Skip to content

Skip to table of contents

উপহাৰ হিচাবে পোৱা আপোনাৰ জীৱনটোৰ প্ৰতি সঠিক মূল্যাঙ্কন দেখুৱাউক

উপহাৰ হিচাবে পোৱা আপোনাৰ জীৱনটোৰ প্ৰতি সঠিক মূল্যাঙ্কন দেখুৱাউক

উপহাৰ হিচাবে পোৱা আপোনাৰ জীৱনটোৰ প্ৰতি সঠিক মূল্যাঙ্কন দেখুৱাউক

“খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ অৰ্থে তোমালোকৰ বিবেকক মৃত কৰ্ম্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব!”—ইব্ৰী ৯:১৪.

১. আমি জীৱনটোক যে সকলোতকৈ মূল্যৱান বুলি ভাবো তাৰ কেনে প্ৰমাণ আছে?

 যদি কোনোবাই আপোনাক এইদৰে সোধে যে আপুনি নিজৰ জীৱনটো কিমান মূল্যৱান বুলি ভাবে, তেন্তে আপুনি কি উত্তৰ দিব? আমি নিজৰ আৰু আনৰ জীৱনটোক সকলোতকৈ মূল্যৱান বুলি ভাবো। এই বিষয়ে বুজিবলৈ আমি এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ। যেনে, আমি অসুস্থ হোৱা বা নিয়মীয়া পৰীক্ষা কৰণৰ বাবে চিকিৎসকৰ ওচৰলৈ যাওঁ। কিয়নো আমি সুস্থ হৈ দীৰ্ঘকাল জীয়াই থাকিব বিচাৰোঁ। আনকি শাৰীৰিক অক্ষম আৰু বৃদ্ধ ব্যক্তিসকলেও মৃত্যুৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন উপায় বিচাৰি ফুৰে।

২, ৩. (ক) হিতোপদেশ ২৩:২২ পদত কেনে দায়িত্বৰ বিষয়ে উল্লেখ কৰিছে? (খ) এই পদত উল্লেখ কৰা দায়িত্বৰ সৈতে ঈশ্বৰ কেনেকৈ জড়িত আছে?

জীৱনৰ প্ৰতি থকা দৃষ্টিভঙ্গীয়ে আনৰ সৈতে থকা আপোনাৰ সম্বন্ধতো প্ৰভাৱ পেলাই। উদাহৰণস্বৰূপে, ঈশ্বৰৰ বাক্যই এইদৰে কৈছে: “যাৰ ঔৰসত তুমি জন্মিলা, তোমাৰ এনে পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধ কালত তেওঁক হেয়জ্ঞান নকৰিবা।” (হিতোপদেশ ২৩:২২) ইয়াত উল্লেখ কৰা “শুনা” শব্দটোৰ অৰ্থ কেৱল কাণেৰে শুনাই নহয়, কিন্তু তাৰ অনুসাৰে চলাৰ বিষয়েও বুজাইছে। (যাত্ৰাপুস্তক ১৫:২৬; দ্বিতীয় বিবৰণ ৭:১২; ১৩:১৮; ১৫:৫; যিহোচূৱা ২২:২; গীত ৮১:১৩) পিতৃ-মাতৃৰ কথা শুনাৰ সম্পৰ্কে ঈশ্বৰৰ বাক্যই কেনে যুক্তি দাঙি ধৰিছে? যিহেতু তেওঁলোকে বয়সত ডাঙৰ বা অধিক অনুভৱী ব্যক্তি হোৱাৰ বাবেই যে তেওঁলোকৰ কথা শুনা উচিত, এনে নহয়। কিন্তু তেওঁলোকৰ ‘ঔৰসত জন্ম’ লাভ কৰাৰ বাবেহে তেনে কৰা উচিত। কিছুমান অনুবাদে এই শাস্ত্ৰীয় পদটো এইদৰে বৰ্ণনা কৰিছে: “পিতৃৰ বাক্যৰ প্ৰতি কাণ দিয়া যিজনে তোমাক জীৱন দান কৰিলে।” এইটো যুক্তিসঙ্গত যে যদি আপুনি জীৱনটোক মূল্যৱান বুলি ভাবে, তেন্তে নিশ্চয়ে জীৱন দিওঁতাজনৰ প্ৰতি থকা দায়িত্ববোৰক কৰ্তব্য বুলি অনুভৱ কৰিব।

যদি আপুনি এজন প্ৰকৃত খ্ৰীষ্টান তেন্তে যিহোৱাই যে আপোনাৰ জীৱনৰ মূল, সেই বিষয়ে ভালদৰে জানে। তেওঁৰ বাবে আপুনি ‘জীছে’, ‘লৰিছে’ আৰু ‘আছে।’ তদুপৰি বৰ্তমান আৰু আহিবলগীয়া চিৰস্থায়ী ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিবলৈ সক্ষম হৈছে। (পাঁচনিৰ কৰ্ম্ম ১৭:২৮; গীত ৩৬:৯; উপদেশক ৩:১১) আপুনি জীৱনৰ প্ৰতি নিজা কোনো দৃষ্টিভঙ্গী ৰাখাৰ পৰিৱৰ্তে ঈশ্বৰৰ বাক্য মনোযোগেৰে “শুনা,” গ্ৰহণ কৰা আৰু তাৰ অনুসাৰে চলা উচিত।

জীৱনৰ প্ৰতি সন্মান দেখুৱা

৪. মানৱ ইতিহাসৰ আৰম্ভণীতে জীৱনৰ সম্পৰ্কে কেনে এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হৈছিল?

