Skip to content

Skip to table of contents

সৃষ্টিয়ে ঈশ্বৰৰ মহিমা কৰে!

সৃষ্টিয়ে ঈশ্বৰৰ মহিমা কৰে!

সৃষ্টিয়ে ঈশ্বৰৰ মহিমা কৰে!

“গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়।”—গীত ১৯:১.

১, ২. (ক) মানুহে ঈশ্বৰক কিয় পোনপটীয়াকৈ দৃষ্টি কৰিব নোৱাৰে? (খ) ২৪ জন বৃদ্ধলোকে কেনেকৈ ঈশ্বৰক মহিমা দিছে?

 “তু মি মোৰ মুখ দেখা পাব নোৱাৰা; কাৰণ মানুহে মোক দেখিলে নিজীব।” (যাত্ৰাপুস্তক ৩৩:২০) এইদৰে যিহোৱাই মোচিক সতৰ্ক কৰিছিল। কিয়নো মানুহক দুৰ্ব্বল শৰীৰেৰে সৃষ্টি কৰা হৈছে, সেয়েহে ঈশ্বৰৰ মহিমাক পোনপটীয়াকৈ দৃষ্টি কৰি মানুহে জীৱিত থাকিব নোৱাৰে। যিহেতু পাঁচনি যোহনক এটা বিস্ময়কৰ দৰ্শন দিয়া হৈছিল, যʼত যিহোৱাই নিজৰ মহিমাৰ সিংহাসনত বহি আছিল।—প্ৰকাশিত বাক্য ৪:১-৩.

আনহাতে মানুহৰ বিপৰীতে আনুগত্য আত্মিক প্ৰাণীবোৰে যিহোৱাৰ মুখমণ্ডল চাব পাৰে। পাঁচনি যোহনে দেখা স্বৰ্গীয় দৰ্শনত, তেওঁলোকৰ মাজত ১,৪৪,০০০ জন অভিষিক্ত লোকক প্ৰতিনিধিত্ব কৰা “চৌবিশ জন বৃদ্ধলোক” আছিল। (প্ৰকাশিত বাক্য ৪:৪; ১৪:১-৩) ঈশ্বৰৰ মহিমাক দৃষ্টি কৰি তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? প্ৰকাশিত বাক্য ৪:১১ পদৰ অনুসাৰে তেওঁলোকে এইদৰে কয়: “হে আমাৰ [যিহোৱা, NW] ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।”

কিয় “উত্তৰ দিবলৈ ঠাই নাপায়”

৩, ৪. (ক) ঈশ্বৰক বিশ্বাস কৰাটো কিয় অবৈজ্ঞানীক বিষয় নহয়? (খ) কিছুমান ক্ষেত্ৰত ঈশ্বৰক বিশ্বাস নকৰাৰ কাৰণ কি?

আপুনি ঈশ্বৰৰ মহিমা কৰিবলৈ প্ৰেৰিত হয়নে? মানৱজাতিৰ বেছিসংখ্যকে নহয় কিন্তু তেওঁলোকৰ কিছুমানেহে ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰে। উদাহৰণস্বৰূপে, এজন জ্যোতিৰ্বিদে এইদৰে লিখিছিল: “আমাৰ লাভৰ বাবে ঈশ্বৰে নিজেই আগবাঢ়ি আৰু দূৰদৃষ্টিসম্পন্নতাৰে সুশৃঙ্খলভাৱে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰা নাইনে? . . . এইটো সঁচাকৈ এক আনন্দজনক আবিষ্কাৰ। দুৰ্ভাগ্যৰ বিষয় এই যে মই এনে সৃষ্টি ঈশ্বৰৰ দ্বাৰা হৈছে বুলি কোৱা কথাষাৰ মোৰ বাবে ভ্ৰমাত্মকজনক। . . . ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰা কথাষাৰ মোৰ বাবে সন্তুষ্টিজনক বিৱৰণী নহয়।”

