Skip to content

Skip to table of contents

বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰাটো হৈছে প্ৰত্যেকজন প্ৰকৃত খ্ৰীষ্টানৰ এক গভীৰ দায়িত্ব

বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰাটো হৈছে প্ৰত্যেকজন প্ৰকৃত খ্ৰীষ্টানৰ এক গভীৰ দায়িত্ব

বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰাটো হৈছে প্ৰত্যেকজন প্ৰকৃত খ্ৰীষ্টানৰ এক গভীৰ দায়িত্ব

“বৃদ্ধ-অৱস্থালৈকে সেই ময়ে, আৰু চুলি পকা কাললৈকে ময়েই তোমালোকক বম।”—যিচয়া ৪৬:৪.

১, ২. মানৱ পিতৃ-মাতৃৰ তুলনাত আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাই কৰা চোৱা-চিতাৰ কাৰ্য্যত কেনে ভিন্নতা দেখিবলৈ পোৱা যায়?

 মৰমিয়াল পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক সৰুৰ পৰা লৈ ডাঙৰ হোৱালৈকে চোৱা-চিতা কৰে। আনকি তেওঁলোকৰ সন্তানে বিয়া-বাৰু কৰি ঘৰ-সংসাৰ পতাৰ পিছতো মাক-দেউতাকে একেৰাহে প্ৰেমেৰে চোৱা-চিতা কৰিবলৈ ত্যাগ নিদিয়ে।

মানুহে তেওঁলোকৰ লʼৰা-ছোৱালীক চোৱা-চিতা কৰাৰ বাবে যদিও এটা সীমা আছে, কিন্তু আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাই তেওঁৰ বিশ্বাসী উপাসকসকলক চোৱা-চিতা কৰাৰ কোনো সীমা নাই। প্ৰাচীনকালৰ মনোনীত লোকসকলক সম্বোধিত কৰি যিহোৱাই এইদৰে কৈছিল: “বৃদ্ধ-অৱস্থালৈকে সেই ময়ে, আৰু চুলি পকা কাললৈকে ময়েই তোমালোকক বম।” (যিচয়া ৪৬:৪) এই বাক্যবোৰ বৃদ্ধ খ্ৰীষ্টানসকলৰ বাবে এক শান্ত্বনাদায়ক নহয়নে বাৰু! যিহোৱাই কেতিয়াও তেওঁৰ বিশ্বাসী লোকক ত্যাগ নকৰে। আনহাতে, তেওঁলোকে জীয়াই থকাৰ সময়ছোৱাৰলৈকে প্ৰতিপালন আৰু মাৰ্গদৰ্শিত কৰিব বুলি তেওঁ প্ৰতিজ্ঞা কৰিছে।—গীত ৪৮:১৪.

৩. এই লেখটোত কিহৰ বিষয়ে বিবেচনা কৰা হৈছে?

বৃদ্ধ ব্যক্তিসকলক চোৱা-চিতা কৰাৰ ক্ষেত্ৰত যিহোৱাই প্ৰকাশ কৰা এই গুণটো আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (ইফিচীয়া ৫:১, ২) এতেকে আঁহক আমি লʼৰা-ছোৱালী, মণ্ডলীৰ অধ্যক্ষ আৰু প্ৰত্যেকজন খ্ৰীষ্টানে কেনেকৈ বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰিব পাৰে, তাৰ সম্পৰ্কে বিবেচনা কৰোঁহঁক।

লʼৰা-ছোৱালীৰ দায়িত্ব

৪. নিজ পিতৃ-মাতৃৰ প্ৰতি প্ৰকৃত খ্ৰীষ্টান লʼৰা-ছোৱালীৰ দায়িত্ব কি?

বাইবেলত এইদৰে কৈছে: “নিজৰ পিতৃ-মাতৃক সন্মান কৰ।” (ইফিচীয়া ৬:২; যাত্ৰাপুস্তক ২০:১২) যদিও হিব্ৰু শাস্ত্ৰীয় পদৰ পৰা উদ্ধৃত কৰা এই বাক্যশাৰী দেখাত সাধাৰণ যেন লাগে তথাপিও ই এক গভীৰ অৰ্থ ৰাখে বুলি পাঁচনি পৌলে লʼৰা-ছোৱালীবিলাকক সুঁৱৰাই দিছে। কিন্তু এই বাক্যশাৰী বৃদ্ধ ব্যক্তিসকলক চোৱা-চিতা কৰাৰ ক্ষেত্ৰত কেনেকৈ প্ৰযোজ্য হয়? প্ৰাচীন কালৰ এই উৎসাহজনক উদাহৰণটো বিবেচনা কৰাৰ দ্বাৰা ইয়াৰ উত্তৰ পোৱা যায়।

৫. (ক) কিহে দেখুৱাইছে যে যোচেফে তেওঁৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্বক পাহৰি যোৱা নাছিল? (খ) আমাৰ পিতৃ-মাতৃক সন্মান কৰাৰ অৰ্থ কি আৰু এই সম্পৰ্কে যোচেফে কেনে আৰ্হি প্ৰস্তুত কৰিলে?

