Skip to content

Skip to table of contents

‘যোৱা আৰু সকলোকে শিষ্য বনোৱা’

‘যোৱা আৰু সকলোকে শিষ্য বনোৱা’

‘যোৱা আৰু সকলোকে শিষ্য বনোৱা’

‘স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হল। এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য বনোৱা।’—মথি ২৮:১৮, ১৯.

১, ২. (ক) যীচুৱে তেওঁৰ শিষ্যসকলক কেনে নিযুক্তিৰ দায়িত্ব দিছিল? (খ) যীচুৰ আজ্ঞাৰ সম্পৰ্কে কেনে প্ৰশ্নবোৰৰ বিষয়ে বিবেচনা কৰা হʼব?

 সা.যু. ৩৩ চনৰ বসন্ত কালৰ কোনো এদিনা যীচুৰ শিষ্যসকলে গালীল প্ৰদেশত থকা এটা পাহাৰৰ ওপৰত একত্ৰিত হৈছিল। তাত পুনৰুত্থিত প্ৰভু যীচুৱে স্বৰ্গাৰোহণ হোৱাৰ পূৰ্বেই তেওঁলোকক এক গুৰুত্বপূৰ্ণ নিযুক্তি দিবলগীয়া আছিল। সেই নিযুক্তিটো কি আছিল? শিষ্যসকলে সেই নিযুক্তিৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে? আজি সেই নিযুক্তি আমাৰ বাবে কেনেকৈ প্ৰযোজ্য হয়?

যীচুৱে কোৱা সেই নিযুক্তিৰ বিষয়ে মথি ২৮:১৮-২০ পদত এইদৰে কোৱা হৈছে: “স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা মোক দিয়া হল। এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।” ইয়াত যীচুৱে “সকলো ক্ষমতা,” “সকলো জাতিকে,” “সকলোকে পালন,” আৰু “সদায়” বুলি উল্লেখ কৰিছে। তেওঁ দিয়া আজ্ঞাত জড়িত থকা সেই চাৰিটা উক্তিয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন দাঙি ধৰে, যেনে, কিয়, কেতিয়া, কʼত আৰু কেনে ধৰণে তেওঁৰ আজ্ঞা পালন কৰিব পাৰি? এতিয়া আঁহক আমি ক্ৰমান্বয়ে সেই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰোঁহঁক। *

“সকলো ক্ষমতা মোক দিয়া হল”

৩. আমি কিয় শিষ্য বনোৱা সম্বন্ধে দিয়া আজ্ঞাক পালন কৰা উচিত?

প্ৰথম প্ৰশ্নটো হৈছে, শিষ্য বনোৱাৰ সম্বন্ধে দিয়া আজ্ঞাক আমি কিয় পালন কৰা উচিত? কিয়নো যীচুৱে এইদৰে কৈছিল: “স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা মোক দিয়া হল। এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য” বনোৱা। আমি কিয় এই আজ্ঞাটো পালন কৰা উচিত, সেই বিষয়ে এক গুৰুত্বপূৰ্ণ কাৰণ দাঙি ধৰি “এই হেতুকে” বুলি উল্লেখ কৰা উক্তিটোৱে কৈছে যে কিয়নো “সকলো ক্ষমতা” লাভ কৰা যীচুৱে স্বয়ং তেনে কৰিবলৈ আজ্ঞা দিছে। তেওঁৰ ক্ষমতাৰ কোনো নিৰ্দ্ধাৰিত সীমা আছেনে?

৪. (ক) যীচুৱে কিমান ব্যাপকভাৱে অধিকাৰ চলাবলৈ ক্ষমতা পালে? (খ) যীচুৱে লাভ কৰা ক্ষমতাৰ সম্বন্ধে আহৰণ কৰা জ্ঞানে আমাক কেনেকৈ শিষ্য বনোৱা আজ্ঞাক পালন কৰিবলৈ প্ৰেৰিত কৰে?

খ্ৰীষ্টান মণ্ডলী আৰু ১৯১৪ চনৰ পৰা নতুনকৈ স্থাপিত হোৱা ঈশ্বৰৰ ৰাজ্যৰ ওপৰত অধিকাৰ চলাবলৈ যীচুক ক্ষমতা দিয়া হʼল। (কলচীয়া ১:১৩; প্ৰকাশিত বাক্য ১১:১৫) তদুপৰি তেওঁ এজন প্ৰধান স্বৰ্গদূত হোৱাৰ বাবে অসংখ্য স্বৰ্গদূতবিলাকৰ ওপৰতো অধিকাৰ চলাবলৈ ক্ষমতা পালে। (১ থিচলনীকীয়া ৪:১৬; ১ পিতৰ ৩:২২; প্ৰকাশিত বাক্য ১৯:১৪-১৬) আনকি ধাৰ্ম্মিক স্তৰসমূহৰ বিৰোধীসকলৰ “সকলো শাসন, ক্ষমতা আৰু পৰাক্ৰম” লোপ কৰিবলৈও তেওঁৰ স্বৰ্গীয় পিতৃৰ দ্বাৰা অধিকাৰ পালে। (১ কৰিন্থীয়া ১৫:২৪-২৬; ইফিচীয়া ১:২০-২৩) তেওঁক কেৱল জীৱিত প্ৰাণীবিলাকৰ ওপৰতেই যে অধিকাৰ চলাবলৈ ক্ষমতা দিয়া হৈছে, এনে নহয়। বৰঞ্চ, “জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্ত্তা হʼবলৈ” আৰু মৃতবিলাকক জীয়াই তুলিবলৈও ক্ষমতা দিছে। (পাঁচনিৰ কৰ্ম্ম ১০:৪২; যোহন ৫:২৬-২৮) গতিকে ইমান ব্যাপকভাৱে অধিকাৰ চলাবলৈ ক্ষমতা লাভ কৰা যীচুৰ আজ্ঞাক পালন কৰাটো সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য। সেইবাবে আমি ‘শিষ্য বনোৱা’ এই আজ্ঞাক শ্ৰদ্ধাৰে আৰু আন্তৰিকতাৰে পালন কৰিবলৈ বিচাৰো।

৫. (ক) পিতৰে কেনেকৈ যীচুৰ নিৰ্দ্দেশনা পালন কৰিলে? (খ) যীচুৰ নিৰ্দ্দেশনা পালন কৰাৰ বাবে পিতৰে কেনে আশীৰ্ব্বাদ পালে?

