নিৰপেক্ষতাই প্ৰকৃত খ্ৰীষ্টানসকলৰ প্ৰেমত ব্যাঘাত জন্মাইনে?
নিৰপেক্ষতাই প্ৰকৃত খ্ৰীষ্টানসকলৰ প্ৰেমত ব্যাঘাত জন্মাইনে?
খ্ৰীষ্টান হোৱা হেতুকে আমি বাইবেল পঢ়া, প্ৰাৰ্থনা আৰু দেউবাৰে স্তুতি গীত গোৱাতকৈ অধিক কিছু সন্মিলিত আছে। ইয়াত ঈশ্বৰ আৰু মানুহলৈ কৰা কৰ্ম্ম সন্মিলিত আছে। এই বিষয়ে বাইবেলে আমাক এইদৰে কৈছে: “আহাঁ, আমি কেৱল বাক্যেৰে বা জিবাৰে নহয়, কৰ্ম্ম আৰু সত্যেৰে প্ৰেম কৰোঁহঁক।” (১ যোহন ৩:১৮) যীচুৱে আনৰ প্ৰতি চিন্তা কৰিছিল আৰু প্ৰকৃত খ্ৰীষ্টানসকলেও তেওঁক অনুকৰণ কৰিব বিচাৰে। সেয়েহে পাঁচনি পৌলে তেওঁৰ সঙ্গী খ্ৰীষ্টান ভাই-ভনীসকলক “প্ৰভুৰ কাৰ্য্যত সদায় উপচি পৰা” বুলি আগ্ৰহ কৰিছিল। (১ কৰিন্থীয়া ১৫:৫৮) প্ৰভুৰ সেই কাৰ্য্য কি? এই কাৰ্য্যত দুখীয়া আৰু পীড়িতসকলৰ লাভৰ অৰ্থে চৰকাৰে ধাৰ্য্য কৰা নিয়ম-প্ৰণালীসমূহত সাল-সলনি কৰিবলৈ চেষ্টা কৰাটো সন্মিলিত আছেনে? যীচুৱে তেনেদৰে কৰিবলৈ শিকাইছিলনে?
যদিও আনে বলপূৰ্বকভাৱে যীচুক ৰাজনৈতিক বিষয়ত জড়িত মথি ৪:৮-১০; ২২:১৭-২১; যোহন ৬:১৫) যীচুৱে বজাই ৰাখা নিৰপেক্ষতাই আনৰ লাভৰ হকে কাৰ্য্য কৰিবলৈ বাধা নিদিলে।
কৰাব বিচাৰিছিল তথাপিও তেওঁ তেনে কৰিবলৈ বা তাৰ কোনো বিষয়ত জড়িত হোৱাৰ পৰা আঁতৰি থাকিল। তেওঁ এই জগতৰ শাসনৰ বাবে চয়তানে আগবঢ়োৱা ক্ষমতাক অগ্ৰাহ্য কৰিলে। তদুপৰি তেওঁ কৰ দিয়া বিষয়ত তৰ্ক-বিতৰ্কত ভাগ লোৱাৰ পৰাও আঁতৰি থাকিল। আনকি এবাৰ যীচুক লোকবিলাকে বলেৰে ৰজা বনাবলৈ বিচৰাত তেওঁ তাৰ পৰা পলাই গʼল। (কিহে আনৰ বাবে চিৰস্থায়ী উত্তমতা কঢ়িয়াই আনিব পাৰে তাৰ প্ৰতি যীচুৱে সদায় মনোযোগ দিছিল। তেওঁ পাঁচ হাজাৰ ব্যক্তিক আহাৰ খোৱা আৰু ৰোগীক সুস্থ কৰা কাৰ্য্যই যদিও অল্পকলীয়া লাভ প্ৰদান কৰিছিল তথাপিও তেওঁ সকলো মানৱজাতিলৈ থকা চিৰকলীয়া লাভসমূহৰ বাবেহে সকলোকে শিকাইছিল। যীচুৱে কোনো সাহায্য অভিযানৰ সংগঠিত কৰাৰ বাবে বিখ্যাত হোৱা নাছিল। তাৰ পৰিৱৰ্তে তেওঁক সকলোৱে সাধাৰণভাৱে ‘গুৰু’ বুলি কৈছিল। (মথি ২৬:১৮; মাৰ্ক ৫:৩৫; যোহন ১১:২৮) যীচুৱে এইদৰে কৈছিল: “সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ।”—যোহন ১৮:৩৭.
