Skip to content

Skip to table of contents

বিদ্বেষীপূৰ্ণ জগতত দয়াবান হোৱা

বিদ্বেষীপূৰ্ণ জগতত দয়াবান হোৱা

বিদ্বেষীপূৰ্ণ জগতত দয়াবান হোৱা

“মানুহৰ ইচ্ছাই তাৰ [প্ৰেমপূৰ্বক, NW] দয়াৰ পৰিমাণ।”—হিতোপদেশ ১৯:২২.

১. দয়া গুণটো প্ৰতিফলিত কৰাটো কিয় এক প্ৰত্যাহ্বানৰ বিষয়?

 আপুনি নিজকে এজন দয়াবান ব্যক্তি বুলি বিবেচনা কৰেনে? যদি কৰে, তেন্তে বৰ্তমান জগতখনত দয়াবান হোৱাটো ইমান সহজ নহয়। বাইবেলত যদিও দয়া গুণটোক ‘পবিত্ৰ আত্মাৰ ফল’ হিচাবে উল্লেখ কৰিছে তথাপিও তথাকথিত খ্ৰীষ্টান দেশবোৰত এই গুণটো প্ৰতিফলিত কৰাত কিয় জটিল হৈ পৰিছে? (গালাতীয়া ৫:২২) এই প্ৰশ্নটোৰ আংশীক উত্তৰ আমি আগৰ লেখটোত পাঁচনি যোহনে কোৱা কথাষাৰৰ পৰা জানিব পাৰিলোঁ। তেওঁ কৈছিল যে এই “জগতৰ অধিপতি” হৈছে চয়তান। (১ যোহন ৫:১৯) আনকি যীচুৱেও চয়তানক এই “জগতৰ অধিপতি” বুলি কৈছিল। (যোহন ১৪:৩০) সেইবাবে এই জগতখনত প্ৰতিফলিত হোৱা মনোবৃত্তি বিৰোধী শাসক অৰ্থাৎ চয়তানৰ বিভিন্ন আচাৰ-ব্যৱহাৰৰ সৈতে মিল খায়।—ইফিচীয়া ২:২.

২. কেনে ধৰণৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিয়ে আমাক দয়া প্ৰতিফলিত কৰাৰ পৰা বিৰত ৰাখিব পাৰে?

বিশেষকৈ আনে নিষ্ঠুৰতাৰে কৰা আচৰণে আমাৰ জীৱনটোত এক গভীৰ প্ৰভাৱ পেলাইছে। হয়তো চকুচৰহা চুবুৰীয়া, অপকাৰী অচিনাকি ব্যক্তি, আনকি বন্ধু-বান্ধব আৰু পৰিয়ালৰ সদস্যসকলে কেতিয়াবা অবিবেচক হৈ কথা কোৱাৰ বাবে আমি নিষ্ঠুৰতা পৰিস্থিতিৰ সম্মুখীন হৈছোঁ। কেতিয়াবা হয়তো কঠোৰ মন, উচ্চস্বৰত কথা কোৱা আৰু গালি-শপনিৰে আনৰ সৈতে কথোপকথন কৰা ব্যক্তিসকলৰ লগত যোগাযোগ কৰি আমি পীড়ন বা হেঁচা অনুভৱ কৰিব পাৰোঁ। তেওঁলোকৰ এনে আচাৰ-ব্যৱহাৰ দেখি আমিও হয়তো অপকাৰৰ সলনি অপকাৰ সাধাটো উচিত কাৰ্য্য হʼব বুলি ভাবিব পাৰোঁ। কিন্তু তেনে কৰাৰ পৰিণাম হয়তো আধ্যাত্মিক বা শাৰীৰিক সমস্যালৈ পৰিচালিত কৰিব পাৰে।—ৰোমীয়া ১২:১৭.

৩. আজি লোকসকলে সম্মুখীন হোৱা কেনে পৰিস্থিতিবোৰৰ বাবে দয়া প্ৰতিফলিত কৰাটো প্ৰত্যাহ্বানজনক বিষয় হৈ পৰিছে?

