Skip to content

Skip to table of contents

‘যিহোৱাৰ বিধি’ কেতিয়াও বিফল নহয়

‘যিহোৱাৰ বিধি’ কেতিয়াও বিফল নহয়

‘যিহোৱাৰ বিধি’ কেতিয়াও বিফল নহয়

“মই বিধিটিৰ বৃত্তান্ত প্ৰচাৰ কৰিম; যিহোৱাই মোক কৈছে, তুমি মোৰ পুত্ৰ . . . মোত খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম।”—গীত ২:৭, ৮.

১. যিহোৱা ঈশ্বৰৰ উদ্দেশ্য আৰু জাতিবোৰৰ প্ৰতি থকা উদ্দেশ্যৰ মাজত কেনে ভিন্নতা আছে?

 এই পৃথিৱীখন আৰু মানৱজাতিক সৃষ্টি কৰাত যিহোৱাৰ নিশ্চয়ে কিবা উদ্দেশ্য জড়িত আছে। আনকি জাতিবোৰৰ প্ৰতিও এক উদ্দেশ্য আছে। তথাপিও এই উদ্দেশ্যবোৰৰ মাজত এক ভিন্নতা দেখিবলৈ পোৱা যায়। এনে ভিন্নতা দেখিবলৈ পাই আমি আচৰিত হোৱাৰ কোনো কাৰণ নাই, কিয়নো স্বয়ং যিহোৱা ঈশ্বৰে এইদৰে কৈছে: “পৃথিবীতকৈ আকাশ-মণ্ডল যিমান ওখ, তোমালোকৰ সকলো পথতকৈ মোৰ পথ, আৰু তোমালোকৰ সকলো কল্পনাতকৈ মোৰ কল্পনা সিমান ওখ।” এই উদ্দেশ্যৰ পূৰ্ণতা নিশ্চয়ে হʼব, কিয়নো আগলৈ তেওঁ এইদৰে কৈছে: “যেনেকৈ বৃষ্টি বা হিম আকাশৰ পৰা নামি আহি পুনৰায় তালৈ উলটি নাযায়, কিন্তু পৃথিবীক ভিজাই ফলৱতী আৰু কেঁচাপতীয়া কৰে, আৰু বওঁতাক গুটি, আৰু খাওঁতাক আহাৰ দিয়ে, মোৰ মুখৰ পৰা ওলোৱা বাক্য তেনেকুৱা হব; সেয়ে বৃথা মোৰ ওচৰলৈ উলটি নাহিব; কিন্তু মই যি ইচ্ছা কৰো, তাক সাম্ফল নকৰাকৈ, আৰু যিহৰ নিমিত্তে তাক পঠাওঁ, সেয়ে সিদ্ধ নোহোৱাকৈ উলটি নাহিব।”—যিচয়া ৫৫:৯-১১.

২, ৩. কিহৰ বিষয়ে গীত কিতাপখনৰ দ্বিতীয় অধ্যায়ত স্পষ্টকৈ বৰ্ণনা কৰিছে আৰু কেনে প্ৰশ্নবোৰ উত্থাপন হৈছে?

উদাহৰণস্বৰূপে, গীত দ্বিতীয় অধ্যায়ত কৈছে যে মচীহ ৰাজ্যৰ সম্বন্ধে থকা ঈশ্বৰৰ উদ্দেশ্য নিশ্চয়ে পূৰ্ণ হʼব। এই অধ্যায়ৰ লিখক ৰজা দায়ূদে ঈশ্বৰৰ আত্মাৰে নিৰ্দ্দশিত হৈ এইদৰে ভৱিষ্যতবাণী কৰিছিল যে, এনে এক সময় আহিবলগীয়া আছে যʼত জাতিবোৰে বিহ্বল হʼব। তেওঁবিলাকৰ শাসকবিলাকে যিহোৱা আৰু তেওঁৰ নিযুক্ত ৰজাজনৰ বিৰোদ্ধে থিয় হʼব। কিন্তু যিহোৱাই কেনে পদক্ষেপ লʼব, তাৰ বিষয়ে লিখকজনে এইদৰে কৈছে: “মই বিধিটিৰ বৃত্তান্ত প্ৰচাৰ কৰিম; যিহোৱাই মোক কৈছে, তুমি মোৰ পুত্ৰ.  . . মোত খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, আৰু পৃথিবীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম।”—গীত ২:৭, ৮.

