Skip to content

Skip to table of contents

‘মই যি যি আদেশ দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া’

‘মই যি যি আদেশ দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া’

‘মই যি যি আদেশ দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া’

এই হেতুকে তোমালোক যোৱা; . . . মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।”—মথি ২৮:১৯, ২০.

১. ফিলিপ আৰু সেই ইথিওপিয়া ব্যক্তিজনৰ মাজত কেনে ধৰণৰ কথোপকথন হৈছিল?

 যিহোৱাক উপাসনা কৰা উদ্দেশ্যে ইথিওপিয়াৰ পৰা যিৰূচালেমৰ অভিমুখে এজন পুৰুষে যাত্ৰা কৰিছিল। আনকি তেওঁ ঈশ্বৰৰ বাক্যকো অতি আগ্ৰহেৰে পঢ়িছিল। ৰথেৰে ঘৰলৈ উভটি যোৱাৰ সময়ত যেতিয়া যিচয়া ভাববাদীৰ পুস্তকখন সেই ইথিওপিয়াৰ ব্যক্তিজনে পঢ়ি গৈছিল তেতিয়া ফিলিপ নামৰ এজন শিষ্যই তেওঁৰ ওচৰলৈ আহি এইদৰে সুধিছিল: “আপুনি যি পঢ়িছে তাক বুজিছে নে?” তেতিয়া সেই ব্যক্তিজনে এইদৰে কৈছিল: “কোনো এজনে মোক বুজাই নিদিলে, মই কেনেকৈ বুজিম?” তাৰ পিছত ফিলিপে সেই আগ্ৰহী বিদ্যাৰ্থীজনক শাস্ত্ৰীয় পদবোৰ বুজাই দিলে আৰু ব্যক্তিজনে যীচুৰ এজন শিষ্য হৈ পৰিল।—পাঁচনিৰ কৰ্ম্ম ৮:২৬-৩৯.

২. (ক) ইথিওপিয়া ব্যক্তিজনে দিয়া উত্তৰ কিয় বিশেষকৈ মনকৰিবলগীয়া আছিল? (খ) শিষ্য বনোৱা সম্বন্ধে আমি কেনে দুটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

সেই ইথিওপিয়াৰ ব্যক্তিজনে দিয়া উত্তৰটো বিশেষকৈ মনকৰিবলগীয়া আছিল। কিয়নো তেওঁ এইদৰে কৈছিল: ‘কোনোৱে যদি মোক বুজাই নিদিয়ে তেন্তে মই কেনেকৈ বুজিম।’ সঁচাকৈ তেওঁ যি পঢ়িছিল তাক কোনোবাই বুজাই দিয়া আৱশ্যক আছিল। এই উদাহৰণটোৰ পৰা আমি জানিব পাৰিছোঁ যে যীচুৱে শিষ্য বনোৱাৰ বাবে দিয়া আজ্ঞাৰ সৈতে এক নিৰ্দ্দিষ্ট নিৰ্দ্দেশনাও সন্মিলিত আছে। সেই নিৰ্দ্দিষ্ট নিৰ্দ্দেশনাটো কি? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ, আঁহক আমি বাইবেলৰ মথি ২৮ অধ্যায়টোক আলোচনা কৰোঁহঁক। পূৰ্বৱৰ্তী লেখত কিয় আৰু কʼত বুলি উল্লেখ কৰা প্ৰশ্নটোৰ আলোচনা কৰা হʼল। এতিয়া আমি বাকী থকা আন দুটা প্ৰশ্ন, কেনে আৰু কেতিয়ালৈকে শিষ্য বনোৱা আজ্ঞাক পালন কৰা আৱশ্যক, এই বিষয়ে আলোচনা কৰিম।

“সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া”

৩. (ক) এজন ব্যক্তিয়ে কেনেকৈ যীচুৰ শিষ্য হʼব পাৰে? (খ) শিষ্য বনাবলৈ দিয়া শিক্ষাৰ সৈতে আৰু কি সন্মিলিত আছে?

যীচুৰ শিষ্য হʼবলৈ হʼলে আনক আমি কিহৰ বিষয়ে শিকোৱা উচিত? যীচুৱে তেওঁৰ শিষ্যবিলাকক আজ্ঞা দি এইদৰে কৈছিল: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।” (মথি ২৮:১৯, ২০) সেয়েহে আমি যীচুৱে আজ্ঞা কৰা সকলোকে পালন কৰিবলৈ আনক শিকোৱা আৱশ্যক। * এজন ব্যক্তিয়ে কেৱল শিষ্যই নহয়, কিন্তু যীচুৱে দিয়া সকলোবোৰ আজ্ঞাক যে ওৰে জীৱনে পালন কৰে, সেই বিষয়ে শিকোৱাজনে কেনেকৈ নিশ্চিত হʼব পাৰে? এই বিষয়ে জানিবলৈ হʼলে, সৰ্ব্বপ্ৰথমে আমি যীচুৱে উল্লেখ কৰা শব্দবোৰৰ প্ৰতি অতি মনোযোগেৰে ধ্যান দিয়া উচিত। লক্ষ্য কৰক যে তেওঁ সাধাৰণভাৱে এইদৰে কোৱা নাছিল: ‘মই আদেশ দিয়া সকলোবোৰ বিষয়ে শিক্ষা দিয়া।’ তাৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছিল: ‘মই আদেশ দিয়া সকলোবোৰ বিষয় পালন কৰিবলৈ শিকোৱা।’ (মথি ১৯:১৭) ইয়াত কি সন্মিলিত আছে?