বৈজ্ঞানিক সীমিত অধ্যয়ন অৰ্থাৎ মানুহে সাধাৰণতে যিটো প্ৰকৃততে লক্ষ্য বা অধ্যয়ন কৰে, সেয়া হৈছে সীমিত। আনহাতে সেইটো কল্পনা কৰি দিয়া বিশ্লেষণ। যিহেতু ‘ঈশ্বৰ আত্মা,’ গতিকে বৈজ্ঞানিক পদ্ধতিৰে তেওঁৰ বিষয়ে অধ্যয়ন কৰাটো অসম্ভৱ। (যোহন ৪:২৪) সেয়েহে ঈশ্বৰক বিশ্বাস কৰা বিষয়টো অবৈজ্ঞানিক বুলি কৈ প্ৰত্যাখ্যান কৰাটো অভিমানীৰ বিষয় হʼব। কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ উইনচেন্ট্‌ উইগলেছ্‌ৱৰ্থ নামৰ এজন বৈজ্ঞানিকে এইদৰে মন্তব্য দি কয় যে, বৈজ্ঞানিক পদ্ধতি স্বয়ং “এক ধৰ্ম্মীয় বিশ্বাসৰ ওপৰত আধাৰিত।” সেইটো কেনেকৈ? “এই বৈজ্ঞানিক পদ্ধতি দৃঢ় বিশ্বাসৰ ওপৰত আধাৰিত যে ‘প্ৰকৃতিৰ নিয়মসমূহৰ’ বাবে এনে স্বাভাৱিক ঘটনা ঘটিছে।” এতেকে যেতিয়া এজনে ঈশ্বৰক বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰে তেতিয়া সেইটো সাধাৰণভাৱে কেৱল এটাৰ বাবে আনটো বিশ্বাসৰ সলনি কৰা নহয়নে? কিছুমান ক্ষেত্ৰত ঈশ্বৰক বিশ্বাস নকৰাটো হৈছে ইচ্ছাকৃতভাৱে সত্যক অগ্ৰাহ্য কৰা। এই বিষয়ে গীতমালাৰ ৰচোঁতাই এইদৰে লিখিছিল: “দুষ্টই গৰ্ব্ব কৰি কয়, তেওঁ বিচাৰ নকৰিব; ‘ঈশ্বৰ নাই,’ এয়ে তাৰ সকলো চিন্তা।”—গীত ১০:৪.

৫. ঈশ্বৰক বিশ্বাস নকৰাসকলে কিয় উত্তৰ দিবলৈ ঠাই নাপাব?

ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে যদিও বহুতে বিহ্বল কৰি তুলাৰ প্ৰমাণ আছে তথাপিও বিশ্বাস কৰাটো কোনো অৰ্থহীন নহয়। (ইব্ৰী ১১:১) এলেন চেনডেজ্‌ নামৰ এজন জ্যোতিৰ্বিদে এইদৰে কৈছিল: “[বিশ্বব্ৰহ্মাণ্ডখন] শূন্য অৱস্থাৰ পৰা এনে সুব্যৱস্থিতভাৱে অস্তিত্বলৈ অহা বিষয়টোক মই সচাঁ বুলি নাভাবো। ইয়াক নিশ্চয়ে সুব্যৱস্থিতভাৱে কোনোবাই কৰিলে। মোৰ বাবে ঈশ্বৰ যদিও ৰহস্যপূৰ্ণ, কিন্তু যিয়েই নহওক ঈশ্বৰে এই সকলোবোৰক সৃষ্টি কৰিলে।” পাঁচনী পৌলে ৰোম চহৰত থকা খ্ৰীষ্টানসকলক উদ্দেশ্য কৰি কৈছিল যে, “সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায়, এই কাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ, জগতৰ সৃষ্টিকালেৰে পৰা তেওঁৰ নানা কাৰ্য্যত বোধগম্য হৈ, স্পষ্টকৈ দেখা গৈছে।” (ৰোমীয়া ১:২০) “জগতৰ সৃষ্টিকালৰে পৰা” অৰ্থাৎ বুদ্ধিসম্পন্ন মানৱজাতিক সৃষ্টি কৰা সময়ৰে পৰা কোনে ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে সঠিককৈ কʼব পাৰিলে—ইয়ে এই কথাৰ প্ৰমাণ দিয়ে যে সৃষ্টিকৰ্ত্তা হৈছে অসীম শক্তিমান আৰু তেৱেঁই উপাসনাৰ বাবে উপযুক্ত ঈশ্বৰৰ। গতিকে ঈশ্বৰৰ মহিমাৰ বিষয়ে বুজাত বিফল হোৱা সকলে উত্তৰ দিবলৈ ঠাই নাপাব। সৃষ্টিয়ে ঈশ্বৰৰ মহিমাৰ কেনে প্ৰমাণ দাঙি ধৰিছে?

বিশ্বব্ৰহ্মাণ্ডই ঈশ্বৰৰ মহিমা কৰে

৬, ৭. (ক) আকাশ-মণ্ডলে কেনেকৈ ঈশ্বৰৰ মহিমা কৰে? (খ) কি উদ্দেশ্যৰে আকাশ-মণ্ডলে নিজৰ ‘পৰিমাণ-জৰী’ পঠিয়ালে?

গীত ১৯:১ পদত এইদৰে উত্তৰ দিছে: “গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়।” ৰজা দায়ূদে উপলব্ধি কৰি কৈছিল যে তৰাসমষ্টি আৰু গ্ৰহ-নক্ষত্ৰসমূহৰ দ্বাৰা ঈশ্বৰৰ “কৰ্ম্ম” বা বায়ুমণ্ডলে তেওঁৰ মহিমাযুক্ত অস্তিত্বৰ এনে অখণ্ডনীয় প্ৰমাণ দাঙি ধৰে। আগলৈ দায়ূদে এইদৰে কৈছিল: “দিনে দিনৰ আগত কথা কয়; ৰাতিয়ে ৰাতিৰ আগত জ্ঞান প্ৰচাৰ কৰে।” (গীত ১৯:২) দিনৰ পিছত দিন ধৰি আৰু ৰাতিৰ পিছত ৰাতি ধৰি আকাশ-মণ্ডলে ঈশ্বৰৰ অগম্য বুদ্ধি আৰু তেওঁৰ সৃষ্টিশক্তি প্ৰকাশ কৰি আহিছে। এইবোৰে যেন আকাশৰ পৰা শুনিব পৰাকৈ “কথা কৈ” ঈশ্বৰৰ স্তুতি কৰিছে।

