Skip to content

Skip to table of contents

বয়সস্থ ভাই-ভনীসকল আপোনালোক আমাৰ খ্ৰীষ্টান ভাতৃত্ব সমাজৰ মূল্যৱান সদস্য

বয়সস্থ ভাই-ভনীসকল আপোনালোক আমাৰ খ্ৰীষ্টান ভাতৃত্ব সমাজৰ মূল্যৱান সদস্য

বয়সস্থ ভাই-ভনীসকল আপোনালোক আমাৰ খ্ৰীষ্টান ভাতৃত্ব সমাজৰ মূল্যৱান সদস্য

“যিবিলাকক যিহোৱাৰ গৃহত ৰোৱা হয়, সিবিলাক . . . প্ৰফুল্লিত হব। সিবিলাকে বৃদ্ধ কালতো ফল ধৰিব।”গীত ৯২:১৩, ১৫.

১. আজি বহুতো লোকে বৃদ্ধসকলক কেনে দৃষ্টি কৰে?

 যিহোৱাই তেওঁৰ বিশ্বাসী উপাসকসকলক প্ৰেম কৰে, যʼত বৃদ্ধ ভাই-ভনীসকলো সন্মিলিত আছে। এখন ৰাষ্ট্ৰীয় অনুমানৰ অনুসৰি যুক্তৰাষ্ট্ৰত প্ৰত্যেক বছৰে প্ৰায় পাঁচ লাখ সংখ্যক বৃদ্ধসকলৰ সৈতে দুৰ্ব্যৱহাৰ বা অসন্মান কৰা হয়। একেইদৰে গোটেই বিশ্বৰ পৰা পোৱা আন আন ৰিপোৰ্টসমূহেও দেখুৱাইছে যে বৃদ্ধসকলক দুৰ্ব্যৱহাৰ কৰাটো হৈছে এক বিশ্বব্যপী সমস্যা। এটা সংগঠনে ইয়াৰ মূল কাৰণটো দাঙি ধৰি এইদৰে কয় যে, “আজি বহুতো লোকৰ অনুসাৰে . . . বৃদ্ধসকল হৈছে সমাজৰ বাবে এক গধুৰ বোজা আৰু অযোগ্য ব্যক্তি।”

২. (ক) যিহোৱাই তেওঁৰ বিশ্বাসী বৃদ্ধ উপাসকসকলক কেনে দৃষ্টি কৰে? (খ) গীত ৯২:১২-১৫ পদত আমি কেনে হৃদয়স্পৰ্ষী বাক্যবোৰ পঢ়িবলৈ পাওঁ?

কিন্তু যিহোৱাৰ দৃষ্টিত তেওঁৰ বৃদ্ধ উপাসকসকল হৈছে অতি মূল্যৱান। তেওঁ শাৰীৰিক দুৰ্ব্বলতাসমূহক দৃষ্টি কৰাৰ পৰিৱৰ্তে “আমাৰ আন্তৰিক পুৰুষক” অৰ্থাৎ আমাৰ আধ্যাত্মিক অৱস্থাক লক্ষ্য কৰে। (২ কৰিন্থীয়া ৪:১৬) তেওঁৰ বাক্য বাইবেলত আমি এই হৃদয়স্পৰ্ষী আশ্বাস পাওঁ: “ধাৰ্ম্মিক লোক খাজুৰ গছৰ দৰে জক্‌মকাব, লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়িব। যিবিলাকক যিহোৱাৰ গৃহত ৰোৱা হয়, সিবিলাক আমাৰ চোতাল কেইখনত প্ৰফুল্লিত হব। যিহোৱা যে যাথাৰ্থিক, আৰু তেওঁ যে মোৰ শিলা, তেওঁত একো অন্যায় নাই, ইয়াকে দেখুৱাবৰ নিমিত্তে, সিবিলাকে বৃদ্ধ কালতো ফল ধৰিব, সিবিলাক ৰসাল আৰু কেঁচাপতীয়া হব।” (গীত ৯২:১২-১৫) এই শাস্ত্ৰীয় পদবোৰক বিবেচনা কৰাৰ দ্বাৰা বৃদ্ধ বয়সীয়া আপোনালোকে খ্ৰীষ্টান ভাতৃত্বসমাজৰ বাবে এক উল্লেখনীয় অৱদান আগবঢ়াব পাৰিব।

“সিবিলাকে বৃদ্ধ কালত ফল ধৰিব”

৩. (ক) ধাৰ্ম্মিক ব্যক্তিসকলক কিয় খাজুৰ গছৰ সৈতে তুলনা কৰা হৈছে? (খ) বৃদ্ধ ব্যক্তিসকলে কেনেকৈ “বৃদ্ধ কালতো ফল ধৰিব” পাৰে?

