Skip to content

Skip to table of contents

যুৱক-যুৱতীসকল, আপোনালোকে ভৱিষ্যতৰ বাবে নিৰ্ভৰযুক্ত আধাৰ গঢ়ি তুলিছেনে?

যুৱক-যুৱতীসকল, আপোনালোকে ভৱিষ্যতৰ বাবে নিৰ্ভৰযুক্ত আধাৰ গঢ়ি তুলিছেনে?

যুৱক-যুৱতীসকল, আপোনালোকে ভৱিষ্যতৰ বাবে নিৰ্ভৰযুক্ত আধাৰ গঢ়ি তুলিছেনে?

“মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।”—যিৰিমিয়া ২৯:১১.

১, ২. ডেকা অৱস্থাক কেনে ধৰণৰ দৃষ্টিভঙ্গীৰে চাব পৰা যায়?

 বহুতো প্ৰাপ্তবয়স্ক লোকে জীৱনৰ উত্তম সময়ৰ বিষয়ে সুঁৱৰি কয় যে ডেকা অৱস্থাই হৈছে সকলোতকৈ উত্তম সময়। কিয়নো সেই সময়ছোৱাত তেওঁলোকে উদ্যমী আৰু স্ফুৰ্তিদায়ক আছিল। তদুপৰি সেই সময়ত তেওঁলোকে কোনো গভীৰ দায়িত্বত আৱদ্ধ হোৱাৰ পৰিৱৰ্তে আনন্দেৰে আৰু নানা সুযোগেৰে ভৰা জীৱন কটাইছিল।

কিন্তু আপুনি হয়তো এই ডেকা অৱস্থাক এক ভিন্ন ৰূপে দৃষ্টি কৰিব পাৰে। আপুনি হয়তো আৱেগীক আৰু শাৰীৰিকভাৱে থকা সমস্যাৰ সৈতে যুঁজিবলগীয়া হৈছে। স্কুলত হয়তো আপুনি সমকক্ষৰ হেঁচাৰ সম্মুখীন হৈছে। তদুপৰি নিচা জাতীয় পদাৰ্থ, মদ্যপান আৰু অনৈতিকতাৰ দৰে সমস্যাৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হৈছে। আপোনালোকৰ বহুতে হয়তো নিৰপেক্ষতা বজাই ৰখাৰ বিষয়ৰ সৈতেও সম্মুখীন হৈছে। বাস্তৱতে ডেকা অৱস্থাই হৈছে এক কঠিনতাৰ সময়। তথাপিও, ডেকা অৱস্থা হৈছে এক সুযোগৰ সময়। এতেকে প্ৰশ্ন হৈছে যে আপুনি সেই সুযোগবোৰক কেনেকৈ ব্যৱহাৰ কৰিব পাৰে?

ডেকা অৱস্থাত আনন্দিত হোৱা

৩. ৰজা চলোমনে ডেকাসকলক কেনে ধৰণৰ পৰামৰ্শ দিছিল আৰু সতৰ্ক কৰিছিল?

বৃদ্ধ ব্যক্তিসকলে আপোনাক কʼব যে ডেকা অৱস্থাটো হৈছে পানীৰ ভাপৰ দৰে, যি নিমিখতে উৰি নাইকিয়া হয়। তেওঁলোকে কোৱা কথাষাৰ একেবাৰে সত্য, কিয়নো কিছু বছৰ পিছত আপোনাৰো এই ডেকা অৱস্থা ভাপৰ দৰে বিলীন হৈ যাব। গতিকে ডেকা অৱস্থাতেই আনন্দ কৰক! আনকি এই বিষয়ে ৰজা চলোমনেও পৰামৰ্শ দি এইদৰে কৈছিল: “হে ডেকা, তুমি তোমাৰ যৌৱন-অৱস্থাত আনন্দ কৰা, আৰু ডেকা কালত তোমাৰ মনে তোমাক হৰ্ষিত কৰক, আৰু তুমি তোমাৰ হৃদয়ৰ পথত আৰু নিজৰ চকুৰ দৃষ্টিত চলি থাকা।” তদুপৰি তেওঁ ডেকাসকলক সতৰ্ক কৰি এইদৰে কৈছিল: “তোমাৰ মনৰ পৰা বেজাৰ দূৰ কৰা, আৰু গাৰ পৰা দুখ গুচুউৱা।” আগলৈ তেওঁ এইদৰে কৈছিল: “যৌৱন আৰু ডেকা কাল ভাপস্বৰূপ।”—উপদেশক ১১:৯, ১০.

