Skip to content

Skip to table of contents

পৰিৱৰ্তনশীল জগতৰ মনোবৃত্তিক প্ৰতিৰোধ কৰা

পৰিৱৰ্তনশীল জগতৰ মনোবৃত্তিক প্ৰতিৰোধ কৰা

পৰিৱৰ্তনশীল জগতৰ মনোবৃত্তিক প্ৰতিৰোধ কৰা

“আমি জগতৰ আত্মা নাপাই, ঈশ্বৰৰ পৰা অহা আত্মা পালোঁ।”১ কৰিন্থীয়া ২:১২.

১. কি প্ৰকাৰে হৱাক ভুলুউৱা হʼল?

 হৱাই কিহৰ দ্বাৰা বিভ্ৰান্ত হৈ ঈশ্বৰৰ বিৰোদ্ধে গৈছিল সেই বিষয়ে যুক্তি দৰ্শাই তাই এইদৰে কৈছিল: “সৰ্পই মোক ভুলালতহে মই খালোঁ।” (আদিপুস্তক ৩:১৩) যদিও হৱাই দাঙি ধৰা যুক্তি সঁচা আছিল তথাপিও তাইক নিৰ্দ্দোষী বুলি কোৱা নহʼল। পিছলৈ এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: ‘[হৱাক] ভুলুউৱা হʼল।’ (১ তীমথিয় ২:১৪) তাই ঈশ্বৰৰ তুল্য হʼব বুলি চয়তানে কোৱা কথাক বিশ্বাস কৰি নিষেধ কৰা ফলটো খালে আৰু প্ৰবঞ্চিত হʼল। আনকি সৰ্পৰ দ্বাৰা যে আচলতে চয়তানেহে তাইক ভুলাইছিল তাকো তাই বুজিব নোৱাৰিলে।—আদিপুস্তক ৩:১-৬.

২. (ক) বৰ্তমান সময়ত চয়তানে কেনেকৈ লোকসকলক প্ৰবঞ্চিত কৰিছে? (খ) “জগতৰ আত্মা” কি আৰু আমি কেনে প্ৰশ্নবোৰৰ বিবেচনা কৰিম?

আদম আৰু হৱাৰ দিনৰ পৰা লৈ আজিলৈকে চয়তানে লোকসকলক প্ৰবঞ্চিত কৰি আহিছে। তদুপৰি সি “গোটেই জগতৰ ভ্ৰান্তি” জন্মাইছে। (প্ৰকাশিত বাক্য ১২:৯) তাৰ কাৰ্য্য প্ৰণালীবোৰ আজিলৈকে সলনি হোৱা নাই। যদিও সি আজি সৰ্পৰ দ্বাৰা কথা নাপাতে তথাপিও সি আঁৰত থাকি কাৰ্য্য কৰে। মনোৰঞ্জন, দূৰদৰ্শন আৰু অন্য উপায়েৰে সি লোকসকলক ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলি কোনো লাভ পোৱা নাযায় বুলি বিশ্বাস জন্মাই প্ৰবঞ্চিত কৰে। তাৰ প্ৰবঞ্চনাই সকলোৰে মনত বাইবেলৰ ব্যৱস্থা আৰু সিদ্ধান্তবোৰৰ প্ৰতি এক বিদ্ৰোহী মনোবৃত্তি উৎপন্ন কৰিছে। এনে ধৰণৰ বিদ্ৰোহী মনোবৃত্তিক বাইবেলে “জগতৰ আত্মা” বুলি উল্লেখ কৰিছে। (১ কৰিন্থীয়া ২:১২) এই আত্মাই ঈশ্বৰক নমনা লোকসকলৰ বিশ্বাস, মনোভাৱ আৰু আচাৰ-ব্যৱহাৰত বেয়াকৈ প্ৰভাৱ পেলাইছে। কেনেদৰে এই ধৰণৰ মনোবৃত্তি প্ৰকাশিত হয় আৰু ইয়াৰ কেনেকৈ বিৰোধ কৰিব পাৰি? এই বিষয়ে আহঁক আমি বিবেচনা কৰি চাওঁহঁক।

নৈতিক স্তৰসমূহৰ পতন হৈছে

৩. বৰ্তমান সময়ত সকলোতে “জগতৰ আত্মা” কিয় অধিক প্ৰবলভাৱে দেখিবলৈ পোৱা গৈছে?

