জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাত ভাৰসা ৰাখক
জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাত ভাৰসা ৰাখক
“ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা।”—২ তীমথিয় ২:১৫.
১. কেনে ধৰণৰ পৰিৱৰ্তনে আমাৰ আধ্যাত্মিক বৃদ্ধিত প্ৰত্যাহ্বানৰূপে থিয় দিছে?
আমি জীয়াই থকা জগতখনৰ পৰিস্থিতি সদায়ে সলনি হৈ থাকে। নৈতিকতাৰ পতন হোৱাৰ এই সময়ছোৱাত বৈজ্ঞানীক ক্ষেত্ৰত দ্ৰুত গতিৰে উন্নতি হোৱা দেখিবলৈ পোৱা গৈছে। এই সম্বন্ধে পূৰ্বৱতী লেখত আলোচনা কৰিলোঁ যে আমি সকলো খ্ৰীষ্টানে এই জগতৰ আত্মাক প্ৰতিৰোধ কৰিব লাগে। জগতখনৰ পৰিৱৰ্তনৰ সৈতে আমিও বহুতো ক্ষেত্ৰত সলনি হৈছোঁ। যেনে, সৰুৰ পৰা ডাঙৰ হোৱা, সা-সম্পত্তি বা উত্তম স্বাস্থ্য আৰু আপোনলোকক হয়তো মৃত্যুত হেৰুৱাবলগীয়া হৈছে। তদুপৰি এনে ধৰণৰ পৰিৱৰ্তন আমাৰ সামৰ্থৰ বাহিৰত হোৱাৰ বাবে আধ্যাত্মিক বৃদ্ধিতো এক প্ৰত্যাহ্বানৰূপে থিয় দিছে।
২. দায়ূদে নিজৰ জীৱনকালত কেনে ধৰণৰ পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হৈছিল?
২ সাধাৰণভাৱে কʼবলৈ গলে নিচেই কম ব্যক্তিসকলেহে যিচয়ৰ পুত্ৰ দায়ূদৰ নিচিনাকৈ পৰীক্ষাৰ সম্মুখীন হʼবলগীয়া হৈছে। তেওঁ এজন মেৰৰখীয়াৰ পৰা জাতীয় বীৰ হিচাবে প্ৰখ্যাত হৈছিল। এসময়ত এজন অভিমানী ৰজাই দায়ূদক হত্যা কৰিবলৈ বিচাৰি ফুৰাত তেওঁ চিকাৰীৰ সন্মুখত প্ৰাণ ৰক্ষাৰ বাবে পলাই ফুৰা এটা হৰিণা পহুৰ দৰে নিজ জীৱন ৰক্ষাৰ অৰ্থে পলাই ফুৰিবলগীয়া হৈছিল। পিছলৈ দায়ূদ এজন ৰজা আৰু বিজেতা যুদ্ধা হিচাবে জনাজাত হৈ পৰিল। তেওঁ এক গম্ভীৰ পাপ কৰাৰ বাবে এক দুখজনক পৰিস্থিতি আৰু পৰিয়াল বিভাজনৰো সম্মুখীন হৈছিল। তেওঁ বহুতো ধন-সম্পত্তিৰ অধিকাৰী আৰু বৃদ্ধ হোৱাত সেই বয়সৰ সৈতে অহা ৰুগীয়া অৱস্থাৰো সম্মুখীন হৈছিল। এনে সকলোবোৰ পৰিস্থিতিতো তেওঁ গোটেই জীৱন যিহোৱা আৰু তেওঁৰ পবিত্ৰ আত্মাৰ ওপৰত ভাৰসা ৰাখিবলৈ এৰি দিয়া নাছিল। তেওঁ নিজকে “ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ” সকলো প্ৰকাৰৰ চেষ্টা কৰিছিল আৰু ইয়াৰ বাবে আশীৰ্ব্বাদো লাভ কৰিলে। (২ তীমথিয় ২:১৫) যদিও আমি দায়ূদৰ নিচিনাকৈ সমস্যাৰ সম্মুখীন হোৱা নাই তথাপিও সমস্যা কেনেকৈ সমাধান কৰিব পাৰি, তাক আমি তেওঁৰ পৰা শিকিব পাৰোঁ। জীৱনৰ ভিন্ন পৰিস্থিতিতো আমি কেনেকৈ ঈশ্বৰৰ আত্মাৰ ওপৰত নিৰন্তৰে ভাৰসা ৰাখিব পাৰোঁ, সেই বিষয়ে তেওঁ ৰাখা আৰ্হিৰ পৰা জানিব পাৰিম।
নম্ৰতাৰ সম্বন্ধে দায়ূদে ৰাখা এক উত্তম আৰ্হি
৩, ৪. দায়ূদ এজন সাধাৰণ মেৰৰখীয়াৰ পৰা কেনেকৈ জাতীয় বীৰ হৈ পৰিছিল?