গীতমালাৰ ৰচোঁতাজনে ধাৰ্ম্মিকলোকক ‘ঈশ্বৰৰ গৃহত ৰোৱা’ খাজুৰ গছৰ সৈতে তুলনা কৰিছে। তদুপৰি “সিবিলাকে বৃদ্ধ কালতো ফল ধৰিব” বুলি কৈছে। এই বাক্যশাৰীৰ দ্বাৰা আপুনি উৎসাহিত হৈছে বুলি মান্তি নহʼবনে? বাইবেলৰ সময়ত প্ৰাচ্য দেশৰ লোকসকলে তেনে ধৰণৰ ফল ধৰা খাজুৰ গছবোৰ নিজৰ চোতালৰ সম্মুখত ৰুইছিল। এই গছবোৰে এশ বছৰতকৈ অধিক সময় ধৰি প্ৰচুৰ পৰিমাণে ফল উৎপন্ন কৰিছিল। * ঠিক সেইদৰে আপুনিও সত্য উপাসনাত দৃঢ়ৰূপে থাকি “সৎকৰ্ম্মত ফলৱন্ত” হʼব পাৰিব।—কলচীয়া ১:১০.

৪, ৫. (ক) খ্ৰীষ্টানসকলে কেনে এক গুৰুত্বপূৰ্ণ ফল উৎপন্ন কৰা আৱশ্যক? (খ) বাইবেলত উল্লেখ কৰা এনে কিছুমান বৃদ্ধ ব্যক্তিৰ উদাহৰণ দিয়ক যিসকলে “ওঠঁৰ ফল” উৎপন্ন কৰিছিল।

যিহোৱা ঈশ্বৰে প্ৰকৃত খ্ৰীষ্টানৰ প্ৰত্যেকজনে যেন “ওঁঠৰ ফল” অৰ্থাৎ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ যোগেদি তেওঁৰ উদ্দেশ্যৰ বিষয়ে ঘোষণা আৰু স্তুতি কৰাটো বিচাৰে। (ইব্ৰী ১৩:১৫) এই কথাষাৰ আপোনাৰ দৰে এজন বৃদ্ধ ব্যক্তিত প্ৰযোজ্য হয়নে? নিশ্চয়ে প্ৰযোজ্য হয়।

বাইবেলত নিৰ্ভয়ে যিহোৱাৰ নাম আৰু তেওঁৰ উদ্দেশ্যক ঘোষণা কৰা বৃদ্ধসকলৰ আৰ্হি লিপিবদ্ধ কৰা হʼল। উদাহৰণস্বৰূপে, মোচিক যিহোৱাই যেতিয়া নিজৰ ভাববাদী আৰু প্ৰতিনিধি হিচাবে নিযুক্ত কৰিছিল তেতিয়া তেওঁৰ বয়স “তিনি কুৰি দহ” বছৰতকৈ অধিক আছিল। (গীত ৯০:১০; যাত্ৰাপুস্তক ৪:১০-১৭) আনকি দানিয়েলৰ বৃদ্ধ অৱস্থাও যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ বিষয়ে নিৰ্ভয়ে ঘোষণা কৰাত বাধা দিব নোৱাৰিলে। যেতিয়া বেল্‌চচৰ ৰজাই তেওঁক ৰাজগৃহৰ দেৱালত লিখা বাক্যফাঁকিৰ অৰ্থ বুজাই দিবলৈ কৈছিল তেতিয়া তেওঁৰ বয়স সম্ভৱতঃ ৯০ বছৰ আছিল। (দানিয়েল ৫ অধ্যায়) পাঁচনি যোহনৰ বিষয়ে কি কʼব পাৰি? “ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে” পাত্ম দ্বীপত বন্দী হিচাবে থকাৰ সময়ছোৱাত তেওঁ বৃদ্ধ কালৰ চৰম অৱস্থাত জীয়াই আছিল। (প্ৰকাশিত বাক্য ১:৯) তদুপৰি আপুনি বাইবেলত উল্লেখ কৰা এনে বহুতো ব্যক্তিৰ বিষয়ে স্মৰণ কৰিব পাৰে যিসকলে বৃদ্ধ অৱস্থাতো “ওঠঁৰ ফল” উৎপন্ন কৰিছিল।“—১ চমূৱেল ৮:১, ১০; ১২:২; ১ ৰাজাৱলি ৪:৪, ৫; লূক ১:৭, ৬৭-৭৯; ২:২২-৩২.

৬. এই শেষ কালত যিহোৱাই “বৃদ্ধলোকক” ভৱিষ্যতবাণী কৰিবলৈ কেনেকৈ ব্যৱহাৰ কৰিছে?

হিব্ৰু ভৱিষ্যতবক্তা যোৱেলৰ কথাষাৰ উদ্ধৃত কৰি পাঁচনি পিতৰে এইদৰে কৈছিল: “ঈশ্বৰে কৈছে, শেষৰ দিনা, গোটেই মনুষ্য-জাতিৰ [“বৃদ্ধলোকো” সন্মিলিত] ওপৰত মোৰ আত্মা বাকি দিম.  . . তাতে তেওঁবিলাকে ভাববাণী প্ৰচাৰ কৰিব।” (পাঁচনিৰ কৰ্ম্ম ২:১৭, ১৮; যোৱেল ২:২৮) এই ভৱিষ্যতবাণীৰ অনুসাৰে যিহোৱাই অভিষিক্ত বৰ্গ আৰু ‘অন্য মেৰৰ’ বৃদ্ধসকলক তেওঁৰ উদ্দেশ্যৰ বিষয়ে ঘোষণা কৰিবলৈ ব্যৱহাৰ কৰিছে। (যোহন ১০:১৬) তেওঁলোকৰ কিছুমানে আজি বহু বছৰৰ পৰাই ৰাজ্যৰ বাৰ্ত্তাৰ ফল উৎপন্ন কৰি আহিছে।