তদুপৰি এই জগতত দেখা দিয়া আভ্যন্তৰিণ পৰিস্থিতিবোৰেও আমাক দয়া দেখুৱাৰ পৰা অঁতৰাই নিব পাৰে। উদাহৰণস্বৰূপে, সন্ত্ৰাসবাদ, বিভিন্ন জাতিগত সমূহৰ দ্বাৰা পৰমাণবিক বা জৈৱিক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰৰ ভাবুকিয়ে লোকসকলৰ মনত আতংক সৃষ্টি কৰিছে। ইয়াৰ উপৰিও আজি কোটি কোটি লোকে খাদ্য, বস্ত্ৰ, বাসস্থান আৰু চিকিৎসাৰ অভাৱত ভুগীবলগীয়া হৈছে। এনে ধৰণৰ আশাহীন পৰিস্থিতিত দয়া দেখুৱাটো সঁচাকৈ এক প্ৰত্যাহ্বাজনক বিষয় হৈ পৰিছে।—উপদেশক ৭:৭.

৪. আনক দয়া দেখুৱাৰ প্ৰতি কিছুমানে কেনে ভুল ধাৰণা ৰাখিব পাৰে?

এজন ব্যক্তিয়ে হয়তো সহজে ভাবিব পাৰে যে দয়া দেখুৱাটো কোনো গুৰুত্বৰ বিষয় নহয় আৰু এনে কৰাৰ দ্বাৰা নিজকে দুৰ্ব্বলতাৰ পৰিচয় দিয়া হʼব। তেওঁ হয়তো আনৰ নিষ্ঠুৰ আচৰণৰ সম্মুখীন হোৱাৰ বাবে অৱহেলিত বোধ কৰে। (গীত ৭৩:২-৯) তথাপিও, বাইবেলে আমাৰ বাবে এক উত্তম নিৰ্দ্দেশনা আগবঢ়াইছে, যʼত আমি এইদৰে পঢ়িবলৈ পাওঁ: “মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কটু কথাই খং তোলে।” (হিতোপদেশ ১৫:১) দয়া আৰু মৃদু হৈছে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ফল আৰু প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হোৱাত ই পৰস্পৰে নিবিড় সম্পৰ্ক ৰাখি ব্যৱহাৰিক সহায় আগবঢ়ায়।

৫. জীৱনৰ কেনে দিশবোৰত দয়া দেখুৱাটো আৱশ্যক?

যিহেতু দয়া ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ফল হোৱাৰ বাবে আমি সকলো প্ৰকৃত খ্ৰীষ্টানে এই গুণটোক প্ৰকাশ কৰাটো এটা অত্যাৱশ্যকীয় বিষয়। গতিকে আমি নিজেই বিবেচনা কৰা উচিত যে এই দয়া গুণটোক কেনেকৈ প্ৰতিফলিত কৰা আৱশ্যক। বাস্তৱতে এই বিদ্বেষীপূৰ্ণ জগতত দয়াবান হোৱাটো সম্ভৱনে? যদি সম্ভৱ, তেন্তে এনে কিছুমান দিশ কি যʼত আমি বিশেষকৈ ক্লেশদায়ক পৰিস্থিতিত চয়তানৰ প্ৰভাৱক প্ৰতিৰোধ কৰি দয়া দেখুৱা পাৰোঁ? গতিকে আঁহক আমি কেনেকৈ পৰিয়াল, কাৰ্য্যস্থল, স্কুল, চুবুৰীয়া আৰু সঙ্গী ভাই-ভনীসকলৰ সৈতে দয়া দেখুৱাব পাৰোঁ, সেই বিষয়ে বিবেচনা কৰোঁহঁক।

পৰিয়ালত দয়া দেখুৱা

৬. পৰিয়ালৰ সদস্যৰ মাজত কিয় দয়া দেখুৱাটো অতি আৱশ্যক আৰু ইয়াক কেনেকৈ দেখুৱাব পাৰি?