জাতিবোৰৰ বাবে ‘যিহোৱাৰ বিধিয়ে’ কি অৰ্থ ৰাখে? ই সমুদায় মানৱজাতিৰ ওপৰত কেনে প্ৰভাৱ পেলায়? এনে পূৰ্ণতাই গীত কিতাপখনৰ দ্বিতীয় অধ্যায় পঢ়োতাসকলৰ বাবে কেনে গুৰুত্ব ৰাখে?

জাতিবোৰে বিহ্বল হৈছে

৪. আপুনি কেনেকৈ গীত ২:১, ২ পদত উল্লেখ কৰা মূখ্য বিষয়বোৰ চমূকৈ বৰ্ণনা কৰিব?

জাতিবোৰ আৰু তেওঁলোৰ শাসকসকলৰ কাৰ্য্যৰ বিষয়ে উল্লেখ কৰি গীতমালা ৰচোঁতাজনে এইদৰে কৈছে: “জাতিবোৰে কিয় হুৰামুৰা কৰিছে? লোকসমূহে কিয় ব্যৰ্থ চিন্তা কৰিছে? আহাঁ, আমি সিহঁতৰ বন্ধন ছিঙি পেলাওঁ, আৰু আমাৰ পৰা সিহঁতৰ জৰী পেলাই দিওঁ।”—গীত ২:১, ২. *

৫, ৬. জাতিবোৰে কিহৰ বাবে ‘ব্যৰ্থ চিন্তা কৰিছে?’

বৰ্তমান সময়ৰ জাতিবোৰে কেনে “ব্যৰ্থ চিন্তা” কৰিছে? তেওঁলোকে অভিষিক্ত জনা অৰ্থাৎ মচীহ যীচুক স্বীকাৰ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থক কেনেকৈ বজাই ৰাখিব পাৰে, তাৰ বিষয়ে “চিন্তা” কৰিছে। গীত কিতাপৰ দ্বিতীয় অধ্যায়ৰ কথাষাৰ সা.যু. প্ৰথম শতাব্দীৰ সময়তো পূৰ্ণতা হোৱা দেখা গৈছিল, যেতিয়া ইহুদী আৰু ৰোমান শাসনকৰ্ত্তাবিলাকে একগোট হৈ ঈশ্বৰৰ নিযুক্ত ৰজা যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচিছিল। কিন্তু ব্যাপকভাৱে ইয়াৰ পূৰ্ণতা ১৯১৪ চনত যীচু ৰজা হোৱাৰ পিছৰ পৰাহে আৰম্ভ হʼল। তেতিয়াৰ পৰা আজিলৈকে পৃথিৱীৰ কোনো ৰাজনৈতিক সংগঠনে যীচুক ঈশ্বৰৰ মনোনীত ৰজা হিচাবে মানি লোৱা নাই।

গীতমালা ৰচোঁতাজনে ‘জাতিবোৰে ব্যৰ্থ চিন্তা কৰিছে’ বুলি কোৱা কথাষাৰৰ কি অৰ্থ আছিল? ইয়াৰ অৰ্থ হৈছে তেওঁলোকে যি পৰিকল্পনা কৰিছে, সেই সকলোবোৰ ব্যৰ্থ আৰু ধ্বংসৰ বাবে বাট চাই আছে। তেওঁলোকে কোনোপধ্যেই শান্তি আৰু সুৰক্ষা স্থাপিত কৰিব নোৱাৰে। বৰঞ্চ তেওঁলোকে নিজ নিজ কৰ্ম্মৰ দ্বাৰা ঈশ্বৰৰ শাসনক অধিককৈ বিৰোধ কৰাহে প্ৰমাণ দিছে। আনকি তেওঁলোকে একগোট হৈ সৰ্ব্বোপৰি জনা আৰু তেওঁৰ অভিষিক্ত জনাৰ বিৰোদ্ধে যুদ্ধ কৰিবলৈ ওলাই আহিছে। ই কিযে এক নিৰ্বোধপূৰ্ণ পদক্ষেপ!

যিহোৱাৰ বিজয়ী ৰজাজন

৭. গীত ২:১, ২ পদটো উল্লেখ কৰা বাক্যশাৰীক যীচুৰ শিষ্যবিলাকে কেনেকৈ প্ৰযোজ্য কৰিলে?

