Skip to content

Skip to table of contents

ঈশ্বৰীয় ৰাজ্যৰ চৰকাৰ বৰ্তমান এক বাস্তৱিক

ঈশ্বৰীয় ৰাজ্যৰ চৰকাৰ বৰ্তমান এক বাস্তৱিক

ঈশ্বৰীয় ৰাজ্যৰ চৰকাৰ বৰ্তমান এক বাস্তৱিক

“এনে এক ভিন্ন স্তৰৰ সংস্কৃতিৰ বিকশিতৰ সৈতে অধিক দেশে কেনেকৈ সন্মত হʼব পাৰে? পূৰ্বতে কোৱা হৈছিল যে কেৱল অন্য গ্ৰহই কৰা আক্ৰমণে মানৱজাতিক একত্ৰিত কৰিব পাৰে।”—দ্য এজ, অষ্ট্ৰেলিয়াৰ বাতৰিকাকত।

 অন্য গ্ৰহৰ পৰা আক্ৰমণ? তেনে আক্ৰমণে পৃথিৱীত থকা দেশবোৰক একত্ৰিত কৰক বা নকৰক, কিন্তু বাইবেলত এনে এক যুদ্ধৰ বিষয়ে ভৱিষ্যতবাণী কৰিছে যিয়ে দেশবোৰক একত্ৰিত কৰিব। সেই যুদ্ধ অৱশ্যেই অপাৰ্থিৱ স্ৰোতৰ পৰা আহিব।

প্ৰাচীন সময়ৰ ইস্ৰায়েলৰ ৰজা দায়ূদে এই জগতৰ পৰিস্থিতিৰ বিষয়ে তেওঁৰ ভৱিষ্যতবাণীত বৰ্ণনা কৰিছিল। তেওঁ ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ এইদৰে লিখিছিল: “আহাঁ, আমি সিহঁতৰ বন্ধন ছিঙি পেলাওঁ, আৰু আমাৰ পৰা সিহঁতৰ জৰী পেলাই দিওঁ, এই বুলি যিহোৱা আৰু তেওঁৰ অভিষিক্ত জনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাবিলাক উঠিছে, আৰু অধিপতিবিলাকে একে-লগে আলচ কৰিছে।” (গীত ২:২, ৩; পাঁচনিৰ কৰ্ম্ম ৪:২৫, ২৬) লক্ষ্য কৰক যে এই জগতৰ শাসকসকলে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তা যিহোৱা আৰু অভিষিক্ত জনা অৰ্থাৎ নিযুক্ত ৰজা যীচু খ্ৰীষ্টৰ অহিতে একগোট হʼব। কেনেকৈ তেনেদৰে ঘটিব?

বাইবেলৰ ঘটনাতালিকা আৰু পূৰ্ণ হোৱা ভৱিষ্যতবাণীৰ অনুসাৰে ১৯১৪ চনত স্বৰ্গত ঈশ্বৰৰ ৰাজ্যত যীচুক ৰজা নিযুক্ত কৰাৰ সময়ত পূৰ্ণ হʼল। * সেই সময়ত পৃথিৱীৰ দেশবিলাকৰ একেই বিচাৰধাৰা দেখা গʼল। ঈশ্বৰে নতুনকৈ স্থাপন কৰা ৰাজ্যৰ সাৰ্ব্বভৌমত্বৰ অধীন হোৱাৰ পৰিৱৰ্তে তেওঁলোকে সেই শক্তিৰ বিৰোদ্ধে মহান যুদ্ধ বা প্ৰথম বিশ্ব যুদ্ধ কৰিলে।