বৰ্তমান সময়ত “জগতৰ আত্মা” সকলো ঠাইতে প্ৰবলৰূপে দেখিবলৈ পোৱা গৈছে। (২ তীমথিয় ৩:১-৫) নৈতিকতাৰ পতন হোৱাটো আপুনিও হয়তো ব্যক্তিগতভাৱে অনুভৱ কৰিব পাৰিছে। কিয় তেনে হৈছে সেই বিষয়ে শাস্ত্ৰীয় পদসমূহে বিতংকৈ বৰ্ণনা কৰিছে। ১৯১৪ চনত স্বৰ্গত মচীহ ৰাজ্য স্থাপন হোৱাৰ পিছত সেই ৰাজ্যৰ ৰজা আৰু চয়তানৰ মাজত এখন যুদ্ধ হৈছিল। যুদ্ধত পৰাস্ত হোৱাৰ পিছত চয়তান আৰু তাৰ দূতবিলাকক পৃথিৱীলৈ পেলোৱা হʼল। পৰাজিত হোৱাৰ বাবে সি অতি ক্ৰোধিত হৈ সমুদায় পৃথিৱীৰ লোকক নিজৰ প্ৰবঞ্চনাৰে প্ৰবঞ্চিত কৰিবলৈ আগতকৈও অধিক উঠি পৰি লাগিল। (প্ৰকাশিত বাক্য ১২:১-৯, ১২, ১৭) গতিকে সি লোকসকলৰ সৈতে “মনোনিত লোকবিলাককো ভুলাবলৈ” সকলো প্ৰকাৰৰ প্ৰচেষ্টা কৰিছে। (মথি ২৪:২৪) যিহেতু আমি ঈশ্বৰৰ সেৱক হোৱাৰ বাবে তাৰ মূখ্য শত্ৰু হৈছোঁ। আমি যাতে অনন্ত জীৱনৰ আশা হেৰুৱাই ঈশ্বৰৰ পৰা আঁতৰি যাওঁ, সেয়েহে সি আমাৰ আধ্যাত্মিকতাক ধ্বংস কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা কৰিছে।

৪. যিহোৱাৰ সেৱক আৰু জগতৰ লোকসকলে বাইবেলৰ প্ৰতি কেনে দৃষ্টিভঙ্গী ৰাখে?

আমাৰ প্ৰেমময় সৃষ্টিকৰ্তাজনৰ বিষয়ে জ্ঞান আৰু সংবাদ দিয়া কিতাপ, বাইবেলখনকো ভাৰসাহীন প্ৰমাণিত কৰিবলৈ সকলো চেষ্টা কৰিছে। যিহোৱাৰ সেৱকসকল অৰ্থাৎ আমাৰ বাবে এই কিতাপখন সকলোতকৈ মূল্যৱান। আমি জানো যে এই কিতাপখন কোনো মানুহৰ দ্বাৰা নহয় কিন্তু ঈশ্বৰ-নিশ্বাসিত বাক্য। (১ থিচলনীকীয়া ২:১৩; ২ তীমথিয় ৩:১৬) ইয়াৰ বিপৰীতে চয়তানৰ জগতে বিচাৰিছে যে আমি এই আপুৰুগীয়া কিতাপখনৰ বিষয়ে যেন এক ভিন্ন অভিমত দাঙি ধৰোঁ। উদাহৰণস্বৰূপে, এখন কিতাপৰ পাতনিত এইদৰে উল্লেখ কৰিছে: “বাইবেলখনক ‘পবিত্ৰ’ বা ‘ঈশ্বৰৰ বাক্য’ বুলি কোৱাটো ভুল হʼব। ইয়াৰ লিখকসকল কোনো ঈশ্বৰ-প্ৰেৰিত সন্ত নহয় কিন্তু ক্ষমতা-লোভী ধৰ্ম্মযাজকহে আছিল।” যিসকলে এনে ধৰণৰ উক্তিক বিশ্বাস কৰে তেওঁলোকে সহজে পথভ্ৰষ্ট হৈ নিজ ইচ্ছাৰ অনুসাৰে যিকোনো প্ৰকাৰে ঈশ্বৰক উপাসনা কৰা বা নকৰা বুলি ভাবিব পাৰে।—হিতোপদেশ ১৪:১২.

৫. (ক) বাইবেলৰ সৈতে জড়িত থকা ধৰ্ম্মৰ সম্বন্ধে এজন লিখকে কি দাবী কৰিছিল? (খ) সাধাৰণতে দেখিবলৈ পোৱা জগতৰ কিছুমান ধাৰাণক বাইবেলে কোৱা কথাষাৰৰ সৈতে কেনেকৈ তুলনা কৰিব পাৰি? (পিছৰ পৃষ্ঠাত থকা বক্সটো চাওক।)