পৃথিৱীত থকা সময়ত যীচুৱে তেওঁৰ শিষ্যবিলাকক এনে এক উল্লেখনীয় শিক্ষা দি কৈছিল যে যিসকলে তেওঁৰ ক্ষমতা স্বীকাৰ আৰু আজ্ঞা পালন কৰে, তেওঁবিলাকে অনেক আশীৰ্ব্বাদ লাভ কৰিব। আনকি তেওঁ এবাৰ মাছমৰীয়া পিতৰক এইদৰে কৈছিল: “দলৈ গৈ, মাছ ধৰিবলৈ জাল খেও দিয়াহঁক।” কিন্তু সেই ঠাইত যে মাছ পোৱাৰ কোনো আশা নাই, তাক মনত ৰাখি পিতৰে এইদৰে কৈছিল: “হে নাথ, আমি ওৰে ৰাতি শ্ৰম কৰি একো নাপালোঁ।” যিয়েই নহওক, তেওঁ নম্ৰতাপূৰ্বক এইদৰে কʼলে: “তথাপি আপোনাৰ কথাত জাল পেলাওঁ।” যীচুৰ আজ্ঞা অনুসাৰে কৰাৰ বাবে তেওঁ “বহু বহু মাছ” ধৰিবলৈ পাৰিলে। তেনে হোৱা দেখি পিতৰে আচৰিত হৈ যীচুৰ চৰণত পৰি এইদৰে কৈছিল: “হে প্ৰভু, মোৰ ওচৰ পৰা আপুনি আতঁৰ হৈ যাওক; কিয়নো মই পাপী মানুহ।” কিন্তু যীচুৱে তেওঁক এইদৰে কৈছিল: “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্যধাৰী হবা।” (লূক ৫:১-১০; মথি ৪:১৮) এই বৃতান্তটোৰ পৰা আমি কি শিকিব পাৰোঁ?

৬. (ক) আচৰিতভাৱে মাছ ধৰাৰ সম্বন্ধে দিয়া বৃতান্তই যীচুৱে বিচৰা কেনে ধৰণৰ আজ্ঞাকাৰীতা হোৱাৰ বিষয়ে দাঙি ধৰিছে? (খ) আমি কেনেকৈ যীচুক অনুকৰণ কৰিব পাৰোঁ?

পিতৰ, আন্দ্ৰিয় আৰু অন্য পাঁচনিবিলাকে বহু পৰিমাণে মাছ ধৰাৰ পিছতহে যীচুৱে “মনুষ্যধাৰী” হʼবলৈ তেওঁলোকক আমন্ত্ৰণ জনাইছিল। (মাৰ্ক ১:১৬, ১৭) যীচুৱে তেওঁলোকক অন্ধভাৱে সকলো কথা বিশ্বাস কৰিবলৈ কোৱা নাছিল। বৰঞ্চ, তেওঁলোকত বিশ্বাস জন্মাবলৈ যীচুৱে যুক্তি দেখুৱাই বৰ্ণনা কৰিছিল। যিদৰে তেওঁলোকে যীচুৰ কথা শুনি সমূদ্ৰত জাল পেলাই বহু পৰিমাণে মাছ ধৰিছিল, ঠিক সেইদৰে ‘মানুহক জীৱন্তে ধৰা’ বুলি দিয়া নিৰ্দ্দেশনা পালন কৰিও অনেক আশীৰ্ব্বাদ পাবলগীয়া আছিল। পাঁচনিবিলাকে সম্পূৰ্ণ বিশ্বাসেৰে এই আজ্ঞাক পালন কৰিছিল, যাৰ বিষয়ে বৃতান্তই এইদৰে কৈছে: “পাছে নাও কেইখন বামলৈ আনিলত, তেওঁলোকে সকলোকে ত্যাগ কৰি, তেওঁৰ অনুগামী হল।” (লূক ৫:১১) আজি আমি আনক শিষ্য বনোৱা কাৰ্য্যত ভাগ লবলৈ উৎসাহিত কৰাৰ দ্বাৰা যীচুক অনুকৰণ কৰোঁ। আমি কেৱল লোকসকলক আমাৰ বাৰ্ত্তাৰ প্ৰতি সাধাৰণভাৱে বিশ্বাস কৰাটোৱেই নহয়, কিন্তু তেওঁলোকৰ আগত যুক্তি দেখুৱাই যীচুৰ নিৰ্দ্দেশনাক পালন কৰিবলৈও উৎসাহিত কৰোঁ।

যুক্তিপূৰ্ণ কাৰণ আৰু উচিত মনোবৃত্তি

৭, ৮. (ক) ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যৰ সম্বন্ধে থকা কিছুমান শাস্ত্ৰীয় কাৰণ কি? (খ) কোনটো শাস্ত্ৰীয় পদে একেৰাহে প্ৰচাৰ কাৰ্য্যত লাগি থাকিবলৈ আপোনাক প্ৰেৰিত কৰিছে? (ফোটনোতটো চাওক।)