৩ তৰুণ অৱস্থাত দায়ূদ পৰিয়ালবৰ্গৰ ভিতৰত এজন লেখত লʼবলগীয়া ব্যক্তি নাছিল। উদাহৰণস্বৰূপে, ভৱিষ্যতবক্তা চমূৱেলে ইস্ৰায়েলৰ হʼবলগীয়া ভাবী ৰজাজনক বাছনি কৰিবলৈ বৈৎলেহমত থকা দায়ূদৰ ঘৰলৈ অহাত তেওঁৰ পিতৃয়ে সাতজন পুত্ৰক চমূৱেলৰ আগত উপস্থিত কৰালে। কনিষ্ঠ পুতেক দায়ূদক মেৰবোৰক চোৱাচিতা কৰিবলৈ পথাৰত এৰি থৈ আহিল। তথাপিও যিহোৱাই দায়ূদক ইস্ৰায়েলৰ ৰজা হিচাবে অভিষিক্ত কৰিলে। তেওঁক পথাৰৰ পৰা মাতি অনা হৈছিল। তাৰ পিছত ঘটা ঘটনাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “চমূৱেলে তেলৰ শিংটো লৈ, তেওঁৰ ককায়েকবিলাকৰ মাজত তেওঁকেই অভিষেক কৰিলে; তাতে সেই দিনাৰ পৰা যিহোৱাৰ আত্মা অতিশয়ৰূপে দায়ূদত স্থিতি হল।” (১ চমূৱেল ১৬:১২, ১৩) দায়ূদে নিজৰ জীৱনকালত যিহোৱাৰ পবিত্ৰ আত্মাৰ ওপৰতহে নিৰ্ভৰ কৰিছিল।
৪ অতি কম সময়ৰ ভিতৰত এই মেৰৰখীয়া লʼৰাজন বিখ্যাত হʼবলগীয়া আছিল। প্ৰথমতে তেওঁক ৰজাৰ দৰবাৰত সেৱা কৰিবলৈ আৰু বীণা বজাবলৈ মতা হʼল। তাৰ পিছত সমুদায় ইস্ৰায়েল ৰাষ্ট্ৰত সন্ত্ৰাস সৃষ্টি কৰা পলেষ্টীয়াবিলাকৰ মহাবীৰ গলিয়াথক তেওঁ বধ কৰিলে। সেনাপতি হিচাবে পলেষ্টীয়াবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰি বিজয়ী হৈছিল আৰু লোকসকলৰ প্ৰিয় হৈ পৰিল। সেইবাবে লোকসকলে তেওঁক প্ৰশংসা কৰি কিছুমান গীত গাইছিল। আনকি ৰজা চৌলৰ দাসবিলাকৰ এজনে দায়ূদক কেৱল নিপুণ ‘বীণা বজাওঁতাই’ নহয় কিন্তু “পৰাক্ৰমী বীৰ, যুদ্ধাৰু, কথা কোৱাত বিবেচক, আৰু ৰূপৱান আৰু যিহোৱা তেওঁৰ লগত আছে” বুলিও কৈছিল।—১ চমূৱেল ১৬:১৮; ১৭:২৩, ২৪, ৪৫-৫১; ১৮:৫-৭.
৫. কিহৰ বাবে দায়ূদে নিজকে লৈ অহঙ্কাৰ কৰিব পাৰিলেহেঁতেন আৰু তেওঁ যে তেনে নকৰিলে, তাক আমি কেনেকৈ জানিব পাৰোঁ?
৫ পৰাক্ৰমী বীৰ, যুদ্ধাৰু, কথা কোৱাত বিবেচক, ৰূপৱান, নিপুণ বীণা বজাওঁতা আৰু যিহোৱা তেওঁৰ লগত থকা স্বত্বেও দায়ূদে কেতিয়াও অহঙ্কাৰ কৰা নাছিল। তদুপৰি ৰজা চৌলে তেওঁৰ জীয়েকৰ সৈতে বিয়া কৰোৱাৰ প্ৰস্তাৱ ৰাখাত তেওঁ যি কʼলে, সেইয়া মনকৰিবলগীয়া বিষয় আছিল। তেওঁ অতি নম্ৰতাৰে এইদৰে উত্তৰ দিছিল: “মই কোন, আৰু মোৰ জ্ঞাতি-কুটুম্ব কোন, ইস্ৰায়েলৰ মাজত মোৰ পিতৃৰ গোষ্ঠীয়েই বা কি, যে, মই মহাৰাজৰ জোঁৱাই হম?” (১ চমূৱেল ১৮:১৮) এই পদটোৰ বিষয়ে এজন বিদ্বানে এইদৰে মন্তব্য দিছিল: “দায়ূদে ইয়াকে কʼব বিচাৰিছিল যে মহাৰজাৰ জোঁৱায়েক হʼবলৈ তেওঁৰ ওচৰত কোনো যোগ্যতা, সামাজিক প্ৰতিষ্ঠা বা বংশগত অধিকাৰ নাছিল।”
৬. আমি কিয় নম্ৰতা গুণ বিকশিত কৰা উচিত?
