যিহোৱাই নম্ৰ লোকসকলক তেওঁৰ মহিমা প্ৰকাশ কৰে
যিহোৱাই নম্ৰ লোকসকলক তেওঁৰ মহিমা প্ৰকাশ কৰে
“ধন, সন্মান, আৰু জীৱন, নম্ৰতাৰ, আৰু যিহোৱালৈ ৰখা ভয়ৰ ফল।”—হিতোপদেশ ২২:৪.
১, ২. (ক) পাঁচনিৰ কৰ্ম্ম কিতাপখনে কেনেকৈ দেখুৱাইছে যে স্তিফান এজন “বিশ্বাসেৰে আৰু আত্মাৰে পৰিপূৰ্ণ হোৱা” ব্যক্তি আছিল? (খ) তেওঁ যে এজন নম্ৰ স্বভাৱৰ ব্যক্তি আছিল তাৰ কেনে প্ৰমাণ দেখিবলৈ পোৱা যায়?
স্তিফান নামৰ যীচুৰ শিষ্যজন ‘বিশ্বাসেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱাৰ’ উপৰিও “অনুগ্ৰহ আৰু শক্তিৰে পৰিপূৰ্ণ” আছিল। তেওঁ লোকসকলৰ মাজত নানা অদ্ভুত লক্ষণ আৰু মহৎ চিন দেখুৱাইছিল। এবাৰ কিছুমান মানুহে তেওঁৰ সৈতে বাদ-বিবাদ কৰিবলৈ থিয় হোৱাত “তেওঁ যি জ্ঞান আৰু আত্মাৰে কথা কৈছিল, তেওঁবিলাকে তাৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৬:৫, ৮-১০) এই বৃতান্তৰ দ্বাৰা স্পষ্টকৈ বুজিব পাৰি যে তেওঁ ঈশ্বৰৰ বাক্য বিভাগ কৰাত এজন নিপুণ ব্যক্তি আছিল আৰু ইহুদী ধৰ্ম্মগুৰুসকলৰ সম্মুখত অতি প্ৰভাৱকাৰীৰূপে প্ৰচাৰ কাৰ্য্যক প্ৰতিৰক্ষা কৰিছিল। তেওঁ যে ঈশ্বৰৰ উদ্দেশ্যৰ সম্বন্ধে প্ৰকাশ হʼবলগীয়া বিষয়বোৰ জানিবলৈ অধিক আগ্ৰহী আছিল, সেই বিষয়ে পাঁচনিৰ কৰ্ম্ম ৭ অধ্যায়ত তেওঁৰ বিশ্বাসৰ বিষয়ে কোৱা বিৱৰণীয়ে বিতংকৈ দেখুৱাইছে।
২ সেই সময়ৰ ধৰ্ম্মগুৰুসকল শাস্ত্ৰৰ জ্ঞান আৰু সমাজৰ সুপ্ৰতিষ্ঠিত ব্যক্তি হোৱাৰ বাবে নিজকে লৈ অহঙ্কাৰ কৰিছিল, কিন্তু তাৰ বিপৰীতে স্তিফান এজন নম্ৰ স্বভাৱৰ ব্যক্তি আছিল। (মথি ২৩:২-৭; যোহন ৭:৪৯) যেতিয়া তেওঁক ঈশ্বৰৰ বাক্য এৰি “মেজৰ পৰিচৰ্য্যা” কৰিবলৈ কোৱা হয় তেতিয়া তেওঁ অতি আনন্দেৰে সেই কাৰ্য্যভাৰ গ্ৰহণ কৰিলে, যাতে পাঁচনিবিলাকে “প্ৰাৰ্থনাত আৰু বাক্যৰ পৰিচৰ্য্যাত” অধিক সময় ব্যয় কৰিব পাৰে। তেওঁ সুখ্যাতি পোৱা আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা সাতজনৰ মাজৰ এনে এজন ব্যক্তি আছিল যিজনক নিতৌ মেজৰ পৰিচৰ্য্যা কাৰ্য্য কৰিবলৈ বাছনি কৰা হৈছিল। এই নিযুক্তিভাৰ তেওঁ নম্ৰভাৱে গ্ৰহণ কৰিলে।—পাঁচনিৰ কৰ্ম্ম ৬:১-৬.
৩. স্তিফানে ঈশ্বৰৰ অনুগ্ৰহৰ কেনে এক উল্লেখনীয় প্ৰদৰ্শন দেখিবলৈ পালে?