যিয়ে কাৰণ নহওঁক কিয়, মানুহৰ জীৱনটো যে অপব্যৱহাৰ কৰিবলৈ এৰি দিয়া নাই, সেই বিষয়ে যিহোৱাই মানৱ ইতিহাসৰ আৰম্ভণীতে স্পষ্টকৈ জনাইছিল। পৰশ্ৰীকাতৰ হৈ কয়িনে নিজৰ নিৰ্দোষী ভায়েক হেবলক হত্যা কৰিলে। এনে কৰাৰ দ্বাৰা কয়িনে জীৱনৰ প্ৰতি উচিত দৃষ্টিভঙ্গী ৰাখিছিল বুলি আপুনি ভাবেনে? তেওঁৰ এনে কাৰ্য্যত ঈশ্বৰে অতি দুখ পাই এইদৰে কৈছিল: “তুমি কি কৰিলা? তোমাৰ ভায়েৰাৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰিছে।” (আদিপুস্তক ৪:১০) লক্ষ্য কৰক যে হেবলৰ জীৱনটোক প্ৰতিনিধিত্ব কৰা যি তেজ, ভূমিৰ পৰা প্ৰতিশোধ লʼবলৈ ঈশ্বৰৰ আগত চিৎকাৰ কৰিছিল।—ইব্ৰী ১২:২৪.

৫. (ক) নোহৰ দিনত ঈশ্বৰে কি নিষেধাজ্ঞা দিছিল আৰু সেই আজ্ঞাক কোনে পালন কৰিব লাগিছিল? (খ) এই নিষেধাজ্ঞা কি অৰ্থত এক গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ সৈতে জড়িত আছিল?

নোহৰ জল-প্লাৱনৰ পিছত কেৱল আঠজন সদস্যই নতুনকৈ জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰিলে। সেই সময়ত যিহোৱাই জীৱন আৰু তেজৰ প্ৰতি থকা তেওঁৰ দৃষ্টিভঙ্গীৰ বিষয়ে স্পষ্টকৈ বুজাই দিছিল। যদিও তেওঁলোকক জীৱ-জন্তুৰ মাংস আহাৰৰ নিমিত্তে দিছিল, তথাপিও তেওঁ এইদৰে নিষেধাজ্ঞা দিছিল: “লৰিচৰি ফুৰা সকলো জীৱজন্তু তোমালোকৰ আহাৰৰ নিমিত্তে হব; শস্য আদি দিয়াৰ দৰে, মই সকলোকে তোমালোকক দিছোঁ। কিন্তু তোমালোকে মঙহ তাৰ প্ৰাণ অৰ্থাৎ তেজেৰে সৈতে নেখাবা।” (আদিপুস্তক ৯:৩, ৪) কিছুমান ইহুদী ব্যক্তিয়ে ৪ পদৰ বাক্যশাৰীৰ অৰ্থ এইদৰে ভাঙনি কৰিছিল যে পশুটোক জীয়াই থকা অৱস্থাত তাৰ তেজ বা মাংস খোৱাটো উচিত নহয়। কিন্তু পিছলৈ এই সম্বন্ধে স্পষ্টকৈ প্ৰকাশ পাইছিল যে আচলতে ঈশ্বৰে মাংসৰ সৈতে তেজ নাখাবলৈ নিষেধাজ্ঞা দিছিল, কিয়নো তেজে জীৱনটো জীয়াই ৰাখে। তদুপৰি ভৱিষ্যতে তেজৰ সৈতে জড়িত থকা তেওঁৰ উৎকৃষ্ট উদ্দেশ্য অৰ্থাৎ মানৱে অনন্তজীৱন জীয়াই থাকিবলৈ কৰা এক গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ বিষয়ে যিহোৱা ঈশ্বৰে নোহৰ দ্বাৰা জনালে।

৬. জীৱনৰ প্ৰতি থকা নিজৰ দৃষ্টভঙ্গীৰ বিষয়ে ঈশ্বৰে কেনেকৈ নোহৰ দ্বাৰা উল্লেখ কৰিলে?

আগলৈ ঈশ্বৰে এইদৰে কৈছিল: ‘তোমালোকৰ প্ৰাণযুক্ত তেজ বাহিৰ কৰাৰ প্ৰতিকাৰ মই অৱশ্যে সাধিম; প্ৰত্যেক জন্তুৰ পৰা তাক সাধিম, আৰু প্ৰত্যেক মানুহৰ পৰা, এনে কি, ভায়েকৰ পৰাও প্ৰত্যেক মানুহৰ প্ৰাণৰ প্ৰতিকাৰ মই সাধিম। যি কোনোৱে মানুহৰ ৰক্তপাত কৰে, মানুহৰ দ্বাৰাই তাৰো ৰক্তপাত কৰা যাব; কিয়নো ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰ দৰেই মানুহৰ নিৰ্ম্মাণ কৰিলে।’ (আদিপুস্তক ৯:৫, ৬) সমুদায় মানৱজাতিক দিয়া এই আজ্ঞাৰ দ্বাৰা আপুনি জানিব পাৰিছে যে জীৱনটোক প্ৰতিনিধিত্ব কৰা যি তেজ, ঈশ্বৰৰ দৃষ্টিত কিমান মূল্যৱান আছিল। সৃষ্টিকৰ্ত্তাই হৈছে মানুহৰ জীৱন দিওঁতা, সেয়েহে জীৱনটোক প্ৰতিনিধিত্ব কৰা তেজ অৰ্থাৎ প্ৰাণ লোৱাটো কোনো এজনৰো অধিকাৰ নাই। যদি কোনোবাই কয়িনৰ দৰে কাৰ্য্য কৰে তেন্তে সৃষ্টিকৰ্ত্তাজনে হত্যাকাৰীজনৰ “প্ৰতিকাৰ” সাধিব।

৭. ঈশ্বৰে নোহক তেজৰ সম্বন্ধে দিয়া আজ্ঞাৰ বিষয়ে জানিবলৈ আমি কিয় আগ্ৰহী হোৱা উচিত?