৬ দায়ূদে জানিছিল যে যিহোৱা অসিদ্ধ মানৱৰ তুলনাত সকলোতকৈ শ্ৰেষ্ঠ। তথাপিও তেওঁ যে অসিদ্ধ মানৱৰ তত্বাৱধান লয়, তাক দেখি দায়ূদে অতিশয় আচৰিত হৈছিল। (গীত ১৪৪:৩) তদুপৰি তেওঁৰ সফলতা আৰু প্ৰশংসাৰ পিছত যে একমাত্ৰ যিহোৱাৰহে হাত আছে, ইয়াকো বুজিব পাৰিছিল। (গীত ১৮:৩৫) এইটো আমাৰ বাবে কিযে এক শিক্ষামূলক পাঠ নহয়নে বাৰু! আমি যেন কেতিয়াও নিজৰ প্ৰতিভা, সুকীৰ্তি আৰু বিশেষাধিকাৰৰ বাবে অহঙ্কাৰ নকৰোঁহঁক। এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছিল: “আনৰ পৰা পোৱা নাই, এনে বস্তু বা তোমাৰ কি আছে? যদি পোৱা হয় তেন্তে নোপোৱাৰ দৰে শ্লাঘা কৰিছা কিয়?” (১ কৰিন্থীয়া ৪:৭) আমি ঈশ্বৰৰ অনুমোদন আৰু তেওঁৰ পবিত্ৰ আত্মা পাবলৈ নম্ৰতাৰ গুণ বিকশিত কৰা আৰু বজাই ৰাখা উচিত।—যাকোব ৪:৬.
“অন্যায়ৰ প্ৰতিকাৰ নকৰিবা”
৭. চৌলক বধ কৰিবলৈ দায়ূদে কেনে ধৰণৰ সুযোগ পাইছিল?
৭ যদিও দায়ূদে নিজৰ গৌৰৱ কৰা নাছিল নতুবা ঈশ্বৰৰ পবিত্ৰ আত্মাৰ পৰা বঞ্চিত হোৱা চৌলৰ প্ৰতি কোনো হিংসা ভাব ৰাখিছিল, তথাপিও ৰজা চৌলে তেওঁক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচিছিল। যাৰ বাবে তেওঁ অৰণ্যত লুকাই ফুৰিবলগীয়া হৈছিল। আনকি এবাৰ ৰজা চৌলে দায়ূদক বিচাৰি দায়ূদ আৰু তেওঁৰ সঙ্গীবিলাকে লুকাই থকা এটা গুহাত অজানিতে আশ্ৰয় লৈছিল। তাতে সঙ্গীবিলাকে দায়ূদক কʼলে যে চৌলক বধ কৰিবলৈ ঈশ্বৰে আচলতে সুযোগ দিছে। আমি কল্পনা কৰিব পাৰোঁ যে সেই অন্ধকাৰময় গুহাত তেওঁলোকে হয়তো এইদৰে ফুচ্ফুচাই কথোপকথন কৰিছিল: “চোৱা যি দিনৰ বিষয়ে যিহোৱাই তোমাক কৈছিল, যে, চোৱা, ‘মই তোমাৰ শত্ৰুক তোমাৰ হাতত সমৰ্পণ কৰি দিম, তাতে তোমাৰ যি ইচ্ছা, তাকে তালৈ কৰিবা, আজিয়েই সেই দিন।’”—১ চমূৱেল ২৪:২-৬.
৮. দায়ূদে কিয় প্ৰতিশোধ লোৱাৰ পৰা আঁতৰি থাকিল?
৮ কিন্তু দায়ূদে তেনেদৰে কৰিবলৈ অমান্তি হʼল। বৰঞ্চ, তেওঁ বিশ্বাসৰ অনুসাৰে চলি ধৈৰ্য্যশীল হৈ সেই বিষয়টো যিহোৱাৰ ওপৰত এৰি দিলে। চৌলে গুহাৰ পৰা ওলাই অহাৰ পিছত দায়ূদে মাত লগাই এইদৰে কৈছিল: “মোৰ আপোনাৰে মাজত যিহোৱাই বিচাৰ কৰিব, আৰু যিহোৱাই মোৰ নিমিত্তে আপোনাৰ ওপৰত প্ৰতিকাৰ সাধিব; কিন্তু মোৰ হাত আপোনাৰ অহিতে নহব।” (১ চমূৱেল ২৪:১২) দায়ূদে যদিও জানিছিল যে চৌলে লোৱা পদক্ষেপ অনুচিত তথাপিও তেওঁ চৌলৰ বিৰুদ্ধে নতুবা কোনো প্ৰতিশোধ বা তিৰস্কাৰপূৰ্ণ ভাৱনা বিকশিত কৰিছিল। জীৱনৰ বহুতো ক্ষেত্ৰত তেওঁ নিজৰ বিবেকৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰতহে ভাৰসা কৰিছিল।—১ চমূৱেল ২৫:৩২-৩৪; ২৬:১০, ১১.
