Skip to content

Skip to table of contents

“শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য কৰা”

“শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য কৰা”

“শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য কৰা”

“তুমি সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, . . . শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য কৰা।”—২ তীমথিয় ৪:৫.

১. যীচুৱে তেওঁৰ অনুগামীসকলক কি কৰিবলৈ আজ্ঞা দিছিল?

 যিহোৱা ঈশ্বৰৰ নাম আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে পৃথিৱীৰ সকলোতে ঘোষণা কৰা হৈছে। তেনেদৰে হৈছে বুলি এইবাবে কʼব পৰা যায়, কিয়নো ঈশ্বৰৰ সমৰ্পিত লোকসকলে যীচুৱে তেওঁৰ শিষ্যসকলক দিয়া আজ্ঞাক আন্তৰিকতাৰে পালন কৰিছে। তেওঁ শিষ্যসকলক এইদৰে আজ্ঞা দিছিল: “তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।”—মথি ২৮:১৯, ২০.

২. অধ্যক্ষ তীমথিয়ে কেনে উপদেশ লাভ কৰিছিল আৰু বৰ্তমান সময়ৰ খ্ৰীষ্টান অধ্যক্ষসকলে কেনেকৈ পৰিচৰ্য্যা-কৰ্ম্মত আগভাগ লʼব পাৰে?

যীচুৰ প্ৰথম শতাব্দীৰ শিষ্যসকলে সেই আজ্ঞাক গম্ভীৰতাৰে পালন কৰিছিল। উদাহৰণস্বৰূপে, পাঁচনি পৌলে তেওঁৰ সঙ্গী খ্ৰীষ্টান অধ্যক্ষ তীমথিয়ক দৃঢ়তাৰে এইদৰে কৈছিল: “শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য কৰা, তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা।” (২ তীমথিয় ৪:৫) বৰ্তমান সময়ত এজন অধ্যক্ষই উৎসাহী ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হৈ নিয়মিতৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা তেওঁ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰিব পাৰে। উদাহৰণস্বৰূপে, প্ৰচাৰ কাৰ্য্যত মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষৰ বাবে আগভাগ লোৱা আৰু আনক প্ৰশিক্ষণ দিয়াটো এক বিশেষাধিকাৰ। এই ক্ষেত্ৰত পাঁচনি পৌলে ব্যক্তিগতভাৱে নিজেই শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰা আৰু আনক পৰিচৰ্য্যাৰ বাবে প্ৰশিক্ষণ দিয়াৰ দায়িত্ব সম্পন্ন কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ২০:২০; ১ কৰিন্থীয়া ৯:১৬, ১৭.

প্ৰাচীন সময়ৰ উৎসাহী প্ৰচাৰকসকল

৩, ৪. এজন শুভবাৰ্ত্তা প্ৰচাৰক হিচাবে ফিলিপে কেনে অভিজ্ঞতা লাভ কৰিছিল?

প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলক উৎসাহী প্ৰচাৰক হিচাবে জনা গৈছিল। যেনে, শুভবাৰ্ত্তা প্ৰচাৰক ফিলিপৰ বিষয়ে বিবেচনা কৰক। তেওঁ ‘আত্মাৰে জ্ঞানেৰে পৰিপূৰ্ণ হোৱা . . . সাত জনৰ মাজৰ’ এজন, যিজনক যিৰূচালেমত থকা হীব্ৰু আৰু গ্ৰীক ভাষা কোৱা খ্ৰীষ্টান বিধৱাবিলাকক দৈনিক আহাৰ দিবলৈ মনোনিত কৰা হৈছিল। (পাঁচনিৰ কৰ্ম্ম ৬:১-৬) এই বিশেষ কাৰ্য্য সম্পন্ন হোৱাৰ পিছত পাঁচনিবিলাকৰ বাহিৰে আন খ্ৰীষ্টানসকলে উৎপীড়নৰ বাবে বিভিন্ন ঠাইলৈ পলাই যাবলগীয়া হʼল। সেয়েহে ফিলিপে চমৰিয়া নগৰলৈ গৈ শুভবাৰ্ত্তা প্ৰচাৰ আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ অশুচি আত্মাবোৰক দূৰ কৰাৰ উপৰি জঠৰ ৰোগীবিলাকক সুস্থ কৰিলে।—পাঁচনিৰ কৰ্ম্ম ৮:৪-১৭.

