Skip to content

Skip to table of contents

মই যদিও অন্ধ আছিলোঁ তথাপিও দেখা পাইছিলোঁ!

মই যদিও অন্ধ আছিলোঁ তথাপিও দেখা পাইছিলোঁ!

জীৱন কথা

মই যদিও অন্ধ আছিলোঁ তথাপিও দেখা পাইছিলোঁ!

এগন হাউজাৰে নিজে কোৱা তেওঁৰ জীৱনী

মই দৃষ্টি হেৰুৱাৰ দুমাহৰ পিছতো সেই বাইবেল সত্যতাক পুনৰাই চাব পাৰিলোঁ যাৰ বিষয়ে মই গোটেই জীৱন ধৰি আওকাণ কৰি আছিলোঁ।

 আজিৰ পৰা সত্তৰ বছৰতকৈও অধিক সময়ৰ আগৰ কথাৰ বিষয়ে ভাবিলে মই নিজকে অতি সন্তুষ্ট অনুভৱ কৰোঁ। যদি মই পুনৰাই সেই সুযোগ পোৱা হʼলে, লʼৰালিকালতেই যিহোৱাৰ বিষয়ে জ্ঞান লʼলোহেঁতেন।

দক্ষিণ আমেৰিকাৰ আটলান্টিক মহাসাগৰৰ পাৰত অৱস্থিত উৰুগুৱে নামৰ দেশত ১৯২৭ চনত মোৰ জন্ম হৈছিল। আটলান্টিক মহাসাগৰৰ উপকূলত অৱস্থিত এই দেশখন দেখাত অতি মনোৰম। ইয়াৰ বাসিন্দাসকল প্ৰধানকৈ হৈছে স্পেনিছ আৰু ইটালীয়ান আপ্ৰবাসী লোক। মই নিচেই সৰু থকা অৱস্থাত মোৰ পিতৃ-মাতৃয়ে হাংগেৰীৰ পৰা আহি তাত থিতাপি লৈছিল। আমি একেবাৰে সাধাৰণ আৰু একেই সমাজৰ লোকসকলৰ মাজত বাস কৰিছিলোঁ। আমি থকা ঘৰটোৰ দুৱাৰ-খিড়িকী বন্ধ কৰা বা তলা লগোৱাৰ কোনো আৱশ্যক নাছিল। কিয়নো আমাৰ মাজত কোনো জাতিগত ভিন্নতা দেখিবলৈ পোৱা নগৈছিল। তাত বিদেশী আৰু স্বদেশী, কৃষ্ণাঙ্গ আৰু শ্বেতাঙ্গ সকলো ধৰণৰ লোকে বন্ধুত্বভাৱে বাস কৰিছিল।

মোৰ পিতৃ-মাতৃ কেথলিক ধৰ্ম্মৰ আছিল আৰু দহ বছৰৰ বয়সত মই কেথলিক গীৰ্জাত সমূহীয়া প্ৰাৰ্থনা সম্বন্ধীয় বিষয়ত সহায়ক হিচাবে কাৰ্য্য কৰিছিলোঁ। প্ৰাপ্তবয়স্ক হোৱাৰ পিছত মই স্থানীয় ধৰ্ম্মযাজকৰ সৈতে আৰু বিশ্বপৰ পৰামৰ্শদাতাসমূহৰ এজন সদস্য হিচাবেও কাৰ্য্য কৰিছিলোঁ। যিহেতু মই চিকিৎসা বৃত্তিৰ বাছনি কৰাৰ বাবে ভেনেজুৱেলাত কেথলিক ৰ্গীজাৰ দ্বাৰা আয়োজিত কৰা এখন অধ্যয়ন চক্ৰৰ বৈঠকত উপস্থিত হʼবলৈ মোক আমন্ত্ৰিত কৰা হৈছিল। তাত উপস্থিত থকা স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু আমাৰ দলটোক বজাৰত উপলব্ধ হোৱা গৰ্ভনিৰোধক ঔষধৰ ওপৰত অধ্যয়ন কৰিবলৈ নিযুক্তি কৰা হৈছিল।