যোচেফ আৰু তেওঁৰ বৃদ্ধ পিতৃ যাকোবৰ মাজত ২০ বছৰ ধৰি কোনো সম্পৰ্ক নাছিল। তথাপিও পৰিয়ালবৰ্গ আৰু তেওঁৰ পিতৃৰ প্ৰতি থকা যোচেফৰ প্ৰেম হ্ৰাস হোৱা নাছিল। দৰাচলতে তেওঁৰ ভায়েকবিলাকৰ সম্মুখত নিজৰ পৰিচয় দিয়াৰ পিছত যোচেফে এইদৰে সুধিছিল: “মোৰ পিতৃ এতিয়াও জীয়াই আছে নে?” (আদিপুস্তক ৪৩:৭, ২৭; ৫:৩) সেই সময়ত কনান দেশখন দুৰ্ভিক্ষৰ কবলত পৰিছিল। গতিকে যোচেফে তেওঁৰ পিতৃলৈ বাৰ্ত্তা পঠিয়াই এইদৰে কৈছিল: “মোৰ ওচৰলৈ নামি আহাঁ; পলম নকৰিবা। তুমি গোচন দেশত নিবাস কৰিবা.  . . মই সেই ঠাইত তোমাৰ প্ৰতিপালন কৰিম।” (আদিপুস্তক ৪৫:৯-১১; ৪৭:১২) বৃদ্ধ পিতৃ-মাতৃক সন্মান কৰাৰ সৈতে তেওঁলোকৰ নিৰাপত্তা দিয়া আৰু ভৌতিকৰূপে চোৱা-চিতা কৰাও সন্মিলিত আছে। (১ চমূৱেল ২২:১-৪; যোহন ১৯:২৫-২৭) এই দায়িত্ব পালন কৰি যোচেফে অতি আনন্দিত হৈছিল।

৬. যোচেফে তেওঁৰ পিতৃ যাকোবৰ প্ৰতি থকা প্ৰকৃত প্ৰেমক কেনেকৈ প্ৰকাশ কৰিছিল আৰু আমি তেওঁৰ আৰ্হিৰ পৰা কি শিকিব পাৰোঁ?

যিহোৱাৰ আশীৰ্ব্বাদত যোচেফ মিচৰ দেশৰ সকলোতকৈ ক্ষমতাৱান আৰু ধনী ব্যক্তি হৈ পৰিছিল। (আদিপুস্তক ৪১:৪০) কিন্তু তেওঁ কেতিয়াও নিজকে মহান বুলি ভবা নাছিল বা নিজকে ইমান ব্যস্ত ৰাখা নাছিল যে তেওঁ নিজৰ ১৩০ বছৰীয়া পিতৃক চোৱা-চিতা কৰিব নোৱাৰে। যেতিয়া তেওঁৰ পিতৃ যাকোব (বা ইস্ৰায়েল) অহা বুলি খবৰ পালে তেতিয়া “যোচেফে নিজ ৰথ সজাই, তেওঁৰ পিতৃ ইস্ৰায়েলে সৈতে সাক্ষাৎ কৰিবলৈ গোচনলৈ গল; পাছে তেওঁক দেখা দি, তেওঁৰ ডিঙিত সাবট মাৰি বহু পৰলৈকে ডিঙিত ধৰি ক্ৰন্দন কৰিলে।” (আদিপুস্তক ৪৬:২৮, ২৯) এনে ধৰণৰ আদৰণি এক সাধাৰণভাৱে দেখুৱা সন্মানতকৈ অধিক আছিল। যিহেতু নিজৰ বৃদ্ধ পিতৃক অতিশয় ভাল পোৱাৰ বাবে তেওঁ তেনে ধৰণৰ প্ৰেম দেখুৱালৈ অলপো সংকোচবোধ কৰা নাছিল। যদি আমাৰ বৃদ্ধ পিতৃ-মাতৃ আছে তেন্তে আমিও তেনে ধৰণৰ প্ৰেম দেখুৱাবলৈ আগবাঢ়ি আহিছোঁনে?

৭. মৃত্যুৰ পিছত যাকোবে কিয় তেওঁৰ শৰীৰক কনান দেশত মৈদাম দিবলৈ অনুৰোধ কৰিছিল?

যাকোবে নিজৰ জীৱনৰ শেষ মুহূৰ্ত্তলৈকে যিহোৱাৰ প্ৰতি দৃঢ় নিষ্ঠা বজাই ৰাখিলে। (ইব্ৰী ১১:২১) ঈশ্বৰীয় প্ৰতিজ্ঞাবোৰৰ প্ৰতি থকা তেওঁৰ দৃঢ় বিশ্বাসৰ কাৰণে মৃত্যুৰ পিছত তেওঁক কনান দেশত মৈদাম দিবলৈ অনুৰোধ কৰিছিল। এই কাৰ্য্যৰ বাবে অনেক প্ৰচেষ্টা আৰু খৰছ সন্মিলিত থকাৰ স্বত্ত্বেও যোচেফে তেওঁৰ পিতৃয়ে কৰা অনুৰোধৰ অনুসাৰে কাৰ্য্য কৰিলে।—আদিপুস্তক ৪৭:২৯-৩১; ৫০:৭-১৪.