তাৰ পিছত ঈশ্বৰৰ আত্মাই তেওঁক গচা নগৰলৈ যোৱা কুচ-দেশীয় নপুংসক জনক লগ ধৰিবলৈ পৰিচালিত কৰিলে। তেওঁ সেই “কুচ-দেশীয়বিলাকৰ কান্দকী ৰাণীৰ মন্ত্ৰীয়ে” পঢ়া যিচয়া ভাববাদী পুস্তকৰ বিষয়টোক স্পষ্টকৈ বুজোৱাৰ পিছত ব্যক্তিজনে যীচুক বিশ্বাস কৰি বাপ্তিষ্মা লৈছিল। (পাঁচনিৰ কৰ্ম্ম ৮:২৬-৩৮) তাৰ পৰা তেওঁ অচ্‌দোদ নগৰত “শুভবাৰ্ত্তা প্ৰচাৰ কৰি কৰি” কৈচৰিয়া নগৰত প্ৰৱেশ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৮:৩৯, ৪০) এজন শুভবাৰ্ত্তা প্ৰচাৰক হিচাবে তেওঁ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে।

৫. ফিলিপৰ চাৰি জনী জীয়েকক কিহৰ বাবে জনা গৈছিল?

ফিলিপে কৈচৰিয়াত ২০ বছৰ ধৰি প্ৰচাৰ কৰাৰ পিছতো তেওঁ এজন উৎসাহী প্ৰচাৰক আছিল। এই বিষয়ে যেতিয়া পাঁচনি পৌল আৰু পিতৰে তেওঁৰ ঘৰত কিছু দিনৰ বাবে থাকিবলৈ আহিছিল তেতিয়া তেওঁৰ “ভাবোক্তি প্ৰচাৰ কৰা চাৰি জনী অবিবাহিতা জীয়েকৰ” কথা-বতৰাৰ দ্বাৰা প্ৰমাণ পাইছিল। (পাঁচনিৰ কৰ্ম্ম ২১:৮-১০) তেওঁলোকে উত্তম প্ৰশিক্ষণ পোৱাৰ বাবে নিশ্চয়ে আধ্যাত্মিকতাত দৃঢ়, প্ৰচাৰ কাৰ্য্যত উৎসাহী আৰু আনকি ভাবোক্তি প্ৰচাৰ কৰাৰ বিশেষাধিকাৰ লাভ কৰিছিল। উৎসাহী হৈ পৰিচৰ্য্যা-কৰ্ম্মত ভাগ লোৱা পিতৃ-মাতৃৰ আৰ্হিয়ে বৰ্তমান সময়তো তেওঁলোকৰ লʼৰা-ছোৱালীৰ জীৱনত এক গম্ভীৰ প্ৰভাৱ পেলায়।

বৰ্তমান সময়ৰ শুভবাৰ্ত্তা প্ৰচাৰকসকল

৬. প্ৰথম শতাব্দীৰ শুভবাৰ্ত্তা প্ৰচাৰকসকলে কেনে সফলতা পাইছিল?

যীচুৱে আমাৰ দিন আৰু শেষ-কালৰ সৈতে জড়িত থকা ভৱিষ্যতবাণীত এইদৰে উল্লেখ কৰিছিল: “প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰিত হব লাগে।” (মাৰ্ক ১৩:১০) “সকলো জাতিৰ আগত” শুভবাৰ্ত্তা প্ৰচাৰিত হোৱাৰ পিছতহে ঈশ্বৰৰ ধ্বংস আহিব। (মথি ২৪:১৪) প্ৰথম শতাব্দীত পাঁচনি পৌল আৰু অন্য শুভবাৰ্ত্তা প্ৰচাৰকসকলে কৰা কাৰ্য্যৰ বাবে বহুতে খ্ৰীষ্টান হৈ পৰিছিল আৰু সমুদায় ৰোম নগৰৰ ঠায়ে ঠায়ে মণ্ডলী স্থাপন হৈছিল। এই মণ্ডলীবোৰত নিযুক্ত কৰা প্ৰাচীনসকলে ভাই-ভনীবিলাকৰ সৈতে মিলি দূৰ দূৰ ঠাইলৈকে শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। যাৰ বাবে ঈশ্বৰৰ বাক্য ব্যাপ্ত হৈ প্ৰবল হৈছিল। আজিও ঠিক সেইদৰে লাখ লাখ যিহোৱাৰ সাক্ষীসকলে তেনে কাৰ্য্যত ভাগ লৈছে। (পাঁচনিৰ কৰ্ম্ম ১৯:২০) আপুনিও তেওঁলোকৰ মাজৰ এজন আনন্দিত শুভবাৰ্ত্তা প্ৰচাৰকনে?