প্ৰত্যক্ষ আৰু অপ্ৰত্যক্ষভাৱে বাইবেলক সমালোচনা কৰা আৰু ইয়াক সমৰ্থন কৰি বুলি দাবী কৰা কপটীয়া লোকসকলৰ কাৰণে বহুতে বাইবেলৰ সৈতে জড়িত থকা ধৰ্ম্ম আৰু আন ধৰ্ম্মৰ প্ৰতি অত্যাধিক অসন্তুষ্ট হৈ পৰিছে। বাতৰি মাধ্যম আৰু উচ্চ শিক্ষিত লোকসকলে দিয়া মতামতৰ বাবে বহুতে ধৰ্ম্মক তুচ্ছ জ্ঞান কৰিছে। এই বিষয়ে এজন লিখকে এইদৰে কয়: “সাধাৰণতে জনাজাত হৈ পৰা ইহুদী আৰু খ্ৰীষ্টীয় ধৰ্ম্মৰ সভ্যতাই নিন্দাত্মক পৰিৱেশ সৃষ্টি কৰিছে। এজন ব্যক্তিয়ে ইহুদী আৰু খ্ৰীষ্টীয়জগতৰ ধৰ্ম্মক যিমানেই ভাল দৃষ্টিভঙ্গীৰে বিবেচনা নকৰক কিয় সেইবোৰক আকৰ্ষণীয় পুৰণি ফেশ্বন বুলি আখ্যা দিব পাৰি; পুৰণিকলীয়া দৃষ্টিভঙ্গীয়ে বুদ্ধিজীৱীৰ পৰিপক্কতা আৰু বৈজ্ঞানিক উন্নতিৰ পথত হেঙাৰ দিয়ে। সেইবাবে চলিত এই কেইবছৰত এই ধৰ্ম্মবোৰ সাৰ্ব্বজনিকভাৱে নিন্দাৰ পাত্ৰ হৈছে।” আচলতে নিন্দা কৰা এনে ব্যক্তিসকলে ঈশ্বৰৰ অস্তিত্বক বিশ্বাস নকৰে আৰু ‘মিছা তৰ্ক-বিতৰ্ক কৰা’ লোক।—ৰোমীয়া ১:২০-২২.

৬. ঈশ্বৰে ঘৃণা কৰা যৌন অভ্যাসক জগতে কেনে দৃষ্টিৰে চায়?

লোকসকলে দিনে দিনে আচাৰ-ব্যৱহাৰৰ সম্বন্ধে থকা ঈশ্বৰীয় স্তৰৰ পৰা আঁতৰি যোৱাটো কোনো আচৰিত বিষয় নহয়। উদাহৰণস্বৰূপে, বাইবেলে কামাভিলাষ সম্বন্ধক “লাজৰ কৰ্ম্ম” বুলি কৈছে। (ৰোমীয়া ১:২৬, ২৭) তদুপৰি ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীসকলে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব বুলিও কৈছে। (১ কৰিন্থীয়া ৬:১০) কিছুমান দেশত কেৱল অশ্লীল অভ্যাসবোৰ স্বীকৃতি পাইছে, এনে নহয়, কিন্তু কিতাপ, আলোচনী, সংগীত, চলচিত্ৰ, টিভি আদিতো ব্যাপকভাৱে দেখিবলৈ পোৱা গৈছে। যিসকলে এনে ধৰণৰ অভ্যাসৰ পৰা দূৰত থাকে তেওঁলোকক সংকীৰ্ণমনা আৰু অস্বাভাৱিক লোক বুলি কোৱা হয়। তেওঁলোকক ঈশ্বৰৰ দৃষ্টিৰে চোৱাৰ পৰিৱৰ্তে সমাজত বিঘিনি জন্মোৱা লোক হিচাবে গণ্য কৰা হয়।—হিতোপদেশ ১৭:১৫; যিহূদা ৪.

৭. আমি নিজকে কেনে ধৰণৰ প্ৰশ্নবোৰ সোধা উচিত?

ঈশ্বৰৰ বিৰোদ্ধে থকা এই জগতখনত জীয়াই থকাৰ বাবে আমি নিজৰ আচাৰ-ব্যৱহাৰৰ প্ৰতি মনোযোগ দিয়াটো এক উত্তম বিষয় হʼব। সময়নুসাৰে আমি যে ঈশ্বৰৰ স্তৰৰ পৰা আঁতৰি যোৱা নাই তাৰ বিষয়ে প্ৰাৰ্থনাপূৰ্বক আৰু ন্যায়পৰায়ণতাৰে পৰীক্ষা কৰা উচিত। উদাহৰণস্বৰূপে, আমি হয়তো নিজকে এইদৰে সুধিব পাৰোঁ: ‘মই এতিয়াও এনে অশ্লীল বিষয়ৰ প্ৰতি আগ্ৰহীনে যাক বহু বছৰৰ আগতে ত্যাগ দিছিলোঁ? ঈশ্বৰে ঘৃণা কৰা অভ্যাসবোৰক মই ভাল পাওঁনে? মই পূৰ্বৰ তুলনাত আধ্যাত্মিক বিষয়বোৰক কম গুৰুত্ব দিছোঁনে? মোৰ জীৱন-প্ৰণালীয়ে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াটো প্ৰকাশ কৰিছেনে?’ (মথি ৬:৩৩) এনে প্ৰশ্নবোৰৰ প্ৰতি গভীৰতাৰে কৰা বিবেচনাই আমাক এই জগতৰ আত্মাক প্ৰতিৰোধ কৰিবলৈ সহায় কৰিব।

‘কেতিয়াও ভটিয়াই নাযাব’

৮. কেনেকৈ এজন ব্যক্তিয়ে যিহোৱাৰ পৰা আঁতৰি যাব পাৰে?