৩ স্তিফান নম্ৰ স্বভাৱৰ ব্যক্তি হোৱাৰ উপৰিও আধ্যাত্মিক মন ৰাখা আৰু তেওঁ বজাই ৰাখা অখণ্ডতাৰ বিষয়ে যিহোৱাই অজ্ঞাত নাছিল। যেতিয়া তেওঁ মহাসভাত বহা সকলোৰে আগত সাক্ষী দি আছিল তেতিয়া তাৰ লোকসকলে “তেওঁৰ মুখ স্বৰ্গদূতৰ মুখৰ নিচিনা” দেখিছিল। (পাঁচনিৰ কৰ্ম্ম ৬:১৫) তেওঁৰ মৌখিক অঙ্গী-ভঙ্গী দেখাত ঈশ্বৰৰ বাৰ্ত্তাবাহক স্বৰ্গদূতৰ নিচিনা আছিল, যিজনে যিহোৱা ঈশ্বৰৰ শান্তি আৰু মহিমা কঢ়িয়াই আনে। মহাসভাৰ সকলোৰে আগত নিৰ্ভয়ে সাক্ষী দিয়াৰ পিছত তেওঁ ঈশ্বৰৰ অনুগ্ৰহৰ এক উল্লেখনীয় প্ৰদৰ্শন দেখিবলৈ পালে। বৃত্তান্তই কৈছে যে, “তেওঁ পবিত্ৰ আত্মাৰে পূৰ হৈ স্বৰ্গৰ ফাললৈ একেথৰে চাই, ঈশ্বৰৰ প্ৰতাপ, আৰু ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা যীচুক” দেখিলে। (পাঁচনিৰ কৰ্ম্ম ৭:৫৫) এই দৰ্শনৰ দ্বাৰা স্তিফানে পুনৰাই আশ্বাস পালে যে যীচু ঈশ্বৰৰ পুত্ৰ আৰু মচীহ। তদুপৰি ঈশ্বৰৰ অনুগ্ৰহ যে তেওঁত আছে, তাৰো আশ্বাস পালে।
৪. যিহোৱাই নিজৰ মহিমা কেনে লোকৰ আগত প্ৰকাশ কৰে?
৪ স্তিফানে দেখা দৰ্শনে দেখুৱাইছে যে যিহোৱাই তেওঁৰ মহিমা আৰু উদ্দেশ্য এনে লোকসকলৰ আগত প্ৰকাশ কৰে যিসকল নম্ৰ স্বভাৱৰ আৰু ঈশ্বৰৰ সৈতে থকা সম্বন্ধক মূল্যাঙ্কন কৰে। বাইবেলে কৈছে যে, “ধন, সন্মান, আৰু জীৱন, নম্ৰতাৰ, আৰু যিহোৱালৈ ৰখা ভয়ৰ ফল।” (হিতোপদেশ ২২:৪) নম্ৰতাৰ অৰ্থ কি, আমি কেনেকৈ এই গুণটো বিকশিত আৰু জীৱনৰ সকলো ক্ষেত্ৰত প্ৰয়োগ কৰি লাভৱান হʼব পাৰোঁ, তাৰ বিষয়ে অৱশ্যেই জনা আৱশ্যক।
নম্ৰতা—এক ঈশ্বৰীয় গুণ
৫, ৬. (ক) নম্ৰতা কি? (খ) যিহোৱাই কেনেকৈ নম্ৰতাৰ গুণটো প্ৰকাশ কৰিলে? (গ) যিহোৱাৰ নম্ৰতাৰ গুণটোৱে আমাৰ ওপৰত কেনে প্ৰভাৱ পেলোৱা উচিত?
৫ যিহোৱা এজন সৰ্ব্বোপৰি আৰু মহিমান্বিত ঈশ্বৰ হোৱাৰ উপৰিও তেওঁ যে নম্ৰ, সেই বিষয়ে শুনি বহুতো লোকে আচৰিত হয়। এই বিষয়ে যিহোৱাক সম্বোধিত কৰি ৰজা দায়ূদে এইদৰে কৈছিল: “তুমি তোমাৰ পৰিত্ৰাণৰূপ ঢাল মোক দিলা; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিলে; তোমাৰ মৃদুতাই মোক মহান কৰিলে।” (গীত ১৮:৩৫) যিহোৱাক নম্ৰ ঈশ্বৰ বুলি কোৱাৰ সময়ত দায়ূদে এই ভাৱটো হীব্ৰু মূল শব্দৰ পৰা উদ্ধৃত কৰিছিল যাৰ অৰ্থ হৈছে “হাওলি পৰা।” তদুপৰি “নম্ৰতা” শব্দটোৰ সৈতে “মৃদুতা” “বিনয়ী” আৰু “কৰুণা” আদি গুণবোৰো সন্মিলিত আছে। গতিকে দায়ূদৰ দৰে এজন অসিদ্ধ ব্যক্তিৰ সৈতে যিহোৱাই কৰুণাৰে আচৰণ কৰিছিল। গীত ১৮ অধ্যায়ৰ একেবাৰে আৰম্ভণীতে কোৱা হৈছে যে, “যিহোৱাই দায়ূদক চৌল আদি সকলো শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰিলে।” সেয়েহে দায়ূদে জানিছিল যে ৰজা হৈ তেওঁ যি মহিমা আৰু সুখ্যাতি লাভ কৰিলে, সেই সকলো কেৱল যিহোৱাই দেখুৱা কৰুণাৰ বাবেহে সম্ভৱ হৈছে। এই উপলব্ধিয়ে দায়ূদক গোটেই জীৱন নম্ৰ হৈ থাকিবলৈ সহায় কৰিলে।
৬ এতিয়া আমাৰ বিষয়ে কি কʼব পৰি? যিহেতু যিহোৱাই যোগ্য বুলি ভবাৰ বাবে আমাক সত্যতাৰ জ্ঞান দিবলৈ, তেওঁৰ সেৱাত বিশেষাধিকাৰ আৰু অন্য প্ৰকাৰে তেওঁৰ ইচ্ছা পূৰ্ণ কৰাত ব্যৱহাৰ কৰিবলৈ বাছি লʼলে। এই বিষয়ে আমি কেনে অনুভৱ কৰা উচিত? আমি নিজকে নম্ৰ বুলি ভবা উচিত নহয়নে? আমি যিহোৱাৰ নম্ৰতাৰ বাবে নিজকে গৌৰৱ নকৰি ধ্বংসৰ পথলৈ পৰিচালিত হোৱাৰ পৰা আঁতৰি থাকিবলৈ পাই তেওঁক ধন্যবাদ নিদিমনে?—হিতোপদেশ ১৬:১৮; ২৯:২৩.