৭. বৰ্তমান সময়ৰ ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকসকলে কি কৰিছে?

বৰ্তমান সময়ৰ বহুতো শুভবাৰ্ত্তা প্ৰচাৰকে অধিককৈ এই কাৰ্য্যত ভাগ লবলৈ সুযোগবোৰৰ পৰা লাভ প্ৰাপ্ত কৰিছে। হাজাৰতকৈ অধিক লোকে মিছনাৰীৰ কাৰ্য্য আৰু লাখ লাখ সংখ্যক প্ৰচাৰকে পূৰ্ণ সময় সেৱাৰ বাবে নিজকে উপলব্ধ কৰাইছে। উৎসাহী ৰাজ্য প্ৰচাৰক হিচাবে পুৰুষ-স্ত্ৰী আৰু লʼৰা-ছোৱালীয়ে কিযে এক উত্তম কাৰ্য্য কৰিছে! বাস্তৱতে সকলো যিহোৱাৰ সাক্ষীয়ে উৎসাহী হৈ একে মনেৰে এই কাৰ্য্যত ভাগ লৈ ঈশ্বৰৰ আশীৰ্ব্বাদ প্ৰাপ্ত কৰি আনন্দ লাভ কৰিছে।—চফনিয়া ৩:৯.

৮. আজি কেনে ধৰণৰ চিন লগোৱা কাৰ্য্য কৰা হৈছে আৰু কোনসকলে ইয়াক কৰিছে?

সমুদায় পৃথিৱীত শুভবাৰ্ত্তা প্ৰচাৰ কৰা প্ৰমুখ দায়িত্বভাৰ ঈশ্বৰে অভিষিক্ত খ্ৰীষ্টানসকলক দিছে। তথাপিও তেওঁলোকৰ সৈতে এই কাৰ্য্যত লাখ লাখ ‘অন্য মেৰৰ’ সদস্যসকলেও ভাগ লৈছে। (যোহন ১০:১৬) ভৱিষ্যদ্বাণীমূলক হিচাবে এই জীৱন-ৰক্ষক কাৰ্য্য হৈছে ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা মানুহৰ কপালত চিন দিয়াৰ দৰে। অনতিপলমে দুষ্ট লোকসকলক ধ্বংস কৰা হʼব। সেইবাবে সকলোৰে আগত এই জীৱন-ৰক্ষক বাৰ্ত্তা প্ৰচাৰ কৰাটো আমি কিযে এক বিশেষাধিকাৰ বুলি ভাবো!

৯. কেনেকৈ নতুন প্ৰচাৰকসকলক পৰিচৰ্য্যা-কৰ্ম্মৰ বাবে সহায় কৰিব পৰা যায়?

যদি আমিও বহু আগৰে পৰা এই কাৰ্য্যত ভাগ লৈ আহিছোঁ তেন্তে মণ্ডলীত থকা নতুন প্ৰচাৰকসকলক সহায় কৰিব পাৰিম। উদাহৰণস্বৰূপে, আমি হয়তো তেওঁলোকক আমাৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আমন্ত্ৰণ কৰিব পাৰোঁ। মণ্ডলীৰ প্ৰাচীনসকলে সঙ্গী বিশ্বাসীবিলাকক সহায় কৰিবলৈ নিশ্চয়ে আগবাঢ়ি আহিব লাগে। নম্ৰ অধ্যক্ষসকলে কৰা প্ৰচেষ্টাই অন্যবিলাকক উৎসাহী আৰু ফলদায়ক শুভবাৰ্ত্তা প্ৰচাৰক হʼবলৈ সহায় কৰিব।—২ পিতৰ ১:৫-৮.