৯. আমি তাড়নাৰ সম্মুখীন হোৱাৰ সময়ত কিয় প্ৰতিশোধ লোৱা মনোবৃত্তি বিকশিত কৰা উচিত নহয়?
৯ দায়ূদৰ নিচিনা আপুনিও হয়তো তেনে ধৰণৰ পৰিস্থিতিৰ সম্মুখীন হʼব পাৰে। যেনে, স্কুলৰ সহপাঠী, সহকৰ্ম্মী আৰু আপোনাৰ সৈতে একে ধৰ্ম্মৰ নোহোৱা পৰিয়ালৰ সদস্য বা আনসকলৰ দ্বাৰা তাড়নাৰ সম্মুখীন হʼব পাৰে। যদি হৈছে তেন্তে প্ৰতিশোধ লোৱা মনোবৃত্তি নাৰাখিব। যিহোৱাত ভাৰসা ৰাখক আৰু পবিত্ৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰক। সম্ভৱতঃ আপোনাৰ এনে উত্তম আচাৰ-ব্যৱহাৰ দেখি তেনে লোকবিলাকে হয়তো সত্য ধৰ্ম্মৰ প্ৰতি আকৰ্ষিত হʼব পাৰে। (১ পিতৰ ৩:১) যিয়েই নহওঁক কিয়, আপুনি আশ্বাস ৰাখিব পাৰে যে যিহোৱাই তেওঁৰ সময় অনুযায়ী আপোনাক তেনে ধৰণৰ পৰিস্থিতিত সফল হʼবলৈ সহায় কৰিব। এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা; কিন্তু ক্ৰোধলৈ ঠাই থবা; কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, ‘প্ৰতিকাৰ কৰা মোৰ কৰ্ম্ম; মইহে প্ৰতিফল দিম।’”—ৰোমীয়া ১২:১৯.
“শিক্ষা মানি” চলা
১০. দায়ূদে কেনেকৈ পাপত পৰিল আৰু সেই পাপ কাৰ্য্যক লুকুৱাবলৈ তেওঁ কি কৰিলে?
১০ সময় অতিবাহিত হোৱাৰ লগে লগে দায়ূদ সকলোৰে প্ৰিয় ৰজা হিচাবে নিযুক্ত হৈছিল। তেওঁৰ উল্লেখনীয় বিশ্বস্ততা আৰু যিহোৱাৰ স্তুতিৰ সম্বন্ধে লিখা কিছুমান সুন্দৰ গীতে দেখুৱাইছে যে তেনে ধৰণৰ ব্যক্তিয়ে কেতিয়াও গম্ভীৰ পাপত পৰিব নোৱাৰে। কিন্তু ইয়াৰ বিপৰীতে ৰজা দায়ূদে গম্ভীৰ পাপ কৰিলে। এদিন আবেলি তেওঁ ৰাজগৃহৰ চালৰ ওপৰত ফুৰোঁতে এগৰাকী ৰূপহী তিৰোতাক গা ধুই থকা দেখিলে। অনুসন্ধান কৰি জানিব পাৰিলে যে তাই ঊৰিয়াৰ ভাৰ্য্যা বৎ-চেবা আৰু বৰ্তমানে তাইৰ স্বামী ৰণভূমিত আছে। তাৰ পিছত তেওঁ দূত পঠাই তাইক মতাই আনি তাইৰ সৈতে দৈহিক সম্পৰ্ক ৰাখিলে। কিছুমাহৰ পিছত তাই গৰ্ভবতী হৈছে বুলি জানিব পাৰি তেওঁ অতিশয় চিন্তিত হৈ ভাবি ধৰিলে যে যদি সমাজে এই বিষয়ে গম পাই তেন্তে কিযে এক দুৰ্নামজনক বিষয় হʼব! তদুপৰি মোচিৰ ব্যৱস্থাৰ অনুসৰি ব্যভিচাৰ কাৰ্য্যৰ পৰিণাম হৈছে মৃত্যুদণ্ড। তেনে পাপ লুকুৱাবলৈ তেওঁ এক পৰিকল্পনা কৰিলে। তেওঁ ৰণভূমিত থকা ঊৰীয়াক শ্ৰীঘেই যিৰূচালেমলৈ আহিবলৈ আদেশ দিলে যাতে ঊৰীয়াই এৰাতি তেওঁৰ ভাৰ্য্যাৰ সৈতে কটায়। কিন্তু যেতিয়া তেওঁৰ এই পৰিকল্পনা বিফল হʼল তেতিয়া তেওঁ এখন পত্ৰ লিখি ঊৰীয়াৰ হাতত দি সেনাধ্যক্ষ যোৱাবৰ ওচৰলৈ উভটাই পঠিয়ালে। সেই পত্ৰখনত লিখা আছিল যে ঊৰীয়াক যেন যুদ্ধৰ সম্মুখত ৰাখে যাতে শত্ৰুৰ আঘাতত নিশ্চিতভাৱে তেওঁৰ মৃত্যু হয়। সেনাধ্যক্ষ যোৱাবে এই আজ্ঞাৰ অনুসৰি ঊৰীয়াক যুদ্ধৰ সম্মুখত ৰাখিলে আৰু শত্ৰুৰ হাতত তেওঁৰ মত্যু হʼল। ঊৰীয়াৰ মৃত্যু-সম্বাদ পাই গিৰিয়েকৰ নিমিত্তে বৎ-চেবা কিছুদিন বিলাপ কৰি থাকিল। বিলাপৰ দিন শেষ হোৱাৰ পিছত দায়ূদে বৎ-চেৱাক নিজৰ পত্নী হিচাবে গ্ৰহণ কৰে।—২ চমূৱেল ১১:১-২৭.