এজন চিকিৎসাৰ ছাত্ৰ হিচাবে থকা সময়ত পৰা প্ৰভাৱ

এজন চিকিৎসাৰ ছাত্ৰ হিচাবে মানৱ শৰীৰৰ গঠনৰ বিষয়ে শিক্ষা লোৱাৰ সময়ত, মই ইয়াৰ গঠন প্ৰণালীৰ সৈতে থকা অগম্য বুদ্ধিক দেখি অতিশয় আচৰিত হৈছিলোঁ। উদাহৰণস্বৰূপে, মানৱ শৰীৰত থকা স্বয়ং আৰোগ্য-শক্তিয়ে শাৰীৰিক আঘাত, যেনে, যকৃৎ বা কিছুমান কামীহাড় অস্ত্ৰোপচাৰ কৰি বাহিৰ কৰাৰ পিছতো সেই খালী ঠাইডোখৰ আপোনা-আপুনিকৈ আৰোগ্য হোৱাত সহায় কৰে।

সেই একেই সময়ত মই দুৰ্ঘটনাগ্ৰস্ত লোক আৰু ৰক্ত সঞ্চাৰণ গ্ৰহণ কৰাৰ ফলত হোৱা তেওঁলোকৰ মৃত্যুক দেখিক অতি দুখিত হৈছিলোঁ। আজিও মোৰ মনত আছে যে ৰক্ত সঞ্চাৰণৰ ফলত মৃত্যু হোৱা ব্যক্তিবিলাকৰ সম্বন্ধীয়া লোকৰ সৈতে সেই বিষয়ে কথা-বতৰা হোৱাটো কিমান যে কঠিন আছিল। বেছিভাগ সময়ত সেই সম্বন্ধীয়া লোকসকলক মৃত্যু হোৱাৰ আচল কাৰণটো জনোৱা নাছিল। তাৰ পৰিৱৰ্তে তেওঁলোকক অন্য কাৰণসমূহ জনোৱা হৈছিল। যদিও সেই দিনবোৰ অতিক্ৰম হোৱা বহু বছৰ হʼল তথাপিও ৰক্ত সঞ্চাৰণৰ প্ৰতি থকা মোৰ অনিশ্চয়তা অনুভূতিক আজিও পাহৰিব পৰা নাই। অৱশেষত মই এই সিদ্ধান্তত উপনীত হলোঁ যে এনে ধৰণৰ অভ্যাস কৰাটো কিছু পৰিমাণে সঠিক নহয়। এই সম্পৰ্কে যিহোৱাই তেজৰ পবিত্ৰতাৰ বিষয়ে দিয়া আজ্ঞাক জনা হʼলে, কেতিয়াও মোৰ মনত তেনে সন্দেহ উৎপন্ন নহʼলহেঁতেন!—পাঁচনিৰ কৰ্ম্ম ১৫:১৯, ২০.

আনক সহায় কৰি সন্তুষ্টি লাভ কৰা

যথা সময়ত ছান্টা লুচিয়াত থকা চিকিৎসা সহকাৰী কেন্দ্ৰত মই এজন শল্যচিকিৎসক আৰু কাৰ্য্যপৰিচালকৰ দায়িত্ব গ্ৰহণ কৰিলোঁ। তদুপৰি মোক জীৱবিজ্ঞানৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানতো কাৰ্য্য কৰিবলৈ দায়িত্ব দিয়া হʼল। এই কাৰ্য্যৰ দ্বাৰা মই অধিক সন্তুষ্ট হৈছিলোঁ। কিয়নো ইয়াত মই ৰোগীৰ শাৰীৰিক বেদনা উপশম, বেছিভাগ সময়ত তেওঁলোকৰ প্ৰাণ ৰক্ষা আৰু সন্তান প্ৰসৱকালত মাতৃসকলক সহায় কৰাত সক্ষম হৈছিলোঁ। যিহেতু ৰক্ত সঞ্চাৰণৰ প্ৰতি থকা মোৰ পূৰ্বৰ অভিজ্ঞতাৰ বাবে মই ইয়াৰ অবিহনে বহুতো অস্ত্ৰোপচাৰো কৰিছিলোঁ। আনকি যুক্তি দেখুৱাই কʼব পাৰিছিলোঁ যে শৰীৰত হোৱা ৰক্তস্ৰাৱ হৈছে এটা পাত্ৰৰ ছিদ্ৰৰ পৰা নিগৰি ওলোৱা পানীৰ দৰে। এই সমস্যাটোৰ একমাত্ৰ সমাধান হৈছে পাত্ৰৰ ছিদ্ৰটোক বন্ধ কৰা।