ঘৰে ঘৰে গৈ সাক্ষ্য দিয়া

১০. যীচু আৰু তেওঁৰ পাঁচনিবিলাকে প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে কেনে আৰ্হি ৰাখিলে?

১০ শুভবাৰ্ত্তা প্ৰচাৰক হিচাবে যীচুৱে তেওঁৰ শিষ্যবিলাকৰ বাবে এক উত্তম আৰ্হি ৰাখিলে। যীচুৰ প্ৰচাৰ কাৰ্য্য আৰু তেওঁৰ পাঁচনিবিলাকৰ সম্বন্ধে ঈশ্বৰৰ বাক্যই এইদৰে কৈছে: “তাৰ অলপৰ পাছত তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা আৰু প্ৰচাৰ কৰি ফুৰিলে আৰু . . . বাৰ জন পাঁচনি” তেওঁৰ সৈতে আছিল। (লূক ৮:১-২) সেই বাৰ জন পাঁচনিৰ বিষয়ে কি কʼব পৰা যায়? সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ত পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ “তেওঁলোকে নিতৌ নিতৌ ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ, আৰু যীচুৱেই সেই খ্ৰীষ্ট বুলি প্ৰচাৰ” কৰি ফুৰিছিল।—পাঁচনিৰ কৰ্ম্ম ৫:৪২.

১১. পাঁচনিৰ কৰ্ম্ম ২০:২০, ২১ পদৰ অনুসৰি পাঁচনি পৌলে প্ৰচাৰ কাৰ্য্যত কেনে পদ্ধতি ব্যৱহাৰ কৰিছিল?

১১ পাঁচনি পৌলে উৎসাহী হৈ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ বাবে ইফিচিয়া মণ্ডলীৰ অধ্যক্ষবিলাকক তেওঁ এইদৰে কʼব পাৰিলে: “তোমালোকৰ আগত, কোনো হিত কথা জনাবলৈ, আৰু সৰ্ব্বসাধাৰণৰ আগত, আৰু ঘৰে ঘৰে তোমালোকক উপদেশ দিবলৈ পাছ নুহুঁহকিলোঁ।” তেওঁ ‘ঘৰে ঘৰে উপদেশ দিয়াৰ সময়ত’ সঙ্গী উপাসকবিলাকক আধ্যাত্মিক তত্ত্বাৱধানৰ বাবে সাক্ষাৎ কৰিছিলনে? নিশ্চয়ে কৰা নাছিল, কিয়নো আগলৈ তেওঁ এইদৰে কৈছিল: “ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে যিহূদী আৰু গ্ৰীকবিলাকৰ আগত সাক্ষ্য দিলোঁ।” (পাঁচনিৰ কৰ্ম্ম ২০:২০, ২১) সাধাৰণতে যিহোৱালৈ সমৰ্পিত হোৱা সকলৰ বাবে “ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে” উপদেশ দিয়াৰ কোনো প্ৰয়োজন নাছিল। সেইবাবে তেওঁ ইফিচিয়া মণ্ডলীৰ প্ৰাচীনসকলক ঘৰে ঘৰে গৈ কৰা প্ৰচাৰ কাৰ্য্যৰ বাবে প্ৰশিক্ষণ দিছিল। তেনে কৰাৰ দ্বাৰা পাঁচনি পৌলে যীচুৱে ব্যৱহাৰ কৰা পদ্ধতিক অনুকৰণ কৰিছিল।

১২, ১৩. ফিলিপীয়া ১:৭ পদৰ অনুসাৰে যিহোৱাৰ সাক্ষীসকলে প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে কেনে মনোবৃত্তি দেখুৱাইছে?