আমি যীচুৰ ক্ষমতাৰ বিষয়ে জানিব পাৰি শুভবাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত ভাগ লৈছোঁ। লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে কʼবলৈ আন কেনে শাস্ত্ৰীয় কাৰণসমূহে আমাক প্ৰেৰিত কৰিছে? বিভিন্ন দেশত থকা যিহোৱাৰ সাক্ষীসকলে এই বিষয়ে কেনে মন্তব্য দিছে আৰু উদ্ধৃত শাস্ত্ৰীয় পদবোৰে কেনেকৈ তেওঁলোকৰ মন্তব্যবোৰক সমৰ্থন কৰিছে তাৰ বিষয়ে বিবেচনা কৰক।

ৰয় নামৰ ভাইজনে ১৯৫১ চনত বাপ্তিষ্মা লয়, তেওঁ এইদৰে মন্তব্য দিয়ে: “সমৰ্পণৰ সময়ত মই সদায়ে যিহোৱাৰ সেৱা কৰিম বুলি প্ৰতিজ্ঞা কৰিলোঁ। মই সেই অনুসাৰে চলিবও বিচাৰোঁ।” (গীত ৫০:১৪; মথি ৫:৩৭) ১৯৬২ চনত বাপ্তিষ্মা লোৱা হীথাৰ নামৰ ভনী গৰাকীয়ে এইদৰে কয়: “যেতিয়া যিহোৱাই মোৰ সম্বন্ধে কৰা কাৰ্য্যবোৰৰ বিষয়ে সোঁৱৰণ কৰোঁ তেতিয়া মই বিশ্বাসী হৈ সেৱা কৰাৰ দ্বাৰা তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি থাকিব বিচাৰোঁ।” (গীত ৯:১, ৯-১১; কলচীয়া ৩:১৫) ১৯৫৪ চনত বাপ্তিষ্মা লোৱা হেনীলʼৰ নামৰ ভনী গৰাকীয়ে এইদৰে কৈছে: “আমি প্ৰচাৰ কাৰ্য্য কৰাৰ সময়ত স্বৰ্গদূতবিলাকে সদায়ে আমাক সহায় কৰা অনুভৱ কৰোঁ। সঁচাকৈ ই কিযে এক বিশেষাধিকাৰ!” (পাঁচনিৰ কৰ্ম্ম ১০:৩০-৩৩; প্ৰকাশিত বাক্য ১৪:৬, ৭) ১৯৬৯ চনত বাপ্তিষ্মা লোৱা হনʼৰ নামৰ ভনী গৰাকীয়ে এইদৰে কয়: “যিহোৱাৰ সোধ-বিচাৰৰ সময়ত মোৰ ওচৰ-চুবুৰীয়াসকলৰ কোনো এজনেও, যিহোৱা আৰু তেওঁৰ সাক্ষীসকলে অমনোযোগী হোৱাৰ বাবে ‘মই কোনো সতৰ্কবাণী নাপালোঁ’ বুলি মিছা অভিযোগ দিবলৈ যেন সুযোগ নাপায়।’” (যিহিষ্কেল ২:৫; ৩:১৭-১৯; ৰোমীয়া ১০:১৬, ১৮) ১৯৭৪ চনত বাপ্তিষ্মা লোৱা ক্লডীয়’ নামৰ ভাইজনে এইদৰে কৈছে: “আমি প্ৰচাৰ কাৰ্য্য কৰাৰ সময়ত ‘যিহোৱাই আমালৈ দৃষ্টি কৰে’ আৰু ‘যীচু আমাৰ সঙ্গী হিচাবে থাকে।’ কল্পনা কৰক যে সেই সময়ছোৱাত আমাৰ সকলোতকৈ প্ৰিয় বন্ধু অৰ্থাৎ যিহোৱা আৰু তেওঁৰ পুত্ৰৰ সৈতে সঙ্গতি কৰি অতিশয় আনন্দিত নহওঁনে বাৰু!”—২ কৰিন্থীয়া ২:১৭. *

৯. (ক) পিতৰ আৰু অন্য পাঁচনিবিলাকৰ মাছ ধৰা বৃতান্তই যীচুৰ আজ্ঞা পালন কৰাৰ প্ৰতি কেনে মনোবৃত্তি ৰাখা আৱশ্যক বুলি উল্লেখ কৰিছে? (খ) আজিৰ সময়ত যীচুৰ আজ্ঞা পালন কৰাত কেনে উপযুক্ত মনোবৃত্তি জড়িত আছে আৰু কিয়?

আচৰিতৰূপে বহু পৰিমাণে মাছ ধৰা বৃতান্তই দাঙি ধৰিছে যে যীচুৰ আজ্ঞা পালন কৰিবলৈ উচিত মনোবৃত্তি অৰ্থাৎ প্ৰেম ৰাখা আৱশ্যক। ‘মোৰ ওচৰৰ পৰা আপুনি আঁতৰ হৈ যাওক, কিয়নো মই পাপী’ বুলি পিতৰে কোৱাৰ পিছতো যীচুৱে তেওঁৰ ওচৰৰ পৰা আঁতৰি নগʼল অথবা তেওঁক পাপৰ বাবে দোষী সাব্যস্তও নকৰিলে। (লূক ৫:৮) তদুপৰি তেওঁ পিতৰে কৰা অনুৰোধৰ প্ৰতিও কোনো তুচ্ছজ্ঞান নকৰিলে। তাৰ পৰিৱৰ্তে তেওঁ মৃদুস্বৰে উত্তৰ দি এইদৰে কৈছিল: “ভয় নকৰিবা।” কিবা অমঙ্গল ঘটিব বুলি ভয় কৰি যীচুৰ আজ্ঞাক পালন কৰাটো পিতৰৰ বাবে অনুচিত হʼলহেঁতেন। তাৰ পৰিৱৰ্তে যীচুৱে পিতৰ আৰু তেওঁৰ সঙ্গীসকলক মনুষ্যধাৰী হোৱাত কেনেকৈ কাৰ্য্যকাৰী হʼব পাৰে, এই বিষয়ে কৈছিল। ঠিক সেইদৰে আজি আমিও কোনো ভয় বা নেতিবাচক মনোবৃত্তি ৰাখি এই আজ্ঞা পালন নকৰোঁ। কেৱল প্ৰেমৰ ওপৰত আধাৰিত সম্পূৰ্ণ হৃদয়েৰে আজ্ঞাকাৰীতা হৈ যিহোৱা আৰু যীচুৰ মন আনন্দিত কৰিব পাৰি।—মথি ২২:৩৭.