৮. (ক) বৃদ্ধ পিতৃ-মাতৃক প্ৰতিপালন কৰাৰ ক্ষেত্ৰত আমাক কেনে প্ৰমুখ বিষয়ে প্ৰেৰিত কৰে? (খ) এজন পূৰ্ণ-সময়ৰ সেৱকে নিজৰ পিতৃ-মাতৃক চোৱা-চিতা কৰিবলৈ কি কৰিলে? (১৫ পৃষ্ঠাত দিয়া বক্সটো চাওক।)

যোচেফক তেওঁৰ পিতৃৰ প্ৰতি যত্ন লʼবলৈ কিহে প্ৰেৰিত কৰিছিল? যাকোবৰ বাবে তেওঁ জন্ম লাভ আৰু তেওঁক সৰুৰে পৰা প্ৰতিপালন কৰা, আদি কাৰণসমূহে নিঃসন্দেহে যিহোৱাৰ মন আনন্দিত কৰিবলৈ যোচেফৰ আগ্ৰহকতা জগাই তুলিছিল। সেইদৰে আমিও তেনে আগ্ৰহকতা দেখুৱা উচিত। এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছিল: “যদি কোনো বিধৱাৰ সন্তান-সন্ততি থাকে, তেন্তে তেওঁবিলাকে প্ৰথমে নিজৰ ঘৰৰবিলাকক ভক্তি কৰিবলৈ, আৰু নিজ পিতৃ-মাতৃৰ প্ৰত্যুপকাৰ কৰিবলৈ, শিকক; কিয়নো এয়ে ঈশ্বৰৰ সাক্ষাতে গ্ৰহণীয়।” (১ তীমথিয় ৫:৪) অৱশ্যে যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম আৰু সশ্ৰদ্ধা ভয়ে আমাক যিকোনো পৰিস্থিতিতে নিজৰ বৃদ্ধ পিতৃ-মাতৃক প্ৰতিপালন কৰিবলৈ প্ৰেৰিত কৰিব। *

মণ্ডলীৰ প্ৰাচীনসকলে দেখুৱাই যে তেওঁলোক বিবেচক

৯. জাকটি আৰু ইয়াৰ সৈতে সন্মিলিত থকা বৃদ্ধ লোকসকলক প্ৰতিপালন কৰিবলৈ যিহোৱাই কাক মনোনীত কৰিছে?

নিজৰ জীৱনৰ শেষ সময়ছোৱাত যাকোবে যিহোৱা ঈশ্বৰক সম্বোন্ধিত কৰি এইদৰে কৈছিল: “যি ঈশ্বৰে পূৰ্ব্বৰে পৰা আজিলৈকে মোক প্ৰতিপালন কৰি আহিছে।” (আদিপুস্তক ৪৮:১৫) বৰ্তমান সময়ত যিহোৱাই নিজৰ পুত্ৰ যীচু অৰ্থাৎ ‘প্ৰধান ৰক্ষকৰ’ অধীনত থকা খ্ৰীষ্টান অধ্যক্ষ বা প্ৰাচীনসকলৰ দ্বাৰা তেওঁৰ উপাসকসকলৰ প্ৰতিপালন কৰিছে। (১ পিতৰ ৫:২-৪) জাকটিত থকা বৃদ্ধ সদস্যসকলক প্ৰতিপালন কৰাৰ সময়ত অধ্যক্ষবিলাকে কেনেকৈ যিহোৱাৰ আৰ্হিক অনুকৰণ কৰিব পাৰে?

১০. বৃদ্ধ ভাই-ভনীবিলাকক ভৌতিক আৱশ্যকতাৰে সহায় কৰিবলৈ কেনে পদক্ষেপ লোৱা হʼল? (১৭ পৃষ্ঠাত দিয়া বক্সটো চাওক।)

১০ খ্ৰীষ্টান মণ্ডলী স্থাপিত হোৱা অলপ সময়ৰ পিছত পাঁচনিবিলাকে বিধৱাসকলৰ দৈনিক আৱশ্যকতাসমূহৰ প্ৰতি চোৱা-চিতা কৰিবলৈ “সুখ্যাতি পোৱা আৰু আত্মাৰে জ্ঞানেৰে পৰিপূৰ্ণ হোৱা . . . সাত জনক” মনোনীত কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৬:১-৬) পিছলৈ পাঁচনি পৌলে খ্ৰীষ্টান অধ্যক্ষ তীমথিয়ক অনুকৰণীয় বৃদ্ধ বিধৱাসকলৰ নাম ভৌতিক আৱশ্যকতা থকা তালিকাত লিখিবলৈ নিৰ্দ্দেশ দিছিল। (১ তীমথিয় ৫:৩, ৯, ১০) ঠিক সেইদৰে বৰ্তমান সময়ৰ খ্ৰীষ্টান অধ্যক্ষসকলেও আৱশ্যকতাৰ সময়ত বৃদ্ধ ভাই-ভনীসকলক ব্যৱহাৰিকৰূপে সাহায্য আগবঢ়াবলৈ সাজু থাকে। তথাপিও তেওঁলোকক প্ৰতিপালন কৰাৰ সৈতে আৰু অধিক কিছু সন্মিলিত হৈ আছে।

১১. নিচেই কম পৰিমাণে ধন দান কৰা দৰিদ্ৰ বিধৱাগৰাকীৰ বিষয়ে যীচুৱে কি কৈছিল?