১২ ঘৰে ঘৰে গৈ প্ৰচাৰ কৰা কাৰ্য্য প্ৰত্যাহ্বানজনক হʼব পাৰে। উদাহৰণস্বৰূপে, কিছুমানে ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যৰ বাবে আপত্তি জনায়। যিহেতু আমাৰ আন্তৰিক ইচ্ছা এইয়ে যে আমি যেন কাৰো বাবে বাধাৰ কাৰণ নহওঁ। ঘৰে ঘৰে গৈ কৰা প্ৰচাৰ কাৰ্য্য শাস্ত্ৰীয় পদৰ ওপৰত আধাৰিত। তদুপৰি ঈশ্বৰ আৰু লোকসকলৰ প্ৰতি থকা প্ৰেমৰ বাবেহে আমি তেনে কৰোঁ। (মাৰ্ক ১২:২৮-৩১) আমি যাতে কোনো আইন ভঙ্গ নকৰাকৈ এই কাৰ্য্য কৰিব পাৰোঁ তাৰ বাবে ন্যায়ালয়, আনকি আমেৰিকাৰ উচ্চতম ন্যায়ালয়তো আপিল কৰিছিলোঁ। (ফিলিপীয়া ১:৭) উচ্চতম ন্যায়ালয়ে আমাৰ পক্ষতে নিৰ্ণয় লৈছিল। মোকৰ্দমাৰ অন্তত জুৰীগৰাকীয়ে এইদৰে মতামত দিছিল:

১৩ “ঘৰে ঘৰে গৈ ধৰ্ম্মীয় সম্বন্ধীয় ট্ৰেক্ট বিতৰণ কৰাটো বহু শতাব্দী অৰ্থাৎ ছপাখানা আৱিষ্কাৰ হোৱাৰে পৰা চলি আহিছে। কিছু বছৰৰ আগেয়ে বহুতো ধাৰ্ম্মিক আন্দোলনত এনে ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে অধিককৈ সফল হোৱা দেখা গৈছিল। আজিও বিভিন্ন ধৰ্ম্মৰ পন্হীসকলে ব্যাপকভাৱে এই পদ্ধতি ব্যৱহাৰ কৰি সকলো ঠাইতে প্ৰচাৰ কৰি ফুৰিছে। তেওঁলোকে হাজাৰ হাজাৰ লোকৰ ঘৰত গৈ কিতাপ বিতৰণ কৰিছে আৰু শুভবাৰ্ত্তা প্ৰচাৰ কৰি লোকসকলক নিজৰ ফালে আকৰ্ষিত কৰিব বিচাৰিছে।  . . [আমেৰিকাৰ সংবিধানৰ] প্ৰথম সংশোধন অনুসাৰে গীৰ্জা ঘৰত হোৱা উপাসনা আৰু মঞ্চৰ পৰা দিয়া উপদেশক যিদৰে মান্যতা দিয়া হৈছে ঠিক সেইদৰে ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যকো দিছে।”—মাৰডোক ভি. পেনচিলভেনীয়া, ১৯৪৩ চন।

কিয় নিৰন্তৰে প্ৰচাৰ কৰা আৱশ্যক?

১৪. আমি কৰা পৰিচৰ্য্যা-কৰ্ম্মৰ কেনে উত্তম পৰিণাম হʼব পাৰে?

১৪ ঘৰে ঘৰে গৈ প্ৰচাৰ কৰাৰ বহুতো কাৰণ আছে। গৃহস্থক সাক্ষাৎ কৰি সত্য জ্ঞানৰ গুটি সিঁচিবলৈ প্ৰচেষ্টা কৰোঁ আৰু পুনৰ সাক্ষাতৰ দ্বাৰা আমি আধ্যাত্মিক পানী দিওঁ। তাৰ পিছত যি উত্তম পৰিণাম হʼব এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “মই ৰুলোঁ, আপল্লোৱে পানী দিলে; কিন্তু ঈশ্বৰেহে বঢ়ালে।” (১ কৰিন্থীয়া ৩:৬) তেন্তে আঁহক আমি ৰোৱা আৰু পানী দিয়া কাৰ্য্য কৰি যিহোৱাই যে ‘বঢ়াব’ তাক ভাৰসা কৰোঁহঁক।

১৫, ১৬. আমি কিয় বাৰম্বাৰ লোকসকলক সাক্ষাৎ কৰিব লাগে?