ৰাজনৈতিকতকৈ কিহবা এটা উত্তম বিষয়ে প্ৰচাৰ কৰিছিল
যীচুৱে শিকোৱা সত্যতা কোনো ৰাজনৈতিক সূত্ৰ বা ইয়াৰ কোনো বিষয়ৰ সৈতে সন্মিলিত নাছিল। তাৰ বিপৰীতে সেই সত্যতা ঈশ্বৰৰ ৰাজ্যক কেন্দ্ৰিত কৰি আছিল, যি ৰাজ্যত তেওঁ স্বয়ং ৰজা হʼবলগীয়া আছিল। (লূক ৪:৪৩) সেই ৰাজ্য এখন স্বৰ্গীয় চৰকাৰ আছিল আৰু এই ৰাজ্যই মানুহৰ সকলো শাসনক আঁতৰ কৰি মানৱজাতিৰ মাজত চিৰস্থায়ী শান্তি স্থাপন কৰিব। (যিচয়া ৯:৬, ৭; ১১:৯; দানিয়েল ২:৪৪) সেয়েহে এই ৰাজ্যই কেৱল মানুহৰ বাবে একমাত্ৰ বাস্তৱিক আশা প্ৰদান কৰিব পাৰে। গতিকে ভৱিষ্যতে মানৱজাতিক নিশ্চিত আশা প্ৰদান আৰু নিৰাপত্তা দিয়া এই ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰা আৰু ইয়াৰ ওপৰত ভাৰসা কৰিবলৈ সকলোকে উৎসাহিত কৰাটো অধিক প্ৰেমপূৰ্বক বিষয় নহʼবনে? বাইবেলে আমাক এইদৰে কৈছে: “তোমালোকে অধিপতিবিলাকৰ ওপৰত ভাৰসা নকৰিবা; নিঃসহায় মনুষ্য-সন্তানত আশা নকৰিবা। তাৰ উশাহ বাহিৰ হলেই, সি পুনৰায় মাটিত লীন হয়, আৰু সেই দিনাই তাৰ সঙ্কল্পবোৰ নষ্ট হয়। যাকোবৰ ঈশ্বৰ যাৰ সহায়, সেই জন ধন্য।” (গীত ১৪৬:৩-৫) সেইবাবে যীচুৱে নিজৰ শিষ্যসকলক এখন উত্তম প্ৰকাৰৰ মানৱ চৰকাৰ সংগঠিত কৰাৰ বিষয়ে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে ‘ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা’ প্ৰচাৰ কৰিবলৈ শিকাইছিল।—মথি ১০:৬, ৭; ২৪:১৪.
এতেকে খ্ৰীষ্টান প্ৰচাৰকসকলক ‘প্ৰভুৰ কাৰ্য্য’ কৰিবলৈ আজ্ঞা দিয়া হʼল। সেই ঈশ্বৰৰ ৰাজ্যৰ অধীন হʼবলৈ এজনে আনজনৰ প্ৰতি প্ৰেম দেখুৱা আৱশ্যক আৰু এই ৰাজ্যখনে দৰিদ্ৰতাক আঁতৰ কৰি ভাৰসাম্যতাৰে মানৱজাতিৰ সা-সম্পত্তিবোৰ ব্যৱহাৰ কৰাত সফলতা লাভ কৰিব। (গীত ৭২:৮, ১২, ১৩) গতিকে এই শুভবাৰ্ত্তাৰ বিষয়ে অৱশ্যেই প্ৰচাৰ কৰা উচিত।
বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে ২৩৫ খন দেশত ‘প্ৰভুৰ কাৰ্য্য’ কৰিবলৈ সংগঠিত কৰিলে। যীচুৱে দিয়া আজ্ঞাৰ অনুসাৰে তেওঁলোকে সকলো মানৱ চৰকাৰক সন্মান কৰে। (মথি ২২:২১) তদুপৰি তেওঁলোকে যীচুৰ শিষ্যসকলক দিয়া আজ্ঞাকো পালন কৰে, যʼত তেওঁ এইদৰে কৈছিল: “তোমালোক জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ।”—যোহন ১৫:১৯.