যিহোৱাৰ আশীৰ্ব্বাদ আৰু নিৰ্দ্দেশনা পাবলৈ হʼলে আমি এই গুণটো বিকশিত কৰা অতি আৱশ্যক। (ইফিচীয়া ৪:৩২) এতেকে আঁহক আমি পৰিয়ালৰ সদস্যই পৰস্পৰে কেনেকৈ এই গুণটো দেখুৱাব পাৰে, তাৰ বিষয়ে বিবেচনা কৰোঁহঁক। স্বামী-স্ত্ৰী আৰু লʼৰা-ছোৱালীয়ে ইজনে সিজনৰ সৈতে কৰা দৈনন্দিন আচৰণত এই গুণটো প্ৰতিফলিত কৰা অতি প্ৰয়োজন। (ইফিচীয়া ৫:২৮-৩৩; ৬:১, ২) বিশেষকৈ পৰিয়ালত কথা-বতৰা, লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃক সন্মান কৰা আৰু পিতৃ-মাতৃয়েও নিজৰ সন্তানৰ সৈতে উচিত আচৰণ কৰাৰ সময়ত এই গুণটো প্ৰকাশ পোৱা উচিত। শলাগ লʼবলৈ সদায়ে তৎপৰতা হোৱা আৱশ্যক আৰু নিন্দা কৰাৰ পৰা বিৰত থাকক।

৭, ৮. (ক) যদি আমি পৰিয়ালত প্ৰকৃত দয়া দেখুৱালৈ বিচাৰোঁ তেন্তে কেনেধৰণৰ আচাৰ-ব্যৱহাৰক ত্যাগ কৰা উচিত? (খ) উত্তম যোগাযোগে কেনেকৈ পৰিয়ালৰ বান্ধোন শক্তিশালী কৰি তুলে? (গ) আপুনি কেনেকৈ নিজৰ পৰিয়ালটোত দয়া দেখুৱাব পাৰে?

আমি পৰিয়ালৰ সদস্যৰ প্ৰতি দয়া দেখুৱাৰ সৈতে পাঁচনি পৌলে কোৱা এই পৰামৰ্শটো সন্মিলিত আছে, যʼত তেওঁ এইদৰে কৈছিল: “ক্ৰোধ, খং, হিংসা, নিন্দা, মুখৰ পৰা ওলোৱা অবচনীয় বচন, এই সকলোকে দূৰ কৰা।” গতিকে প্ৰত্যেকদিনা প্ৰকৃত খ্ৰীষ্টান পৰিয়ালৰ সদস্যসকলে পৰস্পৰে ইজনে সিজনৰ সৈতে সন্মানীয়ভাৱে কথোপকথন কৰা উচিত। কিয় তেনেধৰণে কৰা উচিত? কিয়নো পৰিয়ালৰ বান্ধোন কটটীয়া কৰিবলৈ এক উত্তম যোগাযোগ হোৱা অতি প্ৰয়োজন। পৰিয়ালত সৃষ্টি হোৱা মনোমালিন্যক আঁতৰ কৰিবলৈ তৰ্ক-বিতৰ্কত জয়ী হোৱাত চেষ্টা কৰাৰ পৰিৱৰ্তে সমস্যাটোক সমাধান কৰিবলৈহে প্ৰচেষ্টা কৰক। সুখী পৰিয়ালৰ সদস্যসকলে পৰস্পৰে ইজনে সিজনৰ প্ৰতি বিবেচক আৰু দয়া দেখুৱালৈ কঠিন পৰিশ্ৰম কৰে।—কলচীয়া ৩:৮, ১২-১৪.

দয়া হৈছে এনে এটা কাৰ্য্যকাৰী গুণ যি আমাক আনৰ প্ৰতি হিতজনক কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰে। সেইবাবে আমি পৰিয়ালৰ সদস্যৰ প্ৰতি বিবেচনাশীল, সহায়ক আৰু কাৰ্য্যোপযোগী হোৱা উচিত। এনে ধৰণৰ দয়া দেখুৱালৈ পৰিয়ালৰ সদস্যসকলৰ প্ৰত্যেকে প্ৰচেষ্টা কৰা আৱশ্যক। ফলস্বৰূপে, তেওঁলোকে কেৱল যিহোৱাৰ আশীৰ্ব্বাদেই লাভ কৰিব এনে নহয়, কিন্তু মণ্ডলী আৰু সমাজতো দয়ালু ঈশ্বৰৰ মহিমা কৰিবলৈ সক্ষম হʼব।—১ পিতৰ ২:১২.