যিহোৱাৰ সাক্ষী ৰোগীসকলক চিকিৎসা কৰা

১৯৬০ চনৰ পৰা মই যিহোৱাৰ সাক্ষীসকলৰ সৈতে পৰিচিত হʼবলৈ ধৰিলোঁ। তেওঁলোকে আমাৰ ক্লিনিকত তেজৰ অবিহনে অস্ত্ৰোপচাৰ কৰাবলৈ আহিছিল। আজিও মই মাৰচিডেজ গোনযালেজ নামৰ এগৰাকী অগ্ৰগামী (পূৰ্ণ-সময়ৰ-সেৱীকা) ৰোগীৰ ঘটনাটো পাহৰিব পৰা নাই। মাৰচিডেজ গোনযালেজ অতিশয় দুৰ্ব্বল হোৱাৰ বাবে মেডিকেল কলেজৰ চিকিৎসকলকে তেজ অবিহনে অস্ত্ৰোপচাৰ কৰিবলৈ মান্তি হোৱা নাছিল, কিয়নো অস্ত্ৰোপচাৰৰ সময়ত তাইৰ মৃত্যু হʼব পাৰে বুলি তেওঁলোকে ভাবিছিল। যদিও তাইৰ তেজ পৰিমাণ হ্ৰাস হৈছিল তথাপিও আমাৰ ক্লিনিকত অস্ত্ৰোপচাৰ কৰিবলৈ আগবাঢ়িলোঁ। সফলতাৰে অস্ত্ৰোপচাৰ কৰাৰ পিছত তাই ৩০ বছৰ অৰ্থাৎ ৮৬ বছৰ বয়সত মৃত্যু হোৱালৈকে অগ্ৰগামী সেৱাত লাগি থাকিল।

মই সদায়ে যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ ৰোগী ভাই-ভনীৰ প্ৰতি দেখুৱা প্ৰেম আৰু আগ্ৰহকতাৰ ভাৱনাক দেখি প্ৰভাৱিত হৈছিলোঁ। যেতিয়া মই ৰোগীক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ কক্ষলৈ গৈছিলোঁ তেতিয়া তালৈ অহা সাক্ষীসকলে তেওঁলোকৰ বিশ্বাসৰ বিষয়ে কোৱা কথোপকথন শুনি অতি আনন্দিত হৈছিলোঁ আৰু তেওঁলোকে দিয়া আলোচনীবোৰ আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে তেওঁলোকৰ চিকিৎসক হোৱাৰ উপৰিও এদিন তেওঁলোকৰ আধ্যাত্মিক ভায় হৈ পৰিম।

এজন ৰোগী ভাইৰ বিয়েট্ৰিজ নামৰ জীয়েকক বিয়া কৰাৰ পিছত যিহোৱাৰ সাক্ষীসকলৰ সৈতে মোৰ অধিক ঘনিষ্ট সম্পৰ্ক গঢ়ি উঠিল। তাইৰ পৰিয়ালৰ সকলোবোৰ সদস্যই ইতিমধ্যেই যিহোৱাৰ সাক্ষী আছিল আৰু বিবাহৰ পিছত বিয়েট্ৰিজো এগৰাকী সক্ৰিয় যিহোৱাৰ সাক্ষী হৈ পৰিল। আনহাতে মই মোৰ কামত ব্যস্ত আৰু চিকিৎসাৰ ক্ষেত্ৰত সুপৰিচিত ব্যক্তি হৈ পৰিলোঁ। মই এই জীৱনটোক লৈ অতি আনন্দিত আছিলোঁ। কিন্তু অতি শীঘ্ৰেই মোৰ জীৱনলৈ যে এক অন্ধকাৰ নামি আহিবলগীয়া আছিল, সেই বিষয়ে সম্পূৰ্ণকৈ অজ্ঞাত আছিলোঁ।

