পৃথিৱীত যেতিয়া ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হ’ব
পৃথিৱীত যেতিয়া ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হʼব
যীচুৱে স্বৰ্গত তেওঁৰ পিতৃৰ সৈতে বাস কৰি লাভ কৰা অভিজ্ঞতাৰ বাবেহে তেওঁৰ শিষ্যসকলক “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক,” বুলি প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। (মথি ৬:১০; যোহন ১:১৮; ৩:১৩; ৮:৪২) দৰাচলতে যীচুৱে তেওঁৰ পিতৃৰ সৈতে স্বৰ্গত মানৱপূৰ্বে অস্তিত্বত থকা সময়ত নিজেই অভিজ্ঞতা হৈছিল যে ঈশ্বৰৰ ইচ্ছা হৈছে যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো হোৱা আৱশ্যক। সেইয়া সম্পন্নতা আৰু সন্তুষ্টিদায়ক সময় আছিল।—হিতোপদেশ ৮:২৭-৩১.
ঈশ্বৰে প্ৰথমে আত্মিক প্ৰাণীবিলাক অৰ্থাৎ ‘তেওঁৰ বাক্য সিদ্ধ কৰোঁতা পৰাক্ৰমী স্বৰ্গদূতবিলাকক’ সৃষ্টি কৰিলে। ‘তেওঁলোকে যিহোৱাৰ ইচ্ছা পূৰ কৰোঁতা তেওঁৰ পৰিচাৰক’ আছিল আৰু এতিয়াও তেনেদৰে কৰি আছে। (গীত ১০৩:২০, ২১) সেই স্বৰ্গদূতবিলাকে নিজৰ ইচ্ছাৰে কাৰ্য্য কৰিবলৈ স্বাধীন আছিলনে? অৱশ্যেই আছিল, সেইবাবে পৃথিৱীখনক সৃষ্টি কৰাৰ পিছত “ঈশ্বৰৰ সকলো সন্তানবিলাকে জয়ধ্বনি কৰিছিল।” (ইয়োব ৩৮:৬) তেওঁলোকৰ জয়ধ্বনিয়ে ঈশ্বৰৰ ইচ্ছাত হোৱা ব্যক্তিগত আনন্দক প্ৰকাশ কৰিলে আৰু এইটোও প্ৰকাশ কৰিলে যে তেওঁলোকে ঈশ্বৰে কৰা উদ্দেশ্যৰ সৈতে সন্মত।
ঈশ্বৰে পৃথিৱীখন সৃষ্টি কৰাৰ পিছত মানুহে বাস কৰিব পৰাকৈ উপযোগী কৰি শেষত প্ৰথম মানুহ আৰু স্ত্ৰী সৃষ্টি কৰিলে। (আদিপুস্তক ১ অধ্যায়) ইয়াৰ বাবে হৰ্ষধ্বনিৰ কোনো আৱশ্যকতা আছিলনে? প্ৰেৰিত বাক্যত এইদৰে বৰ্ণনা কৰা হৈছে: “পাছে ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে।” গতিকে ইয়াত কোনো সন্দেহ নাই যে সেই সকলো একেবাৰে শুদ্ধ আছিল।—আদিপুস্তক ১:৩১.
প্ৰথম পিতৃ-মাতৃ আৰু তেওঁলোকৰ লʼৰা-ছোৱালীৰ বাবে ঈশ্বৰৰ ইচ্ছা কি আছিল? আদিপুস্তক ১:২৮ পদৰ অনুসাৰে তেওঁলোকৰ প্ৰতি থকা সেই উদ্দেশ্য উত্তম আছিল আৰু তাত এইদৰে কোৱা হৈছে: “ঈশ্বৰে সিবিলাকক আশীৰ্ব্বাদ কৰিলে; ঈশ্বৰে সিবিলাকক কলে, তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা; আৰু সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, আৰু পৃথিবীত বগাই ফুৰা সকলো জীৱজন্তুৰ ওপৰত অধিকাৰ চলোৱা।” এই অত্যুত্তম আজ্ঞাক পূৰ্ণ কৰিবলৈ হʼলে আমাৰ আদি পিতৃ-মাতৃয়ে তেওঁলোকৰ লʼৰা-ছোৱালীৰ সৈতে চিৰকালৰ বাবে জীয়াই থাকিব লাগিছিল। এই উদ্দেশ্যত তেওঁলোকে ভয় কৰিবলৈ কোনো দুৰ্ঘটনা, অন্যায়, হৃদয়বিদাৰক পৰিৱেশ বা মৃত্যুৰ বিষয়ে উল্লেখ কৰা নাছিল।
এইটোৱে সেই সময় আছিল যিদৰে স্বৰ্গত তেনেদৰে পৃথিৱীতো ঈশ্বৰে নিজৰ ইচ্ছা পূৰ্ণ কৰিছিল। ঈশ্বৰৰ ইচ্ছাৰ সামঞ্জস্যত জীৱন-যাপন কৰি সেই অনুসৰি কাৰ্য্য কৰা হʼলে তেওঁলোকে অধিক সুখী হʼব পাৰিলেহেঁতেন। কিন্তু মানুহে কিয় সুখী হʼব নোৱাৰিলে?