কাৰ্য্যস্থলত দয়া দেখুৱা

৯, ১০. কৰ্য্যস্থলত দেখা দিয়া কিছুমান সমস্যাৰ বিষয়ে উল্লেখ কৰক আৰু নম্ৰতাৰে সেইবোৰক কেনেকৈ সমাধান কৰিব পাৰি, সেই বিষয়ে বৰ্ণনা কৰক।

এজন প্ৰকৃত খ্ৰীষ্টানক হয়তো সদায়ে সহকৰ্ম্মীৰ সৈতে দয়াৰে আচৰণ কৰাটো প্ৰত্যাহ্বানজনক যেন লাগিব পাৰে। উদাহৰণস্বৰূপে, সহকৰ্ম্মীবিলাকৰ মাজৰ এজন ব্যক্তিয়ে ছলেৰে কাৰ্য্য কৰি এজনৰ মান-সন্মান আৰু চাকৰি বিপদত পেলাব পাৰে। (উপদেশক ৪:৪) তেনে পৰিস্থিতিত দয়া দেখুৱাটো বাস্তৱতে এক প্ৰত্যাহ্বানজনক বিষয়। যিয়েই নহওক, মনত ৰাখিব যে দয়াৰে কৰা কাৰ্য্য হৈছে সদায়ে উত্তম আৰু এজন যিহোৱাৰ সেৱক হোৱাৰ হেতুকে নিজৰ উত্তম আচাৰ-ব্যৱহাৰৰ দ্বাৰা কঠোৰ মনৰ ব্যক্তিক জয় কৰা উচিত। এনে পৰিস্থিতিত হয়তো যত্নৱান মনোবৃত্তি দেখুৱাটো উত্তম হʼব। যদি আপোনাৰ সহকৰ্ম্মী বা তেওঁৰ পৰিয়ালৰ কোনোবাই অসুস্থ হৈছে তেন্তে তেওঁলোকৰ প্ৰতি বিবেচক হʼব পাৰে। আনকি আপুনি তেওঁলোকৰ খা-খবৰ লোৱাৰ বাবে তেওঁলোকে অতিশয় প্ৰভাৱিত হʼব পাৰে। দৰাচলতে প্ৰকৃত খ্ৰীষ্টানসকলে সকলোৰে সৈতে মিলেৰে থাকিবলৈ যত্ন কৰা উচিত। কেতিয়াবা হয়তো মৃদুভাৱে কোৱা কেইষাৰমান কথা বা বিবেচক মনোবৃত্তিয়ে পৰিস্থিতিক সলনি কৰিব পাৰে।

১০ আন এটা উপলক্ষ্যত এজন মেনেজাৰ বা মালিকে হয়তো নিজৰ সকলো কৰ্ম্মচাৰীয়ে দেশপ্ৰেমমূলক কাৰ্য্যত ভাগ বা অশাস্ত্ৰীয় উৎসৱ পালন কৰাটো বিচাৰিব পাৰে। কিন্তু যেতিয়া এজন প্ৰকৃত খ্ৰীষ্টানে তেনে কাৰ্য্যত বা উৎসৱত ভাগ লোৱাৰ পৰা বিৰত থাকে তেতিয়া হয়তো সমস্যা দেখা দিব পাৰে। তেনে পৰিস্থিতিত হয়তো নিজৰ বিশ্বাসৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰি তেনে উৎসৱ বা কাৰ্য্য ভুল বুলি কোৱাটো বুদ্ধিমানৰ কাৰ্য্য নহʼব। কিয়নো সত্যতাক বিশ্বাস নকৰা এই ব্যক্তিসকলৰ বাবে তেনে কাৰ্য্যত বা উৎসৱত ভাগ লোৱাটো কোনো ভুল কাৰ্য্য নহʼব পাৰে। (১ পিতৰ ২:২১-২৩) বৰঞ্চ, আপুনি কিয় ব্যক্তিগতভাৱে ভাগ নলয় সেই বিষয়ে নম্ৰতাপূৰ্বক যুক্তি দৰ্শাই কʼব পাৰে। কেতিয়াও ব্যঙ্গাত্মকভাৱে উত্তৰ নিদিব। তদুপৰি এজন প্ৰকৃত খ্ৰীষ্টানে ৰোমীয়া ১২:১৮ পদত উল্লেখ কৰা পৰামৰ্শটো পালন কৰিলে উত্তম হʼব, যʼত এইদৰে কৈছে: “যদি হব পাৰে, তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা।”—ৰোমীয়া ১২:১৮.

স্কুলত দয়া দেখুৱা

১১. প্ৰকৃত খ্ৰীষ্টান কিশোৰ-কিশোৰীসকলে নিজৰ সহপাঠীৰ সৈতে দয়াৰে আচৰণ কৰিবলৈ কেনে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈছে?