গীত ২:১, ২ পদত উল্লেখ কৰা বাক্যশাৰী যীচুৰ শিষ্যসকলে তেওঁত প্ৰযোজ্য কৰিছিল। তেওঁলোকে নিজৰ বিশ্বাসৰ বাবে উৎপীড়নৰ সম্মুখীন হৈ এইদৰে প্ৰাৰ্থনা কৰিছিল: “হে প্ৰভু [যিহোৱা, NW], আপুনি স্বৰ্গ, পৃথিবী, সাগৰ আৰু এইবোৰৰ মাজত থকা সকলোৰে সৃষ্টিকৰ্ত্তা; আপুনি পবিত্ৰ আত্মাৰ দ্বাৰাই আপোনাৰ সেৱক দায়ূদৰ মুখে এই কথা কোৱাইছিল যে, পৰজাতিবিলাকে কিয় খং-ৰাগ কৰিলে? মানুহবিলাকে কিয় অনৰ্থক কথা ভাবিলে? প্ৰভু আৰু তেওঁৰ অভিষিক্তি জনাৰ বিৰুদ্ধে, পৃথিবীৰ ৰজাসকল উঠিল, আৰু শাসনকৰ্ত্তাসকল গোট খালে; তাক সিদ্ধ কৰিবলৈ, যি জনাক আপুনি অভিষিক্ত কৰিলে, আপোনাৰ সেই পবিত্ৰ সেৱক সেই যীচুৰ বিৰুদ্ধে, হেৰোদ [আন্তিপাচ্‌] আৰু পন্তীয় পীলাতে, পৰজাতি আৰু ইস্ৰায়েল মানুহবিলাকে সৈতে, এই নগৰত গোট খাইছিল।” (পাঁচনিৰ কৰ্ম্ম ৪:২৪-২৮; লূক ২৩:১-১২) * বাস্তৱতে ঈশ্বৰৰ অভিষিক্ত জনা অৰ্থাৎ যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচা হৈছিল। যিয়েই নহওক, গীত দ্বিতীয় অধ্যায়টোৰ অন্য এক পূৰ্ণতা ভবিষ্যতে হʼবলগীয়া আছিল।

৮. গীত ২:২ পদটো কেনেকৈ আজিৰ জাতিবোৰৰ বাবে প্ৰযোজ্য?

প্ৰাচীন ইস্ৰায়েলসকলে ৰজা দায়ূদৰ সময়তো মূৰ্ত্তিপূজা কৰা অন্য জাতিবোৰে ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনাৰ সৈতে যুদ্ধ কৰিবলৈ একগোট হৈছিল। কিন্তু আজি আমাৰ সময়ৰ বিষয়ে কি কʼব পাৰি? আমাৰ সময়ত থকা জাতিবোৰে যিহোৱা আৰু মচীহ ৰাজ্যৰ সামঞ্জস্যত চলিবলৈ কোনোপধ্যেই মান্তি নহয়। সেইবাবে তেওঁলোকে একগোট হৈ এইদৰে কৈছে: “আহাঁ, আমি সিহঁতৰ বন্ধন ছিঙি পেলাওঁ, আৰু আমাৰ পৰা সিহঁতৰ জৰী পেলাই দিওঁ।” (গীত ২:২) জাতি আৰু আধিপত্যবিলাকে ঈশ্বৰ আৰু অভিষিক্ত জনাৰ পৰা অহা সকলো ধৰণৰ নিষেধাজ্ঞাক বিৰোধ কৰিছে। গতিকে তেওঁলোকে যি পৰিকল্পনা কৰিছে, সেইয়া কেতিয়াও সফল নহʼব।

যিহোৱাই তেওঁবিলাকক বিদ্ৰূপ কৰিছে

৯, ১০. যিহোৱাই কিয় জাতিবোৰৰ বিদ্ৰূপ কৰিছে?

এই আধিপত্যবিলাকে নিজৰ ক্ষমতা স্থাপিত কৰিবলৈ যি প্ৰচেষ্টা কৰিছে, সেইটো যিহোৱা ঈশ্বৰৰ বাবে কোনো চিন্তাৰ কাৰণ নহয়। কিয়নো গীত কিতাপৰ দ্বিতীয় অধ্যায়ত এইদৰে কৈছে: “স্বৰ্গৰ সিংহাসনত বহি থাকোঁতা জনাই হাঁহিছে; প্ৰভুৱে তেওঁবিলাকক বিদ্ৰূপ কৰিছে।” (গীত ২:৪) এই আধিপত্যবিলাকে তেওঁৰ উদ্দেশ্য পূৰ হোৱাত কোনো বাধা দিব নোৱাৰে। সেইবাবে তেওঁ তেওঁলোকৰ নিৰ্বোধতাক দেখি হাঁহিছে। তেওঁলোকে যিয়েই প্ৰচেষ্টা নকৰক কিয়, যিহোৱাই তেওঁলোকৰ সকলো প্ৰচেষ্টাক বিফল কৰিব।