ঈশ্বৰৰ ইচ্ছাত কোনো এক অপ্ৰত্যক্ষ প্ৰত্যাহ্বান উৎপন্ন হʼলনে? অৱশ্যেই নহয় আৰু যদিও হোৱা হʼলে সেই প্ৰত্যাহ্বান সমাধানহীন নাছিল। তথাপিও সেই প্ৰত্যাহ্বানে মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ ইচ্ছাত বিশৃঙ্খলতা সৃষ্টি কৰি দীৰ্ঘসময়ৰ বাবে বিষণ্ণতা আৰু শোক কঢ়িয়াই আনিলে। তাৰবাবে আমিও আজি সকলোৱে তাৰ দ্বাৰা পীড়িত হলোঁ। সেই প্ৰত্যাহ্বানটো কি আছিল?
এক বিদ্ৰোহৰ সময়ছোৱাত ঈশ্বৰৰ ইচ্ছা
‘ঈশ্বৰৰ আত্মিক সন্তানবিলাকৰ’ মাজৰ এজনে মানুহৰ প্ৰতি থকা ঈশ্বৰৰ ইচ্ছাত হস্তক্ষেপ কৰি নিজৰ লাভ হোৱাৰ সম্ভাৱনা দেখিলে। এই বিষয়ে যিমানেই সেই আত্মিক প্ৰাণীজনে ভাবিব যাকোব ১:১৪, ১৫) সি হয়তো এই মীমাংসাত উপনীত হৈছিল যে যদি প্ৰথম মানৱ দম্পতীক ঈশ্বৰৰ পৰিৱৰ্তে তাৰ কথা শুনিবলৈ পতিয়ন নিয়াব পাৰে, তেনেহʼলে ঈশ্বৰে বাধ্য হৈ এই বিদ্ৰোহী সাৰ্ব্বভৌমত্বক সহন কৰিব লাগিব। সি হয়তো মনতে এইদৰে ভাবিছিল যে ঈশ্বৰে নিজৰ উদ্দেশ্যক বিফল কৰিবৰ অৰ্থে তেওঁলোকক মৃত্যুদণ্ড নিদিব। তাৰ পৰিৱৰ্তে যিহোৱা ঈশ্বৰে নিজৰ উদ্দেশ্যত সাল-সলনি কৰি মানৱজাতিয়ে অধীন হোৱা সেই আত্মিক প্ৰাণীজনক তাৰ স্থানত ৰাখিব। সেয়েহে উপযুক্তৰূপে সেই আত্মিক প্ৰাণীজনক চয়তান অৰ্থাৎ “প্ৰতিৰোধী” বুলি কোৱা হʼল।—ইয়োব ১:৬.
ধৰিলে তাৰ বাবে সিমানেই আৰু আকৰ্ষণীয় বিষয় হৈ পৰিল। (চয়তানে নিজৰ ইচ্ছাৰ অনুসাৰে প্ৰথম মানৱ স্ত্ৰীগৰাকীৰ কাষ চাপিল। সি তাইক যিহোৱাৰ ইচ্ছা উলঙ্ঘন কৰি নৈতিকভাৱে স্বাধীন হʼবলৈ এইদৰে অনুপ্ৰাণিত কৰিলে: “দৰাচলতে তোমালোকে নমৰা; . . . যি দিনা তোমালোকে তাৰ ফল খাবা, সেই দিনাই . . . ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হবা।” (আদিপুস্তক ৩:১-৫) সেই স্ত্ৰীগৰাকীয়ে চয়তানৰ কথাত পতিয়ন গৈ স্বাধীনতা লাভ কৰিব বুলি কোৱা কথাষাৰ বিশ্বাস কৰিলে আৰু ফলটো খালে। তাৰ পিছত তাই নিজৰ গিৰীয়েককো ফলটো খাবলৈ দিলে।—আদিপুস্তক ৩:৬.
