান কৰা কাৰ্য্যৰ দ্বাৰা নিজৰ পোহৰ উজ্জ্বল কৰি ৰাখিছে। যিহেতু অভিষিক্ত বৰ্গৰ হাতত যে গাগৰিৰ দায়িত্ব দিয়া হৈছে তাৰ প্ৰতি তেওঁলোকে ভালদৰে জ্ঞাত আছে। পৃথিৱীত থকা প্ৰভুৰ সৰ্ব্বস্বৰ ওপৰত চোৱা-চিতা কৰাৰ বাবে তেওঁলোকে অৱশ্যেই লেখা দিব লাগিব। পৃথিৱীত যদিও তেওঁলোকৰ সংখ্যা নিচেই কম হোৱা স্বত্ত্বেও এই দায়িত্ব কেৱল তেওঁলোকেহে বহন কৰিব লাগিব। সেইবাবে “বিশ্বাসী বুদ্ধিমান দাসে” এই বেপাৰ কাৰ্য্যত নিৰন্তৰে ভাগ লৈছে আৰু অন্য মেৰৰ সদস্যসকলৰ সমৰ্থন পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই অন্য মেৰৰ সদস্যসকলে অভিষিক্ত বৰ্গৰ অধীনত কাম কৰাটো এক বিশেষাধিকাৰ হিচাবে গণ্য কৰে।

২১. কেনেধৰণৰ উপদেশ ১৯১৯ চনৰ আগৰ পৰালৈ আমাৰ সময়ৰ থকা সকলো খ্ৰীষ্টানৰ বাবে প্ৰযোজ্য হয়?

২১ এইদৰে সেই দুটা দৃষ্টান্তই ১৯১৯ চন বা সেই সময়ৰ ওচৰ-পাজৰে ঘটা ঘটনাবোৰক নিৰ্দ্দেশিত কৰে, তথাপিও সেই দুটা দৃষ্টান্তৰ সিদ্ধান্ত আজি সকলো খ্ৰীষ্টানৰ বাবে সমানেই প্ৰযোজ্য হয়। দহ জনী কন্যাৰ দৃষ্টান্তৰ শেষত দিয়া যীচুৰ পৰামৰ্শ যদিও প্ৰধানকৈ অভিষিক্ত বৰ্গৰ বাবে ব্যৱহাৰিক তথাপিও ইয়াৰ সিদ্ধান্ত আজি প্ৰত্যেকজন খ্ৰীষ্টানৰ বাবে কাৰ্য্যকাৰী। এতেকে আঁহক আমি সকলোৱে যীচুৰ এই পৰামৰ্শক পালন কৰোঁহঁক: “পৰ দি থাকা কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।”—মথি ২৫:১৩. (w04 3/1)

[ফুটনোটবোৰ]

^ তুলনা কৰি চালে এইটো জানিব পৰা যায় যে পাঁচনিবিলাকৰ মৃত্যুৰ পিছত “দুৰ্জন ৰাংকুকুৰবোৰ” অভিষিক্ত খ্ৰীষ্টানসকলৰ মাজৰ পৰা উৎপন্ন হৈছিল।—পাঁচনিৰ কৰ্ম্ম ২০:২৯, ৩০.

^ যীচুৱে দিয়া দৃষ্টান্তৰ আনটো আলোচনাৰ বিষয়ে অধিককৈ বুজিবলৈ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত “শান্তিৰ ৰাজকুমাৰৰ” অধীনত বিশ্বজুৰি সুৰক্ষা (ইংৰাজী) নামৰ কিতাপখনৰ ৫ আৰু ৬ অধ্যায়ত চাওক।

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• যীচুৱে কেতিয়া শিষ্যবিলাকৰ ওপৰত নিৰীক্ষণ কৰিবলৈ আহিছিল আৰু তেওঁ কেনে অৱস্থা দেখা পালে?

• কিছুমান অভিষিক্ত খ্ৰীষ্টানে “সেই দুষ্ট দাসৰ” নিচিনা মনোবৃত্তি কিয় দেখুৱাইছিল?

