Skip to content

Skip to table of contents

এক উত্তম চৰকাৰৰ অন্বেষণ

এক উত্তম চৰকাৰৰ অন্বেষণ

এক উত্তম চৰকাৰৰ অন্বেষণ

“বিশ্বজুৰি লোকসকলত স্বাধীনতা মনোবৃত্তি বৃদ্ধি হোৱাৰ বাবে গোটেই বিশ্বত এনেবোৰ সমস্যা ধাৰাবাহিকৰূপে দেখা দিছে, যিবোৰক ব্যক্তিগত স্তৰত কেতিয়াও নিজেই সমাধান কৰিব পৰা নাযায়। কেৱল বিশ্বজুৰি লোকসকলে কৰা সহযোগীতাৰ দ্বাৰাহে বিদ্যমান হোৱা বিপদ আৰু প্ৰত্যাহ্বানবোৰত মানুহে সফলতাৰে সম্মুখীন হʼব পাৰি।”—গোলাম ওমৰ, পাকিস্তানৰ ৰাজনৈতিক বিশ্লেষক।

 বৰ্তমান সময়ত জগতখনত ব্যাখ্যাহীন পৰিস্থিতিৰে ভৰি পৰিছে। বহুতে ভৌতিকভাৱে সমৃদ্ধিশীল হোৱা পৰিস্থিতিৰ মাজত থকাৰ স্বত্বেও জীয়াই থাকিবলৈ সাধাৰণভাৱে সংগ্ৰাম কৰিবলগীয়া হৈছে। আজিৰ ইলেক্ট্ৰনিক জগতত লোকসকলে যিমানেই উচ্চ শিক্ষা লাভ কৰিছে, তেওঁলোকৰ বাবে স্থায়ী চাকৰি পোৱাটো সিমানেই কঠিন হৈ পৰিছে। বহুতে জীৱনটো যদিও আগতকৈ স্বাধীনতা বুলি অনুভৱ কৰিছে, তথাপিও কোটি কোটি লোকে ভয়, নিৰাপত্তাহীন আৰু অনিশ্চয়তাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। যদিও আমি এক মনমোহা পৰিৱেশত বাস কৰিব পাৰোঁ, কিন্তু সমাজৰ সকলো স্তৰতে হোৱা ভ্ৰষ্টাচাৰ আৰু অৰাজকতাৰ বাবে বহুতে আশাহীন হৈ পৰিছে।

সমস্যাৰ সম্মুখীন হোৱাৰ বাবে মানুহবিলাকে ইমানেই বিহ্বল হৈছে যে কোনো দেশ বা ৰাষ্ট্ৰীয় গোষ্ঠীসমূহে সমাধান কৰাটো এটা দূৰৰ বিষয় হৈ পৰিছে। সেয়েহে বহুতো নিৰীক্ষকে এইদৰে মন্তব্য দিছে যে জগতত শান্তি আৰু নিৰাপত্তাক বাস্তৱিক ৰূপ দিবলৈ সকলোৱে একলগ হৈ এখন চৰকাৰৰ অধীনত কাৰ্য্য কৰা আৱশ্যক। উদাহৰণস্বৰূপে, এলবাৰ্ট আইনষ্টাইনে বহু সময়ৰ পৰা এনে বিচাৰধাৰাৰ সৈতে সন্মত আছিল। সেয়েহে ১৯৪৬ চনত তেওঁ এইদৰে কৈছিল: “মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে জগতত অধিক সংখ্যক লোকে শান্তি আৰু নিৰাপত্তাত বাস কৰিব বিচাৰে . . . মানৱজাতিয়ে আশা কৰা এই শান্তি কেৱল নতুনকৈ সৃষ্টি কৰা এখন বিশ্বব্যাপী চৰকাৰৰ দ্বাৰাহে সম্ভৱ হʼব পাৰে।

পাঁচ দশকৰ পিছতো সেই গুৰুত্বপূৰ্ণ আৱশ্যকতা এতিয়াও অসম্পূৰ্ণ হৈ থাকিল। একবিংশ শতাব্দীত তালিকাভুক্ত কৰা উপৰ্য্যুপৰি সমস্যাসমূহৰ বিষয়ে পেৰিচত প্ৰকাশ পোৱা লে মণ্ড্‌ নামৰ এখন বাতৰিকাকতে এইদৰে মন্তব্য দিয়ে: “জগতৰ চাৰিওফালে হোৱা জাতিগত গণহত্যাক অনতিপলমে বন্ধ কৰিবলৈ কেৱল এখন ন্যায়িক, প্ৰশাসনিক আৰু সাংবিধানিক আধাৰিত অন্তৰাষ্ট্ৰীয় চৰকাৰেহে সক্ষম আৰু যাৰ অতি আৱশ্যক। তদুপৰি পৃথিৱীখনক এখন দেশ বুলি বিবেচনা কৰা বিচাৰধাৰাক গ্ৰহণ কৰাটো সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ।” কোনে অথবা কেনে শক্তি আৰু কাৰ সক্ষমতাই মানৱক এনে এখন শান্তিপূৰ্ণ ভৱিষ্যত নিশ্চিতভাৱে প্ৰদান কৰিব পাৰে?

