Skip to content

Skip to table of contents

বাস্তৱতে ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হ’লনে?

বাস্তৱতে ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হ’লনে?

বাস্তৱতে ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হʼলনে?

“যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।”মথি ৬:১০.

 জুলীয় আৰু ক্ৰীষ্টীনাই তেওঁলোকৰ চকুৰ আগতে নিজৰ চাৰিটা সন্তানক জীৱন্তে দগ্ধ হোৱাৰ এক বিভীষিকা ঘটনা দেখিলে। তেওঁলোকে ৰখাই থোৱা মটৰ গাড়ীখনক এজন নিচাসক্ত চালকৰ গাড়ীয়ে খুন্দা মাৰাৰ ফলত এক ভয়নাক বিস্ফোৰিত হৈ জুয়ে বেৰি ধৰিলে। তেওঁলোকৰ পঞ্চম সন্তান মাৰ্কচ্‌ক অত্যন্ত গৰম জুইৰ পৰা বচোৱা হʼল, কিন্তু জ্বলন্ত জুইৰ গৰমে তাৰ শৰীৰত ক্ষতি সাধন কৰাত সি চিৰদিনৰ বাবে অঙ্গক্ষত হৈ পৰিল। লʼৰাটিৰ বয়স মাত্ৰ ন বছৰ হোৱাত তাৰ অৱস্থা দেখি দেউতাকে মনত অধিক দুখ পাইছিল। তেওঁ নিজকে আৰু নিজৰ পৰিয়ালটোক শান্ত্বনা দিবলৈ এইদৰে কয়: “ভাল হওক বা বেয়াই নহওক কিয় এইটো হৈছে ঈশ্বৰৰ ইচ্ছা, তাক আমি সকলোৱে বুজি পোৱা আৱশ্যক।”

এনেদৰে শোকাবহ ঘটনাৰ সম্মুখীন হৈ সকলোৱে একেইদৰে প্ৰতিক্ৰিয়া দেখুৱায়। তেওঁলোকে যুক্তি দাঙি ধৰি কয় যে, ‘যদি ঈশ্বৰ বাস্তৱতে সৰ্ব্বশক্তিমান আৰু আমাৰ কাৰণে চিন্তা কৰে, তেন্তে তেওঁ কৰা পদ্ধতিৰ বিষয়ে যদিও আমি বুজিব নোৱাৰোঁ তথাপিও এক প্ৰকাৰে আমাৰ ভালৰ বাবেই হৈছে।’ আপুনি এই যুক্তিটোৰ সৈতে সন্মতনে?

ভাল হওক বা বেয়াই নহওক কিয় বুলি কোৱা এই মতামতে দেখুৱাইছে যে ঈশ্বৰৰ ইচ্ছা সদায়ে আৰম্ভণীতে ওপৰত উল্লেখ কৰা যীচুৱে কোৱা বাক্যৰ উদ্ধৃতিটোৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰৰ ইচ্ছা স্বৰ্গত পূৰ্ণ হোৱা নাইনে? ‘তোমাৰ ইচ্ছা পৃথিৱীত পূৰ্ণ হওক’ বুলি কৰা প্ৰাৰ্থনাৰ অনুসাৰে আমি মান্তি নহমনে যে পৃথিৱীত যি ঘটিছে সেইবোৰ ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে হৈছে?

বহুতে এই অভিমতটোৰ সৈতে সহজে মান্তি নহয়। কিয়নো তেওঁলোকৰ অনুসাৰে এই অভিমটোৱে সৃষ্টি কৰা মানৱৰ প্ৰতি ঈশ্বৰে সংবেদনাহীন অনুভূতি ৰাখাক বুজায়। তেওঁলোকে সোধে যে, ‘এজন প্ৰেমময় ঈশ্বৰে নিৰ্দোষী ব্যক্তিসকলক তেনেদৰে শোকাবহৰূপে পীড়িত হʼবলৈ কেনেকৈ অনুমতি দিব পাৰে? যদি আমি এই বিষয়ে কোনো শিক্ষা শিকিবলগীয়া আছে, তেন্তে সেই শিক্ষা কি হʼব পাৰে?’ আপুনিও হয়তো তেনেদৰে ভাবে।

এই সংক্ৰান্তত যীচুৰ সতীয়া ভায়েক যাকোব নামৰ শিষ্যজনে এইদৰে লিখিছিল: “যেতিয়া পৰীক্ষিত হয়, তেতিয়া ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ, এই বুলি কোনেও নকওক; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত, আৰু কাৰো পৰীক্ষা তেওঁ নকৰেও।” (যাকোব ১:১৩) ঈশ্বৰে ঘটিত হোৱা এই সকলো বেয়াৰ উৎস নহয়। এতেকে স্পষ্টৰূপে পৃথিৱীত আজি যি ঘটিছে সেয়া ঈশ্বৰৰ ইচ্ছা নহয়। তদুপৰি শাস্ত্ৰই মানুহৰ ইচ্ছা আৰু চয়তানৰ ইচ্ছা বুলি উল্লেখ কৰিছে। (যোহন ১:১৩; ২ তীমথিয় ২:২৬; ১ পিতৰ ৪:৩) গতিকে আপুনি মান্তি নহʼবনে যে জুলীয় আৰু ক্ৰীষ্টীনাৰ পৰিয়ালৰ সৈতে যি ঘটিল সেইয়া কেতিয়াও এজন প্ৰেমময় ঈশ্বৰৰ ইচ্ছা হʼব নোৱাৰে?

তেনেহʼলে যীচুৱে কোৱা কথাশাৰীৰ অৰ্থ কি আছিল, যʼত তেওঁ এইদৰে প্ৰাৰ্থনা কৰিছিল: ‘তোমাৰ ইচ্ছা পূৰ হওক’? এইটো কেৱল বিশেষ ঘটনা বা কাৰ্য্যত ঈশ্বৰে হস্তক্ষেপ বা যীচুৱে আমাক তাতকৈ বৃহৎ অৰ্থাৎ সকলোৱে আশা কৰা এনে এক পৰিৱৰ্তনৰ বিষয়ে নিৱেদন কৰিবলৈ শিকোৱা এটা প্ৰাৰ্থনা আছিলনে? এই বিষয়ে বাইবেলে কি কৈছে আঁহক আমি তাক পৰীক্ষা কৰোঁহঁক। (w04 4/15)

[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

মটৰ গাড়ী: Dominique Faget-STF/AFP/Getty Images; কণমাণি শিশু: FAO photo/B. Imevbore