পাঁচনি পৌলে তেওঁৰ সঙ্গী খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল: “আমি শুনা বাক্যত অধিককৈ মন দিব লগা হয়; কাৰণ কিজানি ঘাট নাচাপি, ঘাটৰ পৰা কেনেবাকৈ ভটিয়াওঁ।” (ইব্ৰী ২:১) লক্ষ্যভ্ৰষ্ট হোৱা এখন জাহাজে কেতিয়াও ঘাটৰ কাষ চাপিব নোৱাৰে। যদি জাহাজৰ অধ্যক্ষজনে বতাহ আৰু সাগৰৰ ঢৌৰ প্ৰতি সজাগ নাথাকে তেন্তে জাহাজখন পাৰত থকা শিলৰ দমত খুন্দা খাই ধ্বংস হʼব পাৰে। সেইদৰে আমিও যদি ঈশ্বৰৰ বাক্যৰ প্ৰতি মনোযোগ নিদিওঁ তেন্তে লক্ষ্যভ্ৰষ্ট হৈ আধ্যাত্মিকৰূপে ক্ষতিগ্ৰস্ত হʼম। কেৱল সত্যৰ পৰা বিৰত থাকি তেনে ধৰণৰ ক্ষতি ভুগীবলগীয়া হয়, এনে নহয়। দৰাচলতে বেছিভাগে যিহোৱাক হঠাতে বা ইচ্ছাকৃতভাৱে ত্যাগ নকৰে। অধিকভাগত দেখিবলৈ পোৱা যায় যে লাহে লাহে যিহোৱাৰ পৰা কেতিয়া আঁতৰি যায় তাক কল্পনাই কৰিব নোৱাৰে। প্ৰকৃততে তেনেলোকে এনে কিছুমান বিষয়ত জড়িত হৈ পৰে যিয়ে তেওঁলোকক পাপৰ গহ্ববৰত পেলায়। তেওঁলোক সেই জাহাজৰ অধ্যক্ষজনৰ নিচিনা যিজনে বিপদত নপৰালৈকে টোপনিৰ পৰা সাৰ নাপায়।

৯. যিহোৱাই চলোমনক কেনে আশীৰ্ব্বাদসমূহ দিছিল?

এই সম্বন্ধে ৰজা চলোমনৰ জীৱনকালৰ বিষয়ে বিবেচনা কৰক। আৰম্ভণিতে যিহোৱাই তেওঁক ইস্ৰায়েলৰ ৰজা হিচাবে নিযুক্ত কৰিলে। তেওঁক মন্দিৰৰ নিৰ্ম্মাণ কাৰ্য্য আৰু বাইবেলৰ কিছুমান কিতাপ লিখিবলৈও বিশেষাধিকাৰ দিছিল। আনকি যিহোৱাই তেওঁৰ সৈতে দুবাৰকৈ কথোপকথন কৰি সা-সম্পত্তি, ঐশ্বৰ্য্য আৰু তেওঁৰ ৰাজত্বকালত শান্তিৰ বাবে আশীৰ্ব্বাদ দিছিল। তদুপৰি তেওঁক অধিক জ্ঞান আৰু বুদ্ধিও প্ৰদান কৰিলে। এই সম্বন্ধে আমি বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে, আৰু সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় ধৰিব পৰা বহল ডাঙৰ মন দিলে। তাতে পূব দেশীয় সকলো লোকৰ জ্ঞান, আৰু মিচৰীয়া লোকবিলাকৰ জ্ঞানতকৈ চলোমনৰ অধিক জ্ঞান হল।” (১ ৰাজাৱলি ৪:২১, ২৯, ৩০; ১১:৯) নিশ্চয়ে এজন ব্যক্তিয়ে ভাবিব পাৰে যে যদি এই পৃথিৱীত কোনো ঈশ্বৰৰ বিশ্বাসী ব্যক্তি আছিল, তেন্তে সেইজন হৈছে ৰজা চলোমন। তথাপিও সকলোতকৈ বুদ্ধিমান ব্যক্তি হিচাবে জনা ৰজা চলোমনো ঈশ্বৰৰ পৰা আঁতৰি গৈ ধৰ্মত্যাগী হʼল। তেওঁ কেনেকৈ ধৰ্মত্যাগীলৈ পৰিচালিত হʼল?

১০. চলোমনে কেনে নিৰ্দ্দেশনাৰ অনুসাৰে চলিবলৈ বিফল হৈছিল আৰু ইয়াৰ বাবে কেনে পৰিণাম হʼল?