আপদত পীড়িত হোৱা

এজন শল্যচিকিৎসকৰ বাবে চকুৰ দৃষ্টি হেৰুৱাৰ অৰ্থ হৈছে তেওঁৰ জীৱনটো উদ্দেশ্যহীন হৈ পৰা। সেই একেইদৰে মোৰ সৈতে ঘটিছিল। হঠাতে মোৰ চকুৰ ৰেটিনা বা অক্ষিপটবোৰ কাম নকৰাৰ বাবে মই অন্ধ হৈ পৰিলোঁ আৰু পুনৰাই দৃষ্টি ঘূৰাই পোৱাৰ কোনো আশা নাছিল। অস্ত্ৰোপচাৰ কৰাৰ ফলত মোৰ দুয়োটা চকুত বেন্দেজ মেৰিয়াই ৰখাৰ বাবে কেইবাদিনো বিছনাত থাকিবলগা হৈছিল আৰু মই নিৰুৎসাহিত হৈ পৰিছিলোঁ। তদুপৰি মই সদায়ে নিজৰ দুৰৱস্থাৰ বিষয়ে ভাবি মানসিকভাৱে ভাঙি পৰিছিলোঁ আৰু এদিন নিজৰ জীৱনটোক শেষ কৰিবলৈ সিদ্ধান্ত ললোঁ। মই থকা কক্ষটো চাৰি মহলাত অৱস্থিত আছিল। মই বিছনাৰ পৰা উঠি থিয় হৈ দেৱালৰ কাষে কাষে খোজ কাঢ়ি খিড়িকী বিচাৰি তাৰ পৰা তললৈ জাপ মাৰি আত্মহত্যা কৰিব বিচাৰিছিলোঁ। কিন্তু অৱশেষত মই জানিব পাৰিলোঁ যে মই খোজ কাঢ়ি কাঢ়ি চিকিৎসালয়ৰ কৰিডʼৰত ভৰি দিছোঁহি। তাৰ এগৰাকী নাৰ্চে মোক দেখি পুনৰাই মোৰ কোঠালৈ লৈ আনি বিছনাত এৰি থৈ গʼল।

তাৰ পিছত মই পুনৰাই আত্মহত্যা কৰাৰ বিষয়ে কেতিয়াও ভবা নাছিলোঁ। তথাপিও জীৱনটো উদ্দেশ্যহীন হোৱাৰ বাবে মই নিৰন্তৰে নিৰাশ আৰু বিৰক্তকৰ অনুভৱ কৰিছিলোঁ আৰু তেনেকৈ মোৰ দিনবোৰ পাৰ হʼব ধৰিলে। কিন্তু এদিন মই ঈশ্বৰৰ আগত শপত খাই কʼলো যে যদি মই পুনৰাই দৃষ্টি ঘূৰাই পাওঁ তেন্তে সৰ্বপ্ৰথমে সম্পূৰ্ণ বাইবেলখন পঢ়ি শেষ কৰিম। যথা সময়ত মই আংশিকভাৱে দৃষ্টি ঘুৰাই পালোঁ। কিন্তু মই এজন শৈল্যচিকিৎসক হিচাবে কাৰ্য্য কৰাৰ পৰা বঞ্চিত হলোঁ। তথাপিও মোৰ অৱস্থা আগতকৈ অধিক উত্তম হʼল বুলি কʼব পাৰোঁ। এই সন্দৰ্ভত উৰুগুৱেত প্ৰচলিত এই প্ৰবচনটো সঠিকৈ মোৰ ক্ষেত্ৰত সঁচা হʼবলগীয়া আছিল: “ন’ হায় মাল কে পʼৰ বিয়েন ন’ ৱেঙ্গা।” যাৰ অৰ্থ হৈছে, “বেয়াতকৈ বেয়া পৰিস্থিতিতো উত্তম হোৱাৰ আশা কৰা।”