প্ৰথম মানৱ দম্পতীয়ে তেনে কৰাটো ঈশ্বৰৰ ইচ্ছা নাছিল। দৰাচলতে সেইটো তেওঁলোকৰ ইচ্ছা আছিল। যাৰ ফলস্বৰূপে সকলোলৈ এক ধ্বংসাত্মক পৰিস্থিতি কঢ়িয়াই আনিলে। ঈশ্বৰে আগতেই তেওঁলোকক তেনে কৰাৰ পৰিণাম মৃত্যু বুলি কৈছিল। (আদিপুস্তক ৩:৩) তেওঁলোকক ঈশ্বৰৰ পৰা স্বাধীন হৈ জীৱন-যাপন কৰিবলৈ সৃষ্টি কৰা নাছিল। (যিৰিমিয়া ১০:২৩) তদুপৰি তেওঁলোক অসিদ্ধ হৈ পৰিল আৰু তেওঁলোকৰ সতি-সন্ততিৰ বাবে উত্তৰাধিকাৰৰূপে অসিদ্ধতা আৰু মৃত্যু প্ৰদান কৰিলে। (ৰোমীয়া ৫:১২) চয়তানে সেই পৰিস্থিতিক ঠিক কৰিব নোৱাৰিলে।
এনেদৰে হোৱাৰ দ্বাৰা চিৰকালৰ বাবে ঈশ্বৰৰ উদ্দেশ্যত বা মানৱজাতি আৰু পৃথিৱীৰ বাবে থকা তেওঁৰ ইচ্ছাত সলনি হʼলনে? অৱশ্যেই নহʼল। (যিচয়া ৫৫:৯-১১) কিন্তু তেওঁলোকে উত্থাপন কৰা এই প্ৰশ্নসমূহৰ উত্তৰ দিয়া আৱশ্যক আছিল: চয়তানে দাবী কৰি কোৱাৰ দৰে মানুহে “ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা” হʼবনে? আনহাতে আমাক যথেষ্ট সময় দিয়াৰ স্বত্ত্বেও আমাৰ জীৱনৰ সকলো ক্ষেত্ৰত ভাল বা বেয়া কি, লাভ অথবা হানিকাৰক কি এই বিষয়ে স্বয়ং বাছনি কৰিব পাৰিমনে? ঈশ্বৰৰ শাসন-প্ৰণালী উত্তম হোৱাৰ বাবে সম্পূৰ্ণৰূপে তেওঁৰ আজ্ঞাকাৰী হোৱা আৱশ্যকনে? সম্পূৰ্ণকৈ আজ্ঞা পালন কৰাটো তেওঁৰ ইচ্ছানে? আপুনি এই প্ৰশ্নসমূহৰ উত্তৰ কেনেকৈ দিব?
সকলো বুদ্ধিজীৱিৰ সম্মুখত এই বাদ-বিষয়টোক সমাধান কৰাৰ একমাত্ৰ এটাই পথ আছিল: ঈশ্বৰৰ পৰা স্বাধীনতা বিচৰাসকলক তেওঁলোকৰ অনুসাৰে চলিবলৈ এৰি দিয়া। কিয়নো তেওঁলোকক মৃত্যুদণ্ড দি বাদ-বিষয়টোৰ সমাধান কৰিব পৰা নগʼলহেঁতেন। মানৱজাতিক তেওঁলোকৰ অনুসাৰে চলি তাৰ স্পষ্ট পৰিণামৰ বিষয়ে সকলোৱে প্ৰত্যক্ষভাৱে প্ৰমাণ পাবলৈ যথেষ্ট সময় দিয়া হʼল। এই কথাষাৰ ঈশ্বৰে স্ত্ৰীগৰাকীক তাইৰ সন্তান-সন্ততি উৎপন্ন হʼব বুলি কোৱা কথাষাৰত স্পষ্টকৈ প্ৰকাশ পালে। এইদৰে মানৱ পৰিয়ালৰ আৰম্ভ হʼল। ঈশ্বৰে তেনে সিদ্ধান্ত লোৱাৰ বাবে আজি আমি জীয়াই থাকিবলৈ সুবিধা পালোঁ আৰু ইয়াৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছোঁ!—আদিপুস্তক ৩:১৬, ২০.