৭, ৮. (ক) মনচিৰ সৈতে কৰা আচৰণে কেনেকৈ যিহোৱাৰ নম্ৰতাৰ প্ৰমাণ দিলে? (খ) কিদৰে যিহোৱা আৰু মনচিয়ে আমালৈ এক উত্তম উদাহৰণ প্ৰস্তুত কৰিলে?
৭ যিহোৱাই অসিদ্ধ লোকসকলৰ সৈতে কেৱল নম্ৰতাৰে আচৰণ কৰে, এনে নহয়, কিন্তু নম্ৰ মন ৰাখা ব্যক্তিসকলৰ প্ৰতি আগ্ৰহেৰে দয়া দেখুৱাই আৰু তেওঁলোকক নিম্নৰ পৰা উচ্চত প্ৰতিষ্ঠাও কৰে। (গীত ১১৩:৪-৮) উদাহৰণস্বৰূপে, যিহূদাৰ ৰজা মনচিৰ বিষয়ে বিবেচনা কৰক। তেওঁ মিছা উপাসনা ব্যাপকভাৱে বৃদ্ধি কৰিবলৈ ৰজাৰ পদক দুৰ্ব্যৱহাৰ আৰু “যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে।” (২ বংশাৱলি ৩৩:৬) অৱশেষত যিহোৱাই তেনে কাৰ্য্যৰ বাবে তেওঁক অচূৰৰ ৰজাৰ হাতত বন্দী হʼবলৈ এৰি দিলে। বন্দীগৃহত থকাৰ সময়ত তেওঁ “ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে, আৰু নিজ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে।” সেয়েহে যিহোৱাই পুনৰাই তেওঁক ৰাজ্য ঘূৰাই দিলে আৰু “যিহোৱাইহে যে সত্য ঈশ্বৰ,” তাক তেওঁ বুজি পালে। (২ বংশাৱলি ৩৩:১১-১৩) দৰাচলতে মনচিৰ তেনে পৰিৱৰ্তনে যিহোৱাৰ মন আনন্দিত কৰিলে আৰু তেওঁ মনচিক ক্ষমা কৰি পুনৰাই ৰজা অভিষেক কৰিলে।
৮ যিহোৱাই আগ্ৰহী হৈ ক্ষমা কৰা আৰু মনচিৰ অনুতপ্ত মনোবৃত্তিয়ে নম্ৰতাৰ সম্বন্ধে আমাক এক উত্তম শিক্ষা প্ৰদান কৰিছে। আমি সদায়ে মনত ৰাখা উচিত যে আমি যিদৰে আমাৰ মনত আঘাত কৰাসকলৰ সৈতে আচৰণ কৰোঁ বা যিদৰে তেওঁলোকক দৃষ্টি কৰোঁ, ঠিক সেইদৰে যিহোৱায়েও আমাৰ সৈতে কৰে। যদি আমি আনৰ অপৰাধবোৰ ক্ষমা কৰিবলৈ ইচ্ছুক আৰু নিজৰ ভুল স্বীকাৰ কৰোঁ, তেন্তে যিহোৱা ঈশ্বৰেও আমাক ক্ষমা কৰিব বুলি আশ্বাস ৰাখিব পাৰোঁ।—মথি ৫:২৩, ২৪; ৬:১২.