আকাশে যে ঈশ্বৰৰ স্তুতি কৰিছে, তাক শুনিবলৈ বিচাৰশক্তিৰ আৱশ্যক। “বাক্য নাই ভাষাও নাই; তাৰ মাত শুনা নাযায়।” আকাশ-মণ্ডলে দিয়া নিমাত প্ৰমাণসমূহ বাস্তৱতে শক্তিশালী। “তাৰ পৰিমাণ-জৰী গোটেই পৃথিবীলৈ ওলাই গল; তাৰ বাক্য জগতৰ সীমালৈকে ব্যাপি গল।” (গীত ১৯:৩, ৪) এই আকাশ-মণ্ডলে নিশ্চিত কৰিছে যে তাৰ ‘পৰিমাণ-জৰী’ ওলাই গৈ পৃথিৱীৰ প্ৰত্যেকটো চুকত যেন নিমাতে সাক্ষী দিয়ে।

৮, ৯. আমাৰ সূৰ্য্যটোৰ সম্পৰ্কে থকা কিছুমান উল্লেখনীয় বাস্তৱতা কি?

তাৰ পিছত দায়ূদে যিহোৱা ঈশ্বৰৰ সৃষ্টিৰ আন আশ্চৰ্য্যসমূহক এইদৰে বৰ্ণনা কৰিছে: “তেওঁ তাৰ [দেখি পোৱা আকাশখনৰ] মাজত সূৰ্য্যৰ নিমিত্তে তম্বু স্থাপন কৰিলে। সেই সূৰ্য্য নিজৰ শোৱা কোঠালিৰ পৰা ওলোৱা দৰাৰ নিচিনা; সেয়ে বীৰৰ নিচিনাকৈ নিজ পথত লৰ মাৰিবলৈ আনন্দ কৰে। সেয়ে আকাশ-মণ্ডলৰ ইমূৰৰ পৰা উদয় হৈ ঘূৰি তাৰ সিমূৰ পায়গৈ; তাৰ তাপ নোপোৱাকৈ কোনো বস্তু লুকাই নাথাকে।”—গীত ১৯:৪-৬.

আন তৰাবোৰৰ তুলনাত আমাৰ সূৰ্য্যটো হৈছে কেৱল এটা মজলীয়া আকৃতিৰ তৰা। তথাপিও ই হৈছে এটা উল্লেখনীয় তৰা, যাৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গ্ৰহবোৰ অতি সৰু যেন দেখা যায়। এটা সূত্ৰই এইদৰে কৈছে যে, সূৰ্য্যতেই আমাৰ সৌৰজগতৰ ২০২৭ (২ অৰ পিছত সাতাইশটা শূন্য)—৯৯.৯ শতাংশ ভৰ থূপ খাই আছে! সূৰ্য্যৰ মহাকৰ্ষণ শক্তিয়ে পৃথিৱীখনক ১৫ কোটি কিলোমিটাৰ (১৫০×১০ কি.মি.) দূৰত্বত ইয়াৰ নিজ কক্ষপথত আঁতৰি যাব বা কাষলৈ আহিব নোৱাৰাকৈ ধৰি ৰাখিছে। সূৰ্য্যই বিকিৰণ কৰা মুঠ শক্তিৰ ২০০ কোটি ভাগৰ এভাগহে মাত্ৰ পৃথিৱীখনত পৰেহি। আমাৰ জীৱনটোক জীয়াই ৰাখিবলৈ ইমান শক্তিয়েই যথেষ্ট।

১০. (ক) সূৰ্য্যটো কেনেকৈ ‘তম্বুৰ’ ভিতৰলৈ যায় আৰু বাহিৰলৈ আহে? (খ) ই কেনেকৈ এজন “বীৰৰ” দৰে দৌৰ মাৰে?

১০ গীতমালাৰ লিখকে সূৰ্য্যটোক লাক্ষণিক ভাষাৰে বৰ্ণনা কৰি এজন “বীৰৰ নিচিনা” বুলি উল্লেখ কৰিছে, যিজনে দিনটোৰ সময়ত দিগন্তৰ এটা মূৰৰ পৰালৈ আন মূৰলৈ লৰ মাৰি যায় আৰু নিশাটোৰ সময়ত ‘তম্বুত’ থাকে। এই শক্তিশালী তৰাটোৱে যেতিয়া পৃথিৱীৰ দিগন্তত ডুব যায় তেতিয়া ই যেন ‘তম্বুত’ জিৰণি লবলৈ গুচি যায়। ৰাতিপুৱা আকস্মিকভাৱে “নিজৰ শুৱা কোঠালিৰ পৰা ওলোৱা দৰাৰ নিচিনা” দীপ্তিময়ৰূপে উলাই আহে। মেৰৰখীয়া হোৱা হেতুকে দায়ূদে নিশা অতিপাত চেঁচা পৰাৰ বিষয়ে জানিছিল। (আদিপুস্তক ৩১:৪০) তেওঁ সুঁৱৰি কৈছিল যে সূৰ্য্যৰ ৰশ্মিয়ে কেনেকৈ তেওঁক আৰু তেওঁৰ চাৰিওকাষে থকা গছ-গছনি, চৰাই-চিৰিকতি, পাহাৰ, টিলা আদিক তাপ দিয়ে। দৰাচলতে সূৰ্য্যটোৱে এজন “বীৰৰ” দৰে ক্লান্ত নহৈ পূবৰ পৰা পশ্চিমলৈ বাৰে বাৰে ‘যাত্ৰা’ কৰিবলৈ সাজু থাকে।