১১ কিশোৰ-কিশোৰীসকলৰ বাবে নিজৰ সহপাঠীৰ সৈতে দয়াৰে ব্যৱহাৰ কৰাটো এক প্ৰত্যাহ্বানজনক হʼব পাৰে। সাধাৰণতে তেওঁলোকে নিজৰ সহপাঠীৰ মাজত খ্যাতি লাভ কৰাটো সদায়ে বিচাৰে। কিছুমান লʼৰাই নিজকে জনাজাত কৰিবলৈ হয়তো উগ্ৰস্বভাৱ বা অত্যাচাৰ কৰা মনোবৃত্তি দেখুৱাব পাৰে। (মথি ২০:২৫) আন কিছুমানে হয়তো পঢ়া-লিখা, খেল-ধেমালী বা অন্য ক্ষেত্ৰবোৰত নিজৰ পাৰ্গতালি দেখুৱাই উত্তম বুলি ভাবিব পাৰে। তেনে সহপাঠীবিলাকে নিজৰ বাহুবলৰ বাবে আনৰ সৈতে নিৰ্দয়পূৰ্বক আচৰণ বা তেওঁলোকত থকা পাৰ্গতালিৰ বাবে আনৰ বিচাৰধাৰা ভুল বুলি কৈ নিজকে উচ্চ বুলি ভাবিব পাৰে। কিন্তু এজন প্ৰকৃত খ্ৰীষ্টান কিশোৰ বা কিশোৰীয়ে তেনে সহপাঠীসকলক অনুকৰণ কৰাৰ পৰা আঁতৰি থকা উচিত। (মথি ২০:২৬, ২৭) এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল যে, “প্ৰেমে অনেক দিন সহে” আৰু “প্ৰেমে ঈৰ্ষা নকৰে।” সেইবাবে এজন প্ৰকৃত খ্ৰীষ্টানে নিৰ্দ্দয়শীল ব্যক্তিসকলৰ আৰ্হিক অনুকৰণ কৰাৰ পৰা আঁতৰি থাকি শাস্ত্ৰীয় পৰামৰ্শৰ অনুসাৰে নিজৰ সহপাঠীসকলৰ সৈতে আচৰণ কৰা উচিত।—১ কৰিন্থীয়া ১৩:৪.

১২. (ক) নিজৰ শিক্ষক-শিক্ষয়ত্ৰীৰ সৈতে দয়াৰে ব্যৱহাৰ কৰাটো প্ৰকৃত খ্ৰীষ্টান কিশোৰ-কিশোৰীৰ বাবে কিয় এক প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে? (খ) এনেধৰণৰ পৰিস্থিতিত তেওঁলোকে কাৰ পৰা সহায় পাব বুলি আশ্বাস ৰাখিব পাৰে?

১২ তদুপৰি তেওঁলোকে নিজৰ শিক্ষক- শিক্ষয়ত্ৰীৰ সৈতে দয়াৰে আচৰণ কৰা উচিত। বহুতো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিক্ষক-শিক্ষয়ত্ৰীক বিৰক্ত কৰি আনন্দ পাই। তেওঁলোকে শিক্ষক-শিক্ষয়ত্ৰীক অনাদৰ কৰি স্কুলৰ নিয়ম-ব্যৱস্থা ভঙ্গ কৰা কাৰ্য্যবোৰত ভাগ লৈ নিজকে বুদ্ধিমান ব্যক্তি বুলি ভাবে। তেওঁলোকৰ এনে কাৰ্য্যত ভাগ লʼবলৈ আন সহপাঠীৰ ওপৰতো তেওঁলোকে হেঁচা দিয়ে। কিন্তু যেতিয়া এজন প্ৰকৃত খ্ৰীষ্টানে তেওঁলোকৰ অনুসাৰে কাৰ্য্য বা কথা কʼবলৈ অমান্তি হয় তেতিয়া তেওঁ বা তাই হয়তো কৌতুকৰ পাত্ৰ হʼব পাৰে। তেনে সময়ছোৱাত এজন প্ৰকৃত খ্ৰীষ্টানৰ বাবে দয়াৰে আচৰণ কৰাটো প্ৰত্যাহ্বাজনক হৈ পৰে। তথাপিও মনত ৰাখা উচিত যে যিহোৱাৰ এজন নিষ্ঠাৱান সেৱক হোৱাটো কিমান যে গুৰুত্বপূৰ্ণ বিষয়। আপুনি আশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাক এনে ধৰণৰ পৰিস্থিতিৰ সৈতে সম্মুখীন হʼবলৈ নিশ্চয়ে সহায় কৰিব।—গীত ৩৭:২৮.