৭. শাৰীৰিক দুৰ্ব্বলতাৰ স্বত্ত্বেও বৃদ্ধ ভাই-ভনীসকলে কেনেকৈ ৰাজ্যৰ ফল উৎপন্ন কৰিছে, তাৰ বিষয়ে বৰ্ণনা কৰক।

চনীয়া নামৰ এগৰাকী ভনীৰ বিষয়ে বিবেচনা কৰক যি গৰাকীয়ে ১৯৪১ চনত পূৰ্ণ-সময়ৰ সেৱা কৰিবলৈ আৰম্ভ কৰে। চিকিৎসাহীন ৰোগত ভুগাৰ স্বত্ত্বেও তাই নিয়মিতৰূপে নিজৰ ঘৰত বাইবেল বিদ্যাৰ্থীসকলৰ সৈতে অধ্যয়ন পৰিচালিত কৰিছিল। আনকি তাই কৈছিল যে, “প্ৰচাৰ কাৰ্য্য মোৰ জীৱনৰ এটা অংশ হৈ পৰিছে। আচলতে কʼবলৈ গʼলে প্ৰচাৰ কাৰ্য্যই হৈছে মোৰ জীৱন যাক মই কেতিয়াও প্ৰত্যাহাৰ কৰিব নোৱাৰোঁ।” অলপ দিনৰ আগতে চনীয়া আৰু তাইৰ ভনীয়েক অলিভে চিকিৎসালয়ৰ অপেক্ষা কক্ষত দুৰাৰোগ্যত ভুগা জেনেট নামৰ এগৰাকী মহিলাৰ সৈতে বাইবেলৰ বাৰ্ত্তাৰ বিষয়ে কথোপকথন কৰে। জেনেটৰ মাক যি এগৰাকী ধৰ্ম্মপৰায়ণ কেথলিক আছিল, তেওঁলোকে তাইৰ জীয়েকৰ প্ৰতি দেখুৱা আগ্ৰহকতা দেখি ইমানেই প্ৰভাৱিত হʼল যে তাই বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হৈছিল। এতিয়া তাই আগতকৈ অধিক উন্নতি কৰিছে। ঠিক সেইদৰে আপুনিও ৰাজ্যৰ ফল উৎপন্ন কৰিবলৈ সুযোগ বিচাৰিছেনে?

৮. বৃদ্ধ কালেবে কেনেকৈ যিহোৱাত ভাৰসা ৰাখাৰ প্ৰমাণ দিলে আৰু বৃদ্ধ খ্ৰীষ্টান ভাই-ভনীসকলে তেওঁৰ আৰ্হিক কেনেকৈ অনুকৰণ কৰিব পাৰে?

শাৰীৰিক দুৰ্ব্বলতা আৰু বয়স হৈ অহাৰ স্বত্ত্বেও বৃদ্ধ খ্ৰীষ্টান ভাই-ভনীসকলে ৪০ বছৰ ধৰি অৰণ্যত মোচিৰ সৈতে লগ দিয়া কালেবৰ আৰ্হিক অনুকৰণ কৰিবলৈ পিছহুঁহোকা নাই। যৰ্দ্দন নদী পাৰ কৰি প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰাৰ সময়ত কালেবৰ বয়স ৭৯ বছৰ আছিল। ছবছৰ ধৰি এজন ইস্ৰায়েলীয় বিজয়ী সৈন্য হিচাবে থকাৰ পিছত তেওঁ অৱসৰ লব পাৰিলেহেঁতেন। তাৰ পৰিৱৰ্তে তেওঁ যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা অনাকীয়াৰ ‘ডাঙৰ ওখ গড়েৰে আবৃত নগৰখনত’ অসাধাৰণ দেহৰ গঠন থকা লোকবিলাকক পৰাস্ত কৰি নগৰখন অধিকাৰ কৰাৰ দায়িত্ব দিবলৈ অনুৰোধ কৰিছিল। ঈশ্বৰৰ পৰা সহায় লাভ কৰি কালেবে “যিহোৱাৰ বাক্যৰ অনুসাৰে . . . সিহঁতক দূৰ” কৰিলে। (যিহোচূৱা ১৪:৯-১৪; ১৫:১৩, ১৪) আপুনি ভাৰসা ৰাখক যে যিদৰে যিহোৱাই কালেবৰ সৈতে আছিল, ঠিক সেইদৰে ৰাজ্যৰ ফল উৎপন্ন কৰা কাৰ্য্যক নিৰন্তৰে কৰি থাকিবলৈ তেওঁ আপোনাৰ সৈতেও থাকিব। তদুপৰি আপুনি যদি বিশ্বাসী হৈ থাকে তেন্তে তেওঁৰ প্ৰতিজ্ঞাত পৰমদেশত থাকিবলৈ আপোনাক এক স্থান দিব।—যিচয়া ৪০:২৯-৩১; ২ পিতৰ ৩:১৩.