৪. (ক) আজ্ঞা পালন কৰাৰ অৰ্থ কি? (খ) আমি কেনেকৈ আনক যীচুৰ আজ্ঞাবোৰ পালন কৰিবলৈ শিকাব পাৰোঁ?

কোনো এটা আজ্ঞা পালন কৰাৰ অৰ্থ হৈছে “এজন ব্যক্তিয়ে সেই অনুসাৰে কাৰ্য্য কৰা।” গতিকে আমি কেনেকৈ যীচুৱে দিয়া আজ্ঞাবোৰক পালন কৰিবলৈ আনক শিকাব পাৰোঁ? এই বিষয়ে এজন গাড়ীৰ চালকৰ নিৰ্দ্দেশকে নিজৰ বিদ্যাৰ্থীসকলক যান-বাহনৰ সম্বন্ধে দিয়া নিৰ্দ্দেশনাবোৰক মন কৰক। তেওঁ হয়তো ক্লাচৰোমত বিদ্যাৰ্থীবিলাকক যাতায়তৰ নিয়মবোৰৰ বিষয়ে শিকাব পাৰে। কিন্তু ক্লাচৰোমত শিকা যান-বাহনৰ নিয়মবোৰক গাড়ী চলাই যোৱাৰ সময়ত কেনেকৈ বিদ্যাৰ্থীজনে বাস্তৱতে পালন কৰা আৱশ্যক সেই বিষয়েও নিৰ্দ্দেশকজনে শিকোৱা প্ৰয়োজন। ঠিক সেইদৰে আমি বাইবেল অধ্যয়ন কৰা বিদ্যাৰ্থীসকলক শিকোৱাৰ উপৰিও যীচুৰ আজ্ঞাক কেনেকৈ পালন কৰা আৱশ্যক সেই বিষয়ে বৰ্ণনা কৰা উচিত। তদুপৰি আমি বিদ্যাৰ্থীসকলক খ্ৰীষ্টৰ নিৰ্দ্দেশনাবোৰক নিজৰ জীৱনধাৰা আৰু পৰিচৰ্য্যা কাৰ্য্যত কেনেকৈ প্ৰয়োগ কৰিব পাৰি সেই বিষয়ে সহায় কৰা আৱশ্যক। (যোহন ১৪:১৫; ১ যোহন ২:৩) এইদৰে যীচুৱে দিয়া আজ্ঞাক সম্পূৰ্ণকৈ পালন কৰিবলৈ আমি শিক্ষক আৰু মাৰ্গদৰ্শক এই উভয়ে হোৱা উচিত। এনে কৰাৰ দ্বাৰা আমি যীচু আৰু যিহোৱাই প্ৰস্তুত কৰা আৰ্হিক অনুকৰণ কৰিব পাৰিম।—গীত ৪৮:১৪; প্ৰকাশিত বাক্য ৭:১৭.

৫. আমাৰ সৈতে বাইবেল অধ্যয়ন কৰা ব্যক্তিজনে শিষ্য বনোৱা আজ্ঞাক পালন কৰিবলৈ কিয় সংকোচবোধ কৰিব পাৰে?

আনক যীচুৰ আজ্ঞাবোৰ পালন কৰিবলৈ দিয়া শিক্ষাৰ সৈতে শিষ্য বনাবলৈ দিয়া আজ্ঞাক পালন কৰাত তেওঁলোকক আমি সহায় কৰাও সন্মিলিত আছে। উদাহৰণস্বৰূপে, আমাৰ সৈতে বাইবেল অধ্যয়ন কৰা ব্যক্তিসকল হয়তো লাজকুৰীয়া স্বভাৱৰ হʼব পাৰে। তেওঁলোক হয়তো এসময়ত গীৰ্জাৰ সক্ৰিয় সদস্য আছিল আৰু কেতিয়াও ধৰ্ম্মগুৰুসকলৰ পৰা শিষ্য বনোৱা বিষয়ে শুনা বা শিক্ষা পোৱা নাছিল। খ্ৰীষ্টীয়জগতৰ কিছুমান ধৰ্ম্মগুৰুৱে স্পষ্টকৈ কৈছে যে তেওঁলোকে নিজৰ সদস্যসকলক ধৰ্ম্মবাণী প্ৰচাৰ কৰিবলৈ শিকোৱাত সম্পূৰ্ণকৈ বিফল হৈছে। সকলো জাতিৰ আগত গৈ প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা যীচুৰ আজ্ঞাৰ সম্বন্ধে জন্‌ আৰ. ডাব্লিও. স্কট্‌ নামৰ এজন বাইবেল বিদ্বানে এইদৰে কয়: “আমি এই আজ্ঞা পালন কৰাত বিফল হোৱাটোৱে নিৰ্দ্দেশিত কৰিছে যে বৰ্তমান সময়ত ধৰ্ম্মবাণী প্ৰচাৰ কৰা খ্ৰীষ্টানসকলৰ ক্ষেত্ৰত এইটো হৈছে এক বৃহৎ দুৰ্ব্বলতা।” আগলৈ তেওঁ এইদৰে কৈছে: “আমি ব্যক্তিগতভাৱে ধৰ্ম্মৰ বাৰ্ত্তা প্ৰচাৰ নকৰাটো এটা প্ৰৱণতা হৈ পৰিছে। এইটো যেন এনে, আমি সাগৰৰ পাৰত থিয় হৈ দূৰৰ পৰা ডুব যোৱা এজন ব্যক্তিক নিৰাপত্তালৈ আহিবলৈ পৰামৰ্শ দিছোঁ, কিন্তু আমি নিজেই পানীত নামি গৈ তিতি যোৱাৰ ভয়ত ডুব যোৱা ব্যক্তিজনক সহায় কৰিবলৈ আগবাঢ়ি যোৱা নাই।”

