Skip to content

Skip to table of contents

যিৰিমিয়াৰ দৰে সাহিয়াল হোৱা

যিৰিমিয়াৰ দৰে সাহিয়াল হোৱা

যিৰিমিয়াৰ দৰে সাহিয়াল হোৱা

“তুমি যিহোৱালৈ অপেক্ষা কৰা সাহিয়াল হোৱা, আৰু তোমাৰ অন্তঃকৰণ সবল হওক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।”—গীত ২৭:১৪.

১. যিহোৱাৰ সাক্ষীসকলে কেনে ধৰণৰ আশীৰ্ব্বাদ লাভ কৰিছে?

 বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে আধ্যাত্মিক পৰমদেশত বাস কৰিছে। (যিচয়া ১১:৬-৯) তেওঁলোকে দুখ-কষ্টৰে ভৰা এই জগতখনত থাকিও আধ্যাত্মিক পৰিৱেশত যিহোৱা ঈশ্বৰ আৰু এজনে আনজনৰ সৈতে শান্তিৰে বাস কৰি সঙ্গী খ্ৰীষ্টানসকলৰ মাজত পোৱা লাভসমূহৰ আনন্দ লৈছে। (গীত ২৯:১১; যিচয়া ৫৪:১৩) দিন দিনে তেওঁলোকৰ এই পৰমদেশৰ পৰিসীমা বৃদ্ধি হৈছে। তাত থকা ‘প্ৰতিজনে সৎকৰ্ম্মৰ’ দ্বাৰা সম্পূৰ্ণ হৃদয়েৰে নিজ নিজ কৰ্তব্য পালন কৰিছে। (ইফিচীয়া ৬:৬) তেওঁলোকে সেই আধ্যাত্মিক পৰমদেশৰ পৰিসীমা কেনেকৈ বৃদ্ধি কৰিছে? বাইবেলৰ সিদ্ধান্তৰ অনুসাৰে জীৱন-যাপন আৰু আনকো তেনেদৰে কৰিবলৈ শিকাই সেই আধ্যাত্মিক পৰমদেশৰ আশীৰ্ব্বাদত ভাগী হʼবলৈ আমন্ত্ৰণ কৰাৰ দ্বাৰা সেই পৰিসীমা বৃদ্ধি কৰিছে।—মথি ২৮:১৯, ২০; যোহন ১৫:৮.

২, ৩. প্ৰকৃত খ্ৰীষ্টানসকলে কেনে পৰিস্থিতিসমূহৰ সম্মুখীন হৈছে?

তথাপিও, আধ্যাত্মিক পৰমদেশত থাকি আমি যে কেতিয়াও পৰীক্ষাৰ সম্মুখীন নহম, এনে নহয়। অসিদ্ধ মানৱ হোৱাৰ বাবে আমি ৰোগ, বৃদ্ধৱস্থা আৰু মৃত্যুৰ সম্মুখীন হʼবই লাগিব। তদুপৰি আমি “শেষ-কালৰ” সম্বন্ধে থকা ভবিষ্যতবাণীসমূহৰ পূৰ্ণতাৰ বিষয়ে সকলোৰে আগত প্ৰচাৰ কৰিছোঁ। (২ তীমথিয় ৩:১) বৰ্তমান সময়ত হোৱা যুদ্ধ, অপৰাধ, ক্লেশ আৰু ৰোগৰ দ্বাৰা আমি সকলোৱে পীড়িত হৈছোঁ।—মাৰ্ক ১৩:৩-১০; লূক ২১:১০, ১১.

