Skip to content

Skip to table of contents

আপুনি ‘যিহোৱাৰ ব্যৱস্থাত আনন্দিত’ হয়নে?

আপুনি ‘যিহোৱাৰ ব্যৱস্থাত আনন্দিত’ হয়নে?

আপুনি ‘যিহোৱাৰ ব্যৱস্থাত আনন্দিত’ হয়নে?

‘যি মানুহে যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, সেই মানুহেই আনন্দিত।’—গীত ১:১, ২.

১. আমি যিহোৱাৰ উপাসক হোৱাৰ বাবে কিয় আনন্দিত হওঁ?

 যিহোৱাই তেওঁৰ আনুগত্য উপাসকসকলক সহায় আৰু আশীৰ্ব্বাদ প্ৰদান কৰে। এইটো সঁচা যে আমি যদিও প্ৰত্যেক দিনা বহুতো প্ৰকাৰৰ পৰীক্ষাৰ সম্মুখীন হওঁ, তথাপিও আমি প্ৰকৃত আনন্দত লাভ কৰোঁ। কিয়নো আমি যিজন ঈশ্বৰৰ সেৱা কৰিছোঁ, তেওঁ হৈছে এজন ‘পৰম-আনন্দিত ঈশ্বৰ’ আৰু তেওঁৰ পৰা অহা পবিত্ৰ আত্মাই আমাৰ হৃদয় আনন্দিত কৰে। (১ তীমথিয় ১:১১; গালাতীয়া ৫:২২) আনন্দ হৈছে এক প্ৰকৃত পৰমানন্দিত অৱস্থা যি কোনো উত্তম বস্তু পোৱা বা আশা পূৰ্ণ হোৱাৰ ফলত হয়। আমি জানো যে আমাৰ স্বৰ্গীয় পিতৃয়ে আমাক সকলো উত্তম উপহাৰ দান কৰে। (যাকোব ১:১৭) সেয়েহে আমি আনন্দিত হোৱাটো কোনো আচৰিত বিষয় নহয়!

২. আমি গীতমালা কোন অধ্যায়বোৰৰ বিষয়ে বিবেচনা কৰিম?

গীতমালা কিতাপখনত আনন্দৰ গুণটোক প্ৰমুখৰূপে উল্লেখ কৰা হৈছে। উদাহৰণস্বৰূপে, গীত ১ আৰু অধ্যায়টোৰ বিষয়ে বিবেচনা কৰক। প্ৰথম শতিকাৰ যীচুৰ শিষ্যসকলে দ্বিতীয় অধ্যায়টো ৰজা দায়ূদে লিখা গীত বুলি উল্লেখ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৪:২৫, ২৬) কিন্তু প্ৰথম অধ্যায়ৰ লিখকজনৰ বিষয়ে এতিয়াও সঠিককৈ কʼব পৰা নাযায়, যিজনৰ লিখা বাক্য আমি এইদৰে পঢ়িবলৈ পাওঁ: “যি মানুহে দুষ্টবোৰৰ আলচত নচলে, পাপীবোৰৰ পথত থিয় নহয়, আৰু নিন্দকবোৰৰ আসনত নবহে . . . সেই মানুহেই [আনন্দিত, NW]।” (গীত ১:১, ২) এই লেখটো আৰু পৰৱৰ্তী লেখত গীত ১ আৰু ২ অধ্যায়ত উল্লেখ কৰা আমি আনন্দিত হোৱাৰ কেনে কাৰণবোৰ বৰ্ণনা কৰিছে, তাৰ বিষয়ে বিবেচনা কৰিম।

আনন্দিত হোৱাৰ ৰহস্য

৩. গীত ১:১, ২ পদত উল্লেখ কৰা ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে জীৱন-যাপন কৰা এজন ব্যক্তিয়ে আনন্দিত হোৱাৰ কাৰণবোৰ কি?

গীত ১ অধ্যায়ত দেখুৱাইছে যে ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে চলা ব্যক্তিজন কিয় আনন্দিত হʼব পাৰে। আনন্দিত হোৱাৰ কিছুমান কাৰণৰ বিষয়ে উল্লেখ কৰি গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “যি মানুহে দুষ্টবোৰৰ আলচত নচলে, পাপীবোৰৰ পথত থিয় নহয়, আৰু নিন্দকবোৰৰ আসনত নবহে . . . সেই মানুহেই [আনন্দিত, NW]।”—গীত ১:১, ২.