সাক্ষীসকলৰ সৈতে মোৰ নেতিবাচক আৰম্ভণী

মই ডাঙৰ আখৰত উপলব্ধ থকা দ্য যিৰূচালেম বাইবেল কিনিবলৈ বিচাৰিছিলোঁ। কিন্তু জানিব পাৰিলোঁ যে যিহোৱাৰ সাক্ষীসকলৰ ওচৰত কম মূল্যত বাইবেল পোৱা যায় আৰু যিটো এজন ডেকা সাক্ষী ভায়ে মোৰ ঘৰত দি যাবহি বুলি কʼলে। পিছদিনা ৰাতিপুৱা সেই ডেকা সাক্ষী ভায়জনে মোৰ ঘৰত বাইবেলখনৰ সৈতে উপস্থিত হʼল আৰু দুৱাৰ টুকুৰীয়াত মোৰ পত্নীয়ে দুৱাৰখন খুলি তেওঁৰ সৈতে কথা-বতৰা হʼব ধৰিলে। মই ঘৰৰ ভিতৰৰ পৰাই উগ্ৰভাৱে কলোঁ যে যদি তেওঁক বাইবেলখনৰ বিনিময়ত মূল্য দিয়া হৈছে তেন্তে তেওঁ গুচি যোৱা উচিত। ব্যক্তিজনে কোনো কথা নোকোৱাকৈ হাঁহিমুখে শীঘ্ৰেই গুচি গʼল। কিন্তু সেই ব্যক্তিজনে যে এদিন মোৰ জীৱনত এক বিশেষ ভূমিকা আদায় কৰিব, সেই বিষয়ে মই কেতিয়াও ভবা নাছিলোঁ।

এদিন মোৰ পত্নীক কৰা প্ৰতিজ্ঞা ৰাখিব নোৱাৰাত মই তাইৰ মনটো সুখী কৰিবলৈ কলোঁ যে, পালন কৰিবলগীয়া বছৰেকীয়া প্ৰভুৰ স্মৰণীয় পৰ্ব্বত নিশ্চয়ে উপস্থিত হʼম। গতিকে মোৰ কথাৰ অনুসাৰে মই সেই উক্ত দিনা প্ৰভুৰ স্মৰণীয় পৰ্ব্বত তাইৰ সৈতে ৰাজ্যগৃহত উপস্থিত হৈছিলোঁ। ৰাজ্যগৃহত লোকসকলৰ বন্ধুত্বপূৰ্ণ আচাৰ-ব্যৱহাৰ আৰু মোক জনোৱা আদৰণি দেখি মই অতিশয় প্ৰভাৱিত হলোঁ। তদুপৰি যিজন ডেকা ব্যক্তিক মই অপমানিত কৰি ঘৰৰ পৰা যাবলৈ কৈছিলোঁ, তেওঁক মঞ্চত ভাষণ দিয়া দেখি অতি আচৰিত হৈছিলোঁ। তেওঁ দিয়া ভাষণে মোৰ হৃদয় স্পৰ্ষ কৰিছিল আৰু তেওঁৰ সৈতে কৰা ব্যৱহাৰৰ বিষয়ে ভাবি মই নিজকে অপৰাধী অনুভৱ কৰিলোঁ। এতিয়া মই তেওঁলৈ কৰা তেনে ব্যৱহাৰ বাবে কেনেকৈ ক্ষমা বিচাৰিব পাৰোঁ?

গতিকে আমাৰ সৈতে তেওঁক সন্ধিয়াৰ আহাৰৰ বাবে আমন্ত্ৰণ কৰিবলৈ মই মোৰ পত্নীক কলোঁ। কিন্তু তাই মোক এইদৰে কʼলে: “যদি আপুনি নিজেই তেওঁক আমন্ত্ৰণ কৰে, তাতকৈ উত্তম বিষয় আৰু কি হʼব পাৰে? ক্ষন্তেক ৰওক, তেওঁ স্বয়ং আমাৰ ওচৰলৈ আহিব।” তাইৰ কোৱা কথাষাৰ একেবাৰে সঁচা আছিল। তেওঁ স্বয়ং মোৰ ওচৰলৈ আহি অভিবাদন জনালে আৰু আনন্দেৰে মই জনোৱা আমন্ত্ৰণ গ্ৰহণ কৰিলে।