“সিবিলাক ৰসাল আৰু কেঁচাপতীয়া হব”

৯, ১০. বৃদ্ধ খ্ৰীষ্টানসকলে কেনেকৈ বিশ্বাসত সুস্থ আৰু আধ্যাত্মিৰূপে বলৱান হʼব পাৰে? (১১ পৃষ্ঠাত থকা বক্সটো চাওক।)

যিহোৱাৰ কাৰ্য্যকাৰী হিচাবে প্ৰমাণিত হোৱা বৃদ্ধ উপাসকসকলক উদ্দেশ্য কৰি গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “ধাৰ্ম্মিক লোক খাজুৰ গছৰ দৰে জক্‌মকাব, লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়িব। সিবিলাকে বৃদ্ধ কালতো ফল ধৰিব, সিবিলাক ৰসাল আৰু কেঁচাপতীয়া হব।”—গীত ৯২:১২, ১৫.

১০ বৃদ্ধ বয়সতো আপুনি কেনেকৈ আধ্যাত্মিকৰূপে বলৱান হʼব পাব পাৰে? বাৰ মাহে ফল ধৰা খাজুৰ গছৰ সুন্দৰতা নিৰন্তৰে প্ৰচুৰ মাত্ৰাত পোৱা পানীৰ ওপৰত নিভৰ কৰে। সেইদৰে নিয়মীয়াকৈ ঈশ্বৰৰ বাক্য অধ্যয়ন আৰু তেওঁৰ সংগঠনৰ সৈতে সঙ্গতি কৰি আপুনিও বাইবেল সত্যতাৰ দ্বাৰা পৃষ্ঠপোষতা হৈ থাকিব পাৰে। (গীত ১:১-৩; যিৰিমিয়া ১৭:৭,  ৮) সঙ্গী ভাই-ভনীসকলৰ বাবে সহায়ক হʼবলৈ আপোনাৰ আধ্যাত্মিক সজীৱতাই সহায় কৰিব। এই কথাশাৰীৰ সত্যতাক বুজিবলৈ বৃদ্ধ মহা-পুৰোহিত যিহোয়াদাৰ বিষয়ে বিবেচনা কৰক।

১১, ১২. (ক) যিহূদাৰ ৰাজ্যৰ ইতিহাসত যিহোয়াদাই কেনে এক প্ৰমুখ ভূমিকা আদায় কৰিলে? (খ) যিহোয়াদে পুনৰাই সত্য উপাসনা স্থাপিত কৰিবলৈ কেনেকৈ নিজৰ ক্ষমতাক প্ৰয়োগ কৰিলে?

১১ উচ্চাভিলাষী ৰাখা অথলিয়া ৰাণীয়ে নিজৰ নাতিয়েকক হত্যা কৰি যিহূদাৰ ৰাজ্যখনৰ ওপৰত অধিকাৰ চলোৱাৰ সময়ত যিহোয়াদাৰ বয়স হয়তো এশ বছৰতকৈ অধিক আছিল। এনে পৰিস্থিতিত এই বৃদ্ধ ব্যক্তিজনে কেনে পদক্ষেপ লৈছিল? যিহোয়াদা আৰু তেওঁৰ পত্নীয়ে ৰাজ বংশৰ একমাত্ৰ সন্তান যোৱাচক ছবছৰ ধৰি মন্দিৰত লুকুৱাই ৰাখিছিল। এদিন তেওঁ আকস্মিকভাৱে সাত বছৰীয়া যোৱাচক ৰজা হিচাবে ঘোষণা কৰি অথলিয়া ৰাণীক মৃত্যুদণ্ডৰ আজ্ঞা দিলে।—২ বংশাৱলি ২২:১০-১২; ২৩:১-৩, ১৫, ২১.

১২ ৰজাৰ অভিভাৱক হোৱা হেতুকে যিহোয়াদাই নিজৰ প্ৰভাৱৰ বলত সত্য উপাসনাক পুনৰাই স্থাপন কৰিলে। পাছে “লোকবিলাক যেন যিহোৱাৰ প্ৰজা হয়, এই ভাবেৰে যিহোয়াদাই নিজৰ আৰু আটাই প্ৰজা ও ৰজাৰ মাজত এটি নিয়ম কৰিলে।” যিহোয়াদৰ আদেশ অনুসাৰে লোকসকলে বালদেৱতা পিয়োৰ ঘৰ, বেদি আৰু মূৰ্ত্তিবোৰ ভাঙি তাৰ পুৰোহিতবিলাককো বধ কৰিলে। তদুপৰি তেওঁৰ মাৰ্গদৰ্শনৰ অধীনত যোৱাচ ৰজাই মন্দিৰৰ সেৱাকাৰ্য্য আৰু মেৰামত কাম আৰম্ভ কৰিছিল। আগলৈ বৃত্তান্তত এইদৰে পঢ়িবলৈ পাওঁ যে, “যিহোয়াদা পুৰোহিতে যিহোৱাচৰ আয়ুসৰ যিমান দিন তেওঁক উপদেশ দিলে, সিমান দিন যিহোৱাচে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিলে।” (২ বংশাৱলি ২৩:১১, ১৬-১৯; ২৪:১১-১৪; ১২:২) যিহোয়াদই ১৩০ বছৰ বসয়ত মৃত্যু হোৱাত তেওঁক ৰজাবিলাকৰ লগত মৈদাম দিয়া হৈছিল, কিয়নো “তেওঁ ইস্ৰায়েলৰ মাজত আৰু ঈশ্বৰৰ সম্পৰ্কে ও ঈশ্বৰৰ গৃহৰ সম্পৰ্কে মঙ্গলজনক কাৰ্য্য কৰিছিল।”—২ বংশাৱলি ২৪:১৫, ১৬.