৪. জখৰিয়া আৰু এলীচাবেতে কেনে এক উত্তম আৰ্হিৰে জীৱন-যাপন কৰিছিল?

আনন্দিত হʼবলৈ হʼলে আমি যিহোৱাৰ ধাৰ্ম্মিক স্তৰবোৰক পালন কৰা আৱশ্যক। যোহন বাপ্তাইজকৰ পিতৃ-মাতৃ হʼবলৈ পোৱাতো জখৰিয়া আৰু এলীচাবেতৰ বাবে এক বিশেষাধিকাৰ, কিয়নো তেওঁলোকে “ঈশ্বৰৰ আগত ধাৰ্ম্মিক, আৰু প্ৰভুৰ সকলো আজ্ঞা আৰু বিধিমতে প্ৰবৰ্ত্তি নিৰ্দ্দোষী হৈ আছিল।” (লূক ১:৫, ৬) আমিও আনন্দিত হʼব পাৰোঁ, যদিহে ‘আমি দুষ্টবোৰৰ আলচত নচলোঁ’ বা তেওঁলোকৰ অঈশ্বৰীয় পৰামৰ্শৰ দ্বাৰা পৰিচালিত হোৱাৰ পৰা বিৰত থাকোঁ।

৫. আমাক “পাপীবিলাকৰ পথত থিয়” নহʼবলৈ কিহে সহায় কৰিব?

যদি আমি দুষ্টবোৰৰ বিচাৰধাৰা অনুকৰণ কৰাৰ পৰা আঁতৰি থাকোঁ, তেন্তে আমি আচলতে ‘পাপীবিলাকৰ পথত থিয় নহওঁ।’ দৰাচলতে আমি তেওঁলোকৰ স্থান অৰ্থাৎ অনৈতিক মনোৰঞ্জন বা দুৰ্নামৰ পৰাও আঁতৰি থাকিম। যদি আমি তেওঁলোকৰ পাপপূৰ্ণ অশাস্ত্ৰীয় আচৰণক অনুকৰণ কৰিবলৈ প্ৰলোভিত হওঁ, তেন্তে কি কৰিব পাৰোঁ? এতেকে আঁহক আমি পাঁচনি পৌলৰ বাক্যৰ সামঞ্জস্যত প্ৰাৰ্থনা কৰোঁহঁক, যʼত তেওঁ এইদৰে কৈছিল: “বিশ্বাস নকৰাবিলাকে সৈতে তোমালোক অসমানভাবে যোঁতা নহবা; কিয়নো ধাৰ্ম্মিকতা আৰু অধৰ্ম্ম পৰস্পৰৰ কি সম্পৰ্ক?” (২ কৰিন্থীয়া ৬:১৪) যদি আমি ঈশ্বৰত ভাৰসা আৰু “শুচি হৃদয়” ৰাখোঁ, তেন্তে পাপীবিলাকৰ মনোবৃত্তি আৰু জীৱন-শৈলী অনুকৰণ কৰাৰ পৰা আঁতৰি থাকিব পাৰিম। তদুপৰি আমি “অকল্পিত বিশ্বাসৰ” সৈতে শুচি মনোবৃত্তি আৰু বিচাৰধাৰাও বিকশিত কৰিব পাৰিম।—মথি ৫:৮; ১ তীমথিয় ১:৫.

৬. আমি কিয় নিন্দকবোৰৰ পৰা আঁতৰি থকা উচিত?