নম্ৰ ব্যক্তিসকললৈ ঈশ্বৰৰ মহিমা প্ৰকাশ কৰা
৯. নম্ৰতা গুণটো এক দুৰ্ব্বলতাৰ লক্ষণ নে? বৰ্ণনা কৰক।
৯ নম্ৰতা আৰু ইয়াৰ সৈতে থকা আন গুণবোৰক দুৰ্ব্বলতাৰ লক্ষণ বা ভুল কাৰ্য্যক ক্ষমা কৰা বুলি ভবা উচিত নহয়। কিয়নো বাইবেলত কৈছে যে যদিও যিহোৱা হৈছে এজন নম্ৰ ঈশ্বৰ, তথাপিও আৱশ্যকীয় সময়ত ধাৰ্ম্মিকতাৰ বাবে সোধ-বিচাৰ কৰিবলৈ তেওঁ কেতিয়াও পিছ নুহুঁহকে। নম্ৰ হোৱাৰ বাবে যিহোৱাই দীন মনৰ লোকসকলৰ প্ৰতি বিশেষ মনোযোগ দিয়ে, কিন্তু অহঙ্কাৰীসকলৰ পৰা আঁতৰি থাকে। (গীত ১৩৮:৬) যিহোৱাই কিদৰে তেওঁৰ নম্ৰ উপাসকসকলৰ প্ৰতি বিশেষ মনোযোগ দেখুৱাই?
১০. যিহোৱা ঈশ্বৰে ১ কৰিন্থীয়া ২:৬-১০ পদৰ অনুসৰি দীন মনৰ ব্যক্তিসকলৰ আগত কি প্ৰকাশ কৰিছে?
১০ যিহোৱাই নিজৰ উপযুক্ত সময়ত নিজৰ মনোনিত মাধ্যমেৰে তেওঁৰ পূৰ হʼবলগীয়া উদ্দেশ্যৰ বিষয়ে নম্ৰ উপাসকসকলক প্ৰকাশ কৰে। কিন্তু নিজৰ বুদ্ধি আৰু জ্ঞানৰ ওপৰত ভাৰসা কৰাসকলৰ বাবে তেওঁৰ এনে বিষয়বোৰ ৰহস্যময় হৈ থাকে। (১ কৰিন্থীয়া ২:৬-১০) কিন্তু দীন মনৰ ব্যক্তিসকলে যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে সঠিক জ্ঞান পোৱাৰ বাবে তেওঁক মহিমা কৰিবলৈ পৰিচালিত হৈছে। তদুপৰি তেওঁলোকে তেওঁৰ অসীম মহিমাৰ প্ৰতিও মূল্যাঙ্কন কৰে।
১১. প্ৰথম শতিকাৰ কিছুমান ব্যক্তিয়ে কেনেকৈ অহঙ্কাৰপূৰ্ণ মনোবৃত্তি ৰাখিছিল আৰু ইয়াৰ বাবে তেওঁলোকে কিহৰ পৰা বঞ্চিত হʼল?
১১ প্ৰথম শতিকাত নিজকে খ্ৰীষ্টান বুলি দাবী কৰা বহুতো লোকে অহঙ্কাৰী হোৱাৰ প্ৰমাণ দিছিল আৰু পাঁচনি পৌলে ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে যি প্ৰকাশ কৰিছিল, তাক শুনি তেওঁলোকে বিভ্ৰান্ত হৈছিল। পাঁচনি পৌলে নিজৰ জাতিগত বৈশিষ্ট্য, শিক্ষা, অভিজ্ঞতা বা সৎকৰ্ম্মৰ বাবে নহয় কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ বাবেহে “পৰজাতিবিলাকৰ নিমিত্তে পাঁচনি” ৰূপে মনোনিত হৈছিল। (ৰোমীয়া ১১:১৩) সাধাৰণতে মানৱীয় দৃষ্টিভঙ্গীৰ অনুসাৰে যিসকল ব্যক্তিৰ ওচৰত পৌলৰ দৰে তেনে বিশেষ যোগ্যতাবোৰ আছে তেওঁলোককহে ঈশ্বৰে নিজ কাৰ্য্যত ব্যৱহাৰ কৰে বুলি নিৰ্ণয় কৰে। (১ কৰিন্থীয়া ১:২৬-২৯; ৩:১; কলচীয়া ২:১৮) কিন্তু পাঁচনি পৌলক যিহোৱাই তেওঁৰ অনুগ্ৰহ আৰু উদ্দেশ্যক পূৰ্ণ কৰিবলৈহে বাছি লৈছিল। (১ কৰিন্থীয়া ১৫:৮-১০) “প্ৰধান পাঁচনিবিলাক” বুলি সম্বোধিত কৰা ব্যক্তি আৰু আন বিৰোধীসকলে পাঁচনি পৌলৰ কথা আৰু দাঙি ধৰা শাস্ত্ৰীয় যুক্তিবোৰ শুনিবলৈ হেয়জ্ঞান কৰিলে। তেওঁলোকে নিজৰ অহঙ্কাৰপূৰ্ণ মনোবৃত্তিৰ বাবে যিহোৱাৰ উদ্দেশ্যৰ সম্বন্ধে থকা জ্ঞান আৰু অন্তৰ্দৃষ্টিৰ বিষয়ে বুজি পাবলৈ বিফল হʼল। এতিকে আঁহক আমি যেন যিহোৱাই মনোনিত কৰা ব্যক্তিসকলৰ প্ৰতি মনোযোগ দিবলৈ কেতিয়াও আওকাণ নকৰোঁহঁক।—২ কৰিন্থীয়া ১১:৪-৬.