৪, ৫. ডেকা ব্যক্তিসকলে কিয় ভৱিষ্যতৰ বাবে নিজকে সাজু কৰাটো এক বুদ্ধিমানৰ বিষয়? বৰ্ণনা কৰক।

আপুনি ৰজা চলোমনে কোৱা কথাষাৰৰ অৰ্থ বুজি পাইছেনে? এই কথাষাৰৰ তাৎপৰ্য্যতা বুজি পাবলৈ এই উদাহৰণটো বিবেচনা কৰক। কল্পনা কৰক যে এজন ডেকা লʼৰাই এক বহুমূলীয়া উপহাৰ পাইছে, সম্ভৱতঃ সেই উপহাৰ অধিক টকা হʼব পাৰে। তেওঁ সেই টকাখিনিৰে কি কৰিব? তেওঁ হয়তো যীচুৱে উল্লেখ কৰা অপব্যয়ী পুত্ৰৰ নিচিনা সেই টকাখিনি ভোগ-বিলাস কৰি উৰুৱাই দিব পাৰে। (লূক ১৫:১১-২৩) কিন্তু এবাৰ টকাখিনি শেষ হৈ যোৱাৰ পিছত তেওঁ কি কৰিব? অৱশ্যে, উচিতমতে টকাখিনি ব্যৱহাৰ নকৰাৰ বাবে তেওঁ নিশ্চয়ে অনুতাপ কৰিব! আনহাতে, যদি তেওঁ সেই টকাখিনি ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘ সময়ৰ কাৰণে তেওঁ সেই টকাখিনিৰ পৰা লাভৱান হʼব। আপুনি এইদৰে ভাবিবনে যে তেওঁ তেনে কৰি হয়তো ডেকা অৱস্থাৰ আনন্দ উপভোগ কৰাৰ পৰা বঞ্চিত হʼল? নিশ্চয়ে আপুনি তেনেদৰে নাভাবে!

কল্পনা কৰক যে আপোনাৰ ডেকা অৱস্থাৰ সময়খিনি ঈশ্বৰৰ পৰা পোৱা এক উপহাৰ। তেন্তে এই সময়খিনিক আপুনি কেনেকৈ ব্যৱহাৰ কৰিব? আপুনি হয়তো ভৱিষ্যতে অনন্তকলীয়া আনন্দ ভোগ কৰাৰ বাবে চিন্তা নকৰি বৰ্তমান জীৱনত ভোগপৰায়ণতা হৈ জীৱন-যাপন কৰিবলৈ নিজৰ সকলো শক্তি আৰু উদ্যমতা ব্যয় কৰিব পাৰে। যদি আপুনি তেনেদৰে কৰে, তেন্তে সঁচাকৈ আপোনাৰ “যৌৱন আৰু ডেকা কাল ভাপৰ” নিচিনা হৈ উৰি যাব। গতিকে ভৱিষ্যতৰ বাবে সাজু হʼবলৈ এই ডেকা অৱস্থাৰ সময়খিনি বুদ্ধিমতাৰে ব্যৱহাৰ কৰাটো উত্তম নহʼবনে বাৰু!

৬. (ক) ডেকা ব্যক্তিসকলৰ বাবে ৰজা চলোমনে কেনে পৰামৰ্শ আগবঢ়াইছে? (খ) যিহোৱাই ডেকা ব্যক্তিসকলৰ বাবে কি কৰিব বিচাৰে আৰু ইয়াৰ দ্বাৰা এজন ডেকা ব্যক্তিয়ে কেনেকৈ লাভৱান হʼব পাৰে?

এই বিষয়ে ৰজা চলোমনে এনে এটা মুখ্য কাৰণ দাঙি ধৰিছিল যি আপোনাৰ ডেকা অৱস্থাৰ সময়খিনিক উচিতৰূপে ব্যৱহাৰ কৰিবলৈ সহায় কৰিব। তেওঁ এইদৰে কৈছিল: “তুমি যৌৱন-কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।” (উপদেশক ১২:৭) সেই পৰামৰ্শ হৈছে সাফল্যতা লাভ কৰাৰ এক উত্তম পদ্ধতি। গতিকে যিহোৱাৰ বাক্যৰ প্ৰতি মনোযোগ দিয়ক আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰক। প্ৰাচীন সময়ৰ ইস্ৰায়েল জাতিৰ বাবে যিহোৱাই যি কৰিব আছিল, তাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।” (যিৰিমিয়া ২৯:১১) সেইদৰে যিহোৱাই আপোনাকো “আশা” প্ৰদান কৰিব বিচাৰিছে। যদি আপুনি নিজৰ কাৰ্য্য, বিচাৰধাৰা আৰু নিৰ্ণয়ৰ দ্বাৰা তেওঁক সোঁৱৰে তেন্তে আপোনাৰ আশা আৰু ভৱিষ্যত নিশ্চয়ে উজ্জ্বল হʼব।—প্ৰকাশিত বাক্য ৭:১৬,  ১৭; ২১:৩, ৪.

“ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ”

৭, ৮. এজন ডেকা ব্যক্তিয়ে কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে?

ঈশ্বৰক সোঁৱৰিবলৈ উৎসাহিত কৰি যাকোবে আমাক এইদৰে আগ্ৰহ কৰিছে: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ।” (যাকোব ৪:৮) যিহোৱা এজন পৰাক্ৰমী ঈশ্বৰ আৰু সৃষ্টিকৰ্তা হোৱা হেতুকে তেওঁ সমাদৰ আৰু প্ৰশংসা পোৱাৰ যোগ্য। (প্ৰকাশিত বাক্য ৪:১১) যদি আমি তেওঁৰ ওচৰলৈ চাপি আহোঁ তেন্তে তেৱোঁ আমাৰ ওচৰলৈ চাপিব। যিহোৱাই দেখুৱা এই আগ্ৰহকতাই আপোনাৰ হৃদয় প্ৰফুল্লিত নকৰেনে?—মথি ২২:৩৭.