চুবুৰীয়াৰ প্ৰতি দয়া দেখুৱা

১৩-১৫. চুবুৰীয়াৰ প্ৰতি দয়াৰে আচৰণ কৰাত কিহে বাধা উৎপন্ন কৰিব পাৰে আৰু এনে ধৰণৰ বাধাক কেনেকৈ দূৰ কৰিব পৰা যায়?

১৩ আপুনি কোনো এপাৰ্টমেন্ট, নিজ ভৱন বা যʼতেই নাথাকক কিয়, আপুনি নিজৰ চুবুৰীয়াৰ সৈতে কেনেকৈ দয়াৰে আচৰণ কৰি তেওঁলোকলৈ হিতজনক কাৰ্য্য কৰিব সেই বিষয়ে ভাবিব পাৰে। তথাপিও এই ক্ষেত্ৰত সকলো সময়ত দয়া দেখুৱাটো ইমান সহজ নহয়।

১৪ যদি ওচৰ-চুবুৰীয়াসকলে আপোনাৰ পৃষ্ঠভূমি বা ধৰ্ম্মৰ বাবে পক্ষপাতমূলক মনোবৃত্তি দেখুৱাই, তেন্তে আপুনি কেনে প্ৰতিক্ৰিয়া দেখুৱা আৱশ্যক? তদুপৰি যদি তেওঁলোকে আপোনাক অৱহেলা বা আপোনাৰ সৈতে নিষ্ঠুৰতাৰে আচৰণ কৰে, তেন্তে কি কৰিব পাৰি? এজন যিহোৱাৰ উপাসক হোৱা হেতুকে তেনে পৰিস্থিতিতো দয়াৰে আচৰণ কৰাটো লাভজনক হʼব। তেওঁলোকৰ মাজত আপুনি নিজকে স্পষ্টকৈ পৃথক ৰাখি বাস্তৱতে যিহোৱাৰ স্তুতি কৰিব আৰু স্বয়ং দয়াবান হোৱাৰ পৰিচয় দিব। আপোনাৰ এনে আচৰণ দেখি কেতিয়া তেওঁলোকৰ কোনো এজনৰ মন পৰিৱৰ্তন হʼব সেই বিষয়ে আপুনি হয়তো নাজানিব পাৰে। তদুপৰি তেওঁ হয়তো এদিন যিহোৱাৰ স্তুতিকৰ্ত্তা হʼব পাৰে।—১ পিতৰ ২:১২.

১৫ ইয়াৰ উপৰিও আমাৰ চুবুৰীয়াৰ প্ৰতি কেনেকৈ দয়া দেখুৱাব পাৰি? পৰিয়ালত উত্তম আৰ্হি বজাই ৰাখি আৰু পবিত্ৰ আত্মাৰ ফল উৎপন্ন কৰাৰ দ্বাৰা। চুবুৰীয়াই নিশ্চয়ে এদিন আপোনাৰ আচাৰ-ব্যৱহাৰক লক্ষ্য কৰিব। সময়ত আপুনি হয়তো এদিন চুবুৰীয়াৰ বাবে হিতজনক কাৰ্য্য কৰিবলৈ সুবিধা পাব পাৰে। মনত ৰাখক যে তেনেধৰণে দয়া দেখুৱাৰ অৰ্থ হৈছে আনৰ হিতৰ প্ৰতি আগ্ৰহী হোৱা।—১ পিতৰ ৩:৮-১২.

প্ৰচাৰ কাৰ্য্যত দয়া দেখুৱা

১৬, ১৭. (ক) ৰাজহুৱা পৰিচৰ্য্যা-কাৰ্য্যত দয়া দেখুৱাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয়? (খ) সাক্ষী দিয়াৰ বিভিন্ন পদ্ধতিবোৰত কেনেকৈ দয়া দেখুৱাব পৰা যায়?