“সকলো জাতিকে শিষ্য” বনোৱা

১০. (ক) শিষ্য বনোৱা সম্বন্ধে যীচুৱে দিয়া আজ্ঞাক পালন কৰিবলৈ শিষ্যবিলাকৰ বাবে কিয় এক প্ৰত্যাহ্বানজনক বিষয় আছিল? (খ) যীচুৰ শিষ্যবিলাকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

১০ যীচুৰ আজ্ঞা পালন কৰা সম্বন্ধে উঠা দ্বিতীয় প্ৰশ্নটো হৈছে, এই শিষ্য বনোৱা কাৰ্য্য কʼত সম্পন্ন হোৱা উচিত? এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “সকলো জাতিকে শিষ্য” বনোৱা। যীচুৰ সেৱা কাৰ্য্যৰ সময়ত যদি কোনো পৰজাতীয় লোকে যিহোৱাক সেৱা কৰিবলৈ যিহূদা দেশত আহিব বিচাৰিছিল তেন্তে তেওঁলোকক আদৰণি জনোৱা হৈছিল। (১ ৰাজাৱলি ৮:৪১-৪৩) যীচুৱে বেছিভাগ সময়ত ইহুদীসকলৰ এলেকাত গৈ প্ৰচাৰ কৰিছিল, কিন্তু এতিয়া তেওঁ শিষ্যবিলাকক সকলো জাতিৰ ওচৰলৈ গৈ প্ৰচাৰ কৰিবলৈ আজ্ঞা দিলে। আৰম্ভণীতে শিষ্যবিলাকে যদিও “পুখুৰী” সাদৃশ্য এলেকা অৰ্থাৎ কেৱল ইহুদী থকা ঠাইবোৰলৈ গৈ প্ৰচাৰ কৰিছিল, তথাপিও অতি শীঘ্ৰেই তেওঁলোকে “সাগৰ” সাদৃশ অথবা সমুদায় মানৱজাতিৰ আগত প্ৰচাৰ কৰিবলগীয়া আছিল। তেওঁলোকে যদিও এই কাৰ্য্য কৰিবলৈ কিছুমান প্ৰত্যাহ্বানৰ সম্মুখীন হʼবলগীয়া হৈছিল, তথাপিও তেওঁলোকে যীচুৰ আজ্ঞা পালন কৰিবলৈ পিছ নুহুঁহকিলে। সেইবাবে যীচুৰ মৃত্যুৰ ৩০ বছৰৰ পিছত পাঁচনি পৌলে কেৱল ইহুদীবিলাককেই নহয়, কিন্তু “আকাশ-মণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত” প্ৰচাৰ কৰা হʼল বুলি লিখিব পাৰিলে।—কলচীয়া ১:২৩.

১১. বিংশ শতাব্দীৰ পৰা কেনে লাক্ষণিক ‘মাছ ধৰা কাৰ্য্য’ বিস্তাৰিতভাৱে হʼবলৈ আৰম্ভ হʼল?

১১ বৰ্তমান আমাৰ সময়তো সেই একেই সাদৃশ্যতাৰে কাৰ্য্য কৰা দেখিবলৈ পোৱা গৈছে। বিংশ শতাব্দীৰ আৰম্ভণীতে কেৱল কিছুমান দেশতহে লাক্ষণিক ‘মাছ ধৰা কাৰ্য্য’ বিস্তাৰিত কৰা হৈছিল। তথাপিও প্ৰথম শতিকাৰ দৰে যীচুৰ এই শিষ্যবিলাকেও দূৰত থকা এলেকাবোৰলৈ গৈ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। (ৰোমীয়া ১৫:২০) ১৯৩০ চনৰ আৰম্ভণীলৈকে তেওঁলোকে প্ৰায় এশখন দেশত প্ৰচাৰ কৰিবলৈ সক্ষম হʼল। বৰ্তমান সময়ত আমাৰ এই লাক্ষণিক ‘মাছ ধৰা কাৰ্য্য’ ২৩৫ খন দেশলৈ বিস্তাৰিত কৰা হৈছে।—মাৰ্ক ১৩:১০.

“আটাই ভাষা কব পৰা” লোকসকল

১২. জখৰিয়া ৮:২৩ পদত উল্লেখ কৰা ভৱিষ্যতবাণীত কেনে এক প্ৰত্যাহ্বানজনক বিষয় দেখিবলৈ পোৱা গৈছে?

