Skip to content

Skip to table of contents

ৰিবেকা এগৰাকী ঈশ্বৰলৈ ভয় ৰাখা তিৰোতা আছিল

ৰিবেকা এগৰাকী ঈশ্বৰলৈ ভয় ৰাখা তিৰোতা আছিল

ৰিবেকা এগৰাকী ঈশ্বৰলৈ ভয় ৰাখা তিৰোতা আছিল

 কল্পনা কৰক যে আপোনাৰ পুত্ৰৰ বাবে এজনী গুণৱতী ছোৱালীৰ আৱশ্যক। আপুনি কেনে ধৰণৰ ছোৱালী পছন্দ কৰিব? ছোৱালীজনীত আপুনি কেনে ধৰণৰ গুণ থকাটো অপেক্ষা কৰিব? আপুনি এনে এজনী ছোৱালী বিচাৰিবনে, যি দেখাত ধুনীয়া, বুদ্ধিমতী, কোমল স্বভাৱ আৰু পৰিশ্ৰমী? বা আপুনি তাইক আন গুণবোৰো প্ৰতিফলিত কৰাটো অপেক্ষা কৰিবনে?

আজিৰ পৰা প্ৰায় বহু হাজাৰ বছৰ আগেয়ে অব্ৰাহাম নামৰ এজন ব্যক্তিয়েও এই বিষয়ে চিন্তা কৰি দুধোৰ-মোধোৰ অৱস্থাত পৰিছিল। কিয়নো যিহোৱাই তেওঁৰ পুত্ৰৰ দ্বাৰা সমুদায় মানৱজাতিক আশীৰ্ব্বাদ দিব বুলি প্ৰতিজ্ঞা কৰিছিল। বৃতান্তৰ অনুসৰি সেই সময়ত অব্ৰাহাম এজন বৃদ্ধ ব্যক্তি আৰু তেওঁৰ পুত্ৰ ইচহাক তেতিয়ালৈকে অবিবাহিত আছিল। (আদিপুস্তক ১২:১-৩, ৭; ১৭:১৯; ২২:১৭, ১৮; ২৪:১) সেইবাবে অব্ৰাহামে তেওঁৰ পুত্ৰ ইচহাকৰ বাবে এনে এগৰাকী ছোৱালী বিচাৰিবলৈ নিৰ্ণয় লʼলে যি গুণৱতী হোৱাৰ উপৰিও যিহোৱাৰ উপাসক হোৱা আৱশ্যক। যিখন দেশত তেওঁ বাস কৰিছিল তাত তেনে ধৰণৰ গুণৱতী ছোৱালী বিচাৰি পোৱাটো এক সপোনৰ বিষয় আছিল। গতিকে তেওঁ কনান দেশৰ সলনি অন্য দেশত ছোৱালী চাব ধৰিলে। অৱশেষত তেওঁৰ পুতেকৰ বাবে ৰিবেকা নামৰ এগৰাকী গুণৱতী ছোৱালী বিচাৰি পালে। তাইক কেনেকৈ বিচাৰি পাইছিল? তাই এগৰাকী আধ্যাত্মিক মন ৰাখা ছোৱালী আছিলনে? তাই ৰাখা আৰ্হিৰ পৰা আমি কি শিকিব পাৰোঁ?

এগৰাকী গুণৱতী ছোৱালীৰ অনুসন্ধান

অব্ৰাহামে তেওঁৰ পুতেকৰ বাবে এগৰাকী গুণৱতী ছোৱালী বিচাৰিবলৈ তেওঁৰ বৃদ্ধ দাস ইলীয়েজৰক দূৰত অৱস্থিত অৰাম-নহৰয়িমৰ নাহোৰৰ নগৰলৈ পঠিয়ালে, যʼত তেওঁৰ সম্বন্ধীয়া লোকসকল বাস কৰিছিল আৰু ঈশ্বৰক ভয় মানোতা আছিল। যিহেতু দাসজনে যাতে অব্ৰাহামৰ পুতেকৰ বাবে কোনো কনানী ছোৱালী বাছনি নকৰে, তাৰ বাবে তেওঁক শপত খোৱাইছিল। এই সম্বন্ধে থকা অব্ৰাহামৰ দৃঢ় সঙ্কল্প বাস্তৱতে মনকৰিবলগীয়া আছিল।—আদিপুস্তক ২৪:২-১০.