১২. মোচিৰ আৰ্হিয়ে কেনেকৈ দেখুৱাইছে যে যিহোৱাই নম্ৰ ব্যক্তিসকলক আশীৰ্ব্বাদ দিয়ে?
১২ আনহাতে, এনে বহুতো বাইবেলীয় উদাহৰণে দেখুৱাইছে যে কেনেকৈ নম্ৰ লোকসকল ঈশ্বৰৰ অনুগ্ৰহপ্ৰাপ্ত হৈছে। উদাহৰণস্বৰূপে, “সকলোতকৈ অতিশয় নম্ৰ লোক” মোচিয়ে ঈশ্বৰৰ মহিমা দেখিবলৈ আৰু তেওঁৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখিবলৈ আশীৰ্ব্বাদ লাভ কৰিলে। (গণনা পুস্তক ১২:৩) এই নম্ৰ ব্যক্তিজনে ৪০ বছৰ ধৰি, সম্ভৱতঃ আৰব উপদ্বীপীয় অঞ্চলত মেৰৰখীয়া হিচাবে জীৱন-যাপন কৰিছিল আৰু বহুতো প্ৰকাৰে ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰিছিল। (যাত্ৰাপুস্তক ৬:১২, ৩০) যিহোৱাই সহায় কৰাৰ বাবে তেওঁ প্ৰবক্তা আৰু সমুদায় ইস্ৰায়েল জাতিৰ মুখ্য ব্যৱস্থাপকৰ কাৰ্য্যভাৰ বহন কৰিবলৈ সক্ষম হৈছিল। তেওঁ যিহোৱাৰ সৈতে কথা-বতৰা হোৱাৰ বিশেষাধিকাৰ পাইছিল। আনকি দৰ্শনৰ দ্বাৰা তেওঁ “যিহোৱাৰ আকাৰ” দেখিবলৈও সক্ষম হৈছিল। (গণনা পুস্তক ১২:৭, ৮; যাত্ৰাপুস্তক ২৪:১০, ১১) যিসকলে এই নম্ৰ আৰু ঈশ্বৰৰ প্ৰতিনিধিজনক সন্মান কৰিছিল, তেওঁলোকেও ঈশ্বৰৰ অনুগ্ৰহৰ পাত্ৰ হৈছিল। সেইদৰে আমিও যদি মোচিতকৈ মহান ভাৱিষ্যতবক্তা অৰ্থাৎ যীচু আৰু তেওঁৰ মনোনিত ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গক’ সন্মান কৰোঁ আৰু তেওঁলোকে দিয়া নিৰ্দ্দেশনাৰ অনুসাৰে চলোঁ, তেন্তে নিশ্চয়ে যিহোৱাৰ দ্বাৰা আশীৰ্ব্বাদপ্ৰাপ্ত হʼম।—মথি ২৪:৪৫, ৪৬; পাঁচনিৰ কৰ্ম্ম ৩:২২.
১৩. যিহোৱাই কেনেকৈ তেওঁৰ মহিমা প্ৰথম শতিকাৰ নম্ৰ মেৰৰখীয়াসকলৰ আগত প্ৰকাশ কৰিলে?
১৩ যেতিয়া স্বৰ্গদূতে “ত্ৰাণকৰ্তা” যীচুৰ জন্মৰ বিষয়ে শুভবাৰ্ত্তা ঘোষণা কৰিলে তেতিয়া যিহোৱাৰ মহিমা কাৰ আগত প্ৰকাশিত হৈছিল? তেওঁৰ মহিমা কোনো ধৰ্ম্মগুৰু বা উচ্চধিকাৰীসকলৰ আগত নহয়, কিন্তু ‘মেৰৰ জাকবোৰ ৰাতি পৰ দি ৰখি’ থকা নম্ৰ মেৰৰখীয়াসকলৰ আগত প্ৰকাশ পাইছিল। (লূক ২:৮-১১) দৰাচলতে সেই মেৰৰখীয়াবোৰে অসাধাৰণ কাৰ্য্য কৰা বা তেওঁলোকৰ কোনো বিশেষ যোগ্যতা নাছিল। তথাপিও যিহোৱাই তেওঁলোকক যীচুৰ জন্মৰ বিষয়ে জনাবলৈ বাছি লʼলে। বাস্তৱতে যিহোৱাই নিজৰ মহিমা নম্ৰ আৰু তেওঁৰ প্ৰতি সম্ভ্ৰম ভয় ৰাখোঁতা লোকসকলৰ আগতহে প্ৰকাশ কৰে।
১৪. নম্ৰ ব্যক্তিসকলে কেনে আশীৰ্ব্বাদবোৰ লাভ কৰে?