আশ্চৰ্য্যজনক তৰা আৰু নীহাৰিকা মণ্ডল

১১, ১২. (ক) বাইবেলত তৰাবোৰৰ সংখ্যা সাগৰৰ তীৰত থকা বালিৰ সৈতে তুলনা কৰাৰ বৈশিষ্ট্যতা কি? (খ) বিশ্বব্ৰহ্মাণ্ডখন কিমান বিস্তাৰিত হʼব পাৰে?

১১ দূৰবীক্ষণৰ অবিহনে খালী চকুৰে দায়ূদে কেৱল কেই হাজাৰমান তৰাহে চাব পাৰিছিল। যিহেতু অলপতে কৰা এটা অধ্যয়নৰ অনুসাৰে বিশ্বব্ৰহ্মাণ্ডত দূৰবীক্ষণ যন্ত্ৰৰে দেখি পোৱা তৰাৰ সংখ্যা হৈছে ৭০ চেক্সটিলীয়ন—সাতৰ পিছত বাইশটা শূন্য! যিহোৱা ঈশ্বৰে এই অবুজ পৰিমাণৰ তৰাসমষ্টিৰ সংখ্যক “সাগৰৰ তীৰত থকা বালিৰ” সৈতে তুলনা কৰিছে।—আদিপুস্তক ২২:১৭.

১২ জ্যোতিৰ্বিদসকলে বহু বছৰ ধৰি অধ্যয়ন কৰাৰ পিছটো “ক্ষুদ্ৰ জ্যোতিময় অঞ্চলৰ সৈতে থকা এক অস্পষ্ট ক্ষেত্ৰ, যাৰ আকৃতিক নিৰ্দ্ধাৰণ কৰিব নোৱাৰি” বুলি বৰ্ণনা কৰিছিল। বৈজ্ঞানিসকলে ইয়াক আমাৰ হাতীপটিত থকা “চাকনৈয়া নীহাৰিকাৰ” ভিতৰি অংশ বুলি অনুমান কৰিছিল। একেবাৰে কাষৰ নীহাৰিকা যেনে, এণ্ড্ৰʼমিডা তাৰকাৰাজ্যক অধ্যয়ন কৰি ১৯২৪ চনতহে আৱিষ্কাৰ কৰিব পাৰিলে যে আচলতে সেইটো হৈছে এটা হাতীপটি যি প্ৰায় ২০ লাখ আলোকবৰ্ষ দূৰৈত অৱস্থিত! বৰ্তমান সময়ত বৈজ্ঞানিকসকলে অনুমান কৰিছে যে বিশ্বব্ৰহ্মাণ্ডত কেইবাশ কোটি তাৰকাৰাজ্য আছে। প্ৰত্যেকটো তাৰকাৰাজ্য অগণন তৰাৰে গঠিত। তথাপিও যিহোৱা ঈশ্বৰে “তৰাবোৰৰ লেখ লয়; তেওঁ সেইবোৰক নাম ধৰি ধৰি মাতে।”—গীত ১৪৭:৪.

১৩. (ক) নক্ষত্ৰ মণ্ডলৰ বৈশিষ্ট্যতা কি? (খ) বৈজ্ঞানিকসকলে “আকাশ-মণ্ডল নিয়মবোৰ” যে নাজানে তাৰ কেনে প্ৰমাণ আছে?

১৩ যিহোৱা ঈশ্বৰে ইয়োবক এইদৰে সুধিছিল: “তুমি জানো কৃত্তিকা নক্ষত্ৰ হাৰ গাঁথিব পাৰা? বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা?” (ইয়োব ৩৮:৩১) এটা তাৰকা মণ্ডলত থকা তৰাসমূহ এক বিশিষ্ট আকৃতিত থাকিব পাৰে। তাৰাবোৰ যদিও এটা আনটোৰ পৰা বহু দূৰত্বত তথাপিও সেইবোৰ পৃথিৱীৰ বক্ৰৰেখাৰ পৰা আনুপাতিকভাৱে নিজৰ অৱস্থানত স্থিৰ হৈ আছে। সেইবিলাকৰ অৱস্থান অধিক মূল্যৱান, সেয়েহে তৰাবোৰে “নাবিকক দিশ নিয়ন্ত্ৰণ, মহাকাশচাৰীক মহাকাশযানৰ দিশ নিৰ্ণয় আৰু কোনো এটা বিশেষ তৰাক চিনি পোৱাত পথ-প্ৰদৰ্শক হিচাবে সহায় কৰে।” (দ্য এনচাইক্লোপিডিয়া আমেৰিকানা) আজিলৈকে কোনেও নক্ষত্ৰ মণ্ডলক একেলগ কৰি ৰাখা সেই ‘বান্ধৰ’ বিষয়ে সম্পূৰ্ণকৈ বুজিব পৰা নাই। ইয়োব ৩৮:৩৩ পদত “তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে?” বুলি কৰা প্ৰশ্নটোৰ উত্তৰ বৈজ্ঞানিকসকলে এতিয়াও দিব পৰা নাই।