৬. (ক) বাইবেল অধ্যয়ন কৰা বিদ্যাৰ্থীজনক সহায় কৰাৰ সময়ত আমি কেনেকৈ ফিলিপে ৰাখা আৰ্হিক অনুকৰণ কৰিব পাৰোঁ? (খ) যেতিয়া বিদ্যাৰ্থীজনে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ আগবাঢ়ি আহে তেতিয়া আমি কেনেকৈ তেওঁৰ প্ৰতি বিবেচনাশীল হʼব পাৰোঁ?

যদি আমাৰ সৈতে বাইবেল অধ্যয়ন কৰা ব্যক্তিজনে পূৰ্বতে আন ধৰ্ম্মৰ আছিল আৰু কেতিয়াও প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা নাই, তেন্তে তেওঁৰ বাবে শিষ্য বনোৱা কাৰ্য্যত ভাগ লোৱাটো এক প্ৰত্যাহ্বানজনক হʼব পাৰে। তেওঁক অৱশ্যেই সহায়ৰ আৱশ্যক। যেনেকৈ ফিলিপৰ দ্বাৰা উৎসাহিত হৈ ইথিওপিয়াৰ ব্যক্তিজনে বাপ্তিষ্মা লবলৈ আগবাঢ়ি আহিল, তেনেকৈ আমিও অতি ধৈৰ্য্যৰে বিদ্যাৰ্থীজনৰ বুজশক্তিৰ অনুসাৰে উচিত নিৰ্দ্দেশনা আৰু পদক্ষেপ লবলৈ উৎসাহিত কৰা উচিত। (যোহন ১৬:১৩; পাঁচনিৰ কৰ্ম্ম ৮:৩৫-৩৮) তদুপৰি বাইবেল বিদ্যাৰ্থীসকলক শিষ্য বনোৱা আজ্ঞাক পালন কৰাত শিকোৱাৰ প্ৰতি থকা আমাৰ আগ্ৰহকতাই প্ৰচাৰ কৰিবলৈ প্ৰথমবাৰৰ বাবে আগবাঢ়ি অহা বিদ্যাৰ্থীসকলক সহায় কৰিবলৈ প্ৰেৰিত কৰিব।—উপদেশক ৪:৯, ১০; লূক ৬:৪০.

‘সেই সকলোকে পালন কৰা’

৭. তেওঁলোকক ‘যীচুৱে দিয়া সকলো আজ্ঞাক’ পালন কৰিবলৈ শিকোৱাৰ উপৰিও আৰু কি সন্মিলিত আছে?

আমি নতুনকৈ শিষ্য হোৱা ব্যক্তিসকলক শিষ্য বনোৱা কাৰ্য্যত অধিককৈ ভাগ লোৱাৰ বিষয়ে শিকোৱাতেই সীমিত নহওঁ। কিয়নো যীচুৱে আমাক তেওঁ আজ্ঞা কৰা “সকলোকে পালন কৰিবলৈ” আনক শিকোৱাত নিৰ্দ্দেশনা দিছিল। অৱশ্যে ইয়াত দুটা মহান আজ্ঞা অৰ্থাৎ ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেম সন্মিলিত হৈ আছে। (মথি ২২:৩৭-৩৯) এজন নতুনকৈ শিষ্য হোৱা ব্যক্তিক যীচুৱে দিয়া সকলোবোৰ আজ্ঞাক পালন কৰিবলৈ কেনেকৈ শিকাব পাৰি?