১৪ এনে উদাহৰণসমূহৰ পৰা আমি কি শিকিব পাৰোঁ? আমি জানিব পাৰিছোঁ যে যিহোৱাই তেওঁৰ উদ্দেশ্যৰ বিষয়ে জ্ঞান আৰু অন্তৰ্দৃষ্টি কেৱল নম্ৰ লোকসকলকহে প্ৰদান কৰে। তেওঁ নিজৰ উদ্দেশ্যৰ বিষয়ে জনাবলৈ এনে ব্যক্তিসকলক ব্যৱহাৰ কৰে যিসকল নিচেই সাধাৰণ বৰ্গৰ মানুহ। ইয়ে আমাক সদায়ে যিহোৱা, তেওঁৰ বাক্য আৰু সংগঠনৰ নিৰ্দ্দেশনাৰ ওপৰত ভাৰসা ৰাখিবলৈ প্ৰেৰিত কৰা উচিত। আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱাই নম্ৰ উপাসকসকলক তেওঁৰ উদ্দেশ্যৰ বিষয়ে সংবাদ দি থাকিব। এই বিষয়ে ভৱিষ্যতবক্তা আমোচে এইদৰে কৈছিল: “প্ৰভু যিহোৱাই নিজ দাস ভাববাদীবিলাকৰ গুৰিত নিজৰ নিগূঢ় মন্ত্ৰণা প্ৰকাশ নকৰাকৈ একোকে নকৰে।”—আমোচ ৩:৭.
নম্ৰতা গুণ বিকশিত কৰি ঈশ্বৰৰ অনুগ্ৰহপ্ৰাপ্ত হওক
১৫. আমি কিয় নম্ৰতা গুণটো বজাই ৰাখিবলৈ প্ৰচেষ্টা কৰা আৱশ্যক আৰু ইয়াক কেনেকৈ ইস্ৰায়েলৰ ৰজা চৌলৰ উদাহৰণৰ পৰা দেখিবলৈ পোৱা গৈছে?
১৫ যদি আমি স্থায়ীভাৱে ঈশ্বৰৰ অনুগ্ৰহপ্ৰাপ্ত হʼব বিচাৰিছোঁ, তেন্তে সদায়ে নম্ৰ হোৱা উচিত। এবাৰ নম্ৰ হোৱাৰ অৰ্থ এইটো নহয় যে আমি সদায়ে নম্ৰ হৈ থাকিম। এজন নম্ৰ ব্যক্তিয়ে হয়তো সময় অতিবাহিত হোৱাৰ লগে লগে আত্মগৰ্ব্বী হৈ পাৰিব পাৰে যিয়ে অহঙ্কাৰ আৰু ধ্বংসলৈ পৰিচালিত কৰে। উদাহৰণস্বৰূপে, ৰজা চৌলৰ বিষয়ে বিবেচনা কৰক। যেতিয়া তেওঁক ইস্ৰায়েলৰ প্ৰথম ৰজা অভিষেক কৰা হʼল তেতিয়া তেওঁ নিজকে ‘সৰু বুলি দৃষ্টি’ কৰিছিল। (১ চমূৱেল ১৫:১৭) কিন্তু ঠিক দুবছৰ ৰাজত্ব কৰাৰ পিছত তেওঁ নিজকে লৈ অহঙ্কাৰ কৰিব ধৰিলে। তেওঁ বলিদানৰ সম্বন্ধে দিয়া ঈশ্বৰৰ ব্যৱস্থাক উলঙ্ঘন কৰি ভৱিষ্যতবক্তা চমূৱেলৰ সলনি নিজেই ঈশ্বৰৰ বেদীত বলিদান উৎসৰ্গ কৰিলে। (১ চমূৱেল ১৩:১, ৮-১৪) তাৰ পিছতো তেওঁ এনে বহুতো কাৰ্য্য কৰিছিল যি তেওঁৰ নম্ৰতা গুণ হ্ৰাস হোৱাৰ প্ৰমাণ দিলে। পৰিণামস্বৰূপে, তেওঁ ঈশ্বৰৰ পবিত্ৰ আত্মা আৰু অনুগ্ৰহ হেৰুৱালে আৰু অৱশেষত তেওঁক অপমানজনকভাৱে মৃত্যু বৰণ কৰিবলগীয়া হʼল। (১ চমূৱেল ১৫:৩-১৯, ২৬; ২৮:৬; ৩১:৪) ইয়াৰ দ্বাৰা আমি স্পষ্টকৈ এইটো শিকিব পাৰোঁ: আমি নম্ৰ আৰু আজ্ঞাধীন হৈ থাকিবলৈ সদায়ে প্ৰচেষ্টা কৰি আত্মগৰ্ব্বী হোৱাৰ পৰা আঁতৰি থকা উচিত।
১৬. যিহোৱা আৰু সঙ্গী ভাই-ভনীসকলৰ সৈতে থকা সম্বন্ধৰ ওপৰত ধ্যান কৰি কেনেকৈ নম্ৰতা গুণটো বিকশিত কৰিব পাৰি?