১০ ঈশ্বৰৰ ব্যৱস্থাৰ সৈতে ৰজা চলোমনে ভালদৰে পৰিচিত আছিল। তদুপৰি ৰজাবিলাকৰ সম্বন্ধে থকা নিৰ্দ্দেশনাবোৰ জানিবলৈ তেওঁ নিশ্চয়ে আগ্ৰহ দেখুৱাইছিল। তাৰে এটা নিৰ্দ্দেশনা আছিল: “[ৰজাজনৰ] মন যেন অপথে নাযায়, এই নিমিত্তে [বহু, NW] তিৰোতা বিয়া নকৰিব।” (দ্বিতীয় বিবৰণ ১৭:১৪, ১৭) এই নিৰ্দ্দেশনাক জনাৰ স্বত্ত্বেও তেওঁ সাত শ ৰাজকুঁৱৰীক পত্নী আৰু তিনি শ উপপত্নী ৰাখিছিল। তেওঁলোকৰ ভিতৰত বেছিভাগেই অন্য দেৱতাবোৰৰ উপাসক আছিল। এইটো সঠিককৈ কʼব পৰা নাযায় যে কিয় তেওঁক ইমান সংখ্যক পত্নীৰ আৱশ্যক আছিল। আমি কেৱল এইটো জানো যে তেওঁ ঈশ্বৰীয় নিৰ্দ্দেশনাক পালন কৰাত বিফল হৈছিল। ইয়াৰ পৰিণাম ঠিক যিহোৱাই কোৱাৰ দৰে হৈছিল, যʼত এইদৰে কৈছে: “[চলোমনৰ] তিৰোতাবিলাকে তেওঁৰ মন অপথে নি . . . দেৱতাবোৰৰ পাছত চলালে।” (১ ৰাজাৱলি ১১:৩, ৪) ক্ৰমান্বয়ে, কিন্তু নিশ্চিতভাৱে তেওঁত থকা ঈশ্বৰীয় বুদ্ধি লোপ পালে আৰু তেওঁ ঈশ্বৰৰ পৰা আঁতৰি গল। আনকি সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁ ঈশ্বৰৰ পৰিৱৰ্তে পত্নীবিলাকৰ ইচ্ছা অনুসাৰে চলিব ধৰিলে। ই ৰজা চলোমনৰ বাবে কিমান যে দুখৰ বিষয় আছিল, যিজনে স্বয়ং এইদৰে লিখিছিল: “মই যেন ধিক্কাৰ দিয়াটোক উত্তৰ দিব পাৰিম, এই নিমিত্তে হে মোৰ বোপা, জ্ঞানৱান হৈ মোৰ মনক আনন্দিত কৰা”!—হিতোপদেশ ২৭:১১.

জগতৰ আত্মা অতি শক্তিশালী

১১. আমি যি গ্ৰহণ কৰোঁ ই আমাৰ বিচাৰধাৰা আৰু মনোবৃত্তিত কেনে প্ৰভাৱিত কৰিব পাৰে?

১১ চলোমনৰ উদাহৰণে দেখুৱাইছে যে কেনেকৈ সত্যক জনাৰ স্বত্ত্বেও জগতে আমাৰ বিচাৰধাৰাত প্ৰভাৱ পেলাব পাৰে। যিদৰে শাৰীৰিক আহাৰে আমাৰ শৰীৰত পৰিৱৰ্তন ঘটাই ঠিক তেনেদৰে মানসিক আহাৰে আমাৰ মন পৰিৱৰ্তন কৰে। আমি গ্ৰহণ কৰা বস্তুবোৰে আমাৰ বিচাৰধাৰা আৰু মনোবৃত্তিত এক গভীৰ প্ৰভাৱ পেলায়। ইয়াকে লক্ষ্য কৰি আজিৰ বিভিন্ন কোম্পানীয়ে নিজৰ উৎপাদক বস্তুক জনাজাত কৰিবলৈ বিজ্ঞাপনৰ বাবে কোটি কোটি টকা পানীৰ দৰে ব্যয় কৰিছে। কিছুমান বিজ্ঞাপনে দৰ্শকক আকৰ্ষিত কৰিবলৈ সুচতুৰতাৰে এনে বাক্য আৰু ছবি ব্যৱহাৰ কৰি বাৰম্বাৰ টেলিভিছন বা আলোচনীৰ দ্বাৰা প্ৰকাশ কৰিছে আৰু সময়ত গ্ৰাহকসকলক সেই উৎপাদকটোৱে প্ৰভাৱিত কৰিছে। বিজ্ঞাপন হৈছে সকলোতকৈ সফল পদ্ধতি যি গ্ৰাহকসকলক সেইবোৰ কিনিবলৈ আগ্ৰহী কৰি তুলে। তদুপৰি ই লোকসকলৰ বিচাৰধাৰা আৰু মনোবৃত্তিক পৰিৱৰ্তন কৰে।

১২. (ক) চয়তানে কেনেকৈ লোকসকলৰ বিচাৰধাৰাক প্ৰভাৱিত কৰিছে? (খ) কিহে দেখুৱাইছে যে প্ৰকৃত খ্ৰীষ্টানসকলেও তাৰ প্ৰতি আকৰ্ষিত হৈছে?