১১. ভাববাদী নাথনে দায়ূদৰ ওচৰত কেনে দৃষ্টান্ত দাঙি ধৰিছিল আৰু ইয়াৰ প্ৰতি দায়ূদে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?
১১ দায়ূদে কৰা পৰিকল্পনা সফল হৈছিল যদিও যিহোৱাৰ দৃষ্টিত যে একো লুকাই নাথাকে সেই বিষয়ে তেওঁ পাহৰি গৈছিল। (ইব্ৰী ৪:১৩) কিছুমাহৰ পিছত বৎ-চেৱাই এটি পুত্ৰ জন্ম দিলে। তেতিয়া যিহোৱাই দায়ূদৰ ওচৰলৈ নাথন নামৰ এজন ভাববাদীক পঠিয়ালে। নাথনে দায়ূদৰ আগত এনে এক দৃষ্টান্ত দাঙি ধৰে যʼত এজন ধনৱান আৰু এজন দৰিদ্ৰ ব্যক্তি আছিল। ধনৱান ব্যক্তিজনে তেওঁৰ ঘৰলৈ অহা আলহীৰ বাবে ৰান্ধিবলৈ নিজৰ মেৰজাকৰ পৰা কোনো মেৰ নলৈ, দৰিদ্ৰজনৰ একমাত্ৰ মেৰ পোৱালিটিক বধ কৰি খাদ্যৰ বাবে প্ৰস্তুত কৰিলে। এই দৃষ্টান্ত শুনি দায়ূদে সেই ধনৱান ব্যক্তিজনৰ প্ৰতি অতিশয় ক্ৰুদ্ধ হʼল আৰু ব্যক্তিজনৰ অৱশ্যেই ন্যায়-বিচাৰ হোৱা আৱশ্যক বুলি কʼলে। কিন্তু আচলতে তেওঁ সেই দৃষ্টান্তটোৰ প্ৰকৃত অৰ্থ বুজি নাপালে। সেইবাবে তেওঁ নিজৰ বিষয়ে নাভাবি ধনৱান ব্যক্তিজন মৃত্যুৰ যোগ্য বুলি জোৰ দি ক্ৰোধিত হৈ এইদৰে কৈছিল: “যি মানুহে সেই কাম কৰিলে, তেওঁ মৃত্যুৰ যোগ্য।”—২ চমূৱেল ১২:১-৬.
১২. যিহোৱাই দায়ূদৰ অহিতে কেনে ন্যায়-বিচাৰ ঘোষণা কৰিলে?
১২ দায়ূদৰ উত্তৰ শুনি নাথনে তেওঁক এইদৰে কৈছিল: “তুমিয়েই সেই মানুহ।” দৰাচলতে ৰজা দায়ূদে নিজকে দণ্ডৰ যোগ্য বুলি কʼলে। ইয়াত কোনো সন্দেহ নাই যে ভাববাদীৰ কথা শুনি দায়ূদৰ ক্ৰুধ লোপ পালে আৰু অতিশয় লজ্জিত হৈ দুখ প্ৰকাশ কৰি নাথনে কোৱা যিহোৱাৰ ন্যায়-বিচাৰৰ কথাবোৰত কোনো আপত্তি নকৰাকৈ মনোযোগেৰে শুনিছিল। সেই কথাবোৰত কোনো শান্ত্বনাৰ বাক্য নাছিল। কিয়নো দায়ূদে জানিবুজি ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰাৰ বাবে তেওঁ আৰু তেওঁৰ বংশৰ ওপৰত অমঙ্গল ঘটিব বুলি কোৱা হৈছিল। তদুপৰি তেওঁ ছলেৰে ঊৰীয়াক শত্ৰুৰ তৰোৱালৰ দ্বাৰা বধ কৰোৱা নাছিলনে? সেয়েহে তৰোৱালে তেওঁৰ ঘৰখন নেৰিব। তেওঁ ঊৰীয়াৰ ভাৰ্য্যাক গোপনে নিজৰ পত্নী কৰি লোৱা নাছিলনে? একেইদৰে দায়ূদৰ ঘৰখনৰ সৈতে গোপনে নহয় কিন্তু সকলোৰে আগত প্ৰকাশ্যৰূপে ঘটিবলগীয়া আছিল।—২ চমূৱেল ১২:৭-১২.