বিভিন্ন প্ৰকাৰে আমি যিহোৱাৰ কাষ চাবি পাৰোঁ। উদাহৰণস্বৰূপে, তাৰে এটা পদ্ধতিৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোকে প্ৰাৰ্থনাত লাগি থাকিবা, আৰু ধন্যবাদেৰে তাত পৰ দিবা।” (কলচীয়া ৪:২) আন অৰ্থত কʼবলৈ গʼলে, আমি নিৰন্তৰে প্ৰাৰ্থনা কৰা অভ্যাস বিকশিত কৰা আৱশ্যক। আপোনাৰ পিতৃ বা কোনো সঙ্গী ভাইয়ে সভাত কৰা প্ৰাৰ্থনাৰ শেষত কেৱল আমেন বুলি কোৱাটোৱেই যথেষ্ঠ নহয়। আপুনি ব্যক্তিগতভাৱে কেতিয়াবা যিহোৱাক নিজৰ চিন্তা, ভয় আৰু সম্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে কৈছেনে? যিবোৰৰ বিষয়ে আপুনি আনক কʼবলৈ সংকোচবোধ কৰে, সেই বিষয়বোৰ তেওঁক জনাইছেনে? আন্তৰিকতাৰে কৰা প্ৰাৰ্থনাই মানসিক শান্তি কঢ়িয়াই আনে। (ফিলিপীয়া ৪:৬, ৭) তদুপৰি এনে ধৰণে কৰা প্ৰাৰ্থনাই আমি যে তেওঁৰ আৰু তেওঁ যে আমাৰ কাষ চাপিছে, সেই বিষয়ে বুজিবলৈও সহায় কৰে।

৯. এজন ডেকা ব্যক্তিয়ে কেনেকৈ যিহোৱাৰ বাক্যৰ প্ৰতি মনোযোগ দিব পাৰে?

আমি অন্য এক প্ৰকাৰে যিহোৱাৰ ওচৰ চাপি আহিব পাৰোঁ। যাৰ বিষয়ে আমি তেওঁৰ বাক্য বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “তুমি শেষ বয়সত জ্ঞানী হবৰ নিমিত্তে, পৰামৰ্শ শুনা, আৰু শিক্ষা গ্ৰহণ কৰা।” (হিতোপদেশ ১৯:২০) যদি আপুনি যিহোৱাৰ বাক্যৰ প্ৰতি মনোযোগ দি তেওঁৰ আজ্ঞাক পালন কৰে তেন্তে আপুনি নিজকে ভৱিষ্যতৰ বাবে সাজু কৰিছে। আপুনি যে যিহোৱাৰ বাক্যৰ প্ৰতি মনোযোগ দিছে, তাক কেনেকৈ দেখুৱাব পাৰে? ইয়াত কোনো সন্দেহ নাই যে আপুনি নিয়মিতৰূপে সভাত উপস্থিত হৈ তাৰ কাৰ্য্যক্ৰমৰ প্ৰতি মনোযোগ দি আৰু লগতে পৰিয়াল অধ্যয়নত উপস্থিত থাকি ‘পিতৃ-মাতৃক সন্মান কৰাৰ’ দ্বাৰা দেখুৱাইছে। (ইফিচীয়া ৬:১, ২; ইব্ৰী ১০:২৪, ২৫) সঁচাকৈ ই এক প্ৰশংসাযোগ্য। ইয়াৰ উপৰিও আপুনি সভাত আলোচনা কৰা বিষয়বোৰৰ প্ৰস্তুতি, নিয়মিতৰূপে বাইবেল পাঠ আৰু অনুসন্ধান কৰিবলৈ ‘সুসময় কিনি লৈছেনে’? আপুনি যি পঢ়িছে তাৰ অনুসাৰে চলি এজন ‘সুবিবেচক ব্যক্তি’ হʼবলৈ যত্ন কৰিছেনে? (ইফিচীয়া ৫:১৫-১৭; গীত ১:১-৩) যদি তেনে ধৰণে কৰিছে, তেন্তে আপুনি নিশ্চয়ে যিহোৱাৰ ওচৰ চাপি আহিছে।

১০, ১১. যিহোৱাৰ বাক্যৰ প্ৰতি ডেকা ব্যক্তিসকলে মনোযোগ দি তেওঁলোকে কেনে ধৰণৰ আশীৰ্ব্বাদ লাভ কৰিছে?