কল্পনা কৰক যে আবেলিৰ পৰত ইলীয়েজৰে অব্ৰাহামৰ সম্বন্ধীয়া লোক থকা চহৰত উপস্থিত হৈ এনে এটা নাদৰ কাষত তেওঁৰ দহোটা উট ৰাখিলে যি নাদৰ কাষত সেই চহৰৰ জীয়াৰীবোৰে পানী তুলিবলৈ ওলাই আহে। তাৰ পিছত তেওঁ এইদৰে প্ৰাৰ্থনা কৰিছে: “চাওকচোন, মই এই ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; পাছে, সেই নগৰীয়া মানুহৰ জীয়াৰীবিলাকে পানী তুলিবলৈ যেতিয়া ওলাই আহিব, তেতিয়া, বিনয় কৰোঁ, ‘তুমি কলহ নমাই মোক পানী খাবলৈ দিয়া’, এই কথা মই যি ছোৱালীক কম, সেই ছোৱালীয়ে যদি কয়, ‘খাওক, আৰু আপোনাৰ উটবোৰকো খুৱাম’, তেন্তে সেই ছোৱালীয়েই আপোনাৰ দাস ইচহাকৰ নিমিত্তে আপোনাৰ নিৰূপিত কন্যা হওক।”—আদিপুস্তক ২৪:১১-১৪.

নগৰৰ সকলো ছোৱালীয়ে জানে যে এটা পিয়াহ লগা উটে বহু পৰিমাণে অৰ্থাৎ (১০০ লিটাৰ পৰ্য্যন্ত) পানী খাব পাৰে। গতিকে যিজনী ছোৱালীয়ে সেই উটবোৰক পানী খুৱাব, তাইক অনেক কষ্ট কৰিব লাগিব। তদুপৰি যদিও তাইৰ লগৰীসকলে তাইক তেনে কৰা দেখে তেওঁলোকে কোনো প্ৰকাৰৰ সহায় নকৰিব। গতিকে এই কাৰ্য্যৰ বাবে শক্তি, ধৈৰ্য্য আৰু কোমল হৃদয় ৰাখা আৱশ্যক।

এনে কঠিন কাৰ্য্য কৰিবলৈ কোনে আগবাঢ়ি আহিব? এই বিষয়ে বৃতান্তই এইদৰে কৈছে: “পাছে সি কথা কৈ নৌ অঁতাওঁতেই, চোৱা, অব্ৰাহামৰ ককায়েক নাহোৰৰ ভাৰ্য্যা মিল্‌কাৰ পুতেক বথুৱেলৰ ঔৰষত জন্মা ৰিবেকাই কান্ধত কলহ লৈ বাহিৰলৈ ওলাই আহিল। সেই ছোৱালী দেখিবলৈ পৰম-সুন্দৰী, কুমাৰী, . . . তাই ভুমুকলৈ নামি, কলহ ভৰাই লৈ উঠি আহিছিল; এনেতে, দাসে লৰি গৈ, তাইৰে সৈতে সাক্ষাৎ কৰি কলে, ‘বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক অলপমান পানী খাবলৈ দিয়া।’ তাতে তাই কলে, ‘খাওক আপ।’ এই বুলি তাই বেগতে হাতলৈ কলহ নমাই, তাক পানী খাবলৈ দিলে।”—আদিপুস্তক ২৪:১৫-১৮.

এই কাৰ্য্যই ৰিবেকাৰ যোগ্যতাৰ প্ৰমাণ দিছিলনে?

ৰিবেকা আচলতে অব্ৰাহামৰ নাতিনী আৰু পৰম-সুন্দৰী হোৱাৰ উপৰিও এজনী পৰিশ্ৰমী ছোৱালী আছিল। তাই অচিনাকী মানুহৰ সৈতে কথা-বতৰা হʼবলৈ যদিও লাজ কৰা নাছিল তথাপিও তাই তেওঁলোকৰ সৈতে একেবাৰে পৰিচিতো হৈ পৰা নাছিল। তাই ইলীয়েজৰে কৰা অনুৰোধৰ প্ৰতি মনোযোগ দিছিল। এনে ধৰণৰ ব্যৱহাৰ কেৱল শালীনতা থকা ব্যক্তিতহে দেখিবলৈ পোৱা যায়। এতিয়া দাসজনে কৰা অন্য অনুৰোধবোৰো তাই পূৰ্ণ কৰিবনে?