১৫ যিহেতু জীৱন আৰু মৃত্যু সন্মিলিত থকাৰ বাবে আমি শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ। কিয়নো প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা আমি নিজৰ আৰু আনৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হʼব পাৰোঁ। (১ তীমথিয় ৪:১৬) যদি কাৰোবাৰ জীৱন বিপদত পৰে, তেন্তে তেওঁক ৰক্ষা কৰিবলৈ আমি কেৱল এবাৰহে চেষ্টা কৰিমনে? নিশ্চয়ে নহয়। ঠিক সেইদৰে আমাৰ প্ৰচাৰ কাৰ্য্যৰ সৈতে পৰিত্ৰাণ সন্মিলিত থকাৰ বাবে আমি বাৰম্বাৰ লোকসকলক পুনৰ সাক্ষাৎ কৰা উচিত। হয়তো কোনোবাই আমাৰ শুভবাৰ্ত্তা আৰম্ভণিতে নুশুনিব পাৰে। কিন্তু পৰিস্থিতি সদায়ে একেই নাথাকে। তেওঁ হয়তো আন এক উপলক্ষ্যত আমাৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহ দেখুৱাব পাৰে। নতুবা তেওঁৰ ঘৰৰ আন এজন সদস্যই শুনি বাইবেল অধ্যয়ন কৰিবলৈ আগবাঢ়ি আহিব পাৰে।

১৬ সময় সাপেক্ষে কেৱল গৃহস্থৰ পৰিস্থিতিয়ে নহয় কিন্তু মনোবৃত্তিও সলনি হʼব পাৰে। উদাহৰণস্বৰূপে, তেওঁ হয়তো কোনো আপোনজনাক মৃত্যুত হেৰুৱাৰ বাবে এতিয়া আমাৰ বাৰ্ত্তাৰ প্ৰতি শুনিবলৈ ইচ্ছুক হʼব পাৰে। তেনে ধৰণৰ ব্যক্তিক হয়তো আমি শান্ত্বনা দিয়া, তেওঁৰ আধ্যাত্মিক আৱশ্যকতা পূৰ্ণ কৰা আৰু ইয়াৰ দ্বাৰা কেনে সন্তুষ্টি পোৱা যায়, তাক দেখুৱাব পাৰিম।—মথি ৫:৩, ৪.

১৭. আমি প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ প্ৰমুখ কাৰণটো কি?

১৭ ঘৰে ঘৰে গৈ বা অন্য ধৰণে প্ৰচাৰ কৰা মূখ্য কাৰণটো হৈছে যে সকলোৱে যাতে যিহোৱাৰ নামৰ বিষয়ে জানিবলৈ পায়। (যাত্ৰাপুস্তক ৯:১৬; গীত ৮৩:১৮) আমাৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যই এজন সত্যৰ প্ৰেমীক যিহোৱাৰ উপাসক হʼবলৈ সহায় কৰে বুলি জনাটো কিমান যে সন্তুষ্টিদায়ক বিষয়! গীতমালা ৰচোতাজনে এইদৰে কৈছিল: “হে যুবা আৰু যুৱতীবিলাক, বুঢ়া আৰু লৰাবিলাক, তোমালোক সকলোৱে পৃথিবীত যিহোৱাৰ প্ৰশংসা কৰা। সেইবিলাকে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো অকল তেওঁৰ নামেইহে উন্নত; তেওঁৰ গৌৰৱ পৃথিবী আৰু আকাশ-মণ্ডল জুৰিছে।”—গীত ১৪৮:১২, ১৩.

শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যই ব্যক্তিগতভাৱে লাভ প্ৰদান কৰে