এই ঘোষণাৰ দ্বাৰা ঈশ্বৰে মানৱজাতিক তেজৰ অপব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকিবলৈ আজ্ঞা দিছিল। কিয় তেনে আজ্ঞা দিয়া হʼল এই বিষয়ে ভাবি আপুনি কেতিয়াব বিমূঢ়ত পৰিছেনে? কি কাৰণে ঈশ্বৰে তেজৰ প্ৰতি তেনে দৃষ্টভঙ্গী ৰাখিছিল? আচলতে, এই প্ৰশ্নবোৰৰ উত্তৰৰ সৈতে বাইবেলৰ এক গুৰুত্বপূৰ্ণ শিক্ষা সন্মিলিত হৈ আছে। এই শিক্ষাই হৈছে খ্ৰীষ্টানসকলৰ বাৰ্ত্তাৰ এক মুখ্য বিষয় যাক গীৰ্জাৰ পাদুৰিসকলে মানিবলৈ অস্বীকাৰ কৰিলে। সেই শিক্ষা কি আৰু ইয়াত কেনেকৈ আপোনাৰ জীৱন, নিৰ্ণয় আৰু কাৰ্য্যপদ্ধতি সন্মিলিত হৈ আছে?

তেজক কেনেকৈ উপযুক্তৰূপে ব্যৱহাৰ কৰিব পাৰি?

৮. মোচিৰ ব্যৱস্থাত তেজৰ সম্বন্ধে যিহোৱাই কেনে এক সীমা বান্ধি দিছিল?

যিহোৱাই যেতিয়া ইস্ৰায়েলক মোচিৰ ব্যৱস্থা দিছিল তেতিয়া জীৱন আৰু তেজৰ সম্বন্ধে থকা তেওঁৰ দৃষ্টিভঙ্গীৰ বিষয়ে স্পষ্টকৈ জনাইছিল। একেই সময়তে তেওঁ ভৱিষ্যতে নিজৰ উদ্দেশ্যক পূৰ্ণ কৰিবলৈ কাৰ্য্য কৰিলে। আপুনি হয়তো ইস্ৰায়েলসকলক দিয়া মোচিৰ ব্যৱস্থাত ঈশ্বৰলৈ উৎসৰ্গ কৰাৰ আৱশ্যকতাৰ বিষয়ে শুনিছে যʼত আটাগুড়ি, তেল আৰু দ্ৰাক্ষাৰস সন্মিলিত আছিল। (লেবীয়া পুস্তক ২:১-৪; ২৩:১৩; গণনা পুস্তক ১৫:১-৫) ইয়াৰ উপৰি সেই সময়ত পশু বলিদানো কৰা হৈছিল। যাৰ বিষয়ে ঈশ্বৰে এইদৰে কৈছিল: “শৰীৰৰ প্ৰাণ তেজত থাকে; আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদিৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ; কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক। এই হেতুকে মই ইস্ৰায়েলৰ সন্তানবিলাকক কলোঁ, তোমালোকৰ মাজৰ কোনেও তেজ খাব নালাগে, আৰু তোমালোকৰ মাজত প্ৰবাস কৰা কোনো বিদেশীয়েও তেজ খাব নালাগে।” আগলৈ তেওঁ কৈছিল যে যদি কোনো চিকাৰী বা খেতিয়কে আহাৰৰ বাবে পশু বধ কৰে তেন্তে তেওঁ তাৰ তেজখিনি উলিয়াই মাটিত পুতি দিয়া উচিত। মাটিত তেজখিনি বোৱাই দিয়াৰ অৰ্থ হৈছে জীৱন দিওঁতা ঈশ্বৰলৈ জীৱনটো পুনৰাই উলটি যোৱা, কিয়নো মাটি অৰ্থাৎ পৃথিৱীখন হৈছে তেওঁৰ ভৰি-পীৰা।—লেবীয়া পুস্তক ১৭:১১-১৩; যিচয়া ৬৬:১.

৯. কি অৰ্থত মোচিৰ ব্যৱস্থাত কেৱল তেজ ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ উদ্দেশ্য কি আছিল?