ইয়াৰ উপৰিও এই আধ্যাত্মিক পৰমদেশত সুৰক্ষিত হিচাবে থকা স্বত্বেও আমি কঠোৰ বিৰোধিতাৰ সম্মুখীন হৈছোঁ। এই বিষয়ে যীচুৱে তেওঁৰ শিষ্যবিলাকক সতৰ্ক কৰি এইদৰে কৈছিল: “তোমালোক জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘিণায়। দাস তাৰ প্ৰভুতকৈ ডাঙৰ নহয়, মই তোমালোকক আগেয়ে কোৱা এই বাক্য সোঁৱৰা। তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব।” (যোহন ১৫:১৮-২১) বৰ্তমান সময়ত আমিও যীচুৰ শিষ্যবিলাকৰ দৰে তাড়নাৰ সম্মুখীন হৈছোঁ। বেছিভাগ লোকে আমাৰ উপাসনাৰ বিষয়ে নাজানে আৰু ইয়াৰ প্ৰতি মূল্যাঙ্কন নেদেখুৱায় বা যীচুৱে কোৱাৰ দৰে কিছুমানে আমাৰ কাৰ্য্যক ঘৃণা কৰে। (মথি ১০:২২) বাতৰি মাধ্যমে সদায়ে আমাৰ বিষয়ে ভুল ধাৰণা প্ৰচাৰ কৰি আহিছে। (গীত ১০৯:১-৩) প্ৰকৃততে, আমি সকলোৱে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈছোঁ আৰু আমাৰ কিছুমানে হয়তো এইবোৰ দেখি নিৰুৎসাহিত হৈ পৰিছে। গতিকে আমি কেনেকৈ এইবোৰত সহন কৰিব পাৰোঁ?

৪. নিৰুৎসাহজনক পৰিস্থিতিত সহনশীল হʼবলৈ আমি কাৰ ওপৰত ভাৰসা কৰা উচিত?

এনে ধৰণৰ পৰিস্থিতিত সহনশীল হʼবলৈ যিহোৱাই আমাক সহায় কৰিব। এই বিষয়ে অনুপ্ৰাণিত হৈ গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “ধাৰ্ম্মিক লোকৰ বিপদ অনেক, কিন্তু যিহোৱাই সেই জনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে।” (গীত ৩৪:১৯; ১ কৰিন্থীয়া ১০:১৩) এই কথাষাৰৰ সত্যতাৰ ফলস্বৰূপে আমাৰ বহুতে যিহোৱাত সম্পূৰ্ণ ভাৰসা ৰাখি শক্তিশালী হোৱা অনুভৱ কৰিছে। তেওঁৰ প্ৰতি থকা আমাৰ প্ৰেম আৰু আনন্দই নিৰুৎসাহজনক পৰিস্থিতিৰ সম্মুখীন হʼবলৈ সহায় কৰে। (ইব্ৰী ১২:২) সেইবাবে আমি প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হৈও নিৰন্তৰে দৃঢ়তা বজাই ৰাখিব পাৰিম।

ঈশ্বৰৰ বাক্যই যিৰিমিয়াক শক্তিশালী কৰি তুলিলে

৫, ৬. (ক) কঠিন পৰিস্থিতিতো আনন্দ বজাই ৰাখা কেনে আৰ্হিবোৰ আমাৰ ওচৰত আছে? (খ) ভবিষ্যতবক্তা হিচাবে মনোনিত কৰাৰ সময়ত যিৰিমিয়াই কেনে অনুভৱ কৰিছিল?

মানৱ ইতিহাসৰ আৰম্ভণীৰ পৰাই যিহোৱাৰ বিশ্বাসী উপাসকসকলে কঠিন পৰিস্থিতিৰ সম্মুখীন হৈও আনন্দিত হৈছিল। তেওঁলোকৰ কিছুমানে অধাৰ্ম্মিক লোকসকলৰ ওপৰত অহা যিহোৱাৰ ন্যায়-বিচাৰৰ সময়ছোৱাত বাস কৰিছিল। তেওঁলোকৰ ভিতৰত আছিল যিৰিমিয়া, তেওঁৰ কিছুমান সঙ্গী ভৱিষ্যতবক্তা আৰু প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকল। আমাক উৎসাহিত আৰু শিক্ষা লাভ কৰাৰ উদ্দেশ্যৰে বাইবেলত সেই ঐতিহাসিক ঘটনাবোৰক লিপিবদ্ধ কৰা হʼল। (ৰোমীয়া ১৫:৪) উদাহৰণস্বৰূপে, যিৰিমিয়াৰ বিষয়ে বিবেচনা কৰক।