যিসকলে এসময়ত ৰাজনৈতিকৰ বিষয়ে প্ৰচাৰ কৰিছিল, কিন্তু মনোযোগেৰে বাইবেল অধ্যয়ন কৰাৰ পিছত তেওঁলোকে নিজৰ বিচাৰধাৰাত পৰিৱৰ্তন কৰিলে। কেথলীক কাৰ্য্যপ্ৰণালী চোৱা-চিতা, গীৰ্জাক নিয়ন্ত্ৰণ কৰা সংগঠনৰ এজন সদস্য আৰু ৰাজনীতিজ্ঞই এইদৰে কয়: “মই ৰাজনীতিত ভাগ লৈ এইদৰে ভাবিছিলোঁ যে এজন ব্যক্তিয়ে ৰাজনীতিত আৰু সমাজত উন্নতিৰ বাবে অধিক সক্ৰিয়ভাৱে কাৰ্য্য কৰা উচিত।” কিন্তু ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ চহৰৰ নগৰপালিকা পদৰ পৰা ইস্তফা দি এজন যিহোৱাৰ সাক্ষী হোৱাৰ পিছত লোকসকলে ৰাজনীতিত ভাগ লৈ আন্তৰিকতাৰে চেষ্টা কৰিও কিয় বিফল
হৈছে, এই বিষয়ে তেওঁ এইদৰে বৰ্ণনা কৰে: “উপযুক্ত লোকসকলে সমাজৰ অৱস্থা উন্নত কৰিবলৈ প্ৰচেষ্টা নকৰাৰ বাবেই যে আজিৰ জগতত তেনে পৰিস্থিতি হৈছে এনে নহয়। ইয়াৰ বিপৰীতে অলপ সংখ্যক লোকে ন্যায়পৰায়ণতাৰে ঠিক কৰিবলৈ চলোৱা প্ৰচেষ্টাক অধিক সংখ্যক বেয়া লোকৰ কাৰ্য্যই বিফল কৰি তুলিছে।”মানৱজাতিক একমাত্ৰ সত্য আশাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ প্ৰকৃত খ্ৰীষ্টানসকলে ৰাজনীতিৰ পৰা পৃথকে থকা কাৰ্য্যই আনক ব্যৱহাৰিক সহায় আগবঢ়োৱাত বাধা নিদিয়ে। যিসকলক প্ৰকৃত খ্ৰীষ্টানসকলে ঈশ্বৰৰ ৰাজ্যৰ অধীন হʼবলৈ সহায় কৰে তেওঁলোকে নিজৰ জীৱনধাৰাক সলনি কৰি অধিকাৰীসকলক সন্মান, তেওঁলোকৰ পৰিয়াল জীৱন উন্নত আৰু ভৌতিক বস্তুৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখিবলৈ শিকিলে। সকলোতকৈ গুৰুত্বৰ বিষয়টো হৈছে যিহোৱাৰ সাক্ষীসকলে লোকসকলক ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখি আনন্দ লাভ কৰিবলৈ সহায় কৰে।
গতিকে তেওঁলোকে বাস কৰা সমাজখনত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰাটো হৈছে লাভজনক কাৰ্য্য। কিন্তু তাতকৈ অধিক লাভজনক বিষয় হৈছে, লোকসকলক এনে এখন প্ৰকৃত চৰকাৰৰ ওপৰত ভাৰসা কৰিবলৈ পথ প্ৰদৰ্শন কৰে যিয়ে ঈশ্বৰক প্ৰেম কৰা সকলৰ বাবে চিৰস্থায়ী শান্তি প্ৰদান কৰিব। এতেকে এই প্ৰকৃত খ্ৰীষ্টানসকলে নিৰপেক্ষতা বজাই ৰাখাৰ বাবে তেওঁলোকে স্বাধীনভাৱে বৰ্তমান সময়ত অধিক স্থায়ী আৰু ব্যৱহাৰিক সহায় আগবঢ়াবলৈ পাৰিছে। (w04 5/1)
[৭ পৃষ্ঠাৰ বক্স/ছবি]
ৰাজনীতিৰ পৰা ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকলৈ পৰিৱৰ্তন হোৱা