১১ পৃথিৱীত তেওঁৰ সেৱাকাৰ্য্য শেষ হোৱা কিছু সময়ৰ পূৰ্ব্বে যীচুৱে এদিন মন্দিৰৰ ভঁৰালৰ সম্মুখত বহি “লোকসমূহে ভঁৰালত ধন কেনেকৈ সুমুৱাই দিছিল, তাকে চাই আছিল।” সেই সময়ত তেওঁৰ দৃষ্টি এগৰাকী বৃদ্ধ মহিলাৰ ওপৰত পৰিল। বৃতান্তত এইদৰে কোৱা হৈছে: “এজনী দৰিদ্ৰ বাঁৰীয়ে আহি, এৰাতিৰ সমান হোৱা দুই পাই সুমুৱাই দিলে।” তাতে যীচুৱে তেওঁৰ শিষ্যসকলক ওচৰলৈ মাতি আনি এইদৰে কৈছিল: “মই তোমালোকক স্বৰূপকৈ কওঁ, ভঁৰালত সুমুৱাই দিয়া আটাইবিলাকতকৈ এই দৰিদ্ৰ বাঁৰীয়ে অধিক দিলে। কিয়নো তেওঁবিলাক সকলোৱে নিজৰ নিজৰ অতিৰিক্ত ধনৰ পৰা দিলে, কিন্তু তেওঁৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল, অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।” (মাৰ্ক ১২:৪১-৪৪) যদিও আনৰ তুলনাত তাই দান কৰা ধনৰ মূল্যই নিচেই কম আছিল তথাপিও যিহোৱাৰ বাবে আন্তৰিকতাৰে দেখুৱা নিষ্ঠা যে বহুমূল্য, তাক যীচুৱে জানিছিল। তাই এজনী দৰিদ্ৰ বিধৱা হোৱাৰ স্বত্ত্বেও যীচুৱে, তাই যি কৰিলে তাৰ প্ৰতি মূল্যাঙ্কন দেখুৱাইছিল।

১২. বৃদ্ধ ভাই-ভনীসকলে আগবঢ়োৱা অৱদানৰ প্ৰতি অধ্যক্ষসকলে কেনেকৈ মূল্যাঙ্কন দেখুৱাব পাৰে?

১২ ঠিক যীচুৰ দৰে খ্ৰীষ্টান অধ্যক্ষবিলাকেও বৃদ্ধ ভাই-ভনীসকলে কৰা সেৱাৰ প্ৰতি শলাগ লোৱা উচিত। তেওঁলোকে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা, সভাত মন্তব্য দিয়া, মণ্ডলীক কাৰ্য্যকাৰীৰূপে প্ৰভাৱিত কৰা আৰু ধৈৰ্য্য দেখুৱাৰ প্ৰতি অধ্যক্ষসকলে মূল্যাঙ্কন কৰা উচিত। উৎসাহেৰে কোৱা এষাৰ বাক্যই বৃদ্ধ ভাই-ভনীসকলক পবিত্ৰ সেৱাত “শ্লাঘাৰ কাৰণ” হʼবলৈ সহায় কৰিব। এইদৰে তেওঁলোকে বৰ্তমানে কৰা কাৰ্য্যক অতীতত হোৱা বা আনে কৰা কাৰ্য্যৰ সৈতে তুলনা নকৰিবলৈ প্ৰেৰিত কৰিব।—গালাতীয়া ৬:৪.

১৩. বৃদ্ধ ভাই-ভনীসকলৰ পৰা তেওঁলোকৰ অভিজ্ঞতা আৰু প্ৰতিভাবোৰৰ বিষয়ে জানিবলৈ অধ্যক্ষবিলাকে কি কৰিব পাৰে?

১৩ বৃদ্ধ ভাই-ভনীসকলে নিজৰ অভিজ্ঞতা আৰু প্ৰতিভাৰ দ্বাৰা আগবঢ়োৱা মূল্যৱান অৱদানৰ প্ৰতি অধ্যক্ষবিলাকে মূল্যাঙ্কন দেখুৱা উচিত। হয়তো অনুকৰণীয় বৃদ্ধসকলক কেতিয়াবা সাক্ষাতকাৰ বা প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ কৰিব পাৰে। এই বিষয়ে এজন অধ্যক্ষই এইদৰে কৈছে: “যেতিয়া মই কোনো বৃদ্ধ ভাই-ভনীক সাক্ষাতকাৰৰ বাবে মঞ্চলৈ মাতোঁ তেতিয়া শ্ৰোতাসকলে অতি মনোযোগেৰে তেওঁলোকৰ প্ৰতি ধ্যান দিয়ে।” আন এখন মণ্ডলীৰ এজন অধ্যক্ষই এইদৰে মন্তব্য দিছিল যে তেওঁৰ মণ্ডলীৰ এগৰাকী ৭১ বছৰীয়া ভনীয়ে ৰাজ্য প্ৰচাৰকবিলাকক নিয়মিতৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সহায় আগবঢ়াই আহিছে। তদুপৰি ভনীগৰাকীয়ে তেওঁলোকক “প্ৰাথমিক শিক্ষা” যেনে, নিতৌ বাইবেল আৰু দৈনিক পাঠ কৰাৰ উপৰিও সেইবোৰৰ বিষয়ে ধ্যান কৰিবলৈ উৎসাহিত কৰিছে।

১৪. প্ৰাচীন গোষ্ঠীত থকা আন এজন প্ৰাচীনে কেনেকৈ তেওঁৰ বৃদ্ধ সঙ্গী প্ৰাচীনজনৰ প্ৰতি মূল্যাঙ্কন দেখুৱালে?