যুৱক অৱস্থাত তেওঁক যিহূদা প্ৰদেশৰ ভৱিষ্যতবক্তা হিচাবে মনোনিত কৰা হৈছিল। তেওঁৰ বাবে এই দায়িত্ব বহন কৰাটো কোনো সহজ বিষয় নাছিল। কিয়নো তেওঁৰ সময়ত বহুতো লোক মিছা দেৱতাবোৰৰ উপাসক আছিল। আনকি এসময়ত যিহোৱাৰ বিশ্বাসী বুলি জনাজাত হোৱা ৰজা যোচিয়া আৰু অন্য ৰজাসকলেও অধাৰ্ম্মিক মনোবৃত্তি প্ৰতিফলিত কৰিছিল। তদুপৰি পুৰোহিত আৰু আন ভাববাদীসকলে সত্য পথৰ পৰা বিচলিত হৈছিল। (যিৰিমিয়া ১:১, ২; ৬:১৩; ২৩:১১) এনে পৰিস্থিতিত তেওঁক ভাববাদী হিচাবে মনোনিত কৰাত তেওঁ কেনে অনুভৱ কৰিছিল? তেওঁ অতিশয় ভয়ভিত হৈছিল! (যিৰিমিয়া ১:৮, ১৭) সেয়েহে তেওঁ এইদৰে প্ৰতিক্ৰিয়া দেখুৱাই কৈছিল: “তাতে মই কলোঁ, হায় হায় প্ৰভু যিহোৱা, চোৱা, মই কথা কব নাজানো; কিয়নো মই লৰা মানুহ।”—যিৰিমিয়া ১:৬.

৭. যিৰিমিয়াই নিজৰ প্ৰচাৰ এলেকাত কেনে ধৰণৰ ব্যক্তিসকলক লগ পাইছিল আৰু তেওঁ কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

যিৰিমিয়াই প্ৰচাৰ কৰা এলেকাত থকা বেছি সংখ্যক লোকে তেওঁৰ বাৰ্ত্তাৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱা নাছিল আৰু অতিশয় বিৰোধ কৰিছিল। এবাৰ পচ্‌হুৰ নামৰ এজন পুৰোহিতে তেওঁৰ বাৰ্ত্তা শুনি তেওঁক প্ৰহাৰ কৰিছিল আৰু কুন্দাত বন্ধ কৰি ৰাখিছিল। এনে পৰিস্থিতিৰ সম্মুখীন হৈও যিৰিমিয়াই কেনে অনুভৱ কৰিছিল, তাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “মই তেওঁৰ উল্লেখ নকৰোঁ, বা [যিহোৱাৰ] নামেৰে আৰু নকওঁ।” ঠিক সেইদৰে আপুনি হয়তো এসময়ত তেওঁৰ দৰে অনুভৱ কৰি প্ৰচাৰ কাৰ্য্য নকৰিবলৈ ইচ্ছা কৰিলে। লক্ষ্য কৰক যে কিহে তেওঁক নিৰন্তৰে এই কাৰ্য্য কৰিবলৈ সহায় কৰিলে। এই বিষয়ে তেওঁ স্বয়ং এইদৰে কৈছিল: “[ঈশ্বৰৰ বাক্য] মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে; মই সহি সহি ক্লান্ত হলোঁ, সহি আৰু থাকিব নোৱাৰোঁ।” (যিৰিমিয়া ২০:৯) ঠিক সেইদৰে ঈশ্বৰৰ বাক্যই আপোনাৰ অন্তৰক প্ৰভাৱিত কৰেনে?

যিৰিমিয়াৰ সঙ্গীসকল

৮, ৯. (ক) ভৱিষ্যতবক্তা ঊৰিয়াত কেনে দুৰ্ব্বলতা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ কেনে পৰিণাম হʼল? (খ) বাৰূকে কিয় নিৰুৎসাহিত হৈছিল আৰু তেওঁ কেনে সহায় লাভ কৰিলে?

এই ভৱিষ্যদ্বাণীমূলক কাৰ্য্যত তেওঁৰ সৈতে অন্য ব্যক্তিসকলেও ভাগ লৈছিল আৰু ইয়ে তেওঁক অধিক উৎসাহ প্ৰদান কৰিছিল। কিন্তু কেতিয়াবা তেওঁৰ সঙ্গীসকলে অবিবেচক হৈ কাৰ্য্য কৰিছিল। উদাহৰণস্বৰূপে, ঊৰিয়া নামৰ এজন সঙ্গী ভৱিষ্যতবক্তাই “যিৰিমিয়াৰ সকলো বাক্যৰ নিচিনাকৈ” যিৰূচালেম নগৰ আৰু যিহূদা দেশৰ অহিতে সতৰ্কবাণী প্ৰচাৰ কৰিছিল। কিন্তু যেতিয়া যিহোয়াকীম ৰজাই তেওঁক বধ কৰিবলৈ আজ্ঞা দিলে তেতিয়া তেওঁ ভয়তে মিচৰ দেশলৈ পলাই গʼল। তথাপিও তেওঁ ৰক্ষা পাব নোৱাৰিলে। তেওঁক ধৰি আনি যিৰূচালেমত বধ কৰা হʼল। ই যিৰিমিয়াৰ বাবে কিযে এক মৰ্মবেদনা বিষয় আছিল!—যিৰিমিয়া ২৬:২০-২৩.