লক্ষ্য কৰক যে তাই কেৱল দাসজনক “খাওক আপ” বুলি কৈ ৰখি থকা নাছিল। আগলৈ তাই এইদৰে কৈছিল: “আপোনাৰ উটবোৰে খাই নতায়মানে মই সিহঁতলৈকো তুলিম।” যি কাৰ্য্যৰ বাবে দাসজনে কেতিয়াও অপেক্ষা কৰা নাছিল, তাই সেই কাৰ্য্যকো পূৰ্ণ কৰিছিল। তাই অতি আগ্ৰহেৰে ‘বেগতে ঘোলনীত কলহৰ পানী বাকি দি, আকৌ পানী তুলিবলৈ নাদলৈ লৰি গৈ, উটবোৰলৈ পানী তুলি দি আছিল।’ তাই সঁচাকৈ এগৰাকী পৰিশ্ৰমী ছোৱালী আছিল। আগলৈ বৃতান্তই কৈছে যে, ‘সেই গোটেই সময় ধৰি দাসজনে কেৱল তাইক একে-ঠৰে চাই আছিল।’—আদিপুস্তক ২৪:১৯-২১.

তাই অব্ৰাহামৰ সম্বন্ধীয়া লোকৰ ছোৱালী বুলি জনাত দাসজনে মূৰ দোঁৱাই যিহোৱাৰ আগত প্ৰণিপাত কৰি ধন্যবাদ জনালে। তাৰ পিছত তেওঁ আৰু তেওঁৰ মানুহবিলাকৰ বাবে ৰাতিটো কটাবলৈ তাইৰ পিতৃৰ ঘৰত ঠাই আছে নে নাই জানিবলৈ বিচাৰিলে। উত্তৰত ৰিবেকাই থাকিবলৈ ঠাই আছে বুলি কʼলে আৰু এই সকলো কথা জনাবলৈ ঘৰলৈ খৰখেদাকৈ দৌৰি গʼল।—আদিপুস্তক ২৪:২২-২৮.

পাছে ইলীয়েজৰে কোৱা সকলো কথা শুনি ৰিবেকাৰ ককায়েক লাবন আৰু তাইৰ পিতৃ বথুৱেলে, ইয়াৰ পিছত যে ঈশ্বৰৰ হাত আছে আৰু ইচহাকৰ বাবে ৰিবেকাই যোগ্য তাক বিশ্বাস কৰি দাসজনক এইদৰে কৈছিল: “চোৱা, ৰিবেকা তোমাৰ আগতে আছে; তাইক লৈ যোৱা।” যেতিয়া ৰিবেকাক মাতি এই বিষয়ে জনালে তেতিয়া তাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? এই বিষয়ে আমি তাই কোৱা হিব্ৰু শব্দটোৰ পৰা জানি পাৰোঁ, যাৰ অৰ্থ হৈছে: “মই নিশ্চয়ে যাম।” বাস্তৱতে তাই এই প্ৰস্তাৱ কোনো বাধ্যত পৰি গ্ৰহণ কৰা নাছিল। এই বিষয়ে অব্ৰাহামে দাসজনক আগতেই কৈছিল যে, “যদি ছোৱালী তোমাৰ লগত আহিবলৈ মান্তি নহয়, তেন্তে তুমি এই শপতৰ পৰা মুক্ত হবা।” কিন্তু এই সকলো কথাৰ পিছত যে যিহোৱাৰ হাত আছে, তাক তাই বুজিব পাৰিছিল। সেইবাবে তাই পলম নকৰাকৈ নিজৰ পৰিয়ালবৰ্গক এৰি সেই দাসজনৰ লগত এনে এজন পুৰুষৰ সৈতে বিবাহ হʼবলৈ ওলাই আহিল যিজনক তাই কেতিয়াও আগতে দেখা নাই। এনে ধৰণে লোৱা নিৰ্ণয় সঁচাকৈ এক উল্লেখনীয় বিশ্বাসৰ পৰিচয়। বাস্তৱতে তাই লোৱা নিৰ্ণয় একেবাৰে সঠিক আছিল!—আদিপুস্তক ২৪:২৯-৫৯.

ইচহাকক দেখাৰ লগে লগে তাই ওৰণি লৈ নিজকে ঢাকিলে যি অধীনতা হোৱাৰ প্ৰমাণ দিছিল। ইচহাকে তাইক পত্নী হিচাবে গ্ৰহণ কৰিলে আৰু পিছলৈ তাইৰ উত্তম গুণবোৰ দেখি তেওঁ তাইক অধিককৈ প্ৰেম কৰিব ধৰিলে।—আদিপুস্তক ২৪:৬২-৬৭.