১২ এজন বিজ্ঞাপক হিচাবে চয়তানে তাৰ পৰিকল্পনাবোৰ এনেধৰণে প্ৰস্তুত কৰে যাতে সি লোকসকলক প্ৰভাৱিত কৰিব পাৰে। সি মনোৰঞ্জন আৰু অন্য পদ্ধতিৰে লোকসকলক প্ৰবঞ্চিত কৰি ভালক বেয়া আৰু বেয়াক ভাল বুলি বিশ্বাস জন্মায়। (যিচয়া ৫:২০) আনকি প্ৰকৃত খ্ৰীষ্টানসকলেও সি ব্যৱহাৰ কৰা মিছা সংবাদৰ ফান্দত পৰিছে। সেইবাবে বাইবেলে এইদৰে সতৰ্ক কৰিছে: “পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, উত্তৰকালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব; ভ্ৰান্তিজনক আত্মাত, আৰু ভূতবোৰৰ শিক্ষাত তেওঁবিলাকে মন দিব।”—১ তীমথিয় ৪:১; যিৰিমিয়া ৬:১৫.

১৩. কুসঙ্গত কি কি সন্মিলিত আছে আৰু আমি কৰা সঙ্গতিয়ে কেনেকৈ আমাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে?

১৩ সকলোৱে এই জগতৰ আত্মাৰ দ্বাৰা প্ৰভাৱিত হʼব পাৰে। কিয়নো চয়তানৰ প্ৰভাৱ আৰু তাৰ ধূৰ্ত্ত কাৰ্য্যবোৰ অতি শক্তিশালী। সেয়েহে বাইবেলে আমাক এইদৰে পৰামৰ্শ দিছে: “তোমালোক ভ্ৰান্ত নহবা; কুসঙ্গে সদাচাৰ নষ্ট কৰে।” (১ কৰিন্থীয়া ১৫:৩৩) কুসঙ্গত হয়তো এই জগতৰ আত্মা প্ৰতিফলিত কৰা জাগতিক কোনো বিষয় বা ব্যক্তি আৰু আনকি মণ্ডলীত জগতৰ মনোবৃত্তি বিকশিত কৰা কোনো ভাই বা ভনীও সন্মিলিত থাকিব পাৰে। যদি আমি যুক্তি দেখুৱাই কওঁ যে কুসঙ্গে একো হানি কৰিব নোৱাৰে তেন্তে সদাচাৰেও কোনো লাভ কঢ়িয়াই নানে বুলি সিদ্ধান্তত উপনীত নহমনে? তেনে ধৰণে ভবাটো কিযে এক হানিকাৰক বিষয় হʼব! এই বিষয়ে বাইবেলে পোনপটীয়াকৈ এইদৰে কৈছে: “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা; কিন্তু অজ্ঞানবোৰৰ লগৰীয়াই ক্লেশ পাব।”—হিতোপদেশ ১৩:২০.

১৪. আমি কি ধৰণে এই জগতৰ আত্মাক প্ৰতিৰোধ কৰিব পাৰোঁ?

১৪ এই জগতৰ আত্মাক প্ৰতিৰোধ কৰিবলৈ হʼলে আমি বুদ্ধিমান লোক অৰ্থাৎ যিহোৱাৰ উপাসকসকলৰ সৈতে সঙ্গতি কৰা উচিত। আমি এনে বিষয়বোৰেৰে মন আৰু হৃদয় পূৰ্ণ কৰা উচিত যি আমাৰ বিশ্বাস দৃঢ় কৰে। এই সম্বন্ধে পাঁচনি পৌলে এইদৰে কৈছিল: “হে ভাইবিলাক, যি যি সত্য, যি যি আদৰণীয়, যি যি ন্যায়, যি যি শুদ্ধ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যি কোনো সদ্‌গুণ আৰু যি কোনো প্ৰশংসা হওক, সেই সকলোৰে আলোচনা কৰা।” (ফিলিপীয়া ৪:৮) যিহেতু আমাৰ ওচৰত নিজাকৈ নিৰ্ণয় লোৱাৰ ক্ষমতা থকাৰ বাবে আমি ভাল বা বেয়া কি, তাৰ বাছনি কৰিব পাৰোঁ। তেন্তে আঁহক আমি সদায়ে এনে বিষয়বোৰৰ বাছনি কৰোঁহঁক যি আমাক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰিব।

ঈশ্বৰৰ পবিত্ৰ আত্মা হৈছে সকলোতকৈ শক্তিশালী

১৫. প্ৰাচীন কালৰ কৰিন্থীয়া বাসী আৰু তাৰ প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত কেনে ভিন্নতা আছিল?