এই ব্যৱস্থা কোনো সাধাৰণ ধৰ্মীয় ৰীতি-নীতিৰ দৰে নাছিল যি আমাৰ বাবে কোনো অৰ্থ নাৰাখে। আপুনি লক্ষ্য কৰিব পাৰিলেনে যে কিয় ইস্ৰায়েলসকলে তেজ গ্ৰহণ কৰাৰ পৰা আঁতৰি থাকিব লাগিছিল? কিয়নো ঈশ্বৰে তেওঁলোকক এইদৰে কৈছিল: “তোমালোকৰ মাজৰ কোনেও তেজ খাব নালাগে, আৰু তোমালোকৰ মাজত প্ৰবাস কৰা কোনো বিদেশীয়েও তেজ খাব নালাগে।” কিহৰ বাবে ঈশ্বৰে তেনে আজ্ঞা দিলে? এই বিষয়ে তেওঁ এইদৰে কৈছে: “তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদিৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ।” এতিয়া আপুনি বুজিব পাৰিছেনে যে ঈশ্বৰে কিয় নোহক তেজ খোৱাৰ পৰা আঁতৰি থাকিব কৈছিল? কিয়নো ঈশ্বৰে তেজক পবিত্ৰ বুলি ঘোষণা কৰিলে আৰু বহুতৰ উদ্ধাৰৰ অৰ্থে এক বিশেষ প্ৰকাৰে ইয়াক ব্যৱহাৰ কৰিবলৈ ৰাখিলে। আনকি ই পাপৰ পৰা প্ৰায়শ্চিত্ত পোৱাত এক মুখ্য ভূমিকা আদায় কৰিলে। প্ৰকৃততে মোচিৰ ব্যৱস্থাৰ অনুসাৰে ইস্ৰায়েলসকলে তেওঁলোকৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে কেৱল ঈশ্বৰে নিৰ্দ্ধাৰিত কৰা অনুসাৰে বেদিৰ ওপৰত ঈশ্বৰ-অনুমোদিত তেজ ছটিয়াব লাগিছিল।

১০. জীৱ-জন্তুৰ তেজে কিয় সম্পূৰ্ণকৈ পাপ মোচন কৰিব নোৱাৰে, কিন্তু তেনে বলিদানে কিহৰ বিষয়ে সোঁৱৰাই দিছিল?

১০ এই সম্বন্ধে খ্ৰীষ্টানসকলে একো নাজানে বুলি কোৱাটো উচিত নহʼব। কিয়নো এই ব্যৱস্থাৰ বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়; আৰু তেজ উলিওৱা নহলে, পাপ মোচন নহয়।” (ইব্ৰী ৯:২২) পাঁচনি পৌলে স্পষ্টকৈ কৈছিল যে পাপৰ অৰ্থে অনেক বলিদান কৰা স্বত্ত্বেও ইস্ৰায়েলসকলে অসিদ্ধতাৰ পৰা উদ্ধাৰ পোৱা নাছিল। কিন্তু “সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে সোঁৱৰণ কৰা হৈছে। কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগৰ তেজৰ সাধ্য নাই।” (ইব্ৰী ১০:১-৪) তথাপিও তেনে ধৰণৰ বলিদানে এক উদ্দেশ্য সম্পন্ন কৰিছিল। কিয়নো তেনে বলিদানসমূহে ইস্ৰায়েলসকলক সোঁৱৰাই দিছিল যে তেওঁলোক অসিদ্ধ আৰু পাপৰ পৰা সম্পূৰ্ণকৈ মুক্তি পাবলৈ এক বিশেষ বলিদানৰ আৱশ্যক। যদি জীৱ-জন্তুৰ তেজে মানৱৰ পাপ সম্পূৰ্ণকৈ মোচন কৰিব নোৱাৰে, তেন্তে কাৰ তেজৰ দ্বাৰা পাপ মোচন হʼব পাৰে?

জীৱনদাতাজনে দিয়া সমাধান

১১. আমি কেনেকৈ জানো যে জীৱ-জন্তুৰ বলিদানে আন এক বিষয়ৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিছিল?

১১ আচলতে মোচিৰ ব্যৱস্থাই এনে এটা বিষয়ৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিছিল যি ঈশ্বৰৰ ইচ্ছাক কাৰ্য্যকাৰীৰূপে পূৰ্ণ কৰিবলগীয়া আছিল। এই সন্দৰ্ভে পাঁচনি পৌলে এইদৰে সুধিছিল: “তেন্তে বিধান নো কেলেই?” এই প্ৰশ্নটোৰ উত্তৰ দি তেওঁ এইদৰে কৈছিল: “যি বংশলৈ প্ৰতিজ্ঞা কৰা হল, তেওঁ অহা কাললৈকে, আজ্ঞা-লঙ্ঘনৰ অৰ্থেহে বিধান দিয়া হল; তাক দূতবিলাকৰ দ্বাৰাই এজন মধ্যস্থৰ [মোচিৰ] হাতেৰে বিধিস্বৰূপে নিৰূপণ কৰোৱা হʼল।” (গালাতীয়া ৩:১৯) এই সামঞ্জস্যত পাঁচনি পৌলে এইদৰে লিখিলে: “বিধান ভাবী মঙ্গলৰ ছায়া বিশিষ্ট হৈ, সেইবোৰ বিষয়ত প্ৰকৃত মূৰ্ত্তিবিশিষ্ট” নহʼল।—ইব্ৰী ১০:১.

১২. আমি কেনেকৈ তেজৰ সম্বন্ধে থকা ঈশ্বৰীয় উদ্দেশ্য পূৰ্ণ হোৱা দেখিবলৈ পাওঁ?