যিহোৱাৰ মন আনন্দিত কৰিবলৈ হʼলে আমি নিশ্চয়ে ‘নিন্দকবোৰৰ আসনত বহাৰ পৰা’ আঁতৰি থকা উচিত। কিছুমানে ঈশ্বৰৰ নিৰ্দ্দেশনাবোৰ পালন কৰাক লৈ নিন্দা কৰে, কিন্তু এই ‘শেষ-কালত’ ধৰ্ম্মত্যাগীসকলে ইয়াতকৈ অধিক কৰিছে। যাৰ বিষয়ে পাঁচনি পিতৰে সঙ্গী বিশ্বাসীসকলক সতৰ্ক কৰি এইদৰে কৈছিল: “হে প্ৰিয়বিলাক, . . . প্ৰথমে ইয়াকে জানিছা যে, শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰীবিলাক উপস্থিত হব; তেওঁবিলাকে নিজ নিজ কু-অভিলাষৰ দৰে চলিব, আৰু কব, তেওঁৰ আগমনৰ প্ৰতিজ্ঞা কʼতা? কিয়নো যেতিয়াৰে পৰা পিতৃসকল নিদ্ৰিত হল, তেতিয়াৰে পৰা, এনে কি, সৃষ্টিৰ আদিৰে পৰা আটাইবোৰ তেনেই আছে।” (২ পিতৰ ৩:১-৪) যদি ‘নিন্দকবোৰৰ আসনত নবহোঁ,’ তেন্তে তেওঁলোকৰ ওপৰত আহিবলগীয়া বিপত্তিৰ পৰা আমি নিশ্চয়ে ৰক্ষা পাম।—হিতোপদেশ ১:২২-২৭.

৭. আমি কিয় গীত ১:১ পদটো মনোযোগেৰে বিবেচনা কৰা উচিত?

যদি আমি গীত ১ অধ্যায়ত লিখা বাক্যবোৰ মনোযোগেৰে বিবেচনা নকৰোঁ, তেন্তে আমাত থকা আধ্যাত্মিকতা হ্ৰাস পাব পাৰে। আনকি আমি হয়তো বেয়াতকৈ বেয়া কাৰ্য্যত লিপ্ত হৈ পৰিব পাৰোঁ। হয়তো ইয়াৰ আৰম্ভণী দুষ্টবোৰৰ আলচত চলাৰ দ্বাৰা হʼব পাৰে। তাৰ পিছত ক্ৰমান্বয়ে তেওঁলোকৰ সৈতে নিয়মিত সঙ্গতি কৰা আৰু এদিন হয়তো আমি সিহঁতৰ দৰে ঈশ্বৰৰ বাক্য নিন্দা কৰাত জড়িত হৈ পৰিম। এনে কৰাৰ পৰিণামস্বৰূপে আমাৰ মনত কু-আচৰণ মনোবৃত্তি উৎপন্ন আৰু যিহোৱাৰ সৈতে থকা সম্বন্ধক বিচ্ছেদ কৰিব পাৰে। (১ কৰিন্থীয়া ১৫:৩৩; যাকোব ৪:৪) এতেকে আঁহক আমি নিজকে এনে পৰিস্থিতি কেতিয়াও প্ৰলোভিত হʼবলৈ নিদিওঁহঁক।

৮. কিহে আমাক আধ্যাত্মিক বিষয়বোৰত ধ্যান কেন্দ্ৰিত কৰিবলৈ সহায় কৰিব?

প্ৰাৰ্থনাই আমাক আধ্যাত্মিক বিষয়বোৰত ধ্যান কেন্দ্ৰিত কৰি দুষ্টবোৰৰ সঙ্গতিৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব। এই সন্দৰ্ভত পাঁচনি পৌলে কৈছিল: “তোমালোকে একোলৈ চিন্তা নকৰিবা; কিন্তু সকলো বিষয়তে তোমালোকৰ যাচ্‌না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীচু খ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব।” তদুপৰি পাঁচনি পৌলে আমাক যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰিয়, সুখ্যাতিযুক্ত, সদগুণ আৰু প্ৰশংসা, সেই সকলোকে বিবেচনা কৰিবলৈ উৎসাহিত কৰিলে। (ফিলিপীয়া ৪:৬-৮) এতেকে আঁহক আমি পাঁচনি পৌলৰ পৰামৰ্শৰ সামঞ্জস্যত পদক্ষেপ লওঁ আৰু দুষ্টবোৰৰ পৰা আঁতৰি থাকোঁহঁক।

৯. যদিও আমি দুষ্টবোৰৰ আচৰণ অনুকৰণ নকৰোঁ, তথাপিও সকলোকে সহায় কৰিবলৈ কেনেকৈ প্ৰচেষ্টা কৰোঁ?