১৪ সঙ্গী বৃদ্ধ অধ্যক্ষই আগবঢ়োৱা অৱদানৰ প্ৰতিও অন্য অধ্যক্ষবিলাকে মূল্যাঙ্কন কৰে। উদাহৰণস্বৰূপে, বহু বছৰ ধৰি অধ্যক্ষ হিচাবে সেৱা কৰি থাকা ৭১ বছৰীয়া যৌচ নামৰ ভাইজনৰ বিষয়ে বিবেচনা কৰক, তেওঁৰ অলপতে এটা ডাঙৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। যিহেতু আৰোগ্যমূখী অৱস্থাত থকাৰ বাবে তেওঁ মণ্ডলীৰ পৰিচালক অধ্যক্ষতাৰ দায়িত্ব ত্যাগ কৰিবলৈ বিচাৰিলে। কিন্তু আন প্ৰাচীনসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাল, সেই বিষয়ে তেওঁ এইদৰে কৈছে: “মই আন প্ৰাচীনসকলে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া দেখি অতি আচৰিত হলোঁ। তেওঁলোকে মই ৰাখা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰিৱৰ্তে একেৰাহে সেই দায়িত্ব বহন কৰিবলৈ মোক কেনে ব্যৱহাৰিক সাহায্যৰ আৱশ্যক, তাৰ বিষয়ে সুধিলে।” বৰ্তমান তেওঁক আন এজন ডেকা প্ৰাচীন ভায়ে সহায় কৰাৰ বাবে পৰিচালক অধ্যক্ষৰ দায়িত্বত থাকি আনন্দেৰে সেৱা কৰিবলৈ সক্ষম হৈছে আৰু ইয়ে মণ্ডলীলৈ আশীৰ্ব্বাদ কঢ়িয়াই আনিলে। তেওঁৰ এজন সঙ্গী প্ৰাচীনে এইদৰে কৈছে: “ভাই যৌচক পৰিচালক অধ্যক্ষ হিচাবে সেৱা কৰি থকা দেখি মণ্ডলীৰ ভাই-ভনীসকলে অতি কৃতজ্ঞ হৈছে। তেওঁলোকে তেওঁৰ অনুকৰণীয় উদাহৰণ আৰু অভিজ্ঞতাৰ বাবে তেওঁক আদৰ আৰু প্ৰেম কৰে। তেওঁৰ বাবে আমাৰ মণ্ডলীখন আধ্যাত্মিকভাৱে সমৃদ্ধিশালী হৈ পৰিল।”

পৰস্পৰে ইজনে সিজনৰ প্ৰতি যত্ন লোৱা

১৫. সকলো প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে কিয় বৃদ্ধ ভাই-ভনীসকলৰ প্ৰতি বিবেচনাশীল হোৱা উচিত?

১৫ কেৱল লʼৰা-ছোৱালীয়ে বৃদ্ধ পিতৃ-মাতৃক বা প্ৰাচীনসকলে মণ্ডলীৰ বৃদ্ধ ভাই-ভনীসকলৰ চোৱা-চিতা কৰাৰ দায়িত্ব আছে, এনে নহয় কিন্তু সকলোৱে এই দায়িত্ব পালন কৰা উচিত। খ্ৰীষ্টান মণ্ডলীক মানৱ শৰীৰৰ সৈতে তুলনা কৰি পাঁচনি পৌলে এইদৰে কৈছিল: “শৰীৰত যেন বিভেদ নহয়, বৰং অঙ্গ-প্ৰত্যঙ্গবোৰে পৰস্পৰে হিত চিন্তা কৰে, এই কাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি, শৰীৰ সংগঠিত কৰিলে।” (১ কৰিন্থীয়া ১২:২৪, ২৫) এতেকে খ্ৰীষ্টান মণ্ডলীয়ে একে সামঞ্জস্যত কাৰ্য্য কৰিবলৈ, বৃদ্ধ ভাই-ভনী আৰু প্ৰত্যেকজন বিশ্বাসী সঙ্গী সদস্যই ইজনে সিজনৰ কল্যাণৰ বাবে চিন্তা কৰা আৱশ্যক।—গালাতীয়া ৬:২.

১৬. মণ্ডলীৰ সভাবোৰত উপস্থিত হৈ আমি যে বৃদ্ধ ভাই-ভনীসকলৰ প্ৰতি বিবেচনাশীল, তাক কেনেকৈ দেখুৱাব পাৰোঁ?

১৬ বৃদ্ধ ভাই-ভনীসকলৰ প্ৰতি বিবেচনাশীল হোৱাৰ এক উত্তম সুযোগ আমি খ্ৰীষ্টান সভাবোৰত পাব পাৰোঁ। (ফিলিপীয়া ২:৪; ইব্ৰী ১০:২৪, ২৫) আমি এনে সুযোগবোৰত বৃদ্ধ ভাই-ভনীসকলৰ সৈতে কথোপকথন কৰিবলৈ সময় অতিবাহিত কৰোঁনে? তেওঁলোকৰ খা-খবৰ লোৱাৰ উপৰিও কোনো শাস্ত্ৰীয় পদৰ বিচাৰ-ধাৰা বা উৎসাহজনক অভিজ্ঞতাৰ বিষয়ে কোৱাৰ দ্বাৰা “আত্মিক বৰৰ ভাগী” হʼব পাৰিমনে? কিছুমান বৃদ্ধ ভাই-ভনীয়ে অধিককৈ চলা-ফুৰা কৰিব নোৱাৰিব পাৰে, গতিকে তেওঁলোকে আমাৰ ওচৰলৈ অহাটো অপেক্ষা কৰাৰ পৰিৱৰ্তে আমি নিজে তেওঁলোকৰ ওচৰলৈ যোৱাতো প্ৰেমপূৰ্বক কাৰ্য্য হʼব। যদি তেওঁলোকৰ কোনোবা এজনৰ শ্ৰৱণ শক্তি দুৰ্ব্বল তেন্তে আমি লাহে লাহে আৰু স্পষ্টকৈ কথা পতা উচিত। তদুপৰি যদি আমি “আন্তৰিক বিশ্বাসৰ দ্বাৰা” উৎসাহিত হʼব বিচাৰিছোঁ, তেন্তে বৃদ্ধ ভাই বা ভনীগৰাকীয়ে কোৱা কথাষাৰৰ প্ৰতি মনোযোগেৰে শুনা আৱশ্যক।—ৰোমীয়া ১:১১, ১২.