• আমি কেনেকৈ আধ্যাত্মিকভাৱে সজাগে থকাৰ প্ৰমাণ দিব পাৰোঁ?

• যীচুৰ অভিষিক্ত শিষ্যসকলক অনুকৰণ কৰি আমি কেনেকৈ নিৰন্তৰে “বেপাৰ” কাৰ্য্যত জড়িত থাকিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৪ পৃষ্ঠাৰ বক্স]

কি অৰ্থত যীচু আহিল?

মথি ২৪আৰু ২৫ অধ্যায়ত যীচু “আহিব” বুলি কোৱা উক্তিটো এক ভিন্ন অৰ্থত প্ৰকাশ পাইছে। ইয়াত তেওঁ শাৰীৰিক ৰূপ ধাৰণ কৰি “আহিব” বুলি কোৱা নাই। বৰঞ্চ, ইয়াৰ অৰ্থ হৈছে মানৱজাতি বা তেওঁৰ শিষ্যবিলাকক সোধ-বিচাৰ কৰাৰ অৰ্থৰে দৃষ্টি কৰা। উদাহৰণস্বৰূপে, ১৯১৪ চনত তেওঁ ৰজা হিচাবে “আগমণ” হʼল। (মথি ১৬:২৮; ১৭:১; পাঁচনিৰ কৰ্ম্ম ১:১১) ১৯১৮ চনত তেওঁ নিয়মটিৰ দূত হিচাবে সোধ-বিচাৰ কৰিবলৈ “আহিল।” (মলাখী ৩:১-৩; ১ পিতৰ ৪:১৭) হৰমাগিদোনৰ সময়ত তেওঁ যিহোৱাৰ সকলোবোৰ শত্ৰুক সোধ-বিচাৰ কৰিবলৈ “আহিব।”—প্ৰকাশিত বাক্য ১৯:১১-১৬.

মথি ২৪:২৯-৪৪ আৰু প্ৰকাশিত বাক্য ৭:১৪ পদত আহিব বুলি কোৱা উক্তিটো “মহা-ক্লেশৰ” সম্পৰ্কে ব্যৱহাৰ কৰা হৈছে। আনহাতে, মথি ২৪:৪৫ পদৰ পৰা ২৫:৩০ পদত কেইবা বাৰো উল্লেখ কৰা সেই উক্তিটো ১৯১৮ চনত তথাকথিত শিষ্যসকলক কৰা ন্যায়ৰ বিষয়ে প্ৰকাশ পাইছে। সেইবাবে এইটো কোৱা যুক্তিসঙ্গত নহʼব যে বিশ্বাসী বুদ্ধিমান দাসক সুশোভিত, নিৰ্ব্বুদ্ধি কন্যাসকলক আৰু এলেহুৱা দাসজনক ন্যায় কৰা হৰমাগিদোনৰ সময়ত যীচু “আহিব।” সেই সময়ত বহুতো অভিষিক্ত খ্ৰীষ্টানে নিজৰ বিশ্বাস বজাই ৰাখিবলৈ বিফল হʼব। যাৰ বাবে তেওঁলোকৰ সলনি আন বিশ্বাসী ব্যক্তিসকলক সেই বিশেষাধিকাৰ দিয়া হʼব। কিন্তু প্ৰকাশিত বাক্য ৭:৩ পদৰ অনুসৰি সেই সময়ছোৱাতে অভিষিক্ত বৰ্গৰ কপালত স্থায়ীভাৱে “ছাব” মৰা হʼব।

[১৬ পৃষ্ঠাৰ ছবি]

অভিষিক্ত আৰু অন্য মেৰৰ লোকসকলে নিৰন্তৰে নিজ নিজ পোহৰ প্ৰকাশময় কৰিছে

[১৭ পৃষ্ঠাৰ ছবি]

বিশ্বাসী বুদ্ধিমান দাসবৰ্গই “বেপাৰ” কাৰ্য্যত জড়িত আছিল

[১৭ পৃষ্ঠাৰ ছবি]

এলেহুৱা দাসে জড়িত নাছিল