যদিও দুষ্টবোৰৰ আচৰণ অনুকৰণ নকৰোঁ, তথাপিও আনক সাক্ষী দিয়াৰ ক্ষেত্ৰত আমি পাঁচনি পৌলৰ দৰে সতৰ্কতা অৱলম্বন কৰোঁ, যিজনে ৰোমান শাসনকৰ্তা ফীলিক্সক “ধাৰ্ম্মিকতা, ইন্দ্ৰিয়-দমন আৰু ভবিষ্যৎ সোধ-বিচাৰৰ বিষয়ে যুক্তি” দেখুৱাই সাক্ষী দিছিল। (পাঁচনিৰ কৰ্ম্ম ২৪:২৪, ২৫; কলচীয়া ৪:৬) আমি সকলোৰে আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ আৰু তেওঁলোকৰ প্ৰতি আদৰ দেখুৱাওঁ। আমি বিশ্বাস কৰোঁ যে, “অনন্ত জীৱন পাবলৈ নিৰূপিত” হোৱা লোকসকলে এদিন সত্যতাক গ্ৰহণ কৰিব আৰু যিহোৱাৰ ব্যৱস্থা পালন কৰি আনন্দিত হʼব।—পাঁচনিৰ কৰ্ম্ম ১৩:৪৮.

তেওঁ যিহোৱাৰ ব্যৱস্থাত আনন্দিত হয়

১০. কিহে ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ত আমাৰ হৃদয়ত দীৰ্ঘসময়ে প্ৰভাৱিত কৰিবলৈ সহায় কৰিব?

১০ সেই আনন্দিত হোৱা ব্যক্তিজনৰ বিষয়ে গীতমালা ৰচোঁতাজনে এইদৰে কৈছে: “যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।” (গীত ১:২) যিহোৱাৰ উপাসক হোৱা হেতুকে আমিও ‘তেওঁৰ ব্যৱস্থাত আনন্দিত হওঁ।’ পৰাপক্ষত, ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ত আমি হয়তো উচ্চস্বৰত বাইবেলৰ পদবোৰ পাঠ কৰি পঢ়া বিষয়বোৰ “ধ্যান” কৰিব পাৰোঁ। তেনেদৰে কৰাৰ দ্বাৰা নিশ্চয়ে সেই বিষয়টোৱে আমাৰ হৃদয়ক দীৰ্ঘসময়ে প্ৰভাৱিত কৰিব।

১১. আমি কিয় “দিনে-ৰাতিয়ে” বাইবেল পাঠ কৰা উচিত?

১১ “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই আমাক নিতৌ বাইবেল পাঠ কৰিবলৈ উৎসাহিত কৰিছে। (মথি ২৪:৪৫) মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ বাৰ্ত্তাক ভালদৰে বুজিবলৈ আমি হয়তো “দিনে-ৰাতিয়ে” অৰ্থাৎ কেতিয়াবা হয়তো টোপনি নহাৰ সময়তো তেনে কৰিব পাৰোঁ। এই বিষয়ে পাঁচনি পিতৰে এইদৰে কৈছিল: “নতুনকৈ জন্মা শিশুবিলাকৰ দৰে, মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াহ কৰা, যাতে তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি পোৱা।” (১ পিতৰ ২:১-৩) আপুনি নিতৌ বাইবেল পাঠ কৰি আৰু ৰাতিৰ সময়ত ঈশ্বৰৰ বাক্য আৰু তেওঁৰ উদ্দেশ্যক ধ্যান কৰি আনন্দিত হয়নে? গীতমালা ৰচোঁতাজনে তেনে কৰি অতি আনন্দিত হৈছিল।—গীত ৬৩:৬.

১২ যিহোৱাৰ ব্যৱস্থাত আনন্দিত হʼবলৈ আমি কি কৰা আৱশ্যক?

১২ আমাৰ চিৰস্থায়ী সুখ যিহোৱাৰ ব্যৱস্থাত আনন্দিত হোৱাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁৰ ব্যৱস্থা সিদ্ধ, সম্পূৰ্ণৰূপে ন্যায় আৰু সেইবোৰ পালন কৰি অধিক লাভ পোৱা যায়। (গীত ১৯:৭-১১) এই সম্পৰ্কে পাঁচনি যাকোবে এইদৰে কৈছিল: “যি কোনোৱে স্বাধীনতাস্বৰূপ সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰে, আৰু চাই থাকে, আৰু শুনি পাহৰোঁতা নহৈ পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্য্যত [আনন্দিত, NW] হব।” (যাকোব ১:২৫) যদি আমি বাস্তৱতে যিহোৱাৰ ব্যৱস্থাত আনন্দিত হওঁ তেন্তে সদায়ে আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি ধ্যান দিম। আনকি আমি ‘ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান কৰিবলৈ’ আৰু তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিবলৈ প্ৰেৰিত হʼম।—১ কৰিন্থীয়া ২:১০-১৩; মথি ৬:৩৩.