১৩. বৃদ্ধ খ্ৰীষ্টানবিলাকে কেনেকৈ ‘ঈশ্বৰ আৰু গৃহৰ বাবে যি উত্তম,’ তাক কৰিব পাৰে?

১৩ আপুনি হয়তো দুৰ্ব্বল শৰীৰ আৰু আন পৰিস্থিতিৰ বাবে আগৰ দৰে সত্য উপাসনাত ভাগ লোৱাত সক্ষম নহʼব পাৰে। তথাপিও আপুনি নিজ শক্তিৰ অনুসাৰে ‘ঈশ্বৰ আৰু তেওঁৰ গৃহলৈ যি উত্তম’ তাকে কৰক। সভাত উপস্থিতি, মন্তব্য দিয়া আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা আপুনি যিহোৱাৰ প্ৰতি নিজৰ উৎসাহ দেখুৱাব পাৰে। বাইবেলৰ পৰামৰ্শক মনোযোগেৰে গ্ৰহণ কৰা, “বিশ্বাসী বুদ্ধিমান দাস” আৰু মণ্ডলীৰ প্ৰতি দেখুৱা আপোনাৰ নিষ্ঠাই খ্ৰীষ্টান ভাতৃত্বসমাজৰ বান্ধোনক শক্তিশালী কৰি তুলিব। (মথি ২৪:৪৫-৪৭) তদুপৰি আপুনি সঙ্গী উপাসকবিলাকক “প্ৰেম আৰু সৎকৰ্ম্মত” উৎসাহিত কৰিব পাৰে। (ইব্ৰী ১০:২৪, ২৫; ফিলীমন ৮, ৯) আপুনি পাঁচনি পৌলৰ এই পৰামৰ্শটোৰ অনুসাৰে চলি আনলৈ আশীৰ্ব্বাদ কঢ়িয়াই আনিব পাৰে, যʼত তেওঁ এইদৰে কৈছে: “বৃদ্ধ লোকবিলাক যেন পৰিমিত-ভোগী, ধীৰ, বিবেচক, আৰু বিশ্বাসত, প্ৰেমত, আৰু ধৈৰ্য্যত নিৰাময় হয়; সেইদৰে বৃদ্ধা স্ত্ৰীলোকবিলাকেও যেন পবিত্ৰ লোকবিলাকৰ যোগ্য আচাৰ-ব্যৱহাৰ দেখুৱায়, আৰু অপবাদিকা বা বহু দ্ৰাক্ষৰসৰ দাসী নহৈ, যেন উত্তম শিক্ষা-দায়িকা হয়।”—তীত ২:২-৪.

১৪. সত্য উপাসনা বৃদ্ধি কৰাত বহু বছৰৰ পৰা মণ্ডলীৰ প্ৰাচীন হিচাবে কাৰ্য্য কৰা বৃদ্ধ ভাইসকলে কি কৰিব পাৰে?

১৪ আপুনি এজন প্ৰাচীন হিচাবে মণ্ডলীত বহু বছৰৰ পৰা সেৱা কৰি আছেনে? যদি কৰিছে, তেন্তে এজন প্ৰাচীনে দিয়া এই পৰামৰ্শটো মনোযোগেৰে শুনক: “আগ্ৰহী ভাই-ভনীসকলক দায়িত্ব বহন আৰু নিজৰ অনুভৱৰ সমভাগী কৰক। . . . আনৰ নিহিত গুণৰ প্ৰতি লক্ষ্য কৰি সেই গুণক বিস্তাৰ আৰু বিকশিত কৰক। ভৱিষ্যতৰ বাবে নিজকে সাজু কৰক।” (দ্বিতীয় বিবৰণ ৩:২৭, ২৮) প্ৰতিদিনে বিস্তাৰিত হোৱা প্ৰচাৰ কাৰ্য্যৰ প্ৰতি দেখুৱা আপোনাৰ আন্তৰিক আগ্ৰহকতাই খ্ৰীষ্টান ভাতৃত্বসমাজৰ আন সদস্যসকলৰ বাবে বহুতো আশীৰ্ব্বাদ কঢ়িয়াই আনিব।

“যিহোৱা যে যাথাৰ্থিক” তাক দেখুৱাওক

১৫. “যিহোৱা যে যথাৰ্থিক” তাক বৃদ্ধ খ্ৰীষ্টানসকলে কেনেকৈ প্ৰকাশ কৰে?