১৮. শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

১৮ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যই আমালৈ বহুতো প্ৰকাৰৰ লাভ কঢ়িয়াই আনে। ঘৰে ঘৰে গৈ প্ৰচাৰ কৰা কাৰ্য্যই আমাক নম্ৰতা গুণ বিকশিত কৰিবলৈ সহায় কৰে। উদাহৰণস্বৰূপে, বিশেষকৈ আমাৰ বাৰ্ত্তাৰ প্ৰতি দেখুৱা অসন্মানজনক মনোবৃত্তিৰ সময়ত। যদি আমি কাৰ্য্যকাৰী শুভবাৰ্ত্তা প্ৰচাৰক হʼব বিচাৰিছোঁ তেন্তে আমি পাঁচনি পৌলৰ দৰে হোৱা উচিত, যিজনে ‘সকলোকে পৰিত্ৰাণৰ পাত্ৰ কৰিবলৈ সকলো প্ৰকাৰৰ হৈছিল।’ (১ কৰিন্থীয়া ৯:১৯-২৩) প্ৰচাৰ কাৰ্য্যত লাভ কৰা অভিজ্ঞতাই আমাক বিবেচনাশীল হʼবলৈ সহায় কৰে। যিহোৱাত ভাৰসা ৰাখা আৰু উচিত বাক্যবোৰ ব্যৱহাৰ কৰাৰ দ্বাৰা আমি পাঁচনি পৌলৰ এই পৰামৰ্শক পালন কৰিব পাৰিম, যʼত তেওঁ এইদৰে কৈছে: “কাক কেনেকৈ উত্তৰ দিব লাগে, তাক যেন তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোণৰ আস্বাদযুক্ত হওক।”—কলচীয়া ৪:৬.

১৯. পবিত্ৰ আত্মাই কেনেকৈ শুভবাৰ্ত্তা প্ৰচাৰকসকলক সহায় কৰে?

১৯ এই কাৰ্য্যই আমাক ঈশ্বৰ আত্মাৰ ওপৰতো ভাৰসা ৰাখিবলৈ পৰিচালিত কৰে। (জখৰিয়া ৪:৬) আনকি ইয়াৰ দ্বাৰা উৎপন্ন হোৱা প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব আৰু ইন্দ্ৰিয়-দমন নিচিনা আত্মাৰ ফলো আমাৰ কাৰ্য্যত দেখিবলৈ পোৱা যায়। (গালাতীয়া ৫:২২, ২৩) তদুপৰি প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলৰ সৈতে প্ৰেমপূৰ্বক, চিৰসহিষ্ণুতা আৰু শান্তিৰে ব্যৱহাৰ কৰিবলৈ সহায় কৰে। লগতে আমাৰ আনন্দ আৰু বিশ্বাসকো বজাই ৰাখে।

২০, ২১. শুভবাৰ্ত্তা প্ৰচাৰক হিচাবে নিজকে ব্যস্ত ৰাখিলে কেনে ধৰণৰ লাভসমূহ প্ৰাপ্ত কৰিব পাৰি?

২০ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যই অনা আন এটা লাভ হৈছে আমাত সমবেদনাশীল গুণ উৎপন্ন কৰা। উদাৰণস্বৰূপে, যেতিয়া লোকসকলে নিজৰ বেমাৰ, নিবনুৱা আৰু ঘৰুৱা সমস্যাৰ বিষয়ে কয় তেতিয়া আমি তেওঁলোকক শাস্ত্ৰ পদৰ দ্বাৰা শান্ত্বনা আৰু উৎসাহিত কৰিবলৈ চেষ্টা কৰোঁ। আমি এনে লোকসকলৰ প্ৰতি আগ্ৰহী যিসকলে আধ্যাত্মিকভাৱে দৃষ্টিহীন হোৱাৰ স্বত্ত্বেও ধাৰ্ম্মিকতাক প্ৰেম কৰে। (২ কৰিন্থীয়া ৪:৪) তদুপৰি “অনন্ত জীৱন পাবলৈ নিৰূপিত” হোৱাসকলক আধ্যাত্মিকভাৱে সহায় কৰিবলৈ পোৱাটো কিযে এক আনন্দৰ বিষয়!—পাঁচনিৰ কৰ্ম্ম ১৩:৪৮.

২১ নিয়মিতৰূপে কৰা শুভবাৰ্ত্তা কাৰ্য্যই আমাক আধ্যাত্মিক বিষয়সমূহৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিবলৈ সহায় কৰে। (লূক ১১:৩৪) ইয়াক এইবাবে এক লাভজনক বিষয় বুলি কʼব পৰা যায় কিয়নো ই আমাক বৰ্তমান জগতৰ ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰা ৰক্ষা কৰে। এই সন্দৰ্ভত পাঁচনি যোহনে এইদৰে প্ৰেৰিত কৰিছিল: “তোমালোকে জগতক, বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। জগত, আৰু তাৰ অভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:১৫-১৭) শুভবাৰ্ত্তা প্ৰচাৰক হিচাবে নিজকে প্ৰভুৰ কাৰ্য্যত ব্যস্ত ৰাখি আমি জগতক প্ৰেম কৰাৰ পৰা আঁতৰি থাকিব পাৰিম।—১ কৰিন্থীয়া ১৫:৫৮.