১০ দায়ূদে অন্য গীতবোৰতো এই শত্ৰু আৰু জাতিবোৰৰ বিষয়ে উল্লেখ কৰি এইদৰে কৈছে: “হে বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱা, হে ইস্ৰায়েলৰ ঈশ্বৰ, তুমিয়েই সকলো জাতিক প্ৰতিফল দিবলৈ উঠা; কোনো অধৰ্ম্মী বিশ্বাস-ঘাতকক দয়া নকৰিবা। সিহঁতে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ে, আৰু নগৰত ইফালে সিফালে ভ্ৰমণ কৰে। চোৱা, সিহঁতে মুখেৰে কথা উগাৰে, সিহঁতৰ ওঁঠত তৰোৱাল আছে; কিয়নো সিহঁতে কয়, কোনে শুনিবলৈ পায়? কিন্তু, হে যিহোৱা, তুমি হলে সিহঁতক হাঁহিবা; তুমি সকলো জাতিকে বিদ্ৰূপ কৰিবা।” (গীত ৫৯:৫-৮) যিহোৱাই তেওঁলোকৰ নিৰ্বোধতা আৰু বিশৃঙ্খলতাক দেখি বিদ্ৰূপ কৰিছে।

১১. যেতিয়া জাতিবোৰে ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰাত বাধা দিবলৈ চেষ্টা কৰিব তেতিয়া কি ঘটিব?

১১ গীত ২ অধ্যায়ৰ বাক্যবোৰে আমাক আশ্বাস দি কৈছে যে যিহোৱাই সকলো প্ৰকাৰৰ সমস্যাৰ সামাধান কৰিব পাৰে। এতেকে আমি নিশ্চয়তাৰে বিশ্বাস কৰিব পাৰোঁ যে তেওঁ নিজৰ উদ্দেশ্য অৱশ্যেই পূৰ কৰিব আৰু কেতিয়াও তেওঁৰ আনুগত্য উপাসকবিলাকক ত্যাগ নকৰিব। (গীত ৯৪:১৪) কিন্তু যেতিয়া জাতিবোৰে যিহোৱাৰ উদ্দেশ্যক বাধা দিবলৈ চেষ্টা কৰিব তেতিয়া কি ঘটিব? গীত কিতাপখনৰ অনুসাৰে ঈশ্বৰে প্ৰচণ্ড ধুমুহাৰ নিচিনা “তেওঁবিলাকৰ আগত কোপেৰে কথা” কʼব। তদুপৰি ভীষণ মেঘ গৰ্জ্জনৰ নিচিনা “তেওঁবিলাকক জ্বলন্ত ক্ৰোধেৰে ব্যাকুল” কৰিব।—গীত ২:৫.

ঈশ্বৰৰ ৰজাজনক অভিষেক কৰা হʼল

১২. গীত ২:৬ পদত কোন ৰজাজনক অভিষেক কৰাৰ বিষয়ে কোৱা হৈছে?

১২ গীতমালা ৰচোঁতাজনৰ দ্বাৰা যিহোৱাই আগলৈ যি কৈছে, সেই কথাষাৰে জাতিবোৰক ব্যাকুল কৰি তুলিছে। তেওঁ এইদৰে কৈছে: “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক স্থাপন কৰিলোঁ।” (গীত ২:৬) প্ৰাচীন কালত চিয়োন পৰ্ব্বতত অৱস্থিত যিৰূচালেমৰ ইস্ৰায়েলসকলৰ ওপৰত দায়ূদৰ ৰাজ্য শাসন স্থাপিত কৰা হৈছিল। কিন্তু মচীহ ৰাজ্য পৃথিৱীৰ কোনো ঠাইত স্থাপিত কৰা নহʼব। বৰঞ্চ, যিহোৱাই এই ৰাজ্যৰ ৰজা যীচুক ইতিমধ্যেই অভিষেক কৰি তেওঁৰ ৰাজ্য স্বৰ্গীয় চিয়োন পৰ্ব্বতৰ ওপৰত স্থাপিত কৰিলে।—প্ৰকাশিত বাক্য ১৪:১.

১৩. যিহোৱাই তেওঁৰ পুত্ৰৰ সৈতে কেনে নিয়ম স্থাপন কৰিলে?