সেইদিনা আবেলি তেওঁৰ সৈতে হোৱা কথোপকথনে মোৰ স্বভাৱত বহুতো পৰিৱৰ্তন কৰিলে। তেওঁ সত্য যি অনন্ত জীৱনলৈ লৈ যায়, * নামৰ কিতাপখন মোক দেখুৱাইছিল আৰু মোৰ ওচৰত থকা সেই একেই কিতাপখনৰ ছটা কপি মই তেওঁক দেখুৱালোঁ, যিবোৰ মোক বিভিন্ন সাক্ষীসকলে চিকিৎসক হিচাবে কাৰ্য্য কৰি থকাৰ সময়ছোৱাত দিছিল। কিন্তু মই সেই কিতাপখন কেতিয়াও পঢ়া নাছিলোঁ। আহাৰ কৰা সময়ত আৰু তাৰ পিছত ৰাতি ভালেমান সময়লৈকে মই তেওঁক বহুতো প্ৰশ্ন সুধিছিলোঁ আৰু তেওঁ মোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ বাইবেলৰ পৰা দিলে। আমাৰ সেই আলোচনা পুৱতি নিশালৈকে চলি থাকিল। ভায়জনে ঘৰৰ পৰা বিদায় লোৱাৰ আগতে সেই সত্য নামৰ কিতাপখনৰ পৰা তেওঁৰ সৈতে অধ্যয়ন কৰিবলৈ মোক আগ্ৰহ কৰিলে। মই তিনিমাহ ধৰি তেওঁৰ সৈতে সেই কিতাপখন আৰু পিছলৈ একেৰাহে “সেই মহা-বাবিল পৰিল!” ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে! * নামৰ কিতাপখনৰ পৰা অধ্যয়ন কৰিলোঁ। তাৰ পিছত মই নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা ললোঁ।

জীৱনটো পুনৰাই উদ্দেশ্যপূৰ্ণ হৈ পৰা

যি বাইবেল সত্যতাৰ প্ৰতি মই আওকাণ কৰি আহিছিলোঁ, তাৰ প্ৰতি ‘মোৰ চিত্ত-চকু দীপ্তিময় হʼল!’ (ইফিচীয়া ১:১৯) যিহোৱা আৰু তেওঁৰ প্ৰেমময় উদ্দেশ্যৰ বিষয়ে জনাৰ পিছত মোৰ সম্পূৰ্ণ জীৱনধাৰা সলনি হʼল। পুনৰাই মোৰ জীৱনটো উদ্দেশ্যপূৰ্ণ হোৱাৰ বাবে মই আনন্দিত হলোঁ। মই লোকসকলক শাৰীৰিক আৰু আধ্যাত্মিকভাৱে সহায় কৰি দেখুৱাইছোঁ যে বৰ্তমান ৰীতি-ব্যৱস্থাত কেনেকৈ অধিক সময় আৰু ভৱিষ্যতে চিৰকালৰ বাবে জীয়াই থাকিব পাৰে।

মই চিকিৎসা সম্বন্ধে সকলো শেহতীয়া সংবাদ ৰাখিছিলোঁ আৰু ৰক্ত সঞ্চাৰণত ফলত হোৱা ক্ষতিসমূহ, বিকল্প চিকিৎসা, ৰোগীৰ অধিকাৰ আৰু বায়ʼটিক্‌ছ আদি বিষয়বোৰৰ উপৰত গবেষণা কৰিছিলোঁ। স্থানীয় চিকিৎসালয়ে আয়োজন কৰা অধ্যয়ন চক্ৰৰ বৈঠকবোৰত আমন্ত্ৰিত হৈ এই বিষয়ে জনাবলৈ মই বহুতো সুযোগ পাইছিলোঁ। ১৯৯৪ চনত ব্ৰাজিল দেশৰ ৰিঅʼডি জেনেৰিঅ’ চহৰত ৰক্তবিহীন চিকিৎসাৰ সম্বন্ধে হোৱা প্ৰথম সন্মিলনত উপস্থিত হৈছিলোঁ। তাত মই ৰক্তস্ৰাৱৰ সমস্যাক কেনেকৈ সমাধান কৰিব পাৰি, সেই বিষয়ে এটা ভাষণ দিলোঁ। সেই ভাষণত উল্লেখ কৰা কিছুমান বিষয়, মই লিখা “ঊনা প্ৰপোৱেষ্টা: এষ্ট্ৰাটেকিয়াচ পাৰা এল্‌ ট্ৰেটামেন্ট’ ডে লাছ্‌ এমʼৰকেয়াচ্‌” (“ৰক্তস্ৰাৱৰ পৰা ৰক্ষা পাবলৈ এক ৰণনীতিৰ প্ৰস্তাৱ”) নামৰ প্ৰবন্ধটো, প্ৰকাশ পোৱা হেমʼথেৰাপিয়া চিকিৎসা সম্বন্ধীয় আলোচনীখনত সন্মিলিত কৰিলোঁ।