যিৰিমিয়াৰ আন এজন সঙ্গী আছিল তেওঁৰ সচিব বাৰূক। তেওঁ যিৰিমিয়াৰ বাবে এজন উত্তম সহায়কাৰীৰূপে প্ৰমাণিত হৈছিল। কিন্তু এবাৰ তেৱোঁ লক্ষ্যভ্ৰষ্ট হৈ এইদৰে আপত্তি কৰিছিল: “হায় হায়, মই সন্তাপৰ পাত্ৰ! কিয়নো যিহোৱাই মোৰ বেদনাতে শোক লগ লগাই দিছে; মই কেঁকাই কেঁকাই ক্লান্ত হৈছোঁ, অলপ জিৰণি নাপাওঁ।” আধ্যাত্মিক বিষয়ৰ প্ৰতি মূল্যাঙ্কন হ্ৰাস হোৱাৰ বাবে বাৰূক নিৰুৎসাহিত হৈছিল। তথাপিও যিহোৱাই তেওঁক মৃদুতাৰে পৰামৰ্শ দিয়াৰ বাবে তেওঁ নিজকে শুধৰণী কৰিছিল। তদুপৰি তেওঁক যিৰূচালেমৰ ধ্বংসৰ পৰাও উদ্ধাৰ পাব বুলি যিহোৱাই আশ্বাস দিছিল। (যিৰিমিয়া ৪৫:১-৫) বাৰূকক পুনৰাই আধ্যাত্মিকভাৱে শক্তিশালী হোৱা দেখি যিৰিমিয়াই কিমান যে উৎসাহিত হৈছিল!

যিহোৱাই তেওঁৰ ভৱিষ্যতবক্তাক সমৰ্থন কৰিলে

১০. যিহোৱাই যিৰিমিয়াক সমৰ্থন কৰিবলৈ কেনে প্ৰতিজ্ঞা কৰিছিল?

১০ মনকৰিবলগীয়া বিষয় এই যে যিহোৱাই যিৰিমিয়াক ত্যাগ দিয়া নাছিল। তেওঁ যিৰিমিয়াৰ পৰিস্থিতিক বুজি সেই অনুসাৰে শক্তি প্ৰদান কৰিছিল। উদাহৰণস্বৰূপে, পৰিচৰ্য্যা-কাৰ্য্যৰ আৰম্ভণীতে যেতিয়া যিৰিমিয়াই নিজৰ অযোগ্যতাৰ বিষয়ে প্ৰকাশ কৰিছিল তেতিয়া যিহোৱাই তেওঁক উত্তৰ দি এইদৰে কৈছিল: “তেওঁবিলাকলৈ ভয় নকৰিবা; কিয়নো, যিহোৱাই কৈছে, তোমাৰ উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগতে আছোঁ।” যিৰিমিয়াই বহন কৰিবলগীয়া দায়িত্বৰ বিষয়ে কোৱাৰ পিছত যিহোৱাই তেওঁক এইদৰে কৈছিল: “তেওঁবিলাকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক ঘটুৱাব নোৱাৰিব; কিয়নো, যিহোৱাই কৈছে, তোমাৰ উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগতে আছোঁ।” (যিৰিমিয়া ১:৮, ১৯) বাস্তৱতে ই যিৰিমিয়াৰ বাবে এক শান্ত্বনাদায়ক আশ্বাস নাছিলনে বাৰু! তদুপৰি যিহোৱাই কোৱা সকলোবোৰ কথা সঁচা প্ৰমাণিত হʼল।

১১. যিহোৱাই যিৰিমিয়াৰ সহায়ৰ অৰ্থে কৰা সকলোবোৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিলে বুলি আমি কেনেকৈ জানিব পাৰোঁ?