১৪. পোহৰে কেনেকৈ গতি কৰে, এই বিষয়ে কিয় এতিয়াও ৰহস্য হৈ আছে?

১৪ যিহোৱা ঈশ্বৰে ইয়োবক কৰা আন এটা প্ৰশ্নৰো উত্তৰ বৈজ্ঞানিকসকলে দিব নোৱাৰে, যʼত এইদৰে সুধিছিল: “কি নিয়মেৰে পোহৰ ভাগ বঁটা হৈছে?” (ইয়োব ৩৮:২৪) এজন লিখকে পোহৰৰ সম্বন্ধে কৰা এই প্ৰশ্নক “আধুনিক বৈজ্ঞানিকৰ এক উল্লেখনীয় প্ৰশ্ন” বুলি কʼলে। অতীতৰ গ্ৰীক দাৰ্শনিকসকলে পোহৰ মানুহৰ চকুৰ পৰা নিৰ্গত হয় বুলি কৰা কল্পনাৰ বিপৰীতে আধুনিক সময়ৰ বৈজ্ঞানিকসকলে ভাবিছিল যে পোহৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত। আনসকলে ভাবিছিল যে পোহৰে ঢৌৰ দৰে গতি কৰে। বৰ্তমান সময়ৰ বৈজ্ঞানিকসকলে বিশ্বাস কৰে যে পোহৰে ঢৌ আৰু কণিকা এই উভয় মাধ্যমেৰে গতি কৰে। এই পোহৰৰ চৰিত্ৰ আৰু কেনেকৈ ইয়াক “ভাগ বঁটা হৈছে,” সেই বিষয়ে এতিয়াও বুজিব পৰা নাই।

১৫. আমি আকাশ-মণ্ডলৰ বিষয়ে মনোযোগেৰে বিবেচনা কৰি দায়ূদৰ দৰে কেনেদৰে অনুভৱ কৰা উচিত?

১৫ এই সকলোৰে বিষয়ে চিন্তা কৰি এজন ব্যক্তিয়ে কেৱল গীতমালৰ লিখক দায়ূদৰ দৰে কʼবলৈ প্ৰেৰিত হয়: “যেতিয়া মই তোমাৰ হাতে কৰা আকাশ-মণ্ডল, তুমি নিৰূপণ কৰা চন্দ্ৰ আৰু তৰাবোৰৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই কওঁ, মানুহ নো কি, তুমি যে তাক সোঁৱৰণ কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তাৰ বুজ-বিচাৰ লোৱা?”—গীত ৮:৩, ৪.

পৃথিৱী আৰু ইয়াত থকা সৃষ্টিবোৰে যিহোৱাৰ মহিমা কৰে

১৬, ১৭. ‘অগাধ জলসমূহৰ’ গভীৰতাত থকা সৃষ্টিসমূহে কেনেকৈ যিহোৱা ঈশ্বৰৰ স্তুতি কৰে?

১৬ গীত ১৪৮ অধ্যায়ত সৃষ্টিয়ে ঈশ্বৰক মহিমা কৰা আন এক প্ৰণালী দাঙি ধৰিছে। সেই অধ্যায়ৰ ৭ পদত এইদৰে কৈছে: “হে নাগবিলাক আৰু সকলো অগাধ জলসমূহ . . . যিহোৱাৰ নামৰ প্ৰশংসা কৰক।” প্ৰকৃততে ‘অগাধ জলসমূহত’ থকা আশ্চৰ্য্যবোৰে ঈশ্বৰৰ বুদ্ধি আৰু শক্তি প্ৰকাশ কৰে। উদাহৰণস্বৰূপে, এটা নীলা তিমিৰ ওজন হৈছে ১২০ টন অৰ্থাৎ ৩০ টা হাতীৰ সমান! ইয়াৰ হৃৎপিণ্ডৰ ওজন হৈছে ৪৫০ কিলোগ্ৰাম আৰু এই হৎপিণ্ডই ইয়াৰ গোটেই শৰীৰত প্ৰায় ৬,৪০০ কিলোগ্ৰাম তেজ পাম্প কৰিব পাৰে! এই বৃহৎ আকাৰৰ প্ৰাণীটো পানীত ধীৰ আৰু লেহেম গতিৰে চলন-ফুৰণ কৰেনে? অৱশ্যেই নকৰে! এই বিষয়ে ইউৰোপত তিমিগণীয় প্ৰাণীক জধে-মধে চিকাৰ কৰাটো বন্ধ কৰিবলৈ চলোৱা অভিযানৰ এখন ৰিপোৰ্টে এইদৰে কৈছে যে সেইবোৰে দ্ৰুত গতিত “সমুদ্ৰৰ চাৰিওফালে ঘূৰি ফুৰে।” কৃত্ৰিম উপগ্ৰহৰ জড়িয়তে নিৰীক্ষণ কৰি পোৱা তথ্যই দেখুৱাইছে যে, “এটা নীলা তিমিয়ে ১০ মাহত ৬,০০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অভিগমন কৰে।