১৬ যদিও নম্ৰতা গুণটো আত্মাৰ ফলৰ গুণবোৰৰ সৈতে সন্মিলিত কৰা নাই, তথাপিও ই এক ঈশ্বৰীয় গুণ যাক আমি বিকশিত কৰা উচিত। (গালাতীয়া ৫:২২, ২৩; কলচীয়া ৩:১০, ১২) যিহেতু ই মনৰ এক অৱস্থাৰ সৈতে জড়িত থকাৰ বাবে নিজৰ আৰু লোকসকলৰ প্ৰতি ৰাখা আমাৰ দৃষ্টিভঙ্গীতো প্ৰভাৱ পেলায়। সেয়েহে নম্ৰতা গুণটোক বিকশিত কৰিবলৈ নেৰানেপেৰাকৈ চেষ্টা কৰা আৱশ্যক। ঈশ্বৰ আৰু সঙ্গী ভাই-ভনীসকলৰ সৈতে থকা আমাৰ সম্বন্ধৰ বিষয়ে গভীৰভাৱে চিন্তা কৰাৰ দ্বাৰা আমাক নম্ৰ হৈ থাকিবলৈ সহায় কৰিব। ঈশ্বৰৰ দৃষ্টিত সকলো অসিদ্ধ মানৱ সেউজীয়া ঘাঁহৰ নিচিনা যি শুকাই আৰু জঁয় পৰে। আনকি মানৱক ফৰিঙৰ নিচিনাও বুলি কোৱা হৈছে। (যিচয়া ৪০:৬, ৭, ২২) এখিলা ঘাঁহে আন এখিলা ঘাঁহতকৈ অধিক সময় জীয়াই থকাৰ বাবে অহঙ্কাৰ কৰিব পাৰেনে? এটা ফৰিঙে আনটো ফৰিঙৰ তুলনাত নিজকে মহান বুলি ভাবিব পাৰেনে? তেনে ধৰণে ভবাটো অৱশ্যেই অযুক্তিসঙ্গত। সেইবাবে পাঁচনি পৌলে সঙ্গী খ্ৰীষ্টানসকলক সোঁৱৰাই এইদৰে কৈছিল: “কোনে তোমাক প্ৰভেদ কৰে? আনৰ পৰা পোৱা নাই, এনে বস্তু বা তোমাৰ কি আছে? যদি পোৱা হয় তেন্তে নোপোৱাৰ দৰে শ্লাঘা কৰিছা কিয়?” (১ কৰিন্থীয়া ৪:৭) এনে ধৰণৰ শাস্ত্ৰীয় পদবোৰক ধ্যান কৰি নম্ৰতা গুণটো বিকশিত আৰু বজাই ৰাখিবলৈ সহায় কৰে।
১৭. কিহে দানিয়েলক নম্ৰ গুণটো বিকশিত কৰিবলৈ সহায় কৰিলে আৰু আমাকো তেনেদৰে কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?
১৭ দানিয়েল নামৰ ইব্ৰীয় ভৱিষ্যতবক্তাজনক “প্ৰিয় পুৰুষ” বুলি কোৱা হৈছিল, কিয়নো তেওঁ ঈশ্বৰৰ আগত নিজকে “নম্ৰ” কৰিছিল। (দানিয়েল ১০:১১, ১২) কিহে দানিয়েলক তেনেদৰে নম্ৰ হʼবলৈ সহায় কৰিলে? ইয়াৰ প্ৰথমটো কাৰণ হৈছে, তেওঁ যিহোৱাত সম্পূৰ্ণ ভাৰসা ৰাখিছিল আৰু নিতৌ প্ৰাৰ্থনা কৰিছিল। (দানিয়েল ৬:১০, ১১) ইয়াৰ উপৰিও তেওঁ এজন পৰিশ্ৰমী বাইবেল বিদ্যাৰ্থীও আছিল, যিয়ে তেওঁক ঈশ্বৰৰ মহান উদ্দেশ্যক মুখ্য কেন্দ্ৰবিন্দু কৰিবলৈ সহায় কৰিলে। লগতে নিজৰ ভুলবোৰো স্বীকাৰ কৰিবলৈ তেওঁ কেতিয়াও অজুহাত দেখুৱা নাছিল। তেওঁ নিজৰ স্বাৰ্থৰ বাবে নহয়, কিন্তু যিহোৱাৰ ধাৰ্ম্মিকতাৰ বিষয়েহে জনাবলৈ ইচ্ছুক আছিল। (দানিয়েল ৯:২, ৫, ৭) আমি জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰত নম্ৰতা গুণটো বজাই ৰাখি তাক প্ৰতিফলিত কৰাৰ সম্পৰ্কে দানিয়েল ভৱিষ্যতবক্তাই ৰাখা উল্লেখনীয় আৰ্হিৰ পৰা কি শিকিব পাৰোঁ?
১৮. বৰ্তমান সময়ত নম্ৰতা গুণটোক প্ৰতিফলিত কৰা লোকসকলে কেনে গৌৰৱময় দিনৰ বাবে অপেক্ষা কৰি আছে?