স্বৰ্গত ধন জমা কৰা

২২, ২৩. (ক) খ্ৰীষ্টান পৰিচাৰকসকলে কেনে ধৰণৰ ধন স্বৰ্গত জমা কৰিছে? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২২ উৎসাহী হৈ কৰা প্ৰচাৰ কাৰ্য্যই চিৰস্থায়ী লাভসমূহ কঢ়িয়াই আনে। এই লাভসমূহৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে, আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিবীত নিজলৈ ধন নাসাঁচিবা; কিন্তু যʼতে পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দি নিনিয়ে, এনে স্বৰ্গত নিজলৈ ধন সাঁচা। কিয়নো যʼতে তোমাৰ ধন, তʼতে তোমাৰ মনো হব।”—মথি ৬:১৯-২১.

২৩ তেন্তে আঁহক আমি আমাৰ ধন স্বৰ্গত জমা ৰাখি ইয়াকে মনত ৰাখোঁহঁক যে যিহোৱাৰ সাক্ষী হিচাবে ঈশ্বৰৰ প্ৰতিনিধি হোৱাতকৈ অধিক আন একোৱেই মহান বিশেষাধিকাৰ হʼব নোৱাৰে। (যিচয়া ৪৩:১০-১২) ঈশ্বৰৰ পৰিচাৰক হিচাবে আমি এই আজ্ঞাক পালন কৰি বহু সময় ধৰি যিহোৱাৰ সেৱাত থকা ৯০ বছৰীয়া এগৰাকী ভনীয়ে কোৱাৰ দৰে অনুভৱ কৰিব পাৰিম। তাই এইদৰে কৈছিল: “মোত অনেক দুৰ্ব্বলতা হোৱা স্বত্ত্বেও যিহোৱাই যে মোক তেওঁৰ সেৱাৰ বাবে যোগ্য বুলি গণ্য কৰিলে, তাৰ বাবে মই অতি কৃতজ্ঞ। তদুপৰি তেওঁ যে সদায়ে মোৰ প্ৰেমময় পিতৃ হৈ থাকে, এইয়ে মোৰ আন্তৰিক প্ৰাৰ্থনা।” ঠিক সেইদৰে আমিও যদি ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধক শ্ৰেষ্ঠ বুলি ভাবো তেন্তে সম্পূৰ্ণকৈ শুভবাৰ্ত্তা প্ৰচাৰক হোৱাৰ দায়িত্ব সম্পন্ন কৰিম। আমি কেনেকৈ সম্পূৰ্ণকৈ পৰিচৰ্য্যা-কৰ্ম্ম কৰিব পাৰোঁ তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w04 3/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• আমি কিয় শুভবাৰ্ত্তা প্ৰচাৰক হিচাবে কাৰ্য্য কৰা উচিত?

• বৰ্তমান আৰু অতীতৰ শুভবাৰ্ত্তা প্ৰচাৰকসকলৰ বিষয়ে আপুনি কি কʼব পাৰে?

• আমি কিয় ঘৰে ঘৰে গৈ প্ৰচাৰ কৰোঁ?

• শুভবাৰ্ত্তা প্ৰচাৰক হিচাবে কাৰ্য্য কৰি আপুনি কেনেকৈ লাভৱান হʼব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ছবিসমূহ]

বৰ্তমান সময়ৰ শুভবাৰ্ত্তা প্ৰচাৰকসকল ফিলিপ আৰু তেওঁৰ জীয়েকবিলাকৰ দৰে আনন্দিত

[২২ পৃষ্ঠাৰ ছবি]

আপুনি কেনেকৈ আনক শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দ্বাৰা ব্যক্তিগতভাৱে লাভৱান হʼব পাৰে?