এহাল যঁজা সন্তানৰ জন্ম হোৱা

বিবাহ হোৱা ১৯ বছৰলৈকে ৰিবেকাৰ কোনো সন্তান নাছিল। অৱশেষত তাই গৰ্ভধাৰণ কৰিলে, কিন্তু গৰ্ভত যঁজা সন্তান থকাৰ বাবে প্ৰসৱ কৰাত অতিশয় কষ্টকৰ হৈছিল। সেয়েহে তাই ঈশ্বৰৰ আগত ক্ৰন্দন কৰি প্ৰাৰ্থনা কৰিলে। যিহোৱাই তাইৰ প্ৰাৰ্থনা শুনি আশ্বাস দি কৈছিল যে তাইৰ পৰা দুই জাতি আহিব আৰু “বৰটো সৰুটোৰ বন্দী হʼব।”—আদিপুস্তক ২৫:২০-২৬.

যিহেতু সেই কথা শুনি ৰিবেকাই তাইৰ সন্তান যাকোবক অধিককৈ প্ৰেম কৰিছিল, এনে নহয়। তদুপৰি দুয়োটা সন্তানৰ স্বভাৱো ভিন্ন আছিল। যাকোব “শান্ত” স্বভাৱৰ আৰু এচৌ আধ্যাত্মিক বিষয়ৰ প্ৰতি অকৃতজ্ঞশীল আছিল আৰু এসাঁজ আহাৰ খোৱাৰ আশাৰে তেওঁ নিজৰ জ্যেষ্ঠাধিকাৰ অৰ্থাৎ ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ভাগ হোৱা বিশেষাধিকাৰক বিক্ৰী কৰিলে। ইয়াৰ উপৰিও এচৌৱে যি হিত্তীয়া বংশৰ দুজনী ছোৱালীৰ সৈতে বিয়া কৰিছিল, তেওঁবিলাকে আধ্যাত্মিক বিষয়বোৰক হেয়জ্ঞান কৰি ইচহাক আৰু ৰিবেকাৰ মনত দুখ দিছিল।—আদিপুস্তক ২৫:২৭-৩৪; ২৬:৩৪, ৩৫.

আশীৰ্ব্বাদৰ ভাগী হʼবলৈ যাকোবক সহায় কৰা

এচৌৱে যাকোবৰ বন্দী হʼব বুলি কোৱা বিষয়টোক ইচহাকে জানিছিল নে নাই সেই সম্পৰ্কে বাইবেলে একো উল্লেখ কৰা নাই। তথাপিও আশীৰ্ব্বাদ যে কেৱল যাকোবে পাব, সেই বিষয়ে কেৱল তেওঁ আৰু তেওঁৰ মাক ৰিবেকাই ভালদৰে জানিছিল। এবাৰ ৰিবেকাই তাইৰ গিৰিয়েক ইচহাকে তেওঁৰ জ্যোষ্ঠ পুত্ৰ এচৌক আশীৰ্ব্বাদ দিয়াৰ বিষয়ে বিবেচনা কৰা বুলি জানিব পাৰি তাই অনতিপলমে পদক্ষেপ লʼলে। পুনৰাই বৃদ্ধ-অৱস্থাতো ৰিবেকাৰ দৃঢ়সংকল্প আৰু উৎসাহ দেখিবলৈ পোৱা গৈছিল। তাই যাকোবক দুটা উত্তম ছাগলী পোৱালি আনিবলৈ কʼলে যাতে ইচহাকৰ বাবে সুস্বাদু আহাৰ যুগুত কৰিব পাৰে। তাৰ পিছত যাকোবক এচৌৰ উত্তম বস্ত্ৰ পিন্ধাই, তেওঁৰ হাত দুখন আৰু ডিঙিৰ নোম নোহোৱা ঠাইত সেই ছাগলী পোৱালিৰ ছাল লগাই ইচহাকৰ ওচৰত সেই যুগুত কৰা আহাৰ আৰু পিঠাৰ সৈতে যাকোবক পঠিয়ালে। সেই আহাৰ খাই ইচহাকে তৃপ্ত হৈ এচৌক দিবলগীয়া আশীৰ্ব্বাদ যেন যাকোবক দিয়ে সেয়া তাই বিচাৰিছিল। কিন্তু যাকোবে তেনে কৰিবলৈ অমান্তি হৈছিল। কিয়নো তেওঁ ভাবিছিল যে যদি তেওঁলোকে কৰা তেনে কাৰ্য্যৰ বিষয়ে ইচহাকে জানিবলৈ পাই তেন্তে আশীৰ্ব্বাদৰ সলনি অভিশাপহে পাব! যাকোবৰ কোনো ধৰণৰ যুক্তি মানি নলৈ ৰিবেকাই এইদৰে কৈছিল: “বোপা, তোমাৰ সেই শাও মোৰ ওপৰত পৰক।” অৱশেষত তাই যাকোবক তৈয়াৰী কৰি যুগুত কৰা সুস্বাদু আহাৰ আৰু পিঠা দি তেওঁক ইচহাকৰ ওচৰলৈ পঠিয়ালে।—আদিপুস্তক ২৭:১-১৭.