মানৱ শাসকসকলে দেখুৱা তেনে প্ৰতিক্ৰিয়াৰ প্ৰতি যিহোৱা ঈশ্বৰে কেনে দৃষ্টি কৰে? “স্বৰ্গৰ সিংহাসনত বহি থাকোঁতা জনাই হাঁহিছে; প্ৰভুৱে তেওঁবিলাকক বিদ্ৰূপ কৰিছে। শেষত তেওঁ তেওঁবিলাকৰ আগত কোপেৰে কথা কৈছে; আৰু তেওঁবিলাকক জ্বলন্ত ক্ৰোধেৰে ব্যাকুল কৰিছে।” তাৰ পিছত যিহোৱাই তেওঁৰ পুত্ৰ অৰ্থাৎ স্বৰ্গ ৰাজ্যৰ নিযুক্ত ৰজাজনক এইদৰে কৈছে: “মোত খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, আৰু পৃথিবীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম। তুমি সিহঁতক লোহাৰ দণ্ডেৰে ভাঙিবা; কুমাৰৰ পাত্ৰৰ দৰে তুমি সিহঁতক ডোখৰ ডোখৰ কৰিবা।”—গীত ২:৪, ৫, ৮, ৯.

লোহাৰ দণ্ডেৰে বিৰোধী জাতিবিলাকক আৰমাগিদন্‌ বা হৰমাগিদোন নামৰ ঠাইত চিৰকালৰ বাবে গুড়ি কৰিব। প্ৰকাশিত বাক্য নামৰ বাইবেলৰ শেষ কিতাপখনত এই চৰম অৱস্থাক ‘ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধ’ বুলি বৰ্ণনা কৰিছে, যʼত “গোটেই জগতৰ ৰজা সকলক গোট” খুউৱা হʼব। (প্ৰকাশিত বাক্য ১৬:১৪, ১৬) অৱশেষত ভুত-পিশাচবোৰৰ প্ৰভাৱত পৃথিৱীৰ সকলো জাতিয়ে সৰ্ব্বশক্তিমান ঈশ্বৰৰ অহিতে যুদ্ধ কৰিবলৈ একত্ৰিত হʼব।

সেই সময়ত সকলো মানৱে ঈশ্বৰৰ সাৰ্ব্বভৌমত্বৰ অহিতে যুদ্ধ কৰিবলৈ প্ৰথমবাৰৰ বাবে একত্ৰিত হʼব। স্পষ্টৰূপে, তেনেদৰে একগোট হৈ তেওঁলোকে কোনো ব্যক্তিগত লাভ নাপাব। তাৰ বিপৰীতে তেওঁলোকৰ তেনে কাৰ্য্যই এনে এক পৰিস্থিতিৰ আৰম্ভণ হʼব যি শান্তিৰ বাবে মানুহে দীৰ্ঘ সময়ে ধৰি অপেক্ষা কৰি আছে। সেইটো কেনেকৈ? সেই অন্তিম যুদ্ধত ঈশ্বৰৰ ৰাজ্যই “সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” (দানিয়েল ২:৪৪) বিশ্ব শান্তিৰ বাবে থকা মানৱজাতিৰ ইচ্ছাক কোনো মানৱ সংগঠনে নহয় কিন্তু ঈশ্বৰৰ চৰকাৰে পূৰ্ণ কৰিব।

ঈশ্বৰৰ ৰাজ্যৰ চৰকাৰৰ মুখ্য শাসকজন

এইখনেই হৈছে সেই চৰকাৰ যাৰ বিষয়ে সৰল মনৰ লোকসকলে এইদৰে প্ৰাৰ্থনা কৰিছে: “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:১০) হৃদয়ত বিচাৰ কৰা অবাস্তৱ অৱস্থাৰ পৰিৱৰ্তে ঈশ্বৰৰ ৰাজ্যখন হৈছে এক বাস্তৱিক চৰকাৰ যিখনে ১৯১৪ চনত স্বৰ্গত স্থাপন হোৱাৰ পৰাই আশ্চৰ্য্যজনক কাৰ্য্য কৰি আছে। এতেকে আঁহক আমি এনে কিছুমান মুখ্য কাৰণ বিবেচনা কৰোঁ যিয়ে প্ৰদৰ্শন কৰে যে ঈশ্বৰৰ ৰাজ্যই আমাৰ সময়ত বাস্তৱিকৰূপে কাৰ্য্য কৰি আছে।