১০ হিতোপদেশ কিতাপখন লিখাৰ অভিপ্ৰায়ৰ বিষয়ে লিখকজনে কিতাপখনৰ আৰম্ভণীতে বৰ্ণনা কৰিছে যে এই কিতাপখন: “প্ৰজ্ঞা আৰু শিক্ষা লাভ কৰিবলৈ, বুদ্ধিমান লোকৰ বাক্য বুজিবলৈ, বহুদৰ্শিতাত, ধাৰ্ম্মিকতাত, ন্যায়বিচাৰত, আৰু যথাৰ্থতাত শিক্ষা গ্ৰহণ কৰিবলৈ, নিৰ্ব্বোধবোৰক বোধ দিবলৈ, আৰু ডেকা লোকক জ্ঞান আৰু সুবুদ্ধি দিবলৈ ৰচনা কৰা” হʼল। (হিতোপদেশ ১:১-৪) আপুনি হিতোপদেশ কিতাপখনৰ সৈতে সম্পূৰ্ণ বাইবেলখন পঢ়ি আৰু তাৰ বাক্যবোৰ পালন কৰি যেতিয়া ধাৰ্ম্মিকতা আৰু যথাৰ্থতাৰ গুণ বিকশিত কৰিব তেতিয়া যিহোৱাই অতি আনন্দেৰে আপোনাৰ ওচৰ চাপি আহিব। (গীত ১৫:১-৫) আপুনি যিমানেই বহুদৰ্শিতা, ন্যায়বিচাৰ, জ্ঞান আৰু সুবুদ্ধিৰ দৰে গুণবোৰ বিকশিত কৰিব, আপুনি লোৱা নিৰ্ণয়বোৰ সিমানেই উত্তম হৈ পৰিব।

১১ এজন ডেকা ব্যক্তিৰ পৰা এনে ধৰণে অপেক্ষা কৰাটো অযুক্তিসঙ্গত নে? নিশ্চয়ে নহয়, কিয়নো বহুতো ডেকা খ্ৰীষ্টান ব্যক্তিয়ে তেনে ধৰণে হোৱাটো পৰিচয় দিছে। ফলস্বৰূপে, আনে ‘তেওঁলোকৰ অলপ বয়সক হেয়জ্ঞান বা অনাদৰ কৰা নাই।’ (১ তীমথিয় ৪:১২) আনকি তেওঁলোকৰ পিতৃ-মাতৃসকলেও নিজকে গৌৰৱৰ পাত্ৰ বুলি অনুভৱ কৰিছে আৰু যিহোৱাৰ মনক আনন্দ কৰা বুলিও বাইবেলে কৈছে। (হিতোপদেশ ২৭:১১) যদিও তেওঁলোক কম বয়সীয়া তথাপিও তেওঁলোকে এই পৰামৰ্শটোৰ প্ৰতি মনোযোগ দিয়া উচিত, যʼত এইদৰে কৈছে: “সিদ্ধ লোকলৈ লক্ষ্য কৰা সৰল লোকক চোৱা; কিয়নো সেই মানুহৰ শেষফল শান্তি।”—গীত ৩৭:৩৭.

উত্তম বাছনি কৰক

১২. ডেকা ব্যক্তিসকলে কৰা এটা গুৰুত্বপূৰ্ণ বাছনি কি আৰু তেনে বাছনিয়ে জীৱনত দীৰ্ঘ সময় ধৰি কিয় প্ৰভাৱিত কৰিব পাৰে?

১২ ডেকা অৱস্থাই হৈছে সুবিবেচক হৈ বাছনি কৰাৰ এক উত্তম সময়, যিয়ে চিৰকলীয়া লাভসমূহ কঢ়িয়াই আনে। আপুনি এতিয়া কৰা কিছুমান বাছনিৰ প্ৰভাৱ ভৱিষ্যতৰলৈকে থাকি যাব। বুদ্ধিমানপূৰ্বক কৰা বাছনিয়ে আপোনাৰ বাবে এক সুখী আৰু সফল জীৱন কঢ়িয়াই আনিব। আনহাতে অবিবেচক হৈ কৰা বাছনিৰ বাবে ওৰে জীৱন অনুতাপ কৰিব লাগিব। আপুনি কৰা দুই প্ৰকাৰৰ বাছনি কিমান সত্য সেই বিষয়ে বিবেচনা কৰক। প্ৰথমটো হৈছে: আপুনি কেনে লোকৰ সৈতে সঙ্গতি কৰিব বিচাৰিব? এইটো কিয় এক গুৰুত্বপূৰ্ণ বিষয়? এই সম্পৰ্কে প্ৰেৰিত বাক্যই এইদৰে কৈছে: “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা; কিন্তু অজ্ঞানবোৰৰ লগৰীয়াই ক্লেশ পাব।” (হিতোপদেশ ১৩:২০) অন্য এক প্ৰকাৰে কʼবলৈ হʼলে, আমি হয়তো জ্ঞানী বা অজ্ঞানীৰ সৈতে সঙ্গতি কৰিব বিচাৰোঁ। কিন্তু আপুনি কাৰ সৈতে সঙ্গতি কৰিবলৈ বাছনি কৰিব?

১৩, ১৪. (ক) লোকসকলৰ সৈতে সম্পৰ্ক ৰাখা উপৰিও সঙ্গতি কৰাৰ সৈতে আৰু কি কি সন্মিলিত আছে? (খ) ডেকা ব্যক্তিসকলে কেনে ধৰণৰ ভুল কাৰ্য্যৰ পৰা আঁতৰি থকা উচিত?