ইয়াৰ অৰ্থ এইটো নহয় যে সেই বিদ্ৰোহী আত্মিক পুত্ৰবিলাক আৰু মানৱক তেওঁবিলাকৰ ইচ্ছা অনুসৰি কাৰ্য্য কৰিবলৈ সম্পূৰ্ণকৈ অনুমতি দিব। ঈশ্বৰে নতুবা তেওঁৰ সাৰ্ব্বভৌমত্ব ত্যাগ কৰিলে নাইবা তেওঁ নিজৰ উদ্দেশ্যক পাহৰি গʼল। (গীত ৮৩:১৮) ঈশ্বৰে বিদ্ৰোহৰ কুমন্ত্ৰণাকাৰী আৰু সকলো বেয়াৰ কাৰণ যি চয়তানক সৰ্বশেষত গুড়ি কৰিব বুলি কৰা ভৱিষ্যতবাণীত স্পষ্টকৈ তেওঁৰ সাৰ্ব্বভৌমত্ব আৰু উদ্দেশ্যৰ বিষয়ে থকা অভিপ্ৰায় প্ৰকাশ পাইছে। (আদিপুস্তক ৩:১৫) যিহোৱা ঈশ্বৰে আৰম্ভণীতেই মানৱ পৰিয়ালক সকলো দুখ-কষ্টৰ পৰা মুক্তি কৰিব বুলি প্ৰতিজ্ঞা কৰিলে।
একেই সময়ত আমাৰ প্ৰথম পিতৃ-মাতৃয়ে নিজকে আৰু তেওঁলোকৰ সন্তান-সন্ততিক ঈশ্বৰৰ পৰা পৃথক কৰিলে। তেওঁলোকে লোৱা সিদ্ধান্তৰ সকলো দুখিত পৰিণামবোৰক প্ৰতিৰোধ কৰিবলৈ ঈশ্বৰে প্ৰত্যেকটো সুযোগতে নিজ উদ্দেশ্য ধাৰ্য্য কৰাৰ আৱশ্যক আছিল। দৰাচলতে তেনে কৰা হʼলে তেওঁলোকক স্বাধীনভাৱে চলিবলৈ এৰি নিদি বান্ধি ৰাখাৰ দৰে হʼলহেঁতেন।
অৱশ্যে প্ৰত্যেকজন ব্যক্তিয়ে ঈশ্বৰৰ শাসনৰ অধীনত চলিবলৈ বাছনি কৰিব পাৰে। এই সময়ছোৱাত লোকসকলে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে নিবিঢ়ভাৱে চলিবলৈ শিকিব পাৰে। (গীত ১৪৩:১০) যিয়েই নহওক, যেতিয়ালৈকে ঈশ্বৰৰ পৰা স্বাধীন হৈ মানৱজাতিয়ে নিজে শাসন কৰিব পাৰে বুলি উত্থাপন কৰা বাদ-বিষয়টো সমাধান নহয় তেতিয়ালৈকে তেওঁলোকে সমস্যাৰ সম্মুখীন হʼব।
মানৱ ইতিহাসৰ আৰম্ভণীতে আদম আৰু হৱাই কৰা ব্যক্তিগত বাছনিৰ পৰিণাম স্পষ্টকৈ দেখা গʼল। তেওঁলোকৰ প্ৰথম পুতেক কয়িনে “নিজৰ কৰ্ম্ম মন্দ, কিন্তু ভায়েকৰ কৰ্ম্ম ধৰ্ম্মময়” হোৱাৰ বাবে হেবলক হত্যা কৰিলে। (১ যোহন ৩:১২) বাস্তৱতে এইটো ঈশ্বৰৰ ইচ্ছা নাছিল, সেয়েহে ঈশ্বৰে কয়িনক আগতেই সতৰ্ক কৰিছিল আৰু পিছলৈ তেওঁক তেনে কাৰ্য্যৰ বাবে শাস্তি দিয়া হʼল। (আদিপুস্তক ৪:৩-১২) কয়িনে চয়তানে আগবঢ়োৱা নৈতিক স্বাধীনতাৰ পথ বাছি লʼলে; এইদৰে কয়িনে “পাপ-আত্মাৰ” অধীন হৈ পৰিল। তেওঁৰ দৰে আনবিলাকেও একেই পথ বাছি লʼলে।
মানৱ ইতিহাস আৰম্ভ হোৱাৰ প্ৰায় ১,৫০০ বছৰৰ পিছত “পৃথিবী ঈশ্বৰৰ দৃষ্টিত ভ্ৰষ্ট, আৰু অত্যাচাৰেৰে পৰিপূৰ্ণ” হৈ পৰিছিল। (আদিপুস্তক ৬:১১) গতিকে পৃথিৱীখনক তেনে ভ্ৰষ্টতাৰ পৰা ৰক্ষা কৰিবলৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আৱশ্যক আছিল। ঈশ্বৰে সেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ পৃথিৱীখনত জল-প্লাৱন আনিলে আৰু এটা ধাৰ্ম্মিক পৰিয়াল অৰ্থাৎ নোহ, তেওঁৰ পত্নী, পুতেক আৰু বোৱাৰীয়েকবিলাকে জল-প্লাৱনত ৰক্ষা পালে। (আদিপুস্তক ৭:১) বৰ্তমান আমি তেওঁৰেই সতি-সন্ততি।