৮. নতুনকৈ হোৱা এজন শিষ্যই কেনেকৈ প্ৰেম প্ৰতিফলিত কৰাৰ সম্বন্ধে থকা আজ্ঞাক পালন কৰিব পাৰে, তাৰ বিষয়ে বৰ্ণনা কৰক।

পুনৰাই গাড়ী চলাবলৈ শিকা বিদ্যাৰ্থীজনৰ বিষয়ে বিবেচনা কৰক। যান-বাহনৰ মাজত গাড়ী চলাই যোৱাৰ সময়ত বিদ্যাৰ্থীজনে কেৱল নিৰ্দ্দেশকে কি কৈছে তাৰ প্ৰতি ধ্যান দিয়াৰ উপৰিও অন্য চালকবিলাকে কেনেকৈ গাড়ী চলাইছে তাকো লক্ষ্য কৰে। উদাহৰণস্বৰূপে, নিৰ্দ্দেশকে হয়তো এনে কিছুমান চালকক লক্ষ্য কৰিবলৈ কʼব পাৰে যিসকলে আন এখন গাড়ীক আগবাঢ়ি যাবলৈ বাট দিছে; বা সম্মুখত অহা গাড়ীখনৰ চালকৰ চকুত ছাট মাৰি নধৰিবলৈ হেডলাইটৰ উজ্জ্বলতা হ্ৰাস কৰিছে; বা বাটত বন্ধ হৈ যোৱা গাড়ীখনক টানি লৈ যাবলৈ সহায় আগবঢ়াইছে। এনে ধৰণৰ মূল্যৱান শিক্ষাবোৰ প্ৰয়োগ কৰি বিদ্যাৰ্থীজনে প্ৰকৃততে গাড়ী চলোৱাত পাকৈত হʼব। ঠিক সেইদৰে জীৱনৰ পথত চলা নতুন শিষ্যজনে কেৱল শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰাই নহয়, কিন্তু মণ্ডলীৰ উত্তম আৰ্হিবোৰকো অনুকৰণ কৰিবলৈ লক্ষ্য কৰে।—মথি ৭:১৩, ১৪.

৯. নতুনকৈ হোৱা এজন শিষ্যই কেনেকৈ প্ৰেম দেখুৱাৰ সম্বন্ধে থকা আজ্ঞাক পালন কৰিবলৈ শিকিব পাৰে?

উদাহৰণস্বৰূপে, এজন বাইবেল বিদ্যাৰ্থীয়ে হয়তো মণ্ডলীত থকা এনে একজনক মাতৃক লক্ষ্য কৰিছে যি গৰাকীয়ে তাইৰ সৰু লʼৰা-ছোৱালীবিলাকৰ সৈতে ৰাজ্যগৃহত উপস্থিত হʼবলৈ অনেক কষ্ট কৰে। তেওঁ হয়তো এগৰাকী নিৰুৎসাহিত হোৱা ভনীক নিজৰ সমস্যাবোৰৰ স্বত্বেও নিৰন্তৰে মণ্ডলীৰ সভাবোৰত উপস্থিত বা বৃদ্ধ বিধৱা ভনীয়ে আন বৃদ্ধ ভাই-ভনীক সভাবোৰত উপস্থিত হʼবলৈ সহায় আগবঢ়োৱা অথবা এটা কিশোৰ বা কিশোৰীয়ে ৰাজ্যগৃহ পৰিস্কাৰ কৰা কাৰ্য্যত ভাগ লোৱা দেখিবলৈ পাইছে। তদুপৰি তেওঁ হয়তো এনে এজন প্ৰাচীনৰ বিষয়ে লক্ষ্য কৰিছে যিজনে মণ্ডলীত অনেক দায়িত্ব বহন কৰা স্বত্বেও পৰিচৰ্য্যা কাৰ্য্যত নিষ্ঠাৰে আগভাগ লৈছে। তেওঁ হয়তো এনে ভাই বা ভনীক লক্ষ্য কৰিব পাৰিছে যিজন শাৰীৰিকভাৱে অক্ষম আৰু ঘৰৰ পৰা কʼলৈকো অহা-যোৱা কৰিব নোৱাৰাৰ স্বত্বেও তেওঁ/তাইক সাক্ষাৎ কৰিবলৈ অহাসকলক উৎসাহিত কৰিছে। আনকি বিদ্যাৰ্থীজনে এনে এহাল দম্পতীৰ প্ৰতি মনোযোগ দিছে, যিসকলে নিজৰ বৃদ্ধ পিতৃ-মাতৃক চোৱা-চিতা কৰিবলৈ তেওঁলোকৰ জীৱনত অনেক সাল-সলনি কৰিছে। এনে দয়ালু, সহায়ক আৰু বিশ্বাসযোগ্য খ্ৰীষ্টান ভাই-ভনীকক লক্ষ্য কৰি এই নতুন শিষ্যজনে ঈশ্বৰ আৰু চুবুৰীয়া, বিশেষকৈ সঙ্গী ভাই-ভনীসকলক প্ৰেম কৰিবলৈ দিয়া যীচুৰ আজ্ঞাৰ অৰ্থ কি, সেই বিষয়ে শিকিব পাৰিছে। (হিতোপদেশ ২৪:৩২; যোহন ১৩:৩৫; গালাতীয়া ৬:১০; ১ তীমথিয় ৫:৪, ৮; ১ পিতৰ ৫:২, ৩) এনে কৰাৰ দ্বাৰা মণ্ডলীৰ প্ৰত্যেকজন খ্ৰীষ্টানে শিক্ষক আৰু মাৰ্গদৰ্শক হʼব পাৰে আৰু বাস্তৱতে তেওঁলোকে তেনে হোৱাও উচিত।—মথি ৫:১৬.