১২ এতিয়া চমুকৈ নোহৰ সময়ৰ বিষয়ে বিবেচনা কৰক যʼত যিহোৱাই মানৱজাতিক জীৱ-জন্তুৰ আহাৰৰ নিমিত্তে খাবলৈ আৰু তেজৰ পৰা আঁতৰি থাকিবলৈ আজ্ঞা দিছিল। সময় অতিবাহিত হোৱাৰ লগে লগে ঈশ্বৰে কৈছিল যে, “শৰীৰৰ প্ৰাণ তেজত থাকে।” বাস্তৱতে তেওঁ তেজক প্ৰাণ হিচাবে সন্মান কৰি এইদৰে কৈছিল: “তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদিৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ।” তথাপিও ভৱিষ্যতে ঈশ্বৰৰ উদ্দেশ্য সম্বন্ধে এক উত্তম উল্লেখনীয় বিষয় পূৰ্ণ হʼবলগীয়া আছিল, যাৰ বিষয়ে মোচিৰ ব্যৱস্থাই ধ্যান কেন্দ্ৰিত কৰিছিল। সেই উল্লেখনীয় বিষয়টো কি?

১৩. যীচুৰ মৃত্যু কিয় গুৰুত্বপূৰ্ণ আছিল?

১৩ সেই উল্লেখনীয় বিষয়টো হৈছে যীচুৰ মৃত্যু। আমি সকলোৱে জানো যে যীচুক কেনেকৈ যাতনা দি কাঠৰ স্তম্ভত আঁৰি মৃত্যুদণ্ড দিয়া হʼল। তেওঁ এজন অপৰাধীৰ দৰে মৃত্যুবৰণ কৰিবলগীয়া হʼল। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “যেতিয়া আমি দুৰ্ব্বল আছিলোঁ; তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰ-ভক্তহীনবিলাকৰ নিমিত্তে আপোন প্ৰাণ দিলে। . . . ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেম প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্ব্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।” (ৰোমীয়া ৫:৬, ৮) তেওঁৰ মৃত্যুৱে আমাৰ পাপ মোচনৰ বাবে এক মুক্তিপণ ব্যৱস্থা প্ৰবন্ধ কৰিলে। এই প্ৰবন্ধই হৈছে খ্ৰীষ্টানসকলে ঘোষণা কৰা শুভবাৰ্ত্তাৰ এক মূল কাৰণ। (মথি ২০:২৮; যোহন ৩:১৬; ১ কৰিন্থীয়া ১৫:৩; ১ তীমথিয় ২:৬) তেন্তে এই প্ৰবন্ধ কি অৰ্থত তেজ আৰু জীৱনৰ সৈতে সম্পৰ্ক আছে আৰু ইয়াৰ সৈতে আমাৰ জীৱন কেনেকৈ জড়িত?

১৪, ১৫. (ক) কিছুমান বাইবেলত ইফিচীয়া ১:৭ পদটোত কেনেকৈ যীচুৰ মৃত্যুৰ বিষয়ে জোৰ দি অনুবাদ কৰিছে? (খ) ইফিচীয়া ১:৭ পদত মূল গ্ৰীক ভাষাৰ বাইবেলত পোৱা কেনে শব্দক বাদ দিয়া হৈছে?

১৪ কিছুমান গীৰ্জা আৰু তাৰ সদস্যসকলে কয় যে, “যীচুৱে মোৰ বাবেহে মৰিল।” কিছুমান অনুবাদত ইফিচীয়া ১:৭ পদটো কেনেকৈ বৰ্ণনা কৰিছে তাক বিবেচনা কৰক: “এইটো তেওঁত আৰু তেওঁৰ মৃত্যুৰ যোগেদি উদ্ধাৰ অৰ্থাৎ আমাৰ অপৰাধবোৰ আঁতৰ কৰা হৈছে।” (১৯০২ চনত ফ্ৰেঙ্ক চিল বেলেনটাইনে লিখা দ্য আমেৰিকান বাইবেল) “যীচুৰ মৃত্যুৰ দ্বাৰাই আমি উদ্ধাৰ পালোঁ আৰু আমাৰ অপৰাধবোৰ ক্ষমা কৰা হʼল।” (১৯৬৬ চনত প্ৰকাশিত টুডে ইংলিছ ভাৰশ্ব্যন’) “খ্ৰীষ্ট আৰু তেওঁৰ বলিদানৰ দ্বাৰাই আমি পৰিত্ৰাণ অৰ্থাৎ আমাৰ অপৰাধবোৰ মোচন কৰা হৈছে।” (১৯৬৯ চনত প্ৰকাশ পোৱা উইলিয়াম বাৰক্লেই দ্বাৰা লিখা দ্য নিউ টেষ্টামেণ্ট্‌) “যীচুৰ মৃত্যুৰ দ্বাৰা আমাৰ অপৰাধবোৰ মোচন কৰা হৈছে আৰু আমি মুক্তি পাইছোঁ।” (১৯৭৩ চনত প্ৰকাশিত হোৱা দ্য ট্ৰ্যাঞ্চলেটৰʼচ্‌ নিউ টেষ্টামেণ্ট্‌) আপুনি নিশ্চয়ে এই সকলোবোৰ অনুবাদত যীচুৰ মৃত্যুৰ ওপৰত জোৰ দিয়া বিষয়ে লক্ষ্য কৰিব পাৰিছে। কিছুমানে হয়তো এইদৰে কʼব পাৰে, ‘কিন্তু, যদি এই অনুবাদবোৰত যীচুৰ মৃত্যুৰ বিষয়ে জোৰ দি কোৱা হৈছে, তেন্তে কি ভুল আছে?’