১১ সেইবাবে কুন্দাত বন্দী আৰু সকলোৰে আগত কৌতুকৰ পাত্ৰ হোৱাৰ স্বত্ত্বেও তেওঁ এইদৰে কʼব পাৰিলে: “যিহোৱা ভয়ানক বীৰৰ নিচিনাকৈ মোৰ সঙ্গত থাকে; সেই নিমিত্তে মোৰ তাড়নাকাৰীহঁতে উজুটি খাব, আৰু কৃতকাৰ্য্য নহব; সিহঁতে জ্ঞানেৰে সৈতে ব্যৱহাৰ নকৰাত সিহঁতে অতিশয় লাজ পাব।” (যিৰিমিয়া ২০:১১) পিছলৈ যিহোৱাই কেইবাটাও উপলক্ষ্যত যিৰিমিয়াক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰিলে আৰু বাৰূকৰ দৰে তেৱোঁ যিৰূচালেমৰ ধ্বংসৰ পৰা ৰক্ষা পাইছিল। আনহাতে, তেওঁৰ সতৰ্কবাণীক উপেক্ষা কৰা তাড়নাকাৰীসকলে মৃত্যুৰ মুখ দেখিছিল বা বাবিললৈ বন্দী হৈ যাবলগীয়া হৈছিল।

১২. নিৰুৎসাহজনক পৰিস্থিতিৰ সম্মুখীন হোৱা স্বত্ত্বেও আমি কি মনত ৰাখা উচিত?

১২ যিৰিমিয়াৰ নিচিনাকৈ আজি আমাৰ বহুতো যিহোৱাৰ সাক্ষীয়ে উৎপীড়নৰ সম্মুখীন হৈছে। উপৰত উল্লেখ কৰা অনুসৰি তাৰে কিছুমান হয়তো আমাৰ অসিদ্ধতা, জগতৰ আলোড়ন পৰিস্থিতিসমূহ আৰু প্ৰচাৰ কাৰ্য্যত দেখা দিয়া বিৰোধিতাৰ বাবে হʼব পাৰে। তেনে ধৰণৰ ক্লেশসমূহে আমাক নিশ্চয়ে নিৰুৎসাহিত কৰিব পাৰে। যিৰিমিয়াৰ দৰে আমিও হয়তো আমাক দিয়া দায়িত্ব সম্পন্ন কৰিব নোৱাৰিম বুলি ভাবিব পাৰোঁ। আনকি সময়ে সময়ে আমি নিৰুৎসাহিত হৈ পৰিব পাৰোঁ। তেনে ধৰণৰ নিৰুৎসাহে যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম পৰীক্ষিত কৰিব। এতেকে আমি নিশ্চিত হোৱা উচিত যে নিৰুৎসাহে যেন ঈশ্বৰৰ প্ৰতি থকা আমাৰ প্ৰেম ঊৰিয়াৰ দৰে হ্ৰাস নকৰে। তাৰ পৰিৱৰ্তে আঁহক আমি যিৰিমিয়াই ৰাখা আৰ্হিক অনুকৰণ কৰি যিহোৱাৰ সহায়ত ভাৰসা ৰাখোঁহঁক।

নিৰুৎসাহৰ সৈতে কেনেকৈ সফলতাৰে সম্মুখীন হʼব পৰা যায়

১৩. আমি কেনেকৈ যিৰিমিয়া আৰু দায়ূদৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

১৩ যিৰিমিয়াই নিৰন্তৰে তেওঁৰ অনুভূতিৰ বিষয়ে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। আমি নিশ্চয়ে তেওঁ ৰাখা এই উত্তম আৰ্হিক অনুকৰণ কৰা উচিত। প্ৰাচীনকালত ৰজা দায়ূদেও সেই একেই শক্তিৰ মূল জনাৰ আগতে প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “হে যিহোৱা, মোৰ বাক্যলৈ কাণ পাতা; মোৰ মনতে কৰা প্ৰাৰ্থনালৈ মন দিয়া। হে মোৰ ৰজা, মোৰ ঈশ্বৰ, মোৰ কাতৰোক্তিৰ স্বৰ শুনা; কিয়নো মই তোমাৰ আগতহে প্ৰাৰ্থনা কৰিছোঁ।” (গীত ৫:১, ২) দায়ূদৰ জীৱনকালৰ সম্বন্ধে থকা বৃত্তান্তই দেখুৱাইছে যে যিহোৱাই কেনেকৈ তেওঁৰ সহায়ক হিচাবে প্ৰমাণিত হৈছিল। (গীত ১৮:১, ২; ২১:১-৫) ঠিক সেইদৰে আমি যেতিয়া অত্যাধিক হেঁচা বা সমস্যাৰ সম্মুখীন হওঁ তেতিয়া সম্পূৰ্ণ মনেৰে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। (ফিলিপীয়া ৪:৬, ৭; ১ থিচলনীকীয়া ৫:১৬-১৮) যিহোৱাই কেতিয়াও আমাৰ প্ৰাৰ্থনা নুশুনাকৈ নাথাকে। তাৰ পৰিৱৰ্তে তেওঁ ‘আমাৰ বাবে চিন্তা কৰে।’ (১ পিতৰ ৫:৬, ৭) কিন্তু যিহোৱাই যেতিয়া আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে তেতিয়া আমি তেওঁৰ প্ৰতি মনোযোগ নিদিয়াটো উচিত হʼবনে?