তেতিয়াৰ পৰা ঈশ্বৰে আন্তৰিকতাৰে তেওঁৰ ইচ্ছাৰ বিষয়ে জানিব বিচৰাসকলক নিৰ্দ্দেশনা প্ৰদান কৰি আহিছে। তেওঁ নিজৰ বিশ্বাসী ব্যক্তিসকলক পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত কৰি তেওঁৰ সৈতে যোগাযোগ কৰিব বিচৰাসকলৰ বাবে নিৰ্দ্দেশনাবোৰ লিপিবদ্ধ কৰালে। সেই নিৰ্দ্দেশনাবোৰ বাইবেলত পোৱা যায়। (২ তীমথিয় ৩:১৬, ১৭) ঈশ্বৰে বিশ্বাসী ব্যক্তিসকলক তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ আৰু তেওঁৰ বন্ধু হʼবলৈ প্ৰেমপূৰ্বক অনুমতি দিলে। (যিচয়া ৪১:৮) ইয়াৰ উপৰিও ঈশ্বৰে আজি জগতত বহুতে ভুগা ক্লেশযুক্ত সমস্যাত সহনশীল হʼবলৈ তেওঁৰ সেৱকসকলক শক্তি প্ৰদান কৰিলে। (গীত ৪৬:১; ফিলিপীয়া ৪:১৩) ঈশ্বৰে এনেদৰে সহায় কৰাৰ বাবে আমি তেওঁলৈ কিমান যে কৃতজ্ঞ!
‘সম্পূৰ্ণকৈ তোমাৰ ইচ্ছা পূৰ হওক’
এতিয়া ঈশ্বৰে মানৱজাতিৰ প্ৰতি থকা তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ যি কৰিলে সেইয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। এই বিষয়ে পাঁচনি পিতৰে এইদৰে লিখিলে: “তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।” (২ পিতৰ ৩:১৩) সঙ্কেতিক ভাষাৰ সেই শব্দবোৰে মানৱজাতিৰ ওপৰত শাসন কৰা এক নতুন চৰকাৰ আৰু সেই চৰকাৰৰ অধীনত থকা এক নতুন মানৱ সমাজক বুজাইছে।
ভৱিষ্যতবক্তা দানিয়েলে স্পষ্ট ভাষাত এইদৰে লিখিছিল: “সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, . . . কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” (দানিয়েল ২:৪৪) এই ভৱিষ্যতবাণীৰ অৰ্থ হৈছে বৰ্তমান সময়ত অস্তিত্বত থকা কৰ্ম্মহীন প্ৰণালীবোৰক সেই ৰাজ্য অৰ্থাৎ ঈশ্বৰৰ চৰকাৰে আঁতৰাই পেলাব। এইটো এক উত্তম শুভবাৰ্ত্তা নহয়নে বাৰু! আজি পৃথিৱীখনক পুনৰ এবাৰ ভ্ৰষ্ট কৰি তুলা স্বাৰ্থপৰ মনোবৃত্তি, বিৰোধিতা আৰু অত্যাচাৰবোৰ এদিন অতীতৰ বিষয় হৈ পৰিব।
এইবোৰ কেতিয়া হʼব? শিষ্যসকলে যীচুক এই বুলি সুধিছিল: “আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? তাক আমাক কওক।” এই প্ৰশ্নৰ উত্তৰ দি যীচুৱে তেওঁলোকক এইদৰে কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।”—মথি ২৪:৩, ১৪.