তেওঁ এজোপা গছৰ নিচিনা

১৩-১৫. আমি কি অৰ্থত বোৱঁতী পানীৰ দাঁতিত থকা গছজোপাৰ নিচিনা?

১৩ সেই ধাৰ্মিক ব্যক্তিজনৰ বিষয়ে বৰ্ণনা কৰি গীতমালা ৰচোঁতাজনে আগলৈ এইদৰে কৈছে: “সেই মানুহ বতৰত ফল দিয়া, পাত জঁয় নপৰা বোৱঁতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা; সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।” (গীত ১:৩) আন অসিদ্ধ ব্যক্তিসকলৰ দৰে আমিও জীৱনত অনেক দুখ-কষ্টৰ সম্মুখীন হওঁ। (ইয়োব ১৪:১) আমি হয়তো নিজ ধৰ্ম্মীয় বিশ্বাসৰ বাবে বিভিন্ন পৰীক্ষাৰ সম্মুখীন হʼব পাৰোঁ। (মথি ৫:১০-১২) তথাপিও আমি ধুমুহাৰ ফলত লৰচৰ নোহোৱা শক্তিশালীৰূপে শিপা ধৰা গছজোপাৰ নিচিনা হৈ যিহোৱাৰ সামৰ্থেৰে এই সকলোবোৰ পৰীক্ষাৰ সম্মুখীন হʼবলৈ সক্ষম হৈছোঁ।

১৪ যি জোপা গছক বোৱঁতী পানীৰ দাঁতিত ৰোৱা হয় সেই গছজোপা খৰালি বতৰত কেতিয়াও শুকাই নাযায়। যদি আমি ঈশ্বৰলৈ ভয় ৰাখোঁ, তেন্তে অসীম শক্তিশালী যিহোৱাই আমাক বল প্ৰদান কৰিব। ঈশ্বৰৰ সহায় বিচাৰি পাঁচনি পৌলে এইদৰে কৈছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।” (ফিলিপীয়া ৪:১৩) যেতিয়া আমি যিহোৱাৰ পবিত্ৰ আত্মাৰ দ্বাৰা মাৰ্গদৰ্শিত আৰু আধ্যাত্মিকভাৱে বলৱান হওঁ তেতিয়া আমি নিষ্ক্ৰিয় বা নিৰুৎসাহী হৈ নপৰোঁ। ইয়াৰ উপৰিও আমি তেওঁৰ সেৱাত কাৰ্য্যকাৰী হৈ আত্মাৰ ফল উৎপন্ন কৰোঁ।—যিৰিমিয়া ১৭:৭, ৮; গালাতীয়া ৫:২২, ২৩.

১৫ গীতমালা ৰচোঁতাজনে উল্লেখ কৰা হিব্ৰু ভাষাৰ পৰা অনুবাদ কৰা “নিচিনা” শব্দটোৱে সাদৃশ্যতা প্ৰদান কৰিছে। তেওঁ এনে দুটা বস্তুৰ বিষয়ে উল্লেখ কৰিছে, যিবোৰৰ বিশেষ বৈশিষ্টতা যদিও একেই, তথাপিও পৰস্পৰে মিল নাখায়। উদাহৰণস্বৰূপে, মানুহ আৰু গছৰ মাজত কোনো সমানতা নাই। কিন্তু যিদৰে বোৱঁতী পানীৰ কাষত থকা গছজোপা লহপহীয়া হৈ থাকে, ঠিক সেইদৰে ‘যিহোৱাৰ ব্যৱস্থাত আনন্দিত হোৱা’ সকলেও আধ্যাত্মিকৰূপে শ্ৰীবৃদ্ধি হয় বুলি গীতমালা ৰচোঁতাজনে কৈছে। যদি আমি যিহোৱাৰ ব্যৱস্থাত আনন্দিত হওঁ, তেন্তে আমাৰ জীৱন সেই গছজোপাৰ নিচিনা হʼব। প্ৰকৃততে আমি চিৰকাললৈকে জীয়াই থাকিব পাৰিম।—যোহন ১৭:৩.