১২ সকলো জাতিৰ আগত গৈ প্ৰচাৰ কৰাটো যে একমাত্ৰ প্ৰত্যাহ্বানজনক কাৰ্য্য, এনে নহয়। কিন্তু ভাষাও এক প্ৰত্যাহ্বান সৃষ্টি কৰে। যিহোৱাই তেওঁৰ ভাববাদী জখৰিয়াৰ দ্বাৰা এইদৰে কৈছিল: “সেই দিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।” (জখৰিয়া ৮:২৩) এই ভৱিষ্যতবাণী “এজন যিহূদী লোক” অৰ্থাৎ অভিষিক্ত বৰ্গ আৰু “দহ জন লোক” অৰ্থাৎ ‘এক বৰ লোকসমূহক’ বুজোৱাৰ ক্ষেত্ৰত বিস্তাৰিতভাৱে পূৰ্ণ হৈছে। * (প্ৰকাশিত বাক্য ৭:৯, ১০; গালাতীয়া ৬:১৬) এই বৃহৎ সংখ্যাত থকা যীচুৰ শিষ্যবিলাক ভিন্ন জাতিৰ পৰা আহিছে আৰু জখৰিয়াৰ অনুসাৰে তেওঁবিলাকে অনেক ভাষা কʼব পাৰে। বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলেও তেনেদৰে হোৱা প্ৰমাণ দিছেনে? অৱশ্যেই দিছে।

১৩. (ক) বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ মাজত ভাষাৰ সম্বন্ধে কেনে উন্নতি দেখিবলৈ পোৱা গৈছে? (খ) ভিন্ন ভাষাত আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ বিশ্বাসী বুদ্ধিমান দাসবৰ্গই কেনেদৰে কাৰ্য্য কৰিছে? (“অন্ধবিলাকৰ বাবে প্ৰকাশনসমূহ” নামৰ বক্সটো সন্মিলিত কৰক।)

১৩ গোটেই বিশ্বত যিহোৱাৰ সাক্ষীসকলৰ পাঁচজনৰ ভিতৰত তিনিজনৰেই মাতৃভাষা ১৯৫০ চনৰলৈকে ইংৰাজী আছিল। কিন্তু ১৯৮০ চনত ইংৰাজী ভাষা কোৱা লোকৰ সংখ্যা পাঁচৰ পৰা দুইজনলৈ হ্ৰাস হʼল আৰু বৰ্তমান সময়ত পাঁচজনৰ ভিতৰত এজন ব্যক্তিৰ মাতৃভাষা হৈছে ইংৰাজী। এনে ভাষাজনিত পৰিৱৰ্তন সম্বন্ধে বিশ্বাসী বুদ্ধিমান দাসে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছে? তেওঁলোকে বিভিন্ন ভাষাত আধ্যাত্মিক আহাৰ বিতৰণ কৰিছে। (মথি ২৪:৪৫) উদাহৰণস্বৰূপে, ১৯৫০ চনত বাইবেল আধাৰিত প্ৰকাশনসমূহ ৯০ টা ভাষাত প্ৰকাশ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত প্ৰায় ৪০০ টা ভাষাত আমাৰ প্ৰকাশনসমূহ ছপা কৰা হৈছে। এনে বৃদ্ধিৰ বাবে ভিন্ন ভাষা কোৱা লোকসকলৰ পৰা কোনো ফলাফল পোৱা গৈছেনে? অৱশ্যেই পোৱা গৈছে! উদাহৰণস্বৰূপে, বছৰৰ প্ৰত্যেক সপ্তাহে ‘ভিন্ন ভাষা কোৱাসকলৰ’ প্ৰায় ৫,০০০ লোকে যীচুৰ শিষ্য হৈ পৰিছে। (প্ৰকাশিত বাক্য ৭:৯) তদুপৰি এই বৃদ্ধি একেৰাহে হৈ আছে। কিছুমান দেশত ‘জালৰ’ দ্বাৰা বহু পৰিমাণে মাছ ধৰা হৈছে।—লূক ৫:৬; যোহন ২১:৬.

আপুনি এক ফলদায়ক প্ৰচাৰ কাৰ্য্যত ভাগ লʼব বিচাৰিবনে?

১৪. আমাৰ প্ৰচাৰ ক্ষেত্ৰত ভিন্ন ভাষা কোৱা ব্যক্তিসকলক কেনেকৈ সহায় কৰিব পাৰি? (“সঙ্কেতিক ভাষা আৰু শিষ্য বনোৱা” নামৰ বক্সটো সন্মিলিত কৰক।)

১৪ বহুতো পশ্চিমীয়া দেশত অনেক অপ্ৰবাসী লোক গৈ বসবাস কৰাৰ হেতুকে তাৰ স্থানীয় ভাই-ভনীসকলৰ বাবে ভিন্ন ‘ভাষাৰ’ লোকক শিষ্য বনোৱাতো এক প্ৰত্যাহ্বানজনক হৈ পৰিছে। (প্ৰকাশিত বাক্য ১৪:৬) আমাৰ এলেকাত থকা অন্য ভাষা কোৱা লোকসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ? (১ তীমথিয় ২:৪) আমি হয়তো তেনে লোকসকলক শুভবাৰ্ত্তাৰ বিষয়ে জনাবলৈ উপযুক্ত সাধন ব্যৱহাৰ কৰিব পাৰোঁ। যেনে, তেওঁলোকক নিজৰ ভাষাত উপলব্ধ থকা কোনো প্ৰকাশন দিয়া আৰু যদি সম্ভৱ, তেন্তে তেওঁলোকৰ ভাষা কোৱা কোনোবা ভাই বা ভনীক তেওঁলোকক পুনৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰা। (পাঁচনিৰ কৰ্ম্ম ২২:২) বৰ্তমান সময়ত তেনে ব্যৱস্থা কৰাটো সহজ, কিয়নো আমাৰ বহুতো ভাই-ভনীয়ে আন ভাষা কোৱা লোকক খ্ৰীষ্টৰ শিষ্য হোৱাত সহায় কৰিবলৈ আন ভাষা কʼবলৈ শিকিছে। বিভিন্ন দেশৰ পৰা অহা ৰিপোৰ্টবোৰে দেখুৱাইছে যে তেনে ধৰণৰ সহায় আগবঢ়াই ভাই-ভনীসকলে এক উল্লেখনীয় অভিজ্ঞতা লাভ কৰিছে।

১৫, ১৬. (ক) কেনে উদাহৰণসমূহে দেখুৱাইছে যে যিসকলে বিদেশী ভাষা কʼব পাৰে, তেওঁলোকে অনেক আশীৰ্ব্বাদ লাভ কৰিছে? (খ) আন ভাষাত পৰিচৰ্য্যা কাৰ্য্য কৰাৰ ক্ষেত্ৰত কেনে প্ৰশ্নবোৰ বিবেচনা কৰিলে উত্তম হʼব?