১৪. ঈশ্বৰৰ বাক্যই যিৰিমিয়াৰ মনত কেনে প্ৰভাৱ পেলাইছিল?

১৪ যিহোৱাই আমাৰ সৈতে কেনেকৈ কথোপকথন কৰে? এই সম্বন্ধে পুনৰাই যিৰিমিয়াৰ বিষয়ে বিবেচনা কৰক। তেওঁ এজন ভাববাদী হোৱাৰ হেতুকে যিহোৱাই পোনপটীয়াকৈ তেওঁৰ সৈতে কথা-বতৰা হৈছিল। ঈশ্বৰৰ বাক্যই তেওঁৰ হৃদয়ত কেনে প্ৰভাৱ পেলাইছিল, তাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল; কিয়নো হে বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।” (যিৰিমিয়া ১৫:১৬) দৰাচলতে যিৰিমিয়াই যিহোৱাৰ নামেৰে প্ৰখ্যাত হোৱাৰ বাবে অতি হৰ্ষিত হৈছিল। তদুপৰি তেওঁৰ বাবে ঈশ্বৰৰ বাক্যবোৰ অতি মূল্যৱান আছিল। পাঁচনি পৌলৰ নিচিনাকৈ তেৱোঁ শুভবাৰ্ত্তা প্ৰচাৰ কৰাত আগ্ৰহী আছিল।—ৰোমীয়া ১:১৫, ১৬.

১৫. আমি কেনেকৈ যিহোৱাৰ বাক্য নিজৰ হৃদয়ত প্ৰবিষ্ট কৰিব পাৰিম আৰু কেনে ধৰণৰ বিবেচনাই আমাক প্ৰচাৰ কাৰ্য্যত লাগি থাকিবলৈ সহায় কৰিব?

১৫ আজিৰ সময়ত যিহোৱাই কোনো ব্যক্তিৰ সৈতে পোনপটীয়াকৈ কথোপকথন নকৰে। তথাপিও তেওঁ কোৱা বাক্যবোৰ আমি বাইবেলৰ পৃষ্ঠাবোৰত দেখিবলৈ পাওঁ। যদি আমি বাইবেল অধ্যয়ন কৰোঁ আৰু যি শিকিছোঁ তাৰ প্ৰতি মনোযোগ দিওঁ, তেন্তে ‘আমাৰ মন আনন্দিত আৰু উল্লাসজনক হʼব।’ আনকি আমাৰ বাহিৰে আন কোনেও যিহোৱাৰ নামৰ বিষয়ে প্ৰচাৰ কৰিবলৈ এই বিশেষাধিকাৰ পোৱা নাই। কেৱল আমিহে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ আৰু নম্ৰ ব্যক্তিসকলক যীচুৰ শিষ্য হʼবলৈ সহায় কৰোঁ। এতেকে আঁহক আমি যেন এই কাৰ্য্যৰ প্ৰতি কোনো দুচিত্ত মনোবৃত্তি নেদেখুৱাওঁহঁক। (মথি ২৮:১৯, ২০) বাস্তৱতে আমি কিযে এক আশীৰ্ব্বাদপ্ৰাপ্ত লোক! গতিকে যিহোৱাই প্ৰেমপূৰ্বকভাৱে আমাক যি দায়িত্ব দিলে, তাক আমি কেনেকৈ প্ৰচাৰ নকৰাকৈ থাকিব পাৰোঁ?