১৮ হিতোপদেশ ২২:৪ পদত কৈছে যে, “ধন, সন্মান, আৰু জীৱন, নম্ৰতাৰ, আৰু যিহোৱালৈ ৰখা ভয়ৰ ফল।” বাস্তৱতে যিহোৱাই নম্ৰ লোকবিলাকক অনুগ্ৰহ কৰে আৰু ফলস্বৰূপে তেওঁলোকৰ জীৱন স্থিৰ আৰু দীপ্তিময় হয়। যিহোৱাৰ সেৱা কৰিবলৈ উভটি অহা আচফ নামৰ গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “তুমি নিজ মন্ত্ৰণাৰে মোক পথ দেখুৱাবা, আৰু পাছেকৈ মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।” (গীত ৭৩:২৪) আজিৰ সময়ৰ বিষয়ে কি কʼব পৰা যায়? নম্ৰ লোকসকলে কেনে গৌৰৱময় দিনৰ বাবে বাট চাই আছে? তদুপৰি যিহোৱাৰ সৈতে থকা নিবিড় সম্পৰ্কৰ দ্বাৰা লাভৱান হʼবলৈ আমি ৰজা দায়ূদে কোৱা এই কথাশাৰীৰৰ পূৰ্ণতাৰ ওপৰত ভাৰসা ৰাখা উচিত, যʼত এইদৰে কৈছে: “নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।”—গীত ৩৭:১১. (w04 8/1)
আপুনি উত্তৰ দিব পাৰিবনে?
• নম্ৰতাৰ সম্বন্ধে স্তিফানে কেনে এক উত্তম আৰ্হি ৰাখিলে যাৰ বাবে ঈশ্বৰে তেওঁক নিজৰ মহিমা প্ৰকাশ কৰিলে?
• কি ধৰণে যিহোৱাই নম্ৰতা হোৱাৰ প্ৰমাণ দিলে?
• কেনে উদাহৰণসমূহে দেখুৱাইছে যে যিহোৱাই নম্ৰ লোকসকলক নিজৰ মহিমা প্ৰকাশ কৰে?
• দানিয়েল ভৱিষ্যতবক্তাই ৰাখা আৰ্হিয়ে আমাক নম্ৰতা গুণ বিকশিত কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২২ পৃষ্ঠাৰ বক্স]
দৃঢ় আশ্বাস থকাৰ স্বত্ত্বেও নম্ৰ হোৱা
১৯১৯ চনত বাইবেল বিদ্যাৰ্থীসকলে (বৰ্তমান সময়ত যিহোৱাৰ সাক্ষী নামেৰে জনা যায়), আমেৰিকা যুক্তৰাষ্ট্ৰৰ চীদাৰ পইণ্ট্ অহাইয়’ নামৰ ঠাইত এখন জিলা অধিৱেশন আয়োজিত কৰিছল। সেই অধিৱেশনৰ কাৰ্য্য-পৰিচালক আছিল ৫০ বছৰীয়া জে. এফ. ৰাডাৰফোৰ্ড। তদুপৰি তেওঁ স্বইচ্ছাৰে হোটেলৰ পৰিচাৰক হিচাবেও কাৰ্য্য কৰিছিল, যেনে, অধিৱেশনলৈ অহা ভাই-ভনীসকলৰ মালবস্তু কঢ়িয়াই নিয়া আৰু তেওঁলোকে থাকিবলগীয়া ৰোমটো দেখুৱাই দিয়া। অধিৱেশনৰ সমাপ্তিৰ দিনা উপস্থিত হোৱা ৭০০০ শ্ৰোতাক সম্বোধিত কৰি তেওঁ এইদৰে কৈছিল: “আপোনালোক হৈছে ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভুৰ প্ৰতিনিধি হৈ সমুদায় মানৱজাতিৰ আগত . . . মহিমান্বিত প্ৰভুৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছে।” সকলোৱে যদিও ভাই ৰাডাৰফোৰ্ডক সত্যতাৰ প্ৰতি দৃঢ় বিশ্বাস ৰাখা ব্যক্তি আৰু প্ৰভাৱকাৰী বক্তা হিচাবে জানিছিল, তথাপিও তেওঁ যে ঈশ্বৰৰ সম্মুখত প্ৰকৃততে নিজকে নম্ৰ কৰিছিল সেই বিষয়ে বেথেলগৃহত ৰাতিপুৱাৰ প্ৰাৰ্থনা কাৰাৰ সময়ত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল।
[১৯ পৃষ্ঠাৰ ছবি]
ঈশ্বৰৰ বাক্যক সঠিকৰূপে বিভাগ কৰা স্তিফানে নম্ৰ হৈ মেজৰ পৰিচৰ্য্যা কাৰ্য্যত ভাগ লৈছিল
[২০ পৃষ্ঠাৰ ছবি]
মনচিয়ে নিজকে নম্ৰ কৰাত যিহোৱাই সন্তুষ্ট হৈছিল