সৰ্ব্বপ্ৰথমে, এই ৰাজ্যখনৰ এক শক্তিশালী আৰু কাৰ্য্যদক্ষ বিভাগ আছে যাক ইয়াৰ নিযুক্ত ৰজা যীচু খ্ৰীষ্টই মূৰব্বীতা কৰিছে। যিহোৱা ঈশ্বৰে সা.যু. ৩৩ চনত যীচু খ্ৰীষ্টক খ্ৰীষ্টান মণ্ডলীৰ মূৰস্বৰূপ পাতিলে। (ইফিচীয়া ১:২২) তেতিয়াৰ পৰা যীচুৱে মূৰস্বৰূপে কাৰ্য্য কৰি তেওঁৰ শাসন কৰাৰ ক্ষমতা প্ৰকাশ কৰিছে। উদাহৰণস্বৰূপে, প্ৰথম শতাব্দীত যিহূদিয়াত এক বৰ আকাল হৈছিল, সেই সময়ত খ্ৰীষ্টান মণ্ডলীবিলাকে সেই ঠাইত থকা খ্ৰীষ্টান ভাই-ভনীসকলৰ বাবে অনতিপলমে পদক্ষেপ লৈ সাহায্য আগবঢ়ালে। সেয়েহে দান পঠিয়াবলৈ সংগঠিত কৰা হʼল আৰু বাৰ্ণব্বা আৰু চৌলৰ হাতত সেই সাহায্যৰ সামগ্ৰী দি আন্তিয়খিয়ালৈ পঠালে।—পাঁচনিৰ কৰ্ম্ম ১১:২৭-৩০.

যিহেতু বৰ্তমান সময়ত যীচু ৰজা হোৱাৰ বাবে সেই চৰকাৰখনৰ পৰা আমি তাতকৈও অধিক অপেক্ষা কৰিব পাৰোঁ। যেতিয়া কোনো দুৰ্যোগ, যেনে ভূমিকম্প, আকাল, বানপানী, প্ৰচণ্ড ধুমুহা বা জ্বালামুখী উদ্গীৰণৰ দ্বাৰা পীড়িত হয় তেতিয়া যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীবোৰে সেই ঠাইবোৰত থকা সঙ্গী বিশ্বাসী ভাই-ভনী আৰু আনসকলৰ বাবে তৎক্ষণাত সাহায্যৰ প্ৰবন্ধ কৰে। উদাহৰণস্বৰূপে, জানুৱাৰী আৰু ফেব্ৰুৱাৰী ২০০১ চনত এল চালভাদোৰত যেতিয়া ধ্বংসাত্মক ভূমিকম্প হৈছিল তেতিয়া সেই দেশৰ সকলো ঠাইতে সাহায্য সংগঠিত কৰা হয় আৰু কানাডা, গুৱাটেমালা আৰু যুক্তৰাষ্ট্ৰত থকা যিহোৱাৰ সাক্ষীসকলে সহায় আগবঢ়ায়। অতি কম সময়ৰ ভিতৰতে সেই ঠাইত তিনিটাকৈ উপাসনা স্থান আৰু ৫০০ তকৈ অধিক গৃহ নতুনকৈ নিৰ্ম্মাণ কৰা হয়।

ঈশ্বৰৰ ৰাজ্যৰ চৰকাৰৰ অধীনস্থ লোকসকল

১৯১৪ চনত ঈশ্বৰৰ স্বৰ্গীয় চৰকাৰ স্থাপন হোৱাৰ পৰাই গোটেই পৃথিৱীৰ পৰা সেই ৰাজ্যৰ অধীনস্থ লোকসকলক সংগঠিত আৰু একত্ৰিত কৰা হৈছে। এইটো হৈছে যিচয়াই লিপিবদ্ধ কৰা সেই উল্লেখনীয় ভৱিষ্যতবাণীৰ পূৰ্ণতা, যʼত তেওঁ এইদৰে উল্লেখ কৰিছিল: “অন্তিম কালত এইদৰে ঘটিব, যে, যিহোৱাৰ গৃহৰ পৰ্ব্বতটি [তেওঁৰ উচ্চ সত্য উপাসনা] পৰ্ব্বতবোৰতকৈয়ো ওখত স্থাপন কৰা হব, . . . তাতে সকলো জাতি সোঁত বোৱাৰ দৰে তালৈ বৈ যাব।” ভৱিষ্যতবাণীত উল্লেখ কৰা অনুসাৰে “অনেক জাতিয়ে” সেই পৰ্ব্বতটিলৈ উঠি গৈ যিহোৱাৰ শিক্ষা আৰু ব্যৱস্থা আগ্ৰহেৰে গ্ৰহণ কৰে।—যিচয়া ২:২, ৩.