১৩ লোকসকলৰ সৈতে থকাৰ অৰ্থই হৈছে সঙ্গতি কৰা বুলি আপুনি ভাবিব পাৰে। কিন্তু সঙ্গতি কৰাত ইয়াতকৈ অধিক সন্মিলিত আছে। যেতিয়া আপুনি টিভি চাই, সঙ্গীত শুনে, চিনেমা চাবলৈ যায় বা ইন্টাৰনেটৰ যোগেদি কোনোবা এজনৰ সৈতে যোগযোগ কৰে তেতিয়াও সঙ্গতি কৰে। কিন্তু তেনে ধৰণৰ সঙ্গতিয়ে যদি নিচা জাতীয় পদাৰ্থ সেৱন, মদ্যপান, হিংসা আৰু অনৈতিক কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰে তেন্তে আপুনি “অজ্ঞানবোৰৰ লগৰীয়া” হৈছে, যিসকলে যিহোৱাৰ অস্তিত্বৰ ওপৰত সন্দেহ কৰে।—গীত ১৪:১.

১৪ আপুনি হয়তো ভাবিব পাৰে যে মই নিয়মিতৰূপে সভাত উপস্থিত থাকোঁ আৰু সক্ৰিয়ভাৱে মণ্ডলীৰ কাৰ্য্যবোৰ কৰোঁ, গতিকে হিংসাত্মক চিনেমা বা অশ্লীল সঙ্গীতে মোৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। তদুপৰি আপুনি হয়তো লৰালৰিকৈ ইন্টাৰনেটত উপলব্ধ থকা অশ্লীল ছবিবোৰ চালে কোনো ক্ষতি নহʼব বুলি ভাবিব পাৰে। কিন্তু আপোনাৰ এনে ধৰণৰ মনোবৃত্তিক পাঁচনি পৌলে অনুচিত বুলি দাঙি ধৰিছে! সেয়েহে তেওঁ এইদৰে কৈছে: “তোমালোক ভ্ৰান্ত নহবা; কুসঙ্গে সদাচাৰ নষ্ট কৰে।” (১ কৰিন্থীয়া ১৫:৩৩) দুখৰ বিষয় এই যে বহুতো প্ৰতিজ্ঞাবদ্ধ ডেকা খ্ৰীষ্টানে তেনে ধৰণে সঙ্গতি কৰি তেওঁলোকৰ সদাচাৰ নষ্ট কৰিলে। গতিকে তেনে ধৰণৰ সঙ্গতি কৰাৰ পৰা আঁতৰি থাকিবলৈ দৃঢ়সঙ্কল্প লওক। যদি তেনে ধৰণে সঙ্কল্প লয় তেন্তে আপুনি পাঁচনি পৌলে কোৱা এই পৰামৰ্শটোক পালন কৰে, যʼত তেওঁৰ এইদৰে কৈছে: “তোমালোকে জগতৰ অনুৰূপ নহবা; কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা।”—ৰোমীয়া ১২:২.

১৫. কিশোৰ বয়সীয়া ব্যক্তিসকলে কৰা দ্বিতীয় বাছনিটো কি আৰু এই সম্পৰ্কে তেওঁলোকে কেতিয়াবা কেনে ধৰণৰ হেঁচাৰ সম্মুখীন হʼব পাৰে?

১৫ দ্বিতীয় বাছনিটো হৈছে: স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত আপুনি কি কৰিব, তাৰ বিষয়ে নিৰ্ণয় লোৱা। যদি আপুনি নিবনুৱা সমস্যা থকা দেশত বাস কৰিছে, তেন্তে নিশ্চয়ে উত্তম চাকৰি কৰা হেঁচা অনুভৱ কৰিব। অথবা যদি কোনো সমৃদ্ধিশীল দেশত বাস কৰিছে, তেন্তে চাকৰিৰ সম্বন্ধে থকা বহুতো প্ৰলোভনৰ দ্বাৰা আকৰ্ষিত হʼব। হয়তো আপোনাৰ পিতৃ-মাতৃ বা শিক্ষক-শিক্ষয়ত্ৰীয়ে আপোনাক অধিক দৰমহা পোৱা চাকৰিৰ সম্বন্ধে থকা লক্ষ্যবোৰ ৰাখিবলৈ উৎসাহিত কৰিছে। কিন্তু তেনে লক্ষ্যত উপনীত হোৱা প্ৰশিক্ষণে হয়তো আপোনাৰ ভালেমান সময় কাঢ়ি নিব পাৰে। যাৰ বাবে আপুনি কেৱল অলপ সময়হে যিহোৱাৰ সেৱাত অতিবাহিত কৰিব পাৰিব।

১৬, ১৭. এজন ডেকা ব্যক্তিক চাকৰি বা বৃত্তিৰ সম্বন্ধে এক ভাৰসাম্য দৃষ্টি বজাই ৰাখিবলৈ কেনে শাস্ত্ৰীয় পদবোৰে সহায় কৰিব পাৰে, তাৰ বিষয়ে বৰ্ণনা কৰক।