বৰ্তমান সময়ত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে সেই প্ৰচাৰ কাৰ্য্য বিশ্বজুৰি সম্পন্ন হৈছে। আপুনি হয়তো নিজৰ চুবুৰীয়াত থকা কোনো এটা পৰিয়ালক তেনে কাৰ্য্যত ভাগ লোৱা দেখিছে। এই বিষয়ে চাৰ্লছ এচ. ব্ৰাডেন নামৰ এজন প্ৰফেচাৰে লিখা দিজ্ অল্চ্ বিলিভ নামৰ কিতাপখনত এইদৰে লিখিছিল: “যিহোৱাৰ সাক্ষীসকলে এই পৃথিৱীখনক বাস্তৱতে তেওঁলোকৰ প্ৰচাৰ কাৰ্য্যৰে পৰিপূৰ্ণ কৰিছে। . . . যিহোৱাৰ সাক্ষীসকলে
ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ দেখুৱা উৎসাহ আৰু প্ৰচেষ্টাৰ দৰে আন কোনো ধৰ্ম্মতে দেখিবলৈ পোৱা নাযায়।” যিহোৱাৰ সাক্ষীসকলে ২৩০ খনতকৈ অধিক দেশত প্ৰায় ৪০০ টা ভাষাত সক্ৰিয় হৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছে। ভৱিষ্যতবাণীত উল্লেখ কৰা এই কাৰ্য্য পূৰ্বতে কেতিয়াও ইমান বিস্তাৰিতভাৱে বিশ্বজুৰি সম্পন্ন হোৱা নাছিল। ই বহুতো প্ৰমাণৰ ভিতৰত এনে এটা প্ৰমাণ যি সেই সময় অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যই মানৱ চৰকাৰবোৰক আঁতৰ কৰাৰ সময় একেবাৰে কাষ চাপি আহিছে, তাক দাঙি ধৰিছে।এইটোৱে হৈছে সেই ৰাজ্য যাৰ বিষয়ে যীচুৱে নিজৰ আৰ্হিমূলক প্ৰাৰ্থনাত আমাক এইদৰে শিকাইছিল: “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:১০) বাস্তৱতে সেই ৰাজ্যৰ জড়িয়তে ঈশ্বৰে নিজ ইচ্ছাৰে তেওঁৰ উদ্দেশ্য, মানৱজাতি আৰু পৃথিৱীৰ প্ৰতি থকা তেওঁৰ ইচ্ছা পূৰ্ণ কৰিব।
ইয়াৰ অৰ্থ কি? আঁহক আমি ইয়াৰ উত্তৰ প্ৰকাশিত বাক্য ২১:৩, ৪ পদত চাওঁহঁক। সেই পদত এইদৰে কৈছে: “সৌৱা চোৱা, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস, আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব; তেওঁবিলাক তেওঁৰ লোক হব, আৰু ঈশ্বৰ নিজে তেওঁবিলাকৰ সঙ্গী হৈ তেওঁবিলাকৰ ঈশ্বৰ হব; আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।” তেতিয়াহে ঈশ্বৰৰ ইচ্ছা যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো সম্পূৰ্ণকৈ পূৰ্ণ হʼব। * আপুনি সেই ৰাজ্যৰ নিবাসী হʼব নিবিচাৰিবনে? (w04 4/15)
[ফুটনোট]
^ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে অধিককৈ জানিবলৈ অনুগ্ৰহ কৰি আপোনাৰ এলেকাত থকা যিহোৱাৰ সাক্ষীসকলৰ সৈতে যোগাযোগ কৰক অথবা এই আলোচনীখনৰ ২ পৃষ্ঠাত দিয়া উপযুক্ত ঠিকনাত চিঠি লিখক।
[৫ পৃষ্ঠাৰ ছবি]
ঈশ্বৰৰ ইচ্ছাৰ পৰা স্বাধীন হোৱাৰ পৰিণাম অতি শোকজনক অৱস্থা হʼল