১৩ এতিয়া মচীহ ৰাজ্যৰ ৰজাজনে এইদৰে কৈছে: “মই বিধিটিৰ বৃত্তান্ত প্ৰচাৰ কৰিম; যিহোৱাই [যিজনে ইতিমধ্যেই তেওঁৰ পুত্ৰৰ দ্বাৰা ৰাজ্য সম্বন্ধীয় এক নিয়ম স্থাপন কৰিলে] মোক কৈছে, তুমি মোৰ পুত্ৰ; মই আজিয়েই তোমাক জন্ম দিলোঁ।” (গীত ২:৭) যীচুৱে ৰাজ্যৰ নিয়মৰ বিষয়ে সম্বোধিত কৰি শিষ্যবিলাকক এইদৰে কৈছিল: “তোমালোক মোৰ সকলো পৰীক্ষাৰ কালত, মোৰ লগত থকা লোক হৈছা; আৰু মোৰ পিতৃয়ে যেনেকৈ মোলৈ ৰাজ্য নিয়োজন কৰি থলে, সেই দৰে তোমালোকে মোৰ ৰাজ্যৰ ভিতৰত, মোৰ মেজত যেন ভোজন-পান কৰিবা, এই নিমিত্তে ময়ো তোমালোকলৈ ৰাজ্য নিয়োজন কৰি থৈছোঁ।”—লূক ২২:২৮, ২৯.

১৪. কেৱল যীচুৱে ৰজা হোৱাৰ উপাধি গ্ৰহণ কৰা উপযুক্ত বুলি কিয় কʼব পাৰি?

১৪ গীত ২:৭ পদত পূৰ্ব্বেই কোৱা অনুসাৰে যীচুৰ বাপ্তিষ্মা সময়ত যিহোৱাই তেওঁক নিজৰ পুত্ৰ বুলি পৰিচিত আৰু পুনৰুত্থানৰ সময়ত তেওঁক আত্মিক দেহ প্ৰদান কৰিলে। (মাৰ্ক ১:৯-১১; ৰোমীয়া ১:৪; ইব্ৰী ১:৫; ৫:৫) উপযুক্তভাৱে, স্বৰ্গীয় ৰাজ্যৰ সেই মনোনীত ৰজাজন ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ বাহিৰে আন কোনো হʼব নোৱাৰে। (যোহন ৩:১৬) দায়ূদৰ ৰাজকীয় বংশৰ পৰা অহাৰ বাবে যীচুৱে একমাত্ৰ ৰজা হোৱাৰ উপাধি গ্ৰহণ কৰিব পাৰে। (২ চমূৱেল ৭:৪-১৭; মথি ১:৬, ১৬) এই গীত কিতাপখনৰ অনুসাৰে ঈশ্বৰে নিজৰ পুত্ৰক সম্বোধিত কৰি এইদৰে কৈছে: “মোত খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, আৰু পৃথিবীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম।”—গীত ২:৮.

১৫. যীচুৱে উত্তৰাধিকাৰী প্ৰাপ্তি হিচাবে কিয় জাতিবোৰক তেওঁক দিবলৈ ঈশ্বৰক অনুৰোধ কৰিছে?

১৫ যিহোৱাৰ বাহিৰে যদি আন দ্বিতীয় কোনো উচ্চধিকাৰী ব্যক্তি আছে তেন্তে সেইজন হৈছে তেওঁৰ একমাত্ৰ পুত্ৰ যীচু। যীচু হৈছে যিহোৱাৰ বিশ্বাসী, আনুগত্য আৰু ভাৰসাযুক্ত ব্যক্তি। তদুপৰি ঈশ্বৰৰ প্ৰথমজাত পুত্ৰ হোৱা হেতুকে তেৱেঁ কেৱল উত্তৰাধিকাৰ প্ৰাপ্ত। আনকি তেওঁক “অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি আৰু গোটেই সৃষ্টিৰ প্ৰথমজাত” বুলিও কোৱা হয়। (কলচীয়া ১:১৫) যদি তেওঁ যিহোৱাৰ পৰা কিবা বিচাৰে, তেন্তে যিহোৱাই তেওঁক ‘অধিকাৰৰ অৰ্থে জাতিবোৰ দিব আৰু পৃথিৱীৰ সকলো সীমাত আধিপত্য পাতিব।’ যীচুৱে নিশ্চয়ে এনে ধৰণৰ অনুৰোধ কৰিব পাৰে কিয়নো তেওঁ ‘মনুষ্য-সন্তানবিলাকত হৰ্ষিত’ আৰু মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ ইচ্ছাক পূৰ কৰিবলৈ অতি আগ্ৰহী।—হিতোপদেশ ৮:৩০, ৩১.

জাতিবোৰৰ বিৰোদ্ধে যিহোৱাৰ বিধি

১৬, ১৭. গীত ২:৯ পদৰ অনুসাৰে জাতিবোৰৰ বাবে কেনে পৰিণাম সাঁচি থোৱা আছে?