“জগতৰ শেষলৈকে”

১০. (ক) আমি কেতিয়ালৈকে শিষ্য বনোৱা কাৰ্য্যত ভাগ লোৱা উচিত? (খ) ঈশ্বৰে দিয়া কাৰ্য্যক সম্পন্ন কৰিবলৈ যীচুৱে কেনে আৰ্হি প্ৰস্তুত কৰিলে?

১০ আমি কেতিয়ালৈকে শিষ্য বনোৱা কাৰ্য্যত ভাগ লোৱা উচিত? এই জগতৰ ৰীতি-ব্যৱস্থাৰ শেষ নোহোৱালৈকে আমি এই কাৰ্য্যত ভাগ লোৱা উচিত। (মথি ২৮:২০) আমি যীচুৰ এই আজ্ঞাক সম্পূৰ্ণকৈ পালন কৰিবলৈ সক্ষম হʼমনে? নিশ্চয়ে হম, কিয়নো বিশ্বব্যাপী মণ্ডলীৰ সদস্য হোৱা হেতুকে আমি ইয়াক পালন কৰিবলৈ দৃঢ়সঙ্কল্প লৈছোঁ। বিগত বছৰবোৰত আমি “অনন্ত জীৱন পাবলৈ নিৰূপিত” হোৱাবিলাকক বিচাৰি উলিয়াবলৈ আনন্দৰে নিজৰ সময়, শক্তি আৰু সাধনবোৰৰ ব্যৱহাৰ কৰিলোঁ। (পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) বৰ্তমান সময়ত প্ৰত্যেক বছৰে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত বিশ্বব্যাপী যিহোৱাৰ সাক্ষীসকলে দিনে গড় হিচাপে ৩০ লাখ ঘন্টাতকৈও অধিক সময় অতিবাহিত কৰিছে। আমি যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ বাবে তেনে কৰিবলৈ আগবাঢ়ি আহিছোঁ। আনকি যীচুৱে স্বয়ং এইদৰে কৈছিল: “মোক পঠোৱা জনাৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য্য সিদ্ধি কৰাই মোৰ আহাৰ।” (যোহন ৪:৩৪) এইয়া হৈছে আমাৰো আন্তৰিক ইচ্ছা। (যোহন ২০:২১) আমাক দিয়া কাৰ্য্যক কেৱল আৰম্ভই নহয়, কিন্তু সিদ্ধি কৰাটোৱে হৈছে আমাৰ প্ৰমুখ লক্ষ্য।—মথি ২৪:১৩; যোহন ১৭:৪.

১১. আমাৰ কিছুমান ভাই-ভনীক কেনে অৱস্থালৈ অৱনতি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি স্বয়ং কি কৰা আৱশ্যক?

১১ এইটো অতি দুখৰ বিষয় যে আমাৰ বহুতো সঙ্গী ভাই-ভনী ক্ৰমান্বয়ে আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰিছে আৰু শিষ্য বনোৱা আজ্ঞাক পালন কৰিবলৈও ত্যাগ কৰিছে। আমি এনে ভাই-ভনীসকলক পুনৰাই সক্ৰিয় কৰি তুলি শিষ্য বনোৱা কাৰ্য্যত উৎসাহিত কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ? (ৰোমীয়া ১৫:১; ইব্ৰী ১২:১২) যীচুৱে যেনেকৈ তেওঁৰ শিষ্যবিলাকক তেওঁলোকৰ অস্থায়ী দুৰ্ব্বল অৱস্থাত আধ্যাত্মিকৰূপে শক্তিশালী কৰিছিল, সেইদৰে আজি আমিও কৰিব পাৰোঁ।

আনৰ প্ৰতি বিবেচনাশীল হওক

১২. (ক) যীচুৰ মৃত্যু হোৱাৰ অলপ সময়ৰ আগেয়ে শিষ্যবিলাকে কি কৰিলে? (খ) শিষ্যবিলাকত এক গম্ভীৰ দুৰ্ব্বলতা দেখা পোৱাৰ স্বত্বেও যীচুৱে তেওঁলোকৰ সৈতে কেনে আচৰণ কৰিছিল?