১৫ এই জগতৰ আত্মাৰ দ্বাৰা প্ৰবঞ্চিত হোৱা লোকসকলৰ বিপৰীতে সত্য খ্ৰীষ্টানসকলে পবিত্ৰ আত্মাৰ দ্বাৰা মাৰ্গদৰ্শিত হৈছে। এই বিষয়ে পাঁচনি পৌলে কৰিন্থীয়া মণ্ডলীলৈ এইদৰে লিখিছিল: “ঈশ্বৰে অনুগ্ৰহ কৰি আমাক যি যি দিলে, সেইবোৰ জানিবলৈ, আমি জগতৰ আত্মা নাপাই, ঈশ্বৰৰ পৰা অহা আত্মা পালোঁ।” (১ কৰিন্থীয়া ২:১২) প্ৰাচীন কালৰ কৰিন্থীয়া চহৰখন সম্পূৰ্ণকৈ জগতৰ আত্মাৰ অধীনত আছিল। সেইবাবে তাৰ বেছিভাগ লোকক “কৰিন্থীয়ানাইজ” অৰ্থাৎ “অশ্লীল কাৰ্য্যৰ অভ্যাস” কৰা ব্যক্তি বুলি কোৱা হৈছিল। তদুপৰি চয়তানে তেওঁলোকৰ জ্ঞান-চকু অন্ধ কৰি ৰাখাৰ বাবে তেওঁলোকে সত্য ঈশ্বৰৰ বিষয়ে একোকে নাজানিছিল। (২ কৰিন্থীয়া ৪:৪) কিন্তু যিহোৱাই নিজৰ আত্মাৰ দ্বাৰা কিছুমানৰ জ্ঞান-চকু খোলাৰ বাবে তেওঁলোকে সত্যৰ বিষয়ে বুজিব পাৰিলে। আনকি ঈশ্বৰৰ আত্মাই তেওঁলোকৰ জীৱনত পৰিৱৰ্তন কৰি যিহোৱাৰ গ্ৰহণযোগ্য হʼবলৈ মাৰ্গদৰ্শিত কৰিলে। (১ কৰিন্থীয়া ৬:৯-১১) সেই সময়ত ঈশ্বৰৰ আত্মাই সকলোতকৈ অধিক প্ৰভাৱশালীৰূপে কাৰ্য্য কৰিছিল।

১৬. আমি কেনেকৈ ঈশ্বৰৰ পবিত্ৰ আত্মা পাব পাৰোঁ আৰু ইয়াৰ সামঞ্জস্যত চলিব পাৰিম?

১৬ আজিও সেই একেই পৰিস্থিতি দেখিবলৈ পোৱা যায়। এই বিশ্বমণ্ডলৰ ভিতৰত থকা সকলোতকৈ শক্তিশালী শক্তিটো হৈছে ঈশ্বৰৰ পবিত্ৰ আত্মা। যিহোৱাই তেওঁক সেই পবিত্ৰ আত্মা খোজাবিলাকক বিনামূল্যে প্ৰদান কৰে। (লূক ১১:১৩) গতিকে তেওঁৰ পবিত্ৰ আত্মা পাবলৈ হʼলে আমি কেৱল জগতৰ আত্মাক প্ৰতিৰোধ কৰাটোৱেই যথেষ্ট নহয়। কিন্তু আমি নিয়মীয়াকৈ ঈশ্বৰৰ বাক্য অধ্যয়ন আৰু আমাৰ বিচাৰধাৰাক সঠিক দিশলৈ পৰিচালিত কৰিবলৈ তাৰ পৰামৰ্শবোৰো পালন কৰা আৱশ্যক। যদি আমি তেনেদৰে কাৰ্য্য কৰোঁ তেন্তে চয়তানে আমাৰ আধ্যাত্মিকতাক বিপথে পৰিচালিত কৰিবলৈ ব্যৱহাৰ কৰা সকলো কৌশলক প্ৰতিৰোধ কৰাত যিহোৱাই সহায় কৰিব।

১৭. লোটৰ উদাহৰণে আমাক কেনেকৈ শান্ত্বনা প্ৰদান কৰে?

১৭ প্ৰকৃত খ্ৰীষ্টানসকল যদিও এই জগতৰ ভাগী নহয় তথাপিও তেওঁলোকে এইখন জগতত বাস কৰিছে। (যোহন ১৭:১১, ১৬) তদুপৰি চাকৰি বা অবিশ্বাসী লোকসকলৰ পৰিৱেশত থকাৰ বাবে আমাৰ কোনেও ইয়াৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণকৈ মুক্তি লাভ কৰিব পৰা নাই। গতিকে আমিও লোট নামৰ ধাৰ্ম্মিক ব্যক্তিজনৰ নিচিনাকৈ অনুভৱ কৰোঁনে, যিজনে চদোমৰ বাসীসকলে কৰা অধৰ্ম্ম কাৰ্য্য আৰু “লম্পট-আচৰণত দুখ” পাইছিল? (২ পিতৰ ২:৭, ৮) আমি যদি তেনেদৰে দুখ অনুভৱ কৰিছোঁ তেন্তে মনত ৰাখা উচিত যে যিহোৱাই আমাকো লোটৰ দৰে ৰক্ষা আৰু শান্ত্বনা প্ৰদান কৰিব। এজন প্ৰেমময় পিতৃ হোৱাৰ বাবে তেওঁ আমাৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে জানে। গতিকে তেওঁ আমাক আধ্যাত্মিকতা বজাই ৰাখিবলৈ সহায় আৰু সামৰ্থও প্ৰদান কৰিব। (গীত ৩৩:১৮, ১৯) এই সকলোবোৰ তেতিয়াহে সম্ভৱ হʼব যেতিয়া আমি তেওঁত ভাৰসা ৰাখিম আৰু নিৰন্তৰে প্ৰাৰ্থনাত লাগি থাকিম। আনকি তেওঁ আমাক কঠিন পৰিস্থিতিৰ সময়তো এই জগতৰ আত্মাক প্ৰতিৰোধ কৰিবলৈ সহায় কৰিব।—যিচয়া ৪১:১০.