১৬ ব্যৱসায়, ৰাজহুৱা স্থান, ঘৰে-ঘৰে আৰু আন ঠাইবোৰত লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য কৰাৰ সময়ত এই দয়া গুণটো দেখুৱা অতি আৱশ্যক। আমি সদায়ে মনত ৰাখা উচিত যে আমি এনে এজন ঈশ্বৰৰ প্ৰতিনিধি যিজন দয়াৰে পৰিপূৰ্ণ।—যাত্ৰাপুস্তক ৩৪:৬.

১৭ পৰিচৰ্য্যা-কাৰ্য্যত দয়া দেখুৱাৰ সৈতে আপুনি কৰা প্ৰচেষ্টাত আৰু কি সন্মিলিত আছে? উদাহৰণস্বৰূপে, ৰাস্তাত সাক্ষী দিয়াৰ সময়ত আমি চমূকৈ শুভবাৰ্ত্তা শুনোৱাৰ প্ৰতি বিবেচক হোৱাৰ দ্বাৰা দয়া দেখুৱাব পাৰোঁ। আমি অহা-যোৱা কৰা ফূটপাথত প্ৰতিবন্ধকৰূপে থিয় হৈ সাক্ষী দিয়াৰ পৰা আঁতৰি থকা আৱশ্যক। তদুপৰি ব্যৱসায় ক্ষেত্ৰবোৰত সাক্ষী দিয়াৰ সময়ত আমি কোৱা শুভবাৰ্ত্তা যেন সংক্ষিপ্ত হয়, যাতে দোকানীজনক নিজৰ গ্ৰাহকৰ প্ৰতি ধ্যান দিয়াত বাধা উৎপন্ন নহয়।

১৮. পৰিচৰ্য্যা-কাৰ্য্যত দয়া দেখুৱালৈ আমাৰ বিচাৰ শক্তিয়ে কেনে ভূমিকা আদায় কৰে?

১৮ ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত বিবেচনাশীল হওক। বৰষুণৰ বতৰত বহু সময়লৈকে দুৱাৰ মুখত থিয় হৈ প্ৰচাৰ কৰি নাথাকিব। আপোনাৰ উপস্থিতিত গৃহস্থজনে সংকোচ বা অধৈৰ্য্যশীল হৈ পৰিছে বুলি আপুনি বিবেচনা কৰিব পাৰিছেনে? যদি আপুনি থকা ঠাইখনত বাৰে বাৰে প্ৰচাৰ কৰিবলগীয়া হৈছে, তেন্তে গৃহস্থৰ প্ৰতি বিশেষ মনোযোগ দিয়ক আৰু নম্ৰতাৰে আচৰণ কৰক। (হিতোপদেশ ১৭:১৪) সেইদিনা গৃহস্থই আপোনাৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী নোহোৱাৰ বিষয়ে কোৱা কাৰণসমূহৰ প্ৰতি শলাগ লওক। যদি কোনোবাই আপোনাৰ সৈতে অভদ্ৰতাৰে আচৰণ কৰিছে তেন্তে তেওঁক নম্ৰতাৰে উত্তৰ দিয়ক। কিয়নো এজন দয়াবান প্ৰকৃত খ্ৰীষ্টানে কেতিয়াও গৃহস্থৰ কথাত ক্ৰোধিত হৈ তেওঁলৈ বেয়া আচৰণ নকৰে। (মথি ১০:১১-১৪) মনত ৰাখক যে ভৱিষ্যতে পুনৰাই আপোনাৰ কোনো এজন সাক্ষী ভাই-ভনীয়ে সেই ব্যক্তিজনক সাক্ষাৎ কৰিব পাৰে আৰু এদিন হয়তো তেওঁ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী হʼব।

মণ্ডলীত দয়া দেখুৱা

১৯, ২০. মণ্ডলীত কিয় দয়া দেখুৱা আৱশ্যক আৰু ইয়াক কেনেকৈ দেখুৱাব পৰি?