১২ পৃথিৱীত যীচুৰ পৰিচৰ্য্যাৰ অন্তিম পৰ্য্যায়ত তেওঁৰ মৃত্যু সময় কাষ চাপি অহাত শিষ্যবিলাকে “তেওঁক এৰি, পলাই গল।” যীচুৱে ভৱিষ্যতবাণীত কোৱা অনুসাৰে তেওঁলোকে ‘নিজ নিজ ঠাইলৈ পলাই গৈছিল।’ (মাৰ্ক ১৪:৫০; যোহন ১৬:৩২) শিষ্যসকলৰ আধ্যাত্মিক দুৰ্ব্বলতা অৱস্থাত যীচুৱে কেনে আচৰণ কৰিলে? পুনৰুত্থান হোৱা কিছু সময়ৰ পিছত যীচুৱে কেইজনমান শিষ্যক এইদৰে কৈছিল: “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাইবিলাকক গালীললৈ যাবলৈ সম্বাদ দিয়াগৈ, তেওঁলোকে তাতে মোক দেখা পাব।” (মথি ২৮:১০) যীচুৱে যদিও তেওঁলোকত এক গম্ভীৰ দুৰ্ব্বলতা দেখিবলৈ পাইছিল, তথাপিও তেওঁ তেওঁলোকক “মোৰ ভাই” বুলি সম্বোধিত কৰিছিল। (মথি ১২:৪৯) যীচুৱে কেতিয়াও তেওঁলোকৰ ওপৰত ৰাখা আস্থা হেৰুৱা নাছিল। এনে কৰাৰ দ্বাৰা যীচুৱে দয়ালু আৰু ক্ষমাশীল হৈ যিহোৱাক অনুকৰণ কৰিছিল। (২ ৰাজাৱলি ১৩:২৩) এতেকে আমি কেনেকৈ যীচুক অনুকৰণ কৰিব পাৰোঁ?

১৩. আধ্যাত্মিকৰূপে দুৰ্ব্বল হোৱা সকলৰ প্ৰতি আমি কেনে দৃষ্টিভঙ্গী ৰাখা উচিত?

১৩ আধ্যাত্মিকৰূপে দুৰ্ব্বল হোৱা বা প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ ত্যাগ দিয়া সকলৰ প্ৰতি আমি বিবেচনাশীল হোৱা উচিত। তেওঁলোকে অতীতত কৰা কাৰ্য্যৰ বিষয়ে আমি আজিও পাহৰা নাই। (ইব্ৰী ৬:১০) আমি নিশ্চয়ে তেওঁলোকৰ অনুপস্থিতি অনুভৱ কৰিছোঁ। (লূক ১৫:৪-৭; ১ থিচলনীকীয়া ২:১৭) আমি তেওঁলোকৰ প্ৰতি কেনেকৈ বিবেচনাশীল হোৱাতো প্ৰকাশ কৰিব পাৰোঁ?

১৪. যীচুৰ আৰ্হিক অনুকৰণ কৰি আমি এজন আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিক কেনেকৈ সহায় কৰিব পাৰোঁ?

১৪ যীচুৱে নিৰুৎসাহিত হোৱা শিষ্যবিলাকক গালীলত যাবলৈ কৈছিল যাতে তেওঁলোকক পুনৰাই লগ পাব পাৰে। দৰাচলতে তেওঁ তেওঁলোকক এক বিশেষ সভাত উপস্থিত হʼবলৈ আমন্ত্ৰিত কৰিছিল। (মথি ২৮:১০) সেইদৰে আমিও আধ্যাত্মিকৰূপে দুৰ্ব্বল হোৱা সকলক খ্ৰীষ্টান মণ্ডলীৰ সভাবোৰত উপস্থিত হʼবলৈ কেৱল আমন্ত্ৰণেই নহয়, কিন্তু উৎসাহিতো কৰিব পাৰোঁ। যীচুৱে তেওঁৰ শিষ্যবিলাকক কৰা আমন্ত্ৰণ বাস্তৱতে ফলদায়ক আছিল, কিয়নো “এঘাৰ জন শিষ্য, গালীলৰ যি পৰ্ব্বত যীচুৱে নিৰূপণ কৰি থৈছিল, তালৈকে গল।” (মথি ২৮:১৬) আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিসকলে যেতিয়া পুনৰাই সভাত উপস্থিত হয় তেতিয়া আমি আনন্দিত নহওঁ নে বাৰু!—লূক ১৫:৬.

১৫. মণ্ডলীৰ সভাত উপস্থিত হোৱা আধ্যাত্মিকৰূপে দুৰ্ব্বল ভাই-ভনীসকলক সম্ভাষণ জনোৱাত আমি কেনেকৈ যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

১৫ মণ্ডলীৰ সভাত উপস্থিত হোৱা এজন আধ্যাত্মিকৰূপে দুৰ্ব্বল খ্ৰীষ্টান ভাই বা ভনীক দেখি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাম? যীচুৱে নিৰুৎসাহিত হৈ পৰা শিষ্যসকলক নিযুক্ত ঠাইত লগ পাই কেনে প্ৰতিক্ৰিয়া দেখুৱালে? বৃতান্তই কৈছে যে, “যীচুৱে ওচৰলৈ আহি তেওঁলোকক কʼলে।” (মথি ২৮:১৮) ইয়াৰ অৰ্থ হৈছে যীচুৱে দূৰৰ পৰা তেওঁলোকক যে দৃষ্টি কৰিছিল এনে নহয়, কিন্তু তেওঁ নিজেই তেওঁলোকৰ কাষ চাপি আহিল। কল্পনা কৰক, যীচুৰ এনে ব্যৱহাৰ দেখি তেওঁলোকে কিমান যে উৎসাহিত হʼল! গতিকে আঁহক আমিও মণ্ডলীৰ সভাত উপস্থিত হোৱা তেনে আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিসকলৰ কাষ চাপি আহি আন্তৰিকতাৰে সম্ভাষণ জনাওঁহঁক।