ফলস্বৰূপে, বৰ্তমান সময়ত ২৩০ খনতকৈ অধিক দেশত ৬০,০০,০০০ তকৈও অধিক লোকে অন্তঃৰাষ্ট্ৰীয় ভাতৃত্ব সমাজত সংগঠিত হৈছে। যিহোৱাৰ সাক্ষীসকলৰ অন্তঃৰাষ্ট্ৰীয় অধিৱেশনবোৰত বিভিন্ন পৃষ্ঠভূমি, ভাষা, সংস্কৃতিৰ হোৱা স্বত্ত্বেও সত্য ঈশ্বৰৰ উপাসকসকলৰ মাজত কোনো ভেদ-ভাৱ নৰখাকৈ প্ৰেম, শান্তি আৰু ঐক্যতা দেখিবলৈ পাই বহুতো নিৰীক্ষকে আচৰিত হৈছে। (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) এতেকে আপুনি মান্তি নহʼবনে যে ভিন্ন জাতিৰ লোকসকলৰ মাজত দেখিবলৈ পোৱা ঐক্যতা আৰু শান্তি নিশ্চয়ে এনে এখন চৰকাৰৰ দ্বাৰা সম্ভৱ হৈছে যিখন স্থায়ী আৰু বাস্তৱিক?

ঈশ্বৰৰ ৰাজ্য আৰু ইয়াৰ শিক্ষা ব্যৱস্থা

নাগৰিকসকলৰ বাবে প্ৰত্যেকখন চৰকাৰৰ নিজা নিয়ম-ব্যৱস্থা আছে। গতিকে সেই চৰকাৰৰ অধীনত থাকিবলৈ তেনে আৱশ্যকতাবোৰ প্ৰত্যেকজন নাগৰিকে পালন কৰা প্ৰয়োজন। সেই একেইদৰে ঈশ্বৰৰ ৰাজ্যৰ নিজা নিয়ম-ব্যৱস্থা আছে আৰু যিসকলে সেই ৰাজ্যৰ নাগৰিকৰ বাবে উপযুক্ত হʼব তেওঁলোকেও সেই আৱশ্যকতাসমূহ পালন কৰা প্ৰয়োজন। যিহেতু ভিন্ন পৃষ্ঠভূমিৰ বহুতো লোকে একে স্তৰসমূহক গ্ৰহণ কৰি সেই অনুসাৰে চলাতো হৈছে এক বৃহৎ কাৰ্য্য। এইটো হৈছে আন এক কাৰণ যিয়ে প্ৰমাণ কৰে যে ঈশ্বৰৰ ৰাজ্য হৈছে এখন বাস্তৱিক চৰকাৰ অৰ্থাৎ যাৰ শিক্ষাৰ যোগেদি কেৱল লোকসকলৰ মনেই নহয় কিন্তু হৃদয়ো পৰিৱৰ্তন কৰে।