১৯ সেইদৰে সঙ্গী ভাই-ভনীসকলৰ প্ৰতিও দয়া দেখুৱাটো অতি আৱশ্যক। (ইব্ৰী ১৩:১) আমি বিশ্বব্যাপী ভাতৃত্বসমাজৰ এটা অংশ হোৱাৰ বাবে ইজনে সিজনৰ প্ৰতি দয়া দেখুৱাটো অতি আৱশ্যক।

২০ যদি এখন ৰাজ্যগৃহক এটাতকৈ অধিক মণ্ডলীয়ে তেওঁলোকৰ সভাবোৰৰ বাবে ব্যৱহাৰ কৰিছে, তেন্তে অন্য মণ্ডলীৰ সদস্যসকলৰ সৈতে দয়াৰে আচৰণ কৰাটো অতি প্ৰয়োজন। খ্ৰীষ্টান সভাবোৰৰ বাবে সময় নিৰ্দ্ধাৰিত আৰু ৰাজ্যগৃহ পৰিপাটীকৈ ৰাখা বা নবীকৰণ কৰাৰ ক্ষেত্ৰত অসন্মত মনোবৃত্তি দেখুৱাটো উচিত নহয়। যদিও কিছুমান মতামত আমাৰ সামঞ্জস্যত নহয় তথাপিও আমি দয়াবান আৰু বিবেচক হোৱা উচিত। তেনেদৰে কৰাৰ দ্বাৰা দয়া গুণটো অধিককৈ প্ৰতিফলিত হʼব আৰু যিহোৱা ঈশ্বৰেও আনৰ বাবে কৰা আপোনাৰ প্ৰচেষ্টাত আশীৰ্ব্বাদ প্ৰদান কৰিব।

নিৰন্তৰে দয়া দেখুৱাউক

২১, ২২. কলচীয়া ৩:১২ পদৰ অনুসাৰে আমি কেনে দৃঢ়সঙ্কল্প লোৱা উচিত?

২১ দয়া হৈছে এনে আদৰণীয় গুণ যি আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে কাৰ্য্যকাৰী। গতিকে এই গুণটো আমাৰ খ্ৰীষ্টান ব্যক্তিত্বৰ এক প্ৰয়োজনীয় ভাগ হোৱা উচিত। তদুপৰি ই আমাৰ দৈনন্দিন আচাৰ-ব্যৱহাৰৰ এটা অংশ হিচাবে প্ৰকাশ পোৱা উচিত।

২২ গতিকে আঁহক আমি সদায়ে আনৰ সৈতে দয়াৰে আচৰণ কৰি পাঁচনি পৌলে কোৱা এই বাক্যশাৰীৰ অনুসাৰে চলোঁহঁক, যʼত তেওঁ এইদৰে কৈছে: “ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা, আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা।”—কলচীয়া ৩:১২. (w04 4/15)

আপোনাৰ মনত আছেনে?

• কেতিয়া এজন প্ৰকৃত খ্ৰীষ্টানৰ বাবে দয়া দেখুৱাটো প্ৰত্যাহ্বানজনক হৈ পৰে?

• পৰিয়ালত দয়া দেখুৱাটো কিয় এক অত্যাৱশ্যকীয় বিষয়?

• স্কুল, কাৰ্য্যস্থল আৰু চুবুৰীয়াৰ প্ৰতি দয়া দেখুৱাত কেনে প্ৰত্যাহ্বানজনক পৰিস্থিতিয়ে বাধা উৎপন্ন কৰে?

• প্ৰচাৰ কাৰ্য্যত খ্ৰীষ্টানসকলে কেনেকৈ দয়া দেখুৱাব পাৰে, তাক বৰ্ণনা কৰক।

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৬ পৃষ্ঠাৰ ছবি]

পৰিয়ালৰ সকলো সদস্যই দেখুৱা দয়াই ঐক্যতা আৰু সহযোগীতাৰ মনোভাৱ বিকশিত কৰে

[২৭ পৃষ্ঠাৰ ছবি]

আপোনাৰ সহকৰ্ম্মী বা তেওঁৰ পৰিয়ালৰ কোনোবা এজনৰ অসুস্থ হোৱাৰ সময়ত আপুনি দয়া দেখুৱা পাৰে

[২৮ পৃষ্ঠাৰ ছবি]

কৌতুকৰ পাত্ৰ হোৱা স্বত্ত্বেও যিসকলে দয়া দেখুৱাই, তেওঁলোকক যিহোৱাই সহায় কৰে

[২৯ পৃষ্ঠাৰ ছবি]

চুবুৰীয়াৰ বাবে হিতকাৰ্য্য কৰাৰ অৰ্থ হৈছে তেওঁলোকৰ প্ৰতি দয়া দেখুৱা