১৫ এই সন্দৰ্ভত নেদাৰলেণ্ডত ৩৪ টা ভাষাত সুব্যৱস্থিতভাৱে হোৱা প্ৰচাৰ কাৰ্য্যৰ দুটা উদাহৰণৰ সম্পৰ্কে বিবেচনা কৰক। এহাল যিহোৱাৰ সাক্ষী দম্পতীয়ে পোলিচ ভাষা কোৱা অপ্ৰবাসী লোকক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা শুনাবলৈ স্বইচ্ছাৰে আগবাঢ়ি আহিল। তেওঁলোকে কৰা প্ৰচেষ্টাৰ বাবে ইমানেই উত্তম ফলাফল দেখিবলৈ পোৱা গʼল যে স্বামীজনে নিজৰ চাকৰীৰ পৰা সপ্তাহত এদিনকৈ ছুটি লৈ আগ্ৰহী ব্যক্তিসকলৰ সৈতে অধ্যয়ন পৰিচালনা কৰিবলগীয়া হʼল। অতি শীঘ্ৰেই এই দম্পতীহালে প্ৰত্যেক সপ্তাহে ২০ টাতকৈ অধিক বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ সক্ষম হয়। এই কাৰ্য্যৰ প্ৰতি তেওঁলোকে কেনে অনুভৱ কৰিছে, তাৰ বিষয়ে এইদৰে কৈছে: “আমাৰ পৰিচৰ্য্যা কাৰ্য্যই আমাক অতিশয় আনন্দিত কৰি তুলিছে।” যেতিয়া আন ভাষা কোৱা লোকসকলে নিজৰ ভাষাত বাইবেলৰ সত্যতাৰ বিষয়ে শুনি মূল্যাঙ্কন দেখুৱাই তেতিয়া প্ৰচাৰকসকলেও অতি আনন্দিত হয়। উদাহৰণস্বৰূপে, ভিয়েটনামী ভাষাত খ্ৰীষ্টান সভা পৰিচালনা হৈ থকাৰ সময়ত এজন বৃদ্ধ ব্যক্তিয়ে থিয় হৈ কথা কʼবলৈ অনুমতি বিচাৰিলে। তেওঁ চকু-লো টুকি সাক্ষীসকলক এইদৰে কৈছিল: “আপোনালোকে মোৰ কঠিন ভাষা শিকিবলৈ যি প্ৰচেষ্টা কৰিলে, তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। এই বৃদ্ধ অৱস্থাত মই বাইবেলৰ পৰা বহুতো উল্লেখনীয় বিষয় শিকিবলৈ পাই অতি কৃতজ্ঞতা অনুভৱ কৰিছোঁ।”

১৬ ইয়াত কোনো সন্দেহ নাই যে যিসকলে আন ভাষা কোৱা মণ্ডলীবোৰত সেৱা কৰি আছে তেওঁলোকে অধিক আশীৰ্ব্বাদ লাভ কৰিছে। ব্ৰিটেইনৰ পৰা অহা এহাল দম্পতীয়ে এইদৰে কৈছিল: “আমি ৪০ বছৰ ধৰি বিদেশত পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাটো আমাৰ বাবে এক উল্লেখনীয় অভিজ্ঞতা আছিল।” এনে উৎসাহজনক পৰিচৰ্য্যা কাৰ্য্যত ভাগ লবলৈ আপুনি নিজৰ পৰিস্থিতিত সাল-সলনি কৰিব পাৰেনে? যদি আপুনি স্কুলত পঢ়ি আছে তেন্তে এনে ধৰণৰ পৰিচৰ্য্যাত ভাগ লবলৈ কোনো বিদেশী ভাষা শিকিছেনে? এনে কৰাৰ দ্বাৰা হয়তো আপোনাৰ বাবে আশীৰ্ব্বাদ লাভ কৰাৰ অনেক দুৱাৰ মুকলি হʼব পাৰে। (হিতোপদেশ ১০:২২) এই বিষয়ে আপুনি নিজৰ পিতৃ-মাতৃৰ সৈতে আলোচনা নকৰে কিয়?

আমাৰ বিভিন্ন পদ্ধতি

১৭. আমি আমাৰ মণ্ডলীৰ প্ৰচাৰ এলেকাত থকা অধিক সংখ্যক লোকক কেনেকৈ প্ৰচাৰ কৰিব পাৰোঁ?