১৫ প্ৰাচীন কালৰ বৃদ্ধ উপাসকসকলে “যিহোৱা যে যাথাৰ্থিক” তাক দেখুৱালৈ আনন্দৰে নিজৰ দায়িত্বসমূহত আনক সমভাগী কৰিছিল। যদি আপুনি এজন বৃদ্ধ খ্ৰীষ্টান, তেন্তে আপোনাৰ কথা-বতৰা আৰু কাৰ্য্যৰ দ্বাৰা “যিহোৱা যে যাথাৰ্থিক, আৰু তেওঁ যে মোৰ শিলা, তেওঁত একো অন্যায় নাই,” তাক প্ৰকাশ কৰিব পাৰে। (গীত ৯২:১৪) উদাহৰণস্বৰূপে, খাজুৰ গছজোপাই যিহোৱাত থকা অত্যুত্তম গুণবোৰৰ বিষয়ে মৌনভাৱে সাক্ষী দিয়ে। কিন্তু সত্যৰ পথত চলিবলৈ লোৱা ব্যক্তিসকলক তেওঁৰ বিষয়ে জনাবলৈ আপোনাক যিহোৱাই এক বিশেষাধিকাৰ দিছে। (দ্বিতীয় বিবৰণ ৩২:৭; গীত ৭১:১৭, ১৮; যোৱেল ১:২, ৩) যিহোৱাৰ বিষয়ে আনক জনোৱাটো কিয় এক গুৰুত্বপূৰ্ণ কাৰ্য্য?

১৬. বাইবেলৰ কেনে উদাহৰণে “যিহোৱা যে যথাৰ্থিক” তাক প্ৰকাশ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে?

১৬ ইস্ৰায়েলৰ নেতৃত্ব কৰা যিহোচূৱা “বুঢ়া আৰু অতিশয় বৃদ্ধ” আছিল। এবাৰ তেওঁ “গোটেই ইস্ৰায়েলক, তেওঁবিলাকৰ বৃদ্ধ আৰু অধ্যক্ষবিলাকক, বিচাৰকৰ্ত্তা আৰু বিষয়াবিলাকক মতাই” আনি যিহোৱাৰ যথাৰ্থিক ব্যৱহাৰৰ বিষয়ে সোঁৱৰি এইদৰে কৈছিল: “ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য কলে, তাৰ এটিও বিফল হোৱা নাই।” (যিহোচূৱা ২৩:১, ২, ১৪) কিছু সময়লৈকে এই বাক্যবোৰে তেওঁলোকক বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিছিল। কিন্তু যিহোচূৱাৰ মৃত্যুৰ পিছত “যিহোৱাক আৰু ইস্ৰায়েলৰ নিমিত্তে তেওঁ কৰা কাৰ্য্যকো নজনা নতুন বংশ উৎপন্ন হল। পাছে ইস্ৰায়েলৰ সন্তানবিলাকে যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে, আৰু বাল দেৱতাবোৰক পূজা কৰিবলৈ ধৰিলে।”—বিচাৰকৰ্ত্তাবিলাক ২:৮-১১.

১৭. বৰ্তমান সময়ত যিহোৱাই তেওঁৰ লোকসকলৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিছে?

১৭ বৰ্তমান সময়ত খ্ৰীষ্টান মণ্ডলীয়ে দেখুৱা অখণ্ডতা তাহানিৰ বৃদ্ধ খ্ৰীষ্টানসকলে মৌখিকভাৱে দিয়া প্ৰমাণৰ ওপৰত নিৰ্ভৰ নকৰে। তথাপিও এই শেষকালত যেতিয়া আমি যিহোৱাই তেওঁৰ লোকসকলৰ নিমিত্তে কৰা “মহৎ কৰ্ম্মৰ” বিষয়ে ব্যক্তিগতভাৱে শুনো তেতিয়া যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাৰ প্ৰতি থকা আমাৰ বিশ্বাস দৃঢ় হয়। (বিচাৰকৰ্ত্তাবিলাক ২:৭; ২ পিতৰ ১:১৬-১৯) উদাহৰণস্বৰূপে, যদি আপুনি বহু সময়ৰ পৰা যিহোৱাৰ সংগঠনৰ সৈতে সঙ্গতি কৰি আহিছে, তেন্তে হয়তো ভালেমান বছৰৰ আগতে আপোনাৰ অঞ্চলত থকা কিছুমান ৰাজ্য প্ৰচাৰক বা তেওঁলোকৰ কাৰ্য্যৰ প্ৰতি হোৱা অত্যন্ত বিৰোধিতাৰ বিষয়ে স্মৰণ কৰিব পাৰে। কিন্তু সময় অতিক্ৰম কৰাৰ লগে লগে যিহোৱাই নিশ্চয়ে সেই বাধাবোৰ আঁতৰ কৰি প্ৰচাৰকৰ সংখ্যা বৃদ্ধি কৰিলে বুলি আপুনি অৱশ্যেই উপলব্ধি কৰিছে। (যিচয়া ৫৪:১৭; ৬০:২২) তদুপৰি বাইবেলৰ সত্যতাৰ সম্বন্ধে থকা বিষয়বোৰৰ স্পষ্টিকৰণ আৰু সংস্থাত হোৱা সংশোধনৰ বিষয়েও আপুনি উপলব্ধি কৰিব পাৰিছে। (হিতোপদেশ ৪:১৮; যিচয়া ৬০:১৭) আপুনি আন ভাই-ভনীসকলক যিহোৱাৰ যথাৰ্থিক ব্যৱহাৰৰ বিষয়ে জনায় তেওঁলোকক উৎসাহিত কৰিছেনে? যদি আপুনি তেনেদৰে কৰিছে, তেন্তে খ্ৰীষ্টান ভাতৃত্বসমাজৰ বাবে ই এক উপযুক্তৰূপে দৃঢ় হোৱাৰ প্ৰভাৱ নহʼবনে বাৰু!