সঙ্গতিৰ প্ৰতি সতৰ্ক হওক

১৬, ১৭. সঙ্গতি কৰাৰ প্ৰতি যিৰিমিয়াই কেনে দৃষ্টিভঙ্গী ৰাখিছিল আৰু আমি কেনেকৈ তেওঁৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

১৬ যিৰিমিয়াক আন কিহে উৎসাহিত হʼবলৈ সহায় কৰিলে তাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “মই আমোদকাৰীবিলাকৰ সভাত বহি উল্লাস কৰা নাই; তোমাৰ হাতৰ কাৰণে মই অকলেই বহোঁ, কিয়নো তুমি মোক ক্ৰোধেৰে পৰিপূৰ্ণ কৰিলা।” (যিৰিমিয়া ১৫:১৭) দুষ্ট লোকবিলাকৰ সঙ্গতিৰ দ্বাৰা দূষিত হোৱাৰ পৰিৱৰ্তে তেওঁ অকলেই থাকিবলৈ পছন্দ কৰিলে। ঠিক সেইদৰে আমিও তেওঁৰ দৰে ভবা উচিত আৰু “কুসঙ্গে সদাচাৰ নষ্ট কৰে” বুলি কোৱা পাঁচনি পৌলৰ এই কথাষাৰক সদায়ে মনত ৰাখোঁ যেন।—১ কৰিন্থীয়া ১৫:৩৩.

১৭ কুসঙ্গে আমাৰ বিচাৰ শক্তিক দূষিত কৰি জগতৰ আত্মা বিকশিত কৰিবলৈ পৰিচালিত কৰিব পাৰে। (১ কৰিন্থীয়া ২:১২; ইফিচীয়া ২:২; যাকোব ৪:৪) গতিকে আঁহক আমি কুসঙ্গক চিনি পাবলৈ আৰু ইয়াৰ পৰা আঁতৰি থাকিবলৈ নিজৰ জ্ঞানেন্দ্ৰিয় শক্তিক নিপুণ কৰোঁহঁক। (ইব্ৰী ৫:১৪) আমাৰ সময়ত যদি পাঁচনি পৌল জীয়াই থকা হʼলে, তেওঁ অশ্লীল বা হিংসাত্মক চলচিত্ৰ অথবা খেল চোৱা খ্ৰীষ্টান ব্যক্তিজনক কি কʼলেহেঁতেন? ইন্টানেটৰ যোগেদি কোনো অচিনাকি ব্যক্তিৰ সৈতে সঙ্গতি কৰা ভাইজনক কেনেকৈ পৰামৰ্শ দিলেহেঁতেন? ব্যক্তিগত অধ্যয়নৰ সলনি টিভি চোৱা বা ভিডিঅ’ গেমছ্‌ খেলাত বহু সময় অতিবাহিত কৰা খ্ৰীষ্টান ব্যক্তিজনৰ বিষয়ে তেওঁ কি ভাবিলেহেঁতেন?—২ কৰিন্থীয়া ৬:১৪; ইফিচীয়া ৫:৩-৫, ১৫, ১৬.

নিৰন্তৰে আধ্যাত্মিক পৰমদেশত বাস কৰক

১৮. কিহে আমাক আধ্যাত্মিকভাৱে দৃঢ় হৈ থাকিবলৈ সহায় কৰিব?

১৮ আমি বৰ্তমান সময়ত আধ্যাত্মিক পৰমদেশত থকাটো এক বিশেষাধিকাৰ বুলি ভাবোঁ। ইয়াক জগতৰ কোনো সংগঠনৰ সৈতে তুলনা কৰিব নোৱাৰি। আনকি প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত দেখিবলৈ পোৱা প্ৰেম, দয়া আৰু সহানুভূতিপূৰ্ণ মনোভাৱৰ বিষয়ে বাহিৰৰ লোকসকলেও শলাগ লৈছে। (ইফিচীয়া ৪:৩১, ৩২) তথাপিও আমি অত্যাধিক নিৰুৎসাহজনক পৰিস্থিতিৰ সৈতে যুঁজিব লাগিব। যিয়েই নহওঁক, সুসঙ্গতি, প্ৰাৰ্থনা আৰু উত্তম বাইবেল অধ্যয়নৰ অভ্যাসে আমাক আধ্যাত্মিকভাৱে দৃঢ় হৈ থাকিবলৈ সহায় কৰিব। তদুপৰি সম্পূৰ্ণ মনেৰে যিহোৱাত ভাৰসা ৰাখি যিকোনো পৰীক্ষাৰ সৈতে সম্মুখীন হবলৈও আমাক সহায় কৰিব।—২ কৰিন্থীয়া ৪:৭, ৮.