চিকিৎসকসকলে দিয়া হেঁচাৰ স্বত্ত্বেও আনুগত্য বজাই ৰাখা

চিকিৎসা বৃত্তিৰ আৰম্ভণীতে ৰক্ত সঞ্চাৰণৰ সম্বন্ধে থকা মোৰ বেছিভাগ সন্দেহ বৈজ্ঞানিক জ্ঞানৰ ওপৰত আধাৰিত আছিল। কিন্তু ৰোগী হিচাবে চিকিৎসালয়ত থকা সময়ত মই জানিব পাৰিলোঁ যে ৰক্ত সঞ্চাৰণৰ বাবে চিকিৎসকসকলে দিয়া হেঁচাৰ বিৰোধ কৰা আৰু বিশ্বাস বজাই ৰাখা ইমান সহজ নহয়। এবাৰ মোৰ গুৰুত্বৰ হাৰ্ট এটেক্ট্‌ হোৱাৰ পিছত শল্যচিকিৎসজনক ৰক্তৰ সম্বন্ধে থকা মোৰ নিৰ্ণয়ক বুজাবলৈ দুঘন্টাতকৈ অধিক সময় লাগিল। যিহেতু সেই শল্যচিকিৎসজন মোৰ এজন ঘনিষ্ট বন্ধুৰ পুতেক হোৱাৰ বাবে তেওঁ বিবেচনা কৰি মোক এইদৰে কৈছিল যে মোৰ জীৱনটো ৰক্ষা কৰিবলৈ ৰক্ত সঞ্চাৰণ কৰাটো অতি আৱশ্যক। এনে পৰিস্থতিত মই মনতে যিহোৱাক প্ৰাৰ্থনা কৰি কৈছিলোঁ যে তেওঁক মোৰ নিৰ্ণয়ৰ বিষয়ে বুজিবলৈ আৰু সন্মান কৰিবলৈ যেন সহায় কৰে। অৱশেষত তেওঁৰ মোৰ নিৰ্ণয়ৰ অনুসাৰে অস্ত্ৰোপচাৰ কৰিবলৈ মান্তি হৈছিল।

আন এক উপলক্ষ্যত মোৰ মূত্ৰাশয়ী গ্ৰন্থিত এটা ডাঙৰ টিউমাৰ হোৱাৰ বাবে ৰক্তস্ৰাৱ হʼবলৈ আৰম্ভ হৈছিল আৰু সেইবাবে টিউমাৰটো অস্ত্ৰোপচাৰ কৰি উলিওৱাৰ অতি প্ৰয়োজন আছিল। গতিকে মই পুনৰাই ৰক্ত সঞ্চাৰণ নকৰাকৈ অস্ত্ৰোপচাৰ কৰিবলৈ চিকিৎসকসকলক বুজাবলগীয়া হৈছিল। মোৰ শৰীৰৰ পৰা তেজৰ মাত্ৰ তিনিভাগৰ দুভাগ হ্ৰাস হোৱাৰ স্বত্ত্বেও চিকিৎসকসকলে মই লোৱা নিৰ্ণয়ৰ প্ৰতি সন্মান কৰি অস্ত্ৰোপচাৰ কৰিলে।

মনোবৃত্তিৰ পৰিৱৰ্তন হোৱা

ৰোগীৰ অধিকাৰৰ প্ৰতি আইনগত অধিকাৰী আৰু চিকিৎসকসকলৰ মনোবৃত্তিত পৰিৱৰ্তন হোৱা দেখি মই অন্তৰাষ্ট্ৰীয় সংস্থাৰ বায়ʼটিক্‌ছৰ এজন সদস্য হৈ সন্তুষ্টি লাভ কৰিছিলোঁ। এসময়ত নিজ বিচাৰধাৰাত অটল হৈ থকা চিকিৎসকসকলে আজি ৰোগীয়ে লোৱা নিৰ্ণয়ৰ প্ৰতি সন্মান কৰে। ৰোগীয়ে কেনে ধৰণৰ চিকিৎসা গ্ৰহণ কৰিব বিচাৰে, সেই বিষয়ে নিৰ্ণয় লʼবলৈ তেওঁলোকে ৰোগীক অনুমতি দিয়ে। সেয়েহে বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলক ধৰ্মান্ধ আৰু চিকিৎসাৰ বাবে অযোগ্য বুলি কোৱা নহয়। তাৰ পৰিৱৰ্তে তেওঁলোকক সুবিবেচক লোক বুলি বিবেচনা কৰি তেওঁলোকৰ নিৰ্ণয়ক সন্মান কৰে। চিকিৎসাৰ অধ্যয়নচক্ৰ আৰু টেলিভিছনৰ কাৰ্য্যক্ৰমবোৰত সুপৰিচিত অধ্যাপসকলে এইদৰে কৈছিল: “যিহোৱাৰ সাক্ষীসকলে কৰা প্ৰচেষ্টাৰ বিষয়ে এতিয়া ভালকৈ আমি বুজি পোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। . . .” আমি তেওঁলোকৰ পৰা শিকিব পাৰিলোঁ . . . আৰু তেওঁলোকে আমাৰ পদ্ধতিক উন্নতি কৰিবলৈ সহায় কৰিলে।”