১৮. (ক) আনক ‘যিহোৱা যে যথাৰ্থিক’ বুলি কোৱা কথাষাৰে কেনেকৈ তেওঁলোকক দীৰ্ঘ সময়লৈকে প্ৰভাৱিত কৰে তাক বৰ্ণনা কৰক। (খ) আপুনি কেনেকৈ ব্যক্তিগতভাৱে যিহোৱাৰ যথাৰ্থিক ব্যৱহাৰৰ অভিজ্ঞতা হʼব পাৰিছে?

১৮ আপুনি ব্যক্তিগত জীৱনত অভিজ্ঞতা হোৱা যিহোৱাৰ তত্বাৱধানৰ বিষয়ে কি কʼব পাৰে? (গীত ৩৭:২৫; মথি ৬:৩৩; ১ পিতৰ ৫:৭) মাৰ্থা নামৰ এগৰাকী বৃদ্ধা ভনীয়ে আনক এইদৰে উৎসাহিত কৰিছিল: “পৰিস্থিতি যিয়েই নহওঁক কিয়, কেতিয়াও যিহোৱাক ত্যাগ নিদিব। তেওঁ আপোনাক নিশ্চয়ে প্ৰতিপালন কৰিব।” এই পৰামৰ্শটো টলমীনা নামৰ মাৰ্থাৰ বাইবেল বিদ্যাৰ্থীগৰাকীক অতিশয় প্ৰভাৱিত কৰিলে যাৰ ফলস্বৰূপে তাই ১৯৬০ চনত বাপ্তিষ্মা লʼবলৈ প্ৰেৰিত হʼল। এই বিষয়ে তাই এইদৰে কৈছিল: “মোৰ স্বামীৰ মৃত্যুত মই মানসিকভাৱে সম্পূৰ্ণকৈ ভাঙি পৰিছিলোঁ। কিন্তু মাৰ্থাই কোৱা সেই বাক্যবোৰে নিয়মীয়াকৈ সভাত উপস্থিত হʼবলৈ মোৰ মনোবল দৃঢ় কৰিলে। তদুপৰি যিহোৱাইও মোক সত্যত থাকিবলৈ শক্তি প্ৰদান কৰিলে।” আজিলৈকে টলমীনাই নিজৰ বাইবেল বিদ্যাৰ্থীসকলক এই পৰামৰ্শটো দিবলৈ পাহৰা নাই। আপুনিও উৎসাহিত আৰু যিহোৱাৰ যথাৰ্থিক ব্যৱহাৰৰ বিষয়ে কৈ সঙ্গী উপাসকবিলাকৰ বিশ্বাস দৃঢ় কৰি তুলিব পাৰে।

যিহোৱাই বৃদ্ধ বিশ্বাসী উপাসকসকলক বহুমূল্য জ্ঞান কৰে

১৯, ২০. (ক) বৃদ্ধ ব্যক্তিসকলে কৰা কাৰ্য্যকলাপক যিহোৱাই কেনে দৃষ্টিৰে চায়? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হৈছে?

১৯ আজিৰ জগতখনত বৃদ্ধসকলৰ প্ৰতি মান-সন্মান দেখুৱা বা বিবেচনাশীল হোৱা মনোবৃত্তি দেখিবলৈ পোৱা নাযায়। (২ তীমথিয় ৩:১, ২) বৰ্তমান তেওঁলোকে কি কৰিছে, তাৰ ওপৰত নহয় কিন্তু অতীতত লাভ কৰা সফলতাৰ বাবেহে তেওঁলোকক স্মৰণ কৰা হয়। ইয়াৰ বিপৰীতে বাইবেলে কৈছে: “তোমালোকে পবিত্ৰ লোকবিলাকৰ যি সেৱা-শুশ্ৰূষা কৰিলা, আৰু কৰিছা, তাৰেই ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।” (ইব্ৰী ৬:১০) নিঃসন্দেহ, আপুনি অতীতত কৰা বিশ্বাসী কাৰ্য্যবোৰক যিহোৱাই মনত ৰাখে। তদুপৰি তেওঁ আপুনি বৰ্তমান সময়ত তেওঁৰ সেৱাত নিৰন্তৰে কৰা কাৰ্য্যসমূহৰ প্ৰতিও মূল্যাঙ্কন কৰে। তেওঁ বিশ্বাসী বৃদ্ধসকলক কাৰ্য্যকাৰী, আধ্যাত্মিকভাৱে বলৱন্ত আৰু দৃঢ়সঙ্কল্প থকা বুলিও দৃষ্টি কৰে।—ফিলিপীয়া ৪:১৩.

২০ আপুনিও যিহোৱাৰ দৰে বৃদ্ধ খ্ৰীষ্টানসকলক দৃষ্টি কৰেনে? যদি কৰে, তেন্তে আপুনি তেওঁলোকৰ প্ৰতি প্ৰেম দেখুৱাবলৈ প্ৰেৰিত হʼব। (১ যোহন ৩:১৮) তেওঁলোকৰ আৱশ্যকতাৰ প্ৰতি মনত ৰাখি কেনেকৈ কিছুমান ব্যৱহাৰিক পদ্ধতিৰে তেনে প্ৰেম দেখুৱাব পৰা যায়, তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হৈছে। (w04 5/15)

[ফুটনোট]

^ এজোপা খাজুৰ গছৰ প্ৰত্যেকটো থোকাত প্ৰায় এক হাজাৰতকৈ অধিক ফল ধৰে যি আঠ কিলোগ্ৰামতকৈ অধিক হʼব পাৰে। এজন লিখকৰ অনুসাৰে “প্ৰত্যেকজোপা ফলদায়ক খাজুৰ গছে ইয়াৰ জীৱনকালত এক বা দুইহাজাৰ কিলোগ্ৰাম ফল উৎপন্ন কৰি ইয়াৰ গৰাকীজনক লাভৱান কৰে।”

আপুনি কেনেকৈ উত্তৰ দিব?