১৩. যিহোৱাৰ অনুশাসনৰ প্ৰতি দায়ূদে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?
১৩ দায়ূদে নতুবা ভাববাদী নাথনৰ কথা শুনি ক্ৰোধিত বা নিজৰ ভুল মানি লবলৈ অমান্তি হৈছিল। তদুপৰি তেওঁ কৰা ভুল কাৰ্য্যৰ বাবে কোনো অজুহাতো দেখুৱা নাছিল। তেওঁ নিজৰ ভুল স্বীকাৰ কৰি এইদৰে কৈছিল: “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” (২ চমূৱেল ১২:১৩) আমি গীত ৫১ অধ্যায়ত তেওঁ মনোবেদনা আৰু গভীৰভাৱে কৰা মনপালটনৰ বিষয়ে পঢ়িবলৈ পাওঁ। তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “তোমাৰ সম্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা। ঈশ্বৰৰ বলি ভগ্ন মন; ‘হে ঈশ্বৰ, তুমি” পাপত “ভগ্ন আৰু খেদিত চিত্তক অগ্ৰাহ্য নকৰা।’” (গীত ৫১:১১, ১৭) দায়ূদে একেৰাহে যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ওপৰত ভাৰসা কৰিছিল। যদিও যিহোৱা ঈশ্বৰে তেওঁক ক্ষমা কৰিছিল তথাপিও তেওঁক ভুগীবলগীয়া পৰিণামৰ পৰা ৰক্ষা কৰা নাছিল।
১৪. আমি যিহোৱাৰ অনুশাসনৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত?
১৪ আমি সকলোৱে অসিদ্ধ হোৱাৰ বাবে পাপ কৰোঁ। (ৰোমীয়া ৩:২৩) হয়তো আমি কেতিয়াবা দায়ূদৰ নিচিনা কোনো গম্ভীৰ পাপত পৰিব পাৰোঁ। তেতিয়া যিহোৱাই আমাক এজন প্ৰেমময় পিতৃৰ দৰে অনুশাসন দিয়ে, যাতে আমি নিজকে শুধৰণী কৰি তেওঁৰ সেৱাত লাগি থাকোঁ। অনুশাসনে যদিও লাভ কঢ়িয়াই আনে তথাপিও ইয়াক গ্ৰহণ কৰাটো সহজ নহয়। কেতিয়াবা ই হয়তো আমাৰ বাবে “দুখৰ বিষয়” হʼব পাৰে। (ইব্ৰী ১২:৬, ১১) যদি আমি অনুশাসনক “অগ্ৰাহ্য নকৰোঁ” তেন্তে যিহোৱাৰ সৈতে পুনৰ সম্বন্ধ গঢ়ি তুলিব পাৰিম। (হিতোপদেশ ৮:৩৩) নিৰন্তৰে ঈশ্বৰৰ আত্মাৰ দ্বাৰা লাভৱান হʼবলৈ হʼলে আমি যিহোৱাৰ ইচ্ছাৰ সামঞ্জস্যত চলা আৰু অনুশাসনৰ প্ৰতি মনোযোগ দিয়া উচিত।
ধনৰ অনিশ্চয়তাত ভাৰসা নকৰিব
১৫. (ক) কিছুমান লোকে নিজৰ ধন-সম্পত্তি কেনেকৈ ব্যৱহাৰ কৰে? (খ) দায়ূদে নিজৰ ধন-সম্পত্তি কেনে ধৰণে ব্যৱহাৰ কৰিবলৈ বিচাৰিছিল?
১৫ আমি বাইবেলৰ কতো পঢ়িবলৈ নাপাওঁ যে দায়ূদ ধনী পৰিয়ালৰ পৰা আহিছিল বা তেওঁৰ পৰিয়ালবৰ্গ ধনৱান আছিল। কিন্তু দায়ূদে নিজৰ শাসনকালত বহুতো ধন-সম্পত্তি সঞ্চিত কৰিছিল। বৰ্তমান সময়ত আপুনি হয়তো দেখিবলৈ পাইছে যে বহুতে ধন-সম্পত্তি সঞ্চিত, লোভী হৈ ইয়াক বৃদ্ধি আৰু নিজৰ স্বাৰ্থ পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰে। আন কিছুমানে নিজকে মহিমা কৰিবলৈ সা-সম্পত্তিৰ ব্যৱহাৰ কৰে। (মথি ৬:২) ইয়াৰ বিপৰীতে, দায়ূদে উচিত কাৰ্য্যৰ বাবে ধন-সম্পত্তিৰ ব্যৱহাৰ কৰিছিল। তেওঁ যাতে যিহোৱাৰ বাবে মন্দিৰ নিৰ্ম্মাণ কৰি যিৰূচালেমৰ “আঁৰ-কাপোৰৰ ভিতৰত” থকা স্থানত ঈশ্বৰৰ চন্দুক থব পাৰে, এই বিষয়ে ভাববাদী নাথনৰ আগত প্ৰস্তাৱ ৰাখিছিল। যিহোৱাই যদিও তেওঁৰ এনে মনোবৃত্তি দেখি অতি সন্তোষ হৈছিল তথাপিও ভাববাদী নাথনৰ দ্বাৰা জনাইছিল যে এই নিৰ্ম্মাণকাৰ্য্যৰ দায়িত্ব তেওঁৰ পুত্ৰ চলোমনকহে দিয়া হʼব।—২ চমূৱেল ৭:১, ২, ১২, ১৩.