ঈশ্বৰৰ ৰাজ্যৰ চৰকাৰে কেনেকৈ সেই বৃহৎ প্ৰত্যাহ্বানজনক কাৰ্য্য সম্পন্ন কৰিব? “ঘৰে ঘৰে” প্ৰচাৰ আৰু প্ৰত্যেকজন ব্যক্তিকে ঈশ্বৰৰ বাক্যৰ শিক্ষা দিয়াৰ দ্বাৰা সম্পন্ন কৰিব। (পাঁচনিৰ কৰ্ম্ম ৫:৪২; ২০:২০) এনেদৰে শিক্ষাদান কৰাৰ ফল কেনে ধৰণে কাৰ্য্যকাৰী হয়? এই সম্পৰ্কে জেক যʼনচ্‌ন নামৰ এজন কেথলীক যাজকে এখন কানাডিয়ান বাতৰিকাকতত তেওঁ এগৰাকী মহিলাক যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন নকৰিবলৈ কৰা চেষ্টাৰ বিষয়ে এইদৰে লিখিছিল: “এখন পৰাজয় হোৱা যুদ্ধত জড়িত হৈ অধিক বিবুদ্ধিত পৰিলোঁ। মই উপলব্ধি কৰিব পাৰিলোঁ যে কেইমাহমানৰ ভিতৰতে এই যিহোৱাৰ সাক্ষী মহিলাসকলে সেই শাৰীৰিকভাৱে কʼলৈকো অহা-যোৱা কৰিব নোৱাৰা অক্ষম এগৰাকী মাতৃৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰিলে। তেওঁলোকে তাইলৈ বন্ধুত্বভাৱে সহায় আগবঢ়াই হৃদয়ৰ সৈতে এক অৰ্থপূৰ্ণ প্ৰেমৰ বন্ধোনেৰে বান্ধে। অতি শীঘ্ৰেই তাই তেওঁলোকৰ ধৰ্ম্মৰ সক্ৰিয় সদস্য হৈ পৰে আৰু মই তাইক তেনে কৰাত বাধা দিবলৈ একোৱেই কৰিব নোৱাৰিলোঁ।” যিহোৱাৰ সাক্ষীসকলে শিকোৱা বাইবেলৰ বাৰ্ত্তা আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰে যিদৰে প্ৰাক্তন কেথলীক ধৰ্ম্মৰ এগৰাকী মহিলাৰ হৃদয় পৰিচালিত কৰিলে, তেনেদৰে বিশ্বজুৰি লাখ লাখ লোকৰ হৃদয় প্ৰেৰিত কৰিছে।

এই ধৰণৰ বহুমূলীয়া ঈশ্বৰৰ ৰাজ্যৰ শিক্ষা সম্পূৰ্ণকৈ বাইবেল আৰু উচ্চ নৈতিক স্তৰৰ ওপৰত আধাৰিত। যিয়ে পৃষ্ঠভূমিৰ লোক নহওক কিয়, ইয়ে তেওঁলোকক এজনে আনজনৰ প্ৰতি প্ৰেম বিকশিত কৰিবলৈ শিকায়। (যোহন ১৩:৩৪, ৩৫) তদুপৰি ইয়ে লোকসকলক এই পৰামৰ্শ পালন কৰিবলৈ সহায় কৰে, যʼত এইদৰে কোৱা হৈছে: “তোমালোক জগতৰ অনুৰূপ নহবা; কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা।” (ৰোমীয়া ১২:২) আজি লাখ লাখ লোকে তেওঁলোকৰ পুৰাতন মনুষ্যত্বক ত্যাগ দি ঈশ্বৰৰ ৰাজ্যৰ চৰকাৰৰ নিয়ম-ব্যৱস্থাৰ অনুসাৰে চলি বৰ্তমান সময়ত সুখ, শান্তি আৰু ভৱিষ্যতৰ বাবে এক উজ্জ্বল আশা লাভ কৰিছে।—কলচীয়া ৩:৯-১১.

বিশ্বব্যাপী লোকসকলক একত্ৰিত কৰিবলৈ কৰা এক উল্লেখনীয় সহায় হৈছে এই প্ৰহৰীবুৰুজ আলোচনীখন। বিভিন্ন ভাষাত অনুবাদ আৰু বহুভাষা প্ৰকাশক সঁজুলিৰ (মাল্টিলেঙ্গুৱেজ পাব্লিশ্বিং ইকুইপ্‌মেন্ট্‌) দ্বাৰা প্ৰহৰীবুৰুজ আলোচনীখন একে সময়তে ১৩৫ টা ভাষাত ছপা কৰা হৈছে আৰু বিশ্বজুৰি ৯৫ শতাংশতকৈ অধিক পাঠকসকলে একে সময়তে এই আলোচনীখনক নিজ ভাষাত অধ্যয়ন কৰিবলৈ পাইছে।