ৰিবেকাই কিয় তেনে কৰিলে তাৰ বিষয়ে বাইবেলত একো উল্লেখ কৰা নাই। বহুতে তাইৰ এই কাৰ্য্যৰ প্ৰতি অভিযোগ কৰে। কিন্তু বাইবেলে বা পিছলৈ তাইৰ গিৰিয়েকে সেই বিষয়ে জানিবলৈ পাই তাইক দোষী সাব্যস্ত কৰা নাছিল। বৰঞ্চ, ইচহাকে যাকোবক অধিককৈ আশীৰ্ব্বাদ দিলে। (আদিপুস্তক ২৭:২৯; ২৮:৩, ৪) যিহোৱাই তাইৰ দুয়োজন পুত্ৰৰ সম্বন্ধে কৰা ভৱিষ্যতবাণীৰ বিষয়ে ৰিবেকাই ভালদৰে জানিছিল। সেইবাবে তাই লোৱা তেনে ধৰণৰ পদক্ষেপ যিহোৱাৰ ইচ্ছাৰ সামঞ্জস্যত আছিল।—ৰোমীয়া ৯:৬-১৩.

যাকোবক হাৰণলৈ পঠোৱা

এচৌৰ ক্ৰোধৰ পৰা ৰক্ষা পাবলৈ ৰিবেকাই যাকোবক তাইৰ মোমায়েক থকা দেশখনলৈ পলাই যাবলৈ আগ্ৰহ কৰিলে। কিন্তু তাইক এনে কৰিবলৈ গিৰিয়েকৰ অনুমতি পোৱা আৱশ্যক আছিল। সেইবাবে তাই নিজৰ গিৰিয়েকক বিবেচনাপূৰ্ণতাৰে অনুৰোধ কৰিলে যে তাই যাকোবৰ বিয়াৰ বিষয়টো লৈ অতি চিন্তিত হৈছে, যাতে যাকোবে কোনো কানানী ছোৱালী বিয়া নকৰে। সেই যুক্তিপূৰ্ণ অনুৰোধত ইচহাকে মান্তি হৈ তেওঁলোকৰ পুতেক যাকোবক তেওঁৰ মোমায়েক থকা দেশখনলৈ পঠিয়ালে, যাতে যাকোবে কোনো কানানী ছোৱালী বিয়া নকৰি ৰিবেকাৰ পৰিয়ালৰ পৰা কোনো ঈশ্বৰলৈ ভয় ৰাখোঁতা ছোৱালী বিয়া কৰে। তাৰ পিছত ৰিবেকাই পুনৰাই যাকোবক দেখিবলৈ পাইছিল নে নাই সেই বিষয়ে বাইবেলত কোনো উল্লেখ পোৱা নাযায়। কিন্তু ৰিবেকাই লোৱা তেনে পদক্ষেপে নিশ্চয়ে ভৱিষ্যতৰ ইস্ৰায়েল জাতিলৈ আশীৰ্ব্বাদ কঢ়িয়াই আনিছিল।—আদিপুস্তক ২৭:৪৩-২৮:২.

আমি ৰিবেকাৰ বিষয়ে যি জানো সেইবোৰে আমাক তাইক প্ৰশংসা কৰিবলৈ প্ৰেৰিত কৰে। আমি জানো যে তাইৰ প্ৰকৃত সৌন্দৰ্য্যতা ঈশ্বৰলৈ ৰাখা ভক্তি ওপৰত আধাৰিত আছিল। আনকি অব্ৰাহামে যিধৰণৰ বোৱাৰী বিচাৰিছিল, তাইত সেই সকলোবোৰ গুণ দেখিবলৈ পোৱা গʼল। সকলো খ্ৰীষ্টান মহিলাই, ৰিবেকাৰ বিশ্বাস আৰু ঈশ্বৰৰ নিৰ্দ্দেশনাক পালন কৰি প্ৰকাশ কৰা সাহস, উৎসাহ, অতিথিপৰায়ণতা আদিৰ দৰে গুণবোৰ অনুকৰণ কৰা আৱশ্যক। আনকি যিহোৱায়েও এনে ধৰণৰ গুণবোৰ এগৰাকী খ্ৰীষ্টান স্ত্ৰীত থকাটো বিচাৰে। (w04 4/15)