১৬. মন্দিৰ নিৰ্ম্মাণ কাৰ্য্যৰ বাবে দায়ূদে কেনে ধৰণৰ প্ৰস্তুতি কৰিছিল?
১৬ মন্দিৰৰ নিৰ্ম্মাণ কাৰ্য্যৰ বাবে দায়ূদে প্ৰয়োজনীয় বস্তুবোৰ জমা কৰিলে। সেই বিষয়ে চলোমনক উদ্দেশ্য কৰি দায়ূদে এইদৰে কৈছিল: “চোৱা, মই অতি কষ্টেৰে যিহোৱাৰ গৃহৰ নিমিত্তে এক লাখ কিক্কৰ সোণ, আৰু দহ লাখ কিক্কৰ ৰূপ, আৰু অধিক হোৱাৰ নিমিত্তে নোজোখাকৈ পিতল আৰু লোহা যুগুত কৰি থৈছোঁ, কাঠ আৰু শিলো যুগুত কৰি থৈছোঁ; তুমি আৰু যুগুত কৰিব পাৰিবা।” দায়ূদে নিজৰ ফালৰ পৰা তিনি হাজাৰ কিক্কৰ সোণ আৰু সাত হাজাৰ কিক্কৰ শুদ্ধ ৰূপ দান কৰিছিল। * (১ বংশাৱলি ২২:১৪; ২৯:৩, ৪) এনে বহুমূলীয়া বস্তুবোৰ দান কৰি তেওঁ যে এজন উদাৰশীল ব্যক্তি বুলি নহয় কিন্তু ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস আৰু ভক্তিহে প্ৰকাশ কৰিছিল। তেওঁ তেনে সমৃদ্ধিশালী হোৱাৰ বাবে যে যিহোৱাই আশীৰ্ব্বাদ কৰিছে সেই বিষয়ে জানিব পাৰি এইদৰে কৈছিল: “সকলো তোমাৰ পৰাহে হয়, তোমাৰ হাতৰ পৰা যি পাইছোঁ, তাকেহে আমি তোমাক দিছোঁ।” (১ বংশাৱলি ২৯:১৪) সত্য উপাসনাৰ বাবে তেনে পদক্ষেপ লʼবলৈ দায়ূদৰ উদাৰ মনে তেওঁক প্ৰেৰিত কৰিছিল।
১৭. প্ৰথম তীমথিয় ৬:১৭-১৯ পদৰ পৰামৰ্শটো ধনৱান আৰু দৰিদ্ৰ এই উভয়ৰ বাবে কেনেকৈ ব্যৱহাৰিক?
১৭ ঠিক সেইদৰে আমিও উত্তম কাৰ্য্যৰ বাবে নিজৰ ধন-সম্পত্তিৰ ব্যৱহাৰ কৰিব পাৰোঁ। আমি ভৌতিকবাদ হোৱাৰ পৰিৱৰ্তে যিহোৱাৰ অনুমোদন পাবলৈ চেষ্টা কৰা উচিত যিয়ে আমাক বুদ্ধি আৰু সন্তুষ্টি প্ৰদান কৰিব। এই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “যিবিলাক ইহলোকত ধনৱন্ত, তেওঁবিলাকক এই আজ্ঞা দিয়া যে, তেওঁবিলাক উচ্চমনা নহওক, আৰু তেওঁবিলাকে ধনৰ অনিশ্চয়তাত ভাৰসা নকৰি, যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক; তেওঁবিলাকে সৎকৰ্ম্ম কৰি, উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক; বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছুক হওক; প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ পৰকালৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূলস্বৰূপ ধন সাঁচক।” (১ তীমথিয় ৬:১৭-১৯) এতেকে আমাৰ আৰ্থিক অৱস্থা যেনেকুৱাই নহওক কিয়, আঁহক আমি ঈশ্বৰৰ পবিত্ৰ আত্মাত ভাৰসা ৰাখি এনে ধৰণে জীৱন-যাপন কৰোঁহঁক যিয়ে আমাক “ঈশ্বৰলৈ ধনৱান” কৰি তুলিব। (লূক ১২:২১) যিহোৱাৰ আগত গ্ৰহণযোগ্য হোৱাৰ তুলনাত আন একোৱেই বহুমূল্য হʼব নোৱাৰে।
ঈশ্বৰৰ আগত গ্ৰহণযোগ্য হʼবলৈ যত্ন কৰক
১৮. প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে দায়ূদে কেনে এক উত্তম আৰ্হি ৰাখিলে?