১৬. কিয় আৰু কি অৰ্থত আমি কৰা “সকলো কৰ্ম্ম সাম্ফল হয়?”

১৬ ধাৰ্ম্মিকতাৰ পথত সম্মুখীন হোৱা পৰীক্ষা আৰু কঠিন পৰিস্থিতিবোৰত সফলতাৰে সহন কৰিবলৈ যিহোৱাই আমাক সহায় কৰিব। আমি তেওঁৰ সেৱাত আনন্দিত আৰু কাৰ্য্যকাৰী হʼম। (মথি ১৩:২৩; লূক ৮:১৫) যিহেতু যিহোৱাৰ ইচ্ছা পূৰ কৰাটো আমাৰ প্ৰমুখ লক্ষ্য হোৱাৰ বাবে আমি কৰা “সকলো কৰ্ম্ম সাম্ফল” হʼব। তদুপৰি ঈশ্বৰৰ উদ্দেশ্য কেতিয়াও পূৰ্ণ নোহোৱাকৈ নাথাকে আৰু তেওঁৰ ব্যৱস্থাত আনন্দিত হোৱাৰ বাবে আমি আধ্যাত্মিকৰূপে শ্ৰীবৃদ্ধি হওঁ। (আদিপুস্তক ৩৯:২৩; যিহোচূৱা ১:৭, ৮; যিচয়া ৫৫:১১) এই বাক্যশাৰীৰ সত্যতা আমি বিপদৰ সম্মুখীন হোৱাৰ সময়তো দেখিবলৈ পোৱা যায়।—গীত ১১২:১-৩; ৩ যোহন ২.

দুষ্টবোৰ দেখাত শ্ৰীবৃদ্ধি হোৱা যেন লাগে

১৭, ১৮. (ক) গীতমালা ৰচোঁতাজনে দুষ্টবোৰক কাৰ সৈতে তুলনা কৰিছে? (খ) দুষ্টবোৰ ভৌতিকৰূপে শ্ৰীবৃদ্ধি হোৱাৰ স্বত্বেও সিহঁতৰ জীৱন কিয় বিপদপন্ন?

১৭ দুষ্ট আৰু ধাৰ্ম্মিকবিলাকৰ পৰিস্থিতি কিমান যে ভিন্ন! যদিও দুষ্টবোৰ ভৌতিকৰূপে শ্ৰীবৃদ্ধি হয়, তথাপিও আধ্যাত্মিকৰূপে দৰিদ্ৰ। এই কথাষাৰৰ সত্যতা আমি গীতমালা ৰচোঁতাজনৰ পৰা জানিব পাৰোঁ। তেওঁ এইদৰে কৈছে: “দুষ্টবোৰ তেনেকুৱা নহয়; কিন্তু সিহঁত বতাহে উড়াই নিয়া তুঁহৰ নিচিনা। এই নিমিত্তে দুষ্টবোৰে বিচাৰত থিয় হব নোৱাৰে, আৰু পাপীবোৰে ধাৰ্ম্মিকবিলাকৰ মণ্ডলীত থাকিব নোৱাৰে।” (গীত ১:৪, ৫) লক্ষ্য কৰক যে তেওঁ “দুষ্টবোৰ তেনেকুৱা নহয়” বুলি কৈছে। দৰাচলতে তেওঁ এইটো কʼব বিচাৰিছে যে তেওঁলোক চিৰকাল ফল ধৰা সেই গছজোপা অৰ্থাৎ ঈশ্বৰৰ উপাসকসকলৰ দৰে নহয়।