• বৃদ্ধ খ্ৰীষ্টান ভাই-ভনীসকলে কেনেকৈ “ফল উৎপন্ন” কৰে?

• বৃদ্ধ খ্ৰীষ্টান ভাই-ভনীসকলত থকা আধ্যাত্মিক সজীৱতা কিয় এক আপুৰুগীয়া গুণ?

• “যিহোৱা যে যথাৰ্থিক,” সেই বিষয়ে বৃদ্ধ খ্ৰীষ্টান ব্যক্তিসকলে কেনেকৈ কʼব পাৰে?

• দীৰ্ঘ সময়ৰ পৰা সেৱা কৰি থকা উপাসকসকলক যিহোৱাই কিয় বহুমূল্য বুলি জ্ঞান কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১১ পৃষ্ঠাৰ বক্স]

কিছুমান বিশ্বাসী প্ৰকৃত খ্ৰীষ্টানে দীৰ্ঘসময় ধৰি তেওঁলোকৰ দৃঢ় বিশ্বাস বজাই ৰাখা

কিছুমান বিশ্বাসী প্ৰকৃত খ্ৰীষ্টান ভাই-ভনীয়ে দীৰ্ঘসময় ধৰি বিশ্বাসত দৃঢ় হৈ তেওঁলোকৰ আধ্যাত্মিকতাক কেনেকৈ জীৱন্ত কৰি ৰাখিলে? এই বিষয়ে তেওঁলোকৰ কিছুমানে কি কৈছে তাৰ প্ৰতি মনোযোগ দিয়ক:

“যিহোৱাৰ সৈতে আমাৰ সম্বন্ধ কটকটীয়া কৰি ৰাখিবলৈ শাস্ত্ৰীয় পদবোৰক পঢ়া অতি আৱশ্যক। বেছি ভাগ নিশাই মই গীত ২৩ আৰু ৯১ অধ্যায় পাঠ কৰোঁ।”—এলীভ্‌, ১৯৩০ চনত বাপ্তিষ্মা।

“মই প্ৰত্যকটো বাপ্তিষ্মা ভাষণ মনোযোগেৰে শুনিবলৈ লক্ষ্য কৰিছিলোঁ আৰু সেয়া যেন মোৰ নিজৰ বাপ্তিষ্মাৰ বাবে দিয়া ভাষণ আছিল। মোৰ বাবে বিশ্বাসত দৃঢ় হৈ থাকিবলৈ ঈশ্বৰলৈ কৰা সমৰ্পণক সতেজ কৰি ৰাখাটো হৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।”—হেৰী, ১৯৪৬ চনত বাপ্তিষ্মা।

“নিতৌ প্ৰাৰ্থনা কৰা অতি আৱশ্যক, কিয়নো ইয়াৰ দ্বাৰা যিহোৱাৰ পৰা সহায়, নিৰাপত্তা আৰু আশীৰ্ব্বাদ বিচাৰিব পাৰোঁ, ‘তেওঁক সকলো কাৰ্য্যতে স্বীকাৰ কৰা উচিত।’ (হিতোপদেশ ৩:৫, ৬)—এন্তনীয়’, ১৯৫১ চনত বাপ্তিষ্মা।

“বহু বছৰৰ পৰা যিহোৱাক বিশ্বাসী হৈ সেৱা কৰি থকা ভাই-ভনীসকলৰ অভিজ্ঞতাবোৰ শুনাৰ দ্বাৰা মই যিহোৱাৰ প্ৰতি নিজৰ দৃঢ় বিশ্বাস বজাই ৰাখিবলৈ নিশ্চিত সিদ্ধান্ত লওঁ।”—যৱান্‌, ১৯৫৪ চনত বাপ্তিষ্মা।

“নিজৰ বিষয়ে অধিক চিন্তা কৰা প্ৰয়োজন নাই। যিহোৱা ঈশ্বৰৰ মহা অনুগ্ৰহৰ বাবেই আমাৰ ওচৰত সেই সকলো আছে। এনে দৃষ্টিভঙ্গীৰে শেষলৈকে সহনশীল হʼবলৈ আৱশ্যকতা হোৱা আধ্যাত্মিক পোষকতাৰ বাবে সঠিক নিয়ন্ত্ৰণ বজাই ৰাখিব পাৰোঁ।”—এৰলীন, ১৯৫৪ চনত বাপ্তিষ্মা।

[১২ পৃষ্ঠাৰ ছবি]

প্ৰকৃত খ্ৰীষ্টান বৃদ্ধ ভাই-ভনীত থকা আধ্যাত্মিক সজীৱতা হৈছে এক আপুৰুগীয়া গুণ