১৫ যদি আপুনিও এই অনুবাদবোৰৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে আপুনি নিশ্চয়ে এক অত্যাৱশ্যকীয় বিষয়ৰ প্ৰতি উপেক্ষা কৰিব পাৰে। কিয়নো, সেই অনুবাদবোৰে মূল গ্ৰীক শাস্ত্ৰৰ ইফিচীয়া ১:৭ পদত উল্লেখ কৰা শব্দটো অৰ্থাৎ “তেজ” উক্তিটোক বাদ দিলে। কিন্তু বহুতো বাইবেলে সেই শব্দটোক প্ৰায় মূল গ্ৰীক শাস্ত্ৰপদৰ দৰে অনুবাদ কৰিছে। যাৰ ভিতৰত অসমীয়া ভাষাৰ পবিত্ৰ বাইবেল হৈছে এনে এখন বাইবেল, যʼত আমি এইদৰে পঢ়িবলৈ পাওঁ: “আমি তেওঁৰ তেজৰ দ্বাৰাই মুক্তি, অৰ্থাৎ অপৰাধবোৰ মোচন তেওঁৰ অনুগ্ৰহৰূপ ধনৰ দৰে পালোঁ।”

১৬. “তেওঁ তেজৰ দ্বাৰা,” বুলি উল্লেখ কৰা উক্তিটোৱে আমাৰ মনত কেনে অৰ্থ প্ৰকাশ কৰে?

১৬ “তেওঁৰ তেজৰ দ্বাৰা” বুলি উল্লেখ কৰা উক্তিটোত এক গভীৰ অৰ্থ লুকাই আছে আৰু সেই অৰ্থই তেজৰ সৈতে জড়িত থকা বহুতো কাৰণৰ সম্পৰ্কে আমাক স্মৰণ কৰাই দিয়ে। কিয়নো তাত সিদ্ধ ব্যক্তি যীচুৰ মৃত্যুতকৈ অধিক কিছু সন্মিলিত হৈ আছিল। পূৰ্বাভাসৰূপে দিয়া মোচিৰ ব্যৱস্থাত বিশেষকৈ প্ৰায়শ্চিত্ত দিনৰ কাৰ্য্যবোৰক তেওঁ পূৰ্ণতা কৰিলে। সেই বিশেষ দিনটোত বাছি ৰাখা পশুবোৰক বলিদান কৰা হৈছিল। তাৰ পিছত মহা-পুৰোহিতজনে অলপ তেজ লৈ মন্দিৰৰ অতি পবিত্ৰস্থানত প্ৰৱেশ কৰি যিহোৱাৰ সম্মুখত থকা বেদিৰ কাষত উপস্থিত হৈছিল।—যাত্ৰাপুস্তক ২৫:২২; লেবীয়া পুস্তক ১৬:২-১৯.

১৭. প্ৰায়শ্চিত্ত দিনৰ দ্বাৰা পূৰ্বাভাস দিয়া বিষয়বোৰক যীচুৱে কেনেকৈ পূৰ্ণ কৰিলে?

১৭ পাঁচনি পৌলৰ অনুসাৰে যীচুৱে প্ৰায়শ্চিত্ত দিনৰ দ্বাৰা পূৰ্বাভাস দিয়া বিষয়বোৰ পূৰ্ণ কৰিলে। প্ৰথমতে তেওঁ কৈছিল যে, ইস্ৰায়েলৰ মহা-পুৰোহিতে “নিজৰ নিমিত্তে, আৰু মানুহবিলাকে নাজানি কৰা পাপৰ নিমিত্তে উৎসৰ্গ” কৰিবলৈ বছেৰেকত এবাৰকৈ অলপ তেজ লৈ মন্দিৰৰ অতি পবিত্ৰস্থানত প্ৰৱেশ কৰিছিল। (ইব্ৰী ৯:৬, ৭) ঠিক সেইদৰে যীচুৱেও আত্মিক শৰীৰত পুনৰুত্থান হোৱাৰ পিছত স্বৰ্গত প্ৰৱেশ কৰিলে। যিহেতু তেওঁ আত্মিক শৰীৰ লাভ কৰাৰ বাবে “সম্প্ৰতি আমাৰ নিমিত্তে ঈশ্বৰৰ সাক্ষাতে” উপস্থিত হʼব পাৰিছিল। ঈশ্বৰৰ সম্মুখত উপস্থিত হৈ তেওঁ কি উৎসৰ্গ কৰিলে? উৎসৰ্গ কৰা বস্তুটো কোনো শাৰীৰিক নাছিল কিন্তু অধিক অৰ্থপূৰ্ণ আছিল। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছে: “কিন্তু খ্ৰীষ্টে, ভাবী মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে উপস্থিত হৈ, . . . ছাগৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে, একেবাৰতে পবিত্ৰস্থানত সোমাই, অনন্তকালস্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে। কিয়নো ছাগ আৰু ভতৰাৰ তেজে, . . . যদি তেওঁবিলাকৰ মাংসৰ শুচিতাৰ অৰ্থে পবিত্ৰ কৰে, তেন্তে যি জনাই অনন্ত আত্মাৰে, নিষ্কলঙ্ক বলিস্বৰূপে নিজকেই ঈশ্বৰৰ উদ্দেশে উৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ অৰ্থে আমাৰ বিবেকক মৃত কৰ্ম্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব!” বাস্তৱতে যীচুৱে ঈশ্বৰৰ সম্মুখত উপস্থিত হৈ নিজৰ তেজৰ মূল্য প্ৰস্তুত কৰিলে।—ইব্ৰী ৯:১১-১৪, ২৪, ২৮; ১০:১১-১৪; ১ পিতৰ ৩:১৮.