১৮. আমি কিয় যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধক বহুমূলীয়া বুলি জ্ঞান কৰা উচিত?

১৮ চয়তানৰ দ্বাৰা প্ৰবঞ্চিত আৰু ঈশ্বৰৰ পৰা আঁতৰ হোৱা জগতখনত আমি যিহোৱাৰ সেৱক হিচাবে সত্যৰ জ্ঞানেৰে সমৃদ্ধি হৈছোঁ। ইয়াৰ উপৰিও আমি আনন্দিত আৰু শান্তি পৰিৱেশত বাস কৰিছোঁ। (যিচয়া ৫৭:২০, ২১; গালাতীয়া ৫:২২) আমি পৰমদেশী পৃথিৱীত অনন্তকাল জীয়াই থকাৰ আশা লাভ কৰাৰ বাবে কৃতজ্ঞ হৈছোঁ, যʼত বৰ্তমান জগতৰ আত্মাৰ প্ৰভাৱ নাথাকিব। এতেকে আঁহক আমি যিহোৱাৰ সৈতে থকা সম্বন্ধক বজাই ৰাখোঁ আৰু আধ্যাত্মিকতাৰ পৰা আঁতৰ নহʼবলৈ সকলো প্ৰকাৰৰ যত্ন কৰোঁহঁক। তদুপৰি যদি আমি তেওঁৰ কাষ চাপো তেন্তে তেওঁ আমাক এই জগতৰ আত্মাক প্ৰতিৰোধ কৰিবলৈও সহায় কৰিব।—যাকোব ৪:৭, ৮. (w04 4/1)

আপুনি উত্তৰ দিব পাৰিবনে?

• চয়তানে কি প্ৰকাৰে লোকসকলক প্ৰবঞ্চিত কৰি ভুল পথলৈ পৰিচালিত কৰে?

• আমি কেনেকৈ যিহোৱাৰ পৰা আঁতৰি নোযোৱাকৈ থাকিব পাৰোঁ?

• কিহে দেখুৱাইছে যে এই জগতৰ আত্মা শক্তিশালী?

• আমি কেনেকৈ ঈশ্বৰৰ পবিত্ৰ আত্মা পাব পাৰোঁ আৰু ইয়াৰ সামঞ্জস্যত চলিব পাৰিম?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১১ পৃষ্ঠাৰ তালিকা]

জাগতিক আৰু ঈশ্বৰীয় জ্ঞানৰ মাজত থকা পাৰ্থক্যতা

জগতৰ অনুসাৰে সত্য হৈছে আপেক্ষিক অৰ্থাৎ লোকসকলে যি বিশ্বাস কৰে তাকে সত্য বুলি মানি লয়।

“[ঈশ্বৰৰ] বাক্যই সত্য।”—যোহন ১৭:১৭.

জগতৰ অনুসাৰে ভাল বা বেয়া কি তাক নিৰ্ণয় কৰিবলৈ নিজৰ হৃদয়ত ভাৰাসা কৰা আৱশ্যক।

“মন [হৃদয়] সকলোতকৈ কপটময়।”—যিৰিমিয়া ১৭:৯.

জগতে কয় যে নিজেই যি ভাল দেখে তাকেই কৰক।

“মানুহৰ গতি নিজ অধিকাৰত নাথাকে।”—যিৰিমিয়া ১০:২৩.

ধন-সম্পত্তিয়ে হৈছে প্ৰকৃত সুখৰ মূল কাৰণ।

“ধন-লোভেই সকলো মন্দৰ মূল।”—১ তীমথিয় ৬:৯.

[১০ পৃষ্ঠাৰ ছবি]

ৰজা চলোমনে সত্য উপাসনাৰ পৰা আঁতৰি গৈ মিছা দেৱতাবোৰৰ উপাসক হৈ পৰিল

[১২ পৃষ্ঠাৰ ছবি]

এজন বিজ্ঞাপকৰ নিচিনাকৈ চয়তানে এই জগতৰ আত্মাক বিকাশ কৰে। আপুনি ইয়াৰ প্ৰতিৰোধ কৰেনে?