১৬ বৰ্তমান সময়ত গীত দ্বিতীয় অধ্যায়ৰ পূৰ্ণতা দেখিবলৈ পোৱা গৈছে। যীচুৰ অদৃশ্যৰূপী উপস্থিতিৰ সময়ত জাতিবোৰলৈ কেনে পৰিণাম সাঁচি থোৱা হৈছে? ৰজাজনে অতি শীঘ্ৰেই ঈশ্বৰৰ সেই ঘোষণাক পূৰ্ণ কৰিব, যʼত এইদৰে কোৱা হৈছে: “তুমি সিহঁতক লোহাৰ দণ্ডেৰে ভাঙিবা; কুমাৰৰ পাত্ৰৰ দৰে তুমি সিহঁতক ডোখৰ ডোখৰ কৰিবা।”—গীত ২:৯.

১৭ প্ৰাচীন কালত ৰজাবিলাকে ব্যৱহাৰ কৰা ৰাজদণ্ড ৰাজকীয় অধিকাৰক বুজাইছিল। কিছুমান ৰাজদণ্ড লোহাৰে নিৰ্ম্মিত অৰ্থাৎ গীত কিতাপখনত উল্লেখ কৰাৰ দৰে আছিল। ইয়াত ব্যৱহাৰ কৰা লাক্ষণিক ভাষাই দেখুৱাইছে যে ৰজা যীচুৱে ৰাজদণ্ডৰে জাতিবিলাকক কুমাৰৰ পাত্ৰৰ নিচিনাকৈ ডোখৰ ডোখৰ অৰ্থাৎ ধ্বংস কৰিব।

১৮, ১৯. যিহোৱাৰ আশীৰ্ব্বাদ পাবলৈ হʼলে, এই পৃথিৱীৰ ৰজাবিলাকে কি কৰা আৱশ্যক?

১৮ এই পৃথিৱীৰ আধিপত্যবিলাকে তেনে ধৰণৰ ধ্বংস দেখিবলৈ পাবনে? তেওঁবিলাকে নাপাব, কিয়নো গীতমালা ৰচোঁতাজনে এইদৰে কৈছে: “এতেকে এতিয়া হে ৰজাবিলাক, জ্ঞানৱন্ত হোৱা; হে পৃথিবীৰ বিচাৰকৰ্ত্তাবিলাক, সতৰ্ক হোৱা।” (গীত ২:১০) দৰাচলতে এই বিষয়ে ৰজাবিলাকক সতৰ্ক হʼবলৈ কোৱা হৈছে। কিয়নো মানৱজাতিৰ সম্বন্ধে ঈশ্বৰৰ ৰাজ্যই যি লাভসমূহ কঢ়িয়াই আনিব তাৰ তুলনাত তেওঁবিলাকৰ সকলো ধৰণৰ পৰিকল্পনা ব্যৰ্থ বুলি বিবেচনা কৰা উচিত।

১৯ যিহোৱাৰ অনুগ্ৰহ পাবলৈ হʼলে এই ৰজাবিলাকে নিজৰ বিচাৰধাৰাক সাল-সলনি কৰা আৱশ্যক। তেওঁলোকক “ভয়েৰে যিহোৱাৰ সেৱা কৰা আৰু কম্পনেৰে উল্লাস” কৰিবলৈ কোৱা হৈছে। (গীত ২:১১) যদি তেওঁলোকে তেনে সাল-সলনি কৰে তেন্তে কেনে পৰিণামৰ সম্মুখীন হʼব? তেওঁলোকে ব্যাকুল বা বিহ্বল হোৱাৰ পৰিৱৰ্ত্তে মচীহৰ ৰাজ্যৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিব। সেইবাবে এই ৰজাবিলাকে নিজ নিজ অহঙ্কাৰ মনোবৃত্তিক ত্যাগ কৰা আৱশ্যক। তদুপৰি তেওঁলোকে অনতিপলমে যিহোৱাৰ সাৰ্ব্বভৌমত্ব আৰু মচীহ ৰাজ্যৰ অবিনাশী শাসনৰ বিষয়ে জনাটো অতি আৱশ্যক।

“পুত্ৰক চুমা খোৱা”

২০, ২১. “পুত্ৰক চুমা খোৱাৰ” অৰ্থ কি?