মৰমন নামৰ কিতাপখনৰ লিখক জনে নিজৰ গীৰ্জাৰ বাহিৰে অধিক সফলতা পোৱা মিছনাৰীৰ বিষয়ে এখন তালিকা তৈয়াৰ কৰিছিল। তেওঁ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰক ধৰ্ম্মবাণী প্ৰচাৰ কৰা সকলোতকৈ উত্তম আলোচনী বুলি তালিকাভুক্ত কৰি এইদৰে কৈছিল: “প্ৰহৰীবুৰুজ বা সচেতন! আলোচনীয়ে আত্মসন্তুষ্টি বৃদ্ধি কৰিছে বুলি কোনো এজনেও অভিযোগ কৰিব নোৱাৰে—তাৰ বিপৰীতে, এই আলোচনীবোৰে সজাগতাৰ বোধ উৎপন্ন কৰিছে, যিটো মই আন ধৰ্ম্মীয় আলোচনীবোৰত কেতিয়াবাহে দেখিবলৈ পাওঁ। প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰ বাস্তৱিক সত্য, উত্তমভাৱে কৰা অনুসন্ধান, সঙ্গতিপূৰ্ণ প্ৰকৃত ঘটনাৰ ওপৰত আধাৰিত।”

ঈশ্বৰৰ ৰাজ্যই যে বাস্তৱিকতে সম্পূৰ্ণকৈ কাৰ্য্য কৰিছে তাৰ বহুতো প্ৰমাণ দেখিবলৈ পোৱা যায়। যিহোৱাৰ সাক্ষীসকলে আনন্দ আৰু সম্পূৰ্ণ উৎসাহেৰে নিজৰ চুবুৰীয়াক “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰে আৰু তেওঁলোকক সেই ৰাজ্যৰ প্ৰজা হʼবলৈ আমন্ত্ৰণ কৰে। (মথি ২৪:১৪) এনে ধৰণৰ ভৱিষ্যত আশাই আপোনাক আকৰ্ষিত কৰেনে? ঈশ্বৰৰ ৰাজ্যৰ স্তৰৰ অনুসাৰে শিক্ষা গ্ৰহণ কৰি সেই অনুসাৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰা সকলৰ সৈতে আপুনি সঙ্গতি কৰি সেই আশীৰ্ব্বাদৰ আনন্দ লাভ কৰিব পাৰে। তদুপৰি আপুনি ভৱিষ্যতে প্ৰতিজ্ঞা কৰা অনুসৰি “ধাৰ্ম্মিকতা নিবাস” কৰা ঈশ্বৰৰ ৰাজ্যৰ অধীনত তাতকৈও অধিক আশীৰ্ব্বাদ লাভ কৰিব পাৰিব।—২ পিতৰ ৩:১৩. (w04 8/1)

[ফুটনোট]

^ অধিক বিতংকৈ জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখনৰ ১০ অধ্যায়, ৯০-৯৭ পৃষ্ঠাৰ “ঈশ্বৰৰ ৰাজ্যই শাসন কৰে” নামৰ শিৰোনামাৰ অন্তৰ্গত চাওক।

[৪, ৫ পৃষ্ঠাৰ ছবি]

১৯১৪ চনত সকলো জাতিয়ে এখন বিশ্বযুদ্ধত লিপ্ত হʼল

[৬ পৃষ্ঠাৰ ছবিসমূহ]

সাহায্যৰ বাবে স্বইচ্ছাৰে আগবঢ়োৱা সহায় কাৰ্য্যই প্ৰকৃত খ্ৰীষ্টানৰ প্ৰেম কাৰ্য্যকাৰী হোৱাৰ প্ৰমাণ দিয়ে

[৭ পৃষ্ঠাৰ ছবি]

একেই শিক্ষাদানৰ কাৰ্য্যৰ যোগেদি বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলে লাভৱান হয়