১৭ সাধাৰণতে বটল-নʼজড্‌ ডলফিনে পানীত ৪৫ মিটাৰ গভীৰতালৈ বুৰ মাৰে, কিন্তু অধিক গভীৰতালৈ বুৰ মাৰা অভিলেখে দেখুৱাইছে যে এটা ডলফিনে ৫৪৭ মিটাৰ পৰ্য্যন্ত বুৰ মাৰিব পাৰে! ইমান গভীৰতালৈ বুৰ মাৰি কেনেকৈ এই স্তন্যপায়ী প্ৰাণীটোৱে জীয়াই থাকিব পাৰে? পানীত বুৰ মৰাৰ সময়ত ডলফিনৰ হৃৎস্পন্দন ধীৰ আৰু ইয়াৰ তেজ হৃদয়, কলিজা আৰু মগজুত বিভক্ত হৈ যায়। তদুপৰি ইয়াৰ মাংসপেশীত থকা এবিধ ৰাসায়নিক পদাৰ্থই অক্সিজেন জমা কৰি ৰাখে। হস্তী চীল আৰু স্পাৰ্ম তিমি ইয়াতকৈ অধিক গভীৰলৈ বুৰ মাৰিব পাৰে। ডিস্ক্‌ভাৰী আলোচনীত এইদৰে কৈছে যে এইবিলাকে “চাপক বাধা দিয়াৰ পৰিৱৰ্তে, সেই চাপে সিহঁতৰ হাঁও-ফাঁও সম্পূৰ্ণকৈ সংকুচিত কৰে।” সিহঁতৰ দেহৰ মাংসপেশীত আৱশ্যকীয় হোৱা অক্সিজেন সংগ্ৰহ কৰি ৰাখিব পাৰে। ঈশ্বৰ যে বুদ্ধিসম্পন্ন আৰু সকলোতকৈ শক্তিশালী এই জীৱন্ত প্ৰমাণসমূহে স্পষ্টকৈ নেদেখুৱাইনে বাৰু!

১৮. সমুদ্ৰৰ পানীত কেনেকৈ যিহোৱা ঈশ্বৰৰ বুদ্ধি দেখিবলৈ পোৱা যায়?

১৮ আনকি সমুদ্ৰৰ পানীতো যিহোৱাৰ বুদ্ধি দেখিবলৈ পোৱা যায়। এই বিষয়ে চাইন্টিফিক্‌ আমেৰিকানাই, এইদৰে কয়: “সমুদ্ৰৰ ১০০ মিটাৰ ওপৰিভাগত থকা পানীৰ প্ৰত্যেকটো টুপালত হাজাৰ হাজাৰ অণুবীক্ষণিক উদ্ভিদ অৰ্থাৎ উদ্ভিদপ্লৱক উপঙি থাকে।” এই “অদৃশ্য অৰণ্যই” আমাৰ বায়ুৰ পৰা কোটি কোটি টন এঙ্গাৰ গেছ (কাৰ্বণ ডাই-অক্সাইড্‌) গ্ৰহণ কৰি বায়ু পৰিষ্কাৰ কৰে। উদ্ভিদপ্লৱকে আমি উশাহ লোৱা আধাতকৈ অধিক মাত্ৰত অক্সিজেন উৎপন্ন কৰে।

১৯. অগ্নি আৰু হিমে কেনেকৈ যিহোৱাৰ উদ্দেশ্য সম্পন্ন কৰে?

১৯ গীত ১৪৮:৮ পদত এইদৰে কৈছে: “হে আগ্নি আৰু শিলাবৃষ্টি, হিম আৰু ভাপ, যিহোৱাৰ বাক্য সিদ্ধ কৰোঁতা হে ধুমুহা বতাহ।” দৰাচলতে যিহোৱাই নিজৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ নিষ্প্ৰাণ প্ৰকৃতিক শক্তিবোৰৰো ব্যৱহাৰ কৰে। অগ্নিৰ বিষয়ে বিবেচনা কৰক। পিছৰ দশকবোৰক অৰণ্যত হোৱা অগ্নিকাণ্ডক কেৱল ধ্বংসাত্মক বুলি দৃষ্টি কৰা হৈছিল। কিন্তু এতিয়াৰ সময়ৰ অনুসন্ধানকাৰীসকলে বিশ্বাস কৰে যে জুয়ে মৰি যোৱা পুৰণি গছ-গছনিক ভষ্মভূত, বহুতো নতুন বীজৰ অঙ্কুৰণ, পুষ্টিকসাধক দ্ৰব্যক পুনৰাই ঘূৰাই অনা আৰু বন জুইৰ বিপদতাক হ্ৰাস কৰাত এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক ভূমিকা আদায় কৰে। হিম পৰাটো অতি আৱশ্যক, কিয়নো ইয়াৰ ফলত ভূমিয়ে পানী পায় উৰ্বৰতা বৃদ্ধি, নদীৰ পানী বাঢ়ে, গছ-গছনি আৰু জীৱ-জন্তু অত্যন্ত চেঁচাৰ পৰা ৰক্ষা পায়।