২০ বৰ্তমান গীত দ্বিতীয় অধ্যায়ত ৰজাবিলাকলৈ এক দয়ালুপূৰ্ণ আমন্ত্ৰণ দিয়া হৈছে। তেওঁলোকে একগোট হৈ বিৰোধ কৰাৰ পৰিৱৰ্ত্তে তেওঁলোকক এইদৰে পৰামৰ্শ দিয়া হৈছে: “পুত্ৰক চুমা খোৱা; নহলে তেওঁ [যিহোৱা ঈশ্বৰ] ক্ৰুদ্ধ হব, আৰু তোমালোক পথত বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ অলপতে জ্বলি উঠিব পাৰে।” (গীত ২:১২) যেতিয়া সৰ্ব্বশক্তিমান যিহোৱা ঈশ্বৰে কোনো বিধি স্থাপিত কৰে তেতিয়া তাক পালন কৰাটো অতি আৱশ্যক। তেওঁ যেতিয়া নিজৰ পুত্ৰক ৰজা হিচাবে মনোনীত কৰিলে তেতিয়া ৰজাবিলাকে “ব্যৰ্থে চিন্তা” কৰা উচিত নহয়। তেওঁলোকে অনতিপলমে ৰজাজনক স্বীকাৰ কৰি তেওঁৰ অধীন হোৱা উচিত।

২১ কিয় “পুত্ৰক চুমা খোৱা” উচিত? গীত কিতাপখনৰ এই ভাগটো লিখাৰ সময়ছোৱাত লোকসকলে বন্ধুত্ব স্থাপন কৰিবলৈ ইজনে সিজনক চুমা খাই অতিথিপৰায়ণতাৰে আমন্ত্ৰণ জনাইছিল। চুমা খোৱাটো বিশ্বস্ততাৰ প্ৰতীক হিচাবেও গ্ৰহণ কৰা হৈছিল। (১ চমূৱেল ১০:১) গীত কিতাপৰ দ্বিতীয় অধ্যায়ত তেওঁৰ পুত্ৰক চুমা খাবলৈ বা মনোনীত ৰজা হিচাবে গ্ৰহণ কৰিবলৈ ঈশ্বৰে জাতিবোৰক আজ্ঞা দিছে।

২২. ৰজাবিলাকে কেনে সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিয়া আৱশ্যক?

২২ যিসকলে মনোনীত ৰজাজনৰ অধীন হʼবলৈ অস্বীকাৰ কৰে তেওঁলোকে যিহোৱাক অনাদৰ কৰে। দৰাচলতে তেওঁলোকে যিহোৱাৰ সাৰ্ব্বভৌমত্ব, অধিকাৰ আৰু মানৱজাতিৰ বাবে যি বাছনি কৰিলে, তাৰ বিৰোধীতা কৰে। যেতিয়া ৰজাবিলাকে নিজৰ পৰিকল্পনাৰ অনুসাৰে চলিবলৈ চেষ্টা কৰিব তেতিয়া যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ তেওঁলোকৰ ওপৰত আকস্মিকভাৱে বৰ্ষিব। বাস্তৱতে তেওঁলোকৰ ওপৰত তেওঁৰ “ক্ৰোধ অলপতে জ্বলি উঠিব।” সেইবাবে ৰজাবিলাকে এই সতৰ্কবাণীৰ প্ৰতি মনোযোগ দি আৰু ইয়াৰ অনুসাৰে চলা অতি আৱশ্যক। কেৱল তেনে কৰাৰ দ্বাৰাহে তেওঁলোকে নিজৰ জীৱন ৰক্ষা কৰিব পাৰিব।

২৩. এতিয়াও ৰজাবিলাকে ব্যক্তিগতভাৱে কি কৰিব পাৰে?

২৩ গীত ২ অধ্যায়টো নাটকীয়ভাৱে এইদৰে সামৰণি মাৰিছে: “তেওঁত [যিহোৱাত] আশ্ৰয় লোৱাবিলাক ধন্য [আনন্দিত]।” (গীত ২:১২) এতিয়াও ব্যক্তিবিলাক আনকি জাতিবিলাকৰ পৰিকল্পনাৰ অনুসাৰে চলা শাসকসকলেও ব্যক্তিগতভাৱে যিহোৱাৰ ক্ৰোধৰ পৰা ৰক্ষা পাব পাৰে। যদি তেওঁলোকে যিহোৱাত আশ্ৰয় লʼব বিচাৰিছে, তেন্তে মচীহ ৰাজ্যই সেই গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ পূৰ্বেই তেওঁলোকে নিজৰ জীৱন সাল-সলনি কৰা আৱশ্যক।

২৪. আমি কেনেকৈ এই অশান্তিময় জগতখনত এক সন্তুষ্টিদায়ক জীৱন-যাপন কৰিব পাৰোঁ?