১৬ কোনো এক নিৰ্ণয় লোৱাৰ পূৰ্ব্বেই বাইবেলৰ পৰামৰ্শ লʼবলৈ কেতিয়াও পাহৰি যোৱা উচিত নহয়। কিয়নো বাইবেলে আমাক নিজৰ জীৱনটো চলাবলৈ কোনো চাকৰি কৰা বা বৃত্তি লোৱা আৰু দৈনিক আৱশ্যকতাসমূহৰ প্ৰতি যত্ন লবলৈ উৎসাহিত কৰিছে। (২ থিচলনীকীয়া ৩:১০-১২) তথাপিও ইয়াৰ সৈতে আন বহুতো বিষয় সন্মিলিত আছে। এতিয়া আমি আপোনাক তলত দিয়া শাস্ত্ৰীয় পদবোৰ পঢ়িবলৈ আৰু সেইবোৰে কেনেকৈ এজন কিশোৰ বয়সীয়া ব্যক্তিক ভৱিষ্যতে নিজৰ বৃত্তি বাছনি কৰাৰ ক্ষেত্ৰত ভাৰসাম্য বজাই ৰাখাত সহায় কৰে, তাৰ বিষয়ে বিবেচনা কৰিবলৈ উৎসাহিত কৰিছোঁ। সেই পদবোৰ হৈছে: হিতোপদেশ ৩০:৮, ৯; উপদেশক ৭:১১, ১২; মথি ৬:৩৩; ১ কৰিন্থীয়া ৭:৩১; ১ তীমথিয় ৬:৯, ১০. সেই পদবোৰ পঢ়াৰ পিছত বৃত্তি বাছনি কৰা ক্ষেত্ৰত থকা যিহোৱাৰ দৃষ্টিভঙ্গীৰ বিষয়ে আপুনি জানিবলৈ পাৰিছেনে?

১৭ আমাৰ জীৱনত চাকৰিয়ে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হোৱা উচিত নহয়। যদি আপুনি স্কুলীয়া শিক্ষাৰ দ্বাৰা কোনো সাধাৰণ চাকৰি কৰিবলৈ সক্ষম হৈছে তেন্তে ই এক উত্তম বিষয়। কিন্তু স্কুলীয়া শিক্ষাৰ পিছতো যদি আপোনাক অতিৰিক্ত প্ৰশিক্ষণৰ আৱশ্যক তেন্তে এই বিষয়ে পিতৃ-মাতৃৰ সৈতে আলোচনা কৰক। যিয়েই নহও আপুনি ‘সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্যৰ’ পৰা লক্ষ্যভ্ৰষ্ট হোৱা উচিত নহয়। (ফিলিপীয়া ১:৯, ১০) যিৰিমিয়াৰ সচিব বাৰূকৰ নিচিনাকৈ কোনো ভুল পদক্ষেপ নলʼব। তেওঁ যিহোৱাৰ সেৱা কৰা বিশেষাধিকাৰৰ প্ৰতি অকৃতজ্ঞশীল মনোবৃত্তি দেখুৱাই ‘নিজৰ নিমিত্তে মহত্ব বিচাৰিবলৈ’ ধৰিছিল। (যিৰিমিয়া ৪৫:৫) এনে ধৰণৰ ‘মহত্বই’ যে তেওঁক ঈশ্বৰৰ কাষ চাপিবলৈ বা যিৰূচালেমৰ ধ্বংসৰ পৰা ৰক্ষা পাবলৈ কোনো প্ৰকাৰে সহায় কৰিব নোৱাৰে, তাৰ বিষয়ে তেওঁ সম্পূৰ্ণকৈ পাহৰি গৈছিল। ঠিক সেইদৰে বৰ্তমান সময়ত আমাৰ সৈতেও ঘটিব পাৰে।

আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি কৃতজ্ঞ হওক

১৮, ১৯. (ক) আপোনাৰ অধিকাংশ চুবুৰীয়াই কিহৰ দ্বাৰা পীড়িত হৈছে? (খ) বহুতে কিয় আধ্যাত্মিক ভোক অনুভৱ নকৰে?

১৮ আপুনি কেতিয়াবা টিভি বা বাতৰিতকাকতত দেখুৱা আকালগ্ৰস্ত দেশবোৰৰ লʼৰা-ছোৱালীবিলাকৰ ছবিৰ প্ৰতি লক্ষ্য কৰিছেনে? তেওঁলোকৰ ছবি দেখি আপুনি অন্তৰত নিশ্চয়ে সমবেদনা অনুভৱ কৰিছে। ঠিক সেইদৰে আপুনি নিজৰ চুবুৰীয়াৰ প্ৰতি অনুভৱ কৰিছেনে? কিয় চুবুৰীয়াৰ প্ৰতি তেনেদৰে অনুভৱ কৰিব লাগে? কিয়নো তেওঁলোকৰ অধিক সংখ্যক লোকে আধ্যাত্মিক আকালৰ দ্বাৰা পীড়িত হৈছে। যাৰ বিষয়ে ভৱিষ্যতবক্তা আমোচে এইদৰে কৈছিল: “প্ৰভু যিহোৱাই কৈছে, “চোৱা, যি দিনা মই দেশত, অন্ন কি পানীৰ আকাল নহয়, কিন্তু যিহোৱাৰ বাক্য শুনাৰ আকাল ঘটাম, সেই দিন আহিছে।”—আমোচ ৮:১১.