১৮ যদিও দুষ্টবোৰ ভৌতিকৰূপে শ্ৰীবৃদ্ধি হয়, তথাপিও সিহঁতৰ জীৱন সদায়ে বিপদপন্ন। (গীত ৩৭:১৬; ৭৩:৩, ১২) সিহঁত যীচুৰ দৃষ্টান্তত উল্লেখ কৰা সেই অবিবেচক ধনী ব্যক্তিজনৰ নিচিনা, যিজনক তেওঁৰ উত্তৰাধিকাৰী সম্পত্তিৰ বিষয়ে সিদ্ধান্ত লʼবলৈ কৈছিল। তাত উপস্থিত থকা সকলক যীচুৱে এইদৰে কৈছিল: “সকলো লোভৰ পৰা নিজকে ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও, মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰে নহয়।” এই বিষয়ে অধিক স্পষ্টকৈ বুজিবলৈ যীচুৱে এনে এজন ধনী ব্যক্তিৰ উদাহৰণ দাঙি ধৰিছিল, যিজনে প্ৰচুৰ পৰিমাণে শস্য সংগ্ৰহ কৰি থবলৈ পুৰণি ভঁৰালবোৰ ভাঙি ডাঙৰ ভঁৰাল সাজিবলৈ পৰিকল্পনা কৰিছিল। তাৰ পিছত তেওঁ ভোজন-পান কৰি আনন্দিত হোৱাৰ বিষয়ে ভাবিছিল। কিন্তু সেই সময়ত ঈশ্বৰে এইদৰে কʼলে: “হে নিৰ্ব্বোধ, আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা নিয়া হব; তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হব?” এই কথাষাৰৰ তাৎপৰ্য্যতা বুজাবলৈ যীচুৱে জোৰ দি এইদৰে কৈছিল: “যি জনে ঈশ্বৰলৈ ধনৱান নহৈ, নিজলৈ ধন সাঁচি থয়, তেওঁ তেনেকুৱা।”—লূক ১২:১৩-২১.

১৯, ২০. (ক) প্ৰাচীনকালত মৰণা মৰা আৰু জাৰি পৰিষ্কাৰ কৰা কাৰ্য্য প্ৰণালীৰ বিষয়ে বৰ্ণনা কৰক। (খ) দুষ্টবোৰক কিয় খেৰ-কুটাৰ সৈতে তুলনা কৰা হৈছে?

১৯ দুষ্টবোৰ “ঈশ্বৰলৈ ধনৱান” নহয়। কিয়নো সিহঁতৰ জীৱন ঘেঁহুৰ পতানৰ দৰে, যি অস্থিৰ আৰু অনিশ্চিত। প্ৰাচীনকালত ঘেহুঁ চপোৱাৰ পিছত মৰণা মৰা স্থানত ৰখা হৈছিল। গৰুৰ সহায়েৰে টনা তলৰ ভাগত ধৰাল পাথৰ বা লোহৰ দাঁত থকা এবিধ সঁজুলিৰ দ্বাৰা মৰণা মাৰি ঘেঁহুবোৰ খেৰ-কুটাৰ পৰা পৃথক আৰু পতানবোৰ শিথিল কৰিছিল। তাৰ পিছত ঘেহুঁখিনি চালনীৰে চালি কুলাৰে জৰা হৈছিল। (যিচয়া ৩০:২৪) যাৰ ফলত ঘেহুঁখিনি মৰণা মৰা স্থানত পৰিছিল, পতান আৰু খেৰ-কুটাবোৰ বতাহে উৰুৱাই নিছিল। (ৰূথ ৩:২) চালনীৰে চলাৰ পিছত ঘেহুঁখিনি গুদামত থোৱা বা গুড়ি কৰিবলৈ নিয়া হৈছিল। (লূক ২২:৩১) কিন্তু খেৰ-কুটাবোৰ হʼলে আঁতৰ কৰা হৈছিল।

২০ ঠিক সেইদৰে ধাৰ্ম্মিকবিলাক ঘেহুঁৰ নিচিনাকৈ সঞ্চিত হʼব আৰু দুষ্টবোৰ খেৰ-কুটাৰ দৰে বতাহত উৰি যাব। দুষ্টবোৰ যে সম্পূৰ্ণকৈ বিনষ্ট হʼব, ই নিশ্চয়ে আমাৰ বাবে এক অতি আনন্দৰ বিষয়। কিন্তু যিহোৱাৰ ব্যৱস্থাত আনন্দিত হোৱা আজ্ঞাকাৰী লোকসকলে মহান আশীৰ্ব্বাদ লাভ কৰিব। বাস্তৱতে আজ্ঞাকাৰী মানৱে চিৰকাললৈকে জীয়াই থাকিব।—মথি ২৫:৩৪-৪৬; ৰোমীয়া ৬:২৩.

“ধাৰ্ম্মিকবিলাকৰ পথ” আশীৰ্ব্বাদজনক

২১. যিহোৱাই কেনেকৈ “ধাৰ্ম্মিকবিলাকৰ পথ জানে?”