২০. পৰ্ব্বত আৰু গছ-গছনি মানুহৰ বাবে কেনেকৈ লাভজনক?

২০ গীত ১৪৮:৯ পদত এইদৰে বৰ্ণনা কৰিছে: “হে গিৰি আৰু পৰ্ব্বতবিলাক, হে ফলৱতী গছ আৰু এৰচ গছবিলাক।” ওখ পৰ্ব্বতবোৰে যিহোৱাৰ অসীম শক্তিৰ প্ৰমাণ দিয়ে। (গীত ৬৫:৫) কিন্তু সেইবোৰকো কাৰ্য্যকাৰী উদ্দেশ্য সম্পন্ন কৰিবলৈ সৃষ্টি কৰা হʼল। ছুইজাৰলেণ্ডৰ বাৰ্ন চহৰত থকা ভৌগোলিক প্ৰতিষ্ঠানৰ পৰা পোৱা এটা ৰিপোৰ্টত এইদৰে কোৱা হয়: “পৃথিৱীৰ সকলো প্ৰমুখ নদীবোৰ পৰ্ব্বতবোৰৰ পৰা আৰম্ভ হৈছে। মানুহৰ আৱশ্যক হোৱা ৫০ শতাংশতকৈ অধিক বিশুদ্ধ পানী পৰ্ব্বতবোৰত জমা হৈ আছে। . . . এই ‘জমা পানীৰ পুংবোৰ’ মানুহৰ হিতৰ বাবে অতি আৱশ্যক।” আনকি সাধাৰণতে পোৱা গছ-গছনিবোৰেও ইয়াৰ সৃষ্টিকৰ্ত্তাজনক মহিমা কৰে। যুক্তৰাষ্ট্ৰৰ পাৰিপাৰ্শ্বিক কাৰ্য্যক্ৰমে কৈছে যে গছ-গছনিবোৰ “সকলো দেশত থকা মানুহৰ হিতৰ বাবে অতি আৱশ্যক। . . . গছ-গছনিৰ বহুতো প্ৰজাতিয়ে কাঠ, ফল-মুল, একবীজপত্ৰী, ধুনা আৰু এঠা উৎপন্ন কৰি প্ৰমুখ অৰ্থনৈতিক লাভ কঢ়িয়াই আনিছে। বিশ্বজুৰি ২০০ কোটি লোকে ৰন্ধা আৰু ইন্ধনৰ বাবে খৰিৰ ওপৰত নিৰ্ভৰ কৰে।”

২১. বৰ্ণনা কৰক যে এখিলা গছৰ পাতে কেনেকৈ সৃষ্টিকৰ্ত্তাৰ প্ৰমাণ দিয়ে।

২১ গছ-গছনিৰ গঠনে স্পষ্টকৈ সৃষ্টিকৰ্ত্তাজনৰ বুদ্ধিমতাৰ প্ৰমাণ দিয়ে। উদাহৰণস্বৰূপে, এখিলা সাধাৰণ পাতৰ বিষয়ে বিবেচনা কৰক। পাতখিলা শুকাই নাযাবলৈ ইয়াৰ ওপৰিভাগত মম বাব তেল জাতিয় প্ৰলেপ থাকে। সেই প্ৰলেপৰ ঠিক তলত থকা কোষৰ আভৰণৰ ওপৰি অংশক ক্লʼৰʼপ্লষ্টচ্‌ থাকে। ইয়াত থকা হৰিৎকণাই পোহৰ শক্তি শুহিঁ লয়। এই প্ৰক্ৰিয়াটোক সালোক-সংশ্লেষণ বুলি কোৱা হয় আৰু পাতবোৰ “খাদ্য উৎপাদনৰ কাৰখানা” হৈ পৰে। শিপাৰ সহায়েৰে উদ্ভিদে মাটিৰ পৰা এক জটিল “প্লাম্বিং প্ৰণালীৰে” পানী পাতবোৰলৈ কঢ়িয়াই নিয়ে। এখিলা পাতৰ তলৰ ভাগত থকা হাজাৰ হাজাৰ ক্ষুদ্ৰ “ছিদ্ৰ” থাকে, (ৰন্ধ্ৰ বুলি কোৱা হয়) এইবোৰ খোলা আৰু বন্ধ হয় আৰু লগতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই-অক্সাইড গ্ৰহণ কৰে। সূৰ্য্যৰ পোহৰে পানী আৰু কাৰ্বন ডাই-অক্সাইডক সংযোগ কৰি কাৰ্বহাইড্ৰেট উৎপন্ন কৰে। গছজোপাই তৈয়াৰ কৰা খাদ্য এতিয়া খাবৰ বাবে উপযোগী। তথাপিও ইয়াৰ “খাদ্য উৎপাদনৰ কাৰখানা” মৌন আৰু অতি সুন্দৰ। এজোপা গছে পৰিৱেশ দূষিত কৰাৰ পৰিৱৰ্তে অক্সিজেন উৎপাদন কৰাটো এটা আগ্ৰহজনক বিষয় নহয়নে বাৰু!