১৯ এইটো সঁচা যে এনে আকালৰ দ্বাৰা পীড়িত হোৱা অধিক সংখ্যক লোক ‘আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি আগ্ৰহী নহয়।’ (মথি ৫:৩) তেওঁলোকৰ বহুতে আধ্যাত্মিক ভোক অনুভৱ নকৰে। আন কিছুমানে ভাবে যে তেওঁলোক ইতিমধ্যেই আধ্যাত্মিকতাৰে পৰিতৃপ্ত হৈছে। কিয়নো তেওঁলোকে অসাৰ ‘জগতৰ জ্ঞানেৰে’ নিজকে পৰিতৃপ্ত কৰিছে, যʼত ভৌতিকতা, বিজ্ঞান সম্বন্ধীয় অনুমানিক বিচাৰধাৰা, নৈতিকতাৰ সম্বন্ধে নিজ ধাৰণা আৰু তেনেদৰে আন আন বিষয়সমূহ সন্মিলিত আছে। কিছুমানৰ অনুসাৰে আধুনিক সময়ৰ তথাকথিত শ্ৰেষ্ঠ “জ্ঞানৰ” তুলনাত বাইবেলৰ শিক্ষাবোৰ পুৰণিকলীয়া হৈ পৰিছে। সেয়েহে “জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নজনা” হʼল। এই জগতৰ জ্ঞানে আপোনাক ঈশ্বৰৰ কাষ চাপিবলৈ কোনো প্ৰকাৰে সহায় আগবঢ়াব নোৱাৰে। এই জ্ঞান ‘ঈশ্বৰৰ দৃষ্টিত মূৰ্খতাস্বৰূপ।’—১ কৰিন্থীয়া ১:২০, ২১; ৩:১৯.

২০. যিহোৱাক উপাসনা নকৰা ব্যক্তিসকলক অনুকৰণ কৰাটো কিয় যুক্তিসঙ্গত নহয়?

২০ ছবিত দেখা সেই ভোকাতুৰ লʼৰা-ছোৱালীবিলাকৰ দৰে আপুনিও পীড়িত হʼব বিচাৰেনে? নিশ্চয়ে তেনে ধৰণে হোৱাটো আপুনি নিবিচাৰিব। কিন্তু কিছুমান খ্ৰীষ্টান পৰিয়ালৰ ডেকা বয়সীয়া ব্যক্তিয়ে তেনে ভোকাতুৰ লʼৰা-ছোৱালীৰ দৰে হোৱাৰ পৰিচয় দিছে। তেওঁলোকৰ অনুসাৰে আন ডেকা বয়সীয়া লʼৰা-ছোৱালীবোৰে অতি সন্তুষ্ট আৰু আনন্দেৰে জীৱন-যাপন কৰিছে। দৰাচলতে তেনেদৰে ভবাসকলে যে যিহোৱাৰ পৰা বহু দূৰ আঁতৰি গৈছে, সেই বিষয়ে পাহৰি গʼল। (ইফিচীয়া ৪:১৭, ১৮) তদুপৰি আধ্যাত্মিক ভোকাতুৰ হোৱাৰ বাবে যে বেয়া প্ৰভাৱত পৰিছে, সেই বিষয়েও পাহৰি গৈছে। তাৰ কিছুমান বেয়া প্ৰভাৱ হৈছে, কিশোৰী অৱস্থাত অবৈধ গৰ্ভধাৰণ, অনৈতিকতাৰ ফলত হোৱা শাৰীৰিক আৰু আৱেগীক ক্ষতি, ধুমপান, মদ্যপান আৰু নিচা জাতীয় পদাৰ্থ সেৱন কৰা। আনকি আধ্যাত্মিক ভোকে বিদ্ৰোহী মনোবৃত্তি, আশাহীন আৰু লক্ষ্যবিহীন জীৱনধাৰালৈ পৰিচালিত কৰে।

২১. সত্যত নথকাসকলৰ মনোবৃত্তিক অনুকৰণ কৰাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ?