১৭ এইটো সঁচা যে আমি সকলোৱে বিদেশী ভাষা কোৱা এলেকা বা অঞ্চলত গৈ পৰিচৰ্য্যা কাৰ্য্য কৰিব নোৱাৰোঁ। তথাপিও আমি আমাৰ মণ্ডলীৰ প্ৰচাৰ এলেকাত থকা লোকবিলাকৰ উপৰিও অধিক সংখ্যক লোকক প্ৰচাৰ কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰোঁ? আমাৰ বিভিন্ন পদ্ধতিৰে আনক শুভবাৰ্ত্তা কোৱাৰ দ্বাৰা আমি তেনে কৰিব পাৰোঁ। আজি বহুতো এলেকাত লোকসকলে কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা এপাৰ্টমেন্টত বাস কৰে। আনকি ঘৰে-ঘৰে প্ৰচাৰ কৰা সময়তো আমি বহুতো লোকক ঘৰত লগ নাপাওঁ। এনে পৰিস্থিতিত হয়তো আমি আমাৰ “জাল” অৰ্থাৎ লোকসকলক সাক্ষাৎ কৰিবলৈ আন সময়ত যাব পাৰোঁ। এইদৰে আমি যীচুৰ আৰ্হিক অনুকৰণ কৰোঁ, যিজনে লোকসকলৰ সৈতে কথোপকথন হʼবলৈ বিভিন্ন পদ্ধতিৰ অৱলম্বন কৰিছিল।—মথি ৯:৯; লূক ১৯:১-১০; যোহন ৪:৬-১৫.

১৮. কেনেকৈ বিভিন্ন ঠাইলৈ গৈ প্ৰচাৰ কৰাটো কাৰ্য্যকাৰীৰূপে প্ৰমাণিত হৈছে? (“ব্যৱসায়ী লোকসকলক শিষ্য বনোৱা” নামৰ বক্সটো সন্মিলিত কৰক।)

১৮ পৃথিৱীৰ কিছুমান ঠাইত যʼতেই লোকসকলক লগ পোৱা যায় তালৈ গৈ প্ৰচাৰ কৰাটো এক উত্তম পদ্ধতি হʼব। অনুভৱী প্ৰচাৰকসকলে বিভিন্ন ঠাইলৈ গৈ লোকসকলক সাক্ষী দিয়াৰ প্ৰতি মনোযোগ দিছে। প্ৰচাৰকসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য্য কৰাৰ উপৰিও বিমান বন্দৰ, অফিচ, দোকান, পাৰ্কিং স্থান, বাছ ৰখোৱা স্থান, উদ্যান আৰু সাগৰৰ পাৰতো সাক্ষী দিছে। হাৱাইত নতুনকৈ বাপিষ্মা লোৱা বহুতো সাক্ষীক প্ৰথমে এনে ঠাইবোৰতে লগ পাইছিল। বিভিন্ন পদ্ধতিৰে কৰা প্ৰচাৰ কাৰ্য্যই আমাক শিষ্য বনোৱা আজ্ঞাক সম্পূৰ্ণকৈ পালন কৰিবলৈ সহায় কৰে।—১ কৰিন্থীয়া ৯:২২, ২৩.

১৯. পৰৱৰ্তী লেখত যীচুৰ আজ্ঞাৰ সৈতে সম্পৰ্ক থকা কেনে দুটা দিশৰ বিষয়ে আলোচনা কৰা হʼব?

১৯ শিষ্য বনোৱা সম্পৰ্কে দিয়া যীচুৰ নিযুক্তি কেৱল কিয় আৰু কʼত কৰিব লাগে বুলি বিৱৰণী দিয়াতেই যে সীমিত, এনে নহয়। কিন্তু আমি কেনে শুভবাৰ্ত্তা আৰু কেতিয়ালৈকে সেই বাৰ্ত্তা একেৰাহে প্ৰচাৰ কৰা আৱশ্যক সেই বিষয়েও উল্লেখ কৰিছে। এই দুয়োটা দিশৰ বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম। (w04 7/1)

[ফুটনোটবোৰ]

^ এই লেখটোত আমি প্ৰথম দুটা প্ৰশ্নৰ বিষয়ে আৰু পৰৱৰ্তী লেখত বাকী দুটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম।

^ প্ৰচাৰ কাৰ্য্য কৰাৰ সম্বন্ধে থকা অতিৰিক্ত কাৰণসমূহ হিতোপদেশ ১০:৫; আমোচ ৩:৮; মথি ২৪:৪২; মাৰ্ক ১২:১৭; ৰোমীয়া ১:১৪, ১৫ পদত পোৱা যায়।

^ এই ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ বিষয়ে অধিককৈ জানিবলৈ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত, মে’ ১, ২০০১ চনৰ প্ৰহৰীবুৰুজ, (w01-AE) ২১ পৃষ্ঠা আৰু যিচয়াৰ ভৱিষ্যতবাণী—সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ২, ৪০৮ পৃষ্ঠাত চাওক।

আপোনাৰ মনত আছেনে?

• আমি কেনে উদ্দেশ্য আৰু কাৰণসমূহৰ বাবে শুভবাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত ভাগ লওঁ?

• বৰ্তমান সকলো জাতিক শিষ্য বনাবলৈ যিহোৱাৰ উপাসকসকলে কিমান বিস্তাৰিতভাৱে প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিছে?

• আমি কেনেকৈ ভিন্ন ‘মাছ ধৰা’ পদ্ধতি অৱলম্বন কৰিব পাৰোঁ আৰু তেনেকৈ কিয় কৰা আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২২ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

অন্ধবিলাকৰ বাবে প্ৰকাশনসমূহ

সংযুক্ত ৰাষ্ট্ৰত বাস কৰা এলবাৰ্ট নামৰ প্ৰাচীনজনৰ বিষয়ে বিবেচনা কৰক। তেওঁ অন্ধ হোৱাৰ বাবে পৰিচৰ্য্যা কাৰ্য্য আৰু সেৱা অধ্যক্ষ হিচাবে সেৱা কৰিবলৈ ব্ৰেইলি আখৰত উপলব্ধ থকা বাইবেল আধাৰিত প্ৰকাশনসমূহ অধিক সহায়ক হিচাবে প্ৰমাণিত হৈছে। তেওঁ কেনেকৈ মণ্ডলীত তেওঁৰ নিযুক্তিসমূহ সম্পন্ন কৰিছে?