১৮. বৰ্তমান সময়ৰ প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে তেজৰ সম্বন্ধে থকা বাইবেলীয় দৃষ্টিকোণ কিয় এক গুৰুত্বপূৰ্ণ বিষয়?

১৮ এই মহান সত্যতাই আমাক তেজৰ প্ৰতি ঈশ্বৰে কেনে দৃষ্টিভঙ্গী ৰাখে আৰু আমি কেনে দৃষ্টি ৰাখা উচিত, এই সম্বন্ধে থকা ঈশ্বৰৰ নিষেধাজ্ঞাক আমি কিয় পালন কৰা আৱশ্যক, সেই বিষয়ে বুজিবলৈ সহায় কৰে। আপুনি বাইবেলৰ গ্ৰীক শাস্ত্ৰীয় পদবোৰ পঢ়াৰ সময়ত বহু বাৰ খ্ৰীষ্টৰ তেজৰ দ্বাৰা বুলি উল্লেখ কৰা উক্তিটো দেখিবলৈ পাব। (বক্সত চাওক) এই শাস্ত্ৰীয় পদবোৰে স্পষ্টকৈ দেখুৱাইছে যে প্ৰত্যেকজন খ্ৰীষ্টানে ‘যীচুৰ তেজৰ ওপৰত’ বিশ্বাস কৰা আৱশ্যক। (ৰোমীয়া ৩:২৫) কেৱল ‘খ্ৰীষ্টৰ মাংসময় শৰীৰৰ’ দ্বাৰাহে আমি ক্ষমা আৰু ঈশ্বৰৰ সৈতে মিলন হʼব পাৰোঁ। (কলচীয়া ১:২০, ২২) এই কথাষাৰ সেই ব্যক্তিসকলত সঁচাৰূপে প্ৰমাণিত হৈছে, যিসকলৰ সৈতে যীচুৱে এক নতুন নিয়ম স্থাপিত আৰু স্বৰ্গীয় আশা প্ৰদান কৰিলে। (লূক ২২:২০, ২৮-৩০; ১ কৰিন্থীয়া ১১:২৫; ইব্ৰী ১৩:২০) তদুপৰি ই বৰ্তমান সময়ৰ ‘বৰ লোকসমূহৰ’ বাবেও সঁচাৰূপে প্ৰমাণিত হৈছে, যিসকলে এই পৃথিৱীৰ পৰমদেশত চিৰকালৰ বাবে জীয়াই থকাৰ আশা আছে। লাক্ষণিকভাৱে কʼবলৈ গʼলে, তেওঁবিলাকে “মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা” কৰিছে।—প্ৰকাশিত বাক্য ৭:৯, ১৪.

১৯, ২০. (ক) ঈশ্বৰে কিয় তেজৰ সম্বন্ধে এক নিৰ্দ্দিষ্ট নিষেধাজ্ঞা দিলে আৰু এই সম্বন্ধে আমি কেনে অনুভৱ কৰা উচিত? (খ) আমি কিয় এই বিষয়ে জানিবলৈ আগ্ৰহী হোৱা উচিত?

১৯ বাস্তৱতে ঈশ্বৰৰ দৃষ্টিত তেজে এক বিশেষ অৰ্থ ৰাখে। ঠিক সেইদৰে আমাৰ বাবেও সেই একেই অৰ্থ হোৱা উচিত। জীৱনটোৰ প্ৰতি বিবেচক হোৱাৰ বাবে মানুহে তেজৰ সৈতে যি কৰে তাক নিষেধ কৰিবলৈ সৃষ্টিকৰ্ত্তাজনৰ সম্পূৰ্ণ অধিকাৰ আছে। আমাৰ জীৱনটোৰ প্ৰতি অধিক চিন্তিত হোৱাৰ বাবে তেওঁ তেজক এক বিশেষভাৱে ব্যৱহাৰ কৰিবলৈ নিৰ্ণয় কৰিলে, যাৰ দ্বাৰা আমাৰ চিৰকলীয়া জীৱন যেন সম্ভৱ হয়। ঈশ্বৰৰ তেনে নিৰ্ণয়ৰ সৈতে যীচুৰ বহুমূলীয়া তেজ সন্মিলিত আছিল। আমাৰ মঙ্গলাৰ্থে যিহোৱাই যীচুৰ তেজক ব্যৱহাৰ কৰি যি জীৱনৰ পথ মুকলি কৰিলে, তাৰ বাবে আমি অধিক কৃতজ্ঞ নহওঁনে বাৰু! তদুপৰি যীচুৱে নিজকে বলিদান কৰি যি বোৱতী তেজ আমাৰ বাবে দিলে, তাৰ প্ৰতিও আমি মূল্যাঙ্কন নকৰোঁনে! প্ৰকৃততে আমি পাঁচনি যোহনে কোৱা এই কথাষাৰৰ অৰ্থ বুজি পাইছোঁ, যʼত তেওঁ এইদৰে কৈছিল: “যি জনে আমাক প্ৰেম কৰে, আৰু নিজ তেজেৰে আমাৰ পাপৰ পৰা আমাক মুক্ত কৰিলে, আৰু আমাক ৰাজ্যস্বৰূপ আৰু নিজ পিতৃ ঈশ্বৰৰ উদ্দেশে পুৰোহিত কৰিলে, তেওঁৰ মহিমা আৰু পৰাক্ৰম সদা-সৰ্ব্বদায় হওক। আমেন।”—প্ৰকাশিত বাক্য ১:৫, ৬.