১৬. (ক) লগ পোৱা শিষ্যসকলৰ সৈতে যীচুৱে কৰা ব্যৱহাৰৰ পৰা আমি কি শিকিব পাৰোঁ? (খ) আমি কেনেকৈ দুৰ্ব্বল ব্যক্তিসকলৰ প্ৰতি যীচুৱে ৰাখা আৰ্হিক দেখুৱাব পাৰোঁ? (ফোটনোটত চাওক।)

১৬ ইয়াৰ পিছত যীচুৱে আৰু কি কৰিছিল? সৰ্ব্বপ্ৰথমে, তেওঁ ঘোষণা কৰি এইদৰে কৈছিল: “স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা মোক দিয়া হল।” দ্বিতীয়তে, তেওঁ এইদৰে আজ্ঞা দিছিল: “তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য” কৰা। তৃতীয়তে, তেওঁ আশ্বাস দি এইদৰে কৈছিল: “মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।” কিন্তু আপুনি লক্ষ্য কৰিছেনে যে যীচুৱে কি কৰা নাছিল? তেওঁ শিষ্যবিলাকৰ নিষ্ফলতা আৰু সন্দেপূৰ্ণ মনোবৃত্তি দেখি অভিযোগ কৰা নাছিল। (মথি ২৮:১৭) তেওঁৰ এনে আচৰণ দেখি শিষ্যসকলে প্ৰভাৱিত হৈছিলনে? নিশ্চয়ে হৈছিল। অতি শীঘ্ৰেই পাঁচনিবিলাকে পুনৰাই “ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ” আৰু প্ৰচাৰ কৰিবলৈ ধৰিলে। (পাঁচনিৰ কৰ্ম্ম ৫:৪২) আধ্যাত্মিকৰূপে দুৰ্ব্বল ব্যক্তিসকলৰ সৈতে কৰা আচৰণৰ ক্ষেত্ৰত যীচুৱে ৰাখা আৰ্হিক অনুকৰণ কৰি আমি স্থানীয় মণ্ডলীতো তেনে ধৰণৰ উত্তম পৰিণাম দেখিব পাৰোঁ। *পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

“মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।”

১৭, ১৮. “মই সদায়ে তোমালোকৰ সঙ্গে সঙ্গে আছোঁ” বুলি কোৱা যীচুৰ এই বাক্যশাৰীৰ সৈতে কেনে উৎসাহজনক বিচাৰধাৰা সন্মিলিত আছে?

১৭ “মই সদায়ে তোমালোকৰ সঙ্গে সঙ্গে আছোঁ,” বুলি কোৱা যীচুৰ এই অন্তিম বাক্যশাৰীয়ে শিষ্য বনোৱা আজ্ঞাক পালন কৰাত পৰিশ্ৰম কৰা ভাই-ভনীসকলৰ মনোবল অৱশ্যেই দৃঢ় কৰি তুলে। বিৰোধীবিলাকে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যৰ প্ৰতি যিয়ে বাধা নজন্মাওক আৰু আমাৰ ওপৰত যেনেকুৱাই মিছা অভিযোগ নিদিয়ক কিয়, আমি ভয় কৰাৰ কোনো কাৰণ নাই। কিয় ভয় কৰাৰ কোনো কাৰণ নাই? কিয়নো ‘স্বৰ্গ আৰু পৃথিৱীৰ ওপৰত সকলো ক্ষমতা’ পোৱা যীচু আমাৰ সঙ্গে সঙ্গে আছে।

১৮ “মই সদায়ে তোমালোকৰ সঙ্গে সঙ্গে আছোঁ” বুলি কোৱা যীচুৰ প্ৰতিজ্ঞাই আমাৰ বাবে অনেক শান্ত্বনা কঢ়িয়াই আনে। আমি শিষ্য বনোৱা আজ্ঞাক পালন কৰি কেৱল আনন্দই নহয়, কিন্তু দুখৰো সম্মুখীন হʼবলগীয়া হয়। (২ বংশাৱলি ৬:২৯) আমাৰ কিছুমানে তেওঁলোকৰ আপোনজনাক মৃত্যুত হেৰুৱাই দুখিত হৈছে। (আদিপুস্তক ২৩:২; যোহন ১১:৩৩-৩৬) আনসকলে বৃদ্ধ, শাৰীৰিক অসুস্থতা আৰু দুৰ্ব্বলতাৰ সম্মুখীন হৈছে। (উপদেশক ১২:১-৬) তদুপৰি আন কিছুমানে নিৰুৎসাহৰ সৈতে নিৰন্তৰে যুঁজিবলগীয়া হৈছে। (১ থিচলনীকীয়া ৫:১৪) ইয়াৰ উপৰিও আমাৰ বহুতে আৰ্থিক সমস্যাৰ সৈতেও সংঘৰ্ষ কৰিবলগীয়া হৈছে। যিয়েই নহওক এনে পৰিস্থিতি আৰু ইয়াতকৈ বেয়া অৱস্থাবোৰৰ সম্মুখীন হোৱা স্বত্বেও আমি আমাৰ পৰিচৰ্য্যা কাৰ্য্য সম্পন্ন কৰিবলৈ সফল হৈছোঁ। কিয়নো যীচু “সদায়ে” আমাৰ সঙ্গে সঙ্গে আছে।—মথি ১১:২৮-৩০.