২১ গীত প্ৰথম অধ্যায়টোক এইদৰে সমাপ্ত কৰিছে: “যিহোৱাই ধাৰ্ম্মিকবিলাকৰ পথ জানে, কিন্তু দুষ্টবোৰৰ পথৰ অন্ত সৰ্ব্বনাশ।” (গীত ১:৬) যিহোৱাই কেনেকৈ “ধাৰ্ম্মিকবিলাকৰ পথ জানে?” যদি আমি ধাৰ্ম্মিকতাৰ পথত চলোঁ, তেন্তে আমি নিশ্চিত হʼব পাৰিম যে স্বৰ্গীয়ে পিতৃয়ে আমাৰ জীৱন-প্ৰণালীক আশীৰ্ব্বাদ দিব আৰু তেওঁৰ অনুমোদিত সেৱকৰূপে গ্ৰহণ কৰিব। গতিকে আমি আমাৰ সকলো চিন্তাৰ ভাৰ যিহোৱাত পেলাই দিয়া আৱশ্যক আৰু বিশ্বাস ৰাখা উচিত যে তেওঁ আমাৰ প্ৰতিপালন কৰিব।—যিহিষ্কেল ৩৪:১১; ১ পিতৰ ৫:৬, ৭.

২২, ২৩. ধাৰ্ম্মিক আৰু দুষ্টবোৰৰ কি হʼব?

২২ “ধাৰ্ম্মিকবিলাকৰ পথ” চিৰকাললৈকে থাকিব, কিন্তু দুষ্টবোৰক উচ্ছন্ন কৰা হʼব। সিহঁতৰ “পথ” বা জীৱনধাৰা উভয়ে অন্ত হʼব। এই সন্দৰ্ভে দায়ূদে কোৱা বাক্যশাৰীৰ ওপৰত আমি ভাৰসা ৰাখিব পাৰোঁ, যʼত তেওঁ এইদৰে কৈছে: “অলপতে দুষ্ট লোক নাইকিয়া হব; তুমি তাৰ ঠাইত যত্নেৰে বিচাৰিলেও তাক নাপাবা। কিন্তু নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব। ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—গীত ৩৭:১০, ১১, ২৯.

২৩ দুষ্টতাৰ কোনো চিন ছাব নথকা এনে পৰমদেশত বাস কৰা বিশেষাধিকাৰ পোৱাটো আমাৰ বাবে এক ৰোমঞ্চকাৰী অভিজ্ঞতা নহʼবনে বাৰু! ধাৰ্ম্মিকবিলাক প্ৰচুৰ শান্তিত হৰ্ষিত হʼব কিয়নো তেওঁলোক নিৰন্তৰে ‘যিহোৱাৰ ব্যৱস্থাত’ আনন্দিত হʼব। কিন্তু এই ভৱিষ্যতবাণীৰ পূৰ্ণতা হোৱাৰ আগেয়ে ‘যিহোৱাৰ বিধিটিৰ বৃত্তান্ত’ অৱশ্যেই প্ৰচাৰ কৰা আৱশ্যক। (গীত ২:৭ক) এই বিধি কি, ই কেনেকৈ আমাৰ আৰু সমুদায় মানৱজাতিৰ বাবে প্ৰযোজ্য হʼব, ইয়াৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w04 7/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• ঈশ্বৰলৈ ভয় ৰাখোঁতা এজন ব্যক্তিয়ে কিয় আনন্দিত হয়?

• কিহে দেখুৱাইছে যে আমি যিহোৱাৰ ব্যৱস্থাত আনন্দিত হৈছোঁ?

• এজন ব্যক্তিয়ে কেনেকৈ বোৱঁতী পানীৰ দাঁতিত ৰোৱা গছজোপাৰ নিচিনা হʼব পাৰে?

• এজন ধাৰ্ম্মিক আৰু দুষ্ট ব্যক্তিৰ জীৱন-শৈলীৰ মাজত কেনে ভিন্নতা আছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

প্ৰাৰ্থনাই আমাক দুষ্টবোৰৰ সঙ্গতিৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব

[১০ পৃষ্ঠাৰ ছবি]

ধাৰ্ম্মিক ব্যক্তিজনক কিয় এজোপা গছৰ সৈতে তুলনা কৰা হৈছে?