ব্ৰাজিলৰ বেলেম চহত বাস কৰা আটিলা নামৰ এজন ব্যক্তিয়ে লʼৰালি কালত স্বাধীনতা ধৰ্ম্মনীতিৰ বিষয়ে তেওঁৰ পাদুৰিসকলৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শুনি আনন্দিত হৈছিল যে এনে এটা সমাজৰ কাৰ্য্যক্ৰমত জড়িত হৈ অৱশেষত অত্যাচাৰৰ পৰা মুক্তি লাভ কৰিব। তাত তেওঁ প্ৰতিবাদ কৰিবলৈ পদযাত্ৰা আৰু অহিংসামূলক অবাধ্যতা নাগৰিক অভিযানৰ সংগঠিত কৰিছিল।
কিন্তু আটিলাই মহান শিক্ষকজনৰ উপদেশ শুনক * নামৰ কিতাপখন ব্যৱহাৰ কৰি তেওঁৰ সম্প্ৰদায়ত লʼৰা-ছোৱালীবিলাকক শিকোৱাত আনন্দিত হৈছিল। কিয়নো সেই কিতাপখনত ভাল আচাৰ-ব্যৱহাৰ আৰু অধিকাৰীসকলৰ অধীন হোৱাৰ বিষয়ে কৈছিল। ইয়ে আটিলাক আচৰিত হৈ ভাবিবলৈ প্ৰেৰিত কৰিলে যে স্বাধীনতা ধৰ্ম্মনীতিক সমৰ্থন কৰাসকলে কিয় যীচুৰ উচ্চ নৈতিক স্তৰক পালন নকৰে, আনকি ক্ষমতা পোৱাৰ পিছত তেওঁলোকে অত্যাচাৰত পীড়িত হোৱাসকলক কিয় পাহৰি যায়। তাৰ পিছত তেওঁ সেই সম্প্ৰদায়ক ত্যাগ কৰিলে। এদিনাখন যিহোৱাৰ সাক্ষীসকলে তেওঁক সাক্ষাৎ কৰি তেওঁৰ সৈতে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কথোপকথন কৰিলে। অতি কম সময়ৰ ভিতৰতে তেওঁ মানৱজাতিয়ে যে চিৰকালৰ বাবে অত্যাচাৰৰ পৰা মুক্তি লাভ কৰিব এই বিষয়ে জানিব পাৰিলে।
যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন কৰি থকাৰ সময়ত আটিলাই ধৰ্ম্ম আৰু ৰাজনৈতিকৰ ওপৰত আধাৰিত কৰি আয়োজন কৰা এখন কেথলীক অধ্যয়ন চক্ৰত অৰ্থাৎ চেমিনাৰীত উপস্থিত হয়। তাত উপদেষ্টাই কয় যে, “ধৰ্ম্ম আৰু ৰাজনৈতিক হৈছে এটা মুদ্ৰাৰ দুটা ফাল।” আটিলাই যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহৰ সভাটো উপস্থিত হৈছিল। তেওঁ এইদৰে কয়, এইটো কিমান যে ভিন্ন! কিয়নো ইয়াত কোনেও ধুমপান, মদ্যপান নকৰে বা অশ্লীল কৌতুক কোৱা নাছিল। তেওঁ এজন যিহোৱাৰ সাক্ষী হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ ঠিৰাং কৰিলে আৰু অতি কম সময়ৰ ভিতৰত তেওঁ বাপ্তিষ্মা প্ৰাপ্ত সাক্ষী হৈ পৰিল। এতিয়া তেওঁ নিজেই বুজিব পাৰিলে যে স্বাধীনতামূলক ধৰ্ম্মনীতিৰ দ্বাৰা কিয় দুখীয়া মানুহৰ সমস্যাৰ বাস্তৱিক সমাধান কৰিব নোৱাৰি।
[ফুটনোট]
^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত
[৬ পৃষ্ঠাৰ ছবি]
প্ৰকৃত খ্ৰীষ্টানসকলে বজাই ৰাখা নিৰপেক্ষতাই, তেওঁলোকে আনক সহায় কৰাত বাধা দিব নোৱাৰে