১৯. (ক) শিষ্য বনোৱা সম্বন্ধে দিয়া যীচুৰ আজ্ঞাৰ সৈতে কেনে নিৰ্দ্দেশনাবোৰ সন্মিলিত আছে? (খ) কিহে আমাক যীচুৰ আজ্ঞাক সম্পূৰ্ণকৈ পালন কৰিবলৈ সহায় কৰিব?

১৯ যীচুৰ শিষ্য বনোৱা আজ্ঞাৰ সকলো ক্ষেত্ৰত কি কি সন্মিলিত আছে সেই বিষয়ে আমি পূৰ্বৱৰ্তী আৰু এই লেখটোত দেখিবলৈ পালোঁ। যীচুৱে আমাক কিয় আৰু কʼত এই আজ্ঞাক পালন কৰিব লাগে, সেই বিষয়ে কৈছিল। তদুপৰি আমি কিহৰ বিষয়ে শিকোৱা আৰু কেতিয়ালৈকে এই কাৰ্য্য কৰি থকা উচিত, ইয়াৰ বিষয়েও কʼলে। নিঃসন্দেহ, এই আজ্ঞা পালন কৰাতো কোনো সহজ কথা নহয়। তথাপিও যীচুৰ ক্ষমতা আৰু তেওঁ আমাৰ সঙ্গী হোৱাৰ হেতুকে আমি এই কাৰ্য্যক নিশ্চয়ে সম্পন্ন কৰিব পাৰিম। আপুনি এই কথাষাৰৰ সৈতে মান্তি নহয়নে? (w04 7/1)

[ফুটনোটবোৰ]

^ যীচুৱে কি কৈছিল এই বিষয়ে এটা উদ্ধৃতিয়ে এইদৰে কৈছে, “বাপ্তাইজ কৰাটো শিক্ষা দিয়া” নহয়, কিন্তু ‘বাপ্তাইজ আৰু শিক্ষাদান কৰা’ বিষয়েহে তেওঁ দাঙি ধৰিছিল। যিহেতু বাপ্তাইজ আৰু শিক্ষা দিয়া এই উভয়ে “. . . নিয়মানুৱৰ্ত্তীভাৱে হোৱা কাৰ্য্যক নুবুজায়।” তাৰ পৰিৱৰ্তে, শিক্ষাদানৰ অৰ্থ হৈছে একেৰাহে চলি থকা কাৰ্য্য যি আংশিকভাৱে বাপ্তিষ্মাৰ পূৰ্বে আৰম্ভ . . . আৰু বাপ্তিষ্মাৰ পিছত চলি থাকে।”

^ দুৰ্ব্বল ব্যক্তিসকলক কেনে দৃষ্টিৰে চোৱা উচিত, এই বিষয়ে বিতংকৈ জানিবলৈ ফেব্ৰুৱাৰী ১, ২০০৩ চনৰ অসমীয়া প্ৰহৰীবুৰুজ, ১৪-১৭ পৃষ্ঠাত চাওক।

আপুনি কেনেকৈ উত্তৰ দিব?

• আমি কেনেকৈ যীচুৱে দিয়া আজ্ঞাক পালন কৰিবলৈ আনক শিকাব পাৰোঁ?

• মণ্ডলীৰ আন সদস্যসকলৰ পৰা নতুনকৈ হোৱা এজন শিষ্যই কি শিকিব পাৰে?

• আধ্যাত্মিকভাৱে দুৰ্ব্বল হোৱা ব্যক্তিসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

• “মই সদায়ে তোমালোকৰ সঙ্গে সঙ্গে আছোঁ” বুলি কোৱা যীচুৰ এই কথাষাৰৰ পৰা কেনে মনোবল আৰু শান্ত্বনা পোৱা যায়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৫ পৃষ্ঠাৰ ছবিসমূহ]

আমি শিক্ষক আৰু নিৰ্দেশক হোৱা আৱশ্যক

[২৭ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰকৃত খ্ৰীষ্টানৰ আন সদস্যসকলে প্ৰস্তুত কৰা আৰ্হিৰ পৰা নতুনকৈ হোৱা শিষ্যজনে বহুতো কথা শিকিব পাৰে