১৭. অসুখীয়া শৰীৰৰ বাবে কʼলৈকো অহা-যোৱা কৰিব নোৱাৰা বৃদ্ধ ভাই-ভনীসকলৰ প্ৰতি আমি কেনেকৈ বিবেচনাশীল হʼব পাৰোঁ?

১৭ সভাবোৰত উপস্থিত থাকিব নোৱাৰা কিছুমান বৃদ্ধ ভাই-ভনীৰ বিষয়ে কি কʼব পাৰি? যাকোব ১:২৭ পদত কৈছে যে, ‘মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱাটো’ হৈছে আমাৰ দায়িত্ব। আমি যেতিয়া বৃদ্ধ ভাই-ভনীসকলক চাবলৈ যাওঁ তেতিয়া তেওঁলোকে কিমান যে আনন্দিত হয়! উদাহৰণস্বৰূপে, প্ৰায় সা.যু. ৬৫ চনত যেতিয়া “বৃদ্ধ” পাঁচনি পৌলে বন্দী হিচাবে ৰোম চহৰত আছিল, তেতিয়া নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল। তেওঁ নিজৰ সহকৰ্ম্মী তীমথিয়ক দেখা কৰিবলৈ হাবিয়াহ কৰি এইদৰে লিখিছিল: “মোৰ ইয়ালৈ সোনকালে আহিবলৈ তুমি যত্ন কৰা।” (ফিলীমন  ৯; ২ তীমথিয় ১:৩, ৪; ৪:৯) কিছুমান বৃদ্ধ ভাই-ভনী যদিও বন্দী হিচাবে থকা নাই তথাপিও তেওঁলোকৰ অসুস্থ শৰীৰৰ বাবে কʼলৈকো অহা-যোৱা কৰিব নোৱাৰে। তেওঁলোকে হয়তো এইদৰে কʼব পাৰে: ‘অতি শীঘ্ৰেই আহি মোক যেন সাক্ষাৎ কৰে।’ আমি তেনে ধৰণৰ অনুৰোধৰ প্ৰতি অনতিপলমে সঁহাৰি জনাওঁনে?

১৮. বৃদ্ধ ভাই-ভনীসকলক সাক্ষাৎ কৰি কেনে লাভসমূহ পোৱা যায়?

১৮ কোনো বৃদ্ধ খ্ৰীষ্টান ভাই বা ভনীক সাক্ষাৎ কৰি পোৱা লাভসমূহক কেতিয়াও হেয়জ্ঞান নকৰিব। ৰোম চহৰত থকা অনীচিফৰ নামৰ ব্যক্তিজনে পাঁচনি পৌলক সাক্ষাৎ কৰিবলৈ অনেক প্ৰচেষ্টা কৰিছিল আৰু তেওঁক বিচাৰি পোৱাত ‘বাৰে বাৰে তেওঁৰ প্ৰাণ জুৰাইছিল।’ (২ তীমথিয় ১:১৬, ১৭) এগৰাকী বৃদ্ধা ভনীয়ে এইদৰে কয়: “মই সৰু লʼৰা-ছোৱালীবিলাকৰ সৈতে সময় অতিবাহিত কৰি অতি আনন্দিত হওঁ। তেওঁলোকে মোক পৰিয়ালৰ সদস্যৰ নিচিনাকৈ আচাৰ-ব্যৱহাৰ কৰে আৰু ইয়ে মোক উৎসাহিত কৰি তুলে।” আন এগৰাকী বৃদ্ধা ভনীয়ে এইদৰে কৈছে: “যেতিয়া কোনোবাই মোক ফোন কৰে বা সাক্ষাৎ কৰিবলৈ আহে অথবা শুভেচ্ছা কাৰ্ড পঠিয়াই তেতিয়া মই আন্তৰিকতাৰে তেওঁলোকক ধন্যবাদ জনাওঁ। তেওঁলোকৰ এনে কাৰ্য্যই মোৰ বাবে সতেজতা কঢ়িয়াই আনে।”

বৃদ্ধ ভাই-ভনীক চোৱা-চিতা কৰাসকলক যিহোৱাই আশীৰ্ব্বাদ দিয়ে

১৯. বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰাৰ দ্বাৰা কেনে আশীৰ্ব্বাদসমূহ পাব পাৰি?