২২, ২৩. (ক) কিছুমান চৰাই আৰু জীৱ-জন্তুত আমি কেনেকৈ উল্লেখনীয় পাৰ্গতা দেখিবলৈ পাওঁ? (খ) পৰৱৰ্তী লেখত কেনে প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম?

২২ গীতমালা ১৪৮:১০ পদত এইদৰে কৈছে: “হে বনৰীয়া আৰু ঘৰচীয়া পশুবিলাক, হে বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীবিলাক।” বহুতো দেশত থকা জীৱ-জন্তু আৰু উৰণীয়া পক্ষীবোৰে আশ্চৰ্য্যজনক পাৰ্গতালি প্ৰকাশ কৰিছে। লেইজান এলবেট্ৰছ নামৰ এজাতি সামুদ্ৰিক চৰায়ে অতি দূৰত্বলৈ উৰিব পাৰে (এটা উপলক্ষ্যত এই চৰায়ে কেৱল ৯০ দিনৰ ভিতৰত ৪০,০০০ কিলোমিটাৰ অতিক্ৰম কৰে)। ব্লেক পʼল ৱাৰব্লেৰ নামৰ গায়ক পক্ষীয়ে উত্তৰ আমেৰিকাৰ পৰা দক্ষিণ আমেৰিকালৈ একেৰাহে ৮০ ঘন্টা পৰ্য্যন্ত উৰি অতিক্ৰম কৰিব পাৰে। এটা উটে পূৰ্বতে অনুমান কৰাৰ দৰে কুজত নহয় কিন্তু তাৰ পাচক প্ৰণালীত পানী জমা কৰি ৰাখিব পাৰে, যাৰ বাবে দীৰ্ঘ সময় ধৰি দেহত জলশূন্য নহয়। সেয়েহে অভিযন্তাসকলে কোনো যন্ত্ৰ আৰু নতুন উৎপাদন নিৰ্ম্মাণ কৰাৰ সময়ত অতি মনোযোগেৰে জীৱজগতক নিৰীক্ষণ কৰাত আচৰিত হোৱাৰ কোনো আৱশ্যক নাই। এই বিষয়ে গেল্‌ ক্লেৰ নামৰ লিখকজনে এইদৰে কৈছে যে, “যদি আপুনি ভালদৰে কাৰ্য্য . . . আৰু পৰিৱেশৰ সৈতে খাপ খাব পৰাকৈ কোনো এটা বস্তু নিৰ্ম্মাণ কৰিব বিচাৰিছে, তেনেহʼলে প্ৰকৃতিত উপলব্ধ থকা এনে কোনো বস্তু বিচাৰি পাব যাক আপুনি নকল কৰিব পাৰে।”

২৩ দৰাচলতে সৃষ্টিয়ে ঈশ্বৰৰ মহিমা কৰে! তৰাময় আকাশ-মণ্ডলৰ পৰা লৈ জীৱজগতত থকা সকলোৱে নিজ নিজ পদ্ধতিৰে সৃষ্টিকৰ্ত্তাৰ স্তুতি কৰে। কিন্তু মানুহৰ বিষয়ে কি কʼব পাৰি? প্ৰকৃতিৰ দৰে আমি কেনেকৈ ঈশ্বৰৰ স্তুতি কৰিব পাৰোঁ? (w04 6/1)

আপোনাৰ মনত আছেনে?

• ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰাসকল কিয় যুক্তিযুক্ততাহীন?

• গ্ৰহ-নক্ষত্ৰবোৰে কেনেকৈ ঈশ্বৰৰ মহিমা কৰে?

• সমুদ্ৰ আৰু ভূমিত থকা জীৱ-জন্তুৱে কেনেকৈ প্ৰেমময় সৃষ্টিকৰ্ত্তাজনৰ বিষয়ে প্ৰমাণ দিয়ে?

• প্ৰকৃতিৰ নিষ্প্ৰাণ শক্তিবোৰে কেনেকৈ যিহোৱাৰ উদ্দেশ্যক সম্পন্ন কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০ পৃষ্ঠাৰ ছবি]

দৃষ্টিগোচৰ হোৱা তৰাবোৰৰ সংখ্যা ৭০ চেক্সটিলীয়ন (৭০২২) বুলি বৈজ্ঞানিকসকলে অনুমান কৰিছে!

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Frank Zullo