১৯, ২০. (ক) কিহে সহনশীল হʼবলৈ আমাক সহায় কৰিব? (খ) পৰৱৰ্তী লেখটো কোনসকলক উদ্দেশ্য কৰি লিখা হৈছে আৰু লগতে কোন ব্যক্তিসকলে ইয়াৰ পৰা লাভৱান হʼব?

১৯ আমি কেতিয়াও আনে আমাৰ বাৰ্ত্তাৰ প্ৰতি দেখুৱা বিৰোধাত্মক মনোবৃত্তিৰ বাবে বিশ্বাসত দুৰ্ব্বল হোৱা উচিত নহয়। যিসকলে যিৰিমিয়াক যাতনা দিয়া শত্ৰুৰ দৰে আমাৰ অহিতে থিয় হয় তেওঁলোকে আচলতে যিহোৱাৰ বিৰোদ্ধে যুদ্ধ কৰে। তেওঁলোকৰ পৰিকল্পনা কেতিয়াও সফল নহʼব। কিয়নো সকলোতকৈ সৰ্ব্বশক্তিমান ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “তুমি যিহোৱালৈ অপেক্ষা কৰা সাহিয়াল হোৱা, আৰু তোমাৰ অন্তঃকৰণ সবল হওক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।” (গীত ২৭:১৪) গতিকে আঁহক আমি সম্পূৰ্ণ মনেৰে যিহোৱাত ভাৰসা ৰাখি সৎকৰ্ম্ম কৰি থাকোঁহঁক। যদি আমি যিৰিমিয়া আৰু বাৰূকৰ নিচিনাকৈ সৎকৰ্ম্ম কৰি থাকোঁ, তেন্তে উচিত সময়ত নিশ্চয়ে উত্তম ফল দাব পাৰিম।—গালাতীয়া ৬:৯.

২০ বহুতো প্ৰকৃত খ্ৰীষ্টানে নিৰন্তৰে নিৰুৎসাহৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হৈছে। ডেকা ভাই-ভনীসকলে বিশেষ কিছুমান পৰীক্ষাৰ সম্মুখীন হৈছে। তথাপিও তেওঁলোকৰ বাবে কিছুমান উত্তম সুযোগ আছে। পৰৱৰ্তী লেখটো বিশেষকৈ ডেকাসকলৰ বাবে লিখা হৈছে। তদুপৰি কেনেকৈ পিতৃ-মাতৃ আৰু মণ্ডলীৰ সমৰ্পিত পৰিপক্ক ব্যক্তিসকলে ৰাখা নিজৰ উত্তম উদাহৰণৰ দ্বাৰা তেওঁলোকক সহায় কৰিব পাৰে, সেই বিষয়েও উল্লেখ কৰিছে। (w04 5/1)

আপুনি কেনেকৈ উত্তৰ দিব?

• আমি কিয় নিৰুৎসাহজনক পৰিস্থিতিৰ সম্মুখীন হোৱাটো অপেক্ষা কৰিব পাৰোঁ আৰু সহায়ৰ বাবে কাক নিৱেদন কৰা আৱশ্যক?

• এক কঠিন দায়িত্ব বহন কৰাৰ স্বত্ত্বেও যিৰিমিয়াই কেনেকৈ নিৰুৎসাহৰ সৈতে সফলতাৰে সম্মুখীন হʼব পাৰিলে?

• কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও কিহে আমাৰ হৃদয় ‘আনন্দিত আৰু উল্লাসিত কৰিব?’

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

ভৱিষ্যতবক্তাৰ কাৰ্য্য কৰিবলৈ যিৰিমিয়াই নিজকে সৰু লʼৰা আৰু অনভিজ্ঞ বুলি ভাবিছিল

[১০ পৃষ্ঠাৰ ছবি]

তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও যিৰিমিয়াই জানিছিল যে যিহোৱাই তেওঁৰ সৈতে “ভয়ানক বীৰৰ নিচিনাকৈ” থাকিব