এই বিষয়ে তেওঁৰ মণ্ডলীৰ পৰিচালক অধ্যক্ষ জেমচ্‌ নামৰ ভাইজনে এইদৰে কৈছে: “আজিলৈকে আমি এলবাৰ্টৰ দৰে এজন কাৰ্য্যকাৰী সেৱা অধ্যক্ষ দেখা নাই।” সংযুক্ত ৰাষ্ট্ৰৰ ৫,০০০ অন্ধ ব্যক্তিসকলৰ মাজত এলৱাৰ্টো এনে এজন সদস্য যি গোটেই বছৰ জুৰি ইংৰাজী আৰু স্পেনিছ ভাষাত ব্ৰেইলি আখৰত থকা প্ৰকাশনসমূহ প্ৰাপ্ত কৰে। আনকি ১৯১২ চনৰ পৰা বিশ্বাসী বুদ্ধিমান দাসবৰ্গই এশতকৈও অধিক ব্ৰেইলি ভাষাত প্ৰকাশনসমূহ প্ৰকাশ কৰি আহিছে। প্ৰত্যেক বছৰে যিহোৱাৰ সাক্ষীসকলে আধুনিক পদ্ধতিবোৰৰ সহায়েৰে দহটাতকৈ অধিক ভাষাত ব্ৰেইলি আখৰত লাখ লাখ পৃষ্ঠা ছপা আৰু ৭০ খনতকৈ অধিক দেশত বিতৰণ কৰিছে। আপুনি এনে কোনো অন্ধ ব্যক্তিৰ বিষয়ে জানেনে, যিজনে ব্ৰেইলি ভাষাত প্ৰকাশন পঢ়ি লাভৱান হʼব পাৰে?

[২৩ পৃষ্ঠাৰ বক্স/ছবি]

সঙ্কেতিক ভাষা আৰু শিষ্য বনোৱা

কাণেৰে শুনাত অক্ষম ব্যক্তিসকলক শিষ্য বনাবলৈ পৃথিৱীৰ হাজাৰ হাজাৰ সাক্ষীসকলৰ সৈতে উদ্যমী ডেকা ভাই-ভনীসকলেও সঙ্কেতিক ভাষা শিকিছে। তেওঁলোকৰ এনে প্ৰচেষ্টাৰ ফলস্বৰূপে অলপতে ব্ৰাজিলত কাণেৰে শুনাত অক্ষম ৬৩ জন ব্যক্তিয়ে বাপ্তিষ্মা লʼলে আৰু তাৰ ৩৫ জনে পূৰ্ণ-সময়ৰ সেৱক হিচাবে কাৰ্য্য কৰিছে। গোটেই পৃথিৱীত আজি ১,২০০ টাতকৈ অধিক সঙ্কেতিক ভাষা কোৱা মণ্ডলী আৰু সমূহ আছে। বিশ্বৰ ভিতৰত অধিক সংখ্যাত সঙ্কেতিক ভাষা কোৱা লোকসকল কেৱল ৰাচিয়া দেশত পোৱা যায়।

[২৪ পৃষ্ঠাৰ বক্স]

ব্যৱসায়ী লোকসকলক শিষ্য বনোৱা

ব্যৱসায় এলেকালৈ গৈ লোকসকলক সাক্ষী দিয়াৰ সময়ত হাৱাইত থকা এজন যিহোৱাৰ সাক্ষী ভায়ে এখন ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ কাৰ্য্যবাহী বিষয়াক সাক্ষাৎ কৰে। অতি ব্যস্ত থকাৰ স্বত্ত্বেও সেই ব্যক্তিজনে ভাইজনৰ সৈতে সপ্তাহত আধা ঘন্টা সময় বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হʼল। প্ৰত্যেক বুধবাৰে ৰাতিপূৱা ব্যক্তিজনে নিজৰ কৰ্ম্মচাৰীসকলক কয় যে বাইবেল অধ্যয়নৰ সময়ত কোনো ধৰণৰ টেলিফোন কৰি তেওঁক যেন বাধা নজন্মায়। সেইখন দেশতেই আন এজন যিহোৱাৰ সাক্ষীয়ে জোতা মেৰামত কৰা দোকানৰ এজন মালিকৰ সৈতে সপ্তাহত এবাৰকৈ বাইবেল অধ্যয়ন পৰিচালনা কৰে। তেওঁৰ সৈতে বাইবেল অধ্যয়ন টকা-পইছা লেন-দেন কৰা দোকানখনৰ কাউন্টাৰত কৰা হয়। যেতিয়া কোনো গ্ৰাহক আহে তেতিয়া সাক্ষী ভাইজনে কাষৰ পৰা আঁতৰি যায় আৰু গ্ৰাহকজন যোৱাৰ পিছত পুনৰাই অধ্যয়ন জাৰী ৰাখে।

যিহেতু যিহোৱাৰ সাক্ষীসকলে বিভিন্ন ঠাইবোৰত নিজৰ “জাল” পেলাবলৈ আগভাগ লোৱাৰ বাবে ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ কাৰ্য্যবাহী বিষয়া আৰু জোতা মেৰামত কৰা দোকানৰ মালিক এই দুয়োজন ব্যক্তিক শুভবাৰ্ত্তাৰ বিষয়ে শুনাবলৈ সক্ষম হʼল। তেনেহʼলে আপুনি নিজৰ মণ্ডলীৰ অন্তৰ্গত থকা এনে কিছুমান এলেকাৰ বিষয়ে ভাবিব পাৰেনে, যʼত লোকসকলক সহজে লগ পাব পাৰি?