২৪ যদি আমি মনোযোগেৰে শাস্ত্ৰীয় পদবোৰৰ অধ্যয়ন কৰি তাৰ অনুসাৰে জীৱন-যাপন কৰোঁ, তেন্তে এই অশান্তিময় জগতখনত এক সন্তুষ্টিদায়ক জীৱন-যাপন কৰিবলৈ সক্ষম হʼম। তদুপৰি এই জগতৰ অনেক চিন্তাধাৰাৰ পৰা আঁতৰি থাকি সুখী পৰিয়ালৰ আনন্দ উপভোগ কৰিবলৈও সক্ষম হʼব পাৰিম। লগতে আমি যে সৃষ্টিকৰ্ত্তাজনৰ মন আনন্দিত কৰিছোঁ, তাৰো নিশ্চয়তা লাভ কৰিম। বিৰোধীবিলাকক ধ্বংস কৰাৰ পিছত আমাৰ সৰ্ব্বশক্তিমান যিহোৱা ঈশ্বৰৰ বাদে আন কোনেও আমাক “বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ” নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে।—১ তীমথিয় ৪:৮.

২৫. ‘যিহোৱাৰ বিধি কেতিয়াও বিফল নহয়’ বুলি জানি, আমি আমাৰ সময়ত কি ঘটাৰ বাবে অপেক্ষা কৰিব পাৰোঁ?

২৫ ‘যিহোৱাৰ বিধি’ কেতিয়াও বিফল নহয়। ঈশ্বৰে স্বয়ং সৃষ্টিকৰ্ত্তা হোৱা হেতুকে তেওঁ ভালদৰে জানে যে মানৱজাতিৰ বাবে কি উত্তম আৰু মচীহ ৰাজ্যৰ অধীনত আজ্ঞাকাৰী লোকক শান্তি, সন্তুষ্টি আৰু চিৰকলীয়া সুৰক্ষা প্ৰদান কৰি নিজৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ কি কৰা আৱশ্যক। আমাৰ সময়ৰ বিষয়ে ভৱিষ্যতবক্তা দানিয়েলে এইদৰে কৈছিল: “সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব,  . . কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” (দানিয়েল ২:৪৪) গতিকে এয়াই হৈছে “পুত্ৰক চুমা খোৱা” আৰু যিহোৱাৰ সেৱাত নিজকে অৰ্পণ কৰাৰ এক উপযুক্ত সময়! (w04 7/15)

[ফুটনোটবোৰ]

^ ৰজা দায়ূদ আৰম্ভণীতে সেই “অভিষিক্ত জনা” আছিল আৰু তেওঁৰ বিৰোদ্ধে যুদ্ধ কৰিবলৈ অহা “পৃথিৱীৰ ৰজাবিলাক” পলেষ্টীয়াৰ শাসনকৰ্ত্তাবিলাকক নিৰ্দ্দেশিত কৰিছিল।

^ খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ আন পদবোৰে দেখুৱাইছে যে গীত দ্বিতীয় অধ্যায়ত উল্লেখ কৰা অভিষিক্ত জনা যীচুক এৰি আন কোনো হʼব নোৱাৰে। এই কথাষাৰৰ সত্যতা গীত ২:৭; পাঁচনিৰ কৰ্ম্ম ১৩:৩২, ৩৩; ইব্ৰী ১:৫; ৫:৫ পদৰ সৈতে তুলনা কৰি জানিব পৰা যায়। তদুপৰি গীত ২:৯ আৰু প্ৰকাশিত বাক্য ২:২৭ পদো তুলনা কৰি চাব পাৰি।

আপুনি কেনেকৈ উত্তৰ দিব?

• এই পৃথিৱীৰ জাতিবোৰে “কেনে ব্যৰ্থ চিন্তা কৰিছে”?

• যিহোৱাই কিয় জাতিবোৰক বিদ্ৰূপ কৰিছে?

• জাতিবোৰৰ বিৰোদ্ধে তেওঁ কেনে বিধিৰ প্ৰচাৰ কৰিছে?

• “পুত্ৰক চুমা খোৱা” বুলি উল্লেখ কৰা বাক্যশাৰীৰ অৰ্থ কি?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবি]

শাসক আৰু যিহূদাৰ লোকসকলে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচিলে

[১৬ পৃষ্ঠাৰ ছবি]

যীচুক স্বৰ্গীয় চিয়োন পৰ্ব্বতত ৰজা অভিষেক কৰা হʼল