জীৱনটোৱে হৈছে সকলোতকৈ উত্তম, ইয়াৰ অবিহনে স্বাধীনতা আৰু মৰ্য্যদাৰ কোনো অৰ্থ নাই। আজি বহুতো লোকে এক উচ্চ প্ৰকাৰৰ আইন সম্বন্ধীয় সিদ্ধান্তক পালন কৰিবলৈ আগবাঢ়ি আহিছে। এই সিন্ধান্তৰ অনুসৰি প্ৰত্যেক জন ব্যক্তিৰ ওচৰত নিজা অধিকাৰ আছে আৰু যিকোনো পৰস্থিতিত তেওঁৰ বাবে কেনে নিৰ্ণয় গুৰুত্বপূৰ্ণ হʼব, তাক কেৱল তেওঁহে বাছনি কৰিব পাৰে। এই ধৰণে এজন ব্যক্তিৰ মৰ্য্যদা, স্বতন্ত্ৰতা আৰু তেওঁৰ ধৰ্মীয় বিশ্বাসক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। ৰোগীয়ে নিজ ইচ্ছাৰ অনুসাৰে নিৰ্ণয় লোৱা অধিকাৰ আছে। এই সম্বন্ধে যিহোৱাৰ সাক্ষীসকলে প্ৰতিষ্ঠা কৰা চিকিৎসীয় সম্বাদ সেৱাই বহুতো চিকিৎসকক ব্যাপকভাৱে অন্তৰ্দৃষ্টি পাবলৈ সহায় কৰিছে।

মোৰ পৰিয়ালে আগবঢ়োৱা নিৰন্তৰ সাহায্যৰ বাবে মই যিহোৱাৰ সেৱা আৰু মণ্ডলীৰ এজন প্ৰাচীন হিচাবে কাৰ্য্য কৰিবলৈ সক্ষম হৈছোঁ। আৰম্ভণীতে মই কৈছিলোঁ আৰু এতিয়াও কৈছোঁ যে যদি মই যিহোৱাক বাল্যকালৰে পৰা জনা হʼলে কিমান যে উত্তম হʼলহেঁতেন বুলি ভাবি অনুতাপ কৰোঁ। তথাপিও মই যিহোৱাৰ প্ৰতি অতি কৃতজ্ঞ যে তেওঁ সত্যতাৰ প্ৰতি মোৰ চকু খুলি ঈশ্বৰৰ ৰাজ্যত জীয়াই থাকিবলৈ আশা প্ৰদান কৰিছে। কিয়নো তেওঁৰ ৰাজ্যত “মই নৰীয়া, এই বুলি নগৰ-নিবাসীয়ে নকব।”—যিচয়া ৩৩:২৪. * (w04 5/1)

[ফুটনোটবোৰ]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

^ এই লেখটো প্ৰকাশ কৰিবলৈ প্ৰস্তুতি কৰা সময়লৈকে ভাই এগন হাউজাৰৰ মৃত্যু হয়। তেওঁ মৃত্যুলৈকে বিশ্বাসী হৈ থাকিল আৰু তেওঁৰ সৈতে আশা ৰাখি আমিও আনন্দিত হৈছোঁ।

[২৪ পৃষ্ঠাৰ ছবি]

ছান্টা লুচিয়াৰ চিকিৎসালয়ত মই ৩০ বছৰ বয়সত কাৰ্য্য কৰি থকা সময়ছোৱাত

[২৬ পৃষ্ঠাৰ ছবি]

১৯৯৫ চনত, মোৰ পত্নী বিয়েট্ৰিজৰ সৈতে