১৮ দায়ূদে গোটেই জীৱনকাল ঈশ্বৰৰ আগত গ্ৰহণযোগ্য হʼবলৈ যত্ন কৰিছিল। তেওঁ লিখা এটি গীতত এইদৰে প্ৰকাশ পাইছে: “হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে।” (গীত ৫৭:১) যিহোৱাত ৰাখা তেওঁৰ ভাৰসা নিৰৰ্থক নাছিল। কিয়নো বাইবেলে কৈছে যে তেওঁ “বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস” পাইছিল। (১ বংশাৱলি ২৩:১) যদিও তেওঁ এসময়ত গম্ভীৰ পাপ কৰিছিল তথাপিও তেওঁক এজন বিশ্বাসী ব্যক্তি হিচাবে জনা যায়।—ইব্ৰী ১১:৩২.
১৯. আমি কেনেকৈ ঈশ্বৰৰ আগত গ্ৰহণযোগ্য হিচাবে উপস্থিত থাকিবলৈ যত্ন কৰিব পাৰোঁ?
১৯ মনত ৰাখক যে জীৱনৰ অস্থিৰতাৰ সময়ত যিহোৱাই আপোনাক দায়ূদৰ দৰে অনুশাসন, প্ৰতিপাদন আৰু সামৰ্থ প্ৰদান কৰিব। দায়ূদৰ দৰে পাঁচনি পৌলেও নিজৰ জীৱনত বহুতো সমস্যাৰ সম্মুখীন হৈছিল। কিন্তু তেৱোঁ ঈশ্বৰৰ আত্মাৰ ওপৰত ভাৰসা ৰাখি বিশ্বাসী হৈ থাকিল। সেইবাবে তেওঁ এইদৰে লিখিলে: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।” (ফিলিপীয়া ৪:১২, ১৩) আমিও যদি যিহোৱাত ভাৰসা ৰাখোঁ, তেন্তে তেওঁ আমাক সফল হʼবলৈ সামৰ্থ দিব। কিয়নো তেওঁৰ ইচ্ছা এইয়ে যে আমি যেন সফল হওঁ। যদি আমি ঈশ্বৰৰ বাক্যৰ প্ৰতি মনোযোগ দিওঁ আৰু তেওঁৰ কাষ চাপি আহোঁ, তেন্তে তেওঁ নিজ ইচ্ছাৰ সামঞ্জস্যত চলিবলৈ আমাক সহায় কৰিব। তদুপৰি আমি যদি সকলো সময়তে তেওঁৰ পবিত্ৰ আত্মাৰ ওপৰত ভাৰসা ৰাখোঁ তেন্তে আমি বৰ্তমান আৰু চিৰকাললৈকে তেওঁৰ আগত ‘গ্ৰহণযোগ্য হিচাবে উপস্থিত’ থাকিব পাৰিম।—২ তীমথিয় ২:১৫. (w04 4/1)
[ফুটনোট]
^ মন্দিৰ নিৰ্ম্মাণ কাৰ্য্যৰ বাবে তেওঁ দান কৰা ধনৰ মূল্যৰ পৰিমাণ বৰ্তমান সময়ৰ ৫,৬০০ কোটি টকাতকৈ অধিক আছিল।
আপুনি কেনেকৈ উত্তৰ দিব?
• আমি কেনেকৈ অহঙ্কাৰ কৰাৰ পৰা আঁতৰি থাকিব পাৰোঁ?
• আমি কিয় প্ৰতিশোধ লোৱা মনোভাৱক বিকশিত কৰাৰ পৰা বিৰত থকা উচিত?
• অনুশাসনৰ প্ৰতি আমি কেনে মনোবৃত্তি ৰাখা উচিত?
• আমি কিয় ধন-সম্পত্তিৰ পৰিৱৰ্তে ঈশ্বৰক ভাৰসা কৰা উচিত?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৬, ১৭ পৃষ্ঠাৰ ছবি]
দায়ূদে পবিত্ৰ আত্মাৰ ওপৰত ভাৰসা ৰাখিছিল আৰু ঈশ্বৰৰ গ্ৰহণযোগ্য হʼব বিচাৰিছিল। আপুনিও সেইদৰে যত্ন কৰিছেনে?
[১৮ পৃষ্ঠাৰ ছবি]
“সকলো তোমাৰ পৰাহে হয়, তোমাৰ হাতৰ পৰা যি পাইছোঁ, তাকেহে আমি তোমাক দিছোঁ”