ৰাষ্ট্ৰসংঘই সমস্যাবোৰৰ সমাধান কৰিব পাৰিবনে?

ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি স্থাপন কৰিব বুলি বহুতে আশা কৰিছে। বাস্তৱতে ৰাষ্ট্ৰসংঘই এখন চৰকাৰ হৈ জগতত শান্তি আৰু নিৰাপত্তা আনিব পাৰিবনে? ইয়াত কোনো সন্দেহ নাই যে এই বিষয়ে বহুতো ৰাজনৈতিকে কথোপকথন কৰিছে আৰু সেইবোৰক অনুপ্ৰেৰিত আৰু ভাৰসাযোগ্য প্ৰতিজ্ঞা যেন বোধ হয়। উদাহৰণস্বৰূপে, ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সন্মিলনৰ “মিলেনিয়াম্‌ ডিক্লাৰেশ্বন” নামৰ নিষ্পত্তিকৰণত এইদৰে নিৰ্দ্ধাৰণ কৰা হয়: “আমি আমাৰ লোকসকলক দেশ বা ৰাজ্যৰ ভিতৰত হোৱা যুদ্ধৰ পৰা মুক্ত কৰিম, যাৰ বাবে ৫০ লাখতকৈ অধিক লোকে যোৱা দশকবোৰত প্ৰাণ হেৰুৱাইছে।” এনেদৰে ঘোষণা কৰাৰ বাবে ৰাষ্ট্ৰসংঘক বহুতে প্ৰশংসা আৰু শলাগ লʼলে আৰু ২০০১ চনত শান্তিৰ নোবেল বঁটাও প্ৰদান কৰা হয়। ৰাষ্ট্ৰসংঘক সন্মান কৰি নিৰৱেযিয়ান নোবেল সমিটিয়ে এইদৰে কয় যে, “বিশ্ব শান্তি আৰু সহযোগিতাৰ সফলতা কেৱল ৰাষ্ট্ৰসংঘৰ দ্বাৰাহে লাভ কৰিব পাৰি।”

এই সকলোবোৰ প্ৰশংসা, শলাগ আৰু প্ৰচেষ্টাৰ স্বত্বেও ১৯৪৫ চনত স্থাপন কৰা ৰাষ্ট্ৰসংঘই তেনে এখন চৰকাৰৰূপে প্ৰমাণিত হʼলনে, যিয়ে জগতখনত বাস্তৱিক স্থায়ী শান্তি কঢ়িয়াই আনিলে? অৱশ্যেই বিফল হʼল। কিয়নো ইয়াৰ স্বাৰ্থপৰ সদস্যসকলে তেনে চেষ্টা কৰা বহুতকে নিৰাশ কৰিলে। ইয়াৰ উপৰিও ৰাইজত কেনে প্ৰভাৱ পৰিলে, সেই বিষয়ে এখন বাতৰিকাকতৰ সম্পাদকে এইদৰে কয় যে ৰাষ্ট্ৰসংঘ এক প্ৰকাৰৰ “বিশ্বজুৰি অভিমতৰ বেৰোমিটাৰ অৰ্থাৎ নিৰ্দেশকৰ বাহিৰে আন একো নহয়,” কিয়নো “ইয়াৰ কাৰ্য্যসূচীত যদিও সমস্যাৰে পূৰ্ণ হৈ আছে, তথাপিও বহু আলোচনা-বিলোচনা কৰাৰ পিছত সমাধানৰ ক্ষেত্ৰত কেৱল অলপহে অগ্ৰগতি লাভ কৰে।” কিন্তু এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পাবলৈ এতিয়াও বাকী থাকিল: এদিন বিশ্বজুৰি দেশবোৰ বাস্তৱতে একত্ৰিত হʼবনে?

বাইবেলে কৈছে যে তেনে ধৰণৰ ঐক্যতা অনতিপলমে বাস্তৱিকতালৈ পৰিণত হʼব। ই কেনেকৈ হʼব? কেনে ধৰণৰ চৰকাৰে তেনে সফলতা পাব? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ অনুগ্ৰহ কৰি পিছৰ লেখটো পঢ়ক।(w04 8/1)

[৩ পৃষ্ঠাৰ ছবি]

আইনষ্টাইনে এখন বিশ্বব্যাপী চৰকাৰৰ বিষয়টোক সমৰ্থন কৰিলে

[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

আইনষ্টাইন: U.S. National Archives photo