২১ গতিকে স্কুলত, সত্যত নথকা সহপাঠীসকলে দেখুৱা মনোবৃত্তিৰ দ্বাৰা যেন আপুনি প্ৰভাৱিত নহয়। (২ কৰিন্থীয়া ৪:১৮) কিছুমানে হয়তো আধ্যাত্মিক বিষয়বোৰক লৈ উপহাস কৰিব পাৰে। তদুপৰি বাতৰি মাধ্যমবোৰেও চতুৰতাৰে অনৈতিক কাৰ্য্যত লিপ্ত হোৱা, অত্যাধিক মদ্যপান আৰু অশ্লীল ভাষা ব্যৱহাৰ কৰাটো এটা সাধাৰণ বিষয় বুলি প্ৰচাৰ কৰে। সেই সকলো বেয়া প্ৰভাৱক প্ৰতিৰোধ কৰি একেৰাহে এনে লোকসকলৰ সৈতে সঙ্গতি কৰক, যিসকলে “বিশ্বাস আৰু উত্তম বিবেক” বজাই ৰাখিছে। তদুপৰি “প্ৰভুৰ কাৰ্য্যত সদায় উপচি” পৰক। (১ তীমথিয় ১:১৯; ১ কৰিন্থীয়া ১৫:৫৮) নিজকে প্ৰচাৰ কাৰ্য্য আৰু ৰাজ্যগৃহৰ কাৰ্য্যক্ৰমবোৰত ব্যস্ত ৰাখক। স্কুলত থকা সময়ছোৱাত মাজে-সময়ে সহযোগী অগ্ৰগামী সেৱাত ভাগ লওক। যদি তেনে ধৰণৰ আধ্যাত্মিক দৃষ্টি বজাই ৰাখে তেন্তে আপুনি ভাৰসাম্য বজাই ৰাখাত সফল হʼব।—২ তীমথিয় ৪:৫.

২২, ২৩. (ক) এজন খ্ৰীষ্টান কিশোৰ ব্যক্তিয়ে ভৱিষ্যতৰ বাবে লোৱা বাছনিৰ বিষয়ে কিয় আনসকলে বুজিব নোৱাৰিলে? (খ) ডেকা বয়সীয়া ব্যক্তিসকলক কি কৰিবলৈ উৎসাহিত কৰা হৈছে?

২২ আধ্যাত্মিক দৃষ্টিভঙ্গীয়ে আপোনাক এনে উত্তম নিৰ্ণয়বোৰ লʼবলৈ পৰিচালিত কৰিব, যাৰ বিষয়ে আনে বুজিব নোৱাৰে। উদাহৰণস্বৰূপে, এজন খ্ৰীষ্টান কিশোৰ ব্যক্তিক স্কুলত বাদ্যযন্ত্ৰ বজোৱাত পাকৈত আৰু অধ্যয়ন কৰা সকলো বিষয়তে নিপুণ ছাত্ৰ হিচাবে জনা গৈছিল। স্কুলীয়া শিক্ষা সমাপ্তি কৰাৰ পিছত তেওঁ নিজৰ দেউতাকৰ সৈতে খিৰিকী-পৰিষ্কাৰ কৰা ব্যৱসায়ত যোগ দিয়ে যাতে পূৰ্ণ-সময় অগ্ৰগামী সেৱা কৰিব পাৰে। তেওঁ লোৱা এনে নিৰ্ণয়ৰ বিষয়ে শিক্ষক-শিক্ষয়ত্ৰীসকলে একো বুজিব নোৱাৰিলে। কিন্তু যদি আপুনি যিহোৱাৰ কাষ চাপিছে, তেন্তে নিশ্চয়ে তেওঁৰ লোৱা তেনে নিৰ্ণয়ৰ বিষয়ে বুজিব পাৰিব।

২৩ ডেকা অৱস্থাৰ বহুমূলীয়া সময়খিনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰে সেই বিষয়ে বিবেচনা কৰি, আপুনি ‘প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ পৰকালৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূলস্বৰূপ ধন সাঁচিব পাৰিব।’ (১ তীমথিয় ৬:১৯) এতেকে ‘ডেকা অৱস্থা’ আৰু জীৱনৰ বাকী সময়ছোৱাত আপোনাৰ মহান সৃষ্টিকৰ্তাজনক সোঁৱৰিবলৈ দৃঢ়সঙ্কল্প লওক। সেইয়া হৈছে এক সফল আৰু চৰিস্থায়ী ভৱিষ্যত গঢ়ি তুলাৰ একমাত্ৰ পথ। (w04 5/1)

আপুনি কেনে সিদ্ধান্তত উপনীত হʼব?

• ডেকা বয়সীয়া ব্যক্তিসকলক ভৱিষ্যতৰ বাবে আঁচনি বনাবলৈ কেনে অনুপ্ৰাণিত উপদেশে সহায় কৰে?

• এনে কিছুমান পদ্ধতি কি, যাৰ দ্বাৰা ডেকা বয়সীয়াসকলে “ঈশ্বৰৰ ওচৰ চাপি” আহিব পাৰে?

• এজন ডেকা বয়সীয়া ব্যক্তিয়ে লোৱা কেনে সিদ্ধান্তবোৰে তেওঁৰ ভৱিষ্যতৰ জীৱনত ভাল বা বেয়া প্ৰভাৱ পেলাব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবিসমূহ]

আপুনি এনে ব্যক্তিগত কাৰ্য্যবোৰত লিপ্ত হʼবনে যʼত আপোনাৰ ডেকা অৱস্থাৰ সকলো শক্তি আৰু উদ্দীপনা ব্যয় হয়?

[১৭ পৃষ্ঠাৰ ছবি]

সুবিবেচক খ্ৰীষ্টান ডেকা বসয়ীয়া ব্যক্তিসকলে নিজৰ আধ্যাত্মিক দৃষ্টি নিৰ্মল কৰি ৰাখে