১৯ বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰাৰ দ্বাৰা বহুতো আশীৰ্ব্বাদ পোৱা যায়। বৃদ্ধ ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰা, তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতা লোৱাটো হৈছে এক বিশেষাধিকাৰ। চোৱা-চিতা কৰি পোৱা অভিজ্ঞতাই আমালৈ এক প্ৰকাৰে আনন্দ কঢ়িয়াই আনে। আমাৰ বাবে এয়া যেন কোনো এক বহুমূলীয়া কাৰ্য্য সম্পন্ন কৰি পোৱা সন্তুষ্টি। তদুপৰি শাস্ত্ৰীয় দায়িত্ব পূৰণ কৰাৰ প্ৰতি জ্ঞাত হৈ আমি মানসিক শান্তি লাভ কৰোঁ। (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) আনহাতে, যিসকলে বৃদ্ধ ভাই-ভনীক চোৱা-চিতা কৰে তেওঁলোকে ভৱিষ্যতে অৰ্থাৎ তেওঁলোকৰ বৃদ্ধ অৱস্থাত কোনোবা এজনাৰ পৰা দুৰ্ব্যৱহাৰ পাবলগীয়া হʼব বুলি ভাবি কেতিয়াও ভয়ভিত নহয়। এই সম্পৰ্কে ঈশ্বৰৰ বাক্যই এইদৰে কৈছে: “দানশীল প্ৰাণী পৰিতৃপ্ত হয়, আৰু পানী ছটিয়াওঁতা জনে নিজেও পানীৰ ছাটি পায়।”—হিতোপদেশ ১১:২৫.

২০, ২১. যিসকলে বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰে তেওঁলোকক যিহোৱাই কেনে দৃষ্টিৰে চায় আৰু আমি কি সঙ্কল্প লোৱা উচিত?

২০ বৃদ্ধ ভাই-ভনীক চোৱা-চিতা কৰা ঈশ্বৰীলৈ ভয় ৰাখোঁতা লʼৰা-ছোৱালী, অধ্যক্ষ আৰু প্ৰকৃত খ্ৰীষ্টানৰ আন সদস্যসকলক যিহোৱাই বহুতো আশীৰ্ব্বাদ দিয়ে। এনে ধৰণে দেখুৱা মনোবৃত্তি এই শাস্ত্ৰীয় পদৰ সামঞ্জস্যত, যʼত এইদৰে কোৱা হৈছে: “যি জনে দৰিদ্ৰক কৃপা কৰে, তেওঁ যিহোৱাক ধাৰ দিয়ে; তেওঁ নিজ সৎকাৰ্য্যৰ পৰিশোধ কৰিব।” (হিতোপদেশ ১৯:১৭) যদি প্ৰেমে দৰিদ্ৰক কৃপা কৰিবলৈ আমাক প্ৰেৰিত কৰিছে তেন্তে ঈশ্বৰে ইয়াক তেওঁলৈ দিয়া ধাৰ হিচাবে দৃষ্টি কৰে আৰু তেওঁ সেই ধাৰ আশীৰ্ব্বাদসমূহৰ দ্বাৰা পৰিশোধ কৰে। তদুপৰি ‘সংসাৰত দৰিদ্ৰ কিন্তু বিশ্বাসত ধনৱন্ত’ বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰাৰ বাবেও আশীৰ্ব্বাদ দিয়ে।—যাকোব ২:৫.

২১ ঈশ্বৰে কিমান যে উদাৰভাৱে পৰিশোধ কৰে! যাৰ সৈতে অনন্তজীৱন জীয়াই থকাৰ আশীৰ্ব্বাদো সন্মিলিত আছে। এই পৃথিৱীত থকা বেছিভাগ যিহোৱাৰ উপাসকে পৰমদেশত চিৰকাললৈকে জীয়াই থাকিবলৈ সক্ষম হʼব আৰু তেওঁলোকৰ সকলো প্ৰকাৰৰ পাপ দূৰ কৰা হʼব। আনকি বিশ্বাসী বৃদ্ধ ভাই-ভনীসকলেও পুনৰাই নিজৰ যৌৱন অৱস্থা ঘূৰাই পাব। (প্ৰকাশিত বাক্য ২১:৩-৫) এতেকে আঁহক আমি সেই মহান দিনটো নহালৈকে নিৰন্তৰে বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰা দায়িত্বক পালন কৰি থাকোঁহঁক। (w04 5/15)

[ফুটনোট]

^ বৃদ্ধ পিতৃ-মাতৃক প্ৰতিপালন কৰা সম্বন্ধে দিয়া কিছুমান ব্যৱহাৰিক পৰামৰ্শ, ফ্ৰেব্ৰুৱাৰী ১, ১৯৯৪ চনৰ সচেতন! আলোচনীখনৰ ৩-১০ পৃষ্ঠাত চাওক।

আপুনি কেনেকৈ উত্তৰ দিব?

• লʼৰা-ছোৱালীবিলাকে নিজৰ বৃদ্ধ পিতৃ-মাতৃক কেনেকৈ সন্মান কৰিব পাৰে?

• অধ্যক্ষবিলাকে জাকটিত থকা বৃদ্ধ সদস্যসকলৰ প্ৰতি কেনেকৈ মূল্যাঙ্কন দেখুৱাব পাৰে?

• বৃদ্ধ ভাই-ভনীসকলৰ প্ৰতি আগ্ৰহী মনোভাৱ দেখুৱালৈ মণ্ডলীৰ প্ৰত্যেক জন খ্ৰীষ্টানে কি কৰিব পাৰে?

• বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰাৰ দ্বাৰা কেনে আশীৰ্ব্বাদসমূহ পাব পাৰি?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ বক্স]

তেওঁৰ পিতৃ-মাতৃক সহায়ৰ আৱশ্যক হোৱাত

ফিলীপে ১৯৯৯ চনত লাইবেৰিয়াত এজন স্বইচ্ছাৰে নিৰ্ম্মাণকৰ্ত্তাৰ কাম কৰি থকাৰ সময়ত তেওঁৰ দেউতাক গভীৰভাৱে অসুস্থ হোৱা বুলি জানিব পাৰিলে। মাকে অকলে সেই অৱস্থাৰ সম্মুখীন হʼব নোৱাৰিব বুলি জানি তেওঁ ঘৰলৈ উভটি গৈ দেউতাকক চিকিৎসালয়লৈ নিবলৈ নিৰ্ণয় ললে।

ফিলীপে কয় যে, “ঘৰলৈ উভটি যাবলৈ নিৰ্ণয় লোৱাটো মোৰ বাবে ইমান সহজ নাছিল, কিন্তু তথাপিও মই মোৰ পিতৃ-মাতৃক চোৱাৰ দায়িত্বক প্ৰমুখ বুলি ভাবিছিলোঁ।” তিনি বছৰৰ ভিতৰত তেওঁ নিজৰ মাক-দেউতাকক সুবিধাজনক ঘৰলৈ আনিলে আৰু স্থানীয় খ্ৰীষ্টান সঙ্গীসকলৰ সহায়ত তেওঁৰ দেউতাকৰ বিশেষ আৱশ্যকতাৰ সৈতে জীৱন-যাপন কৰিব ধৰিলে।

ফিলীপৰ মাকে এতিয়া তেওঁৰ দেউতাকৰ গভীৰ শাৰীৰিক সমস্যাৰ সৈতে সম্মুখীন হʼবলৈ ভালকৈ প্ৰস্তুত হʼল। অলপতে ফিলীপে মেচিডোনিয়াত যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ত স্বেচ্ছাকৰ্মী হিচাবে কাৰ্য্য কৰিবলৈ দিয়া আমন্ত্ৰণ গ্ৰহণ কৰাত সক্ষম হয়।

[১৭ পৃষ্ঠাৰ বক্স]

এখন মণ্ডলীয়ে এগৰাকী বৃদ্ধা ভনীৰ আৱশ্যকতাসমূহ পূৰণ কৰা

অষ্ট্ৰেলিয়াত বাস কৰা আডে নামৰ এগৰাকী ৮৫ বছৰীয়া ভনীয়ে অসুস্থ শৰীৰৰ বাবে তাই ঘৰতে থাকিবলগীয়া হৈছিল। সেইবাবে মণ্ডলীৰ প্ৰাচীনসকলে তাইক সহায় কৰিবলৈ প্ৰবন্ধ কৰিলে। তেওঁলোকে বিশ্বাসী সঙ্গী ভাই-ভনীৰ এনে এটা সমূহ গঠন কৰিলে যিসকলে বৃদ্ধা ভনীগৰাকীক সহায় কৰিব পাৰে। সেই ভাই-ভনীসকলে বৃদ্ধা ভনীগৰাকীক সহায় কৰা, যেনে, ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰা, কাপোৰ ধোৱা, ৰন্ধা-বঢ়া আৰু বজাৰ বা বৃদ্ধা ভনীগৰাকীয়ে কোৱা ঠাইলৈ গৈ কোনো বস্তু বা দৰব-পাতি অনা আদি কাৰ্য্য কৰিবলৈ পাই আনন্দিত হৈছিল।

এনে সাহায্য প্ৰায় ১০ বছৰৰ পূৰ্বেই আৰম্ভ হৈছিল। এতিয়ালৈকে ৩০ গৰাকী যিহোৱাৰ সাক্ষী ভাই-ভনীয়ে আডেক সহায় কৰিলে। তেওঁলোকে একেৰাহে ভনীগৰাকীৰ বাবে বাইবেল আধাৰিত আলোচনী পঢ়া, মণ্ডলীত হোৱা আধ্যাত্মিক উন্নতিৰ সংবাদ দিছিল আৰু ভনীগৰাকীৰ সৈতে নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিছিল।

এজন স্থানীয় প্ৰাচীনে এইদৰে মন্তব্য দিয়ে: “আডেক চোৱা-চিতা কৰা ভাই-ভনীসকলে তাইক সহায় কৰিবলৈ পোৱাটো এক আনন্দৰ কাৰ্য্য বুলি বিবেচনা কৰিছিল। কেইবা দশকজুৰি বৃদ্ধা ভনীগৰাকীয়ে বিশ্বাসী হৈ যিহোৱাক সেৱা কৰা কাৰ্য্যই বহুতকে প্ৰেৰিত কৰিলে আৰু তেওঁলোকৰ বাবে বৃদ্ধা ভনীগৰাকীৰ আৱশ্যকতাক পূৰণ নকৰাটো অসম্ভৱ আছিল।”

[১৬ পৃষ্ঠাৰ ছবিসমূহ]

মণ্ডলীৰ সকলো প্ৰকৃত খ্ৰীষ্টানে বৃদ্ধ সঙ্গী ভাই-ভনীসকলৰ প্ৰতি প্ৰেম দেখুৱা উচিত