২০ এই জীৱন-ৰক্ষক প্ৰবন্ধৰ বিষয়ে আমাৰ জীৱনদাতা বুদ্ধিমান ঈশ্বৰ যিহোৱাই আগতীয়াকৈ ভাবি ৰাখিছিল। এতেকে আমি নিজকে এইদৰে সুধিব পাৰোঁ, ‘এই বিষয়টোৱে আমি জীৱনত লোৱা নিৰ্ণয় আৰু কাৰ্য্যত কেনে প্ৰভাৱ পেলোৱা উচিত?’ এই প্ৰশ্নটোৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w04 6/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• তেজৰ প্ৰতি থকা ঈশ্বৰৰ দৃষ্টিভঙ্গীৰ বিষয়ে আমি হেবল আৰু নোহৰ বৃতান্তৰ পৰা কি শিকিব পাৰোঁ?

• মোচিৰ ব্যৱস্থাৰ অনুসাৰে ঈশ্বৰে তেজৰ প্ৰতি কেনে নিৰ্দ্দিষ্ট সীমা বান্ধি দিছিল আৰু কিয়?

• প্ৰায়শ্চিত্ত দিনে পূৰ্বাভাস দিয়া বিষয়বোৰক যীচুৱে কেনেকৈ পূৰ্ণ কৰিলে?

• যীচুৰ তেজে কেনেকৈ আমাৰ জীৱন ৰক্ষা কৰিব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১২ পৃষ্ঠাৰ বক্স]

কাৰ তেজে জীৱন ৰক্ষা কৰে?

“তোমালোকে নিজলৈ, আৰু পবিত্ৰ আত্মাই যি জাকৰ মাজত তোমালোকক অধ্যক্ষ পাতিলে, সেই গোটেই জাকলৈকো সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, তাক প্ৰতিপালন কৰা।”—পাঁচনিৰ কৰ্ম্ম ২০:২৮.

“এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্ম্মিক বুলি গণিত হোৱা, কিমান অধিক গুণে আমি তেওঁৰ দ্বাৰাই ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম।”—ৰোমীয়া ৫:৯.

“অঙ্গীকাৰযুক্ত নিয়মবোৰৰ অসম্পৰ্কীয়, আশাহীন আৰু ঈশ্বৰৰহীন হৈ, এই জগতত আছিলা, ইয়াক সোঁৱৰা। কিন্তু এতিয়া খ্ৰীষ্ট যীচুত আছা দেখি, আগেয়ে দূৰ হলেও, তোমালোক খ্ৰীষ্টৰ তেজৰ দ্বাৰাই ওচৰ হলা। কিয়নো তেওঁ আমাৰ শান্তি।”—ইফিচীয়া ২:১২, ১৩.

“তেওঁত সকলো সম্পূৰ্ণতা বাস কৰিবলৈ আৰু তেওঁৰ ক্ৰুচৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰি, পৃথিবীত থকা হওক, বা স্বৰ্গত থকা হওক, সকলোকে তেওঁৰ দ্বাৰাইহে তেওঁৰে সৈতে মিলন কৰিবলৈ, ঈশ্বৰে ভাল দেখিলে।”—কলচীয়া ১:১৯, ২০.

“এতেকে, হে ভাইবিলাক, . . . আমি সেই পথেদি, যীচুৰ তেজৰ গুণে পবিত্ৰস্থানত সোমাবলৈ সাহিয়াল” হোৱা।—ইব্ৰী ১০:১৯-২০.

“তোমালোকৰ পূৰ্ব্ব-পুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ . . . দ্বাৰাই যে মুক্ত হলা, এনে নহয়, নিঘুণী আৰু নিষ্কলঙ্ক মেৰ পোৱালিস্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হলা।”—১ পিতৰ ১:১৮, ১৯.

“তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰতে ফুৰোঁ, তেন্তে পৰস্পৰ আমাৰ সহভাগিতা আছে; আৰু তেওঁৰ পুত্ৰ যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।”—১ যোহন ১:৭.

“নুৰাটো লবলৈ আৰু তাৰ ছাব মেলিবলৈ তুমিহে যোগ্য; কিয়নো তুমি হত হলা, আৰু সকলো ফৈদ, ভাষা, ৰাজ্য, আৰু জাতিবিলাকৰ মাজৰ পৰা ঈশ্বৰৰ উদ্দেশে প্ৰজাসমূহক নিজৰ তেজেৰে কিনিলা।”—প্ৰকাশিত বাক্য ৫:৯.

“আমাৰ ভাইবিলাকৰ যি অপবাদকে . . . অপবাদ দিয়ে, তাক পেলোৱা হল। তেওঁবিলাকে মেৰ পোৱালিৰ তেজ, আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে; তেওঁবিলাকে মৃত্যু পৰ্য্যন্ত নিজ নিজ প্ৰাণ প্ৰিয় জ্ঞান নকৰিলে।”—প্ৰকাশিত বাক্য ১২:১০, ১১.

[১০ পৃষ্ঠাৰ ছবি]

মোচিৰ ব্যৱস্থাৰ দ্বাৰাই ঈশ্বৰে স্পষ্টকৈ জনাইছিল যে পাপ ক্ষমাৰ বাবে তেজে এক প্ৰমুখ ভূমিকা আদায় কৰিব পাৰে

[১১ পৃষ্ঠাৰ ছবি]

যীচুৰ তেজৰ দ্বাৰা বহুতৰ জীৱন ৰক্ষা পাবলৈ সক্ষম হʼল